অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উৎসৱ-অনুষ্ঠান

উৎসৱ-অনুষ্ঠান

পঞ্জিকাত বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা, উৎসৱ-অনুষ্ঠান আৰু বছৰৰ পৱিত্ৰ দিনসমূহৰ উল্লেখ আছে। গাঁৱলীয়া মানুহৰ ধৰ্মমূলক আৰু সামাজিক জীৱনৰ লগত এইবোৰ ওতপ্ৰোতভাবে জড়িত। এইবোৰ পালনৰ আচাৰ-ব্যৱস্থা, ক্ৰিয়া-কাণ্ড, উপবাস, স্নান, দান আৰু দক্ষিণাৰ নিয়মৰ বিষয়ে শাস্ত্ৰৰ বিধি আছে। এইবোৰ মূলতে সৰ্বভাৰতীয়। ইয়াৰ বাহিৰেও ভালেমান আঞ্চলিক পূজা-পাৰ্বন আৰু লৌকিক উৎসৱ-অনুষ্ঠান গাঁৱৰ মানুহে গোটেই বছৰ পালন কৰে। এই লৌকিক আৰু সামাজিক উৎসৱ-অনুষ্ঠানসমূহ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মানুহেই পালে। ধৰ্ম বা সমাজ, যিহৰ লগতেই এই পৰ্ববোৰ সংযুক্ত নহওক, ইবোৰে যে গাঁৱৰ গতানুগতিক জীৱনক আনন্দমুখৰ কৰি তোলে তাত সন্দেহ নাই। একাদশী, আঁউসি, পূৰ্ণিমা, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, সংক্ৰান্তি আদি সাধাৰণভাবে পালন কৰা পবিত্ৰ দিন। একাদশীৰ ভিতৰত আষাঢ় মাহৰ শয়ন বা বিষ্ণুশয়ন একাদশী প্ৰধান। কাতি মাহৰ উত্থান একাদশী, মাঘৰ ভীম একাদশী আৰু ব’হাগৰ পাৰ্শ্ব একাদশী উল্লেখযোগ্য। এই দিনবোৰত গাঁৱলীয়া মানুহে হাল বোৱা আদি কৃষি-কাৰ্যৰপৰা বিৰত থাকে; তিৰোতাই ধান সিজোৱা, ধান বনা আদি সদায় কৰি থকা গৃহস্থালিৰ কামৰপৰা বিশ্ৰাম লয়। গ্ৰহণত স্নান-দান পুণ্য কাম। মাঘৰ মাঘী সপ্তমীত আৰু চ’তৰ অশোকাষ্টমীত ব্ৰহ্মপুত্ৰত পুণ্যসঞ্চয়ৰ অৰ্থে স্নান কৰা হয়। অশোকাষ্টমীত দুখ-শোকৰপৰা ৰক্ষা পাবলৈ অশোক ফুলৰ পাহি চোবোৱা নিয়ম। পুৰাণ আৰু স্মৃতিশাস্ত্ৰত অসমৰ বহু নদ-নদীক পবিত্ৰ বুলি গণ্য কৰা হৈছে। তাৰে ভিতৰত কৰতোয়া, ব্ৰহ্মপুত্ৰ, স্বৰ্ণশ্ৰী (সোৱণশিৰি), মংগলা, বল্লভা (বৰলিয়া), ভট্টাৰিক (জীয়া ভৰলী), বৃদ্ধগংগা (বুঢ়ী গাং), দিক্কৰবাসিনী (ডিক্ৰং) ইত্যাদি প্ৰধান। অমাৱস্যা, পূৰ্ণিমা আৰু অন্যান্য পূজা-পাৰ্বণত এই নদীবোৰত স্নান, দান, তৰ্পণ কৰিলে মহাপুণ্য লাভ হয়। অন্যান্য নদীৰ ভিতৰত দিখৌ আৰু দৈয়াং নদীক নগাসকলে বিশেষ পবিত্ৰ জ্ঞান কৰে। দৈয়াং বা টংপু নৈৰ পানীক সাক্ষী কৰি নগাসকলে শপত খায়।কিন্তু ‘কোনোবাই যদি সেই নদীৰ পানীক সাক্ষী কৰি মিছা শপত খালে – তেন্তে তেওঁ আৰু সেই নদী পাৰো হ’ব নোৱাৰে, তাৰ পানীতো দুনাই নামিবহি নোৱাৰে। কাৰণ, তেনে কৰিলেই তেওঁৰ মৃত্যু অৱশ্যম্ভাৱী। কেৱল সেয়াই নহয়, সেই নৈৰ পানীৰপৰা মাছ এটা নি খোৱাৰপৰাও তেওঁ ওৰে জীৱনলৈ বঞ্চিত হ’ব; কাৰণ, সেই মাছ খালেই তেওঁৰ মৃত্যু ধুৰুপ’। পূজা-পাৰ্বণবোৰৰ ঘাইকৈ ধৰ্মৰ লগত সম্বন্ধ। গতিকে, ভিন ধৰ্ম-মতাৱলম্বীৰ মাজত ভিন ভিন ধৰ্মানুষ্ঠানৰ ব্যৱস্থা আছে। ধৰ্মানুযায়ী এইবোৰক শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ আদি ভাগত শ্ৰেণী বিভাগ কৰিব পাৰি। কিন্তু গাঁৱত সকলো ধৰ্মৰ মানুহে একেলগে বাস কৰে; তদুপৰি, এই পূজা-পাৰ্বণবোৰৰ লগত লৌকিক আনন্দ-উৎসৱ সাঙোৰ খাই আছে। গতিকে, বহু ক্ষেত্ৰত শাক্তৰ পূজা-পাৰ্বণত বৈষ্ণৱে যোগ দিয়ে; সেইদৰে বৈষ্ণৱৰ উৎসৱত শাক্তসকলেও সহযোগ কৰে। সমিল-মিলভাৱে এইবোৰৰ পালনত ধৰ্মবিদ্ৰোহ বা বিৰোধ নঘটে। ‘অসমীয়া সংস্কৃতিৰ ইতিহাস’ নামৰ ইংৰাজী গ্ৰন্থত শৈৱধৰ্ম যে অসমত প্ৰাচীন কালৰেপৰা চলিছিল তাক প্ৰমাণ কৰা হৈছে। যিকোনো কাৰণেই নহওক, শৈৱধৰ্ম অসমত ব্যাপকভাৱে প্ৰচলিত হৈছিল; আৰু এই ধৰ্মই জনজাতিসকলৰ মন অপূৰ্বভাবে আকৰ্ষণ কৰিছিল। জনজাতিসকলৰ বিশ্বাস-অনুষ্ঠান, আখ্যান-কিম্বদন্তিৰ লগত সানমিহলিৰ ফলত সৰ্বভাৰতীয় শৈৱ ধৰ্মৰ এক অসমীয়া গ্ৰাম্য সংস্কৰণৰ সৃষ্টি হৈছে। দেৱাদিদেৱ মহাদেৱৰ কল্পনাৰপৰা ভস্মসনা, ভাং-ধতুৰা সেৱক, তিৰোতাৰ লগত কাজিয়া কৰা, কছাৰী ৰমণীক সম্ভোগ কৰা এক সাধাৰণ দেৱতাত শিৱ ৰূপান্তৰিত হৈছে। জনজাতিসকলে নানা নামত আৰু নিজা আচাৰ-বিধিৰে শিৱক আজিও পূজা কৰে। কছাৰীসকলৰ বাথৌ ব্ৰাই আৰু সাধাৰণৰ বুঢ়া-বুঢ়ী, খেতৰ-খেতৰণী আদি গাঁৱলীয়া দেৱতা শিৱৰ ৰূপান্তৰ বুলি অনেকে অনুমান কৰে। শিৱ-পূজৰ্ত শাস্ত্ৰসন্মত বলি-বিধান আৰু উপচাৰৰ বাহিৰেও কুকুৰা-গাহৰি, পকান্ন, লাওপানী উচৰ্গি আৰু দেওধনি আদি নৃত্য-গীতেৰে কৰা হয়। ‘দৰং ৰাজবংশাৱলী’ত কছাৰীমতে সদাশিৱৰ পূজা কৰা প্ৰসংগত আছে :

হংস পাৰ মদ ভাত মহিষ শূকৰ ।

কুকুৰা ছাগল উপহাৰ নিৰন্তৰ ।।

পাতিলা নাচন তথা মাদল বজাই ।

সবাৰো মাজত তুলিলন্ত দেওধাই ।।

পুৰণি শিৱ মন্দিৰৰ বাহিৰেও শিৱথান, বুঢ়া-বুঢ়ীৰ থান নামৰ কেতবোৰ পুণ্যস্থানত গোট বা চটা শিল অথবা ঢিপক শিৱজ্ঞান কৰি বিশেষকৈ উৎসৱ-পাৰ্বণত পূজা কৰা হয়। শৈৱ উৎসৱৰ ভিতৰত শিৱৰাত্ৰি বিশেষ জনপ্ৰিয়। ফাগুন মাহৰ এই উৎসৱত উমানন্দ, দেৰগাঁৱ আৰু শিৱসাগৰৰ শিৱদৌল, তেজপুৰৰ শিংগৰি, মহাভৈৰৱ আদি মন্দিৰত ৰাজ্যৰ নানা ঠাইৰ শিৱভক্ত আৰু শৈৱ সাধু-সন্ন্যাসী গোট খায়হি। এই উৎসৱৰ লগত মেলা বহে, নাচ- গানৰ ব্যৱস্থা থাকে। এই আনন্দ-অনুষ্ঠানত কেতবোৰ ভিন্নপন্থী লোকেও যোগ দিয়ে। অসমৰ বহু অঞ্চলত ‘শিৱথান’ বুলি কেতবোৰ পৱিত্ৰ স্থান আছে। শিৱথান সমূহতো সমাৰোহেৰে শিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। আষাঢ় মাহৰ অম্বুবাচী কামাখ্যা মন্দিৰৰ প্ৰধান উৎসৱ। এই উৎসৱলৈ সৰ্বভাৰতীয় তীৰ্থযাত্ৰী আহে; তাত সৰ্বভাৰতীয় সাধু-সন্ন্যাসী আৰু তেওঁলোকৰ ধৰ্ম, চিন্তাধাৰা, জীৱন যাপনৰ লগত অসমীয়া মানুহৰ পৰিচয় ঘটে। তাৰে ফলত এক সৰ্বভাৰতীয় জীৱনাদৰ্শ আৰু সাংস্কৃতিক ঐক্যৰ সূচনা হয়। এই উৎসৱত আয়োজন কৰা মেলা জাতীয় শিল্প-প্ৰদৰ্শনীত পৰিণত হয়। প্ৰাচীন শাস্ত্ৰকাৰ সকলৰ মতে অম্বুবাচী মূলতে শস্য উৎসৱ। বাৰিষাৰ বৰষুণৰ লগে লগে পৃথিৱীত শস্য গজি উঠে; সেই কাৰণে অম্বুবাচীত পৃথিৱী ঋতুমতী হোৱা বুলি বিশ্বাস। বিধৱাসকলে উৎসৱৰ দিনকেইটাত উপবাসে থাকি ব্ৰত পালন কৰে। কোনো কোনো অঞ্চলত মাটিৰ চৰুত মাটি-পানী থৈ তাত শস্যৰ বীজ সিঁচা হয়। উৎসৱৰ অন্তত গজি উঠা সেই শস্য চৰুৰে সৈতে নদীত উটাই দিয়ে। বৰতীয়া বিধবাসকলে সেই কেইদিন মুঠেই ফলাহ্যাৰহে কৰে। অম্বুবাচীৰ পূৰ্বেই আম-কঁঠাল আদি ফল সংগ্ৰহ কৰি পৃথিৱীৰ লগত সম্পৰ্ক নোহোৱাকৈ চাঙৰ ওপৰত তুলি থয়। কোনো কোনো বিধৱাই এই কেইদিন নদীৰপৰা পানীও নোতোলে। শাক্তসকলৰ পূজাৰ ভিতৰত শাৰদীয় দুৰ্গাপূজা বৰ্তমান ব্যাপকভাবে পালন কৰা হয়। অসমত শক্তিপূজা অনুষ্ঠানৰ ঐতিহ্য অতি প্ৰাচীন। কামৰূপ প্ৰাচীন কালৰপৰাই শাক্তধৰ্মৰ কেন্দ্ৰ আছিল আৰু কামাখ্যা ইয়াৰ প্ৰধান মন্দিৰ। অসমত শাক্তধৰ্মৰ ইতিহাস সুদীৰ্ঘ। বহুতো ধৰ্ম-নিৰপেক্ষ আৰু ধৰ্মমূলক অনুষ্ঠানত ইয়াৰ স্পষ্ট অৱদান আছে। অসমীয়া সংস্কৃতিত শাক্তধৰ্মৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। শাক্ত পূজাৰ ক্ৰিয়া-কাণ্ড আৰু শাক্ত দৰ্শনৰ বিষয়ে অনেক পুথি সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছিল।আনকি, অসমত কালিকাপুৰাণ, হৰ-গৌৰী সম্বাদ, যোগিনীতন্ত্ৰ, কামাখ্যাতন্ত্ৰ আদি শাক্তধৰ্মৰ ক্ৰিয়া-পদ্ধতি সম্পৰ্কীয় অনেক পুথি সংস্কৃত ভাষাতে লিখা হৈছিল। সংগীতৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্বপূৰ্ণ বিকাশ হৈছিল। বৈষ্ণৱসকলৰ দৰে শাক্তসকলেও অসমীয়াত এক শ্ৰেণীৰ স্তোত্ৰ ৰচনা কৰিছিল। এই স্তোত্ৰবিলাক এতিয়াও প্ৰাৰ্থনা সংগীত হিচাপে পূজাৰীসকলে গায়। দুৰ্গাপূজাত গোৱা আগমনী(আদৰণি) আৰু বিজয়া(বিদায়) গীতিসমূহ গভীৰতা আৰু ঐকান্তিকতাৰে গাম্ভীৰ্যপূৰ্ণ। শাক্ত দেৱ-দেৱীৰ পূজাৰ ফলত বহুতো বিভিন্ন ছন্দসম্বলিত অসমীয়া স্তোত্ৰৰ সৃষ্টি হৈছে। অসমৰ শাক্ত-কলা মূলত: সৰ্বভাৰতীয় ঐতিহ্যৰ অনুগামী। আহোম যুগত নিৰ্মাণ কৰা শাক্ত মন্দিৰসমূহৰ অৱশ্যে কিছুমান নিজস্ব বৈশিষ্ট্য আছে। ইয়াৰ নিদৰ্শন মন্দিৰ আৰু প্ৰাচীৰৰ মূৰ্তিত দেখা যায়। এই প্ৰসংগত দৌলত ত্ৰিশূল আৰু ময়ূৰ আৰু দেৱালত শক্তিপূজাৰ লগত জড়িত পক্ষী আৰু জন্তুৰ প্ৰতীক-মূৰ্তি বিশেষভাবে উল্লেখযোগ্য। কোনো কোনো দেৱ-দেৱীৰ মন্দিৰত কুকুৰাৰ মূৰ্তিও কটা হয়। জনজাতীয়সকলে দেৱীৰ আগত কুকুৰা বলিও দিয়ে। মঙলদৈৰ কুকুৰাকটা থানত নৰকাসুৰে কামাখ্যাক পত্নীৰূপে নেপাই কুকুৰাৰূপী ভৈৰৱীক বধ কৰিছিল বুলি লোকশ্ৰুতি আছে। হিন্দুশাস্ত্ৰতো দেৱীৰ লগত কুকুৰাৰ সম্বন্ধৰ বিষয়ে উল্লেখ আছে। চণ্ডীত কুকুৰাই কাৰ্তিকক আৱৰি থকাৰ উল্লেখ আছে। -

ময়ুৰে কুক্কুটেবৃতে মহাশক্তিধৰেহনঘে ।

কৌমাৰী ৰূপ সংস্থানে নাৰয়ণি নমস্তুতে ।। (চণ্ডী ১১/১৫)

শিৱাৰ্চন চন্দ্ৰিকাৰ সুব্ৰহ্মণ্যমনু প্ৰকৰণত ম’ৰা আৰু কুকুৰাক স্কন্দৰ বাহনস্বৰূপে পূজা কৰাৰ বিধান আছে। মহাভাৰতত আছে ;

ত্বং ক্ৰীড়সে যন্মুখ কুক্কুটেন

যথেষ্ট নানাবিধ কামৰুপী

দীক্ষাসি সোমো মৰুত: সদৈৱ

ধৰ্ম্মোসি বায়ুৰচলেন্দ্ৰ ইন্দ্ৰ: ।

“ হে ষড়ানন, তুমি কুকুৰাৰে ধেমালি কৰা; তুমি নিজৰ ইচ্ছা অনুসৰি ৰূপ ধাৰণ কৰা। তুমিয়েই দীক্ষা, সোম, মৰুৎ, ধৰ্ম, বায়ু, গিৰিৰাজ আৰু ইন্দ্ৰ” । শাক্তসকলে দেৱী-পূজাত বিশেষ গুৰুত্ব আৰোপ কৰাৰ ফলত বিভিন্ন দেৱী মূৰ্তিৰ উদ্ভৱ হৈছে। এই দেৱীসকলৰ ভিতৰত প্ৰধান হ’ল মহিষ-মৰ্দিনী, কামাখ্যা, ভুৱনেশ্বৰী, কালী, উগ্ৰতাৰা, ত্ৰিপুৰেশ্বৰী, চণ্ডী, চণ্ডিকা (কামৰূপৰ ছয়গাঁৱত এই দেৱীৰ মন্দিৰ আছে), দুৰ্গা, জয়দুৰ্গা, ভৈৰৱী, বসুন্ধৰী, ব্যাঘ্ৰেশ্বৰী (গোৱালপাৰা), বুঢ়ী গোঁসানী, কেঁচাইখাতী, চামুণ্ডা। কামাখ্যা আৰু নগাঁও জিলাৰ ন-ভঙাত পোৱা চামুণ্ডাৰ মূৰ্তি ভাৰতীয় মূৰ্তি-শিল্পৰ ইতিহাসত এতি আপুৰুগীয়া সম্পদ। প্ৰায় এই সকলো দেৱীৰেই নিজা নিজা মন্দিৰ আছে; এই দেৱীসকলক বিশেষ পূজা-পাতল আৰু বলি-বিধানেৰে আজিও পূজা কৰা হয়। কেঁচাইখাতী গোঁসানীৰ আগত নৰবলি হৈছিল। কোনো কোনো দেৱীৰ আগত ফৰিং আৰু কলীয়াকচুও বলি দিয়া হৈছিল। হাজোৰ ওচৰৰ ব্যাঘ্ৰেশ্বৰীৰ আগত ফৰিং কাটি বলি দিয়াৰ জনশ্ৰুতি আছে। ‘দৰংগ ৰাজবংশাৱলী’ত বিশ্বসিংহই দুৰ্গাক ফৰিং কাটি পূজা দিয়াৰ প্ৰসংগত আছে :

দুৰ্গাক পূজিবে প্ৰতি কৰিলেক মন ।

গোৰোখীয় সকলক বুলিলা বচন ।।

শুন গোৰোখীয়াসৱ মোৰ আজ্ঞা ধৰ ।

ফৰিংগ ধৰিয়া আনি দিওক সত্বৰ ।।

দুৰ্গাক পূজিবে মোৰ লাগে ভক্তিভাৱে ।

পূজা কৰি নমস্কাৰ কৰোঁ তান পাৱে ।।

গোৰোখীয়সৱে শুনি প্ৰচণ্ড বচন ।

বনত পশিলা সৱে ফৰিংগক পণ ।।

বিচাৰি ফৰিংগ ধৰি অসংখ্যাত পাইলা ।

সমস্তে ফৰিংগ আনি বিশুত জোগাইলা ।।

উভতাই লৰু আনি তথাতে পুতিলা ।

কাকোৱা বাঁহৰ চোঁচ খড়্গ কৰিলা ।।

ভক্তিভাৱে উচৰ্গিল ফৰিংগ যতেক ।

সমস্তেক কাটি পূজা কৰিলা প্ৰত্যেক ।।

শাক্তসকলৰ পূজাত কেতবোৰ ভয়ংকৰ মূৰ্তিৰো কল্পনা আছে। এই ভয়াবহ মূৰ্তি আৰু তাৰ লগত জড়িত পূজাপদ্ধতি জনজাতীয় উপাখ্যান আৰু লোকবিশ্বাসৰ পৰা গ্ৰহণ কৰা হৈছে বুলি কোনো কোনোৱে অনুমান কৰে। ডক্টৰ ৰামপ্ৰসাদ চন্দৰ মতে বিন্ধ্যবাসিনী, কিৰাতিনী, আনকি দুৰ্গাও পুলিন্দসকলৰ পৰা অহা দেৱী। আৰু এটা কথা লক্ষ্য কৰিবলগীয়া যে শাক্তসকলে কোনো কোনো মন্দিৰ পৰ্বতৰ শৃংগ আৰু অগম্য অৰণ্যত প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উদ্দেশ্য আদিবাসী আৰু জনজাতিৰ মাজত হিন্দুধৰ্ম আৰু সংস্কৃতিৰ বিস্তাৰ কৰা। শাক্তসকলে এই পূজা পদ্ধতি আৰু অনুষ্ঠানৰ যোগে বিভিন্ন জাতি আৰু উপজাতিৰ মাজত সাংস্কৃতিক সমন্বয় সাধনৰ চেষ্টাও কৰিছিল। দুৰ্গাপূজাৰ সবৰোৎসৱ আৰু নৱপত্ৰিকা অনুষ্ঠান এই প্ৰসংগত তাৎপৰ্যপূৰ্ণ। অসমীয়া জীৱন আৰু সমাজলৈ শাক্তসকলৰ ই এটা বিশিষ্ট অৱদান। শাক্তপূজাৰ প্ৰকাৰ প্ৰধানত : তিনিটা – জপ, হোম আৰু তৰ্পণ। জপ হ’ল পূজাৰ পদ্ধতি; ইয়াত দেৱীৰ মূলমন্ত্ৰ স্মৰণ কৰা হয়। হোম হ’ল হোমৰ জুইত আহুতি দিয়া; ষোড়শ উপচাৰেৰে দেৱীৰ পূজাই হ’ল তৰ্পণ। এই উভয় পদ্ধতিৰেই মন্দিৰ আৰু সাৰ্বজনীন মণ্ডপত পূজা-পাৰ্বণ কৰা হয়। ৰাজহুৱাভাৱে কৰা পূজাই সাম্প্ৰদায়িক সম্প্ৰীতি, সামাজিক সহযোগিতাৰ ভাৱ দৃঢ় কৰিলে। শাৰদীয় পূজাৰ দৰে অন্যান্য পূজাও স্তোত্ৰ পাঠ, প্ৰাৰ্থনা, নৈবেদ্য আৰু বলিৰে বাহুল্যকৈ আনন্দ-উৎসৱৰ মাজেৰে অনুষ্ঠিত হয়। প্ৰতিমাৰ সন্মুখত ধূপ-দীপ, নৃত্য-গীতেৰে আৰতি হয়। জনসাধাৰণে এই অনুষ্ঠানসমূহ উপভোগ কৰে। এইখিনিতে উল্লেখযোগ্য যে অসমৰ মন্দিৰত নৃত্যৰ প্ৰচলন পোনপ্ৰথমতে শৈৱ মন্দিৰত হয়; ইয়াৰ কাৰণে প্ৰত্যেক মন্দিৰতে এক শ্ৰেণীৰ নটীৰ ব্যৱস্থা আছিল। শাস্ত্ৰীয় বিধি অনুসাৰে শাক্ত পুৰোহিতে পূজাৰ বিভিন্ন অনুষ্ঠানৰ কাৰণে সুকীয়া সুকীয়া সাজ পিন্ধিব লাগে। ভক্তসকলেও আহুতি দিবৰ সময়ত ন-সাজ পিন্ধাৰ নিয়ম। এই প্ৰথাই সাধাৰণ মানুহৰ সৌন্দৰ্যবোধ বঢ়ায়; কিন্তু তাতোকৈও ইয়াৰ ফলত ৰাজকীয় আৰু সৰ্বসাধাৰণৰ সাজ-পাৰতকৈ পৃথক পুৰোহিতৰ সাজ এটাৰ প্ৰচলন হ’ল। শাক্ত ধৰ্মৰপৰাই গাঁৱলীয়া জীৱনৰ কান্তিকৰ গতানুগতিকাত বৈচিত্ৰ্য অনা বহুতো ধৰ্মোৎসৱৰ উৎপত্তি হৈছে। মন্দিৰৰ পূজাৰ লগতে এই উৎসৱবোৰে ভাৰতীয় সংস্কৃতি আৰু ধৰ্মক সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰি জাতীয় ঐক্য সাধনত সহায় কৰিছে। কেইবাদিনো জুৰি আনন্দ-উল্লাসত বুৰগৈ থাকিব পৰা দুৰ্গাপূজাটোৱেই আটাইতকৈ উৎসৱমুখৰ। এই কেইদিন ল’ৰা-বুঢ়া, পূজাত বিশ্বাসী-অবিশ্বাসী, সকলোৱেই ন ন কাপোৰ পিন্ধি আমোদ-আহ্লাদ কৰে। দেৱীক আদৰিবলৈ ন সাজ পিন্ধিব লাগে বুলি কালিকা পুৰাণতো উল্লেখ কৰা হৈছে। পূজাত পিতা-মাতা, আন বয়সীয়া আৰু চহকী মানুহে ল’ৰা-ছোৱালীক পুতলা উপহাৰ দিব লাগে বুলি তাত কোৱা হৈছে। বৈষ্ণৱ ধৰ্মতকৈ শাক্ত ধৰ্ম কেৱল পূজা আৰু ক্ৰিয়া-কাণ্ডৰ ফালৰপৰাই পৃথক নহয়; শাক্তসকলৰ জীৱন দৰ্শনো সুকীয়া। বৈষ্ণৱ ধৰ্মই দাৰিদ্ৰ্যত মহত্ত্ব আৰোপ কৰে আৰু বৈষ্ণৱৰ কাৰণে দাৰিদ্ৰ্যত ভয় কৰিব লগীয়া একো নাই। তাতোকৈও বৈষ্ণৱে বৈৰাগ্য আৰু সহজ জীৱন যাপন কৰিবলৈ জীৱনৰ বহুতো আমোদ-প্ৰমোদ ত্যাগ কৰিবলৈ ইচ্ছা কৰে। কিন্তু শাক্ত এজনৰ স্পৃহা তেনে নহয়; তেওঁলোকে ঈশ্বৰে মানুহলৈ বুলি সৃষ্টি কৰা সকলো ভাল বস্তুকে উপভোগ কৰিবলৈ বিচাৰে। দেৱীৰ সমুখত এজন শাক্তৰ সাধাৰণ প্ৰাৰ্থনা হ’ল :

“ৰূপং দেহি, জয়ং দেহি, যশো দেহি, দ্বিষো জহি”

“বিধেহি দেৱী কল্যাণং বিধেহি বিপুলা শ্ৰিয়ম্‌”

“বিদ্যাৱন্তং যশস্তন্তং লক্ষ্মীৱন্তঞ্চ মাং কুৰু”

“ভাৰ্য্যাং মনোৰমাং দেহি মনোবৃত্ত্যনুসাৰিণীম্‌”

শাক্ত ধৰ্মৰ লগত জড়িত অন্যান্য পূজা হ’ল কালী আৰু চণ্ডী। কাতিমাহৰ অমাৱস্যাত শাস্ত্ৰীয় বিধানেৰে বছৰেকীয়া কালী পূজা পালন কৰা হয়। ইয়াৰ বাহিৰেও অপায় অমংগল দূৰ কৰিবলৈ আন আন অমাৱস্যাতো শাক্তসকলে কালীপূজা পাতে। সময়ে সময়ে চণ্ডীপাঠো কৰা হয়। লক্ষ্মী পূজা, শীতলা পূজা, সত্যনাৰায়ণ সেৱা, ৰাজহুৱাভাৱে কৰাতকৈ ঘৰুৱাভাৱেহে পালন কৰা হয়। আজিকালি লক্ষমী পূজা, আইনাম(শীতলা পূজা) ৰাজহুৱা নামঘৰত ঘাইকৈ তিৰোতাসকলে পাতে। এই পূজা-অৰ্চনাত শাক্ত-বৈষ্ণৱ দুয়োৰে সংমিশ্ৰণ ঘটিছে। দেশত নতুন নতুঅ শিল্পানুষ্ঠান গঢ়ি উঠাত বৰ্তমান চহৰবোৰত ভাদ-আহিনৰ সংক্ৰান্তিত বিশ্বকৰ্মাৰ পূজাও আড়ম্বৰেৰে পালন কৰা হয়। কিন্তু সকলোতকৈ অধিক জনপ্ৰিয় হৈছে মাঘ মাহৰ বসন্ত-পঞ্চমী বা শ্ৰীপঞ্চমী। বসন্ত-পঞ্চমী পূৰ্বে ঋতু-উৎসৱ আছিল। আজিকালি জ্ঞান-বিজ্ঞান আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজাত পৰিণত হৈছে। নৱগ্ৰহ আৰু শনিৰ পূজাও ঘৰুৱাভাৱে কৰা হয়। গুৱাহাটীৰ চিত্ৰাচল মন্দিৰ নৱগ্ৰহ পূজাৰ প্ৰাচীন কেন্দ্ৰ। অসমৰ বহু অঞ্চলত গণেশ বা বিঘ্নেশ্বৰৰ মূৰ্তি সিঁচৰতি হৈ আছে। সাধাৰণ মানুহে এই মূৰ্তিত মাজে-সময়ে ভোগদি পূজা কৰে। গুৱাহটীৰ গণেশগুৰিৰ আৰু তেজপুৰৰ গণেশঘাটৰ গণেশ মূৰ্তিত বিশেষভাৱে পূজা দিয়া হয়। শাক্ত ধৰ্মৰ লগত জড়িত অন্য এক লৌকিক পূজা হৈছে মনসা বা মাৰৈ পূজা। শাওণ মাহত বাৰ্ষিক মনসা পূজা শাস্ত্ৰীয় বিধি-বিধান আৰু ম’হ বলি দি ৰাজহুৱাভাৱে পতা হয়। মাৰি-মৰক আৰু সৰ্প ভয়ৰপৰা ৰক্ষা পাবলৈ অন্যান্য সময়তো ঘৰুৱা অথবা ৰাজহুৱাভাবে মনসা পূজা পালন কৰা হয়। এই পূজা আঞ্চলিক; বড়ো-কছাৰী সমাজৰ মাজত ইয়াৰ ব্যাপক প্ৰচলন। শংকৰদেৱৰ পূৰ্বেই অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হৈছিল। এই বিষয়ে A Cultural History of Assam অত কোৱা হৈছে। অসমৰ সৰ্বত্ৰ বিষ্ণুৰ পূজা-অৰ্চনাৰ লগত সম্বন্ধ থকা ভালেমান পুণ্য স্থান আছে। বিভিন্ন নাম আৰু ৰূপত এই স্থানসমূহত বিষ্ণুক আজিও যাগ-যজ্ঞেৰে পূজা কৰা হয়। হাজোৰ হয়গ্ৰীৱ দেৱালয়, লক্ষীমপুৰৰ বাসুদেৱ থান, তেজপুৰৰ দুলাল-মাধৱ, নগাঁৱৰ সৌভাগ্য মাধৱ আদি প্ৰধান। প্ৰায় সকলো মাহতে বিষ্ণুক পূজা-অৰ্চনা কৰা হয় যদিও, মহাপুৰুষীয়া বৈষ্ণৱসকলৰ কাৰণে ভাদ মাহটো পবিত্ৰ। এই মাহতে তিনিটা প্ৰধান তিথি উৎসৱ হয়। সেয়া হৈছে – কৃষ্ণা অষ্টমী তিথিত শ্ৰীকৃষ্ণৰ জন্মদিন – জন্মাষ্টমী, শুক্লা দ্বিতীয়া তিথিত শংকৰদেৱৰ তিৰোধান তিথি আৰু কৃষ্ণা পঞ্চমীত মাধৱদেৱৰ তিথি। গোটেই ভাদ মাহটোত সত্ৰত আৰু গাঁৱৰ নামঘৰত দুপৰীয়া, আবেলি আৰু গধূলি – এই তিনিপৰত খোল-তালেৰে জোৰা গোৱা হয়। ইয়াৰ বাহিৰেও সত্ৰসমূহত বেহাৰৰ গীত গায়; নটুৱা ল’ৰাক ভংগী(নাচ) শিকায়। গুৰু-কীৰ্তনৰ দিনাই নতুন গায়ন-বায়ন, নাম লগোৱা আদি পতা হয়। জন্মাষ্টমী তিথি বৈষ্ণৱৰ অন্য এটি উৎসৱ। ঘৰত আৰু গাঁৱৰ নামঘৰত মহাসমাৰোহেৰে নাম-প্ৰসংগ আৰু কৃষ্ণলীলাৰ কীৰ্তন, ভাওনা আদি দিনে- ৰাতিয়ে কৰা হয়। জন্মাষ্টমীৰ পিছদিনা নন্দোৎসৱ। নন্দই বৃদ্ধ বয়সত কৃষ্ণক পুত্ৰৰূপে পোৱাৰ কাৰণে সমগ্ৰ গোকুলবাসীৰ আনন্দ-উৎসৱক সুঁৱৰি এই পৰ্ব উদ্‌যাপন কৰা হয়। এই দিনটোত তিৰোতাই গীত গাই পঁচতি আৰু মতা মানুহে বোকা ভাওনা পাতে। ৰথযাত্ৰা, ৰাসপূৰ্ণিমা আৰু ঝুলনযাত্ৰা আৰু দৌলযাত্ৰাও বৈষ্ণৱসকলৰ উৎসৱ। আষাঢ় মাহত জগন্নাথৰ বলৰাম আৰু সুভদ্ৰাৰে সৈতে ৰথত যাত্ৰা কৰা উৎসৱেই ৰথযাত্ৰা হিচাপে পালন কৰা হয়। সংগীতমুখৰ শোভাযাত্ৰা এই উৎসৱৰ উল্লেখযোগ্য অংগ। ৰাস-পূৰ্ণিমা আঘোণ মাহত হয়; আৰু জাক্‌জমকেৰে ইয়াক পালন কৰে। মাজুলিৰ সত্ৰসমূহত এই উৎসৱ অতি পয়োভৰেৰে পতা হয়। প্ৰাচীন বসন্ত উৎসৱৰপৰাই দৌলযাত্ৰা, হোলি বা ফাকুৱাৰ উৎপত্তি। বহু পণ্ডিতে এই উৎসৱ আৰ্য আৰু আৰ্য-পূৰ্বসকলৰ সংমিশ্ৰণত গঢ়ি উঠিছে বুলি অনুমান কৰে। বৰদোৱা আৰু বৰপেটাৰ দৰে বৈষ্ণৱ সত্ৰবোৰত এই উৎসৱ উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। এই উৎসৱত বিধৱাসকলে দল বান্ধি বাৰ দেউল দৰ্শন কৰা মহা পুণ্যৰ কাম। জন্মাষ্টমীৰ বাহিৰেও বৈষ্ণৱ গুৰুসকলক সুঁৱৰি পালন কৰা অনেক তিথি-উৎসৱ আছে। গুৰু-কীৰ্তন আৰু মাধৱদেবৰ তিথিৰ বাহিৰেও গোপালদেৱ, হৰিদেৱ, দামোদৰদেৱ আদি ধৰ্মগুৰুসকলৰ তিৰোধান তিথিও দুজনা গুৰুৰ তিথিৰ দৰেই গাঁৱৰ নামঘৰত নাম-প্ৰসংগ আদিৰে শিষ্য-ভকত সকলোৱে সমাৰোহেৰে পালন কৰে। ভাদ-আহিনৰ সংক্ৰান্তিৰ দিনা সত্ৰ আৰু অন্যান্য নামঘৰত ‘নাম সামৰা’ উৎসৱ হয়। সচৰাচৰতকৈ বেলেগ বেলেগ সুৰৰ বিভিন্ন প্ৰকাৰৰ নাম ৰাইজে সমূহীয়াভাৱে গায়। ল’ৰা-বুঢ়া প্ৰত্যেকেই হাতত একোযোৰ তাল লৈ এই নাম গায়। নামৰ লগত নাচো আছে; তাত সকলোৱে যোগ দিয়ে; তাৰ উপৰি ‘বছৰেকীয়া সেৱা’ বুলি পালনাম পাতে। ঘৰেপতি পইচা বৰঙণি তুলি নাম-কীৰ্তন পতা হয় আৰু সমূহ গঞাই মিলি জা-জলপানো খায়। ওচৰ-চুবুৰীয়া গাঁৱৰ ৰাইজকো নিমন্ত্ৰণ কৰি খুৱায়। এই উৎসৱতে ৰাতি ভাওনা পাতে। কোনো কোনো সত্ৰত বছৰত এবাৰ নামঘৰৰপৰা থাপনা বা মূৰ্তি উলিয়াই মুকলি ঠাইত ৰভা দি কেইবাদিনলৈকে থোৱা হয়। এই কেইদিন নাম-কীৰ্তন, বাৰ খেলৰ ভাওনা আৰু মেলা আদি আনন্দ-উৎসৱ আয়োজন হয়। সত্ৰবোৰৰ নীতি-নিয়ম অনুসৰি প্ৰত্যেক সত্ৰতেই সত্ৰৰ প্ৰতিষ্ঠাতাজনৰ বা মৃত অধিকাৰৰ তিৰোধান তিথিত নানা উৎসৱ উদ্‌যাপন কৰা হয়। আজিকালি গুৰুসকলৰ জন্মতিথি পালনৰো নিয়ম প্ৰৱৰ্তিত হৈছে। ধৰ্মলৈ প্ৰেৰণা যোগোৱাৰ উপৰিও এই উৎসৱসমূহে গ্ৰাম্যজীৱনৰ সংঘবদ্ধতাত সহায় কৰে, ৰাজহুৱাভাৱে গাঁৱৰ কল্যাণকৰ কাম কৰাত সুবিধা যোগাই গঞাক সমূহীয়া ভাৱাপন্ন কৰে আৰু গাঁৱৰ সমাজসংগঠন আৰু সংহতি দৃঢ় কৰে। ৰাজহুৱাভাৱে পালন কৰা এই উৎসৱ অনুষ্ঠানৰ গীত-মাত, শাস্ত্ৰ-আবৃত্তি, নৃত্য-অভিনয়ত অংশগ্ৰহণ কৰাৰ হেতু গাঁৱৰ মানুহৰ শিল্পানুৰাগ, কলাসুলভ দক্ষতা আৰু যুটীয়াভাৱে কাম কৰাৰ মনোভাৱ সহজেই গঢ়ি উঠে। সংস্কৃত সমাজ গঠনত উৎসৱ-অনুষ্ঠানে এইদৰে বৰঙণি যোগাইছে। জাতীয় উৎসৱৰ ভিতৰত বিহুৱেই প্ৰধান। ব’হাগ বা ৰঙালী, মাঘ বা ভোগালী আৰু কাতি বা কঙালী এই তিনিটা বিহু। চ’ত আৰু ব’হাগৰ মহাবিষুৱ সংক্ৰান্তিত ৰঙালী বিহু। ই মূলত: কৃষিপ্ৰধান উৎসৱ। সংক্ৰান্তিৰ দিনা গৰুবিহু পালন কৰা হয়। সেইদিনা গৰুক মাহ-হালধিৰে নোৱাই-ধুৱাই গো-সেৱা কৰা হয়। দ্বিতীয় দিনা মানুহবিহু। ৰাতি হুঁচৰি গায়। ঢোপ খেলা, মালযুঁজ কৰা, তেল দিয়া, বিহু নাম, হুঁচৰি আদি গোৱা আৰু কড়ি পাশা খেলা এই বিহুৰ অংগস্বৰূপ। তৃতীয় দিনা গোঁসাইবিহু, অৰ্থাৎ নামঘৰ বা হৰিমন্দিৰত নাম-কীৰ্তন আদিৰে উৎসৱ পালন কৰা হয়। গোটেই ব’হাগ মাহ জুৰি আনন্দ-উৎসৱ চলি থাকে। তিৰোতাসকলে বিহুৱান বয় আৰু পৰিয়ালৰ প্ৰত্যেকজনকে আৰু মিতিৰ-কুটুমকো একো সাজ দিয়ে। ব’হাগৰ বিহুত মঙলদৈ অঞ্চলত বিষ্ণুমূৰ্তি স্থাপন কৰি  বৈশাখী দৌল উৎসৱ পালন কৰা হয়; পূজাৰ লগত ডাঙৰ মেলাও বহে। এই পূজা আৰু মেলা চাবলৈ বহু দূৰৈৰ গাঁৱৰ মানুহো আহে। হাজোৰ হয়গ্ৰীৱ মাধৱত আৰু গোৱালপাৰাৰ ভৈৰৱ থানতো ব’হাগৰ বিহুত মেলা বহে। ব্ৰাহ্মণ-সজ্জনক দান দিয়া ব’হাগ বিহুৰ এটি অংগ; এই প্ৰথা পুৰণি কালৰপৰা চলি আহিছে। বলবৰ্মাৰ নগাওঁ তাম্ৰশাসনত ব্ৰাহ্মণৰ উদ্দেশ্যে চ’তৰ সংক্ৰান্তিত দান দিয়াৰ কথা আছে। ৰত্নপালৰ বৰগাওঁ লিপিত বিষ্ণুপদী সংক্ৰান্তি আৰু কমৌলি লিপিত ব’হাগৰ একাদশীৰ উল্লেখ আছে। আহিন-কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। ইও কৃষি বা শস্য উৎসৱ আৰু খেতি-বাতিৰ মংগলৰ কাৰণে এই বিহুত বিবিধ বিধি-বিধান পালন কৰা হয়। সেইদিনা আলু-কচু আৰু ভেঁট-শেলেকু খোৱাৰ নিয়ম। এই দিনত তুলসীৰ তলত বন্তি লগাই নাম গায়; ভঁৰালৰ গুৰিত বন্তি জ্বলোৱা হয়। কামৰূপৰ কোনো কোনো অঞ্চলত বিশেষকৈ পশ্চিম বৰিগোগ মৌজাৰ দৈ-চপৰা গাঁৱত কুমাৰী ছোৱালীয়ে কাতি মাহত পদুলিত কলগছ পুতি তাৰ গুৰিত চাকি জ্বলাই কেইবাদিনো ধৰি শস্যবৃদ্ধিৰ অৰ্থে জগন্নাথৰ নাম গায়। এই উৎসৱৰ কলপুলি উভালি নেপেলাই য’তে ৰুৱে ত’তে বাঢ়িবলৈ দিয়ে। সেই গছৰ প্ৰথম কলঠোক সৱাহত লগোৱাৰ নিয়ম। কৃষি আৰু উৰ্বৰতাৰ উৎসৱৰূপে কাতি বিহুৰ লগত ওৰাওসকলৰ ‘কৰম-গাৰা’ পূজাৰ সাদৃশ্য আছে। এই পূজাৰ বিষয়ে W.G. Archer –এ লিখিছে : The Karam festival occurs in August at the cumax of the monsoon when the paddy is standing in the fields but has not yet come into ear. It makes a period of relaxation between the arduous work of transplanting the paddy, and rigours of the harvest; and is possibly a fecundity festival so help the ripening of the crop. মাঘ বিহু খেতি-চপোৱাৰ আনন্দ-উৎসৱ; ই এক প্ৰকাৰ নৱান্ন বা পিঠা-উৎসৱ। মাঘবিহুৰ লগত জড়িত মেজি, মেজিঘৰৰ (ভেলা ঘৰ, হাৰলি ঘৰ) জুইত ন-ধানৰ চাউল, মাহ, তিল উচৰ্গা কৰা হয়; এই পিনৰপৰা চাবলৈ গ’লে এইবোৰ অগ্নি-তুষ্টিৰ অনুষ্ঠান; বৈদিক যুগৰ শস্য উৎসৱ অগ্ৰহায়ন-ইষ্টিৰ লগত ইয়াৰ অলপ মিল দেখা যায়। এই যজ্ঞৰ উপহাৰ সম্বন্ধে অধ্যাপক কীথে লিখিছে : Before partaking of any of the fruits of the fields it is necessary for a man who has established fire to make offerings. The normal offerings are those of rice in Autumn and barely in Spring, alternative are bamboo seeds in Summer or millet in Autumn or the rains. শস্য উৎসৱৰ ভিতৰত আহিন মাহৰ লখিমী সবাহ উল্লেখযোগ্য। আহিন মাহৰ ধানত ঠোক ওলাবৰ সময়ত তিৰোতাসকলে গোট খাই লখিমী নাম গাই এই সৱাহ পাতে। আহোমসকলে লখিমী-উৎসৱ বিশেষ বিধি-অনুষ্ঠানেৰে পালন কৰে। আঘোন মাহৰ পূৰ্ণিমাৰ ‘ম’হ-হ’ উৎসৱত ডেকা-ল’ৰাবোৰে গাঁৱৰ ঘৰে ঘৰে গীত গাই ম’হ খেদে। ব’হাগ মাহত বিশেষকৈ কামৰূপ অঞ্চলত ‘ভথেলি’ উৎসৱ হয়। এই উৎসৱত বাঁহ এডালত কাপোৰ মেৰিয়াই আৰ মালা পিন্ধাই দৰা সাজি মাটিত পোতে আৰু অন্য কেইডালমান বাঁহক কন্যাৰ সাজ পিন্ধাই তাৰ চাৰিওকাষে পোতা হয়। হাতত গদা ঘূৰাই সেই বাঁহৰ(সাধাৰণতে পাৰ বোলা হয়) চাৰিওফালে মানুহে ঘূৰি ঘূৰি নাচে। পূৰ্বে এই উৎসৱ কেইবাদিনলৈকে চলিছিল। ইয়াৰ লগত প্ৰাচীন শত্ৰোত্থান বা ইন্দ্ৰধ্বজ উৎসৱৰ সম্বন্ধ অনুমান কৰিব পাৰি। কালিকা পুৰাণত শত্ৰোত্থানৰ বিস্তৃত বিৱৰণ আছে। বংগদেশৰো কোনো কোনো অঞ্চলত এই ইন্দ্ৰ উৎসৱৰ প্ৰচলন আছে। মেদিনীপুৰ জিলাত ভাদ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথিত পথাৰত শালগছ এজোপা পুতি তাৰ ওপৰত এটা বাঁহৰ ছাতি তৰি দিয়া হয়। ছাতিটোৰ ওপৰত আখৈ আৰু দৈ ছটিওৱা হয়। এই গছৰ চাৰিওকাষে মানুহে নৃত্য-গীত বাদ্যৰ অনুষ্ঠান কৰে। আঠ দিনৰ অন্তত গছজোপা বিসৰ্জন দিয়া হয়। সামাজিক অনুষ্ঠান হিচাপে বিয়া আৰু মৃত্যু এই দুটা সমানে উল্লেখযোগ্য। সামূহিকভাৱে তাত ৰাইজ গোট খায় আৰু গাঁৱৰ সকলোৱেই এই অনুষ্ঠানত যোগ দিয়ে। বিয়াৰ লগত জড়িত নীতি-নিয়ম, ক্ৰিয়া-কাণ্ডত তিৰোতাসকলে বিশেষভাৱে অংশগ্ৰহণ কৰে। সেইবোৰৰ ভিতৰত দুৱাৰমুখত আমপাত আঁৰি দিয়া, গাঁঠিয়ন খুন্দা, নোৱাবৰ কাৰণে বেঈ সজোৱা, মৰল সজোৱা দুণড়িত চাউল-বন্তি ভৰোৱা আদি প্ৰধান। বিয়াৰ আগদিনা ৰাতি অধিবাস কৰে, আৰু দোক-মোকালিতে দৈয়ন দিয়ে। বাহী-বিয়াৰ পিছদিনা খোবা-খুবুনি উৎসৱ; দৰা-কন্যাক সেইদিনা ঢেঁকী দিবলৈ দিয়া হয়। তিৰোতাসকলৰ শিল্পনিপুণতা আৰু কবিসুলভ দক্ষতা প্ৰকাশ পোৱা আনবোৰ কাম হৈছে – নোৱনি পানী তোলা, সুৱাগুৰি তোলা, আগ চাউল দিয়া, দৰা আদৰা আদি। বেলেগ বেলেগ সুৰেৰে এই অনুষ্ঠানসমূহত বিভিন্ন ধৰণৰ বিয়ানাম গোৱা হয়। অন্য এবিধ বৰ আমোদজনক বিয়ানাম হৈছে – জোৰা নাম। কন্যা-ঘৰলৈ দৰা আহি পোৱাৰ পিছত এই নাম হোমৰ গুৰিত গোৱা হয়। দৰা আৰু কন্যাঘৰীয়া দুয়োদল নামতীৰ মাজত এই জোৰানামেৰে তৰ্ক আৰু কেতিয়াবা কাজিয়াও লাগে। ছোৱালী পুষ্পিতা হ’লে চাৰিদিন বা সাতদিনত তোলনি বিয়া, নোৱাই তোলনি, পুহা-বিয়া বা উঠন –বিয়া পতা হয়। সেইদৰে আগৰ দিনত গোঁসাই-বামুণ আদিৰ আগ বিয়াৰ পিছত শান্তি-বিয়া পতাৰ নিয়ম আছিল। জন্মৰ পিছত নামকৰণ, অন্নপ্ৰাশন, চুড়াকৰণ, কৰ্ণবেধ আৰু বিদ্যাৰম্ভ আদি অনুষ্ঠান ঘাইকৈ উচ্চবৰ্ণৰ হিন্দুৱে পালন কৰে। ব্ৰাহ্মণৰ মাজত লগুণদিয়নী বা উপনয়ন ডাঙৰ মাংগলিক অনুষ্ঠান। উপনয়নত গোৱা সুকীয়া গীতো আছে। বিভিন্ন জাতি-বৰ্ণৰ মাজত মৃত্যুত বিবিধ আচাৰ-অনুষ্ঠান সমূহীয়াভাবে পালন কৰা হয়। মৃত্যু সম্বন্ধীয় ভালেমান আচাৰ-নীতি আৰ্য-অনাৰ্যৰ সংমিশ্ৰণত গঢ়ি উঠিছে; ইয়াৰে কেতবোৰ সম্পূৰ্ণ আৰ্যীকৰণৰ ফল। ঘৰলোৱা, পুখুৰীকন্দা, মাৰি-মৰক, বিপদ-আপদত নানা অনুষ্ঠান, নাম-কীৰ্তন, পাঠ আদি কৰা হয়। এই সকলোবোৰ ৰাজহুৱাভাৱে কৰা হয়, আৰু ইয়াত গোটেই গঞাৰে নহ’লেও অন্তত: চুবুৰীৰ আত্মীয়-কুটুম্বৰ সহায়-সহযোগ মিলা-প্ৰীতি ঘটে। এইবোৰ পূজা-পাৰ্বণৰ বাহিৰেও ঘাইকৈ তিনিটা অনুষ্ঠানে অসমীয়া গাঁৱলীয়া মানুহৰ জীৱন উৎসৱমুখৰ কৰি তুলিছে, সামাজিক সংঘবদ্ধতা, জাতীয় আৰু সাংস্কৃতিক ঐক্যস্থাপনত বিশেষভাৱে সহায় কৰিছে –সেয়ে হৈছে- তীৰ্থস্থান, সত্ৰ-নামঘৰ আৰু মন্দিৰ-দেৱালয়। শাক্ত-বৈষ্ণৱৰ সৰু-বৰ ভালেমান তীৰ্থক্ষেত্ৰ অসমৰ বহু ঠাইত আছে। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰই এই তীৰ্থসমূহৰ শ্ৰেণী বিভাগ কৰি দীৰ্ঘ তালিকা আৰু বিস্তৃত বিৱৰণ দিছে। তাৰ ভিতৰত কামাখ্যা, হয়গ্ৰীৱ, অশ্বক্লান্ত, উৰ্বশী, মণিকৰ্ণেশ্বৰ, সিদ্ধেশ্বৰী, অপূৰ্ণভৱ আৰু পাণ্ডুনাথ প্ৰধান। কামাখ্যা আৰু পৰশুৰাম কুণ্ড ভাৰত-প্ৰসিদ্ধ। ‘শিৱনাথ’, ‘আই গোঁসানীৰ থান’, ‘বাসুদেৱ থান’, ‘বুঢ়া-বুঢ়ীৰ থান’ নামৰ অন্যান্য কিছুমান পবিত্ৰ থানো আছে। দেৱ-দেৱী, ঋষি-মুনিৰ আখ্যানৰ লগত সংযুক্ত লিংগ, শিল, আশ্ৰম, কুণ্ড, ঘাট আদিক পবিত্ৰ জ্ঞান কৰি বছৰৰ বিভিন্ন মাহ, তিথিত সমূহীয়াভাবে পূজা-অৰ্চনা কৰা হয়। ইয়াৰ ভিতৰত বিশ্বনাথ আৰু মণিকৰ্ণেশ্বৰৰ শিৱলিংগ, শিলঘাটৰ দুই মুনি-শিলা, বশিষ্ঠাশ্ৰমৰ অৰুন্ধতী শিল, বশিষ্ঠাশ্ৰম, কন্যকাশ্ৰম, পৰশুৰাম কুণ্ড, ভৈৰৱকুণ্ড, গণেশঘাট অধিক পুণ্যস্থান। নানা উৎসৱ-পাৰ্বণত এইবোৰ দৰ্শন কৰিবলৈ যাত্ৰীৰ সমাগম হয়। তাৰে ফলত জাতীয় সম্প্ৰীতি আৰু ঐক্য গঢ়ি উঠে। সত্ৰ-নামঘৰত নিতৌ নাম-কীৰ্তন, পাঠ, আলোচনাৰ ব্যৱস্থা আছে; বাৰ মাহত তেৰটা পৰ্ব হৈয়ে থাকে। সৰু-বৰ সত্ৰসমূহ অসমৰ সৰ্বত্ৰ স্থাপিত হোৱাৰ হেতু, সমগ্ৰ অসমীয়াৰ দৈনন্দিন জীৱনৰ ওপৰত এইবোৰৰ বিশেষ প্ৰভাৱ লক্ষ্য কৰিবলগীয়া। মন্দিৰ-দেৱালয়সমূহত কেৱল বাৰ্ষিক পূজা –পাতলেই নহয়; নানা বিধি-অনুষ্ঠানেৰে দৈনিক পূজা-অৰ্চনাও পালন কৰা হয়। এই দৈনিক উপাসনা, পূজা-সেৱাত ভক্ত আৰু সাধাৰণ লোকে যোগ দিয়ে; অৱসৰৰ সময়ত শাস্ত্ৰ-ব্যাখ্যা, উপাসনা সংগীত শুনে। সত্ৰসমূহৰ দৰে অসমৰ বহু ঠাইত ভালেমান মঠ-মন্দিৰ আছে; ইয়াৰে বেছিভাগ আহোম ৰজাসকলে নিৰ্মাণ কৰা। অৱশ্যে বহু মন্দিৰ প্ৰাচীন ঐতিহ্যমণ্ডিত আৰু বহু কালৰেপৰা পবিত্ৰ জ্ঞান কৰা থানত সজোৱা হৈছিল। এই মঠ-মন্দিৰবোৰৰ কোনো কোনোটো ধ্বংস হৈছে যদিও, সেই ধ্বংসস্তুপতে গাঁৱলীয়া ৰাইজে আজিও পূজা-অৰ্চনা, দান-দক্ষিণা দি আছে। বছৰৰ বিভিন্ন পূজা-পাৰ্বণত এইবোৰ ঠাইত যাত্ৰীৰ সমাগম হয়। পূজা-পাৰ্বণৰ বাহিৰেও এই মঠ-মন্দিৰ, তীৰ্থপীঠত, গাঁৱলীয়া মানুহে অপায়-অমংগল, ৰোগ-ব্যাধিৰপৰা হাত সাৰিবলৈ, বিবাহৰ শুভফল আৰু অন্যান্য মনস্কামনা সিদ্ধিৰ অৰ্থে পূজা-পাতল দিয়ে। নগাঁৱৰ সৌভাগ্য-মাধৱ, পলাশবাৰীৰ বাগেশ্বৰী থানত আবিয়ৈ গাভৰুৱে স্বামী পাবলৈ আৰু শিপিনী হ’বলৈ কামনা কৰি পূজা আগবঢ়ায়। অসমৰ বিভিন্ন জিলাৰ কেতবোৰ মঠ-মন্দিৰ, পবিত্ৰ স্থানৰ এটি তালিকা তলত দিয়া হয়। সেই দেৱ-দেৱীৰ উল্লেখৰপৰাই আমাৰ দেশৰ গাঁৱে-ভূঞে শৈৱ, শাক্ত, গাণপত্য, বৈষ্ণৱ ধৰ্ম কেনেভাবে প্ৰচাৰ হৈছিল আৰু সেই বিভিন্ন ধৰ্মমতে সাধাৰণ অসমীয়া প্ৰজাৰ ওপৰত কিভাবে প্ৰভাৱ বিস্তাৰ কৰিছিল তাক বুজিব পৰা যাব। কামৰূপ জিলাৰ মঠ-মন্দিৰ আৰু কেতবোৰ পবিত্ৰ স্থানৰ ভিতৰত হৈছে :

অশ্বক্লান্ত (বৰ্তমান মন্দিৰ শিৱসিংহ ৰজাই নিৰ্মাণ কৰাইছিল), অগ্নি বাণেশ্বৰ (শিৱসিংহ), অম্ৰতকেশ্বৰ (ৰামচা), ঈশ্বৰ পটেশ্বৰী (ৰূপচি), উগ্ৰতাৰা, উমানন্দ (দুয়োটা শিৱসিংহ), কামাখ্যা, কালী (খাটা), কুৰ্ম-মাধৱ, কুৰ্ম-জনাৰ্দন, গোপেশ্বৰ দেৱালয় (শিৱসিংহ), চণ্ডিকা দেৱালয় (শিৱসিংহ), ছত্ৰাকাৰ দেৱালয় (কমলেশ্বৰ সিংহ), জনাৰ্দন (শিৱসিংহ), জয়দুৰ্গা (হাজো, লক্ষ্মীসিংহ), দীৰ্ঘেশ্বৰী (ৰাজেশ্বৰ সিংহ), দীপ্তিশ্বৰ (পূব কাছাৰীমহল), ধাৰেশ্বৰ (শিৱসিংহ), নৱগ্ৰহ-চিত্ৰাচল (ৰাজেশ্বৰ সিংহ), পাণ্ডুনাথ (গৌৰীনাথ সিংহ), পৰিহৰেশ্বৰ (লক্ষ্মীসিংহ), বশিষ্ঠ (ৰাজেশ্বৰ সিংহ), বাণেশ্বৰ (চন্দ্ৰকান্ত সিংহ), বুঢ়াগোঁসাই থান (ছয়গাঁও), ভংগেশ্বৰ (শিৱসিংহ), মদন কামদেৱ, মাধৱ দেৱালয় (হাজো), মণিকৰ্ণেশ্বৰ, ৰূদ্ৰেশ্বৰ (শিৱসিংহ), শুক্লেশ্বৰ (শিৱসিংহ), শ্যামৰাই (হাজো), সিদ্ধেশ্বৰ। দক্ৰেশ্বৰ (বৰপেটা), বাসুদেৱ থান (বৰপেটা)। নগাওঁ জিলাৰ পূজা-অনুষ্ঠানৰ প্ৰধান কেন্দ্ৰ হ’ল বৰভগীয়া মৌজাৰ অম্বিকানাথ, নন্দকেশ্বৰ আৰু সৌভাগ্য-মাধৱ আৰু পূব-থৰিয়াৰ দুলাল-মাধৱ, বামুণীৰ চিত্ৰামন্দিৰ। শিলঘাটৰ কামাখ্যা মন্দিৰ আৰু চামগুৰি অঞ্চলৰ শিৱ আৰু বুঢ়া-বুঢ়ীৰ থান প্ৰসিদ্ধ। শিৱসাগৰ জিলাৰ প্ৰধান মন্দিৰসমূহ হ’ল দেৰগাওঁৰ ন-দৌল (ৰাজেশ্বৰ সিংহ); নামতিৰ বগী দৌল (লক্ষ্মীসিংহৰ মাতৃ), বৰপাত্ৰ দৌল (হৰিনাথ বৰপাত্ৰ) আৰু ৰাণী প্ৰমথেশ্বৰীয়ে সজোৱা গৌৰীসাগৰ শিৱ আৰু দেৱী দৌল; ৰুদ্ৰসিংহ স্বৰ্গদেৱে সজোৱা জয়সাগৰ দৌল, মাজুদৌল আৰু দেৱীদৌল। নামতিৰ অন্যান্য দৌলৰ ভিতৰত হৈছে নামতি দৌল (লক্ষ্মীসিংহ); মহাৰাজ ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱা অন্যান্য দৌলৰ ভিতৰত ৰংগনাথ ফাগুৱা, হৰগৌৰী দেৱালয়, শিৱদৌল, বিষ্ণুদৌল আদি। উজনিৰ পৰশুৰাম কুণ্ড আৰু তাম্ৰেশ্বৰী মন্দিৰ ভাৰত প্ৰসিদ্ধ প্ৰাচীন তীৰ্থস্থান। সোৱণশিৰি নৈৰ পাৰত বাসুদেৱ থান, সাৰ্হিদেৱী দেৱালয়, পিছলাৰ পাৰত (চামকৰা নৈ) পূৰ্বৰ মাঘলোৱা দৌল, গহপুৰৰ খৰুই নদীৰ পাৰৰ কলাবাৰী বাসুদেৱ থান; বিহপুৰীয়াৰ কন্দলীপুখুৰীৰ পাৰৰ মোৱামৰীয়া সম্প্ৰদায়ৰ গুৰু অনিৰুদ্ধদেৱৰ থানলৈ বছৰি, বিশেষকৈ খৰালি মাহকেইটাত বিদেশৰপৰাও যাত্ৰীৰ সমাগম হয়। পিছলা নৈৰ পবিত্ৰতাৰ বিষয়ে পিচ্ছিলাতন্ত্ৰত উল্লেখ আছে; এই নদীৰ কাষতে তান্ত্ৰিক ধৰ্মৰ এক প্ৰধান কেন্দ্ৰ আছিল আৰু ইয়াৰপৰাই ভালেমান জনজাতিৰ মাজত আনকি তিব্বতলৈকো তান্ত্ৰিক ধৰ্মৰ বিস্তাৰ হোৱাৰ প্ৰমাণ পোৱা গৈছে। আইৰ নামত পিছলা নদীৰ পাৰৰ দেৱী পূজা আৰু চণ্ডীপাঠৰ উল্লেখ আছে:

পিছলাৰ ঘাটে           আয়ে পানী তোলে

তামৰে কলসী লৈ,

ছ-অড়া বামুণে         চণ্ডীপাঠ কৰিছে

ভৱানীক আগতে থৈ।

তেজপুৰৰ উল্লেখযোগ্য মঠ-মন্দিৰৰ ভিতৰত হ’ল উমাদৌল (শিৱসিংহ), চণ্ডী (গদাধৰ সিংহ), তিংগেশ্বৰ, দুলাল-মাধৱ, নন্দিকেশ্বৰ (ৰুদ্ৰসিংহ), নাগশংকৰ, পূৰ্বশংকৰ, ফুলকৰি (ৰুদ্ৰসিংহ), বাণেশ্বৰ, বৰদৌল, বাসুদেৱ (ৰাজেশ্বৰ সিংহ), বুঢ়ামাধৱ (শিৱসিংহ), বিশ্বনাথ (গদাধৰ সিংহ), ভৈৰৱ, মহা-ভৈৰৱ, মুক্তিনাথ, যোগেশ্বৰ (ৰুদ্ৰসিংহ), ৰুদ্ৰপাদ (শিৱ সিংহ), শুক্ৰেশ্বৰ, সিংগৰি সূৰ্যমাধৱ, সৌভাগ্য-মাধৱ ইত্যাদি। দৰঙৰ তাম্ৰেশ্বৰ, ৰুদ্ৰেশ্বৰ বুঢ়াগোঁসাই, বুঢ়ীগোঁসাই আদিয়েই মুখ্য। দৰঙৰ সোণাইগাঁৱৰ ভৈৰৱকুণ্ডত দান-দক্ষিণাৰে যাত্ৰীয়ে স্নান কৰে। গোৱালপাৰাৰ পঞ্চৰত্ন, মহাদেৱ পাহাৰৰ দেৱালয় উল্লেখযোগ্য প্ৰাচীন পুণ্যক্ষেত্ৰ। মহাদেৱ পাহাৰৰ শিৱ থানত ব’হাগ বিহুৰ সময়ত যাগ-যজ্ঞ উৎসৱ-অনুষ্ঠান কেইবাদিনজুৰি পতা হয়; দূৰ ঠাইৰপৰাও যাত্ৰীৰ সমাগম হয়।

উৎস: অসমৰ লোক-সংস্কৃতি

 

3.10810810811
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top