মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ মানুহৰ চোতালখন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ মানুহৰ চোতালখন

অসমৰ মানুহৰ চোতালখনৰ বিষয়ে লিখা হৈছে

 

চোতাল অসমীয়া সমাজৰ সাংস্কৃতিক জীৱনৰ লগত সনা – পোটকা হৈ থকা শব্দ-

 

চোতাল শব্দৰ আভিধানিক অৰ্থ হেমচন্দ্ৰ বৰুৱা দেৱৰদ্বাৰা প্ৰণীত ‘হেমকোষ’ত (সপ্তম প্ৰকাশ, ১৯৯০) দুৱাৰ মুখৰ সমান ঠাই বা প্ৰাংগণ (a court Yard) আৰু সুমন্ত চলিহাৰ আধুনিক অসমীয়া শব্দকোষত (ষষ্ঠ প্ৰকাশ, ১৯৯৯) দুৱাৰ মুখৰ আগৰ বহল সমান ঠাই (a yard) বুলি নিৰ্দেশ কৰা হৈছে। সংস্কৃত চত্বৰ মূলৰ পৰা উদ্ভুত এই চোতাল শব্দটোৰ ব্যাখ্যা তথা ভূমিকা পিছে অসমীয়াৰ মাজত যথেষ্ট বিস্তৰ।

অসমীয়া সমাজত চোতাল নথকা মানুহৰ ঘৰ নাই বুলিবই পাৰি। এখন আদৰ্শ অসমীয়া গৃহৰ প্ৰথম শোভা হ’ল চোতাল খনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শৃংখলাবদ্ধ পৰিৱেশ। বিশেষকৈ অসমৰ গাঁৱলীয়া সমাজত বিভিন্ন ব্যৱহাৰিক কাৰ্য্যাৱলীৰ লগতে নানান উৎসৱ – পাৰ্বণ আৰু ধৰ্মীয় কৃত্যৰো এক উপযুক্ত ব্যৱহাৰিক আৰু নিৰ্ভৰযোগ্য থলী হ’ল এই চোতাল খন। নগৰীয়া সমাজত গাঁৱৰ তুলনাৰ পৰিসৰ আৰু গুৰুত্ব স্থানৰ অভাৱত কিছু কম যদিও তেওঁলোকে চোতালৰ লগত সম্পৰ্কিত নানান কৃত্য বাৰাণ্ডাত অথবা খেল পথাৰ আৰু প্ৰয়োজন হ’লে ৰাস্তাত হ’লেও সম্পাদন নকৰাকৈ থকা নাই। প্ৰতিজন গঞা অসমীয়াৰ আৱেগ – অনুভূতি, চিন্তা – চেতনাও জড়িত হৈ থাকে এই চোতালৰ লগত।

গাঁৱলীয়া সমাজত গৰম দিনত পৰিয়ালৰ মানুহ খিনি আত্মীয় – কুটুম্ব অথবা ওচৰ – চুবুৰীয়াৰে একেলগে বহি মনৰ ভাব আদান – প্ৰদানৰ সৌভাগ্য ঘটে এই চোতাল খনতেই। তাহানি এই চোতাল খনতে বহি আইতা – ককাঁহতে সন্ধিয়াৰ পৰত আমাক তুলা – তেজা, কমলা কুঁৱৰী, ফুলকোঁৱৰ, মণিকোঁৱৰ, ৰাজকুমাৰ, তেজীমলা আদি কত কিমান যে সাধু – কথা কৈছিল। জাৰকালি চোতাল খনৰে এচুকত অস্থায়ী ভাৱে সজাই লোৱা জুহাল ঘৰলৈ স্থানান্তৰ হৈছিল এই সাধুমঞ্চ। আজৰি পৰত ঘৰৰ সকলো একেলগে বহি সুখ – দুখৰ ভাব বিনিময়, দৈনন্দিন কাৰ্য্যাৱলী আৰু ভৱিষ্যৎ পৰিকল্পনা সম্বন্ধে নানান গুৰুত্ব পূৰ্ণ আলোচনাৰো সূত্ৰপাত হয় এই চোতাল খনতে। ই আবেলিৰ বিয়নী মেলৰ থলী, বিভিন্ন সৰু – সুৰা অপৰাধৰ গোচৰ সোধাৰ সময়ত আদালতৰ মজিয়া, শিশু সকলৰ গীত – মাত চৰ্চা, ভাওনা আদিৰ পৰিৱেশনৰ থলী।

অসমৰ সংস্কৃতি মূলতঃ কৃষি কেন্দ্ৰিক। গঞা ৰাইজৰ দৈনন্দিন জীৱন আৰু উন্নতিও নিৰ্ভৰশীল কৃষিকৰ্মৰ ওপৰত। অসমৰ জনজাতীয় বা অজনজাতীয় সমাজত পথাৰৰ বাদে সকলোবোৰ কৃষিকৰ্ম চোতালতে সম্পাদিত হয়। ধান – মাহ – সৰিয়হ আদিৰ মুঠি পথাৰৰ পৰা চপাই – কোঁচাই অনাৰ পিছত গোবৰ – মাটিৰে কোবাই অথবা মৰণাৰ সহায়ত বীজ উলিওৱা হয়। কৃষিৰ লগত জড়িত নানান সামগ্ৰী কোৰ, কটাৰী, কাচি আদি ধাৰ দিয়া, নাল লগোৱা, এছাৰি কঁড়ালা, তমাল তোলা, নাঙল – যুৱলি মেৰামতি, বিৰীয়া, কঠিয়ামাৰি তৈয়াৰ কৰা আদি নানান কাম সমাধা হয় এই চোতাল খনত। এনেকি ৰ’দঘাই বতৰত ঘৰৰ ছাঁ লৈ ককাঁহতে এই চোতাল খনত বহিহে নানান সঁজুলি পাচি, খৰাহি, চালনী, জাকৈ, ডুলি, টোম, খালৈ, মোখোৰা আদি তৈয়াৰ কৰি মনত শান্তি পায়। খেতিয়কে কৰ্মব্যস্ত মুহূৰ্ততো আঘোণ – পুহৰ চোতালৰ মূৰৰ ৰ’দ কাঁচিয়লিৰ আমেজ ল’বলৈ নাপাহৰে। বিভিন্ন বীজ ৰ’দত শুকুৱাবৰ বাবেও চোতাল খন অতিকে প্ৰয়োজন। সেয়ে চোতাল খন ৰ’দ ঘাইকৈ ৰখাটো অসমীয়াৰ দায়িত্বৰ ভিতৰত পৰে। ডাকৰ বচনত আছে :

দক্ষিণ মুখা ঘৰ ৰজা / পূব মুখা ঘৰ প্ৰজা।

পশ্চিম মুখা ঘৰত ছাই / উত্তৰ মুখাত ৰাজকৰ নাই।

এনে উক্তি সংযোজিত হোৱাৰ সংগত কাৰণ এয়ে। সেয়ে পোন বাঁহৰ কাপোৰ মেলা ডাঁৰডাল বা জৰী এডাল স্থাপন কৰা হয় চোতালৰ দাঁতিত।

অসমীয়া নাৰীৰ লখিমীশাল তাঁতশালকক কেন্দ্ৰ কৰি বিভিন্ন কুটীৰ শিল্প –

 

কৰ্মও গঢ়ি উঠে এই চোতাল খনতেই। জনজাতি সকলৰ প্ৰায় ভাগৰে তাঁতশাল চাংঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব – তোলা, বাটি কৰা, মহুৰা ফুৰোৱা আদি কামবোৰ চোতালতেই সম্পন্ন হয়। আকৌ খেতিয়কে বাৰিষা পথাৰৰ পৰা আহি পোনছাতেই বোকা গাৰে ভাগৰ পলুৱায় চোতালৰ গাত গা এৰি দি।

আমাৰ সমাজত প্ৰতি ঘৰৰ বোৱাৰীহঁতে কাউৰী পুৱাতে উঠি বাহী চোতাল খন সাৰি পৰিষ্কাৰ কৰাটো এটা পৰম্পৰা। এই চোতালৰ দাঁতিতে এজোপা শেৱালি ফুল আৰু একোণত তুলসী পুলি ৰুই অথবা কাষতে পতা গোসাঁই ঘৰত গৃহিণীহঁতে সন্ধিয়া এগছি বন্তি – চাকি জ্বলাই প্ৰাৰ্থনা কৰাটোও অসমীয়া লোকাচাৰৰ ভিতৰুৱা। তদুপৰি ‘ঘৰৰ কামক পাছে কৰা / অতিথি বাপক আলধৰা’। আদৰ্শৰে দীক্ষিত অসমীয়া সমাজত অতিথি আহিলে আসন এখন আগবঢ়াই দি খবৰ, সোধ – পোচ তথা প্ৰাৰম্ভিক আপ্যায়নো সম্পন্ন কৰা হয় এই চোতালতে। এইবোৰে এগৰাকী আদৰ্শ অসমীয়া নাৰীৰ লক্ষণকো সূচিত কৰে। আকৌ চোতালত পতা বিভিন্ন ৰসাল আলোচনাৰ মাজে মাজে মৰা চাহ – তামোল – ধঁপাতৰ মহলাৰ এটা সুকীয়া আমেজ আছে।

পুৱাই আহি উকা চোতালত ভিৰ কৰা শালিকা, কপৌ, ঘৰচিৰিকা চৰাইক এমুঠি ধান – মাহেৰে সন্তষ্ট কৰাটোও অসমীয়া সমাজত প্ৰায়বোৰৰ ঘৰত পৰম্পৰাৰ দৰেই : ‘চোতালৰ মাজতে আৰৈধান দিছিলোঁ, শালিকী চৰায়ে খায়’। ধান – মাহ – খুদ চাউল কুটি কুটি চৰাইবোৰে পুৱা ভাগতে চোতাললৈ কঢ়িয়াই অনা এই শান্তিপূৰ্ণ সমন্বয়ৰ প্ৰতীকী পৰিৱেশ সঁচাই বৰ্ণনাতীত।

অসমীয়া সমাজত জন্ম – মৃত্যু – বিবাহ সংক্ৰান্তীয় আৰু নানান ধৰ্মীয় সংস্কাৰ চোতাল প্ৰাংগণতে অনুষ্ঠিত হয়। পৃথককৈ নামঘৰ বা গোসাঁই ঘৰ নথকা সকলৰ বাবে একমাত্ৰ চোতাল খনেই সকলো ধৰণৰ ধৰ্মীয় কৃত্যৰ থলী। নৱজাতকৰ জন্মৰ এঘাৰ দিনৰ দিনা সূৰ্য্য দেখুওৱা উৎসৱ চোতালৰ তুলসীৰ তলতে ধূপ – ধূনা, চাকি আৰু মাহ – চাউলৰ শৰাই এখন আগ বঢ়াই সম্পন্ন কৰা হয়। ইয়াৰ সমধৰ্মী নামনি অসমত পালিত ‘গণনি’ উৎসৱতো চোতালৰ ভূমিকা মন কৰিব লগীয়া। গঞা সমাজৰ ‘ৰং ৰহইচৰ ৰহঘৰা’ প্ৰাণময় উৎসৱ বিবাহ মেলামুৱা অনুষ্ঠান হোৱা হেতুকে এখন বহল চোতালৰ নিতান্তই আৱশ্যক। বিয়াৰ ‘বেই’ বা বেই – ঘৰ সজা হয় চোতালৰ দাঁতিত, বৰ বিয়াৰ ছোৱালঈ খোজা শৰাই পেলোৱা অনুষ্ঠানৰ সকলো কৃত্য সম্পন্ন হয় চোতালত। বৈদিক ৰীতিৰেই হওক বা শংকৰী ৰীতিৰেই হওক কন্যা সম্প্ৰদান অনুষ্ঠান সম্পন্ন হয় চোতালৰ মাজমজিয়াত। অতিথিকো অপ্যায়ন কৰা হয় চোতালত সজা ৰভা ঘৰৰ আছুতীয়া এটা অংশত। আকৌ বিয়াৰ চিকুণ বাজনাও ৰজনজনাই থাকে তাৰ কাষতে।

মৃত্যুৰ সময়ত শেষ নিশ্বাস পেলোৱাৰ আগে আগে মৃত্যুমুখী জনক কলপাত আৰু পাটীৰ ওপৰত শুৱাই ৰখা হয় চোতালত। যিকেইদণ্ড জীৱিত হৈ থাকে মুখত গাখীৰ, পঞ্চামৃত, গংগাজল আদি যচা কামো সম্পন্ন কৰা হয় এই চোতালতেই। পুৰোহিতৰ দিহামতে মৃতকৰ গাৰ পুৰণা কানি – কাপোৰ পিণ্ড যিজনে দিব তেওঁ সলাই দি মাহ – হালধিৰে শৱ স্নান কৰোৱা (কিছুমানে শ্মশানত গৈ কৰায়) আদি কৰ্মও চোতালতে সম্পন্ন কৰা হয়। মৃতকৰ দহা – কাজ, গৰখীয়া সকাম, ভঙুৱা সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা আদি অনুষ্ঠিত কৰিবৰ বাবে চোতাল উপযুক্ত থলী। ইয়াৰ দ্বাৰা চোতালৰ এক পৱিত্ৰ মৰ্য্যাদা প্ৰতিপাদিত হৈছে।

অসমীয়া বিয়ানাম, বিহুনাম, ধাইনাম আদিত চোতালৰ প্ৰসংগ লক্ষ্য কৰা যায়। অসমীয়া সকলো জাতি – জনজাতিৰ প্ৰাণময় উৎসৱ বিহু পৰিৱেশনৰ ৰংগথলী হ’ল চোতাল। মাঘ বিহুৰ মেজি, ভেলাঘৰ আদি সাধাৰণতে মুকলি পথাৰত পতা হয় যদিও বিজুলি, পানীৰ সুবিধা, চুৰ কৰা প্ৰথাৰ গইনা লৈ এচাম হিংসুকে চৰিতাৰ্থ কৰিবলৈ লোৱা অক্ষমণীয় হিংসা প্ৰবৃত্তি, বনজ সংকট আদিৰ বাবে আধুনিক সমাজত চোতালৰ দাঁতিতো সৰুকৈ মেজি সজা পৰম্পৰা দেখা গৈছে। আকৌ কাতি বিহুত তুলসীৰ তলত চাকি – বন্তি দি, প্ৰসাদ আগ কৰি পতা প্ৰাৰ্থনাৰ অনিষ্ঠানেই মূল। দীপান্বিতা উৎসৱতো চোতালৰ মূৰৰ তুলসীৰ আদৰ কম নহয়। বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা আদিৰ ক্ষেত্ৰত চোতালৰ ভূমিকাৰ কথা নকলোৱেইবা। নামনি অসমৰ বাম্বোল পিতা, মহখেদা উৎসৱ আদিৰো ঘাই প্ৰাংগণ চোতালখনেই।

লুইতপৰীয়া সাংস্কৃতিক সমৃদ্ধ অসমৰ মানুহৰ জীৱন – যাত্ৰা আৰু জীৱন দৰ্শনৰ প্ৰনিধিত্ব কৰা প্ৰাণোদ্দীপক উৎসৱ ৰঙালী বিহু উপভোগৰ ঘাই ৰংগমঞ্চ হ’ল অসমীয়াৰ চোতালখন। মিচিঙৰ ‘আলি আই লৃগাং’, অসমৰ জাতিগোষ্ঠীৰ ‘ব’হাগ – যাৰ যি নোবোলোঁ, সকলোৰে বসন্ত উৎসৱত চোতাল খন নহ’লে নচলে। অসমীয়াৰ সহজ স্নেহ আৰু সৰল প্ৰেম – প্ৰীতিৰ স্পষ্ট দ্যোতক বিহুগীত সমূহত বিভিন্ন সময়ত নানান ভূমিকাৰে চোতালে ভূমুকি মাৰিছে। তলৰ উদাহৰণ কেইটালৈ চোৱা যাওক :

(ক) চোতালৰ আগতে কুমটি / এইঘৰ মানুহৰ ঘুমটি

নঘৰ ঐ পুৰণি কামী / হুঁচৰি গাবলৈ আহৈছোঁ আমি

(খ) চোতালৰ আগতে কেঞা বন / এইঘৰ মানুহৰ বেয়া বন।

আকৌ হুঁচৰি দলে বিহুৰ জোঙলা নাম, যোৰা নাম, যোজনা নাম আদি চোতালক কেন্দ্ৰ কৰি গোৱা পৰিলক্ষিত হয়।

বাঁহৰে সাজিলোঁ টকা ঐ শিপিনী / বাঁহৰে সাজিলোঁ টকা,

এখনি বিহুৱান নাপাব লাগিলে / চোতাল খন কৰি যাম বেঁকা।

বিহুৰ উদুলি – মুদুলি পৰিৱেশত ডেকা – গাভৰুৰ প্ৰেম বিনিময়ৰ মুহূৰ্তত চঞ্চলা – চতুৰা গভৰুৱে গইনা লোৱা চোতাল খনৰ মহত্ত্ব মন কৰিব লগীয়া।

চোতাল সাৰিলোঁ পদূলি সাৰিলোঁ

নঙলাত আছিলোঁ চাই,

আহে আহে বুলি বাট চাই আছিলোঁ

আমাৰহে কপালত নাই।

আকৌ শাস্ত্ৰৰ নিবন্ধন আৰু লৌকিক আচাৰৰ মাজেদি অনুষ্ঠিত বিবাহ উৎসৱৰ গীত সমূহত অসমীয়া তিৰোতা সকলৰ কল্পনা শক্তিয়ে কেনেদৰে চোতালকো সামৰি লৈছে তলৰ উদ্ধৃতিত লক্ষ্য কৰিব পাৰি।

(ক) খিচা গীত :

চোতালত থিয় হয় অ’ মন যঁতৰ,

পানী তুলিবলৈ নানিলা মটৰ।

(খ) বিয়াত গোসাঁই পূজাৰ গীত :

চ’তালৰ আগৰে দুই ডেলি শিলিখা

তাৰ এক ডেলি কাঁহা।

আকৌ কেৰম, শিশু – ভাওনা, ৰজা – ৰাণী, গুডু খেল, কাবাদী, খলিগুটি, চইত খেল, চেংগুটি, চোৰ – পুলিচ, লুকা – ভাকু আদি নানান খেলৰ ৰংগথলী এই চোতাল খনেই। প্ৰতিভা বিকাশৰ ক্ষেত্ৰ বিভিন্ন মানুহৰ বাবে বেলেগ বেলেগ হ’ব পাৰে। এনে অৰ্থত, প্ৰসংগক্ৰমে ফকৰা – যোজনাত চোতালৰ উল্লেখ মন কৰিব লগীয়া :

‘মোল্লাৰ দৌৰ মছজিদত, হাসেৰ দৌৰ চোতালত’। (গোৱালপৰীয়া)

পূৱা – পশ্চিমাকৈ সজা দক্ষিণ – দুৱাৰী অৰ্থাৎ ৰ’দ ঘাই চোতাল বিশিষ্ট ঘৰ স্বাস্থ্য সন্মত আৰু এনে গৃহ বাসীৰ মাজত সকলো প্ৰকাৰ শান্তিয়ে বিৰাজ কৰে বুলি অসমীয়া সমাজত এক প্ৰবল বিশ্বাসৰ চলতি আছে। ডাকৰ বচনে ইয়াৰ সাক্ষ্য দিয়ে। ইয়াৰ উপৰি গৰ্ভৱতী নাৰী তিনি – সন্ধিয়া চোতালৰ কাষৰ পানী পতাইদি গ’লে ‘আলখনী’য়ে পায় বুলি সকলোৱে বিশ্বাস কৰে। চোতালত জাবৰ – জোথৰ পৰি থাকিলে ঘৰৰ লখিমী দেহশ্ৰী আঁতৰে বুলিও বিশ্বাস কৰা হয়। সেয়ে সকলো সময়তে অসমীয়া সু – গৃহিণীৰ চোতালৰ বন – পাত (চোতালৰ আগৰে কেঞাবন) চিকুণাই ৰখাৰ তৎপৰতা দেখা যায়। আকৌ বাৰিষা বহুদিন বৰষুণ নোহোৱাকৈ থাকিলে খেতিয়কে আহি গিৰিহঁতে গম নোপোৱাকৈ ধল পুৱাতে চোতাল খন নাঙলেৰে অঁকিয়াই থৈ যায়। সদায় চিকুণাই সমানকৈ ৰখা চোতাল খন খলপা – খলপ হোৱাটো অসমীয়াৰ বাবে এক বিসংগতি পূৰ্ণ ঘটনা। এনে বিসংগতি পূৰ্ণ কাৰ্য্য সাধনৰ দ্বাৰা বৰষুণ হোৱাব পাৰি বুলি এক পৰম্পৰাগত বিশ্বাস অসমীয়া সমাজত আজিও প্ৰচলিত।

সাম্প্ৰতিক কালত বিজ্ঞান – প্ৰযুক্তিয়ে আনি দিয়া নানান পৰিৱৰ্তন আৰু ক্ৰমশঃ বাঢ়ি অহা কৰ্মব্যস্ততাই চোতালৰ আদৰ কিছু পৰিমাণে হ্ৰাস কৰিছে যদিও অসমীয়া সমাজত চোতালৰ যি ঐতিহাসিক মূল্য আৰু মৰ্য্যাদা সেয়া মানুহৰ মনৰ মণিকোঠাত কমিছে যে ধাৰণা নহয়। জনসংখ্যা বৃদ্ধিয়ে পুৰণি অসমীয়া চোতালৰ বিস্তৃতি আৰু গৰিমাক কিছু সংকীৰ্ণ কৰিছে, এই কথা সত্য। চোতালৰ ঐতিহ্য আৰু মহত্ত্ব ভৱিষ্যতলৈ অসমীয়া সমাজত কি ৰুপত ৰক্ষিত হ’ব সেয়া সময়েহে ক’ব।

 

লেখক : বিন্দুভূষণ বৰা, উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top