মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কামৰূপীয়া ঢুলীয়া
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কামৰূপীয়া ঢুলীয়া

কামৰূপীয়া ঢুলীয়া

অসমৰ ঐতিহ্য বহনকাৰী এটি মূল্যবান কৃষ্টি হ’ল কামৰূপীয়া ঢুলীয়া। ই সম্পূৰ্ণভাবে লৌকিক আৰু বৰ জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ কৌতুকবোৰেই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। ইয়াত ধৰ্মীয় ভাৱৰ পোনপটীয়া সম্পৰ্ক নাই যদিও অনুষ্ঠানটিৰ গুৰিত নিশ্চয় ধৰ্মৰ কথা জড়িত হৈ আছে। অসমৰ মঠ-মন্দিৰবোৰত দেৱতাৰ বন্দনাৰ সময়াত অন্যান্য বাদ্যযন্ত্ৰৰ লগতে মুখ্য বাদ্য ঢোলো ব্যৱহাৰ কৰা হৈছিল। মন্দিৰৰ বাহিৰতো ঢোলৰ যথেষ্ট সমাদৰ আছিল আৰু কালক্ৰমত ই এটা সুকীয়া অনুষ্ঠানতেই পৰিণত হৈছিল। ঢুলীয়া অনুষ্ঠানৰ কেন্দ্ৰস্থল নলবাৰী অঞ্চল। অসমৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানত ঢুলীয়া অনুষ্ঠান পৰিবেশিত হৈছিল – সভা, উৎসৱ আদিৰ মুকলি মঞ্চতে ই অভিনীত হৈছিল। ভাও দিয়া ঠাইখিনিক খলা বোলা হৈছিল। খলা সজাবৰ বাবে কলগছ আৰু কলপাত ব্যৱহৃত হৈছিল। ঢুলীয়া অনুষ্ঠানত পুতলা নাচৰ সাদৃশ্য থকালৈ চাই বহুতে ইয়াক পুতলা নাচৰ ক্ৰমবিকশিত ৰূপ বুলি ক’ব খোজে। অনুষ্ঠানটিত বহুত মানুহৰ দল এটি থাকে। ঘাই ঢুলীয়া, খৰমৰা ঢুলীয়া, কুস্তিদিয়া ঢুলীয়া, তেমেকা, মহলাধাৰী, সূত্ৰধাৰ আৰু অন্যান্য ভালেমান ব্যক্তিৰদ্বাৰা ই গঠিত হয়। তেওঁলোক স্বভাৱ শিল্পী। তেওঁলোকৰ কাহিনীৰ কোনো লিখিত ৰূপ নাই। মৌখিক ভাৱে আৰু কোনো অনুশীলন নকৰাকৈ তেওঁলোকে কাহিনী প্ৰদৰ্শন কৰিব পাৰিছিল। অনুষ্ঠানৰ প্ৰদৰ্শনৰ বাবে লাগতিয়াল সামগ্ৰীবোৰো দলটিৰ লোকসকলে নিজে নিজেই যুগুতাই লৈছিল। ঢোল আৰু অভিনয়ৰ বাবে প্ৰয়োজনীয় কাঁড়, লাঠি, মাৰি, যাঠি-জোং জাতীয় বস্তুবোৰ নিজেই যতনাই লৈছিল। প্ৰসাধনৰ সৰু-সুৰা সামগ্ৰীবোৰো ঘৰতেই তৈয়াৰ কৰি লৈছিল। প্ৰসাধনৰ বাবে চাউলৰ গুৰিৰ ব্যৱহাৰ বৰকৈ কৰা হৈছিল। মতা মানুহে ধুতিখন শাৰীৰ দৰে কৰি লৈ আৰু মোচ থাকিলে হাতেৰে ঢাকি তিৰোতাৰ স্থান পূৰণ কৰিছিল। মাতটোও সামান্য সৰু কৰি উলিয়াইছিল। প্ৰথমতে বৰঢোলত গুৰুঘাত মাৰি অনুষ্ঠানটি আৰম্ভ কৰা হয়। তাৰ পিছত গুৰিঢোল বজাই খলা ফুৰোৱা বাদী আদি কাৰ্য অনুষ্ঠিত কৰে। ঢোলৰ বাজনা, চং, কুস্তি, খেল-ধেমালি আদি চাৰ্কাচ আৰু কেৰিকেচাৰ ধৰ্মী। মুখাৰ ব্যৱহাৰ ইয়াৰ এটি মন কৰিব লগীয়া বৈশিষ্ট্য। ভাৱৰীয়াৰ চৰিত্ৰবোৰ নিয়ন্ত্ৰণাধীন কৰিবলৈ সুত্ৰধাৰ জাতীয় চৰিত্ৰ এটাও ইয়াত থাকে। ঢুলীয়াই পদ গাই কাহিনী ব্যাখ্যা কৰে। কিন্তু ঢুলীয়া অনুষ্ঠানৰ কোনো লিখিত বিৱৰণ নথকাৰ ফলত ইয়াৰ প্ৰাচীনত্ব কিমান দূৰ ৰক্ষা পৰিছে তাক সতকাই কোৱা টান। এনে এটি মনোৰঞ্জক অনুষ্ঠান সম্প্ৰতি মৃতপ্ৰায়; কিন্তু কেইজনমান উঠি অহা ব্যক্তিৰ প্ৰচেষ্টাত ই পুনৰ জীপ লৈ উঠিবলৈ আৰম্ভ কৰিছে।

লিখক: ড° প্ৰণতি শৰ্মা গোস্বামী, অসমীয়া সংস্কৃতিৰ কণিকা।

2.78378378378
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top