মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কাতি বিহুৰ তাৎপৰ্য আৰু তুলসীৰ মাহাত্ম্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাতি বিহুৰ তাৎপৰ্য আৰু তুলসীৰ মাহাত্ম্য

কাতি বিহুৰ তাৎপৰ্য আৰু তুলসীৰ মাহাত্ম্যৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ জাতীয় জীৱনৰ যি তিনিটা বিহু আছে, ইয়াৰ ভিতৰত কাতি বিহু হৈছে অনাড়ম্বৰভাৱে পালন কৰা এটি উৎসৱ।

অসমৰ প্ৰায় আশী শতাংশই খেতিয়ক। খেতিয়কৰ কৃষিয়ে মূল আধাৰ। অসমীয়া বিহুকেইটা হৈছে কৃষি ভিত্তিক উৎসৱ। প্ৰতিটো বিহুৱে কৃষকৰ আপোন মনৰ দাপোন। ইয়াৰ লগত জড়িত হৈ আছে অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি। ইপিনে বিহু হৈছে জনজীৱনৰ দাপোন, বাপতি সাহোন।

কাতি বিহুৰ মাহাত্ম্য -

এই বিহু উৎসৱৰ লগত জড়িত হৈ আছে চহা-জীৱনৰ কৃষ্টিৰ ৰহঘৰা। ৰঙালী বা ভোগালী বিহুৰ দৰে ই ৰং ৰইচৰ উৎসৱ নহয় যদিও ইয়াত জড়িত হৈ আছে লোক বিশ্বাস আৰু লোক জীৱনৰ আশা-আকাংক্ষা।

আহিন মাহত পথাৰ সেউজীয়া হৈ পৰে। সঁজাল ধৰা ধানে গেঁৰ মেলিবলৈ ধৰে। লখিমী সগৰ্ভা হৈ পৰে।

কাতি বিহুত অসমীয়া মানুহে তুলসী গছ ৰোৱে। তুলসীক সেৱা কৰে। আহিনৰ সংক্ৰান্তিত চোতালত তুলসী ৰুই ইয়াৰ গুৰিত চাকি-বন্তি জ্বলোৱা হয়। মাহ-প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়।

অকল অসমীয়া সমাজে নহয়, বিভিন্ন জনগোষ্ঠীৰ লোকে কাতি বিহু লখিমী আদৰা উৎসৱ হিচাপে পালন কৰে। কাতি বিহুৰ দিনা ৰাতিপুৱাই জীৱৰী-বোৱাৰীয়ে ঘৰ-চোতাল গোবৰ মাটিৰে মচি পৰিষ্কাৰ কৰে। গৃহস্থই গেঁৰ মেলা ধাননি ডৰাত ঔৰ খোল আৰু মাটিৰ চাকি জ্বলায়।

সৃষ্টিকৰ্তা ব্ৰহ্মাই জীৱবিলাকক বিপদৰ পৰা ৰক্ষা কৰে বুলি ব্ৰহ্মাৰ পূজা কৰা হয়। আনহাতে শংখ-চূড়ৰ পত্নী বিৰিন্দাদেৱীৰ সতীত্ব বিষ্ণুৱে শংখচূড়ৰ ৰূপ হৈ  হৰণ কৰিলে। সেই কাৰণে বিৰিন্দা দেৱীয়ে তুলসীৰ ৰূপ ধৰি শিৱৰ জটাত আশ্ৰয় ল’লে। বিৰিন্দাই বিষ্ণুক অভিশাপ দিলে যে মৰ্ত্তত বিষ্ণু পূজিত হ’লেও তুলসীৰ অবিহনে পূজা সাৰ্থক কেতিয়াও নহ’ব।

মৰ্তত বিৰিন্দাদেৱীৱে তুলসী ৰূপে জন্ম লাভ কৰে আৰু তুলসী সকলোৰে দ্বাৰা পূজিত হয়। সেইবাবে হয়তো কাতি বিহুত তুলসীৰ পুলি ৰুই চাকি-বনৰি জ্বলায়। হাড়ক মাটি আৰু তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্ট কৰি কৰা ধানৰ খেতিডৰাই কৃষকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে। সেউজীয়া পথাৰখনে কৃষকৰ মূখত হাঁহি বিৰিঙায়।

এই খেতিডৰাক বিভিন্ন পোক-পৰুৱা, চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাৰ বাবে পথাৰত তুলসী ৰুই চাকি বন্তি জ্বলোৱা হয়। চাকিৰ পোহৰত কৃষিৰ অনিষ্টকাৰী পোক-পাৰুৱাবোৰ জুইত জাহ যায় আৰু কৃষিডৰা ৰক্ষা পৰে বুলি জনবিশ্বাস আছে।

জাতীয় জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে জড়িত হৈ থাকে লোক বিশ্বাস আৰু লোক পৰম্পৰা। পথাৰত একোটা মাটিৰ চাপ কৰি তাত তুলসী গছ ৰুই মাহ, বুট, চাউল, কুঁহিয়াৰ, ৰবাব টেঙা আৰু তামোল-পাণ দি নৈবেদ্য আগবঢ়ায়। গধূলি চাকি বন্তি জ্বলাই পথাৰখন পোহৰাই ৰাখে। ধানৰ গোচাতকৈ ওখ কৰি বাঁহ বা মৰাপাটৰ ঠাৰি তিনিটাত গোজ মাৰি চাকি জ্বলায়।

সেইদিনা ধাননি পথাৰখন চাকিৰ পোহৰত জিলিকি উঠে। অ’ত ত’ত জ্বলি থকা চাকিবোৰে যেন সেইদিনা পথাৰখন পোহৰাই লখিমীক নিমন্ত্ৰণ কৰে। পথাৰত চাকি দিয়াৰ উপৰি- তামোলৰ তল, নাৰিকলৰ তল, পদূলি, ভঁৰাল ঘৰ, গোহালি ঘৰ, গৰাল, ৰান্ধনি ঘৰ আদি চাকি জ্বলাই পোহৰাই তোলে। যাতে লখিমী আহি উপচি পৰে।

প্ৰতিঘৰ মানুহৰ ঘৰত এজোপা তুলসী গছ থকাটো হিন্দু সংস্কৃতিৰ পৰম্পৰা। উত্তৰ ভাৰতৰ হিন্দু সকলে গোটেই মাহটো তুলসীৰ তলত চাকি জ্বলাই পূজা কৰে।

ভাৰতীয় সংস্কৃতিত সেইদিনা তুলসীৰ গুৰিত পানী দিয়াটো পৰম্পৰাগত লক্ষ্মী দেৱীৰ পূজা বুলি কোৱা হয়। কাৰণ বিষ্ণুৰ ভাৰ্যা লক্ষ্মীৰ আন এটা নাম তুলসী। তুলসী পূজা মানে হৈছে লখিমী পূজা। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে কাতি বিহুক লখিমী আদৰা উৎসৱ হিচাপে পালন কৰা দেখা যায়।

উজনি অসমত কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি বন্তি জ্বলাই ‘তুলসী নাম’ গায়। অঞ্চলভেদে তুলসীৰ নামৰ ৰামায়ণৰ প্ৰভাৱ পুষ্ট মৃগপহু চৰি ফুৰা আৰু তাকে দেখি ৰামচন্দ্ৰই হৰধনু জোৱা কথাটো উল্লেখযোগ্য-

তুলসীৰ তলে তলে মৃগপহু চৰে

তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে

নধৰিবা শৰধনু সীতাই দিছে ডাক

তুলসী তুলসী অ’ আই তুলসী

তুমি গোবিন্দ প্ৰিয়া

গোঁসাই কোন পন্থে গ’লে আই তুলসী

শীঘ্ৰে সমিধান দিয়া।

ইপিনে পবিত্ৰ তুলসী সম্পৰ্কে কোৱা হয় এইদৰে- যাএ ঘৰত তুলসী গছ থাকে, সি তীৰ্থৰ দৰে পবিত্ৰ হয় আৰু সেই ঘৰলৈ যমৰ কিংকৰ আহিব নোৱাৰে। হিন্দুসকলে তুলসীক দেৱগছ বুলি মানি আহিছে। তুলসী ৰুলে বৰ পূণ্য হয়। হাতেৰে স্পৰ্শ কৰিলে পাপ নাশ হয়। যাৰ ঘৰত তুলসী গছ থাকে তাৰ ঘৰত বজ্ৰপাত হ’ব নোৱাৰে বুলি কয়।

তুলসী গছ যি ঠাইত থাকে, সেই ঠাইৰ চাৰিওফালে ৬৫০ ফুটলৈ বায়ু বিশুদ্ধ হৈ থাকে। এই ঠাইত মেলেৰিয়া, প্লেগ আদিৰ বীজাণু প্ৰৱেশ কৰিব নোৱাৰে। তুলসী যিদৰে পবিত্ৰ, সেইদৰে ইয়াৰ আছে বিভিন্ন ঔষধি গুণ। তুলসী এবিধ উৎকৃষ্ট ৰসায়ন।

ই তিতা, কেহা, উষ্ণ, বায়ু-পিত্ত-কফ নাশক। বিষ, মুখৰ দুৰ্গন্ধ, কুষ্ঠ, পেটৰ বিষ, কৃমি ৰোগত উপকাৰী। বায়ু শুদ্ধ হৈ থাকে।

ইয়াৰ ঔষধি গুণ -

*তুলসীৰ ৰস খালে দাৰ ছাল, হাড়ৰ মাজত ৰোগে আক্ৰমণ কৰিব নোৱাৰে।

*ক’লা তুলসীৰ ৰস খালে এজমা, ভাগৰ, জ্বৰ, পানীলগা, গ্ৰহণী, আজীৰ্ণ ৰোগৰ পৰা মুক্তি পোৱা যায়।

*তুলসীৰ ৰসে মানুহৰ তেজ পৰিষ্কাৰ কৰে।

*ব্ৰংকাইটিছ ৰোগ নিৰাময় কৰিব পাৰে।

*ক’লা তুলসীৰ ৰস ৩০ গ্ৰাম সপ্তাহত দুদিন খালে মেলেৰিয়া ৰোগ হ’ব নোৱাৰে।

*তুলসীৰ ৰসৰ লগত মৌজোল মিশ্ৰণ কৰি খালে কাহ-কফ নাইকিয়া হয়।

*হাইজা ৰোগত ক’লা তুলসী আৰু ক’লা নিমখ মিহলাই খালে সুফল পোৱা যায়।

*তুলসীৰ গুটি পিহি গাখীৰৰ লগত গৰম কৰি খালে শৌচ-বমি বন্ধ হয়।

*২০ গ্ৰাম তুলসীৰ পাতৰ ৰস গৰম কৰি খালে কৃমি নাইকিয়া হয়।

*ক’লা তুলসীৰ পাতৰ ৰস খালে ডায়েবেটিছ ৰোগত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয়।

*তুলসীৰ ৰসৰ লগত চেনি মিহলাই খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা ৰোগ নাইকিয়া হয়।

*ফিকা চাহৰ লগত ক’লা তুলসীৰ ৫ টা পাত দি চাহ খালে যকৃৎ ৰোগ ভাল হয়।

*তুলসীৰ গুটিৰ লগত মৌ মিহলাই খালে পুৰুষৰ শুক্ৰ বৃদ্ধি হয়। শক্তি বাঢ়ে।

*ক’লা তুলসীৰ পাতৰ লগত মৌ মিহলাই খালে কোষ্ঠ ৰোগ নাইকিয়া হয়।

*দিনে ৫টা ক’লা তুলসীৰ পাত চোবাই খালে তেজ পৰিষ্কাৰ হয়।

*যকৃতৰ ৰোগ নিৰাময় কৰি সুস্থ কৰি ৰাখে।

*কলেৰা, মেলেৰিয়া ৰোগ নাইকিয়া কৰে।

*কুষ্ঠ ৰোগৰ মহৌষধ বুলি কোৱা হয়।

*ক’লা তুলসীৰ ৰস সপ্তাহত দুবাৰকৈ খালে উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ হয়।

*নিউমোনিয়া জ্বৰ, কাহ আদিত ক’লা তুলসীৰ ৰস খালে এই ৰোগ উপশম হয়।

*ইনফ্লুয়েঞ্জা ৰোগৰ বাবে তুলসী পাতৰ ৰস উপকাৰী।

*ক’লা তুলসীৰ পাত পাঁচটাকৈ সপ্তাহত দুদিন চোবাই খালে গ্ৰহণী ৰোগ নিৰাময় হয়।

*চকু ৰঙা পৰা বা চকু উঠা ৰোগত তুলসীৰ ৰস চকুত দিলে এইৰোগ নিৰাময় হয়।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top