মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কলা-সংস্কৃতিৰ সম্পদ দেৱ-দেৱীৰ মূৰ্তি: বিভিন্ন দেশৰ শক্তিপূজা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলা-সংস্কৃতিৰ সম্পদ দেৱ-দেৱীৰ মূৰ্তি: বিভিন্ন দেশৰ শক্তিপূজা:

 

অতি প্ৰাচীন কালৰে পৰাই অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যত দেৱ-দেৱীৰ পূজা-অৰ্চনা, উৎসৱ-পাৰ্বণ আদি চলি আহিছে। ভিন ভিন সময়ত ৰাজন্যবৰ্গয়ো এই পূজা-পাৰ্বণ, উৎসৱ আদিক পৃষ্ঠপোষকতা কৰি আহিছে। অনাগত দিনৰে পৰা কেৱল যে ভাৰতবৰ্ষতেই পূজা-পাৰ্বণ আদি প্ৰচলিত হৈ আহিছে এনে নহয়। পৃথিৱীৰ ভিন ভিন দেশতো এনে পূজা উৎসৱ চলাৰ ইতিহাস পোৱা যায়। উদাহৰণ স্বৰূপে পৃথিৱীৰ বিভিন্ন দেশত প্ৰচলিত হৈ অহা দেৱী পূজাৰ ইতিহাস এনেদৰে উল্লেখ কৰিব পৰা যায়। ৰোমত ৰোমানসকলৰ দেৱী পূজা চিচিলি ভাৰতবৰ্ষৰ দুৰ্গাসদৃশ। জাৰ্মানসকলৰ নেথাচ দেৱীও পৃথিৱীৰ মাতৃস্বৰূপা বুলি আখ্যা দাঙি ধৰা হৈছে। এনেদৰে গ্ৰীকসকলৰ মাতৃ পূজাৰ দেৱীৰ পূজিতা ধৰিত্ৰী আৰ্থ বা বহী। ভাৰতবৰ্ষত আৰ্থৰ থকা মহিমাময়ীয়েই আদি দেৱী আছিল বুলি কোৱা হয়। সত্য, বৃহৎ, উগ্ৰ, দীক্ষা, ওপঃ ব্ৰহ্ম আৰু যজ্ঞই পৃথিৱীক ধাৰণ কৰি থকা বুলি বেদ-উপনিষদত কোৱা হৈছে। ঋতুৱে প্ৰদৰ্শন কৰা অনেক দিশৰ ৰূপ দশ মহাবিদ্যাস্বৰূপা মহামায়া দেৱী দুৰ্গা। দুৰ্গা, চণ্ডী, চামুণ্ডা, কালী, মহামায়া আদিৰে পৃথিৱীৰ বিভিন্ন দেশত পূজা-পাৰ্বণ চলি থকা একো একোটি দুৰ্গাৰেই ৰূপ মাথোন।

উমাদেৱীৰ কল্পনা প্ৰথমে গ্ৰীকসকলেই কৰা বুলি জনা যায়। এছিয়া, ইউৰোপ, আফ্ৰিকা আদিতো অবিকল মাতৃদেৱীৰ উপাসনাৰ উমান পোৱা যায়। সেই সময়ত উক্ত সিংহযুক্তা দেৱী মূৰ্তি সৰ্বাধিক আৰু সৰ্বব্যাপী প্ৰসাৰণ হৈ আহিছে। ক্ৰীট দীপৰ সিংহবাহনা মাতৃদেৱীৰ কাহিনী এনে ক্ষেত্ৰত অধিক স্মৰণীয়। মহাভাৰতত উল্লেখ আছে যে যুধিষ্ঠিৰে যোগমায়া, মহিষ মৰ্দিনী চতুৰ্ভূজ, চতুবক্ৰা দুৰ্গা দেৱীৰ স্তৱ কৰিছে। পঞ্চপাণ্ডৱ অৰ্জুনেও স্তৱ কৰিছে সেই দেৱীৰ সিদ্ধি দাত্ৰী ব্ৰহ্মা স্বৰূপা সৃষ্টি, স্থিতি প্ৰলয়ংকাৰী জড়া-মৃত্যুহীনা ৰুদ্ৰ কালী বিজয়া মুক্তিস্বৰূপা সাবিত্ৰী কাল ৰূপিনী মোহিনী শক্তিমতী পৰমা সম্পতু জননী স্বৰূপা দেৱীক পূজা কৰি আহিছে। মহিষ মৰ্দিনী ৰূপৰ প্ৰাচীনতম নিদৰ্শন মধ্য ভাৰতৰ উদয় গিৰিত দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসন কালত নিৰ্মিত প্ৰস্তৰ মূৰ্তিও পোৱা যায়।

উত্তৰ ভাৰত আৰু দক্ষিণ-পশ্চিম ভাৰতত দেৱী পূজাৰ প্ৰচলন ঠায়ে ঠায়ে অনুষ্ঠিত হোৱাৰ উমান পোৱা যায়। অজন্তা-ইলোৰাৰ লঙ্গেশ্বৰ গুহা মন্দিৰৰ পূব ফালৰ নিহালিত থকা প্ৰস্তৰ মূৰ্তি শিৱ-পাৰ্বতীৰ যুগল মূৰ্তিৰ উপৰি পাৰ্বতী বা তেনে দেৱী মূৰ্তি অকলশৰেও খোদিত কৰা হৈছে। পুৰাণৰ মতে পাৰ্বতী দেৱীয়েই দেৱতাসকলৰ একমাত্ৰ মাতৃস্বৰূপা দেৱী এঘাৰ শতিকাৰ পাল বংশৰ ৰাজত্বৰ সময়ত নিৰ্মিত উত্তৰ বংগৰ চণ্ডী মূৰ্তিয়ে বিশেষভাৱে আকৰ্ষণীয় স্থান অধিকাৰ কৰিছে। ভাৰতীয় শিল্প শাস্ত্ৰৰ নীতি নিৰ্ধাৰণ মতে নাৰীৰ বক্ষস্থানতকৈ নিতম্ব কিছু প্ৰশস্ত কিন্তু উত্তৰ বংগৰ এই নাৰীমূৰ্তিবিলাকত অন্য ঠাইৰ মূৰ্তিৰ দৰে এনে সূত্ৰ ৰক্ষা কৰা হোৱা নাই।

মালৱাৰৰ ৰজা কুমলেশ্বৰে মিনাক্ষী নামেৰে এক দেৱী মূৰ্তি তৈয়াৰ কৰি পূজা-পাৰ্বণ কৰাইছিল বুলি ইতিহাস প্ৰসিদ্ধ। এই দেৱী পূজা কৰিয়েই কুমলেশ্বৰে পৃথিৱী জয় কৰাৰ সপোন দেখিছিল। ইতিমধ্যে ভাৰতৰ বহু ৰাজ্য তেওঁৰ অধীনলৈ আনে। সেইবাবেই এসময়ত কমলেশ্বৰেই ভাৰতবৰ্ষত দেৱী পূজাক এক জনপ্ৰিয় অনুষ্ঠানলৈ পৰিণত কৰি তোলে। বংগদেশত সেনবংশৰ ৰজাসকলে শাসন কৰাৰ সময়ত পৱিত্ৰ গংগাদেৱী মূৰ্তি তৈয়াৰ কৰি গংগাদেৱীৰ পূজা আৰম্ভ কৰিছিল। নদীমাতৃক কেন্দ্ৰ কৰিয়েই দেৱীৰ শস্য-শ্যামলা বিনন্দীয়া ৰূপেৰে পূজা-অৰ্চনা কৰি দেশত সমৃদ্ধি বঢ়াই তুলিছিল বুলি প্ৰকাশ কৰি গৈছে। আজিও এই গংগা মাতৃস্বৰূপা দেৱীৰ পূজা সমগ্ৰ ভাৰতবৰ্ষত প্ৰচলিত হৈ আছে।

ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰেই অসমতো অতি প্ৰাচীন কালৰ পৰাই দেৱ-দেৱীৰ মূৰ্তি পূজা চলি আহিছে। বড়ো, কছাৰী, চুতীয়া, সোণোৱাল, কছাৰী, দেউৰী, ৰাভা, তিৱা, মিৰি, মিচিং, মিচিমি, কাৰ্বি, মটক, মৰাণ, বৰাহী, খামতি, কোচ, কলিতা, ব্ৰাহ্মণ, আহোম, নেপালী, মণিপুৰী চাহ শ্ৰমিক, বনুৱা আদি ভিন ভিন সম্প্ৰদায়ে অতীতৰে পৰা বৰ্তমানলৈকে দেৱ-দেৱীৰ পূজা-পাতল কৰি আহিছে। ইয়াৰ পূজা পদ্ধতিৰ তাৰতম্য থাকিব পাৰে। কিন্তু ভিন ভিন নামেৰে প্ৰত্যেকেই একে দেৱ-দেৱীকে পূজা-অৰ্চনা কৰে।

সেই মতে অসমত প্ৰাচীন বহুতো দেৱ-দেৱীৰ মূৰ্তি আৱিষ্কৃত হৈ আহিছে। ইয়াৰ ভিতৰত উল্লেখ কৰিব পাৰি যে বৰ গংগাৰ প্ৰাচীন উমা মহেশ্বৰৰ মূৰ্তি। বিশেষকৈ ইয়াৰ উমা দেৱীৰ মূৰ্তিত ৰূপ-লাৱণ্য চালে চকু ৰোৱা বিধৰ আছিল। নগৰ-চহৰৰ পৰা ৩৯ কিলোমিটাৰ পশ্চিমে যোগীজানৰ পৰা ২৩ কিলোমিটাৰ দূৰৈত নভঙা কছাৰী লোকৰ বসতি অঞ্চলত চামুণ্ডা দেৱীৰ মূৰ্তি অতি প্ৰাচীন। ইয়াত পুৰণি কালৰ পৰাই পূজা-পাতল চলি আহিছে। আনহাতে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰতে ভদ্ৰকালী নামৰ এটি প্ৰাচীন মূৰ্তি আছে। এই মূৰ্তি বৰৰাণী ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে বুলি বুৰঞ্জীপ্ৰসিদ্ধ। এই মূৰ্তিত প্ৰাচীন অসমীয়া আ-অলংকাৰ খোদিত আছে। লংকেশ্বৰ গুহা মন্দিৰত থকা চতুৰ্ভূজ ৰূপৰ উমা দেৱীৰ একাকিনী মূৰ্তিয়েই অসমৰ প্ৰাচীন শিল্পৰ নদৰ্শন দাঙি ধৰিছে।

উজনি অসমৰ ভিন ভিন স্থানত চুতীয়া ৰজা আৰু আহোম ৰজাই অনেক মূৰ্তি নিৰ্মাণ কৰাইছিল। চুতীয়া ৰজাৰ কাৰু-কাৰ্য অতি প্ৰাচীন নিদৰ্শনযুক্ত। বৰ্তমান অৰুণাচলস্থিত মালিনী থান, পদুমণি থান, শদিয়াস্থ তাম্ৰেশ্বৰী মন্দিৰৰ মূৰ্তিয়েই এনেবিলাক প্ৰাচীন কাৰু-কাৰ্য তথা প্ৰাচীন অসমৰ শিল্পকলাৰ একো একোটি নিদৰ্শন বিৰাজমান হৈ আছে বুলি ক’ব পৰা যায়।

কাৰ্বি আংলং জিলাৰ দেওপানীৰ দেৱী মূৰ্তি কছাৰী ৰজাৰ ৰাজত্বৰ দিনৰে। এই কাৰ্বি আংলং জিলাৰে পৰ্বতত উদ্ধাৰ হোৱা মহিষ মৰ্দিনী মূৰ্তিটোৱেই প্ৰথম দেৱী বুলি জনা যায়। হাজোত এটি বিতোপন দেৱী মূৰ্তি আছে। এই মূৰ্তি প্ৰাক আহোম যুগৰ বুলি ঠাৱৰ কৰা হৈছে। ঢেকীয়াজুলিতো এটি প্ৰাচীন দেৱী মূৰ্তি আছে। গুৱাহাটীৰ উলুবাৰীৰ মাজমজিয়াত এটি দশভূজা দুৰ্গা মূৰ্তি আছে। এই মূৰ্তিটো ১১ ফশতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। শুৱালকুছিৰ সিদ্ধেশ্বৰী মন্দিৰত এটি শিলত কটা দেৱী মূৰ্তি আছে। গুৱাহাটীৰ চত্ৰাকাৰ পাহাৰত ১০ম শতিকাৰ এটি দূৰ্গা মূৰ্তিত আজিও নিয়মিতভাৱে পূজা-সেৱা কৰি থকা হৈছে। বৰ্তমান অৰুণাচলৰ লিকাবালিত চুতীয়া ৰজাৰ প্ৰাচীন কালৰ নানান দেৱী মূৰ্তি মালিনী থানত বিৰাজমান হৈ আছে। এইবিলাক মূৰ্তি শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত থকা মূৰ্তিৰ আৰ্হিৰেই। মঙলদৈৰ পৰা উদ্ধাৰ হোৱা কেইটামান দেৱী মূৰ্তি অতি প্ৰাচীন আৰু অসমৰ ভিতৰতে বিৰল। গুৱাহাটীস্থ কাহিলিপাৰাৰ ব্ৰঞ্জৰ দেৱী মূৰ্তিটোৱে ইতিমধ্যে সৰ্বভাৰতীয় অনুসন্ধিৎসু সচেতন মহলৰে দৃষ্টি আকৰ্ষণ কৰি তুলিছে। গোৱালপাৰা জিলাৰ কেইবা ঠাইতো দেৱী দুৰ্গাৰ মূৰ্তি আৱিষ্কৃত হৈছে। এই মূৰ্তিবিলাক নিকটৱৰ্তী সূৰ্যপাহাৰত আৱিষ্কৃত প্ৰাচীন দশম শতিকাৰ দুৰ্গা মূৰ্তিৰ সমসাময়িক বুলি ঠাৱৰ কৰা হৈছে।

ওপৰত উল্লেখ কৰি অহা এই দূৰ্গা মূৰ্তি আৰু অন্যান্য দেৱী মূৰ্তিবিলাক দ্বিভূজা, চৰুৰ্ভূজা, ষষ্ঠভূজা, দশভূজা আৰু দ্বাদশ ভূজা আদি নানান ধৰণৰ পোৱা যায়। এই মূৰ্তিবিলাকত ভক্তসকলে ভিন ভিনভাৱে পূজা-অৰ্চনা কৰি আহিছে। ধৰ্মীয়ভাৱে ভক্তসকলে পূজা-পাতল কৰি অহাৰ উপৰি মূৰ্তিসমূহ দেশৰ একো একোটি কলা-সংস্কৃতিৰ সম্পদ ৰূপে বিৰাজমান হৈ আছে। আহোম শাসনৰ সময়ত ভালেকেইজন আহোম স্বৰ্গদেৱে দেৱ-দেৱীৰ মূৰ্তি শিলত কটাই আৰু কোনো কোনো ঠাইত সোণৰ মূৰ্তি নিৰ্মাণ কৰি ভূ-সম্পত্তিসহ ব্ৰাহ্মণসকলক দান দিয়াৰ বিষয়ে বুৰঞ্জীত লিপিবদ্ধ আছে। বিশেষকৈ বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে দেৱীমূৰ্তি তৈয়াৰ কৰাই বলি-বিধান কৰোৱাৰ কথাও বুৰঞ্জীত ৰজনজনাই আছে। তেওঁৰ দিনতেই অসমত শাক্ত ধৰ্মৰ প্ৰভাৱে প্ৰভাৱান্বিত কৰি তুলিছিল। তেওঁৰ দিনত নিৰ্মাণ কৰা বহুতো দেৱী মূৰ্তি অসমৰ বহু ঠাইত সিঁচৰতি হৈ আছে। শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ কেঁচাইখাতী গোসাঁনীৰ ওচৰত নৰবলি দিয়াৰ প্ৰথাও বহু দিনলৈকে চলি আছিল। এতিয়া অসমত দেৱীৰ ওচৰত বলি-বিধানৰ প্ৰভাৱ হ্ৰাস পালেও পূজাৰ প্ৰভাৱ কমা নাই। পুৰণি ঠাইতে শিল্পীসকলে তৈয়াৰ কৰা বৰ্তমানৰ মৃৎ শিল্প আদিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে।

শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱত দেৱীৰ ওচৰত নৰবলিকে ধৰি বলি-বিধানৰ প্ৰথা বিলুপ্তি হৈ অহাত পূজা এক উৎসৱলৈ ৰূপান্তৰ ঘটে। পূজাত ভক্তসকলে মাত্ৰ দেৱীৰ ওচৰত পূজা-অৰ্চনা আদিত আকৃষ্ট হয়। অধিকসংখ্যক লোকেই এই পূজাৰ আলমতে উৎসৱ হিচাপে প্ৰতিপন্ন কৰি বিভিন্ন সাংস্কৃতিক সৌধ নিৰ্মাণ কৰে। পূজাৰ আলমতে গঠন হোৱা সাংস্কৃতিক অনুষ্ঠানসমূহো দেশৰ ঐক্য-সংহতি আৰু সম্প্ৰীতি স্থাপনৰ মূল উৎস বুলি ক’ব পৰা যায়। ইয়াৰ লগতে সংগতি ৰাখি দেশৰ বিভিন্ন ঠাইত নিৰৱচ্ছিন্নভাৱে থিয় হৈ থকা দেৱ-দেৱীৰ প্ৰাচীন মূৰ্তিসমূহে একো একোখন দেশৰ প্ৰত্নতাত্ত্বিক সম্বল ৰূপে পৰিগণিত হৈ আহিছে।

চীন দেশত ভূমি দেৱীৰ পূজা বৃক্ষ পূজাৰ লগত জড়িত। চীনা লোকসকলে জীৱনৰ উৎস এজোপা বৰগছ বুলি ধাৰণা কৰে। সৰ্বকায়ৰে আগুৰি থকা গছজোপাই মানুহক জীয়াই থকাত সহায় কৰি জীৱন ৰক্ষা কৰে। জাপানতো এনে বৃক্ষকে দেৱী বুলি ধাৰণা কৰা হৈছে। সুদূৰ প্ৰাচ্যৰ এই ভূমি দেৱীৰ লগত বৃহৎ বৃক্ষৰ সম্বন্ধ ঘনিষ্ঠভাৱে জড়িত। সেই দেৱীয়ে কোনো কোনো দেশত, কেতিয়াবা ড্ৰেগনত উঠি, কেতিয়াবা মৎস্য কন্যাৰ বেশত অথবা সৰ্পকন্যাৰ বেশত প্ৰবাদ মতে ভক্তবৃন্দক দেখা দিয়েহি।

জাপানী লোকসকলৰ ‘কোজিকা’ আৰু নিহুংগি আকাশ মাতৃ আৰু ভূমি মাতৃসদৃশ চিৰ বিদ্যামান। অতি প্ৰাচীন কালৰে পৰা গ্ৰীচ আৰু ক্ৰীট দেশ তথা সমগ্ৰ ইউৰোপজুৰি এই ভূমি দেৱীক পূজা-অৰ্চনাৰে মানি অহা হৈছিল। ক্ৰেটান সকলৰ ভূমি দেৱীৰ প্ৰতীক আছিল সৰ্প, পৰ্বত, গছ, স্তম্ভ, কপৌ আৰু হংস আদিয়েই প্ৰধান। এই ভূমি দেৱী প্ৰকৃতাৰ্থত শস্যৰ দেৱী, ভূমি তথা শস্যৰ দেৱী চিবিলি আৰু ডিমিটৰৰ উপাখ্যানসমূহেও এক কথা সূচায় যে প্ৰাচীন কালৰে পৰা জনসমাজত শস্যক সৃষ্টিৰ প্ৰতীক হিচাপে গণ্য কৰি সুন্দৰ সুন্দৰ বিশ্ব বৰেৰ্ণ্য আখ্যান সৃষ্টি কৰি আহিছে। যিদৰে ভাৰতবৰ্ষতো মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীয়ে এক প্ৰেৰণাময়ী ভগৱত ঐশ্বৰ্য প্ৰকাশ কৰিছে।

ভিন্ন সম্প্ৰদায়ৰ মাজত শক্তি পূজাৰ স্থান:

মানৱ সভ্যতাৰ আদি যুগৰ পৰা প্ৰাচীন বিভিন্ন ধৰ্মবিশ্বাসৰ মানত পৃথিৱীত মাতৃৰ ধাৰনা সুস্পষ্ট ৰূপত থকাৰ ইতিহাস আৰু ধাৰণা, নিদৰ্শন আদিয়ে প্ৰমাণ কৰি আহিছে। প্ৰাক আৰ্য সভ্যতাৰূপে মহেঞ্জেদাৰো আৰু হৰপ্পাৰ ইতিহাস প্ৰসিদ্ধ যিবোৰ শৈল্য স্তম্ভৰ নিদৰ্শন আৱিষ্কৃত হৈছে তাৰ মাজত উদ্ধাৰ পোৱা শিলত কটা নাৰীমূৰ্তি কিছুমানক মাতৃদেৱীৰ মূৰ্তি বুলি পণ্ডিতসকলে প্ৰকাশ কৰিছে।

এনে পৰ্যায়ৰ মাতৃ প্ৰতিমাসমূহৰ ভিতৰত বহু খিনি মাতা পৃথিৱীৰ মূৰ্তি বুলিও তেওঁলোকে বিভিন্ন দিশৰ পৰা চিন্তা কৰি স্থিৰ কৰিছে। পৰৱৰ্তী কালৰ মাতৃ মূৰ্তি, দেৱী মূৰ্তি পৰিকল্পনাৰ এয়েই আছিল প্ৰথম পদক্ষেপ। শস্য-শ্যামলা-বসুন্ধৰা মাতৃৰূপে প্ৰাণ আৰু প্ৰজনন শক্তিৰ প্ৰতীক ৰূপে এনেকৈয়ে ধৰ্মৰ বেদীত মূৰ্তি স্থাপিত হৈছিল। বিশেষভাৱে প্ৰাচীন ধৰ্ম বিশ্বাস বিশ্লেষণ কৰিলে বিশ্বৰ বহু ঠাইত মাতৃ-দেৱীৰ ধাৰণা দেখিবলৈ পোৱা যায়। এই কথাও লক্ষণীয় যে এই মাতৃদেৱী বহু ক্ষেত্ৰত পৃথিৱী দেৱীৰূপে পূজিতা হৈ আহিছে। মেক্সিকো দেশৰ মাতৃদেৱী পৃথিৱীদেৱীৰূপে পৰিহিত হৈছে। জাৰ্মানসকলৰ নৈথাচ দেৱী হৈছে মাতৃস্বৰূপা পৃথিৱী।

সেইদৰে প্ৰাচীন গ্ৰীকসকলৰ মাতৃদেৱীও পৃথিৱী। তেওঁৰ নামকৰণ কৰা হৈছে ৰহী। ৰোমান দেৱী চিবিলিও মূলতঃ আছিল পৃথিৱী দেৱীহে। ভাৰতবৰ্ষৰ আদিমবাসীৰ দ্বাৰা পূজিতা অজস্ৰ দেৱীও মূলতে শস্য আৰু প্ৰজনন শক্তিৰ প্ৰতীক স্বৰূপা আৰু বসুমতী।

বৰ্ষা ঋতুৰ প্ৰাৰম্ভণিত পৃথিৱী ৰজস্বলা হোৱাৰ যি ধাৰণা লৌকিক বিশ্বাস অম্বুবাচী ৰূপত আজিও সি সজীৱ কৰি ৰাখিছে, সেই ধাৰণাই পৃথিৱী তথা প্ৰকৃতিক ভাৰতীয়সকলে বহুতেই মাতৃৰূপে জ্ঞান কৰাৰ স্পষ্ট প্ৰমাণ উজলাই ৰাখিছে। পৃথিৱীৰ ভিন্ন ঠাইৰ কথা বাদ দিও অসমৰ গাতে লাগি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো এই দেৱী পূজা পৃথকে পৃথকে অনুষ্ঠিত কৰা হয়। মেঘালয়ৰ খাচীসকলৰ মতে মেইখা হৈছে দেৱগুণ থকা আই গোসাঁনী। কামাখ্যা সম্বন্ধে থকা পাহাৰীয়া লোকৰ কিংবদন্তিবোৰত গাৰো আৰু খাচী দুয়ো জনজাতি জড়িত।

লেখক: প্ৰফুল্লপ্ৰাণ মহন্ত(ৰাইজৰ বাতৰি)

 

 

 

2.82608695652
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top