মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ বিভিন্ন সংস্কৃতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ বিভিন্ন সংস্কৃতি

অসমৰ সংস্কৃতিৰ বিষয়ে লিখা হৈছে

কাৰ্বি সংস্কৃতিত চ’জুন-

 

চ’জুন বা সৰগ পূজা কাৰ্বি জনগোষ্ঠীৰ লোক সকলৰ সংস্কৃতিত বা পৰম্পৰাগত লোক বিশ্বাস এৰাব নোৱাৰা এক লোকাচাৰ। গৃহস্থৰ মংগলৰ বাবে আয়োজন কৰা বছৰৰ ই এটি বিশেষ পূজা। এই পূজা মাঘ বা ফাগুন মাহত সাধাৰণতে উদ্‌যাপন কৰা হয়। কাৰ্বি সকলৰ সৰহ সংখ্যকেই হিন্দু ধৰ্মাৱলম্বী। সেয়ে তেওঁলোকে দেৱ-দেৱতাৰ পূজাত বিশ্বাস কৰে। চ’জুন পূজাৰ মূল পূজ্য দেৱতা স্বৰ্গৰাজ ইন্দ্ৰ ‘ছিনিংৰিছ’ যদিও এই পূজাত বিষ্ণু (গৃহ দেৱতা) ‘হেম্‌ফু’কো পূজা কৰা হয়। আনহাতে বৰুণ ‘হাৰাতা’ আৰু তেওঁৰ সহযোগী ‘হাৰাতা আমপৰতক’, ইন্দ্ৰৰ দূত বিৰণে, লক্ষ্মীদেৱী লংলে আহিঈ, গৃহস্থৰ আদি পুৰুষ ছাৰ সূৰ্য্যদেৱতা আৰণি আৰু গৃহস্থৰ পূৰ্বপুৰুষ আৰ আনথক সকলক দেৱতা জ্ঞান কৰি পূজা – অৰ্চনা কৰাৰ নিয়ম আছে। চ’জুন পূজা সাধাৰণতে তিনিটা পৰ্য্যায়ত কৰা হয়। প্ৰথম দুটা, দ্বিতীয় তিনিটা আৰু তৃতীয় বাৰত চাৰিটাকৈ গাহৰি দেৱতা সকলৰ বাবে উচৰ্গা কৰিব লাগে। চ’জুনৰ বাবে আগ বঢ়োৱা গাহৰিবোৰক জন্মলগ্নতে উছৰ্গা কৰি থয়। গাহৰিৰ বয়স যেতিয়া দুই – তিনি – চাৰি বছৰ হয়গৈ তেতিয়া গৃহস্থই তাক পূজাৰ বাবে লৈ যায়। সেইদৰে চ’জুন পূজাৰ বাবে মুৰ্গী (কুকুৰা)-ও উছৰ্গা কৰা দেখা যায়। তিনিটা পৰ্য্যায়ত অনুষ্ঠিত কৰা পূজাত মুৰ্গী আঠোটাকৈ প্ৰতিবাৰতে উছৰ্গা কৰে। অৱশ্যে অঞ্চলভেদে তাৰ কিছু নিয়ম সাল – সলনি নহয় বুলি ক’ব পৰা নাযায়।

পূজাৰ আগদিনা ৰাতি আয়োজকৰ ঘৰত নাম-কীৰ্তন-বোধন ছেকাছাদি কৰি পূজ্য দেৱতা সকলক পূজালৈ সাদৰে আমন্ত্ৰণ কৰাৰ নিয়ম আছে। সেইদিনা খাৰ, আঞ্জা ৰান্ধি দেৱতা সকললৈ আগ বঢ়োৱা হয় আৰু পূজাৰীয়েও দেৱতা সকললৈ উদ্দেচ্য কৰি মন্ত্ৰপাঠ মাতি দেৱতা সকলক স্মৰণ কৰে। পূজাৰ দিনা পুৱাতে আয়োজকৰ ঘৰতেই মন্ত্ৰপাঠেৰে দেৱতা সকলক প্ৰথম পূজা ভাগ দিয়া হয়। ইয়াৰ পিছতে মুকলি ঠাই বা পথাৰৰ নিৰ্দিষ্ট ঠাইত পূজাৰ বাবে আয়োজন কৰা পূজাৰ বেদী, পূজাৰীসকল আৰু আমন্ত্ৰিত ব্যক্তি সকলৰ বহাৰ ঠাই, পৰিয়ালৰ লোক সকল বহাৰ ঠাই, মহিলা সকলৰ বাবে আছুতীয়াকৈ বহাৰ কোঠা, পানী ৰখা ঠাই, মদ বা হৰলাং থোৱা ঠাই আৰু মঙহ ৰখা ঠাই সমূহ সাধাৰণতে কলপাতেৰে চালি বা বেৰ দি তৈয়াৰ কৰা হয়।

পূজাৰ বেদী স্থাপন : চ’জুন পূজাৰ বাবে দেৱতাৰ বেদীবোৰ মুকলি পথাৰৰ পূব দিশত স্থাপন কৰা হয়। বেদীবোৰ মাটিৰে ঢিপ কৰি সজোৱা হয়। সেই ঢিপ বা বেদীৰ কাষতে হৰবংছ তিতালাও স্থাপন কৰি লাংথে লাংপং – বাঁহৰ চুঙা দুফাল কৰি সেই বেদীত স্থাপন কৰে। কাৰ্বি সকলৰ লোক বিশ্বাস মতে লাংথে লাংপং দুফাল কঁৰোতে যদি এফাল তলমুৱা আৰু আনফালে ওপৰমুৱাকৈ পৰে তেতিয়া আয়োজকৰ মংগল হয় বুলি ধাৰণা কৰি লয়। ইয়াৰ পিছত পূজাৰ বেদীত বনৰীয়া আমগছ সদৃশ লৰু গছৰ পাত ৰখা হয়। সেই লৰু গছৰ পাতবোৰত মুঠ তিনিবাৰকৈ চাউল থয় আৰু মাজৰ ভাগত পিতলৰ খাৰু খাকি ৰখা হয়।

ছিনিংৰিছ বা ইন্দ্ৰ দেৱতাৰ বেদী : চ’জুন পূজাৰ মুখ্য দেৱতা ছিনিংৰিছ ইন্দ্ৰ দেৱতাৰ মূল বেদীটো কিছু পৰিমাণে ডাঙৰকৈ পূব দিশৰ মধ্যস্থলৰ পৰা কিছু সোঁদিশে স্থাপন কৰা হয়। ইয়াৰ কাষতে ‘হেম্‌ফ্লু’ বিষ্ণু দেৱতাৰ বেদীটোও স্থাপন কৰা হয়। ইন্দ্ৰ দেৱতাৰ বেদীটো পাতসহ ‘ফংৰং; মাকৰী শাল গছৰ ডালেৰে চাৰিওফালে চাৰিটা বাঁহৰ খুঁটি পুতি আৰু মাজত এটা ঘাই খুঁটি পুতি চাং সাজি স্থাপন কৰা হয়। তৈয়াৰী চাঙত উঠিবলৈ ফংৰং গছৰ ডালত লৰুৰ পাতেৰে মেৰিয়াই মুঠ নটা খটখটি সজোৱা হয়। চাঙৰ ওপৰত কাপোৰেৰে বন্ধা এটা দোণ ৰখা হয়। ইয়ত দেৱতাৰ বাবে হৰবংছ (তিতালাও) থাকে। ফংৰং গছৰ খুঁটিত সৰু কলগছৰ পুলিত মিৰটাকছু, চেহেলেবৰ আৰু চৰলেঙৰ পাত বন্ধা থাকে। (মিৰটাকছু – এবিধ গছৰ পাত, চেহেলবৰ – বনৰীয়া গছ, চৰলেং – বনৰীয়া গছ)। সেইদৰে চাঙৰ তলত হৰবংছ আৰু লাংটুং মাছ থোৱা পাত্ৰ থাকে। লাংটুঙৰ ভিতৰত অকৰেং ( জীৱিত মিছা, কেঁকোৰা আৰু চেঙেলি মাছ) আৰু তাৰ কাষত এখন বলিকটা দা ‘নকজিৰ’ থাকে।

হাৰাতাৰ বেদী : বৰুণ দেৱতাৰ মতা-মাইকীৰ বাবে দুটা হাৰাতা বেদীও স্থাপন কৰা হয় প্ৰায় মধ্যস্থানতে। এই বেদীত কলগছ, খেৰৰ মূৰ্তি বা নমুনা, তিনিটা খটখটিৰে সৰু চাং, হৰবং, লাংথে লাংপং, সৰু এটি গাতত হণী, তুহগুৰি আৰু লৰু গছৰ পাত ইয়াত ব্যৱহাৰ কৰা হয়। চাঙৰ ওপৰ পাতত চাউল-খাৰু ৰখা হয়।

আৰণি বা সূৰ্য্য দেৱতাৰ বেদী : অন্য বেদীতকৈ সূৰ্য্য আৰণি দেৱতাৰ বেদীটো কিছু ধুনীয়াকৈ সজোৱা হয়। এই আৰণি দেৱতাৰ বেদীটো মধ্যম স্থলৰ পৰা কিছু বাঁওদিশে ছাৰ আনথক’ৰ পাঁচোটা বেদীৰ কাষত সজোৱা হয়। আৰণিক নানা ৰং-বিৰঙৰ পিঠাগুড়িৰে সূৰ্য্যাকৃতিৰ আঙঠি তৈয়াৰ কৰা হয়। ইয়াৰ কাষতে ডাঙৰ পাতৰ এবিধ বনৰীয়া গছ আৰ্হি ৰ পুলি পুতি গছৰ গুৰিত মুৰ্গী চৰাইৰ পোৱালি বা মুৰ্গীৰ কণী বান্ধি দিয়ে। তাৰ ঠিক কাষতে হৰবংছ, লাংথে লাংপং থোৱা হয়। অন্যান্য দেৱতাৰ ফংৰং গছো স্থাপন কৰে। ছাৰ আনথকৰ সোঁৱৰণত নিৰ্মাণ কৰা সৰু সাধাৰণ বেদী মুঠ পাঁচোটা সজোৱা হয়। ছাৰ বেদী আৰণি বেদীৰ সোঁহাতে, ছাৰ বেদীৰ কাষত লংলে আহিঈ বা লক্ষ্মীদেৱীৰ বেদী স্থাপন কৰে। আনহাতে ছিনিংৰিছ বেদীৰ বাঁওহাতে হাৰাতা আমপৰতক বেদী আৰু তাৰ বাওঁহাতে হাৰাতা বেদী সজোৱা হয়। ইফালে এই সকলো বেদীৰ সন্মুখত (আগত) ডাঙৰকৈ মূল বেদী (মুখ্য) স্থাপন কৰাৰ নিয়ম আছে।

পূজাৰ মন্ত্ৰ – পাঠ : পূজা আৰম্ভ হোৱাৰ পূৰ্বে পূজাৰী আৰু সহযোগী সকলে মদ (হৰলাং) খাই মন্ত্ৰ পাঠ কৰে। এই অনুষ্ঠানক ছেকাছাদি বুলি কোৱা হয়। মন্ত্ৰপাঠত পূজাৰী সকলে কয় : আপোনালোকে সেৱতা সকললৈ যি পূজা আগ বঢ়োৱা হৈছে তাক যেন গ্ৰহণ কৰে আৰু পূজাত অজানিতে হোৱা ভূল – ক্ৰুটিবোৰ মাৰ্জনা কৰে যেন। এইদৰে মন্ত্ৰ পাঠ কৰি প্ৰতিটো বেদীৰ দেৱতালৈ কুকুৰা আৰু গাহৰি উছৰ্গা কৰা হয়। ক্কিন্ত বিষ্ণু দেৱতালৈ এটি সৰু কুকুৰা আগ বঢ়োৱা হয়। সেইদৰে হাৰাতা, হাৰাতা আমপৰতকলৈও এটিকৈ কুকুৰা দিয়া হয়। আৰণি সূৰ্য্যলৈ দিয়া হয় কণী আৰু বগা মতা কুকুৰা। অৱশ্যে ছাৰ আনথকলৈ কোনো বলি আগ বঢ়োৱা নহয়। তেওঁলোকলৈ কেৱল ভাত-মাংস দিয়া হয়।

মন্ত্ৰপাঠেৰে উছৰ্গা শেষ হ’লে ৰাণতিনি ৰান্ধনিসকলে ভাত-মাংস ৰান্ধে। ইয়াৰ পিছতে গাভৰু সকলে ভাত আৰু ডেকা সকলে মদ দিয়া কাৰ্য্য সম্পন্ন কৰে। অৱশ্যে প্ৰথমে দেৱতা সকলৰ বেদীত ভাত-মাংস-পেটুকা আদি উছৰ্গা কৰাৰ পাচত বগৱাৰ নাম স্মৰণ কৰি সমবেত ৰাইজে আসন গ্ৰহণ কৰে যদিও আয়োজকে বিশিষ্ট সকলক মাংস আগ বঢ়ায়। এই সময়তে পূজাৰীকে ধৰি পূজাত থকা ছৰথে, হিমা-আচাৰ, ৱফং-আচাৰ, লুমজং-আচাৰ আদি সকলে কুকুৰাৰ পোৰা মূৰ একোটাকৈ মানচ হিচাপে পায়।

 

লেখক : মুকুল পাটৰ।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

হাজং লোক-সংস্কৃতিত কাউৰী-

 

কাউৰী আমাৰ দেশৰ সকলো ঠাইতে চিৰপৰিচিত এবিধ ক’লা বৰণৰ চৰাই। কাউৰী কেইবাবিধৰো আছে। যেনে : ‘ঢোঁৰা কাউৰী’ এবিধ ডাঙৰ জাতৰ কাউৰী, ‘পাতি কাউৰী’ এবিধ সৰু জাতৰ কাউৰী, ‘পানী কাউৰী’ এবিধ মাছ ধৰি খোৱা ক’লা চৰাই। কাউৰী ক’লা বৰণৰ, দেখিবলৈ কুৎসিত, মাতটোও হুটা, স্বভাৱো চোৰ প্ৰকৃতিৰ আৰু চাৱনিও টেৰেচীয়া। সেয়ে কাউৰীক সকলোৱে প্ৰায়ে ঘৃণাৰ চকুৰে চায়। হ’লেও আমাৰ সমাজ খনে জীৱনত কাউৰীৰ ভূমিকা কোনো প্ৰকাৰে নুই কৰিব নোৱাৰে। কাউৰীয়ে কা কৰা সময় বুলি ক’লে নিচেই পুৱাৰ সময়ৰ কথাকে বুজায়। কাৰণ ৰাতি পুৱাওঁতে-নৌপুৱাওঁতেই কাউৰী আহি ঘৰৰ চালত বা বাৰীৰ গছৰ ডালত পৰি নিতৌ কা কা বুলি মাতি থাকে। আকৌ প্ৰবাদ এষাৰ আছে – ‘নেমাতে কাউৰী নেচাৰে বাহা, তাকে কোৱা হয় ঊষা’। প্ৰত্যুষ বা অৰুণোদয়ৰ আগ মুহূৰ্ত। ইয়াক ব্ৰহ্মমুহূৰ্ত বুলিও কোৱা হয়। কাৰণ তেতিয়া লৈকে কোনো কাউৰী চৰাই উঠা নেদেখি। সেই নিৰিবিলি সময় একেমাত্ৰ পৰমেশ্বৰৰ উপাসনা কৰাৰ সময়। কাৰোবাৰ হাতৰ লেখা বেয়া হ’লেও তাক কাউৰী – ঠেঙীয়া আখৰ বুলি তুলনা কৰি কোৱা হয়। সংস্কৃতত কাক-শাস্ত্ৰত কাউৰীৰ বিভিন্ন মাতে কি কি ইংগিত দিয়ে সেই সম্বন্ধে বহুত কথা কোৱা আছে। আমাৰ জনসমাজ আৰু লোক সমাজতো কাউৰী সম্বন্ধে বিভিন্ন ধ্যান – ধাৰণা এতিয়াও লোপ পাই যোৱা নাই। সেইদৰে হাজং সমাজতো কাউৰী সম্বন্ধে থকা লোক বিশ্বাস এই যুগলৈকে নিৰৱিচ্ছিন্ন ভাৱে চলি আছে।

ভাৰতীয় দৰ্শন মতে অবিনশ্বৰ। আত্মাৰ মৃত্যু নাই। মৰাৰ পিছতো আত্মা জীয়াই থাকে বুলি অতীজৰে পৰা ভাৰতীয় মানুহে বিশ্বাস কৰি আহিছে। ভাৰতৰে অন্যান্য গোষ্ঠী, জনগোষ্ঠী সকলৰ দৰে হাজং সকলেও মৃত ব্যক্তিৰ আত্মাক বিশ্বাস কৰি কেতবোৰ সামাজিক ৰীতি – নীতি আৰু লোকাচাৰ পালন কৰি আহিছে। হাজং সকলে মানুহ মৰিলে কাঠ – সংস্কাৰ কৰাৰ পিছত, পিছৰ দিনা খনৰ পৰা মৃত ব্যক্তিৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে শ্ৰাদ্ধ বা সকাম কৰাৰ আগদিনালৈকে নিতৌ আগবেলা অৰ্থাৎ বাৰ বজাৰ ভিতৰত আৰু বিয়লি সাত বজাৰ আগে আগে আগ চোতালত আগলি কলপাতত মৃতকৰ বাবে শ্ৰদ্ধা সহকাৰে অলপ ভাত, অলপ শাক আৰু পানী আগবঢ়ায় আৰু সেই ভাত, শাক খিনি কাউৰীয়ে খাই যোৱালৈকে আশা পালি অলপ নিলগত মৃতকলৈ সুঁৱৰি কান্দি উচুপি থাকে। লগতে কেনেবাকৈ কুকুৰে আহি যাতে নষ্ট কৰিব নোৱাৰে তালৈও লক্ষ্য ৰখা হয়। কাউৰীৰ নজৰ চৌপাশে আৰু বগা ভাত দেখিলে কাউৰীৰ অভাৱ নাই বুলি প্ৰবাদ এষাৰো আছে। খোৱা আহাৰ দেখাৰ লগে লগে কাউৰীও আহি খাবলৈ ধৰে আৰু খাই উঠি গিচি যায়। লগে লগে বেজাৰ মনেৰে ৰৈ থকা ব্যক্তি গৰাকীও গুচি যায় (এই ক্ষেত্ৰত বিশেষকৈ তিৰোতা সকলেহে আগ – ভাগ লয়। কাৰণ ভাত – পানী দিয়া নাৰী জাতিৰ হে এক চিৰাচৰিত নীতি)। হাজং সকলে বিশ্বাস কৰে যে মৃতকৰ আত্মাই কাউৰীৰ ৰুপেৰে আপোনাৰ ঘৰলৈ খাবৰ আশাৰে আহে আৰু সেয়ে মৃতকৰ বাবে আগ বঢ়োৱা ভাত – শাক খিনি কাউৰীয়ে খাই গ’লেহে মনত সান্ত্বনা লভে। কুকুৰে খোৱাটো পচন্দ নকৰে। মৰিলেও আপোন জনক কুকুৰৰ আখ্যাৰে হয়তো তুচ্ছজ্ঞান কৰিব খোজা নাই। সেয়ে কোনোবা দিনা কিবা কাৰণত যদি মৃতকৰ বাবে আগ বঢ়োৱা ভাত – শাক খিনি খাবলৈ কাউৰী আহি নাপায়, সেইদিনা কিবা অপৰাধ হোৱা বুলি অনুশোচনাত দুখ কৰি উচুপি উচুপি দোষৰ ক্ষমা ভিক্ষা মাগে।

বছৰটোৰ ভিতৰত শীতৰ দিনৰ মাঘ মাহটোৱেই ভোগৰ মাহ। সেই সময়ত খেতিয়কে পথাৰৰ পৰা ধান দাই চপাই ভঁৰালত ভৰায়। শাকনি বাৰীতো শাক উভৈনদী হৈ থাকে। ধনী – দুখীয়া সকলোৱে কোনো চিন্তা – ভাৱনা নকৰাকৈ আনন্দৰে শান্তিৰে এমুঠি উদৰ পূৰাই খাব পাৰে। সেয়েহে মাঘৰ এই আনন্দৰ দিনত অসমৰ জাতি – জনজাতি সকলোৱে নিজা ৰীতি – নীতি আৰু নামকৰণেৰে সংক্ৰান্তি বা মাঘ বিহু উদ্‌যাপন কৰে। মাঘ বিহু বিভিন্ন ভাষাৰে বিভিন্ন নামকৰণ হ’লেও উদ্দেশ্য কিন্ত প্ৰত্যেকৰে এটাই। সেয়া হ’ল পৰিয়ালৰ সকলোৱে মিলা – প্ৰীতিৰে আৰু হাঁহি – আনন্দেৰে পিঠা, সান্দহ আৰু ভোজ খোৱা। সেয়ে সিদিনা দূৰণিত থকা প্ৰিয় জনেই নহয়, হাজং লিক – বিশ্বাসত পঞ্চভূতত বিলীন হৈ যোৱা মৃত ব্যক্তি সকলৰ বিদেহী আত্মাও হেনো সেই দিনা অৰ্থাৎ বিহুৰ দিনা বিহুৰ পিঠা – পনা খোৱাৰ আশাৰে এৰি থৈ যোৱা আপোন ঘৰলৈ আহে। সেয়ে হাজং সকলে বিহুৰ দিনা পুৱা প্ৰথমতে ৰাখল পূজা (গৰখীয়া পূজা)-ৰ বাবে গৰখীয়া সকললৈ পিঠা পঠিয়াই দি আছুতীয়াকৈ ৰখা পিঠাকেইডোখৰ কলপাতেৰে সৈতে বান্ধি গোহালিৰ গৰুক খোৱায়। তাৰ পিছত খাবলৈ এৰা পিঠা ভাগৰ পৰা কেইডোখৰ মানৰ জনেপতি এটাকৈ পিঠা মৃত ব্যক্তি সকলৰ উদ্দেশ্যে কাউৰীলৈ লক্ষ্য কৰি বা কাউৰী মাতি মাতি আগচোতাললৈ নাইবা ঘৰৰ চালৰ ওপৰলৈ দলি মাৰি দিয়ে। বিহুৰ হুলস্থূলীয়া পৰিৱেশত সেইদিনা কাউৰীও অধিক গোট খায়। সেয়ে পিঠা দলিয়াই দিয়া দেখাৰ লগে লগে মুহূৰ্তৰ ভিতৰতে কাউৰীও উৰা মাৰি আহি পিঠাকেইডোখৰ লৈ গৈ ঘৰৰ চালত, গছৰ ডলত নাইবা কলৰ পাতত পৰি খুঁটিয়াই খুঁটিয়াই খাবলৈ দিয়া হোৱাৰ পিছতহে হাজং সকলে সকলোৱে বহি পিঠা খাবলৈ যো – জা কৰে। হাজং সকলৰ বিশ্বাস যে দেৱ – দেৱতা, ভূত – প্ৰেত আদি সকলোৱে বছৰৰ মাঘৰ বিহুৰ পিঠা খাবলৈ হেঁপাহেৰে বাট চাই থাকে।

 

লেখক : পৰেশ চন্দ্ৰ হাজং।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

 

 

 

3.10714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top