মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / আহোমসকলৰ পৰম্পৰাগত তাও ধৰ্ম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহোমসকলৰ পৰম্পৰাগত তাও ধৰ্ম

আহোমসকলৰ পৰম্পৰাগত তাও ধৰ্ম

‘টাই’ জাতি পৃথিৱীবিস্তৃত এটা সমৃদ্ধশালী জাতি। এই টাই জাতিৰ জীৱন নিৰ্বাহ পদ্ধতি, ধৰ্ম, দৰ্শন, ৰীতি-নীতি প্ৰক্ৰিয়াৰ হেজাৰ বছৰীয়া ঐতিহ্য আছে।

পৃথিৱীৰ অতি প্ৰাচীন জাতি হিচাপে ‘টাই’ জাতিৰ অৱদানো উল্লেখযোগ্য। দৃষ্টান্তস্বৰূপে-মুগাৰ সাজ-পাৰ, পটলুং, টুপী, মেজি, চামুচ ইত্যাদি কেইটামান সাধাৰণ বস্তুৰ উদাহৰণ। খাদ্যবস্তু হিচাপে লুকলাও (সাঁজপানী), চাহপানীৰ লগতে প্ৰণালীবদ্ধভাৱে প্ৰথম শালিধানৰ খেতি আহোমসকলেই কৰিছিল বুলি জনা যায়।

এই ‘টাই’ সকলে মানি অহা ধৰ্ম বা বিশ্বাসৰ নামেই হ’ল তাও ধৰ্ম। তাও ধৰ্মৰ তাও শব্দৰ অৰ্থ বিভিন্ন অভিধানত বিভিন্ন ধৰণে পোৱা যায়। কৰ’বাত যদি তাও শব্দৰ অৰ্থ তাপ, উষ্ণতা বুলি পোৱা গৈছে, অন্য ক’ৰবাত তাও মানে বাট বা পথ বুলি উল্লেখ আছে।

কিন্তু টাই ভাষাৰ বিজ্ঞসকলৰ মতে, তাও শব্দৰ অৰ্থ প্ৰকৃতি। প্ৰকৃতিৰ পূজাই হ’ল তাওধৰ্মীয় লোকৰ মূল শক্তি। তাও ধৰ্মত এজন ঈশ্বৰৰ স্থিতিক অগ্ৰাধিকাৰ দিয়া নহয়। তেওঁলোকে পূৰ্বপুৰুষৰ মৃত আত্মাৰ অস্তিত্বক পূজা-পাতলৰ জৰিয়তে ধৰি ৰাখিব খোজে। মূলত: তিনিজন ফীক (ফী-ক) তেওঁলোকে আৰাধনা কৰে। যেনে-

ফী

চাঙ-ফী          ডাম্‌-ফী     ফী-ছাইনী

(ফী ছাঙ্‌)   (ফী-ডাম)

‘ডাম’ মানে মৃত আত্মাৰ জিৰণি লোৱা ঠাই। টাই জাতিৰ মানুহে বা তাওধৰ্মীয় লোকসকলে আখলঘৰৰ এটা বিশেষ চুকত এই আৰাধ্য আত্মাই বাস কৰে বুলি বিশ্বাস কৰে আৰু আখলঘৰৰ প্ৰায় উত্তৰ-পশ্চিমমুৱাকৈ এই পূজা-অৰ্চনাও সমাপন কৰাৰ নিয়ম।

তাও ধৰ্মত পূজা-অৰ্চনা বা বিভিন্ন সময়ত পালন কৰিব লগা পাৰ্বণসমূহৰ বাবে কেইটামান বিশেষ বস্তুৰ আৱশ্যকতা আছে। যেনে-

১) লুকলাও বা লাওপানী।

২) মাইকী কুকুৰা আৰু

৩) কলগছ।

কলগছৰ কলপটুৱা কাটি বিভিন্ন আকৃতিত সজাই (বিশেষকৈ য়িঙ আৰু য়াঙ) তেওঁলোকে মৃত আত্মাসকলক মাইকী (ৰঙা) কুকুৰাৰ মাংস সিজাই লুকলাৱৰে সৈতে স-সন্মানেৰে টাই (আহোম) ভাষাত-‘চাওনুৰু…..চাওকা ঐ’ বুলি মন্ত্ৰোচ্চাৰণ কৰি খোৱাৰ বাবে নিমন্ত্ৰণ কৰে। তেওঁলোকৰ বিশ্বাস আছে যে পূবপুৰুষৰ আত্মাৰ গভীৰ প্ৰভাৱ তেওঁলোকৰ জীৱনত আছে, গতিকে কোনো কোনো বিশেষ সময়ত, যেনে-ন-ভূঁই ৰোৱাৰ দিনা, ন-কঠীয়া পৰাৰ দিনা, ন-খোৱা উৎসৱৰ দিনা তিনিওটা বিহুৰ প্ৰথম বা দ্বিতীয় দিনা, ঘৰৰ জী-পুত্ৰৰ বিয়াৰ দিনা, কাৰোবাৰ শ্ৰাদ্ধৰ দিনা, বছৰেকীয়াৰ দিনা, নতুনকৈ ঘৰ লোৱাৰ দিনা, এনেদৰে জ্যেষ্ঠ মৃত আত্মা বা মৃতকক আখলঘৰৰ দামৰ চুকত পূজা কৰাৰ নিয়ম আছে। তাকে নকৰিলে বা পূৰ্বপুৰুষৰ আত্মাক সন্তুষ্ট নকৰিলে বিভিন্ন বিপদ-বিঘিনি তথা অপায়-অমংগল হোৱাৰ ভয় থাকে। সেয়ে মৃত আত্মাক সেৱা-সৎকাৰ কৰি উপৰি উক্ত দিনসমূহত আশিস বিচৰা হয়।

এই ধৰ্মৰ এটি বিশেষ বৈশিষ্ট্য হ’ল যে এই ধৰ্মত ঈশ্বৰৰ কোনো নাম নাই। এই ধৰ্মৰ বিশ্বাসমতে, ঈশ্বৰৰ যদি কোনো নাম দিয়া হয় তেন্তে মানুহৰ মাজত এটা পৰিধিৰ সৃষ্টি হয় আৰু মানুহ বৈষম্যবোধত ভোগে। মৃত্যুৰ পিছত আত্মাক লালন-পালন, আত্মাৰ বিশেষকৈ মৃতকৰ আত্মাৰ অস্তিত্বৰ উপলব্ধি, পূৰ্ব আত্মাৰ প্ৰভাৱেৰে চলমান মানৱ জীৱন- এয়াই হ’ল তাও ধৰ্মৰ মূল বৈশিষ্ট্য। এই ধৰ্মৰ বিভিন্ন কাম-কাজসমূহত কলগছৰ প্ৰাধান্য মন কৰিবলগীয়া। কলঠৰুৱাৰে বিভিন্ন আকৃতি কৰি তেওঁলোকে কিছুমান প্ৰতীক চিহ্ন নিৰ্মাণ কৰে, যাৰ একোটা বিশেষ অৰ্থ আছে বুলি ভবা হয়।

য়িঙ আৰু য়াঙ দুটা ভাগত বিভক্ত কৰা হৈছে। য়িঙ আৰু য়াঙেই হ’ল সমগ্ৰ পৃথিৱীৰ মূল চালিকা শক্তি। বিশ্বাস আছে যে য়িঙ আৰু য়াঙ (য়িঙ-স্ত্ৰী প্ৰকৃতি আৰু য়াঙ-পুৰুষ প্ৰকৃতি)ৰ ফলতেই দিন-ৰাতি, পোহৰ-আন্ধাৰ, জুই-পানী, সমতল-পৰ্বত, বেঁকা-কোণীয়া, স্থিৰ গতিশীল, চন্দ্ৰ-সূৰ্য্যৰ, ব্ৰহ্মাণ্ডৰ এই অৱস্থাবোৰৰ ভাৰসাম্য ৰক্ষা পৰে।

য়িঙ আৰু য়াঙৰ প্ৰতীকী বৃত্তাকাৰ যিটো Taoism ইতিমধ্যে প্ৰতিষ্ঠিত, সেই বৃত্তটো সম্প্ৰতি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় পতাকাতো প্ৰতিবিম্বিত হৈ থকা দেখা যায়। তদুপৰি DD North-East টেলিভিছন চেনেলত Doordarshan presents বুলি দেখুৱাওঁতে এই প্ৰতীকী চিহ্নটো আমি দেখিবলৈ পাঁও। তদুপৰি বৌদ্ধধৰ্মৰ কিছু ৰীতি-নীতি, আচাৰ-অনুষ্ঠানৰ স’তেও কিছু কিছু ক্ষেত্ৰত তাও ধৰ্মৰ মিল দেখা যায়। এই কথা বা এনেধৰণৰ কথাৰ পৰা অনুমান কৰিব পাৰি যে তাও ধৰ্মৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী।

তাওধৰ্মীয় মানুহে পৰম্পৰাগতভাৱে অনেক আচাৰ-অনুষ্ঠান পালন কৰি আহিছে। এই অনুষ্ঠানসমূহত কলপাতৰ ব্যৱহাৰ প্ৰভূত পৰিমাণে দেখা যায়। কিন্তু তেওঁলোকে প্ৰায়বোৰ অনুষ্ঠানতে আহাৰ দিওঁতে কলপাতৰ ওপৰৰ ফালটোত দিয়া দেখা নাযায়। ইয়াৰ অন্তৰালতো আছে এক গভীৰ গূঢ়াৰ্থ। কিছু জ্ঞানোজ্যেষ্ঠ ব্যক্তিৰ মতে কলপাতৰ ওপৰৰ গাঢ় সেইজীয়া অংশত হেনো বিভিন্ন ধূলি-বালি, কাউৰীৰ বিষ্ঠা, পোক-পতংগ তথা বিভিন্ন বীজাণু লাগি থাকে। সেইবাবে কলপাতৰ সেই অংশৰফালে আহাৰ দিয়া নহয়। আনহাতে কিছু গৱেষক ব্যক্তিৰ মতে- আহোমসকলৰ বিজ্ঞানসন্মত চিন্তাধাৰা তথা বুদ্ধিমত্তা আছিল লগতে কয় যে কলপাতৰ গাঢ় সেউজীয়া ৰঙৰ বিপৰীতে থকা বগা অংশত এক ধৰণৰ ঔষধি গুণ নিহিত থাকে, যিয়ে কৃমি নাশ কৰিব পাৰে।

তদুপৰি সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে এই তাওধৰ্মীয় লোকসকলে বনৌষধি হিচাপে আকুপাংছাৰ আৰু সমৰকলা ব্যৱস্থাক বিশেষভাৱে গুৰুত্ব দিছিল।

যি কি নহওক ১৯৭৮ চনৰ গৱেষণা অনুসৰি প্ৰায় ২৫ লাখ বছৰৰ পূৰ্বে চীনদেশৰ য়ুনানু প্ৰদেশত তাওধৰ্মীয় লোকৰ জীৱাশ্ম উদ্ধাৰ হৈছিল। অষ্টাদশ শতিকাত বান্দৰসদৃশ মানৱৰ উদ্ধাৰ হয়, যাৰ নাম দিয়া হৈছিল ৰামাপিথেকাছ।

‘তাও’ হ’ল বিশ্বজনীন নিৰাকাৰ আধ্যাত্মিক সত্তা। ই প্ৰকৃতিৰ নিয়ম মানে। বিভিন্ন সময়ত বিভিন্ন জনে কৰা বিশ্লেষণ আৰু গৱেষণাই তাও ধৰ্মৰ মূল আন্ত:গাঁথনিৰ মাজত বিজ্ঞানসন্মত সত্যতাক উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে।

লেখিকা: মধুমিতা মহন, সম্ভাৰ।

3.08695652174
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top