মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কোচ-ৰাজবংশী জনগোষ্ঠীৰ তোলনি বিয়াৰ (ধুয়ানি) গীত আৰু এটি চমু আলোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোচ-ৰাজবংশী জনগোষ্ঠীৰ তোলনি বিয়াৰ (ধুয়ানি) গীত আৰু এটি চমু আলোচনা

তোলনি বিয়া হৈছে প্ৰকৃতিৰ এনে এক নিয়মাৱলী য'ত ছোৱালীবোৰে নিজৰ শৈশৱৰ সময়খিনি পাৰ কৰি গাভৰু বয়সত ভৰি দিয়ে আৰু সমাজৰ নিয়ম অনুযায়ী গৰ্ভধাৰণৰ কাৰণে ঋতুমতী হয়

চমু বিৱৰণ

তোলনি বিয়া হৈছে প্ৰকৃতিৰ এনে এক নিয়মাৱলী য'ত ছোৱালীবোৰে নিজৰ শৈশৱৰ সময়খিনি পাৰ কৰি গাভৰু বয়সত ভৰি দিয়ে আৰু সমাজৰ নিয়ম অনুযায়ী গৰ্ভধাৰণৰ কাৰণে ঋতুমতী হয় । ই প্ৰকৃতি প্ৰদত্ত ।সন্তান প্ৰসৱৰ কাৰণে ছোৱালী প্ৰথমে ঋতুমতী হ'বই লাগিব । যিহেতু ই প্ৰকৃতি প্ৰদত্ত । সেয়ে ইয়াক সম্পূৰ্ণ গণনা তথা নিয়মৰ দ্বাৰা সমাজত আনুষ্ঠানিক ভাৱে সৰু বিয়া আকাৰে পতা হয় । শাস্ত্ৰ বা ভাগৱত মতে ছোৱালী জনীয়ে এই ঋতুমতী হোৱাৰ উৎকৃষ্ট সময়ত কেনে ধৰণৰ যোগ লাভ কৰিছে বা গৰ্ভস্থিতিৰ কাৰণে কিমান দিন হৱিস পালন কৰিব লাগে এইবোৰ গণনা কৰি উলিওৱা হয় । প্ৰাচীন ঋষিমুণি সকলে ছোৱালীৰ তোলনি বিয়াক লৈ কিছুমান নিয়ম কৰি থৈ গৈছে আৰু তাতে যেন লিপিৱদ্ধ হৈ আছে ভৱিষ্যতৰ এক দিক-দৰ্শন । স্ত্ৰীনাং-আদ্য- ঋতু দৰ্শন মতে তোলনি বিয়াৰ সময়ত ছোৱালীয়ে সাতটা যোগ পায় । উল্লেখ্য যে এই সাতটা যোগৰ ভিতৰত তিনিটা ভাল আৰু চাৰিটা বেয়া । সেইমতে তলত দিয়া ধৰণে বিশ্লেষণ কৰা হয় ----

ভাল যোগঃ

১) কান্তা যোগ - স্বভাৱ চৰিত্ৰ গাম্ভীৰ্য তথা স্বামীৰ প্ৰতি শ্ৰদ্ধা আদিকে সূচায় ।

২) পতিহীতা যোগ - মিছা কথা নোকোৱা বা বংশৰ ভিতৰত শ্ৰেষ্ঠকে বুজায় ।

৩) শু-ভগা যোগ - যাক সকলোৱে ভাল পায় আৰু গোটেই কাম জনাক বুজায় ।

বেয়া যোগঃ

১) বেশ্যা যোগ - চঞ্চল মন তথা চৰিত্ৰহীনা আদিকে বুজায় ।

২) পতিহীনা যোগ - স্বামীক অকালতে হেৰুৱা বুজায় ।

৩) দুৰ্ভগা যোগ - জীৱনত সকলো বস্তুকে হেৰুওৱা দেখুৱায় ।

৪) দুঃশীলা যোগ - একো কাম কৰিব নোৱাৰা তথা অকমৰ্ণ্য হোৱাকে বুজায় ।

তোলনি বিয়াৰ সময়ত নিৰ্ণয় কৰা এই যোগৰ অধিপতি দেৱতা থাকে । সেই অনুযায়ী ভাল ফল আৰু বেয়া ফল দেখা যায় যিটো আমাৰ সমাজত এটি অন্ধবিশ্বাস হিচাপে অতীতৰ পৰাই চলি আহিছে । ছোৱালীৰ ঋতুমতি হোৱা সময়, মাহ, বাৰ, ভজন, অভজন আদিও চাই দিক নিৰ্ণয় কৰে । সেইফালেদি আজিও যেন চলি আহিছে এই গুণাগুণৰ আধাৰ আৰু তাৰেই ইয়াৰ এটি চমু আভাষ ----

সময়ঃ

১) ৰাতিপুৱা - পদ্মিনী বুলি ভৱা হয় যি ভালৰ নিৰ্দেশন বুজায় ।

২) আগবেলা - শংখিনী বুলি কোৱা হয় যি প্ৰতিটো কথাতে অতিষ্ট হৈ থাকে ।

৩) দুপৰীয়া - চিত্ৰিণী বুলি অভিহিত কৰা হয় যি ক'লা-কৌশলত পাকৈত হোৱা বুজায় ।

৪) আবেলি - হস্তিনী বুলি কোৱা হয় যি কুলক্ষণী লক্ষণ ।

মাহঃ

১) বহাগ মাহ - ছোৱালীজনী সকলোৰে প্ৰিয়বাদিনী হোৱা বুজায় ।

২) জেঠ মাহ - বিধৱাৰ লক্ষণ দেখুৱায় ।

৩) আহাৰ মাহ - ধন সংযুক্তা হোৱা বুজায় ।

৪) শাওণ মাহ - বিয়া নোহোৱাকৈ গৰ্ভধাৰণ হোৱাৰ বিপদ দেখুৱায় ।

৫) ভাদ মাহ - বেমাৰ ভুগি থকা বুজায় ।

৬) আহিন মাহ - ভাল বা প্ৰত্যেকৰে লগত মিলিব পৰা গুণকে সূচায় ।

৭) কাতি মাহ - বংশৰ কলংক বুলি ভবা হয় ।

৮) আঘোণ মাহ - সকলো কাম জনাকে বুজায় ।

৯) পুহ মাহ - সকলো সময়তে আনন্দদায়ক সূচায় ।

১০) মাঘ মাহ - ধনৱতী নাৰীক বুজায় ।

১১) ফাগুণ মাহ - বহু পুত্ৰিনী বুজায় ।

১২) চ'ত মাহ - অহংকাৰী হোৱা বুলি বিশ্বাস কৰা হয় ।

বাৰঃ

১) দেওবাৰ - বিধৱা হোৱা বুজায় ।

২) সোমবাৰ - প্ৰতিব্ৰতা নাৰী বুজায় ।

৩) মঙলবাৰ - দুষ্ট স্বভাৱৰ হোৱা বুজায় ।

৪) বুধবাৰ - সৌভাগ্য হোৱা বুজায় ।

৫) বৃহস্পতিবাৰ - স্বভাৱ চৰিত্ৰ ভাল হোৱা বুজায় ।

৬) শুক্ৰবাৰ - বহুপুত্ৰিনী হোৱা বুজায় ।

৭) শনিবাৰ - নিঃসন্তান হোৱা বুজায় ।

ভজনঃ সুখ ভোগ কৰিব নোৱাৰাকে বুজায় ।

অভজনঃ সুখ হোৱাৰ চিন দেখুৱায় ।

ইয়াৰ পিছতো পিন্ধা কাপোৰ, বয়স, কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষৰ ১৫ টা তিথিক লৈ ফলাফল নিৰ্ণয় কৰা দেখা যায় । এই ফলাফলক লৈ ছোৱালীৰ ভাগ্য পৰীক্ষা চোৱা হয় । যদি কাৰোবাৰ বেয়া, দোষ আদি থকা দেখা যায় তেতিয়া হ'লে এই তোলনি বিয়াৰ নিয়ম আকাৰে প্ৰতিকাৰ কৰি শুভ ফলৰ বাবে যোগৰ অধিপতি দেৱতাক প্ৰাৰ্থনা আগবঢ়ায় ।

নিজৰ সংস্কৃতি মানেই হ'ল জাতিটোৰ মেৰুদণ্ড । কোচ- ৰাজবংশী জনগোষ্ঠী সকলেও এই নীতি-নিয়ম মানি লৈ এটি ধৰ্মীয় অনুষ্ঠান হিচাপে নাৰীৰ কিছুমান বান্ধোন প্ৰাধান্য দি সম্পূৰ্ণ নিজৰ দৃষ্টিৰে এই উৎসৱ পালন কৰি আহিছে ।

তোলনি বিয়াৰ কিছুমান গীত লগতে ৰীতি সমূহ

কোচ- ৰাজবংশী জনগোষ্ঠী সকলৰ নিজাকৈ ৰচা তোলনি বিয়াৰ কিছুমান গীত লগতে ৰীতি সমূহ তলত উল্লেখ কৰা হ'ল --- দায় দোষ মাৰ্জনীয় ।

কইনাৰ চোতালত যেতিয়া নামতীবোৰ সোমায় তেৰিয়া গায় -----

নিমন্ত্ৰণ কৰিছে ৰামে

ঋষিৰামেৰ হাতে

নামতি আহিছে ৰাম কলৰ তলে

আহিছে নামতী বহিছে বাটত

চিঠি পত্ৰ পাইছুং আমি নাৰদেৰ হাতত

হিলে পানী দিলে ভাঙেয়া আহিলুং আমি

কিছকিন্দৰেৰ পাৰা আহিলুং আমি দৰকাৰে পুৰী

পাহাৰত পৰিছে টিপ না টিপালি

ডালত পৰি কান্দে টুনি

আধাৰো বহন চাৰিয়া আহিলুং বিয়াৰে বাতৰি শুনি ।

ধাৰাতো নবছং

দলিছা পাৰিয়া দেক বছং

পৰাক দিলো ধাৰা কাইটাৰ

আমাক দিলো মাটি

বহিবাকো আনিয়া দিলো খালি খেৰেৰ আঠি ।

তেলধাৰিয়ে যেতিয়া কইনাক বোকাত লৈ গা ধুৱায় যায়, তেতিয়া নামাতীবোৰে গায় ----

আগেৰ ঘৰখনি আছিলো ৰুকুনী

আগতে দুনি বাতি লয়া

চাৰিদিন হৈলো আয়ো (২)

নৰকতে পৰিয়া

গংগাই ধুইয়া তুলে জলে শুদ্ধ কৰি

কইনাৰ ঘৰে পাছফালে

হিলিয়া আছে জল

কলসি (২) ঢালে যমুনাৰ জল

গা ধুই উঠিলো আয়া

পটুৱাই দিলো ভৰি

তোৰ আছে সমনীয়া

আনিব বোকা ধৰি ।

কইনাক মাক আৰু মামীয়ে কাপোৰ পিন্ধাৰ সময়ত নামাতীবোৰে গায় ----

গা ধুই উঠিলুং

মাওকে পুছিলং

কি কাপোৰ পিন্ধিম ৰে আই

চেঙেৰি ফুলিয়া মাখি মৰিয়া

সেই কাপোৰ বাজাৰতে নাই

আমাৰ আয়া অলপো বসিয়া

মালভোগ কলৰে পুলি

পিন্ধিবা নাজানে কমোৰৰ শিকোল

বান্ধিবা নাজানে চুলি ।

আমাৰ আয়া অলপো বসিয়া

মালভোগ কলৰে পুলি

চিৰকো চিৰকো আয়াৰ কাপোৰ

মাওয়ে বই দিবা পাৰে

তোৰ মামীয়ে আনিছে বাসুগাঁ‌ৱৰ (*) পাৰা চিৰণি

সোনাই-গুণাই-টানা যোৰি

কাচাবা লাগছে অ'ৰ মামী ।

কপালে কপালে দেখং সেন্দুৰেৰ ফোট (২)

আমি আহিছুং কইনা চাবা(২)

কইনা থৈছো ক'ত ।(২)

দাইন হাতে ৰূপাৰ খাৰু আমি পৰছি(২)

তোৰ মাওয়ে বেলা কৰিছে আমি কৰিম কি(২)

পকা ধান চৰিয়া জৰিয়া

বেলি গেইল ভাটিয়া

কুনবেলা ধুৱাবা গা ধুৱাবা হে

অহে সলেতাৰি সীতাক যত্ন কৰি

ধুইয়া তুলেক তাৰাতাৰি ।

কইনাক চোতালত অনাৰ পিছত নামতীবোৰে গায় ------

গা ধুই উঠিলো আয়া

আসনে বহিয়া

আৱা দুগ্ধে অৰ্ঘা ঢালে

সূৰ্যকে লাগিয়া ।

কইনাই ফুল শিতোৱাৰ সময়ত নামাতীবোৰে গায় -----

অ' ৰে ভাল বাসি বাসি

পৰমেশ্বৰী ফুল শিতায়

হাত ৰাখি ৰাখি

পুষ্পাঞ্জলি দিয়া তবে

ফুলকে শিতায় ফুল

যোৰে হাতো কৰিয়া

তবে ফুলকে শিতাইলো ফুল

কইনাই সাতবাৰ সময়ত নামাতীবোৰে গায় -----

ঘূৰে আয়া ঘূৰে আয়া

ঘূৰে কি কাৰণে

মাঘ মাহত পুত্ৰ হৈছে

কোলে ল'বা কৈছে জনে ।

কইনাক গাজিৰাম দিয়াৰ সময়ত নামাতীবোৰে গায় ----

আহিছে গাজিৰাম জাপাৰে ভিতৰে

পুত্ৰ বুলিয়া জানিবা সীতা ৰখিবি যতনে

কইনাৰ দেউতাকক লৈ নামাতীবোৰে গায় ---

বাটে বাটে যায় ৰে গাজি পানী খাওৱা জাৰি

মূৰ দাঙিয়া চা ৰে গাজি সাইখান আতাৰ বাৰী

সৰু সৰু জেকেনিৰে ডাঙাৰ ডাঙাৰ জাপা

জাপাৰ ভিতৰতে গাজী ৰামেৰ আতা

কইনাৰ দাদাক লৈ নামাতীবোৰে গায় ----

আহা হে চন্তাৰ খৰি অ' গাজিৰাম আহিছে

মামা সনন্ধ ধৰি হে

অ' হৰি ৰাম

কইনাৰ মাকক গাজিৰাম দিয়াৰ সময়ত নামাতীবোৰে গায় -----

গাজিৰাম আহিছে আবু আবু দাকায়

তৰ আবু নিন্দত পৰিছে সাৰিও নাপায়

উঠ হে উঠ হে আবু চিৰা ভিজাও খাং

আতা গিছে গোৱালপাৰাত

খবৰ দিবা যাং ।

ওপৰত উল্লেখ কৰা নিয়ম আৰু গীতবোৰে কয় যে কোচ-ৰাজবংশী জনগোষ্ঠী সকলে এতিয়াও অতীতৰ গগণা, লোক বিশ্বাস আৰু ধৰ্মীয় সংস্কৃতিবোৰ ধৰি বান্ধি ৰাখিছে । ই অতিকৈ গৌৰৱৰ কথা । কোচ-ৰাজবংশী সকলে তোলনি বিয়াত সম্পূৰ্ণ নিজৰ কৃষ্টিৰে পালন কৰা দেখা যায় । ধৰ্মৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ অলংকাৰেৰে এই অনুষ্ঠান সম্পন্ন কৰা হয় আৰু সেই আশীৰ্বাদ লৈয়ে ছোৱালীজনীয়ে যেন আৰম্ভ কৰে জীৱনৰ আন এটা বাট । কোচ-ৰাজবংশী জনগোষ্ঠী সকলৰ তোলনি বিয়াত নাৰীসকলে ৰচা এই ফুৰ্তি তামাচাবোৰে যেন নিজৰ জাতিটোৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ পৃষ্ঠা হিচাপে দখল কৰি আহিছে যি একান্তই প্ৰয়োজন ।

লেখক: জিতজ্যোতি পাটগিৰি,বাসুগাঁও

উৎস:জোনাকীৰ বাটেৰে(ই-আলোচনী)

2.88571428571
বাপোন বৰ্মন Jan 22, 2017 02:19 AM

খুব ভাল হৈছে ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top