মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কাৰবি আংলঙৰ সংস্কৃতিৰ পৰম্পৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৰবি আংলঙৰ সংস্কৃতিৰ পৰম্পৰা

কাৰবি আংলঙৰ সংস্কৃতিৰ পৰম্পৰা

মানৱ সভ্যতাৰ এক বৃহত্তম অৱদান হ’ল সংস্কৃতি। সংস্কৃতি অবিহনে যিকোনো দেশ বা জাতি বুলি পৰিচয় দিয়া সম্ভৱ নহয়। সংস্কৃতিক এটা জাতি, গোষ্ঠীৰ দাপোণ বুলিব পাৰি। সংস্কৃতিৰ এই বহল পটভূমিৰ ওপৰত ভেঁজা দি আমাৰ কাৰবি আংলঙৰ সংস্কৃতিৰ ৰেহ-ৰূপ সম্পৰ্কে চিন্তা-চৰ্চা কৰিব পাৰো। গতিকে সংস্কৃতি বুলিলে এটা জনগোষ্ঠীৰ প্ৰকৃত জীৱন পদ্ধতি হুবহু প্ৰতিফলিত হ’ব লাগিব। কাৰবি আংলঙৰ সংস্কৃতিৰ পৰম্পৰা অতি চহকী। ইয়াত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে জাতীয় কৃষ্টি-সংস্কৃতিৰ পৰম্পৰা হিচাপে নিজাববীয়াকৈ পালন কৰা দেখা যায়। কাৰবিসকলে পূজা-অৰ্চনা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰীতি-নীতিবিলাক যেনেদৰে বজাই ৰাখে, তেনেকৈ অসমীয়া, কছাৰী, তিৱা ইত্যাদি জনগোষ্ঠী সকলেও নিজৰ নিজৰ সংস্কৃতি পৰম্পৰা পালন কৰি আহিছে। ইয়াত, কোনো জাতি-ধৰ্মলৈ নিজৰ সংস্কৃতিক পালন কৰাত বাধা দেখা নাযায়। বিভিন্ন জাতি-সংস্কৃতিৰ পৰম্পৰা বজাই ৰাখিবলৈ অধিকাৰ আছে আৰু সহযোগিতাও প্ৰদান কৰে। কাৰবি আংলং জিলাত অধিকাংশ কাৰবি জনগোষ্ঠীয়ে বাস কৰা দেখা যায়। গতিকে কাৰবি আংলঙৰ সংস্কৃতি বুলি ক’লে বিশেষকৈ কাৰবি সংস্কৃতিৰ পৰম্পৰাৰ বিষয়ে আলোচনা কৰিব লাগিব। কাৰবি জন সমাজত জাতীয় কৃষ্টি-সংস্কৃতিৰ পৰম্পৰা হিচাপে অতি প্ৰাচীন কালৰে পৰা প্ৰবাহমান ধাৰাৰে বৈ আহিছে। আদিতে কুল, গোত্ৰ, ফৈদ, গোষ্ঠী সম্বন্ধীয় প্ৰথাবোৰ নিৰ্ণয় কৰি যিবোৰ ৰীতি-নীতিৰে জাতিটোক যেনেভাৱে প্ৰতিষ্ঠা কৰি বজাই ৰাখিছে; তাক অধ্যয়ন কৰিলে দেখা যায় যে তাহানি কালতে চৎ-বৎ নামৰ দুজন মহান সংস্কাৰকে গুৰু হিচাপে কাৰবি জাতিৰ মাজত অভিভাৱক হৈছিল আৰু বহুখিনি বিধি-বিধান প্ৰতিষ্ঠা কৰিছিল। তাৰোপৰি কাৰবি সমাজত মহান পুৰুষ ‘ৰূকাছেন’ৰ মহৎ গাঁথাৰ কথা বৃদ্ধ লোকৰ ভাষ্যবোৰৰ পৰা শুনা যায়। গতিকে সেই মহান ব্যক্তিজনৰ নাম কাৰবি সমাজত আজিও ‘ককা ৰূকাছেন’ বুলি চিৰস্মৰণীয় হৈ আছে। জনশ্ৰুতিমতে ৰূকাছেন আবিৰ্ভাৱৰ পিছত সংগীত চৰ্চা কৰাৰ বাবে ‘ৰাংছিনা ছাৰপ’ৰ আবিৰ্ভাৱ হয়। সংগীতজ্ঞ ৰাংছিনা ছাৰপ’তকৈ ৰূকাছেনৰ জন্ম বহু বছৰ পূৰ্বে হৈছিল, কাৰণ ‘ৰূকাছেন ককা’ই কুল, গোত্ৰ, গোষ্ঠী, বংশ সম্বন্ধীয় কট-কটীয়া ৰীতি-নীতি আদিকে সামাজিক প্ৰথা প্ৰৱৰ্তন কৰি যোৱাৰ পিছতহে ৰাংছিনা ছাৰপ’ কাৰবি সমাজত আবিৰ্ভাৱ হৈছিল। ৰূকাছেন ককাই কাৰবিসকলৰ নীতিগতভাৱে আদৰ্শ অনুশীলন কৰি সংঘবদ্ধ হৈ গাঁও, সমাজ প্ৰতিষ্ঠা কৰি বসতি কৰাইছিল। তাৰ পাছত ৰাংছিনা ছাৰপ’দেৱে গীত-মাত, সুৰৰ মাধুৰ্যতা, নৃত্য, তাল, মান আদি আৱিষ্কাৰ কৰিছিল। আদি কালত কাৰবি সমাজত কোনো গীত-মাত, নৃত্য আদি নাছিল হেতুকে ককা ৰাংছিনা ছাৰপ’ই প্ৰথমে সংগীত সৃষ্টি কৰিছিল বুলি বিশ্বাস। সেয়েহে সৰগৰ গন্ধৰ্ব সমাজৰ পৰা ৰাংছিনা ছাৰপ’ই কাৰবি সমাজত গীত-মাত সৃষ্টিৰ অভিপ্ৰায়ে ‘ছিংমিৰজেং আৰু লংমিৰজেং’ নামৰ ভাতৃদ্বয়ক মৰ্ত্যলৈকে আহিবলৈ আহ্বান কৰিছিল আৰু ছিংমিৰজেংয়ে পৃথিৱীলৈ আহি প্ৰথমে ‘লংৰি ক্লেংছাৰপ’ সকলে আয়োজন কৰা ‘জিৰ্‌ কেদাম’ (হাদাৰী খেলত) ডেকা দলৰ আগত আত্ম-প্ৰকাশ কৰিছিল। ছিংমিৰজেং মাউৰা সন্তানৰ বেশত আৰু লংমিৰজেং সাধাৰণ লোকৰ বেশ ধাৰণ কৰি জিৰকেদামৰ গোটত ক্লেছাৰপ’হঁতৰ লগত গীত-মাত গোৱা আৰম্ভ কৰিছিল আৰু ক্ৰমান্বয়ে তেওঁলোক সকলোৱে সুশিল্পী গায়ক, কলা গুৰু হিচাপে কাৰবি সমাজত প্ৰতিষ্ঠা লাভ কৰিছিল। সেই তেতিয়াৰে পৰা কাৰবি লোক সকলৰ মাজত গীত-মাত, বাদ্য-যন্ত্ৰ, সুৰ ইত্যাদি সংস্কৃতি বিষয়সমূহ প্ৰচলিত হৈছিল বুলি ছিংমিৰজেং আৰু লংমিৰজেঙক কাৰবি সমাজে ‘আদি লুনচেপ’ বুলি অভিহিত কৰি আহিছে আৰু সেই লোক-গীত স্ৰষ্টা পুৰুষ দুজনৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবে বৰ্ত্তমান কাৰবি আংলং জিলাৰ বিভিন্ন ঠাইত বহুতো শিক্ষামূলক অনুষ্ঠান-প্ৰতিষ্ঠানত কলাগুৰু ৰাংছিনা ছাৰপ’ আৰু ছিংমিৰজেং-লংমিৰজেঙৰ নাম চিৰস্মৰণীয় কৰি তুলিছে। এয়া কাৰবি জাতিৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে আদৰণীয় আৰু অতি গৌৰৱৰ বিষয়। গাওঁ সংগঠনৰ পাছতেই কাৰবিসকলে সমাজ জীৱনৰ পাতনি মেলে। সমাজ-সংস্কৃতিৰ গুৰুত্বপূৰ্ণ দায়িত্বই হৈছে মানুহৰ আচাৰ-বিধি ৰচনা কৰা আৰু মানুহে এই বিধিসমূহ যাতে মানি চলে তাৰ যত্ন লোৱা। সমাজ এখনৰ মেৰুদণ্ডই হ’ল নিয়ম শৃংখলা আৰু স্থিৰতা। সেয়ে সমাজখন স্বেচ্ছাচাৰিতাৰ পৰা মুক্ত ৰাখিবলৈ কিছুমান ৰীতি-নীতি প্ৰয়োজন হ’ল। সমাজ এখন চলাবলৈ বা নিয়ন্ত্ৰণত ৰাখিবলৈ এজন ব্যক্তিত্বসম্পন্ন মুৰব্বীৰ প্ৰয়োজন হয়। সেয়েহে কাৰবি সকলে আদিতে ‘চাৰকেবাত’ নিয়মৰ দ্বাৰা গাওঁখনৰ মুৰব্বী তথা গাওঁবুঢ়াৰ অভিষেক অনুষ্ঠান পাতে। গাওঁবুঢ়াৰ দ্বাৰা এখন গাঁৱৰ সমাজ-সংস্কৃতি, ৰীতি-নীতি ইত্যাদি পৰিচালনা কৰা হয়। কাৰবিসকলৰ মাজত আজিও এই ব্যৱস্থাটো বিৰল হৈ আছে। সমাজ তথা গাওঁখনৰ মাজত যিকোনো সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰিবলৈ হ’লে গাঁৱৰ গাওঁবুঢ়াৰ হাতত অধিক ক্ষমতা সন্নিবিষ্ট হৈ থাকে। সেয়েহে আজি আধুনিক কালতো কাৰবিসকলৰ মাজত গাওঁবুঢ়াৰ শাসন ব্যৱস্থা এতিয়াও দেখা যায়। গাওঁখনৰ ভিতৰত কোনোবা ঘৰত যিকোনো কাৰ্য সম্পাদন কৰিবলৈ হ’লে গাওঁখনৰ গাওঁবুঢ়াক প্ৰথমে আগজাননী দিব লাগে। গাওঁবুঢ়াৰ অনুমতি সাপেক্ষেহে যিকোনো কাৰ্য কৰিব পাৰিব। যেনেকৈ ‘আদাম-আছাৰ’(বিয়া-বাৰু), চজুন-চকু(পূজা-পাতল), চমাংকান(দহা), ৰংকেৰ(থান পূজা), ৰং-অপ আদি কাৰ্যসমূহো গাওঁবুঢ়াৰ অনুমোদন কৰিহে সম্পাদন কৰিব পাৰি। ইয়াৰ পৰা দেখা যায় যে কাৰবিসকলৰ সংস্কৃতিৰ পৰম্পৰা আজিও অতীজৰ প্ৰথাসমূহৰ সাঙোৰ মাজত খাই আছে। কাৰবি সংস্কৃতি আদাম-আছাৰ(বিয়া-বাৰু) প্ৰথাটো অন্য জনগোষ্ঠীৰ তুলনাত কিছু আছুতীয়া যেন লাগে। কিয়নো অন্য জাতি-জনগোষ্ঠীসকলে মোমায়েকৰ ছোৱালী বিয়া পতা প্ৰথা দেখা নাযায়। কিন্তু কাৰবি জনগোষ্ঠৰ্সকলে মোমায়েকৰ ছোৱালীহে বিয়া পতাৰ প্ৰথা আছে। এই প্ৰথাটো অতীজৰপৰা চলি আহিছে আৰু বৰ্ত্তমানলৈকেও চলি আছে। ইয়াৰ সপক্ষে এই বুলি কোৱা হয় যে এটা পৰিয়ালৰ মাজত মৰম-স্নেহৰ বান্ধোন কটকটীয়া হৈ থাকিবলৈহে অতীজৰপৰা প্ৰথাটো পৰম্পৰা হিচাপে চলি আহিছে। অৱশ্যে বিজ্ঞানৰ মতে এই প্ৰথাটো যোগ্য নহয় বুলি কোৱা হয়। কিন্তু কাৰবিসকল ইমান সমাজপ্ৰেমী যে এই পৰম্পৰাতো বজাই ৰাখিছে আৰু ই কোনো আপত্তিজনক বা বিপদজনক বুলি দেখা পোৱা নাই। কাৰবিসকলে বিয়া-বাৰু প্ৰথাৰ দৰে জন্ম, মৃত্যু আদি প্ৰথাবিলাকো অতীজৰে পৰা চলি অহা দৰে আজিও পৰম্পৰা ৰক্ষা কৰি আহিছে। মানুহ এজন জন্ম হোৱাৰ লগে লগে তাক নামকৰণ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰীতি-নীতিসমূহ পালন কৰি ডাঙৰ-দীঘল কৰে আৰু কেঁচুৱাটো যদি ল’ৰা হয় তেতিয়া বাপেকৰ নামত(যদি বাপেক মৃত)পুনৰ জন্ম হোৱা বুলি নামকৰণ কৰে। আৰু যদি ছোৱালী হয় তেন্তে পেহীয়েক, বায়েক(যদি মৃত)বিলাকৰ নামত নামকৰণ কৰে। এই প্ৰথা তথা পুনৰ জন্মৰ পৰম্পৰা কাৰবি সকলৰ মাজত আজিও প্ৰচলিত হৈ আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে কাৰবিসকলৰ এই প্ৰথাটো চীনদেশ নতুবা তিব্বেতীয়ানসকলৰ প্ৰথাৰ লগত সম্পূৰ্ণ মিল থকা দেখা যায়। গতিকে কাৰবি জনগোষ্ঠী সকলে অতীজত চীন নতুবা তিব্বেতীয়ান বুলি চিনাক্ত কৰিব পাৰি। তেনেদৰে মৃত্যুৰ সময়ত বহুতো নীতি-নিয়ম মানিব লাগে। মানুহ এজনৰ মৃত্যু হোৱাৰ লগে লগে তাৰ আত্মাটো স্বৰ্গলৈ পঠিয়াবলৈকে ‘চাৰহেপী’(গায়িকা)সকলে গীতেৰে তাক শ্ৰদ্ধা কৰিব লাগে। লোক বিশ্বাস যে গীত যদি কিবা কাৰণত ভুল হয়, তেন্তে মৃতকৰ আত্মাটো স্বৰ্গ গৈ নাপাব বুলি আজিও এই প্ৰথাটো মানি আছে। এই পৰম্পৰাৰে কাৰবি সকলৰ চমাংকানৰ(দহা)প্ৰথাটো উৎপত্তি হৈছে। ‘চমাংকান’ৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে বহুতো কথা সাঙুৰিব লাগিব। বিষয়টো ইয়াত চমুকৈয়ে উল্লেখ কৰা হ’ল। কাৰবি সমাজত ‘চমাংকান’টো এটা উৎসৱ। এই প্ৰথাটো মৃতকৰ আত্মাৰ সদ্‌গতিৰ কাৰণে চাৰিদিনীয়াকৈ পতা হয়। কাৰবি লোকসকলে মৃতকক বহুত সন্মান দিয়ে। সেইবাবে এই উৎসৱটো সম্পূৰ্ণ মৃতকসকলৰ মান মৰ্যাদাৰে পালন কৰে। এই উৎসৱতে হাচা-কেকান চমাংকান কেকান অৰ্থাৎ নিমচ’ কেৰুং, চংকেদাম, মছেৰা কেহিৰ আদি অনুষ্ঠানসমূহ আয়োজন কৰা হয়। কাৰবি সমাজত এই উৎসৱতে বহুতো সংস্কৃতি সাঙোৰ খাই থকা দেখা যায়। এই চমাংকান উৎসৱতো গীতৰ মাজত সকলো ব্যৱস্থা সমূহ পালন কৰিব লাগে। এই উৎসৱটো নিজাববীয়াকৈ কৰা হয়। কিন্তু গাঁৱৰ সকলোৱে সহায়-সহযোগ কৰিব লাগে। গাওঁ ক্লেংদুন ক্লেংছাৰ্প(গাওঁবুঢ়া)সকলে সন্মতি দিলেহে এই ‘চমাংকান’ উৎসৱটো আয়োজন কৰিব পাৰি। কাৰবি লোক-সংস্কৃতি হিচাবে আদিৰে পৰা বাঁহ-বেতেৰে সজা বাদ্যসমূহ লোক বাদ্যৰ ভূমিকা হিচাপে আজিও পৰম্পৰাগতভাৱে চলি আহিছে। যেনে চেংলাংপং, চেংকুমবাং, তাৰছিম আদি। কাৰবিসকলে এই বাদ্য-যন্ত্ৰবোৰ নিজে বাঁহেৰে তৈয়াৰ কৰিব পাৰে আৰু বাঁহৰ ঠেকেচনিৰ শব্দই বাদ্যৰ ভূমিকা গ্ৰহণ কৰে। এইবিলাক বাঁহৰ ছন্দে ছন্দে ডেকা-গাভৰুবিলাকে যিকোনো উৎসৱত নৃত্যৰ পৰিবেশন কৰে। মুৰি, পংচিৰ বাহিৰেও চেং(ঢোল)বাদ্যও কাৰবিসকলে নিজে তৈয়াৰ কৰি ব্যৱহাৰ কৰে। এই চেংটো কাঠৰপৰা তৈয়াৰ কৰে। ষাঁড়গৰুৰ ছাল নতুবা হৰিণা ছালেৰে ‘চেং’ দুটা মূৰত ছাপ মাৰিব লাগে; তেতিয়া ‘চেং’ৰ ধ্বনিবোৰ শুনিবলৈ শুৱলা হয়। ইয়াৰ উপৰিও কাৰবি সংস্কৃতিৰ প্ৰতীক হিচাবে ‘জামবিলি আথন’ তৈয়াৰ কৰা কাৰ্যটো যিকোনো মানুহে কৰিব নোৱাৰে। সমাজৰ বিশেষ শ্ৰেণীৰ মানুহে অৰ্থাৎ ‘বাৰয’হে তৈয়াৰ কৰিব পাৰিব আৰু কাঠটো যিকোনো কাঠেৰে তৈয়াৰ কৰিব নোৱাৰে। ইয়াক ‘বেংৱই’ নামৰ কাঠেৰেহে তৈয়াৰ কৰিব পাৰি। কাৰবি সংস্কৃতিত আজিও এই প্ৰথাটো পৰম্পৰা হৈ ৰৈ আছে। ওপৰত চমুকৈ আভাস দিয়াৰ উপৰিও কাৰবি জনগোষ্ঠীসকলৰ উল্লেখযোগ্য সংস্কৃতিৰ অৱদান হৈছে ‘পিনদেং-ছুমপত’(সাজপাৰ)বয়ন শিল্প গঢ় লৈ উঠা। অতীজৰে পৰা কাৰবি লোকসকলে নিজে তৈয়াৰ কৰি উলিওৱা কাপোৰ কানি ব্যৱহাৰ কৰা দেখা যায়। আজিও সেই পৰম্পৰাটো বজাই ৰাখি আছে। তেওঁলোকৰ সাজপাৰটো অন্য জনগোষ্ঠীসকলৰ সৈতে তুলনা কৰিব নোৱাৰি কিয়নো কাৰবি সাজপাৰ পৰিধান কৰা আৰু তৈয়াৰ কৰা ধৰণটো বহুত বেলেগ যেন দেখা যায়। এই সাজপাৰ তৈয়াৰ কৰাত কাৰবি নাৰীসকলে বিশেষ ভূমিকা পালন কৰে। তেওঁলোকে নিজে তৈয়াৰ কৰি কাপোৰ পিন্ধে আৰু ঘৰৰ অন্য পুৰুষসকলকো তৈয়াৰ কৰি পৰিধান কৰাইছিল। কাৰবি নাৰীসকলৰ সাজপাৰটো মেঘালয়ৰ মহিলাসকলৰ সাজপাৰৰ লগত কিছু পৰিমাণে মিল থকা দেখা যায়। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কাৰবি লোকসকলে অতীজতে জয়ন্তীয়া ৰাজ্যত বসবাস কৰিছিল বুলি। কাৰবি মহিলাসকলে পিনি-পেকক, ৱানকক পৰিধান কৰে আৰু পুৰুষসকলে চ’ই ইক, চ’ই আং আদি পৰিধান কৰে। কাৰবি সমাজত সাজ-পাৰৰ অধিক গুৰুত্ব থকা দেখা যায়। কিয়নো বিয়া-বাৰু, চমাংকান আদি উৎসৱতো সাজ-পাৰৰ বিশেষ অৱদান থাকে। কাৰবি সকলে পুৰুষ আৰু মহিলাৰ বাবে বেলেগ বেলেগ সাজ-পাৰ তৈয়াৰ কৰে যেনে, পেলু অৰ্থাৎ বিচনা চাদৰ; মহিলাসকলৰ ‘পিনিকু’ আৰু পুৰুষসকলৰ ‘পেলু আমাৰ’ বুলি চিনাক্ত কৰা হয়। কাৰবি জনগোষ্ঠীৰ সাজ-পোছাকৰ বিশ্বত কাৰবিসকলৰ পৰিচয় জিলিকি উঠিছে বুলি ক’লেও ভুল নহ’ব। অৱশেষত কাৰবি সংস্কৃতিৰ পৰম্পৰা বজাই ৰখাৰ উপৰিও কাৰবিসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশতো যথেষ্ট বৰঙণি আছে। যি কি নহওক কাৰবি পৰম্পৰাসমূহ জীয়াই ৰখাত ৰীতি-নীতি তথা প্ৰথাসমূহে যথেষ্ট বৰঙণি যোগাই আহিছে।

অম্‌ফু টেৰণপি, ম-ন-কা স্মৃতিগ্ৰন্থ

2.8
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top