অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলিয়াবৰৰ বটুগোসাঁই নামঘৰ

কলিয়াবৰৰ বটুগোসাঁই নামঘৰ

 

ছয় অঁৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ সম্ভ্ৰান্ত গাওঁসমূহৰ ভিতৰত অন্যতম গাওঁ হৈছে সৰুভগীয়া। জখলাবন্ধা চহৰৰপৰা প্ৰায় দুই কিলোমিটাৰ দক্ষিণে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ নিচেই কাষতে অৱস্থিত এই সৰুভগীয়া গাওঁখন। গাওঁখনিৰ ভাওনা-সাংস্কৃতিৰ ঐতিহ্য মন কৰিবলগীয়া।

মহাপুৰুষ দুজনাৰ ভাওনা সংস্কৃতিৰ বৰঘৰ স্বৰূপ আছিল সৰুভগীয় গাওঁখনিৰ ৰূপৰ নামঘৰ। নামঘৰটি কিমান শক বা চনত স্থাপন হৈছিল সেয়া বিতংকৈ ক’ব পৰা নাযায়। কিন্তু নামঘৰটিৰ নাম কিয় ৰূপৰ নামঘৰ হ’ল, সেই বিষয়ে দুটা প্ৰবাদ আছে। প্ৰথম প্ৰবাদ মতে, ৰূপ সন্দিকৈ নামৰ এজন আহোম বিষয়াই সৰুভগীয়া শয়েকে ইশ্বৰ সেৱাৰ কাৰণে এই নামঘৰটি সজাইছিল।

সেই ফালৰপৰা নামঘৰটিৰ নাম ৰূপৰ নামঘৰ হ’ল বুলি জনা যায়। এইজন সন্দিকৈৰে ‘মৈদাম’ ৰূপৰ দৌল নামেৰে নামঘৰটিৰ প্ৰায় সমীপত এতিয়াও বিদ্যমান।

দ্বিতীয় এক প্ৰবাদ মতে, ৰূপাই নামৰ এজন লোকে হেনো পোনতে এই নামঘৰটি চোৱা-চিতা কৰিছিল, সেই ফালৰপৰা নামঘৰটিৰ নাম ‘ৰূপৰ নামঘৰ’ হ’ল বুলি জনা যায়।

এই নামঘৰতেই আসন পাতি সজাই ৰখা শ্ৰীশ্ৰী বিঢ়িমপুৰ সত্ৰ(কুঁৱৰীটোল)ৰ কোনো এজন অজ্ঞাত শিল্পীৰ হাতৰ পৰশত প্ৰায় ১৮ শতিকাতে প্ৰাণ পাই উঠা এটি ‘বটু গোসাঁই’ৰ মুখ্য। নামঘৰটিত বটু গোসাঁইৰ মুখাখন ৰখাৰ বাবেই মানুহৰ মুখে মুখে এই নামঘৰটিৰ নাম ‘বটু গোসাঁই’ নামঘৰ বুলি জনাজাত হ’ল।

আজিও মানুহৰ মাজত ‘বটু গোসাঁই’ নামঘৰ বুলি প্ৰচলিত। কলিয়াবৰৰ কুঁৱলীটোলস্থিত সেই সময়ত বিঢ়িমপুৰ সত্ৰৰ কোনো এজন অজ্ঞাত ভাস্কৰ্য শিল্পীৰদ্বাৰা নিৰ্মিত এই বটু গোসাঁই মুখাটিৰো এক কাহিনী আছে। মানুহৰ মুখ বাগৰি অহা কাহিনী অনুসৰি তেতিয়াৰ দিনত আজিৰ দৰে গাঁৱৰ নামঘৰসমূহত বিজুলী চাকিৰ ব্যৱস্থা নাছিল।

বিকল্প আছিল ভোটা জ্বলাই পোহৰ কৰা। ভাৱৰীয়াৰ সাজপাৰ , মেকআপ আজিৰ দৰে নাছিল। তেনে এক অৱস্থাতে এই শিল্পীগৰাকীৰদ্বাৰা নিৰ্মাণ হৈছিল এই বটু গোসাঁইৰ মুখাখন। কেৱল মুখ্যখনেই নহয়, মুখাটিৰ লগত সংলগ্ন সম্পূৰ্ণ শৰীৰটি নিৰ্মাণ কৰা হৈছিল। মুখ্যটিৰ উচ্চতা হৈছে প্ৰায় ৪ ফুট আৰু গোলাইটো হৈছে প্ৰায় ৬ ফুট।

তাহানিতে সেই নামঘৰত ‘বলীচলন’ ভাওনাখনি অনুষ্ঠিত কৰিবলৈকে এই ‘বটু’ চৰিত্ৰটো বাঁহ-বেত, মাটিৰে নিৰ্মাণ কৰা হৈছিল মূৰ্তি আকাৰে। নামঘৰৰ মূধচত লাগো-নালাগোকৈ নিৰ্মাণ কৰা মূৰ্তিটো সজাই ৰখা হয় যদিও ভাওনা চলি থকা সময়ত বটু চৰিত্ৰটোৱে বচন ক’বলগীয়া হ’লে বটু চৰিত্ৰটোত অভিনয় কৰা লোকজনে বটু মূৰ্তিটোৰ পাছফালেদি ভিতৰি ভিতৰি মুখখনৰ ওচৰলৈ যাব পৰা জখলাৰে বগাই গৈ বচন মাতি দৰ্শকক চমক খুৱাইছিল।

দৰ্শকৰ মাজত এই প্ৰকাণ্ড মূৰ্তিটোৱে যেন বচন কৈছে, এনে পৰিৱেশ সৃষ্টি কৰি দৰ্শকক আচৰিত কৰিছিল। প্ৰায় ১৫/১৬ ফুট দৈৰ্ঘ্যৰ মূৰ্তিটোৰ ভিতৰেৰে জখলাৰে ওপৰলৈ উঠি যাবলৈ জখলাৰ ব্যৱস্থা কৰিবলৈও সম্পূৰ্ণ অন্ধকাৰে আবৰি ৰখা ঠাইখনক পোহৰাই তুলিবলৈকে ভোটাৰ ব্যৱস্থা কৰিছিল।

বিজুলী চাকিৰ সুবিধা নথকা সেই সময়ছোৱাত ভোটা জ্বলাই ভাওনা কৰা হৈছিল। সৰুভগীয়া নামঘৰলৈ সেই সময়ত বিঢ়িমপুৰ সত্ৰৰপৰা এই বুঢ়া গোসাঁইৰ মুখাটো অনা হৈছিল। গাঁৱৰ ৰাইজে মহাড়ম্বৰে বলীচৰণ ভাওনা পাতি আনন্দ উপভোগ কৰিছিল।

ভাওনাৰ অন্তত মূৰ্তিটো গাঁৱৰ ৰাইজে সযতনে ঘূৰাই দিছিল। বহু বছৰৰ অন্তত গাওঁখনৰ ৰাইজে নামঘৰত পুনৰ ‘বলীচলন’ নাটভাগ কৰাৰ কথা ভাবিলে। ভবা মতে কাম। বটু মূৰ্তিটোৰ গা অথবা শৰীৰ অংশ সম্পূৰ্ণ ভাগি-ছিগি নষ্ট হৈছে।

সেয়ে বটুৰ মুখাখনকে নি ভাওনা কৰাগৈ। আমাক এই মুখাটি পুনৰ ঘূৰাই দিব নালাগে। তোমালোকৰ নামঘৰতে সযতনে ৰাখি থবা বলি সত্ৰৰ গৰাকীয়ে প্ৰকাশ কৰিলে। সৰুভগীয়া গাঁৱৰ ৰাইজেও মুখাখন আনি যথাভাৱে ভাওনা শেষ কৰি বটুৰ মুখাখন নামঘৰৰ মূল সিংহাসনৰ কাষতে আসন পাতি সজাই থ’লে।

গাওঁখনৰ ভক্তিপ্ৰাণ ৰাইজেও মূল আসনভাগৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ আন এক ৰূপ বটু গোসাঁই মুখাখনিৰ সন্মুখতে সেৱা-অৰ্চনা কৰি থাকিল। আশ্চৰ্যৰ কথা যে প্ৰায় দুশ বছৰ অতিক্ৰম কৰা বুলি অনুমান কৰা বটু মুখাখনত নিৰ্মাণ কালতেই শিল্পীয়ে যি হেঙুল হাইতা লোৰ ৰং বোলাইছিল, তাৰ পিছৰপৰা আজি পৰ্যন্ত মুখাখনত অকণো ৰং ঘহা হোৱা নাই। কিন্তু এতিয়াও বটু গোসাঁইৰ মুখাখনৰ ৰং এৰাই যোৱা নাই অথবা নাইকিয়া হোৱা নাই।

এতিয়াও মুখাখন চালে এনেহেন লাগে যেন মুখাখন নতুন হৈয়ে আছে। মুখাখনৰ ৰঙৰ উজ্জ্বলতাই আজিও নামঘৰটিৰ ভিতৰৰ পৰিৱেশ পোহৰাই ৰাখিছে। সত্তৰৰ দশকৰ আগলৈকে নামঘৰটি গোটা বাঁহৰ ৰুৱাৰ চালত খেৰৰে ছোৱা আছিল। খুঁটাবোৰ আছিল কাঠৰ।

১৯৭৫ চনৰ পিছত ৰাইজৰ দান-বৰঙণিৰে নামঘৰটিয়ে আজিৰ ৰূপ লয়। এই নামঘৰৰ মহিমা অপাৰ। নামঘৰটিৰ ভিতৰভাগত থকা বটু গোসাঁই মুখাখনে যি ধৰণে ভকত-বৈষ্ণৱৰ মনত আধ্যাত্মিক ভাব জগাই তোলে, ঠিক তেনেদৰে নামঘৰটিৰ দুৱাৰমুখত চোতালত থকা বহু বছৰ পুৰণি বকুল গছজোপাই নামঘৰটিৰ বাহিৰৰ পৰিৱেশ গহীন-গম্ভীৰ কৰি ৰাখে।

১৯৭২ চনৰপৰা বিভিন্ন কাৰণত প্ৰায় বিশ বছৰ ধৰি এই নামঘৰত পূৰ্বৰ ভাওনা সংস্কৃতি স্থবিৰ হৈ পৰিছিল। কিন্তু যোৱা ২৫ বছৰমানৰপৰা নামঘৰটিত ভাওনা উৎসৱৰ আয়োজন আৰম্ভ হৈছে। গাওঁখনতে গঢ় লৈ উঠা ‘মঞ্চ’ নামৰ সাহিত্য-সাংস্কৃতিক-ক্ৰীড়া বিষয়ৰ অনুষ্ঠানটোৱে নামঘৰটিত পুনৰ ভাওনা কৰাৰ পৰিৱেশ এটা জন্ম দিলে।

তেতিয়াৰপৰা এতিয়ালৈকে প্ৰত্যেক বছৰৰ দৌল উৎসৱতে অনুষ্ঠানটোৰ জৰিয়তে গাঁৱৰ ডেকা-বুঢ়া মিলি ভাওনা কৰি অহা হৈছে।

ডাঙৰসকলে ভাওনা কৰাৰ উপৰি গাওঁখনৰ শিশুসকলৰ মাজতো ভাওনাৰ এটা পৰিৱেশ গঢ়ি লৈ উঠাৰ মানসিকতাৰে ধ্ৰুব বৰাৰ পৰিচালনাৰে এখবকৈ শিশু ভাওনা পৰিৱেশন কৰাৰ ব্যৱস্থা অব্যাহত ৰাখিছে।

ভাদ মাহৰ দোমাহীতো গাওঁখনৰ গোপিনী সমাজে নামৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰি ৰাইজকো আমন্ত্ৰণ জনাই ভোজভাত খাই আনন্দ উপভোগ কৰাও এতিয়া নিয়মত পৰিণত হৈছে। ঐতিহ্যমণ্ডিত বটু গোসাঁই নামঘৰে গাওঁখনৰ সকলোকে মৰমৰ এনাজৰীৰে বান্ধি ৰাখিছে বুলি ক’ব পৰা যায়।

উল্লেখ্য যে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব পৰা প্ৰায় দুশ বছৰীয়া এই বটু গোসাঁই মুখাটো বৰ্তমান সংৰক্ষণ আৰু গৱেষণাৰ অতিকৈ প্ৰয়োজন। অদূৰ ভৱিষ্যতেও এই নামঘৰটিয়ে পিছৰ প্ৰজন্মৰ মাজত সমন্বয়ৰ সেতু গঢ়ি যাব বুলি আশা কৰিব পাৰি।

লেখক: তৰুণ মুক্তিয়াৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate