মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কামৰুপীয়া ঢুলীয়া পৰিবেশনশৈলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কামৰুপীয়া ঢুলীয়া পৰিবেশনশৈলী

কামৰুপীয়া ঢুলীয়া পৰিবেশনশৈলী

অসমৰ সাংস্কৃতিক ইতিহাসত ঢুলীয়া সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। লোক পৰিৱেশ্য কলাৰ পূৰ্বস্তৰৰ নিদৰ্শন হিচাপে ইয়াৰ ঐতিহাসিক গুৰুত্বও অনস্বীকাৰ্য। অভিনয়, নৃত্য, সংলাপ আৰু বাদ্যৰ সমাহেৰে ঢুলীয়া সংস্কৃতিয়ে সৰ্বসাধাৰণৰ অন্তৰত মনোৰঞ্জনৰ খোৰাক যোগোৱাৰ লগতে সমাজৰ সংহতি আৰু সম্প্ৰীতিৰ দিশ টোকো গভীৰভাবে সমৃদ্ধ কৰি তুলিছে। উল্লেখ্য যে, এই ধৰণৰ অনুষ্ঠান লোক সমাজত উদ্ভূত আৰু লোক সমাজতেই ইয়াৰ স্থিতি আৰু ব্যাপ্তি হোৱা বাবে ইয়াক লোকনাট্য আখ্যাৰেও বিভূষিত কৰিব পাৰি। ঢুলীয়া বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। যেনে- পূজাৰ অনুষংগত জড়িত ঢুলীয়া, বিহু আদি উৎসৱৰ লগত সম্পৰ্কযুক্ত ঢুলীয়া, সভা-মেলা, বিয়া-বাৰু আদিত সম্পৰ্কযুক্ত ঢুলীয়া ইত্যাদি। একোটা এভা গোৱা ঢুলীয়া দলত চাৰি-পাঁচ জনৰ পৰা ষাঠি- সত্তৰ জনলৈকে শিল্পী থাকে। সেইদৰে ঢোলৰ সংখ্যাও পাঁচটাৰ পৰা চল্লিশ-পঞ্চাশ লৈকে থাকে। এনে ঢুলীয়া দলত বিশ-পঁচিশ জন লৈকে তালুৱৈ থাকে। তেনেদৰে দহ-বৰজন লৈকে কালি বাদক বা কালিয়াও আছিল বুলি জনা যায়। ঢুলীয়া দলৰ শিল্পী সকলক আকৌ বিভিন্ন শ্ৰেণীত ভাগ কৰিব পৰি। যেনে- ঘাই ঢুলীয়া, ঢুলীয়া, বায়ন বা বাইন, গায়ন বা গাইন, তালুৱা, ভাৱৰীয়া বা ভাইৰা, আৰিয়াধৰা, কৃষ্টি প্ৰদৰ্শন কৰা ঢুলীয়া, অভিনয় বা চঙত অংশ গ্ৰহণকাৰী ঢুলীয়া আৰু কালিয়া।

অসমীয়া ঢুলীয়া সংস্কৃতিৰ এটি অন্যতম প্ৰধান শাখা হ’ল অবিভাক্ত কামৰুপ অঞ্চলত প্ৰচলিত কামৰুপীয়া ঢুলীয়া। অসমৰ বিভিন্ন সভা-পূজা, উৎসৱ-অনুষ্ঠানৰ অবিচ্ছেদ্য অংগ এই ঢুলীয়া দল। দৰ্শকৰ ৰুচি-অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখিব লগীয়া হোৱা হেতু আৰু মৰ্যাদা পূৰ্ণ সামাজিক অনুষ্ঠান হিচাপে ইয়াৰ পৰিবেক্ষন ৰীতিতো বিশেষত্ব পৰিলক্ষিত হয়। এই শ্ৰেণীৰ ঢুলীয়া দলে নৃত্য-গীত সহ ঢোল বজোৱাৰ লগতে চাৰ্কাচ, কুষ্টি আদিও প্ৰদৰ্শন কৰে। তদুপৰি পৌৰাণিক কাহিনীক সমল হিচাপে লৈ বা সামাজিক আচৰণাদিক তীব্ৰ ভাবে ব্যংগ কৰি অভিনয় প্ৰদৰ্শন কৰে। উল্লেখ্য যে ঢুলীয়া স্থায়ী ৰংগমঞ্চত অভিনীত নহয়। সাধাৰণতে যিকোনো উৎসৱৰ ৰভা তলৰ সোঁ মাজত বৃত্তাকাৰ বা বৰ্গাকাৰ ভাবে খোলা ঠাইত ঢুলীয়া পৰিৱেশিত হয়। ৰভা তলীত নাতি দূৰত ছোঁ-ঘৰ থাকে। ইয়াত ঢুলীয়া দলে সাজ-সজ্জা কৰে। সাজ-সজ্জাৰ ক্ষেত্ৰতো স্থানীয় সামগ্ৰীৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয়। প্ৰয়োজন সাপেক্ষে মুখাৰ ব্যৱহাৰো মন কৰিব লগীয়া। তদুপৰি, খোলা মঞ্চ হোৱা হেতু শিল্পী সকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰতো বিভিন্ন সুবিধা আছে। অৱশ্যে অৱশ্যে অভিনয়ৰ ক্ষেত্ৰত পুৰুষেই মহিলাৰ ভূমিকাও পালন কৰিব লগীয়া হয়। ঢুলীয়াৰ কথা-বতৰাত সাধাৰণতে কথিত ভাষা ব্যৱহাৰ কৰা হয়।

কামৰুপীয়া ঢুলীয়া অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষ লৈকে কিছুমান নিৰ্দিষ্ট নীতি-নিয়ম পালন কৰে। আৰম্ভণিতে এই শ্ৰেণীৰ ঢুলীয়াই বিশেষ ঢোল-বাদনৰ দ্বাৰা সভা-পূজা, উৎসৱ আদিত জাগনি দি পিছত কোনোৱে হস্তক্ষেপ কৰিব নোৱাৰাকৈ খোলাবান্ধনী বজাই খোলাখন বান্ধি লয়। ইয়াত সাধাৰণতে পাঁচটা ঢোল ব্যৱহাৰ কৰা হয়। আগতে তিনিটা আৰু গুৰিত দুটা ডাঙৰ ঢোল বজোৱা হয়। ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সময় ধৰি দিয়া নাথাকে। ঠাইখিনি বান্ধি লৈ পাতনি বাজনা বজাই সভাৰ ফুৰণি বাজনা বজোৱা হয়। দিনত হ’লে পাতনি বাজনা নালাগে। ইয়াৰ পিছত এটা ঢোলেৰে সৈতে গোটেই খোলা খন ঘূৰা হয়। ইয়াৰ পিছত ডেকা ঢুলীয়া শিল্পী সকলে বিভিন্ন ধৰণৰ কুষ্টি দিয়ে। কুষ্টি শেষ হোৱাৰ পিছত গুৰু বন্দনা গাই বায়ন বা বাইন আৰু ভাৱৰীয়া বা ভাইৰা প্ৰবেশ কৰে। ভাৱৰীয়া ওলায়েই বিভিন্ন আকৰ্ষণ সূচক কথা-বতৰাৰে অনুষ্ঠান আৰম্ভ কৰে। যেনে-

প্ৰথম ভাৱৰীয়া : হ মোৰ এটা ক’তে? আজিনো কেনাই কেনাই?

(আনফালেদি ওলাই যায়)

দ্বিতীয় ভাৱৰীয়া : হ মোৰ দুটা ক’তে? আনদিনা যেনাই আজিও সেনাই সেনাই।

(ওলাই যায়)

ইয়াৰ পিছত বেছি মানুহৰ ভিৰ দেখিলে ভাৱৰীয়া সকলে কয়- হে মোৰ আই সকল, বাই সকল আজি দেখোন চাব ফোপোলা হৈ আছে।

ইয়াৰ পিছত বায়ন ওলাই কয়- হো মোৰ নাও বাপাও!

ভাৱৰীয়া : কি ও বাছা?

বায়ন : বাছা বুলি যে মাত দিছা ঘৰ ক’ত জানা?

ভাৱৰীয়া : জানো! খুটাৰ কাণত।

বায়ন : খুটাৰ কাণত থকাটো সকলে জানে।

ভাৱৰীয়া : জানে যদি সুধবাও নালাগে।

এনেদৰে বিভিন্ন ৰসাল কথাৰে, দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰি ডঃুলীয়া শিল্পী সকলে বিভিন্ন পদ গায়। এই পদবোৰ অধ্যাত্মিক তত্ত্ব নিহিত থাকে। কিন্ত, তাৰ মাজতে ভাৱৰীয়া সকলে হাস্যৰসৰ উদ্ৰেক কৰে। যেনে-

বায়ন : দহ নামৰ কথা সুধিম।

এক নামে কি হয়?

প্ৰথম ভাৱৰীয়া : জানু জানু জানু।

দ্বিতীয় ভাৱৰীয়া : উৰে গেল। থু! দেখা নাই?

বায়ন : সেই বিলাক নহয়। এক নামে আদি নিৰঞ্জন।

দুই নামে কি হয়।

তৃতীয় ভাৱৰীয়া : দুই নামে দুতিৰাম।

বায়ন : নহয়, দুই নামে প্ৰকৃতি পুৰুষ।

তিনি নামে কি হয়?

প্ৰথম ভাৱৰীয়া : তিনি নামে তিলৰ পিঠা।

প্ৰথম গুৰা, দ্বিতীয় মিঠে, তৃতীয় তিল।

কামৰুপীয়া ঢুলীয়া দলে অনুষ্ঠান পৰিৱেশনৰ সময়ত বিভিন্ন গীতো গায়। এই গীত বোৰৰ বায়নে আঁত ধৰে আৰু ভাৱৰীয়া সকলে গায় যায়। যেনে-

বায়ন : এই সভা খন পূৰ্বে

ভাৱৰীয়া : অ গোলোকত আছিলা

বায়ন : ব্ৰহ্মাৰ আদেশে সভা

ভাৱৰীয়া : মৰ্ত্যকে আনিলা

বায়ন : মধ্যতে বসিয়া ৰৈলা

ভাৱৰীয়া : অ আদি নিৰঞ্জন

বায়ন : লক্ষ্মীসমে বসিয়া ৰৈলা

ভাৱৰীয়া : তাহুন তিনিজন (ব্ৰহ্মা, বিষ্ণু হ’ব)

এইদৰে বিভিন্ন গীত-নৃত্য শেষ হোৱাৰ পিছত ঢুলীয়া দলে অভিনয় আৰম্ভ কৰে। এই অভিনয় আকৌ দুই প্ৰকাৰৰ- পৌৰাণিক কাহিনীৰ লগত জড়িত অভিনয় আৰু সামাজিক আচৰণাদিক ব্যংগ কৰি কৰা অভিনয়, যাক চং আখ্যা দিয়া হয়। প্ৰকৃততে ঢুলীয়া ভাইৰা আদি স্থানীয় আচাৰ। সেয়ে ই স্বকীয় বৈশিষ্ট্য সম্বলিত। চঙক এক প্ৰকাৰ সামাজিক প্ৰহসন বুলিব পাৰি। সমাজৰ বৰমুৰীয়া সকলৰ বিভিন্ন নেতিবাচক দিশ এই চঙৰ জৰিয়তে অভিনীত হয়। সেইদৰে পাৰিবাৰিক দিশবোৰে প্ৰাধান্য পোৱা হেতু ই জন সাধাৰণৰ অধিক ওচৰ চাপি গৈছে। চঙৰ মূল লাক্ষ্য হ’ল- সমাজৰ সংস্কাৰ সাধন কৰা। ইয়াত লোক ভাষা, বক্ৰোক্তি আদিৰ প্ৰচুৰ প্ৰয়োগ হয়। বিচিত্ৰ পোচাক, জোতা। লাঠী, বাদ্যযন্ত্ৰ আদিৰ অসংগতি পূৰ্ণ ব্যৱহাৰৰ জৰিয়তে ভাৱৰীয়াই দৰ্শকক হাঁহিৰ খোৰাক যোগায়। চংবোৰৰ কোনো লিখিত ৰুপ নাই। বায়ন আৰু ভাৱৰীয়াই নিজৰ ইচ্ছামতে ইয়াৰ বিষয়া নিৰ্মাণ আৰু ভাষা ব্যৱহাৰ কৰে। সেয়ে ইয়াৰ সংযুতি দুৰ্বল আৰু ক্ৰুটি পূৰ্ণ। চঙৰ উদাহৰণ :

শিক্ষক : ঐ ল’ৰা, আমাৰ মৌজা খনৰ নাম জাননে?

ছাত্ৰ : জানু, ভৰিত পিন্ধা মৌজা।

শিক্ষক : নহয় গাধ, কেইখন মান গাঁও লগলাগি এখন মৌজা হয়।

ছাত্ৰ : (প্ৰথম) নহয় এখন টেক্সি হয়।

(দ্বিতীয়) এখন মটৰ হয়।

(তৃতীয়) নহয়, এখন বাছ হয় আৰু কেইখন মান চাৰ্কোল লগ লাগি এখন মহৰি হয়। কেইখন মান মৌজা লগ লাগি এখন ধচা হয়। নহয়, নহয়, এখন তলপাৰা হয়।

শিক্ষক : নহয় দে এটা গাৰু হয়। তহঁতে চব পাৰা উৰা লগ লগাই এটা ঘুনটিয়ে মাৰ।

এইদৰে সমাজৰ বিভিন্ন দিশ সামৰি চঙৰ জৰিয়তে ঢুলীয়া দলে বিভিন্ন দিশ আঙুলিয়াই দিয়ে। চং শেষ হোৱাৰ পিছত ঢুলীয়া দলে সভা বিসৰ্জন দিয়ে এনেদৰে-

‘সভা বিসৰ্জনৰ কয়হা শুনা বাৰে বাৰে

খণ্ডোক বিঘিনি ডাকি বোলা ৰাম ৰাম’।

গতিকে দেখা যায় যে ঢুলীয়া পৰিবেশনে সামাজিক আৰু সাংস্কৃতিক দিশক গৰিমা মণ্ডিত কৰি তুলিছে। এই লোক নাট্য সমূহৰ জৰিয়তে সমসাময়িক সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ভৌগোলিক আদি বিভিন্ন দিশৰ বিষয়ে জানিব পাৰি। স্থানীয় হোৱা বাবেই ইয়াৰ মাজেদি থলুৱা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ভাষা আদিৰ পৰিচয় পোৱা যায়। বিশেষকৈ গীত বাদ্য আদিৰ পৰিবেশনৰ ক্ষেত্ৰত সুকীয়া ৰীতি থকা হেতু কামৰুপীয়া ঢুলীয়াই এক বিশেষ দিশক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ লগে লগে পৰিৱেশন ৰীতিত ৰসৰ সমাহাৰ ঘটা হেতু দৰ্শকৰ পৰা অভূত পূৰ্ব সহাঁৰিও লাভ কৰিছে। সামাজিক ঐক্য অটুট ৰখাৰ লগতে কামৰুপীয়া ঢুলীয়া দলে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি ৰাখিছে। কিন্ত নকৈ নোৱাৰি যে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ লগে লগে এনেকুৱা থলুৱা সংস্কৃতি বোৰৰ জনপ্ৰিয়তা ক্ৰমে হেৰুওৱাৰ উপক্ৰম হৈছে কিন্ত ইয়াৰ মাজত নিহিত হৈ থকা কেচাঁ মাটিৰ গোন্ধে চিৰদিন অসমীয়া সংস্কৃতিক সমৃদ্ধশালী কৰি ৰাখিব।

লেখক: হীৰামণি হালৈ, স্বৰ্ণলিপি।

2.90196078431
পল্লব Jan 06, 2016 02:41 PM

কথাখিনি পঢ়ি বহুত ভাল লাগিলে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top