মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ইতিহাস প্ৰসিদ্ধ দেওপাহাৰৰ ঐতিহ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইতিহাস প্ৰসিদ্ধ দেওপাহাৰৰ ঐতিহ্য

ইতিহাস প্ৰসিদ্ধ দেওপাহাৰৰ ঐতিহ্যৰ বিষয়ে লিখা হৈছে ।

 

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ মূলত: এখন সংৰক্ষিত বনাঞ্চল যদিও ইয়াৰ ঐতিহ্য আৰু বিশেষত্ব বহু প্ৰাচীন। প্ৰাচীন অসমৰ এখন অতি উল্লেখযোগ্য ঐতিহ্যক্ষেত্ৰ এই দেওপাহাৰ সম্প্ৰতি গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিৰ পৰা প্ৰায় চাৰে- চাৰি কিলোমিটাৰ দূৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত। জনস্ৰুতি মতে, এই বিশেষ পাহাৰখনক ‘জৰাসন্ধ পাহাৰ’ বুলিও জনা যায়। সেই অনুসৰি, একালত মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতেই বাহৰ পাতিছিল। আন এক জনশ্ৰুতি মতে, আহোম ৰাজত্বৰ সন্ধিক্ষণ কালত চুলিকফা তথা ল’ৰাৰজাৰ ভয়ত পলাই ফুৰোঁতে তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিয়ে এই পাহাৰতে অপৰুপা, সুশ্ৰী আৰু নৃত্য পটীয়সী নামৰ তিনিগৰাকী অপেশ্বৰীৰ নৃত্য উপভোগ কৰিছিল; যিকেইগৰাকী অপেশ্বৰী নাচি নাচি দেওলগা ধৰণে শুন্যত বিলীন হৈ পৰিছিল। যাৰ ফলত এই পাহাৰটোৰ নাম দেওপাহাৰ বুলি সকলোৱে কৈছিল। প্ৰণিধানযোগ্য যে দেওপাহাৰক লৈ প্ৰচলিত এনেবোৰ জনশ্ৰুতিক  ভিত্তিহীনভাৱে আমি কেতিয়াও সঁচা বুলি মানি ল’ব নোৱাৰোঁ। যি নহওক, কেতবোৰ আধুনিক পণ্ডিতৰ মতে, একালত এই বসবাস কৰা কাৰ্বি জনজাতিৰ লোকসকলেই সম্ভৱত: এই পাহাৰখনক দেওপাহাৰ নামেৰে নামকৰণ কৰিছিল। কিয়নো, জনজাতীয় ভাষাত ‘দেও’ বা ‘দেৱ’ মানে শিৱক বুজায়। যিহেতু এই পাহাৰত শৈৱ উপাসনাৰ বহু ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছে, সেয়েহে এই দিশৰ পৰা ইয়াক আমি মানি লোৱাৰ যথেষ্ট থল আছে। অৱশ্যে এটা কথা ঠিক যে দেওপাহাৰক লৈ গৱেষণাত্মক দৃষ্টিভংগীৰে এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে। দেওপাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহত সামাজিক আৰু সাংস্কৃতিক জীৱনৰ চিত্ৰ, গছ- লতা, জীৱ-জন্তুৰ লগতে মানৱৰ ছবিসমূহ জীৱন্ত ৰুপত প্ৰকাশ পাইছে। খনন কাৰ্যত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহৰ বৈশিষ্ট্য পৰ্যৱেক্ষণ কৰি এটা কথা স্পষ্ট ৰুপত প্ৰমাণিত হৈছে যে দেওপাহাৰৰ এই  সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মাণ কৰা হৈছিল। যিসমূহক বিশেষকৈ গ্ৰেনাইট শিলেৰে নিৰ্মাণ কৰা হৈছিল; আৰু এই শিলসমূহ দেওপাহাৰৰ কাষেদি বৈ যোৱা ৰাংচালি নদীৰ পৰা আহৰণ কৰা হৈছিল বুলি বহু লোকে ক’ব খোজে।

সম্প্ৰতি দেওপাহাৰ প্ৰধান ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ মূলতেই আছে ইয়াৰ সমতলৰ পৰা প্ৰায় ৩০০ মিটাৰ উচ্চতাত থকা এটা প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু অলেখ শৈল ভাস্কৰ্য। এক কথাত এই দেওপাহাৰৰ চৌদিশে সিঁচৰিত হৈ থকা প্ৰাক আহোম তথা প্ৰাচীন অসমৰ কাৰুকাৰ্যখচিত ভাস্কৰ্যসমূহেই হৈছে আজিৰ দেওপাহাৰৰ সৌন্দৰ্য তথা ঐতিহাসিক গুৰুত্ব। বহু দিন ধৰি জনচক্ষুৰ আঁৰতে থকা এই ভাস্কৰ্যৰ ভগ্নাৱশেষ পোনপ্ৰথমে ইয়াৰ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত এই ভাস্কৰ্যৰাজি টমাছ গাৰ্ডথেই নামৰ এজন ইংৰাজ খেতিয়কৰ দৃষ্টিগোচৰ হয়; আৰু ইয়াৰ পিছপৰাই এই ক্ষেত্ৰভূমি পণ্ডিত আৰু ঐতিহাসিকসকলৰ গৱেষণাৰ কেন্দ্ৰভূমি হিচাপে পৰিগণিত হয়। ইয়াৰ সমান্তৰালকৈ উদ্ধাৰ হোৱাৰ দিন ধৰি এই পাহাৰ অগণন আধুনিক ভক্তৰ উপাসনা কেন্দ্ৰস্থল হিচাপেও পৰিগণিত হৈ আহিছে। দেওপাহাৰত উপলব্ধ শৈল ভাস্কৰ্যসমূহ কোনে, কেতিয়া, কিয় নিৰ্মাণ কৰিছিল, তাৰ কোনো সঠিক তথ্য আজিকোপতি উদ্ধাৰ কৰিব পৰা হোৱা নাই। কেতবোৰ ঐতিহাসিক আৰু প্ৰত্নতত্ত্ববিদে এইসমূহক ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্তসকলৰ নতুবা পাল বংশীয় ৰজাসকলৰ দিনৰ বুলি কয়। বহু পণ্ডিতেই আকৌ ইয়াক প্ৰাচীন অসমৰ মূৰ্তি শিল্পৰ এক গুৰুত্বপূৰ্ণ থলী হিচাপেহে উল্লেখ কৰিছে। ১৮ শ শতিকাৰ সপ্ত দশকত ইংৰাজ বিষয়া মেজৰ গডুইন অষ্টিনে দেওপাহাৰৰ প্ৰত্নতাত্ত্বিক সমলবোৰৰ এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। ১৯২৪-২৫ চন মানত টি এন ৰামচন্দনে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ বছৰেকীয়া প্ৰতিবেদনত দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ অন্য এখন প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ক্ৰমে প্ৰতাপ চন্দ্ৰ চৌধুৰী , বিৰিঞ্চি কুমাৰ বৰুৱা, ৰবীন দেৱচৌধুৰী, নিশিপদে দেৱচৌধুৰী, হেমেন্দ্ৰ নাথ দত্ত , নিৰোদ বৰুৱা আদি ঐতিহাসিক , গৱেষকসকলে দেওপাহাৰৰ এই ভাস্কৰ্যশৈলীৰ উচ্চ গৱেষণা কৰি নানান তথ্য সদৰি কৰি আহিছে। এই তথ্যসমূহত দেওপাহাৰত আৱিষ্কৃত ভাস্কৰ্যসমূহৰ বহু মিল আছে বুলি কোৱা হৈছে আৰু লগতে এই সমূহ নিৰ্মাণৰ আনুমানিক সময় সপ্তম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰৰ বুলি কোৱা হৈছে। এনেবোৰ তথ্যসূত্ৰৰ পৰা এই কথা নিৰ্ণয় কৰিব পাৰি যে সম্ভৱত: দেওপাহাৰ এই ভাস্কৰ্যশৈলীসমূহ প্ৰাচীন অসমৰ পাল বংশৰ বিখ্যাত ৰজা হৰ্জৰ বৰ্মণ বা তেওঁৰ পৰৱৰ্তী কোনোবা ৰজাইহে নিৰ্মাণ কৰিছিল।

শেহতীয়াকৈ, ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেওপাহাৰখন সজাই-পৰাই ‘দেওপৰ্বত’ প্ৰত্নতাত্ত্বিক উদ্যান’ হিচাপে পৰ্যটকসকলৰ বাবে মুকলি কৰি উলিওৱাৰ্ব ফলত এই পাহাৰ আজি প্ৰচুৰ সম্ভাৱনাৰ থলীলৈ ৰুপান্তৰ হৈছে। সমতলৰ পৰা দেওপাহাৰৰ ভগ্নাৱশেষ থকা ঠাইলৈ উঠি যোৱা দুটা পথ আছে। এই দুয়োটা পথৰ সংগমস্থলত এটা সংগ্ৰহালয় আছে। দেওপাহাৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ মূৰ্তি, টেৰাকোটাৰ মূৰ্তিবোৰ দৰ্শনাৰ্থীৰ বাবে এই সংগ্ৰহালয়ত ৰখোৱা হৈছে। ইয়াৰ লগতে মূল মন্দিৰৰ গৰ্ভগৃহলৈ উঠি যোৱা পথটোৰ দুয়োকাষে বিভিন্ন শৈল ভাস্কৰ্যসমূহ সজাই ৰখা আছে। যিসমূহে এই পাহাৰৰ সৌন্দৰ্য উজলাই তুলিছে। এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে দেওপাহাৰত থকা ভাস্কৰ্যশৈলীসমূহ কেইবাটাও দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দিশটো হৈছে, ইয়াৰ ভাস্কৰ্যসমূহত বৈষ্ণৱ, শৈৱ আৰু তান্ত্ৰিক বৌদ্ধধৰ্মৰ কিছু প্ৰভাৱ দেখা যায়। দ্বিতীয়তে, এই ভাস্কৰ্যসমূহত হাতী, পদুম আৰু মানুহৰ আন্ত:সম্পৰ্কৰ সুন্দৰ ছবি পৰিস্ফূট হৈছে। তৃতীয়তে , ইয়াৰ নিৰ্মাণশৈলীত শিল্পীৰ সুনিপুণতা স্পষ্ট ৰুপত প্ৰকাশ পাইছে আৰু লগতে ইয়াত আঞ্চলিক শিল্প৫ৰ বিশেষ প্ৰভাৱ পৰিছিল বুলি ভবাৰো বহু থল আছে।

দেওপাহাৰৰ ভাস্কৰ্যশৈলীত দেওপাহাৰৰ ঐতিহ্য বিৰাজমান। ঐতিহাসিকসকলৰ সূক্ষ্ম অধ্যয়নত পোৱা গৈছে যে দেওপাহাৰত অৱস্থিত মুল মন্দিৰৰ গৰ্ভগৃহৰ চৌদিশে শ শ শিলাখণ্ড তথা স্থাপত্য- ভাস্কৰ্যৰ নিদৰ্শন পোৱা গৈছে। মন্দিৰৰ গৰ্ভগৃহৰ পশ্চিম দিশত থকা দীঘে-পথালিয়ে প্ৰায় ১২ ফুটৰ এচটা ডাঙৰ শিলত পদুমৰ পৰিচক্ৰ খুব সুন্দৰকৈ খোদিত কৰা আছে, যিটো পদুম চক্ৰক ‘বিশ্ব পদ্ম’ বুলি জনা যায়। এই পদুম চক্ৰৰ সমতলভাগত তিনিটা হাতীযুক্ত ভাস্কৰ্যশৈলী দেখা পোৱা যায়। মন্দিৰৰ পশ্চিমত থকা অন্য এটা দীঘলীয়া শিলাখণ্ডৰ প্ৰথমভাগত এটা সিংহ মূৰ্তি, দ্বিতীয়ভাগত হাতত ধনু লৈ শৰপহু মাৰিবলৈ সাজু হোৱা এক মানৱ মুৰ্তি, তৃতীয়ভাগত মৈথুনৰত এহাল মৃগ আৰু চতুৰ্থভাগত এজন ধ্যানমগ্ন ঋষিৰ মূৰ্তি খোদিত কৰা আছে। আনহাতে, কাষতে থকা অন্য এটা শিলতো এফালে এহাল নৰ-নাৰীয়ে হাতত ধৰাধৰিকৈ মুখামুখিকৈ ৰৈ থকা আৰু আনফালে পদ্মাসনত বহি থকা এগৰাকী নাৰী আৰু কাষত এজন পুৰুষে নাৰীগৰাজকীৰ ফালে মুখ কৰি শংখধ্বনি দিয়াৰ ছবি খোদিত কৰা হৈছে। মন্দিৰৰ দক্ষিণ দিশত পূৰ্বে উল্লেখ কৰি অহাৰ দৰে দুটা হাতীৰ মুণ্ডযুক্ত ভাস্কৰ্য আছে। এই দিশটোৰ পৰা এটা কথা ভবাৰ থল আছে যে দেওপাহাৰৰ এই মন্দিৰৰ ভাস্কৰ্যশৈলী ‘গজৰথ শৈলী’ৰ আছিল। গজমুণ্ড মূৰ্তিৰ ঠিক ওপৰতেই এচটা শিলত অতি সুনিপুণ কলা- কৌশলেৰে নিৰ্মিত লক্ষ্মী-বিষ্ণুৰ মূৰ্তি আছে, ইয়াৰ আনটো ফালে অন্য এটা শিলত অস্পষ্ট ৰুপত কোলাত কেঁচুৱা লৈ থকা এটা নাৰী মূৰ্তি দৃষ্টিগোচৰ হৈছে।

দেওপাহাৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত থকা উৰন্ত অপসৰা, বিদ্যাধৰ আৰু কীৰ্তিমুখ হৈছে সকলোতকৈ আকৰ্ষণীয়। উল্লেখ্য যে কীৰ্তিমুখৰ শিল্পৰুপৰ সৈতে প্ৰাচীন ভাৰতৰ ভাৰহুতৰ বৌদ্ধস্তূপৰ তথা প্ৰাচীন ভাৰতীয় শিল্পকলাৰ সাদৃশ্য দেখা পোৱা যায়। দেখাত চকু টেলেকা, জিভা ওলোৱা এক ভয়ংকৰ মানৱ মূৰ্তি এই কীৰ্তিমুখৰ ভাস্কৰ্যত পৰিস্ফুট। সাধাৰণতে এনে ধৰণৰ ভাস্কৰ্যশৈলী দক্ষিণ-পূব এছিয়াৰ জাভাৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰ ওপৰত খোদিত কৰা থাকে। দেওপাহাৰৰ বাহিৰে অসমৰ প্ৰাচীন কোনো খনন কাৰ্যত এনে মূৰ্তি আজিলৈকে উদ্ধাৰ হোৱা নাই। এইসমূহ মূৰ্তিৰ উপৰি এই দেওপাহাৰত অন্য বহুত শিলত কটা মূৰ্তি দেখিবলৈ পোৱা যায়। সেইবোৰৰ ভিতৰত ৰাৱণৰদ্বাৰা সীতা হৰণ মূৰ্তি, জটায়ু পক্ষীৰ যুদ্ধ কৰা মূৰ্তি, ৰাম-লক্ষ্মণ আৰু সুগ্ৰীৱৰ মিলনৰ মূৰ্তি আদিয়েই প্ৰধান। তদুপৰি ত্ৰিভংগ নাৰী মূৰ্তি, পদুম পাতত উঠি থকা এটা হাতীৰ মূৰ্তি আৰু ইয়াৰ ওপৰত নৃত্য কৰা দেৱ-দেৱীৰ মূৰ্তি, পদ্মা, দ্বাৰপাল, উৰন্ত গন্ধৰ্ব, মৎস্যকন্যা, একাপদ ভংগীত বহি থকা যোগী, মহিষ বাহনত থকা চতুৰ্ভুজৰুপী যমৰ মূৰ্তি, নটৰাজ মূৰ্তি, বৃষভৰ মূৰ্তি, হনুমান আৰু সীতাৰ অশোক বনৰ মূৰ্তি, বিভিন্ন নৃত্য , গীত আৰু বাদ্যত মগ্ন নাৰী-পুৰুষৰ মূৰ্তি, যুদ্ধ-বিগ্ৰহ সম্পৰ্কীয় আদি মূৰ্তিসমূহেই প্ৰধান। দেওপাহাৰৰ কাষতে থকা ‘বাবাথান’ নামৰ শিৱ মন্দিৰটো হৈছে ইয়াৰ অন্য এক বিশেষ আকৰ্ষণ। জানিব পৰা মতে, ঊনবিংশ শতিকাৰ শেষৰফালে নাৰায়ণ  কন্দলি নামৰ এজন ব্ৰাহ্মণে এই থানখন প্ৰতিষ্ঠা কৰিছিল। এই থানত থকা শিৱলিংগক দেওপাহাৰৰপৰাই আনি প্ৰতিষ্ঠা কৰা হৈছিল। এই থানত দৈনিক শিৱ পূজা চলে, লগতে বছৰি শিৱৰাত্ৰি আৰু দুৰ্গা পূজা ইয়াত উলহ-মালহেৰে উদযাপন কৰা হয়।

লেখাৰ প্ৰথমতেই উল্লেখ কৰি  অহা হৈছে, দেওপাহাৰ হৈছে মূলত: এখন সংৰক্ষিত বনাঞ্চল, এই দিশৰ পৰাও দেওপাহাৰৰ গুৰুত্ব যথেষ্ট আছে। ঐতিহাসিক সম্পদসমূহৰ লগতে দেওপাহাৰ বনাঞ্চলত পোৱা প্ৰাকৃতিক সম্পদসমূহেও ইয়াৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোঅগইছে। দেওপাহাৰ বনাঞ্চলত পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বনজ সম্পদ তথা গছ-গছনি হৈছে ভেলৌ, চাম, মেজাংকৰী, বন সুমথিৰা, কাঁক বাঁহ, বজাল বাঁহ, আংগল, সৰ্পসন্ধা, হাতীঢেঁকীয়া আদি। ইয়াৰ অনুৰুপ ধৰণে এই দেওপাহাৰ বনাঞ্চলত হলৌ বান্দৰ, লাজুকী বান্দৰ, জহামাল, বনৰৌ, লতামাকৰী, নাহৰফুটুকী , ঢেকীয়াপতীয়া, কেঁটেলা পহু, হুদু, গুই, কেঁকো সাপ আদি বন্যপ্ৰাণীসমূহো পোৱা যায়। দেওপাহাৰৰ বিশেষ অন্য এক আকৰ্ষণ হৈছে ইয়াত থকা পখিলা কেন্দ্ৰটো; নুমলীগড় তেল শোধনাগাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত এই পখিলা কেন্দ্ৰটো এছিয়াৰ ভিতৰতে বৃহত্তম এক পখিলা কেন্দ্ৰ বুলি সৰ্বজনবিদিত। বৰমৌ হৈছে দেওপাহাৰৰ অন্য এক আকৰ্ষণীয় সম্পদ। বিশেষকৈ দুজোপা ভেলেউ গছত প্ৰতি বছৰে অলেখ পৰিভ্ৰমী বৰমৌৱে বাহ লয়। যিখিনি বৰমৌৰ বিষয়ে ইতিমধ্যে ৰুছিয়াৰ মস্কো বিশ্বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানী ড: মাৰ্জিন ভলদামিৰ চাগিৰিকে গৱেষণা চলাইছিল। লগতে জাৰ্মানীৰ অন্য এটা গৱেষক দলে ইয়াক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰি উলিয়াইছে। অতবোৰ সম্পদেৰে ভৰপূৰ দেওপাহাৰৰ খ্যাতি সেয়েহে আজি বিশ্ববিয়পা।

লেখক: গৌতম শৰ্মা (দৈনিক অসম)

 

2.61538461538
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top