মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কাতি বিহুৰ লোকাচাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাতি বিহুৰ লোকাচাৰ

কাতি বিহুৰ লোকাচাৰৰ বিষয়ে লিখা হৈছে

 

কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে। এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতঈয় কৃষ্টি – সংস্কৃতি। অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰ সমূহে সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে। কৃষিজীৱী জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে।

জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ। মূৰৰ ঘাম মাটিত পেলাই হাড়ভাঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰ খনত ভূঁই ৰুই অন্ত কৰে। অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, শেষ হ’ব অকালৰ দিন। এই সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হয়। শইচৰ ফুল দুলে, সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্যৰ নষ্টকাৰী কীট – পতংগৰো উৎপাত বেছি হয়, পোক – পৰুৱা, চৰাই – চিৰিকটি, নিগনি – এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে  নকৈ ফুলাম হৈ পৰা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হয়। শস্যৰৰ নিৰাপত্তাৰ বাবে বিধি – বিধান পালন কৰে।

অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে। এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে। সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে।

ডাকৰ বচনেও কয় – ‘আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী’। - শস্যৰ সুৰক্ষা আৰু মংগলৰ বাবে মান্ধাতা যুগৰেই পৰাই জুইৰ ব্যৱহাৰ হৈছে খেতিয়কৰ শস্য ৰক্ষাৰ প্ৰধান সাৰথি। এই জুইৰ ব্যৱহাৰ ক্ৰ্মশঃ পৰিৱৰ্তন ঘটি মাটিৰ চাকিলৈ সলনি হৈছে বুলি অনুমান কৰিব পাৰি। এই মাটিৰ চাকিগছিয়েই তাহানিৰ বৃহৎ জুইকুৰাৰ প্ৰতীক, যিগছী চাকি কাতি বিহুৰ দিনা শইচৰ পথাৰত সভক্তিৰে জ্বলোৱা হয়।

কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ – দুৱাৰ, আলি – পদূলি, পৰিষ্কাৰ – পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয়। লোক – বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ – দুৱাৰ, চোতাল – পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।

আহিনৰ শেষ দিনাটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়। চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই মচি – কাচি নিকা কৰি থয়। কোনো কোনোৱে তুলসী – ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও ৰোৱে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ – ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়। চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়। আমাৰ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে।

আবেলি পথাৰ খন চাই অহাৰ নিয়ম। নহ’লে মখিমীয়ে গিৰিহঁত নাই বুলি ভাবে। আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয়। ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ – কষ্ট হয়। সেয়ে ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়। তিনি খন থুৰিয়া তামোল আগলি কলপাতত আগ বঢ়াই ধাননি – পথাৰত আয়ে সেৱা লয়, আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায়। অজ্ঞাতে অকা দোষ – ক্ৰুটিৰ মাৰ্জনা বিচাৰে।

সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি – প্ৰজ্বলন। পথাৰত ওখকৈ বাঁহৰ জোঁজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে। ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উচৰ্গা কৰে। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰে। একেদৰে লখিমী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই আগতে উল্লেখ কৰা মতে পদূলি মুখ, দুৱাৰ মুখ, ঢেকী শাল, গোঁসাই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা হয়। আই সৰস্বতীয়ে লগ দিয়ক বুলি পঢ়া কোঠাৰ ভিতৰতো মাটিৰ প্ৰদীপ জ্বলোৱা হয়। সেই দিনা ৰান্ধনী ঘৰো পৰিষ্কাৰ কৰি লখিমী অহাৰ বাট সুগম কৰি ৰখা হয়। সেই দিনা খেতিয়কে চৰু – কেৰাহী, কলহ – ঘটি উদং হৈ থাকিলে লখিমী অসন্তষ্ট হয় আৰু তেনে লোকৰ কেতিয়াও দুখ নুগুচে। এই কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। আনহাতে এই পবিত্ৰ সন্ধিয়া শ্মশানতো মাটিৰ চাকি জ্বলাই গৃহস্থই মৃতকৰ পৰা আশীৰ্বাদ বিচাৰে।

কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুস্থানটো হ’ল তুলসী তলৰ গধূলি। আধ্যাত্মিক নীতি – নিয়মেৰে ভৰপুৰ এই অনুষ্ঠানত মাহ – প্ৰসাদৰ শৰাই নিবেদন কৰি তুলসী দেৱীৰ নাম লোৱা হয়। ধূপ – ধূনাৰ সুগন্ধি – সুবাস বতাহত ওপঙি থাকে। চুকে – চুবুৰিয়ে হৰিনামৰ ধ্বনিয়ে আকশ – বতাহ কঁপায়। ল’ৰালিৰ সেই নামবোৰে এতিয়াও আমনি কৰে –

(১) তুলসী তুলসী অ’ আই তুলসী / তুমি গোবিন্দৰ প্ৰিয়া / তোমাক পূজিঁছো আই অ’ তুলসী / শান্তি অকণি দিয়া।

(২) তুলসীৰ তলে মৃগ পহু চৰে / তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।

কাতি বিহুৰ মূল উপাদান – স্বৰুপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে বৰ উপকাৰী। সাম্প্ৰতিক বিজ্ঞানে তুলসী গছক উপকাৰী উদ্ভিদ বুলি স্বীকৃতি প্ৰদান কৰা বহু আগতেই কৃষিজীৱি লোকে উপকাৰী বুলি গণ্য কৰি আধ্যাত্মিক ভক্তিৰ সমল ৰুপে গ্ৰহণ কৰিছিল। সেয়ে তুলসী তলত চাকি জ্বলাই আন্তৰিকতাৰে কামনা কৰে : ‘অকাল মৃত্যু হৰণং, সৰ্বব্যাধি বিনাশনম’। এই ঔষধি গুণসম্পন্ন তুলসী জোপাৰ বৈজ্ঞানিক নাম হ’ল Ocimum Sanctum. ই Labiataee গোত্ৰৰ অন্তৰ্ভুক্ত। বিশ্ব স্বাস্থ্য সংস্থাই উওলসী গছক কাঁহ আৰু চৰ্দিত উত্তম ঔষধি হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। তুলসীৰ সৈতে অনেক পৌৰাণিক কাহিনী জড়িত হৈ আছে। আয়ুৰ্বেদত আছে তুলসী য’ত থাকে সেই ঠাইত ম’হ – মাখি আদি থাকিব নোৱাৰে। সেয়ে হয়তো তুলসী গছক এতিয়াও বন্তি জ্বলাই সন্মান যচা হয়। আনহাতে অসমীয়া ৰাইজে তুলসীক লখিমী হিচাপে গণ্য কৰে। এই লখিমী দেৱী সন্তষ্ট হ’লেই সকলো দুখ – দুৰ্দশাৰ পৰা গৃহস্থই পৰিত্ৰাণ পায় বুলি গঞাই বিশ্বাস কৰে।

কাতি মাহ হিন্দু দৰ্শন মতে পবিত্ৰ মাহ। আহাৰ, শাওণ, ভাদ আৰু কাতি মাহত হৰি শয়ণ অৱস্থাত থাকে। এই পৱিত্ৰ দিনটোতে হৰি বা ভগৱান সাৰ পায় আৰু অন্য দেৱ – দেৱীও মানৱৰ পৰা নৈবেদ্য গ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহে। সেয়েহে এই কাতি বিহুৰ দিনাৰ পৰাই ধৰ্মীয় চিন্তা – চৰ্চা, ধৰ্ম শাস্ত্ৰ পাঠ আৰু ঈশ্চৰ চিন্তাত মগ্ন হয়। এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায়। গঞাৰ বিশ্বাস এনে কৰি মনৰ আশা পূৰ্ণ হয়। এই কাৰণতে নানা শাস্ত্ৰ অধ্যয়ণ কৰি পূৰ্ণ অৰ্জনত খেতিয়ক সকল ব্ৰতী হয় আৰু পাপ নাশৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

বিহুৰ দিনা অসমীয়া ৰাইজে উপবাসে থাকে। ভাত খালে স্বাৰ্থপৰ, আপোনপেটীয়া বুলি আখ্যা দিয়া হয়। দৰিদ্ৰ জনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সেই দিনা আঢ্যৱন্ত অসমীয়া লোকে আহাৰ গ্ৰহণ নকৰে। আৰু সেই দিনা ভাত খাব নাপায় বুলি এক জনবিশ্বাস আজিও প্ৰচলিত হৈ আছে।

মুঠতে কাতি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিমানবোৰ পৰম্পৰা প্ৰচলিত হৈ আছে সকলোতে যুক্তি নিষ্ঠতা নিহিত হৈ আছে। কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় কৰি তোলে। ফলত মানসিক অৱস্থাও মানুহৰ ভালে নাথাকে। খঙ – ৰাগে আমনি কৰে, অৰ্থনৈতিক কৰ্মৰ প্ৰতি ইচ্ছা হয়। সেয়ে হয়তো কোনোবা অতীততে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ স’তে এনে ধৰ্মীয় নীতি – নিয়মবোৰ সমাজ – ব্যৱস্থালৈ আহিল। শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষকে সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰুপ। কঙাল বা অভাৱ – অনাটনৰ দিনত এই বিহু উদ্‌যাপিত হ’লেও ইয়াৰ প্ৰাসঙ্গিকতা এৰাই চলিব নোৱাৰি। অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ তাৎপৰ্য্য আন বিহু কেইটাতকৈ কোনোগুণে কম নহয়। জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজ খনৰ পৰিচয় দাঙি ধৰিছে। ঠাইভেদে এই বিহুৰ স’তে জড়িত হৈ আছে অনেক লোকাচাৰ। যি আমাৰ সামাজিক সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰি তুলিছে।

 

লেখক : সতীশ চুতীয়া।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

3.17948717949
rista saharia Apr 16, 2018 12:00 PM

কঙালী বিহুৰ ৰচনা

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top