মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কোচ ৰাজবংশীৰ লোকভাষা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোচ ৰাজবংশীৰ লোকভাষা :

কোচ ৰাজবংশীৰ লোকভাষাৰ বিষয়ে লিখা হৈছে ।

 

যি সকলে লোকভাষা কয় লোক ভাষাৰ পৰিচয়ৰ সিদ্ধান্ত তেওঁলোকে নলয়৷ এই সিদ্ধান্ত লয় তেওঁলোকে, যি সকলে এই ভাষা নকয় আৰু যিসকলে লোক ভাষাৰ সমৃদ্ধিক ভয় কৰে৷ এই শ্ৰেণীৰ লোকৰ হাতত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে, প্ৰচাৰৰ সাধন থাকে আৰু গণমাধ্যমৰ মাজত এওঁলোকৰ এজেণ্ট থাকে৷

স্বাভাৱিকতেই এনে এটা পৰিস্থিতিত লোকভাষাৰ পৰিচয়ৰ সংকট নিশ্চিত৷ ইয়াৰে উত্তম উদাহৰণ হ’ল- কোচ- ৰাজবংশীসকলৰ টেৰিটৰিয়েল ভাষাটো বা কোচদেশীৰ ভাষাটো৷

এই ভাষাটোক অসমত গোৱালপৰীয়া বুলি নামাকৰণ কৰা হৈছে৷ অকল নামাকৰণেই নহয়, এই ভাষাটোক আধুনিক অসমীয়া ভাষাৰ উপভাষা বুলি প্ৰমাণ সহকাৰে দাঙি ধৰিবলৈও চেষ্টা কৰা হৈছে৷ কিন্তু আমোদজনক কথাটো হ’ল এই একেই ভাষাটোক বঙালী পণ্ডিতসকলেও বঙালী ভাষাৰ উপভাষা বুলি ক’বলৈ পাহৰা নাই৷ অসমত গোৱালপৰীয়া বুলি প্ৰচলিত গীতসমূহ আকৌ বাংলাৰ লোকগীত বুলি প্ৰচলিত৷ প্ৰশ্ন হয়, এটা ভাষাই কেনেদৰে দুটা ভিন্ন ভাষাৰ উপভাষা হ’ব পাৰে? এয়া অসমীয়া আৰু বঙালী জাতীয়তাবাদীৰ বৌদ্ধিক দৈন্য নে দূৰ্নীতি? লগতে এই কথাও মনলে আহে যে এই দুই মাতৃভাষা (অসমীয়া আৰু বঙালী) আচলতে কোচ ৰাজবংশীসকলৰ লোকভাষাটোৰ মাতৃ হয় জানো? নে কথাটো ওলোটাহে অৰ্থাৎ এই পুৰণি লোক ভাষাটোৱে বাৰু আধুনিক অসমীয়া আৰু বঙালী ভাষাৰ জনক নহয়তো? গৱেষণাই অৱশ্যে সেইফালেই আঙুলি টোঁৱায়৷

এইখিনিতে উল্লেখযোগ্য যে এই ভাষাটো গোৱালপৰীয়াৰ উপৰিও, ৰাজবংশী, দেশী আৰু কামতাপুৰী বুলিও জনাজাত৷ তদুপৰি এই ভাষাটো ৰাজবংশী নামেৰে নেপালত চৰকাৰীভাৱে স্বীকৃত ভাষা৷ আনকি শেহতীয়াকৈ সাহিত্য একাডেমীয়েও ৰাজবংশী ভাষাটোক ‘ভাষা সন্মান’ বঁটাৰে স্বীকৃতি দিছে৷ তৎসত্ত্বেও অসমত এই ভাষা গোৱালপৰীয়া উপভাষা৷ মনকৰিবলগীয়া কথাটো হ’ল- ভাষাবিদ মেথিউ টউলমিনে কোচ-ৰাজবংশীসকলৰ এই ভাষাটোক আঠশ বছৰ পুৰণি বুলি উল্লেখ কৰিছে, লগতে তেওঁ উল্লেখ কৰিছে যে এই ভাষা অসমীয়া আৰু বঙালীতকৈ পুৰণি৷

কোচ ৰাজবংশীসকলৰ লোকভাষাৰ সংকটটো অতি জটিল; ইয়াৰ সংকট অন্য ভাষাৰ দৰে অকল অস্তিত্বৰে নহয়, ইয়াৰ সংকট পৰিচয়ৰো৷ ভাৰতবৰ্ষৰ নতুন ৰাজনৈতিক আঞ্চলিক পৰিচয়বোৰত পৰম্পৰাগত কোচ ৰাজবংশী অঞ্চলসমূহ মূলত অসম আৰু বংগত চামিল হৈ পৰিল৷ অসম আৰু পশ্চিম বংগ ভাষিক জাতীয়তাবাদৰ ৰাজ্য৷ ইয়াত মূলসূঁতিত চামিল নহ’লে জাতীয়তাবাদীসকলে বেয়া পায়, সন্দেহৰ চকুৰে চায়৷ ধৰ্মান্তকৰণ নহ’ল যদিও, কোচ ৰাজবংশীৰ ভাষান্তকৰণ হ’ল৷ পিচে ভাষিক জাতীয়বাদৰ আগৰ জোৰ নাই৷ অসমীয়াই বহুত্ববাদ বহু আগতেই শিকিলে, বঙালীয়েও মন নগ’লেও শিকিব ধৰিছে৷ তাৰ মাজতেই কক্‌বকাই কোচ ৰাজবংশীসকলৰ লোকভাষাৰ জীয়াই থকাৰ প্ৰয়াস৷ কোনোবাই প্ৰাথমিক পাঠ লিখিছে, কোনোবাই কবিতা লিখিছে, গায়কে গাইছে, ‘লালপাৰি দিয়া পাতানি পিন্ধীয়া কোথাই তুই যাইছ ৰে..’…মুঠৰ ওপৰত সংগ্ৰাম চলিছে৷ এই সংগ্ৰামেই কোচ ৰাজবংশীসকলক নিজৰ ভাষা সম্পৰ্কে আত্মবিশ্বাসী কৰি তুলিছে৷

লেখক: অৰূপজ্যোতি দাস

উৎস: সাহিত্য.অৰ্গ

 

 

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top