মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / আদম আছাৰ: কাৰ্বিসকলৰ ছয়তৰপীয়া বিবাহ প্ৰথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদম আছাৰ: কাৰ্বিসকলৰ ছয়তৰপীয়া বিবাহ প্ৰথা

আদম আছাৰ: কাৰ্বিসকলৰ ছয়তৰপীয়া বিবাহ প্ৰথাৰ বিষয়ে লিখা হৈছে ।

 

বিবাহ প্ৰথাক কেন্দ্ৰ কৰি লোকসমাজ এখনত নানা কিংবদন্তী থাকে৷ যেনেকৈ, চীনাসকলৰ কিংবদন্তী অনুসৰি তেওঁলোকৰ মাজত বিয়া পতা ৰীতিৰ আৰম্ভ কৰিছিল নুৱা আৰু ফু জি নামৰ এক দম্পতীয়ে চীনাসকলক পতি-পত্নী হিচাপে সামাজিকভাবে একেলগে থাকিবলৈ শিকাইছিল তেওঁলোকে৷

বিবাহেই হৈছে সেই প্ৰতিষ্ঠিত অনুষ্ঠান,যি এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মিলনক সামাজিক আৰু ৰীতিগতভাৱে স্বীকৃতি দিয়ে৷ পুৰুষ-নাৰীৰ সম্পৰ্কক প্ৰথা বা আইনে দিয়া অনুমতিয়েই বিবাহ৷ ই এনে এক অনুষ্ঠান, যি শতিকাৰ পাছত শতিকা জুৰি একোখন সভ্য সমাজ গঢ়াৰ বুনিয়াদ নিৰ্মাণ কৰি আহিছে৷

কাৰ্বি সমাজৰ গাঁঠনিও অনুষ্ঠান নিৰ্ভৰ৷ হেম্ফু নামৰ দেৱতা এজনাই কাৰ্বি সম্প্ৰদায়ৰ মাজত প্ৰচলিত বিবাহ প্ৰথাৰ আৰম্ভণি কৰিছিল বুলি এক বিশ্বাস সম্প্ৰদায়টোৰ মাজত বহুলভাবে প্ৰচলন আছে৷ হেম্ফু দেবতাই কাৰ্বিসকলৰ মাজত সামাজিক আৰু নৈতিক শৃংখলা গঢ়াৰ উদ্যেশ্যে লাংমিংপু নামেৰে পৃথিবীত আবিৰ্ভাৱ হৈছিল বুলি কোৱা হয়৷ জনবিশ্বাস অনুসৰি লাংমিপ’ৱে তেওঁৰ ভনীয়েক ৰাছিনজাক ৰাংমুক্ৰাঙৰ পুত্ৰ লংমুক্ৰাঙৰ সৈতে বিয়া কৰাই দি কাৰ্বি বিবাহ প্ৰথাৰ প্ৰচলন কৰিছিল৷ ৰাছিনজা আৰু লংমুক্ৰাঙৰ বিয়াখন কাৰ্বি সমাজৰ প্ৰথম বিয়া বুলি কোৱা হয়৷ এই বিবাহ প্ৰথা আদাম আছাৰ বুলি জনাজাত৷

কিংবদন্তি অনুসৰি ৰজা ৰাংমুক্ৰাঙৰ ৰাণী ৱেলিৰবনে নিজ পুত্ৰ লংমুক্ৰাঙৰ সৈতে ৰাছিনজাৰ বিয়াৰ প্ৰস্তাৱ লৈ লাংমিংপ’ৰ ঘৰলৈ গৈছিল৷ লাংমিপ’ৱে ৰাছিনজাৰ সন্মতি লৈ ৰাণীক পুনৰ আহিবলৈ কয়৷ পিছৰবাৰ আহোতে লাংমিপ’ৱে ৰাণীক বংক্ৰক লৈ আহিবলৈ কয়৷ ৰাণীয়ে তেওঁৰ দুই জীয়ৰী কাৰেং আৰু কাদিঙে তৈয়াৰ কৰা সুৰা তেওঁ নিজহাতে শুকান বনৰীয়া জাতিলাওৰে সজা পাত্ৰ বংক্ৰকত সাঁচি ৰাখিছিল৷ বিয়াৰ দিন ঠিক নোহোৱা পৰ্যন্ত ৰাণী ৱেলিৰবনে বংক্ৰকত সাঁচি ৰখা সুৰা উপহাৰ হিচাপে লৈ বহুবাৰ লাংমিংপ’ৰ ঘৰলৈ গৈছিল৷ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল পেছ’ ৰিছ’ কাচেথন নামৰ এক পৰম্পৰাৰে৷

তাৰপাছত ৱেলংবি আৰু হাৰলংবি নামেৰে দুই বন্ধুৱে এনে বিবাহ প্ৰথা অনুসৰণ কৰে৷ এওঁলোক দুগৰাকী ছুমফং আৰু ছুমফি নামেৰেও জনাজাত৷ দুয়ো বন্ধুৱে এখন যুদ্ধলৈ গৈ থকাৰ বাটত মাৰলে নদীৰ পাৰত এগৰাকী বৃদ্ধাক লগ পায়৷ বৃদ্ধাই দুয়োকে মিৰিঙত অনুষ্ঠিত এক বিবাহ প্ৰথা চাবলৈ লগ ধৰে৷ যদিহে দুয়ো বিবাহৰ প্ৰথা শিকি তাক কাৰ্বিসকলৰ মাজত জনপ্ৰিয় কৰে তেন্তে দুয়ো কাৰ্বি বিবাহ প্ৰথাৰ আবিস্কাৰক হিচাপে অমৰ হৈ ৰ’ব বুলি বৃদ্ধাই কয়৷ বৃদ্ধাৰ কথাই দুয়োকে প্ৰলুব্ধ কৰে৷
মিৰিঙত বিয়াৰ অনুষ্ঠান দেখি দুই বন্ধু অভিভূত হয়৷ মিৰিং এৰি অহাৰ সময়ত বৃদ্ধাই দুয়োকে বনৰীয়া জাতিলাওৰ বীজ দিয়ে৷ সেই বীজৰ পৰা হোৱা জাতিলাওৰেই তেওঁলোকে সুৰা থোৱা পাত্ৰ তৈয়াৰ কৰে৷ হেম্ফু দেৱতাই প্ৰচলন কৰা আদাম আছাৰ নামৰ সেই পৰম্পৰাৰে ৱেলংবিৰ জীয়েকক হাৰলংবিৰ পুতেকলৈ বিয়া দিয়ে৷ তাৰপাছৰে পৰা আদাম আছাৰৰ প্ৰথা অনুসৰণ কৰি আৰু অনেক বিবাহ অনুষ্ঠিত হ’বলৈ লয়৷ কাৰ্বিসমাজত উক্ত প্ৰথা প্ৰতিষ্ঠিত কৰাৰ বাবে ৱেলংবি আৰু হাৰলংবিৰ নাম অমৰ হৈ ৰয়৷

আদাম আছাৰ প্ৰথাত এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীক বিবাহিত দম্পতী হিচাপে ঘোষণা কৰাৰ পূৰ্বে ছয়টা পৰ্ব অতিক্ৰম কৰিবলগীয়া হয়৷ প্ৰথম পৰ্বটোক নেংপি নেংছ’ কাচিংকি বুলি কোৱা হয়৷ ল’ৰাৰ মাতৃয়ে ছোৱালীৰ মাকক সাক্ষাৎ কৰি বিবাহৰ প্ৰস্তাব দিয়াটোকে নেংপি নেংছ’ কাচিংকি বুলি কোৱা হয়৷ এজন ল’ৰাই কেৱল নিজ বংশৰ বাহিৰৰ ছোৱালীকহে বিয়া কৰাব পাৰে, আৰু কইনা মোমায়েকৰ ছোৱালী হ’লে অধিক অগ্ৰাধিকাৰ পায়৷

দুয়োগৰাকী মহিলাৰ বাৰ্ত্তালাপ কাচিহুট নামৰ গীতৰ মাজেৰে প্ৰকাশ পায়৷ বিয়াৰ প্ৰস্তাব লৈ যাওতে ল’ৰাৰ মাকে সুৰা, চিৰা-সান্দহ, তামোল-পান আদি উপঢৌকন হিচাপে লৈ যায়৷ পুৰণি কালত হনজেংকেকক নামেৰে আন এক ৰীতি আছিল৷ এই প্ৰথামতে ল’ৰাৰ মাকে বোৱাৰী কৰিব খোজা ছোৱালীজনীৰ বিয়াৰ বয়স হোৱাৰ বহু পূৰ্বেই হাতত পাঁচডাল বগা মেৰিয়াই থয়৷ অতীজত মোমায়েকৰ ছোৱালী বিয়া কৰোৱাৰ প্ৰথাত দুই সম্পৰ্কীয় ল’ৰা-ছোৱালীৰ মাজত বাগদান কাৰ্যৰ চিনস্বৰুপে এনেদৰে মেৰিয়াই ৰখাৰ আচাৰ পালন কৰা হৈছিল৷ কিন্তু আজিকালি এই প্ৰথাৰ বিলুপ্তি ঘটিছে৷

দ্বিতীয় ৰীতিটো হৈছে পিছ’ কেহাং৷ এই ৰীতিত দৰাৰ পৰিয়ালে আনুষ্ঠানিকভাৱে ছোৱালীৰ পিতৃৰ সমুখত বিবাহৰ প্ৰস্তাব আগবঢ়ায়৷ প্ৰস্তাব দিবলৈ যাওতে গাঁৱৰ দুই-এককো তেওঁলোকে কইনাঘৰলৈ লৈ যায়৷ এই যাত্ৰাত কইনাৰ দেউতাকৰ বাবে হৰলাং (চাউলৰ পৰা তৈয়াৰী মদ) নিব লাগে দৰাঘৰে৷ মদৰ পাত্ৰটো বগা কাপোৰেৰে মেৰিয়াই এজন ডেকাই নিব লাগে৷ তদুপৰি হৰলাং, আৰাক (দেশী মদ), চিৰা-সান্দহ আৰু তামোল-পাণ নিয়া হয়৷ মদ আৰু অন্যান্য উপহাৰ সামগ্ৰী হৰহাক নামৰ এবিধ ওখ পৰম্পৰাগত হোৰাত ভৰাই দৰাৰ ফালৰ এজনী গাভৰুই কঢ়িয়াই লৈ যায় আৰু কইনাঘৰৰ চোতালৰ এক আছুতীয়া ঠাইত ৰাখে৷ ডেকাজনে মদ যাচোতে অত্যন্ত বিনয়ী হোৱা উচিত৷ প্ৰথমে কইনাৰ পিতৃক, তাৰপাছত একাদিক্ৰমে খুৰাকসকলক, ভায়েকসকলক, গাঁওবুঢ়াক আৰু ঘূৰণীয়াকৈ বহি থকা আন সন্মানীয় অতিথিসকলক মদ যচা হয়৷ সেইদৰে ঘৰৰ ভিতৰত থকা মহিলাসকলকো প্ৰথমে কইনাৰ মাকৰ পৰা আৰম্ভ কৰি মদৰ লগতে অন্যান্য উপহাৰ সামগ্ৰীসমূহ আগবঢ়োৱা হয়৷ বিয়াৰ বাবে দুয়োপক্ষই সন্মত হোৱাৰ পাছত দৰাৰ মাকে ছোৱালীজনীক বাগদানৰ প্ৰতীকস্বৰূপে ছিম কেবি নামেৰে এবিধ উপহাৰ দিয়ে৷

তৃতীয় পৰ্বটোৰ নাম কাপাতিনি৷ এই পৰ্বত দৰাৰ পৰিয়ালে বিয়াৰ বাবে চূড়ান্ত অনুমতি ল’বলৈ পুনৰ পূৰ্বৰ দৰেই উপহাৰ লৈ কইনাঘৰলৈ যায়৷ দুয়োপক্ষৰ মানুহৰ উপস্থিতিত তাত গোট খোৱা লোকসকলে দৰাঘৰে অনা মদ খাব পাৰিবনে বুলি কইনাক সোধা হয়৷ যদি কইনাই নোৱাৰে বুলি উত্তৰ দিয়ে তেন্তে আছিম অৰ্থাৎ দৰাঘৰে অনা উপঢৌকনৰ সামগ্ৰী ওভোতাই দিয়া হয়৷ আনহাতে যদিহে কইনাই সন্মতি দিয়ে তেন্তে প্ৰথমে আৰাধ্য দেবতালৈ নৈবেদ্য আগবঢ়াই পাছত উপস্থিত সমজুৱাই মদ্যপান আৰু ভোজভাত খায়৷

দৰাৰ পৰিয়ালে তৃতীয়বাৰ কইনাৰ ঘৰলৈ যোৱা প্ৰথাটোক আজ’ আৰনি কেফা বুলি কোৱা হয়৷ এই যাত্ৰাত দৰাঘৰে বিয়াৰ দিন ঠিক কৰে৷ দৰাঘৰে লগত বছা বছা কেইজন মান লোকক লৈ যায়৷
তাৰপাছতে আহে আদাম কাংথুৰ নামৰ পৰ্বটো—অৰ্থাৎ বিয়াৰ দিনটো৷ দৰাৰ পৰিয়ালে গাঁৱৰ মুখিয়াল আৰু যুৱ নেতা ক্লেংদুন আৰু ক্লেংছাৰপ’ক বিয়াৰ বাবে সহযোগ বিচাৰি মদ আৰু উপঢৌকন যাছে৷ কইনাঘৰলৈ বিবাহ অনুষ্ঠানৰ বাবে যাত্ৰা কৰাৰ পূৰ্বে পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্ৰতি অৰ্ঘ্য আগবঢ়োৱা হয়৷

সূৰ্যাস্তৰ পূৰ্বে দৰাপক্ষ কইনাঘৰত উপস্থিত হোৱাৰ পাছত দুয়োপক্ষৰ লোকক একেলগে বহিবলৈ দিয়া হয়, পুৰুষ-মহিলা বেলেগে বেলেগে বহে৷ বংক্ৰকত কঢ়িয়াই অনা হৰলাং আৰু আৰাক কইনাৰ পিতৃ আৰু অন্যান্য অভ্যাগতক যচা হয়৷ কইনাঘৰেও দৰাঘৰীয়া আৰু উপস্থিত আমন্ত্ৰিতসকলক মদ যাচা৷ আৰাধ্য দেবতালৈ নৈবেদ্য আগবঢ়োৱাৰ পাছত ভোজ আৰম্ভ হয়৷ কইনাৰ ঘৰৰ ভিতৰত পৰিয়ালৰ পূৰ্বপুৰুষৰ প্ৰতিও অৰ্ঘ্য আগবঢ়োৱা হয়৷

ভোজভাত পৰ্বৰ সমাপ্তিৰ পাছত কইনাঘৰৰ মহিলাসকলে পুৰুষ আৰু মহিলাৰ বাবে পেলু আৰু পিনিকু নামেৰে বেলেগ বেলেগ চানেকিৰে তৈয়াৰ কৰা দুখন বিছনা চাদৰ পাৰি দিয়ে৷ দৰা আৰু কইনাক তাত একেলগে দুয়োৰে এজনকৈ লগৰীয়াৰে সৈতে বহিবলৈ দিয়া হয়৷ দৰা-কইনাক ইজনে সিজনক মদ আৰু তামোল-পাণ যাছিবলৈ কোৱা হয়৷ এইদৰে দুয়োৰে মিলনে সকলোৰে সমুখত আনুষ্ঠানিকতা লাভ কৰে৷ দৰা-কইনাৰ লগৰীয়া দুজনেও ধেমালিতে এজনে আনজনক মদ আৰু তামোল-পাণ যাচি স্ফূৰ্ত্তি কৰে৷

বিয়াৰ নিশা কইনাঘৰৰ ফালৰ পুৰুষ গায়ক অৰ্থাৎ লুনছেপ’ৱে থেলু নমৰ বিয়াগীত গায় আৰু দৰাঘৰৰ ফালৰ লুনছেপ’ৱে ছাংলিন নামৰ বিয়াগীত গায়৷

পিছদিনা পুৱা দেৱতাক এটা বা তিনিটা কুকুৰা যাছি ৱোৰ কামাথা নামৰ ৰীতিটো পালন কৰা হয়৷ তাৰপাছত এই কুকুৰাৰ মাংসৰে ভোজ পতা হয়৷ তাৰপাছতেই দৰাৰ দেউতাকে বা এজন লুনছেপ’ৱে কইনাক দৰাঘৰলৈ আহিবলৈ অনুৰোধ কৰি মুন চাৰনে নামৰ গীত গায়৷ ‘ৰিছ’নমিছ’ চেপাদি আহৰমাই’ত কইনাই গাঁৱৰ ডেকা-ডেকেৰীৰ পৰা বিদায় লয়৷ অবশেষত কইনাই মাক-দেউতাকৰ পৰা বিদায় লয়৷ খুৰাক-খুৰীয়েক আৰু আন দুই-এক অতিথিয়ে কইনাক নতুন ঘৰলৈ লৈ যায়৷

উভতি অহাৰ বাটত বিবাহ যাত্ৰীৰ দলটোৱে এখন নৈৰ পাৰত খন্তেক জিৰণি লয়৷ তাতেই দৰা আৰু কইনাই কইনাঘৰৰ পৰা পঠিয়াই দিয়া আহাৰ ভগাই খায়৷ এই পৰ্বটোক আংদেং কেচ’ বুলি কোৱা হয়৷ এই জিৰণিৰ সময়তে অশুভ দূৰ কৰিবলৈ আংদেং আথেকাৰ নামেৰে আন এক প্ৰথা পালন কৰা হয়৷

তাৰ পাছৰ দিনা ৰাতিপুৱা দৰাঘৰত দেবতালৈ তিনিটা কুকুৰা বা ছাগলী আগবঢ়াই পুনৰ ৱোৰ কামাথা পালন কৰা হয়৷ সেই মঙহেৰে ভোজ-ভাত খোৱাৰ পাছত কইনাৰ ঘৰৰ পৰা অহা অতিথিৰ বিদায়পৰ্ব সমাগত হয়৷ এই পৰ্বত কইনাৰ ঘৰৰ এজন লুঞ্চেপ’ৱে কইনাক নতুন জীৱন আৰু দায়িত্ব সম্পৰ্কে দিহা পৰামৰ্শ দি ছ’ইংজিৰ চেপাৰে নামৰ গীত গায়৷ তাৰ পাছত সকলোৱে বিদায় লয়৷

সৰ্বশেষ পৰ্বটো হৈছে পেছ’-ৰিছ’ কাচেথন৷ পৰম্পৰা অনুসৰি কইনাই চাউলৰ মদ আৰু তাঁতত এখন বগা কাপোৰ বই উলিয়াব লাগে৷ কইনাই বিয়াৰ পাছত কইনাই পূৰ্বৰ উপাধিয়ে ৰাখিব পাৰে৷
বিয়াৰ প্ৰায় তিনি সপ্তাহমান পাছত দৰা-কইনাই আন কেইজন মানৰ সৈতে কইনাই বাপেকৰ ঘৰৰ পৰা অনা কাপোৰ ঘূৰাই দিবলৈ কইনাৰ ঘৰলৈ মদ আৰু অন্যন্য উপহাৰ লগত লৈ যায়৷ ইয়াকে পেছ’-ৰিছ’ কাচেথনবুলি কোৱা হয়৷ সকলোৱে একেলগে কইনাৰ পৰিয়ালৰ লগত আহাৰ গ্ৰহণ কৰাৰ পাছত দৰা-কইনাই বিদায় লয়৷

তাৰপাছত বিয়াৰ তিনিবছৰলৈকে দুয়ো কইনাঘৰলৈ উপহাৰ লৈ যাব লাগে৷ ইয়াক নিংকান ইছেক আহৰচেথন বুলি কোৱা হয়৷ এই পৰম্পৰাটো বিবাহিত দম্পতীয়ে তিনিবাৰ পালন কৰিবলগীয়া হয়৷ তাৰ পাছতহে দম্পতীটোৰ বৈবাহিক ৰীতি-নীতি সম্পূৰ্ণ হয়৷

কাৰ্বি সমাজত পুৰুষসকলে আন এক প্ৰথাৰেও বিয়া পাতিব পাৰে৷ ইয়াক পিছ’ কেমেন বুলি কোৱা হয়৷ এই পৰম্পৰাত দৰাই কেবাবছৰ ধৰি কইনাঘৰত থাকি গা-খাটি অৰ্থাৎ শহুৰ ঘৰৰ বাবে কাম কৰি দিব লাগে৷ যদি কইনাঘৰৰ ল’ৰা নাথাকে তেন্তে দৰাই গোটেই জীৱন কইনাৰ ঘৰতে থাকিব পাৰে৷

অৱশ্যে অঞ্চলভেদে পৰম্পৰাসমূহত ভিন্নতা দেখিবলৈ পোৱা যায়৷ শেহতীয়া ভাবে কাৰ্বি সমাজত বিয়াৰ পৰ্ব তিনিতৰপীয়া প্ৰথাৰে পালন কৰা দেখা গৈছে৷

আমোদজনকভাবে এজন ল’ৰাই এজনী ছোৱালীক পলুৱাই নি বিয়া পাতিলেও তেওঁলোকেও বিছাৰচেপাচ’কত পৰম্পৰাসমূহ পালন কৰিবলগীয়া হয়৷ নহ’লে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বিয়া পাতিব নোৱাৰে, আনকি এজন পুৰুষৰ পত্নী হিচাপে মহিলাগৰাকীৰ শেষকৃত্যও সম্পন্ন কৰিবলৈ দিয়া নহয়৷

বিচ্ছেদৰ পাছত পুনৰ বিবাহ কাৰ্বি সমাজত নিষিদ্ধ নহয়৷ বিধবা বিবাহো গ্ৰহণযোগ্য আৰু ব্যাপকভাবে স্বীকৃত৷ দেওৰেকে বিধবা বৌয়েকক বিয়া কৰাব পাৰে৷ ইয়াক কেপাতেং বুলি কোৱা হয়৷ অবশ্যে বৰজনাকে বিধবা ভাইবোৱাৰীয়েকক বিয়া কৰাব নোৱাৰে৷

মুঠতে ক’ব পাৰি যে পৰম্পৰাগত কাৰ্বি বিবাহ পদ্ধতিয়ে সংস্কৃতিৰ নামত আমাৰ সমাজত শিপাই যোৱা বহু অপসংস্কৃতি যেনে, যৌতুক, বাল্যবিবাহ, বলপূৰ্বক পতা বিয়া, গাভৰু বিধবাৰ দুৰ্দশা আদিৰ পৰা সমাজখনক ৰক্ষা কৰি আহিছে৷

লেখক: কাচে টেৰনপী

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top