অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওজাপালি

ওজাপালি

ওজাপালি অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা। সৰ্বভাৰতীয় কথকতা-পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰেপৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত। ওড্ৰ-মাগধী শৈলীৰ চৰিত্ৰৰ লগত ভালেখিনি খাপখোৱা ওজাপালি অনুষ্ঠান ভাৰতীয় মাৰ্গী সংগীত-পৰম্পৰাৰপৰা জন্ম। ইয়াৰ উদ্ভৱ আৰু বিকাশত মন্দিৰৰ প্ৰভূত অৰিহণা আছে। এই ওজাপালি কলা শৈলীৰ উদ্ভৱ আৰু বিকাশ সন্দৰ্ভত বিভিন্ন মিথ আৰু জনশ্ৰুতি জড়িত হৈ আছে। এক দৈৱিক মতবাদ অনুসৰি বৃহন্নলাৰূপী অৰ্জুনৰদ্বাৰা এইবিধ কলা স্বৰ্গৰপৰা মৰ্ত্যত প্ৰচলিত হয়। পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ্নৰদ্বাৰা এই কলা আয়ত্ব কৰি শিষ্যসকলক শিকায় বুলিও বিয়াহৰ ওজাপালিসকলে বিশ্বাস কৰে। ব্যাসকলাই আৰু কেন্দুকলাই এই দুগৰাকী ব্যক্তিবিশেষো ওজাপালিৰ জনক বুলি জনশ্ৰুতি প্ৰচলিত। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ এগৰাকী বিশিষ্ট পণ্ডিত বেদাচাৰ্যৰ স্মৃতি ৰত্নাকৰ, অসমৰ তাম্ৰশাসন, গুৰু-চৰিত কথা আৰু বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্যত এই ওজাপালি কলা-শৈলী প্ৰাচীন কালৰেপৰা প্ৰচলন থকাৰ বিভিন্ন তথ্য দেখা পোৱা যায়। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত এই মাৰ্গী-সংগীত পৰম্পৰাই মহাকাব্য অথবা পুৰাণৰ কাহিনী গীত, নৃত্য আৰু অভিনয়ৰ মাধ্যমেৰে প্ৰচাৰ কৰা এক জন-চিত্ত বিনোদক লোক-কলা শৈলীৰূপে বৰপীৰা পাৰি বহিল। ওজাপালি অনুষ্ঠানক বিষয়বস্তুৰ ফালৰপৰা দুটা ভাগত ভগাব পাৰি-

(১) মহাকাব্য আশ্ৰয়ী আৰু

(২) মহাকাব্য অনাশ্ৰয়ী।

মহাকাব্য আশ্ৰয়ী ওজাপালিক আকৌ সাতোটা উপভাগত ভাগ কৰিব পাৰি। ভাগসমূহ হ’ল–

(১) বিয়াহৰ অথবা সভা গোৱা ওজাপালি,

(২) ৰামায়ণ অথবা ৰায়মণ ওজাপালি,

(৩) ভাউৰা বা ভাইৰা ওজাপালি,

(৪) দুৰ্গাবৰী ওজাপালি,

(৫) সত্ৰীয়া ওজাপালি,

(৬) পাঞ্চালী ওজাপালি,

(৭) দুলড়ী ওজাপালি।

একেদৰে মহাকাব্য অনাশ্ৰয়ী ওজাপালিক পাঁচ ভাগত ভগাব পাৰি-

(১) সুকনানি ওজাপালি,

(২) বিষহৰী গান,

(৩) মাৰে গান,

(৪) পদ্মা-পুৰাণৰ গান,

(৫) টুকুৰীয়া ওজাপালি।

ওজা আৰু পালি এই দুইবিধ অনুষ্ঠান-নিৰ্বাহিকাৰদ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত। পালি আকৌ দুবিধ – দাইনাপালি আৰু সাধাৰণ পালি। গীত, নৃত্য, বাদ্য, ৰাগ, তাল, লয়, মুদ্ৰা, গতি, ভংগী আদিত সুদক্ষ ওজাৰ শাৰীৰিক গঠন আকৰ্ষণীয় হোৱা উচিত। প্ৰখৰ স্মৃতিশক্তি ওজাৰ অন্য এক প্ৰয়োজনীয় গুণ। নৃত্য-গীতৰ পৰিচালক ওজাই দিহা, ৰাগ আদি প্ৰথমে লগাই দিয়ে, পালিসকলে সহযোগ কৰে। দাইনাপালি বা অন্য পালিৰ দ্বাৰা ওজাই পৰিবেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাৱে অথবা অভিনয় ভংগীত দৰ্শকক বুজাই দিয়ে। দাইনাপালিৰ পিছতেই বানা ধৰা বা গোৰপালিৰ স্থান। ইয়াৰ পিছতেই সহায়ক বা আগপালিৰ গুৰুত্ব। ওজাপালিৰ ৰূপ অনুসৰি ওজা আৰু পালিসকলৰ সাজ-পোছাক বিভিন্ন ধৰণৰ। মাথো সকলোৱে বিভিন্ন ধৰণৰ অয়-অলংকাৰ পৰিধান কৰে। কোনো ওজাপালিৰ ওজাই জামাৰ উপৰিও মূৰত বিশেষ ধৰণৰ টুপী পিন্ধে অথবা পাগ মাৰে। মুখ্যত: ধৰ্মীয় দিশৰ লগত সম্পৃক্ত বাবেই ওজাপালিৰ সকলোৱে শুদ্ধ পোচাক পৰিধান কৰে। বিভিন্ন শাস্ত্ৰীয় ৰাগ-ৰাগিনী গোৱা ওজাপালিয়ে অনুষ্ঠানত সচৰাচৰ পঞ্চস্তৰ বা অংগৰ সংযুতি পৰিদৃশ্যমান। ধৰ্মীয় প্ৰকাৰ্য, জন-চিত্ত বিনোদন, নৈতিক শিক্ষা, প্ৰচাৰ মাধ্যম, সামূহিক অনুভূতি আৰু আনুগত্য প্ৰকাশৰ মাধ্যমৰূপে ওজাপালিয়ে প্ৰাচীন কালৰেপৰা ৰজাঘৰ-প্ৰজাঘৰ উভয়পক্ষতে বিশেষ সমাদৰ লাভ কৰি আহিছে।

লিখক: ড° পৰমানন্দ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা

3.12195121951
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top