মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ লোক-সঙ্গীত : এক অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ লোক-সঙ্গীত : এক অৱলোকন

অসমৰ লোক-সঙ্গীত

 

কৰ্ম সংস্কৃতিৰ লগত জড়িত গীত

অসমীয়া কৰ্ম সঙ্গীতৰ ভিতৰত আছে নিচুকনি গীত, নাওখেলৰ গীত, কুঁহিয়াৰ পেৰা গীত, শাকতুলাগীত, বৰশী বোৱা গীত, গৰখীয়াৰ গীত, হাল বোৱা গীত ইত্যাদি। কৰ্ম বিষয়ক গীত সমূহ সাধাৰণতে কোনো কাম কৰোতে শ্ৰম লাঘব কৰিবলৈ আৰু কৰ্মত উৎসাহ পাবলৈ গোৱা হয়।
নিচুকনি গীত : শিশুৰ কান্দোন বন্ধ কৰিবলৈ বা টোপনি নিয়াবলৈ এই বিধ গীত গোৱা হয়।
“আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ

বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব”।।

“শিয়ালী এ নাহিবি ৰাতি, তোৰে কান কাতি লগামে বাতি

শিয়ালী মূৰতে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ”।।

নাওখেলৰ গীত: নাৱৰীয়া সকলে নাওবাওতে শ্ৰম লাঘব কৰিবলৈ বঠাৰ ছেৱে ছেৱে এই শ্ৰেণীৰ গীত গায়।
“বৈঠা মাৰো বৈঠা মাৰো ৰে

অ’ বাইচাল ভাইয়া ৰে

ঝাড়িয়াৰ বৈঠা মাৰিয়া যাও ৰে”

“বাই যাও বাই যাও নাও আহা

ডোগ ডোগ মাৰি যাও বঠা”

কুঁহিয়াৰ পেৰাগীত: কুঁহিয়াৰৰ পৰা গুঁৰ তৈয়াৰ কৰাৰ প্ৰথা অসমত অতীজৰ পৰাই প্ৰচলিত হৈ আহিছে। ই অতি কষ্টদায়ক কাম। সেয়ে কুঁহিয়াৰ পেৰাৰ সময়ত শ্ৰম লাঘব কৰাৰ লগতে মনত আনন্দ দিবলৈ গীত গোৱা হয়।

“ হাতী হেৰালো লিহিৰি বনতে

অ’ ঘোঁৰাও হেৰালো বনে

কুঁহিয়াৰ পেৰুতে ঘৈণী হেৰালো

কোনে বাঁহি-বন কৰে”।

এইদৰে বৰশী বাওঁতে গোৱা গীত:-

“ চেঙেলী কাই লৰি আহ লৰি আহ

মোৰ বৰশীত ধৰহি আহ ধৰহি আহ

ধৰ বেটা ধৰ একে খোটে তল কৰ”।

মহোহো গীত: আঘোণী পূৰ্ণিমাত নামনি অসমত মহোহো উৎসৱ পালন কৰা হয়। গাঁৱৰ ডেকা লৰা বোৰে হাতত টাঙোন লৈ, মাটিত মাৰি তাল দি দি মহ খেদোৱা গীত গায়।

“ অ’ হৰি মোহোহো, ম’হ খেদিবা টোকোন ল’।

মহে বোলে মইল্লুদে টেপুৰ-পুৰা খালোদে।।

গৰখীয়াৰ গীত: কৃষিজীৱি অসমীয়াৰ ঘাই সমল হ’ল গৰু। গৰুক লখিমীৰ লগত তুলনা কৰা হয়। গৰখীয়া লৰাই পথাৰ বা নৈৰ চাপৰিত গৰু-ম’হ চৰাওঁতে নিজৰ কষ্ট পাহৰিবলৈ নাইবা আনন্দ-বিনোদনৰ বাবে গীত গায়। এনেবোৰ গীতক গৰখীয়া গীত বোলে। এইবোৰ গীতত চহা জীৱন আৰু নিৰ্মল প্ৰকৃতিৰ বিৱৰণ প্ৰকাশ পায়।

“দীঘ্লতীৰ দীঘল পাত মাখি মাৰো জাত জাত

মাৰে সৰু বাপেৰ সৰু তই হবি বৰ গৰু”।।

“গৰখীয়া এ খেদ খেদ গৰু

আমাৰ ঢলতে কজলা গৰু

কজলা মাকৰ কাণখন সৰু”।।

শাকতোলাৰ গীত: বহাগবিহুৰ সংক্ৰান্তিৰ দিনা গাৱৰ ছোৱালীবোৰে দল বান্ধি এশ-এবিধ শাক বিচাৰি গোৱা গীতক শাক তোলা গীত বুলি কোৱা হয়।

“চাপৰি-চাপৰি তোলো মই বাবৰি

কচু-তেঙা খুতৰা শাক”

 

বিয়ানামঃ


বিবাহ হ’ল অসমীয়া সমাজৰ অতি আনন্দ দায়ক উৎসৱ। অসমীয়া আয়তী সকল স্বভাৱজাত কবি আৰু এই আয়তীসকলে বিয়াৰ বিভিন্ন কাৰ্য্য যেনে- পানী তোলা, দৰা-কইনাক গাধোৱা, সুহাগ-তোলা, কইনা পাটীত বহা, দৰা আদৰা, হোমপোৰা আদিক কেন্দ্ৰ কৰি অস্ংখ্য বিয়া নাম ৰচনা কৰিছে। তাৰোপৰি যোৰানাম বিবাহ উৎসৱৰ এক এৰাব নোৱাৰা আনন্দদায়ক সংযোজন। বিবাহত উপস্থিত পৰিয়ালৰ অতিথি, দৰাঘৰীয়ালোক, অঙহী-বঙহী আদিক জোকোৱাৰ বাবে ভালেমান ধেমেলীয়া গীত ৰচিত হৈছে। এই বিয়ানাম সমূহৰ কোনো নিদ্দিৰ্ষ্ট ৰচয়ীতা নাই। ই পৰম্পৰা গত আৰু স্বতঃস্ফুত।

ক) পানীতোলা নাম :-

ৰাম ৰাম দূৰকৈ পুখুৰী

ৰাম ৰাম খন্দালা দেউতা

হৰি মোৰ ঐ

ভৰিৰে বিষালে গাঁঠি ।

খ) দৰা-কইনা ধুওৱা গীত :-

ওলাই আহা আইদেউ দুৱাৰ মুখৰ বাজ,

ঘৰতে ধুৱাব লাগে নকৰিবা লাজ—

আগত দিয়া পাচত দিয়া আগত দিয়া পাচত দিয়া

পঞ্চ আয়তীয়ে------

গ) জোৰণ পিন্ধোওঁতে গোৱা বিয়া নাম:-

মাৰাৰ অলংকাৰ থোৱা কাটি কৰি

ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে

ৰামে দি পথাইছে সুবৰ্ণ অলংকাৰ

ঐ ৰাম মূৰ দোৱাই দোৱাই লোৱাহে ।

ঘ) কইনাৰ বিদায়ৰ সময়ত গোৱা বিয়া নাম:-

হাতত পান বটা লৈ মাৰাক মাতা গৈ

মৰমৰ মা ঐ যাবলৈ ওলালো

যাবৰ সময়তে সেৱাহে জনালো—ইত্যাদি

ঙ) হোমৰ গুৰিত গোৱা নামঃ

কলিয়া তুলসী জুপিৰ চকলীয়া পাত

চকলীয়া পাত

যজ্ঞত বহি ৰামচন্দ্ৰই

জলত দিছে হাত-

যোৰা নামঃ

সৰু সৰু চৰাইবোৰে ফৰিং ধৰি খায়

কোমল কইনা বিছাৰোতে ডাঢ়ি পকি যায়।

আয়তী সকলৰ, কইনাক উদ্দেশ্য কৰি গোৱা উপদেশ মূলক গীত:

আকাশত বগালে আকাশী লতা

শুনাচোন আইদেউ কেইটামান কথা।।

পুৱতি নিশাতে উঠিবা শুই

বাহি বন কৰিয়ে ধৰিবা জুই

পেলাব লাগিব গোহালিৰ গোবৰ

সাৰিব লাগিব চোতালৰ জাবৰ ইত্যাদি

এই বোৰৰ ওপৰিও অসংখ্য সূত্ৰ ধৰি আয়তী সকলে বিয়া নাম গায়, যাৰ তুলনা বিচাৰি পাবলৈ নাই।

তোলনি বিয়াৰ নামঃ

অসমীয়া ছোৱালী প্ৰথম ঋতুমতী হোৱাৰ পাচত বিভিন্ন নিয়ম অনুসৰি তোলনী-বিয়া পতা হয়। সাধাৰণতে সাতদিন ধৰি ‘যোগ’ অনুসৰি ব্ৰত পালনৰ অন্তত বিবাহ অনুস্থান পতা হয়।
“বেলিকৈ আবেলি হলে চন্দাৱলী

বেলিকৈ আবেলি হলেহে।

ভোকত চন্দ্ৰাৱলী গা মৰহিলে

ঐ ৰাম মাক বা কলৈনো গ’ল।।

তোলনি বিয়াতো বিয়া নামৰ লেখ জোখ পাবলৈ নাই। আয়তী সকলে কইনা ঘৰীয়া সকলোৰে পৰা চানা-মৰ্টনৰ শৰাই খুজি নাম গায়।

আম ডালি গাঠিলো দৰ্জা মুখত আৰিলো

আমাৰ কইনাৰ মাহিয়েকক সমাজলৈ মাতিলো

সমাজলৈ আহিবা সুদাহাতে নাহিবা

আমলৈ বুলি লজেঞ্ছ-মৰ্টন

শৰাই ভৰাই আনিবা---- ইত্যাদি

লগুণ দিয়ানী নামঃ অসমীয়া বামুণ সকলৰ সৰু ল’ৰাক লগুণ পিন্ধাওতে লগুণ দিয়ানি উৎসৱ পাতে আৰু তাতে আয়তী সকলে গায়।

বনে বনে ফুৰা বাচা পাৱত পালা দুখ ।

ৰ’দ পাই জিলিকিছে পূৰ্ণ চন্দ্ৰ মুখ ।।

ভেকুলীৰ বিয়াৰ গীতঃ খৰাং বতৰ হ’লে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ অসমৰ বিভিন্ন ঠাইত ভেকুলীৰ বিয়া পাতে। ইয়াত বিবাহৰ সকলো নিয়ম পালন কৰি আয়তী সকলে গায় –

“ৰাম কৃষ্ণ পানৰে ফুটুকা

ৰাম কৃষ্ণ সনাৰে ভুমুকা

হৰি মোৰ ঐ দৰা বলোৰামে সাজে

ৰাম কষ্ণ এৰা হেলা হেৰা

ৰাম কষ্ণ পিন্ধা ধুতি ফেৰা

হৰি মোৰ ঐ কইনা আনিব লাগে” ।।

লোক বিশ্বাস অনুসৰি কিছু গীতত কোৱা হয় যে ভেকুলীৰ বিয়া চাবলৈ সৰগৰ পৰা মহাদেউ, ইন্দ্ৰ দেৱতা, অপেশ্বৰী সকল মৰতলৈ নামি আহি গায়ঃ

“ৰাম ৰাম এনেকুৱা বিয়া

ৰাম ৰাম দেখি নাই পোৱা

হৰি মোৰ ঐ আজিহে দেখিব পালো”।

 

বিহু নৃত্যঃ

ভাৰতবৰ্ষৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ প্ৰধান উৎসৱ বিহুৰ সৈতে সাঙুৰ খাই থকা নৃত্যই বিহু নৃত্য হিচাবে পৰিচিত। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।

ইতিহাসঃ

অসমীয়া জাতিৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ থকা এই নৃত্যৰ উৎসৰ বিষয়ে সঠিক উমান পোৱা নগ'লেও, প্ৰায় ১৬ শ (খ্ৰীষ্ঠাব্দ) শতিকাত আহোম স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনৰে পৰা এই নৃত্যৰ প্ৰচলন আছে বুলি তথ্য পোৱা যায়। প্ৰায় ১৬৯৪ চনৰে পৰা স্বৰ্গদেউ ৰূদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰঙালী বিহু উপলক্ষে ৰংঘৰৰ মজিয়াত এই নৃত্য প্ৰদৰ্শিত কৰা হৈছিল।

নৃত্য, বাদ্য

বিহু পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘুৰি ঘুৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্যমুদ্ৰাও পুৰুষ নৃত্যশিলপী সকলতকৈ বেছি।

বিহুত ব্যৱহৃত কেইটিমান লোকবাদ্য হ'ল:

ঢোল- বিহুৰ মূল অবনদ্ধ বাদ্য

ম'হৰ শিঙৰ পেপাঁ বা শিঙা- মহৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্য

গগনা - পাতল এচটি বাঁহেৰে তৈয়াৰী এবিধ হাৰ্প Jewish Harp জাতীয় ঘনবাদ্য

বাঁহী - সুষিৰ বাদ্য

বাহঁৰ টকা - বাঁহেৰ তৈয়াৰী ঘণবাদ্য

সুতুলি - মাটিৰে তৈয়াৰী সুষিৰ বাদ্য

বীণ -এডাল তন্ত্ৰীযুক্ত ভায়লিনViolin ৰ দৰে এবিধ তত বাদ্য

তাল - কাঁহ, ৰূপ আদি মি‍শ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য

ধুতং বা জেং টকা - বাঁহ-বেতেৰে তৈয়াৰী ঘনবাদ্য ইত্যাদি

প্ৰকাৰঃ

বৃহত্তৰ অসমৰ জনগোষ্ঠীৰ বিবিধতা অনুযায়ী বিহু নৃত্য বিভিন্ন প্ৰকাৰৰ বুলি কব পাৰি, যেনে দেউৰী বিহু, মৰান বিহু, মিচিং বিহু আদি । নৃত্যমুদ্ৰাৰ কিছু বৈষম্যক বাদ দি, সাধাৰণতে প্ৰচলিত প্ৰথা অনুযায়ী বসন্তৰ আগমনত ৰঙালী বিহুৰ সময়ত কৰা এই বিভিন্ন প্ৰকাৰৰ বিহু নৃত্য সমুহৰ একেটি উদ্দেশ্য; উলহ মালহেৰে নৱবৰ্ষক আগমন জনোৱা।

আহোমৰ দিনৰে পৰা অবিবাহিত যুৱতীসকলৰ মাজত প্ৰচলিত বিহুক জেং বিহু বুলি জনা যায়। উজনি অসমৰ কিছুমান ঠাইত এতিয়াও এই বিহু প্ৰচলিত। এই প্ৰথা মতে অবিবাহিত যুৱতী সকলে বসন্ত ঋতুত/ৰঙালী বিহুত জাক-পাতি গছৰতলত ধৰিত্ৰীৰ উৰ্বৰতা কামনা কৰি আবেলি সময়্ত নৃত্য গীতৰ অনুষ্ঠান কৰে। এই কথাই প্ৰমাণ কৰে এই গোষ্ঠীৰ মহিলা সকলৰ, সেই সময়ত মহিলা হিচাবে স্বাধীনতা কিমান আছিল, যি সময়ত হিন্দু মহিলাৰ ঘৰৰ বাহিৰত নৃত্য গীত কৰাত কঠোৰ বাধা নিষেধ আছিল। এই মহিলা সকলে নৃত্য গীতৰ সময়ত বিভিন্ন বাদ্যযন্ত্ৰ যেনে 'টকা', 'গগণা', 'সুতুলি' আদিও ব্যৱহাৰ কৰে।

(উৎসঃ ইণ্টাৰনেট, সাহিত্য ডট অৰ্গ তথ্য সংগ্ৰহ:-অসমীয়া ৱিকিপিডিয়া)।

3.26315789474
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top