অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলি আ:য়ে লৃগাং :

আলি আ:য়ে লৃগাংৰ বিষয়ে লিখা হৈছে ।

 

অসমীয়া জাতীয় জীৱনলৈ অতুলনীয় বৰঙণি আগবঢ়োৱা এটি জনজাতি হ’ল মিচিংসকল। মিচিংসকলৰ ঐতিহ্যপুৰ্ণ কৃষিভিত্তিক জাতীয় উৎসৱ হ’ল: আলি আ:য়ে লৃগাং। আলি আ:য়ে লৃগাঙৰ অৰ্থ হ’ল: ‘আলি’ মানে কঠীয়া বা বীজ, ‘আ:য়ে’ মানে ফল বা গুটি আৰু ‘লৃগাং’ মানে সিঁচা বা ৰোপণ কৰা। অৰ্থাৎ শস্যৰ বীজ বা কঠীয়া সিঁচাৰ প্ৰথম দিন। লৃগাং উৎসৱৰ মুল উৎসই হ’ল অনাগত কৰ্মময় সংগ্ৰামী জীৱনযৰ বাবে কৰ্মোদ্যম গঢ়ি তোলা। সেয়ে লৃগাং উৎসৱত আৰম্ভণিৰপৰা সামাজিক ৰীতি-নীতিৰে প্ৰীতিভোজ খাই, নৃত্যগীত গাই, বিভিন্নজনৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি মনবোৰ সতেজ কৰি তুলি কৃষিকৰ্মৰ বাবে নিজকে নিয়োজিত কৰিবলৈ প্ৰতিজন ব্যক্তিৰ মন সক্ৰিয় আৰু কৰ্মঠ কৰি তোলা হয়।

অসমৰ বিভিন্ন অঞ্চলত বাস কৰা নদীপ্ৰিয় মিচিংসকলে পুৰ্বে ফাগুন-চ’ত মাহৰ যিকোনো এটা দিনত নিজ নিজ অঞ্চলৰ সুবিধা অনুসৰি এই উৎসৱ পালন কৰিছিল। কিন্তু ১৯৫৮ চনত ধেমাজি জিলাৰ কুলাজানত অনুষ্ঠিত মিচিং মহাসভাৰ (Missing Bane Kebang) সিদ্ধান্ত অনুসৰি প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আ:য়ে লৃগাং অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেতিয়াৰেপৰা বৰ্তমানলৈকে মিচিং ৰাইজে পৰম্পৰাগত প্ৰথা অনুসৰি আলি আ:য়ে লৃগাং অনুষ্ঠিত কৰি আহিছে।

মিচিংসকলে প্ৰথম অৱস্থাত পাহাৰীয়া অঞ্চলত বসবাস কৰিছিল। তেতিয়া তেওঁলোকে প্ৰত্যেক ঘৰেই হাবি-জংগল জুৰি, ন ভাঙনি মাটি চহাই, আলি আ:য়ে লৃগাঙৰ দিনা শস্য সিঁচিবৰ বাবে সাজু কৰিছিল আৰু নিৰ্দিষ্ট মাটি টুকুৰাত ঘৰৰ বয়োজ্যেষ্ঠজনে দঞি প:লৰ নাম লৈ কঠীয়া সিঁচি খেতিৰ শুভাৰম্ভ কৰে। বৰ্তমান গাঁও আৰু নগৰাঞ্চলতো আলি আ:য়ে লৃগাঙাত ‘লৃপপদ’ অৰ্থাৎ বীজ সিঁচাৰ নিয়ম আনুষ্ঠানিকভাৱে পালন কৰা দেখা যায়। নিৰ্দিষ্ট অঞ্চলটোৰ বয়োজ্যেষ্ঠ অথবা মুখিয়ালজনে নিৰ্দিষ্টিকৈ চহাই থোৱা এটুকুৰা মাটিত লৃগাঙৰ দিনা বীজ সিঁচে ।নিৰ্দিষ্ট মাটিটুকুৰা দঞি প:লৰ নাম লৈ পানী ছটিয়াই মাটিটুকুৰাৰ চাৰিওফালে চাৰিজোপা পি:ৰ (মেগেলা) গছ ৰোৱা হয়। পি:ৰ গছৰ পাতৰ ফেৰেঙণিত কপাহ (পি:মুৰ) অলপ লগোৱা হয়। চহ কৰা মাটিটুকুৰাৰ মাজভাগত আপপে (কণী) এটা পুতি দিয়ে। কৌপাতত তিনিভাগ পুৰাং, আদা, ছাই মদ থৈ সজোৱা হয়। সৰ্বশেষত বয়োজ্যেষ্ঠজনে হোৰাত কঠীয়া ভৰাই দঞি প:ল (চন্দ্ৰ সুৰ্য) বসুমতী আই, বৰুণ দেৱতা, জলদেৱতা, পৱন দেৱতা আৰু উপৰিপুৰুষৰ নাম লৈ মিট-দা এখনেৰে মাটিত খুঁচি খুঁচি ধানৰ কঠীয়া ছটিয়াই দিয়ে। তাৰ পাছত বাঁহৰ কামী কেইডালমান ধেনুভিৰীয়া কৰি মাটিত গুঁজি দিয়ে, যাতে শীতৰ কুঁৱলীয়ে বীজ গজিব নোৱৰাকৈ শস্য ঢাকি ৰাখিব নোৱাৰে। লৃপপদৰ গুৰি ধৰোঁতাজনে মিচিং ভাষাত ‘পেনাম’ কৰে। পেনামৰ অসমীয়া ভাবাৰ্থ এনেধৰণৰ: ‘আজি মিচিং সমাজে বসুমতী আইৰ লগতে সুৰ্য, চন্দ্ৰ, জল, পৱন, বৰুণ দেৱতা, পুৰ্বপুৰুষ সকলোলৈকে কৌপাতত ভাত, আদা, কণী, ছাই মদ আদি আগবঢ়াই পুজা বা সেৱা আগবঢ়াইছোঁ। আজিৰ পৰা শস্য সিঁচিবলৈ আৰম্ভ কৰা হৈছে। গতিকে বছৰটো খাবলৈ জোৰাকৈ শস্যৰ ফচল ভালকৈ পাব লাগে। শীতৰ কুঁৱলীয়ে বীজ গজিব নোৱৰাকৈ ঢাকি নাৰাখিবৰ বাবে বাঁহৰ পাতল কামীবোৰ কাটি দিয়া হৈছে। পৃথিৱী শস্য-শ্যামলা হৈ সকলো ফালে নদন-বদন হ’ব লাগে’। -এনেদৰেই মিচিংসকলে ট্ৰজানসকলৰ দৰেই মাতৃ বসুমতী, সুৰ্য-চন্দ্ৰ, পুৰ্বপুৰুষ , বতাহ-বৰষুণৰ গৰাকী সকলো দেৱতালৈ পুজা আগবঢ়াই বীজ সিঁচা কাৰ্য সমাপন কৰে’।

‘লৃপপদ’ ৰ দিনৰপৰা পাঁচদিনলৈ মিচিংসকলে গেনা ৰাখে। এই পাঁচদিন তেওঁলোকে হাল-কোৰ নাবায়, হাবি-বন নাকাটে, পথাৰত জুই নিদিয়ে, ভজা-পোৰা বস্তু  নাখায়, জলকীয়া জালুক, কেহা-টেঙা আদি নাখায়। তেওঁলোকৰ বিশ্বাস যে হাল-কোৰ এই পাঁচদিনত বালে বা উপৰিউক্ত খাদ্যসম্ভাৰ এই পাঁচদিনত খালে শস্য ভাল নহয়।

আলি আ:য়ে লৃগাঙত সকলোৱে মিলি প্ৰীতিভোজ খায়। লৃগাং উপলক্ষে বিশেষভাৱে তৈয়াৰ কৰে পুৰাং আপিন। পুৰাং আপিন প্ৰস্তুত কৰিবৰ বাবে আগদিনাই মিচিং ডেকা-গাভৰুৱে হাবিৰপৰা অথবা নৈৰ কাষৰপৰা কৌপাত সংগ্ৰহ কৰে। কৌপাতবোৰ ভালদৰে ধুই পখালি আৰৈ, বৰা আৰু জহা চাউল মিহলাই (দুয়োবিধ চাউল এঘণ্টামান পানীত তিয়াই থ’ব লাগে) এমুঠিমান চাউল কৌপাতত নুৰিয়াই বান্ধে। এনেদৰেই প্ৰায় ডেৰশ-দুশ টোপোলা কৰি এটা ডাঙৰ বাচনত পানী উতলাই তাত সিদ্ধ কৰে। গৰমে গৰমে অথবা ঠাণ্ডাকৈ এই ‘পুৰাং’ যিকোনো মাংস অথবা গাখীৰ আৰু গুৰেৰে খাবলৈ বৰ সোৱাদযুক্ত। আলি আ:য়ে লৃগাং উপলক্ষে ২০ দিনমানৰ আগৰেপৰা মিচিং নাৰীয়ে প:ৰ (ছাই মদ) আৰু নগনি আপ্ং তৈয়াৰ কৰে। আপোনজন অথবা প্ৰেমিকৰ বাবে নিজ হাতেৰে সপোনৰ ফুল বাছি মিবুগালুপ (মিচিং চোলা),গনৰ ওগন (ধুতী) আৰু দুমেৰ (গামোচা) বৈ দিয়ে আৰু নিজৰ বাবেও বৈ লয় এগে-গাচৰ (মেখেলা-চাদৰ) ৰিবি ৰুমবুং আদি। দুহাতত জেতুকা বোলাই গামখাৰু, দুমপুন (বগা সুতাৰে কৰা ফুল), মাদলী, জোনবিৰি ,দুগদুগী আদি পিন্ধি গাভৰুবোৰ জাক পাতি ওলাই আহে লৃগাং ছ:মান (ডেকা-গাভৰুৱে একেলগে নচা নাচ) কৰিবলৈ। অতীজতে আলি আ:য়ে লৃগাঙৰ দিনা ডেকা-গাভৰুৱে নচা নাচক ‘লৃগাং ছ:মান’ বুলি কোৱা হৈছিল যদিও বৰ্তমানে এই নাচক ‘গুমৰাগ ছ:মান’ বুলি কোৱা হয়। এই গুমৰাগ ছ:মান’ বুলি কোৱা হয়। এই গুমৰাগ ছ:মানৰ বাবে নিৰ্দিষ্ট গীত, ঢোলৰ ছেও, পুৰণি বাদ্য লৌ:ল:, বাৰবাং আদি বাদ্য আছে। গুমৰাগ ছ:মান লৃগাঙৰ দিনা গাঁৱৰ মুখ্য ব্যক্তি গাম বা গাঁওবুঢ়াৰ ঘৰত প্ৰথমে আৰম্ভ কৰে। তাৰ পাছত একাদিক্ৰমে শইকীয়া, বৰা, সাতোলা আৰু শেষত গাঁৱৰ অন্যান্য সকলৰ ঘৰত গুমৰাগ ছ:মান কৰে। ছ:মান কৰি পোৱা টকাৰে ডেকা-গাভৰুৱে মুৰুংঘৰ বাবে যাৱতীয় বয়বস্তু আদি লোৱাৰ উপৰি প্ৰীতিভোজ খায়। লৃগাঙৰ পঞ্চম দিনা লৃ:লেন বা চাপলেন অৰ্থাৎ গেনা ভগাৰ নিয়ম কৰে। ঘৰৰ ডাঙৰ বোৱাৰীয়ে জুইশাল সুন্দৰকৈ মচি-কাচি দিয়ে, ঘৰৰ বয়োজ্যেষ্ঠজনে জাকিত প:ৰ আপ্ং ঢালি দঞি প:ল আৰু উপৰিপুৰুষৰ নামত উচৰ্গা  কৰে আৰু গেনা ভাগে। গেনা ভগাৰ লগে লগে লৃগাং উৎসৱৰো সামৰণি পৰে।

ক্ৰমাৎ যিদৰে গছতলৰ গাভৰু বিহু, জেং বিহু, আইতাৰ চোতালৰ হুঁচৰি আহি মঞ্চ পালেহি, তেনেদৰে গুমৰাগ ছ:মানো মঞ্চ পালেহি। যদিও খন্তেকৰ বাবে আমি গুমৰাগ ছ:মানৰ তালে তালে, ঢোলৰ ছেৱে ছেৱে মতলীয়া হওঁ, তথাপি এনে লাগে: নাই যেন তাত:য়ায়অ (ককা-আইতা) দিনৰ সেই মন উতলা কৰা ঢোলৰ ছেও, নাই যেন দেহা ৰাইজাই  কৰা ছ:মানৰ সেই নৃত্য। লাহে লাহে নগৰীয়া হোৱা গুমৰাগ ছ:মানে হেৰুৱাই পেলাইছে নিজস্বতা। বহাগত দেখা যায় উদং পথাৰ, উদং আইতাৰ চোতাল, উদং গছৰ তল…।

লেখিকা: তুলিকা চেতিয়া য়েইন (সেউজ সোপান)

 

 

 

 

3.17391304348
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top