অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঁহ শিল্পী মহেশ্বৰ ডেকাৰ প্ৰতিভা

কাঁহ শিল্পী মহেশ্বৰ ডেকাৰ প্ৰতিভা

নিজৰ শিল্পসত্তাৰে প্ৰতিষ্ঠিত লোকসকলৰ অন্যতম ব্যক্তি হ’ল সৰ্থেবাৰীৰ কাঁহ শিল্পী মহেশ্বৰ ডেকা। বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত আৰু শিল্প সম্ৰাট পুষ্পৰাম কঁহাৰৰ জন্মভূমি কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ তামুলীচুপাত এটি দৰিদ্ৰ পৰিয়ালত ১৯৬৫  চনত ডেকাৰ জন্ম হয়। তেওঁৰ পিতৃ অনন্তৰাম ডেকা আৰু মাতৃ সৰলা ডেকা। আৰ্থিক দীনতা হেতুকে ডেকা বিদ্যালয়ৰ আনুনাষ্ঠিক শিক্ষাৰ পৰা বঞ্চিত হয়। পিছত নিজৰ একাগ্ৰতা আৰু চেষ্টাৰ ফলতে এগৰাকী যশস্বী পিতল শিল্পী হৈ উঠে। এই কাৰ্য্যত তেওঁৰ গুৰু হ’ল, এতিয়া প্ৰয়াত, কামাৰপাৰাৰ সতীশ ডেকা। কাঁহৰ লগতে পিতলৰো বাচন-বৰ্তন অতি সুন্দৰ আৰু নিখুঁতভাৱে তৈয়াৰ কৰে ডেকাই। সময়ত নিজৰ একাগ্ৰতা আৰু ঐকান্তিক প্ৰচেষ্টাৰে ফলতে স্বাধীনভাৱে নিজৰ ঘৰতে পিতলৰ শিল্প কৰ্মটোত সহায় কৰিব  পৰা আন লোকক নিয়োগ নকৰি একক প্ৰচেষ্টাৰে কাঁহ পিতলৰ সকলো ধৰণৰ বাচন-বৰ্তন অতি সুন্দৰ আৰু নিখুঁতকৈ তৈয়াৰ কৰে তেওঁ। কাঁহ-পিতলৰ বাচন-বৰ্তন আধুনিক পদ্ধতি প্ৰয়োগ নকৰাকৈ পুৰণি কলা-কৌশল প্ৰয়োগেৰে তৈয়াৰ কৰে। কাঁহ-পিতলৰ সকলো বাচন-বৰ্তনৰ নিখুঁত শিল্পী ডেকাই বিশেষকৈ বিভিন্ন সামগ্ৰী, দবা, গছ, গুৰু আসন, জাপি, মন্দিৰৰ কলচীকে ধৰি আধুনিক জনজীৱনত খাপ খোৱা প্ৰায়বোৰ বাচনৰ লগতে পাকঘৰৰ উপযোগী হিচাপে ব্যৱহৃত কেইবাজনো মানুহে একেলগে বহি ভাত খাব পৰা উচ্চ মূল্য সম্পন্ন ডাইনিং টেবুল, পিতলৰ টুল অসমৰ প্ৰায়বোৰ সত্ৰ বিশেষকৈ বৰপেটা, মাজুলী, আউনীআটী আদিকে ধৰি কেইবাখনো সত্ৰত তেওঁৰ নিজহাতে গঢ়া শৰাই, কলচী, ডালা, গছা আৰু গুৰু আসন আদি তৈয়াৰ কৰি সুনাম অৰ্জন কৰিছে। ডেকাৰ শিল্প কৰ্মত অৰ্থাৎ শিল্প উৎপাদনৰ গঢ়াশালত তেওঁৰ পত্নী বীণা ডেকাই সহায় কৰি আহিছে। কাঁহ-পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা তেৱেঁই অঞ্চলটোৰ প্ৰথম নাৰী শিল্পী। কাঁহ-পিতলৰ বাচন-বৰ্তন গঢ়া সকলো কামতে তেওঁ পাকৈত। এহাল পুত্ৰ-কন্যাৰ পিতৃ-মাতৃ হিচাপে নিজৰ সংসাৰখন কঠোৰ সংগ্ৰামৰ মাজেৰে নিখুঁতকৈ চলাই শিল্পকৰ্মত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। শিল্পী ডেকাৰ নিজৰ হাতেগঢ়া বাচন-বৰ্তন আৰু আধুনিক সামগ্ৰীসমূহে বিদেশৰ বজাৰতো সমাদৰ লাভ কৰা বুলি জানিব পৰা গৈছে।

নিজৰ একাগ্ৰতা আৰু ঐকান্তিক প্ৰচেষ্টাৰে ফলতে স্বাধীনভাৱে নিজৰ ঘৰতে পিতলৰ শিল্প কৰ্মটোত সহায় কৰিব পৰা আন লোকক নিয়োগ নকৰি একক প্ৰচেষ্টাৰে কাঁহ-পিতলৰ সকলো ধৰণৰ বাচন-বৰ্তন অতি সুন্দৰ আৰু নিখুঁতকৈ তৈয়াৰ কৰে তেওঁ।

লিখক: ধনজিৎ ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate