মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কাৰবি সমাজত পশুপালন অতীত আৰু বৰ্তমান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৰবি সমাজত পশুপালন অতীত আৰু বৰ্তমান

কাৰবি সমাজত পশুপালন অতীত আৰু বৰ্তমান

নৃতাত্ত্বিক পণ্ডিতসকলৰ মতে মানৱৰ বিৱৰ্তনৰ বুৰঞ্জীত পশুপালন এক অম্লান স্মৃতি সৌধ। চিকাৰ আৰু ফল-মূল সংগ্ৰহ কৰি কটোৱা যাযাবৰী জীৱনৰ অন্ত পেলোৱাত পশুপালনে প্ৰভূত বৰঙণি আগবঢ়াইছিল বুলি তেওঁলোকে পতিয়নযোগ্যভাৱে প্ৰতিষ্ঠা কৰিছে। পশুপালনৰ দ্বাৰা নিয়মিত মাংসৰ যোগান নিশ্চিত হোৱাৰ পিছত মানৱ সভ্যতাৰ উত্তৰণ ত্বৰান্বিত হয়। তাৰো পিছলৈ আৱিষ্কাৰ হোৱা কৃষিকৰ্মৰ বাবে প্ৰয়োজনীয় পেশী শক্তিৰ উৎস হিচাপেও আছিল পোহনীয়া পশুৱেই। এই কৃষিকৰ্মই মানৱৰ যাযাবৰী জীৱনৰ অন্ত পেলালে। যাৰ স্বাভাৱিক পৰিণতি হ’ল স্থায়ী বসতি, পৰ্যাপ্ত খাদ্য আৰু পৰ্যাপ্ত অৱসৰ। এই অৱসৰৰ বাবেই মানৱৰ মানসিক উৎকৰ্ষ ঘটিল। নতুন নতুন জ্ঞান লাভৰ জৰিয়তে এক পৰিশীলিত সংস্কৃতিৰ উন্মেষ ঘটিল, লগে লগেই মানৱ জীৱনৰ উৎকৰ্ষ আৰু উত্তৰণে চমকপ্ৰদ গতি লাভ কৰে। ইয়াৰ আগলৈকে এই গতি আছিল অতি মন্থৰ। নৃতাত্ত্বিক পণ্ডিতসকলে এইটোও অনুমান কৰে যে, কুকুৰেই মানুহৰ প্ৰথম পালিত জন্তু। আদি মানৱে খোৱা মাংসৰ এৰেহাৰ আশাতে এটা প্ৰজাতিৰ কুকুৰে মানুহৰ কাষ চাপিছিল। তেনেকুৱা পেলনীয়া এৰেহা পাই পাই লাহে লাহে সিহঁতে মানুহৰ ওচৰে-পাজৰে বাস কৰিবলৈ ল’লে। পিছলৈ ভয় ভাৱ আঁতৰি যোৱাত চিকাৰতো মানৱক কুকুৰে সহায় কৰিব পৰা হ’ল। চিকাৰজীৱী মানৱৰ বাবে কুকুৰ এটা অপৰিহাৰ্য সংগী হৈ পৰিল চিকাৰৰ সন্ধানৰ পৰত। তেনেকৈয়েই কুকুৰ আৰু মানুহৰ পৰস্পৰে পৰস্পৰৰ পৰিপূৰক স্থান ল’লে। এবাৰ এই জীৱ ঘৰচীয়া হৈ যোৱাৰ পিছত অন্য জীৱকো পোহ মনাব পৰাৰ ধাৰণা মানৱৰ মনত খেলালে। কালক্ৰমত চিকাৰৰ ঠাইত পশুপালনে মানুহৰ জীৱিকাৰ স্থান ল’লে। কৃষিকৰ্মৰ উৎকৰ্ষই শীৰ্ষবিন্দু পোৱাৰ পিছতো পশুপালনে এতিয়াও জীৱিকাৰ অন্যতম স্থান অধিকাৰ কৰি আছে। ইয়াৰ প্ৰাসংগিকতা কমক চাৰি বেছিকৈহে বাঢ়িছে। লগে লগে পশুপালনে উন্নতি কৰিছে পদ্ধতিগত কৌশলগতভাৱে। কাৰবিসকলৰ মাজতো পশুপালনৰ পৰম্পৰা আছে। বৰং ই কাৰবি সংস্কৃতি আৰু জীৱন জীৱিকাৰ এক অবিচ্ছেদ্য অংগ। কাৰবি সমাজত প্ৰধানকৈ দেৱ-দেৱীৰ পূজা-পাতলৰ বাবে পশুপালন কৰা হয়। কাৰণ কাৰবিসকলে বহুতো পূজা-পাতল পাতে। কিছুমান বছৰেকীয়া আৰু কিছুমান বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে। কাৰবিসকলৰ পূজা মানেই বলি-বিধান। এনে বলি-বিধানৰ অবিহনে পূজা পতাৰ কথা কাৰবিসকলে কল্পনাও কৰিব নোৱাৰে। এনেবোৰ পূজা-পাতলত ঘাইকৈ কুকুৰা, ছাগলী, গাহৰি আদি বলি দিয়া হয়। কম পৰিমাণে পাৰ, হাঁহ আৰু কণী আগবঢ়োৱা হয়। কিছুমান পুৰাগাঁথাত মেথোন, গৰু আদি বলি দি ৰংকেৰ পতাৰ কথা পোৱা যায়। কাৰবি পূজাত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা বলি হ’ল কুকুৰা। এইবোৰ বলি-বিধানৰ বাবেহে কাৰবিসকল বৰ্তি আছে বুলি বিশ্বাস কৰা হয়। সেয়েহে কৈছে- ‘ৱ’কে এআৰথ’, বিকে এৰেপপি, ফাককে এআৰচাক ‘অৰ্থাৎ কুকুৰা আমাৰ শিৰা, ছাগলী আমাৰ হাড়, গাহৰি আমাৰ ঢোকা(থিয় কৰি ৰাখোতা)। মুঠ কথাত কাৰবিসকলে পশুপালন কৰে পূজা-পাতলৰ বাবে। বাকীবোৰ গৌণ কথা। পিছলৈ পাহাৰৰ এঢলীয়াত ষ্টেপ কাল্টিভেছন কৰোঁতে হাল বোৱাৰ সলনি ম’হেৰে গছকাই মাটি চহ কৰাৰ প্ৰয়োজন আহি পৰিল। তাৰবাবে ম’হ পালন কৰিবলৈ ধৰে। কাৰণ ষ্টেপ কাল্টিভেছনত হাল বাই মাটি চহ কৰাৰ কোনো অৱকাশ নাই। তাৰো পিছলৈ ভৈয়ামৰ মানুহৰপৰা পানীখেতি কৰিবলৈ শিকাৰ পিছত হাল বোৱাৰ বাবে গৰুও পালন কৰিবলৈ লয়। মাজতে বয়বস্তু কঢ়িয়াবৰ বাবে আৰু মাংসৰ বাবে মেথোন পোহা যেন অনুমান হয়। পিছলৈ কোনো কোনোৱে ব্যৱসায়ৰ দৰকাৰত ঘোঁৰাও পুহিবলৈ লয়। অন্যান্য জনগোষ্ঠীৰ সৈতে সমান সংখ্যক প্ৰজাতিৰ পশুপালন কৰিলেও কাৰবি সমাজত পশুপালনে অৰ্থনৈতিকভাৱে বিশেষ অৰিহণা যোগাব পৰা নাই, যিটো অন্যান্য জনগোষ্ঠীয় সমাজত দেখা গৈছে। এইটোহে পৰিতাপৰ বিষয়। তথাপিও পশুপালনৰ অবিহনে কাৰবি সংস্কৃতিয়ে পূৰ্ণতা লাভ নকৰে। সাধাৰণতে কাৰবিসকলে পালন কৰা পশুধন কিছুমানৰ কথা চমুকৈ বৰ্ণনা কৰা হ’ল-

ৱ’ (কুকুৰা)

কাৰবি সংস্কৃতিৰ বিশাল অংশ জুৰি আছে কুকুৰাই। কাৰণ কুকুৰাৰ অবিহনে কাৰবিসকলে এই পৃথিৱীত বাচি থকাৰ কথা কল্পনাই কৰিব নোৱাৰে। প্ৰবাদ আছে যে- কোনোবা এগৰাকী কাৰবি কুঁৱৰীৰ অজগৰ ৰূপধাৰী দেৱকুমাৰৰ লগত বিবাহ হৈছিল(চম্পাৱতীৰ সাধু দ্ৰষ্টব্য)। সেইজন দেৱকুমাৰে এবাৰ শাহুৱেক যাওঁতে লগত নিজৰ বাকলি খাঙত ভৰাই পঠাইছিল আৰু ঘৰ নোপোৱালৈকে জুমি নেচাবলৈ সকীয়াই পঠাইছিল। পিছে কৌতূহলবশত: শাহুৱেকে আদবাটতে জুমি চোৱাত খাঙৰপৰা কুকুৰা উৰি গ’ল। ততাতৈয়াকৈ বন্ধ কৰাত কেইটামান খাঙত থাকিল। যি কেইটা উৰি গ’ল সেইকেইটা বনকুকুৰা হ’ল আৰু যি কেইটা ঘৰ পালেহি সেইকেইটা পোহনীয়া হ’ল। এই প্ৰবাদৰপৰা এইটো প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে যে কুকুৰা দেৱপ্ৰদত্ত পবিত্ৰ জীৱ। সেইবাবে দেৱতাক কুকুৰা উচৰ্গা কৰিলে তেৰা সন্তুষ্ট হয় আৰু তেৰাৰ কোপৰপৰা ৰক্ষা পাব পাৰি। ইয়াৰ উপৰি বহুতো প্ৰবাদ, সাধুকথাত কুকুৰাই বিশেষ স্থান দখল কৰি আছে। সেইবোৰ প্ৰবাদ আৰু পুৰাগাঁথাই কাৰবি সংস্কৃতিৰ লগত কুকুৰাৰ এৰাব নোৱাৰা সম্বন্ধৰ প্ৰমাণ দিয়ে। প্ৰবাদ বা পুৰাণত যিয়েই নকওক কাৰবিসকলে কুকুৰাক খাদ্য হিচাপেও বহুলভাৱে ব্যৱহাৰ কৰিছিল। ঘৰলৈ আলহী আহিলে কুকুৰা মাৰি ভাত এসাঁজ খুওৱাটো কাৰবিৰ পৰম্পৰা। সেইদৰে কোনোবা মাননীয়ক কুকুৰা উপহাৰ দিয়াটো চিৰাচৰিত প্ৰথা। এনেও সপ্তাহত কুকুৰা এটা মাৰি খোৱাটো সাধাৰণ কথা। কোনোবা অসুখ হৈ থকা জনৰ খবৰ ল’বলৈ যাওঁতে তেওঁক পথ্য হিচাপে কুকুৰা এটা আগবঢ়োৱাটো নিয়ম। মৃতকৰ নামতো সমৃদ্ধি লাভৰ বাবে কুকুৰা উচৰ্গা কৰা হয়। সাধাৰণ মৃত্যুৰ সময়ত নতুবা চ’মাংকানৰ সময়ত এই উচৰ্গা কৰা হয়। কাৰবিসকলে মূল ঘৰৰে এটা অংশক ‘ৱ’ৰইছান’(কুকুৰা গৰাল)ৰূপে ব্যৱহাৰ কৰিছিল। কণী পাৰিবৰ বাবে ঘৰৰ বেৰত, পেংদাং আদিত পুৰণা দোণ আদি পাতি দিয়া কৰিছিল। পোৱালিৰ সৈতে মাকক অন্য কুকুৰাৰ পৰা নিলগাই ৰাখিবলৈ ‘ৱ’উম’ নামৰ বাঁহৰ বিশেষ খাং ব্যৱহাৰ কৰিছিল। এই ৱ’উম তলি বহল, ওপৰলৈ ক্ৰমে চেপেটা আৰু সন্মুখত দুৱাৰ থকা বাঁহৰ যতন। মাকজনী পোৱালিৰ সৈতে এই দুৱাৰেদি সোমালে ৰাতিটোৰ বাবে দুৱাৰখন বন্ধ কৰি দিয়া হয় আৰু ৱ’ৰইছানৰ এচুকত দুৱাৰৰ মুখখন বেৰৰ পিনে কৰি থোৱা হয় যাতে ডাঙৰবোৰৰ গচকত বা হেঁচা-ঠেলাত পোৱালিবোৰ নমৰে। পুৱা ৰ’দ উঠিলে খাঙটোৰ সৈতে দাঙি আনি চোতালত মুখখন খুলি দিয়া হয়। খাঙটো শুকাবলৈ লগতে ওকণিবোৰ মাৰিবলৈ ৰ’দত থৈ দিয়া হয়। আজিকালি এইবোৰ যতন নোহোৱা হোৱাৰ দৰে হৈছে। সময়ৰ লগে লগে ৱ’ৰই মূল ঘৰৰ পৰা নিলগাই বেলেগে বনোৱা হৈছে। এনেবোৰ ব্যৱস্থা থাকিলেও আধুনিক দৃষ্টিৰে সেইবোৰ ব্যৱস্থা পৰ্যাপ্ত যেন নালাগে। কাৰবিৰ মাজত কুকুৰাৰ ৰোগ নিৰ্ণয় বা নিবাৰণৰ কোনো ব্যৱস্থা নাই। মাথো বেমাৰে দেখা দিলে মাজে মাজে চাউলৰ লগত কেঁচা হালধি খুন্দি খাবলৈ দিয়া হয়। কেতিয়াবা নহৰুও তেনেকৈয়ে খুওৱা হয়। কোনোবা কুকুৰা বা পোৱালিৰ ঠেং ভাঙিলে ‘জাখ্ৰং’ নামৰ ঔষধি গছৰ ছাল বান্ধি দিয়া হয়। প্ৰয়োজন হ’লে পাতল বাঁহৰ কামি দুছটা ব্যৱহাৰ কৰা হয়। প্ৰজাতি হিচাপে কাৰবিসকলে কুকুৰাৰ এটা প্ৰজাতিয়েই চিনি পায়। তাৰ মাজতে মাজে মাজে ৱ’লিংবং এটা-দুটা ওলায়। এইবোৰৰ সৰুতে নোম নেথাকে আৰু সাধাৰণ কুকুৰাতকৈ অকণমান ডাঙৰ। কাৰবি সমাজত সামাজিকভাৱে ৰঙা, বগা আৰু ক’লা মতা কুকুৰাৰ আদৰ বেছি। এইবোৰ বিশেষ বিশেষ পূজাত দৰকাৰ। বাকী ৰঙৰ কুকুৰা খাদ্যৰ বাবে ব্যৱহাৰ হয়। কুকুৰাৰ কণীও পূজা আৰু খাদ্য হিচাপে তেনেকৈয়ে ব্যৱহাৰ হয় যদিও ইমান ব্যাপক নহয়।

ৱ’থুং (পাৰ)

কাৰবিসকলে কম পৰিমাণেহে পাৰ পোহে। পাৰৰ প্ৰচলন ব্যাপক নহয়। কিছুমান পূজাত পাৰ বই দিয়া হয়। মাননীয় অতিথিক পাৰ পোৱালিৰ মাংসৰে আপ্যায়ন কৰা হয়। ৰুগীয়া বা দুৰ্বল মানুহক আদা-জালুকেৰে পাৰৰ মাংস খুওৱা হয়। চ’মাংকানত ছাগলী, গাহৰি, কুকুৰা, হাঁহৰ লগতে পাৰও মৃতকৰ নামত উচৰ্গা কৰা হয় সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে। পাৰৰ বাবে পুৰণা নগাঢাৰি নুৰিয়াই ঘৰৰ বাহিৰৰ বেৰত বান্ধি ‘ৱ’থুং আক্ৰাং’(পাৰৰ বাহ)সাজি দিয়া হয়। কেতিয়াবা পেংদাঙতো তেনেদৰে বাহ তৈয়াৰ কৰি দিয়া হয়। কুকুৰাৰ লগতে চাউল বা ধান চোতালত ছটিয়াই দিয়া হয়। তাৰ বাহিৰে অন্য যতন লোৱা নহয়। কেতিয়াবা মাউৰা পোৱালিক মৰমিয়াল গৃহস্থই চাউল চোবাই টোপ খুওৱাৰ উদাহৰণ পোৱা যায়। পোৱালিৰ ঠেং ভাঙিলে কুকুৰাৰ ক্ষেত্ৰত কৰাৰ দৰে জাখ্ৰং বান্ধি দিয়া হয়। বছৰত দুবাৰমান বাহটো সাৰি-পুচি দিয়া হয়। অজিকালি পাৰৰ বাবে তক্তাৰে বাহ সাজি দিয়াও দেখা গৈছে। পাৰক পবিত্ৰ জীৱ হিচাপে কাৰবি সকলে মানে। সেইবাবে দেৱতাৰ মাজৰে ‘বামন’ শ্ৰেণীক জীয়া পাৰ উচৰ্গা কৰা হয়। সেই দেৱতাৰ নামত উৰুৱাই দিয়া হয়, বলি দিয়া নহয়। পাৰক মন্ত্ৰৰ ভাষাত মিনিং বুলি কোৱা হয়। আজিকালি পাৰ বিক্ৰীও কৰা হৈছে।

ৱ’কাক (হাঁহ)

কাৰবিয়ে নতুনকৈ হাঁহ পুহিবলৈ লৈছে। ইয়াক নৱতম সংযোজন বুলিবই পাৰি। পূৰ্বতে কাৰবিয়ে হাঁহ পোহাৰ কোনো উদাহৰণ নাই। সেইদৰে পূজা-পাতলতো হাঁহৰ প্ৰচলন নাছিল। আনকি আজিলৈকে কাৰবি মানুহৰ মাজত হাঁহৰ মাংস খোৱা মানুহৰ সংখ্যা তেনেই নগণ্য। তুলনামূলকভাৱে হাঁহৰ কণী অলপ জনপ্ৰিয়। অতি সম্প্ৰতি কিছুমান ওজা দেউৰীয়ে ভৈয়ামৰ দেৱ-দেৱী কিছুমান আমদানি কৰি হাঁহ বলি দিয়াৰ প্ৰথা প্ৰচলন কৰিছে। হাঁহ বলি দিয়া দুটামান পূজা হ’ল- দেওপানী, ডিফু আথান, মহামাই কাৰদম আছে আদি। এই পূজাৰ মন্ত্ৰৰ একাংশ অসমীয়া ভাষাতহে আছে। ইয়াৰ উপৰি চ’মাংকানত মৃতকৰ আত্মাৰ নামত ছাগলী, গাহৰি, কুকুৰা, পাৰ আদিৰ লগত হাঁহো উচৰ্গা কৰা হয়। এই উচৰ্গাও নতুন সংযোজন যেন লাগে। কাৰবিসকলে ভৈয়ামলৈ প্ৰত্যাৱৰ্তন কৰি বসতি স্থাপন কৰাৰ পিছত হাঁহৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত পানী পোৱাৰ পিছতহে হাঁহ পালন কৰিবলৈ ধৰা যেন লাগে। হাঁহৰ বাবে বেলেগে গৰাল বনোৱা নহয়। কুকুৰা গৰালৰ চাংখনৰ তলতে বেৰি-কুচি হাঁহ ৰখা হয়। হাঁহক খাবলৈ তুঁহগুড়ি, ধান, চাউল, গোমধান আৰু পোৱালিক খুদ চাউল দিয়া হয়। কণী পাৰিবৰ বাবে গৰালতে চুকৰ পিনে শুকান ধান খেৰ, শুকান জাবৰ আদি পাৰি দিয়া হয়। কুকুৰাক কৰা চিকিৎসা পদ্ধতিয়েই হাঁহৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়। কোনো বিশেষ যতন লোৱা চকুত নপৰে। চীনা হাঁহো কোনো কোনোৱে একেদৰেই পালন কৰে।

ৱ’পি তুংহাৰ (ৰাজ হাঁহ)

ৰাজহাঁহ পালন মাংস, কণী বা অন্য কোনো ব্যৱসায়িক উদ্দেশ্যত কৰা নহয়। কোনো পূজা-পাতলতো ৰাজহাঁহৰ ব্যৱহাৰ নাই। মাথো কোনো কোনোৱে চখত পোহে। কোনো কোনোৱে চখত পোহে। আৰ্থ-সামাজিক দিশত ৰাজহাঁহৰ কোনো যোগদান নাই। আজিকালি কোনো কোনোৱে ইয়াৰ মাংস খাবলৈ লৈছে।

বি বা হানৱে (ছাগলী)

ছাগলী কাৰবিসকলে অতীতৰপৰাই পুহি আহিছে। ছাগলী মানুহৰ ঘৰচীয়া জন্তুলৈ ৰূপান্তৰ হোৱাৰ এটা পুৰাগাঁথা পোৱা যায়। সেই গাঁথামতে- ছাগলীবোৰে (ৰাম ছাগলী, কাৰবি-কাৰজু) বহুতো কষ্ট খাই আছিল। সিহঁত সততে বাঘ, ভালুক, নাহৰফুটুকী, ঘোং, ৰাংকুকুৰ আদিৰ দ্বাৰা আক্ৰান্ত হৈছিল। তদুপৰি বতাহ-বৰষুণৰপৰাও বৰ কষ্ট পোৱাৰ লগতে প্ৰাণ নাশো হৈছিল। এজন সৎ কাৰবি লোকৰ ওচৰত সিহঁতে নিজৰ দুখ-কষ্টৰ কথা বিৱৰি কৈ আশ্ৰয় বিচাৰিলে। যদি দককিচুৰ(ছেৱাগছ) তক্তাৰে চাংঘৰ সাজি দিয়ে তেন্তে সিহঁতৰ সতি-সন্ততিলৈকে গৃহস্থৰ মংগল আৰু সমৃদ্ধিৰ বাবে পুৰ্বপুৰুষ আৰু দেৱতাৰ ওচৰত নিজকে বলি ৰূপে আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিলে। কাৰবিজন মান্তি হোৱাত সিহঁতৰ কিছু অংশ মানুহৰ ওচৰলৈ আহিল। তেতিয়াৰপৰাই মানুহ আৰু ছাগলীয়ে পৰস্পৰে পৰস্পৰৰ বাবে প্ৰতিশ্ৰুতি ভংগ কৰা নাই। প্ৰবাদে যিয়েই নকওক, এখন কাৰবি গৃহস্থীত ছাগলী এবিধ অপৰিহাৰ্য পশুধন। পূজা-পাতলত বলি হিচাপে ছাগলীৰ ব্যৱহাৰ কুকুৰাৰ পিছতেই। গৃহ দেৱতা আৰু স্থানীয় দেৱতাৰ পূজাত সাধাৰণতে পঠা ছাগলীয়েই বলি দিয়া হয়। ইয়াৰ উপৰি খাদ্য হিচাপে ই জনপ্ৰিয় আৰু সন্মানীয় খাদ্য। উছৱ-পাৰ্বণ, ভোজ-ভাত আদিত ছাগলীৰ মাংসৰ ব্যৱহাৰ ব্যাপক। ইফালে ছাগলী বা ছাগলী মাংসৰ বিনিময়ত খাদ্যশস্য, শ্ৰম আদি ক্ৰয় কৰা হয়। আজিকালি সকলোতে টকা-পইচাহে বিনিময়ৰ মাধ্যম হৈছেগৈ। চ’মাংকানত মৃতকৰ আত্মাৰ নামত উচৰ্গা কৰা ছাগলীক ‘হংৱাত’ বুলি কোৱা হয়। ইয়াৰ বিনিময়ত মৃতকৰ আত্মাই সুস্বাস্থ্য আৰু সমৃদ্ধি প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। মূল্যৱান আৰু অপৰিহাৰ্য পশুধন হোৱাৰ বাবে ছাগলীৰ প্ৰতি কাৰবিসকল অলপ সদয়। ছাগলীৰ বাবে বেলেগে ‘বি ৰই’ (ছাগলী গৰাল) সাজি দিয়া হয়। সাধাৰণতে ওখকৈ চাংঘৰ সজা হয়। বাঁহৰ গাধৈৰ মজবুতকৈ বেৰা বন্ধা হয়। সপ্তাহত দুবাৰ-তিনিবাৰ গৰালটো সাৰি-পুচি দিয়া হয়। পোৱালি, গাভিনী পোৱাঁতীৰ বাবে ঘাঁহ কাটি দিয়া দেখা যায়। আগৰ দিনত ছাগলীবোৰ মুকলিত এৰি দিয়া কৰিছিল। কোনো ৰখীয়াৰ ব্যৱস্থা কৰা হোৱা নাছিল। এতিয়া ছাগলীবোৰ এৰাল দিয়া বা ৰখীয়াৰ ব্যৱস্থা কৰা হৈছে। ছাগলীৰ চিকিৎসাও ভালকৈ কৰাৰ জ্ঞান বা তাগিদা থকা যেন নালাগে। কটা-ছিঙা হ’লে কেঁচা হালধি আৰু বনদৰৱ বান্ধি দিয়া হয়। ঠেং আদি ভাঙিলে বাঁহৰ পাতল কামি বান্ধি বনদৰৱ প্ৰয়োগ কৰা হয়। চকুৰ অসুখ আদিত আদা চোবাই চকুত থুৱাই দিয়া হয়। ছাগলী খাহী কৰা হয়। কিবা কাৰণত ঘাঁত পোক লাগিলে বনৌষধি প্ৰয়োগ কৰি পোকবোৰ সৰাই পেলোৱা বা তাক মাৰি পেলোৱা হয়। কাৰবি সমাজত ছাগলীৰ প্ৰয়োজন বেছি আৰু ই এবিধ মূল্যৱান পশুধন। কিন্তু তাক আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত পালন কৰাৰ কথা কাৰবিসকলে ভবাই নাই। বৰ্তমানে কাৰবি আংলঙৰ চিলনীজানৰ চৰকাৰী পশুধন পামত চিৰোহী নামৰ উন্নত জাতৰ ছাগলী ৰখা হৈছে। আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত ছাগলী পুহিবলৈ ইচ্ছুক যুৱক-যুৱতীৰ বাবে পামখন পথ প্ৰদৰ্শক হ’ব পাৰে।

ফাক (গাহৰি)

ছাগলীৰ দৰে গাহৰিও কাৰবি সমাজত অপৰিহাৰ্য পশুধন। খাদ্য হিচাপে গাহৰি মাংসই হ’ল আটাইতকৈ জনপ্ৰিয়। ভোজ-ভাত, উছৱ-পাৰ্বণত গাহৰি মাংস নহ’লে আয়োজন সম্পূৰ্ণ নহয়। তদুপৰি চিৰাচৰিত পূজা-পাতলবোৰ আছেই। এখন গৃহস্থীৰ আটাইতকৈ ডাঙৰ পূজা ‘চ’জুন’ত গাহৰি বলি দিয়া হয়। এই পূজা জীৱনকালত এজন গৃহস্থই তিনিবাৰ কৰিব লাগে। প্ৰথমবাৰত দুটা, দ্বিতীয়বাৰত তিনিটা আৰু তৃতীয় তথা অন্তিমবাৰত চাৰিটা গাহৰি উচৰ্গা কৰিব লাগে। লগত ৭টাৰপৰা ১০টালৈ কুকুৰা বলি দিয়া হয়। চ’মাংকানতো বিদেহী আত্মালৈ সমৃদ্ধি লাভৰ বাবে গাহৰি উচৰ্গা কৰা হয়। গাহৰি নাইবা গাহৰি মাংসৰ সৈতে প্ৰয়োজনীয় খাদ্যশস্য, শ্ৰম আৰু অন্যান্য সামগ্ৰী বিনিময় কৰা হয়। আজিকালি এই প্ৰথা লোপ পাই আহিছে যদিও কাৰবি সমাজত মাংসৰ সৈতে চলা এই বিনিময় প্ৰথা আজিও চলি আছে বহুতো ভিতৰুৱা অঞ্চলত। গাহৰি এটা মূল্যৱান সম্পদ হিচাপেই কাৰবিসকলে মানে। সেইবাবেই কিজানি ইয়াৰ যতনৰ সামান্য ব্যৱস্থা কৰা হয়। গাহৰিৰ বাবে ‘ফাক ৰই’(গাহৰি গঁড়াল) সজোৱা হয়। তাৰ চাৰিওফালে গৰালটোক বেৰি ডাঙৰকৈ বৃত্তাকাৰ ‘আবেৰাছিং’ বনোৱা হয়। দানা দিবৰ বাবে ফাক লংহং নামৰ নৌকাকৃতিৰ কাঠৰ পাত্ৰ থাকে। দানা হিচাপে তুঁহগুড়ি দিয়া হয়। তাৰ লগত মদৰ জুগুলী, সিজোৱা কচুৰ ঠাৰি বা কচু, অমিতা, ৰঙালাও আদি সিজাই মিহলাই দিয়া হয়। একো নাথাকিলে পানীৰে তুঁহগুড়িখিনি মিহলাই দিয়া হয়। কেতিয়াবা বতৰ পৰিলে কঁঠালৰ বাদু, মানুহৰ খোৱাৰ অনুপযুক্ত ফল-মূল, শাক-পাচলি আদি দিয়া হয়। গোমধান আদি সিজায়ো দেখা যায়। সপ্তাহে-পষেকে কোনো কোনোৱে গা ধুৱাই দিয়াও দেখা যায়। গাহৰিৰ তেনেকৈ ৰোগ নাই। যেতিয়া হয় তেতিয়া তাৰ চিকিৎসা পৰম্পৰাগত জ্ঞানেৰে সম্ভৱ নহয়গৈ। তথাপিও ছাগলীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা চিকিৎসাই গাহৰিৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়। গাহৰি খাহী কৰাৰ পদ্ধতি কাৰবিসকলে অৱশ্যে জানে। খাদ্য হিচাপে আৰু মূল্যৱান পশুধন হিচাপে গাহৰি পালনে কাৰবি সমাজত যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব পোৱা নাই। তাৰ বাবেই আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰ গাহৰি পালনে জনপ্ৰিয়তা পোৱা নাই। তথাপিও কুকুৰা আৰু ছাগলী পালনৰ তুলনাত অলপ অগ্ৰগতি লাভ কৰিছে। দুই-এজন উদ্যোগীয়ে ব্যৱসায়িক ভিত্তিতো গাহৰি পালন কৰিছে। বিভাগীয়ভাবেও কিছুমানক প্ৰশিক্ষণ দি মাজে মাজে উন্নত জাতৰ গাহৰি পোৱালি বিতৰণ কৰা দেখা যায়।

চেলং (ম’হ)

ম’হ পালনো কাৰবি সমাজত বহু পুৰণি বুলিব লাগিব। ম’হ পালন সাধাৰণতে পাহাৰৰ এঢলীয়াত খাঁজ কাটি(ষ্টেপ কাল্টিভেছন) কৰা পানী খেতিত পথাৰখন চহাবলৈ দৰকাৰ হোৱাৰ বাবে কৰিছিল। কাৰণ সেই পথাৰবোৰত নাঙলেৰে মাটি চহোৱাটো সম্ভৱ নহয়। গোটেই ম’হজাক এফালৰপৰা এফালে খেদাই মাটিখিনি গছকাই চহ কৰা হয়। সৰহ ধনৰ প্ৰয়োজনত ম’হ বিক্ৰী কৰা হয়। গাখীৰৰ ব্যৱহাৰ কাৰ্বি সমাজত নোহোৱা দৰেই। গতিকে গাখীৰ খীৰোৱা বা তাৰ ব্যৱসায় কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। একেই কথা খাটে গৰু আৰু ছাগলীৰ ক্ষেত্ৰতো। মুঠতে গাখীৰৰ বাবে পশুপালনৰ ধাৰণাটো এতিয়াহে ভুমুকি মাৰিছে। আজিৰ পৰিস্থিতিত কিছুমান গৃহস্থই গাখীৰৰ বেপাৰীক গাখীৰ খীৰাই লৈ যাবলৈ অনুমতি দিয়া হৈছে। কিন্তু নিজে খীৰাই বিক্ৰী কৰাটো হৈ উঠাগৈ নাই। ম’হ মূল্যৱান পশুধন যদিও কাৰবিসকলে ইয়াৰ যতন ভালভাৱে ল’ব জানে বুলি ক’ব নোৱাৰি। খেতি চপাই উঠাৰপৰা পুনৰ খেতিত ননমালৈ সাধাৰণতে সিহঁতৰ খবৰ লোৱাই নহয়। সেই কেইমাহ ম’হকেইটা বনৰীয়া হৈ থাকে। চিন থ’বৰ বাবে আটাইতকৈ বয়সিয়াল ম’হজনীৰ ডিঙিত কাঠেৰে সজা টিলিঙা(কুদুংদুং)ওলোমাই দিয়া হয়। লগতে দুটামানৰ ডিঙিত মালাৰ দৰে ৰচী বান্ধি দিয়া হয়। অৱশ্যে এক বা ডেৰবছৰ হওঁতে প্ৰত্যেকটো পোৱালিৰ নাকী ফুটাই দিয়া হয়। উদং ম’হকেইটা যাতে বেছি দূৰলৈ গুচি নেযায় তাৰ বাবে মাজে মাজে নিমখ দি অহা হয়। খেতিৰ সময়ত নিজৰ ম’হকেইটা বিচাৰি আনি খুঁটি পতা হয়। এই কাম নিমখে সহজ কৰি তোলে। খেতিৰ সময়খিনিৰ বাবে ম’হকেইটা বন্ধা হয় আৰু চোৱা-চিতাৰ বাবে গোৱালো ৰখা হয়। চিকিৎসা বুলিবলৈ অন্য পশুধনৰ ক্ষেত্ৰত যি কৰা হয়, ম’হৰ ক্ষেত্ৰতো একেখিনিকে কৰা হয়। বহুবিধ বনৌষধি ব্যৱহাৰ কৰা হয় ম’হৰ ক্ষেত্ৰত। বৈজ্ঞানিক পদ্ধতি আৰু উন্নত জাতৰ ম’হৰ প্ৰবেশ কাৰবি আংলঙত ঘটা নাই।

চাইনং (গৰু)

গৰু পালন তুলনামূলকভাৱে দেৰিকৈ কাৰবিসকলে শিকিছে। এই কাম কাৰবিসকলে ভৈয়ামৰ মানুহৰপৰাহে শিকিছিল যেন লাগে। কাৰণ গৰুৰ সৈতে জড়িত মাত-কথাবোৰ আৰু সা-সঁজুলিবোৰৰ নামৰ ভাষা অসমীয়া। ভৈয়ামলৈ পুনৰ আহি পানী খেতি কৰিবলৈ শিকাৰ লগে লগে গৰুৰো আগমন ঘটিল কাৰবি সমাজত। হাল বাবৰ বাবে গৰু পালন কৰা হ’ল। কেতিয়াবা টকাৰ প্ৰয়োজন হ’লে গৰু বেচাও হয়। গৰুৰ গাখীৰ খীৰোৱাৰ ব্যৱস্থা কেইদিনমানৰপৰাহে হৈছে। গো মাংস ভক্ষণ কৰা নহয়। অতীততে গৰু বলি দি তিৰকিমৰ ৰজাই ৰংকেৰ পতাৰ প্ৰবাদ পোৱা যায়। কিন্তু সাধাৰণতে কাৰবি সমাজত গো-মাংস নিষিদ্ধ। আপেক্ষিকভাৱে ম’হতকৈ গৰুৰ পালন কৰা অলপ সহজ হোৱাৰ বাবে কাৰবি সমাজত গৰুৰ প্ৰচলন ক্ৰমাৎ বাঢ়ি আহে আৰু ম’হৰ প্ৰচলন কমি আহে। কাৰণ কামৰ ক্ষেত্ৰত গৰু আৰু ম’হৰ পাৰ্থক্য বৰ বেছি নহয়। গৰু উপকাৰী আৰু বৰ প্ৰয়োজনীয় পশুধন যদিও ইয়াৰ পালনতো কাৰবিসকলৰ মাজত বৈজ্ঞানিক পদ্ধতি অৱলম্বন বা উন্নত প্ৰজাতিৰ গৰু পালন জনপ্ৰিয় হৈ উঠা নাই। গৰুক ৰ’দ-বতাহৰপৰা ৰক্ষা কৰিবৰ বাবে চাইনং আৰই(গৰুৰ গোহালি)সাজি দিয়া হয়। গোহালিৰ চাল খেৰেৰে চোৱা হয়। আজিকালি খেৰৰ অভাৱৰ বাবে টিনপাত লগোৱা হৈছে। কোনো কোনো অঞ্চলত জেওৰাৰ বেৰা দিয়া থাকে। কোনো কোনোৱে পতান আৰু কেঁচা ঘাঁহ জ্বলাই জাক দিয়ে। প্ৰয়োজন হ’লে গৰুৰ নাকী ফুটোৱা হয়। গৰুৰ সংখ্যা সৰহ হ’লে গোৱাল ৰাখে। এহাল বা দুহাল গৰুৰ বাবে গোৱাল ৰখা নহয়। এৰাল দি মাজে মাজে খুঁটি লৰাই দিয়া হয়। সময়ত পানী খুওৱাটো আৰু ৰ’দ টান হ’লে ছাঁলৈ নিয়া আদি কৰা হয়। ছাগলী আৰু ম’হৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা চিকিৎসা পদ্ধতি গৰুৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। গৰু-ম’হৰ ছাল প্ৰয়োজন চেলাই চেং কিহিনৰ(ঢোল চোৱা)বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে ইমান ব্যাপক নহয়। গৰু পালনে কাৰবিৰ গ্ৰাম্য অৰ্থনীতিত যিমান অৰিহণা যোগাব লাগিছিল সিমান যোগাইছে বুলি ক’ব নোৱাৰি। ইয়াৰ বাবে এতিয়াৰ পৰিকাঠামোকে দূষিব লাগিব। ইয়াৰ আমূল সংস্কাৰৰ জৰিয়তে এক বিপ্লৱৰ সূচনা কৰাৰ সুযোগ আছে। কাৰণ কাৰবি আংলঙৰ বিস্তৰ ভূমি, য’ত খেতি-বাতি কৰি লাভৱান হ’ব নোৱাৰি, তাত গৰু বা অন্য অৰ্থকৰী পশু পালন কৰি লাভৱান হ’ব পাৰি। এই কামৰ বাবে বৰ বেছি কষ্টৰো দৰকাৰ নাই। ইয়াক কাৰবি আংলঙৰ এটা প্ৰধান জীৱিকা হিচাপে গঢ়ি তুলিব পাৰি।

চাই (মেথোন)

গৰু প্ৰজাতিৰ এই জীৱ কাৰবিসকলে পূৰ্বতে পালন কৰিছিল। ইয়াক ঘৰচীয়া মেথোন বুলিব পাৰি। এই প্ৰজাতিৰ পোহা কাম এতিয়া কোনো কাৰবি মানুহে নকৰা হ’ল। স্মৃতি হিচাপে বয়সস্থজনে এতিয়াও গৰুক চাইনঙৰ সলনি চাই বুলি কয়। পূৰ্বতে চাই বয়-বস্তু কঢ়িওৱা আৰু মাংসৰ বাবে পালন কৰা হৈছিল। প্ৰব্ৰজনৰ ফলত কাৰবিসকলৰ বাসস্থান সলনি হোৱাৰ ফলত পৰিৱৰ্তিত জলবায়ুত চাই টিকি থাকিব নোৱাৰিলে। এই নতুন জলবায়ুত গৰু বেছি উপযোগী হোৱাত নিশ্চয় চাই পালন বন্ধ হৈ গ’ল।

ল’ছাই (ঘোঁৰা)

কাৰবিসকলে ঘোঁৰাৰ ব্যৱহাৰ জানিছিল বুলি কোনো পুৰা কাহিনী, প্ৰবাদ বা লোকগীত পোৱা নাযায়। কিছুমান আপেক্ষিকভাৱে নতুন সাধু বা কাহিনীবিলাকত ৰণ ছান্তাংএ (খাচীয়া বেপাৰী) নিমখ, অলংকাৰ আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰিবলৈ ঘোঁৰাৰ পিঠিত বোজাই কৰি অনাৰ কথা পোৱা যায়। ঘূৰি যাওঁতে সেই ঘোঁৰাতে উঠি যোৱাৰ বৰ্ণনাও পোৱা যায়। তাকে অনুসৰণ কৰি কাৰবি ব্যৱসায়ী দুই-এজনে ঘোঁৰা ব্যৱহাৰ বা পালন কৰিছিল। কিন্তু এয়া ব্যতিক্ৰমহে আছিল। গতিকে ঘোঁৰাই কাৰবিৰ আৰ্থ-সামাজিক দিশত প্ৰভাৱ পেলাইছে বোলাৰ থল নাই। তথাপি ঘোঁৰাবাচক কাৰবি শব্দ ল’ছাই থকাটোৱে চিন্তাৰ উদ্ৰেক কৰে। কাৰণ ল’ছাই শব্দটো অন্য ভাষাৰপৰা অহা শব্দ নহয়, ই কাৰবিৰ নিজা শব্দ। গতিকে পূৰ্বতে কাৰবি সমাজত ঘোঁৰাৰ ব্যৱহাৰ আৰু প্ৰাধান্য আছিল বুলি ভবাৰ অৱকাশ আছে।

ইংনাৰ (হাতী)

হাতী ধৰা বা হাতী পোহাৰ কথা কাৰবি সমাজত পোৱা যায়। তথাপিও তাক ৰজাৰ বাবেহে এনে মনোভাৱ দেখা যায়। হাতীক ৰাজসিক মৰ্যাদা দিয়া হয়। তিৰকিম ৰেচ’ৰ হাতী থকাৰ কথা শুনা যায়। তেওঁৰ হাতী ধৰাৰ বাবে খন্দা গড়খাৱৈৰ অৱশেষ এতিয়াও দেখা যায়। সেইদৰে নংপো লাবাঙৰ জাপনাৰ লিন্দকৰ (জাপনাৰ ৰহাং) হাতী থকাৰ কথা হাচা কেকান আলুনত পোৱা যায়। তাৰো আগতে ইংনাৰ লকপ’ আত’ম’ আৰু ছিতা কামাৰ আত’ম’ নামৰ সাধু দুটাত ৰজাৰ বগা হাতী থকাৰ কথা পোৱা যায়। বৰং বগা হাতী দুটাহে সাধুটোৰ কেন্দ্ৰীয় চৰিত্ৰ। এইখিনি কথাৰপৰা এইটো অনুমান কৰিব পাৰি যে ৰজা শ্ৰেণীৰ মানুহৰ বাহন আৰু লাহ-বিলাহৰ বাবেহে হাতী পালন কৰা হৈছিল। সৰ্বসাধাৰণ মানুহৰ তাত কোনো যোগদান নাছিল। সেয়েহে সমাজৰ আৰ্থ-সামাজিক দিশত হাতীয়ে বিশেষ অৰিহণা যোগাইছিল বুলি ক’ব নোৱাৰি। ব্ৰিটিছৰ যুগত মৌজাদাৰ কেইজনমানে হাতী ব্যৱহাৰ কৰিছিল। কাঠৰ ব্যৱসায়ী কেইজনমানেও হাতী পুহিছিল। সেই ঘটনাবোৰে সামগ্ৰিকভাৱে সমাজত একো প্ৰভাৱ পেলোৱা নাই। ই এটা ষ্টেটাছ ছিম্বলহে আছিল। এতিয়া যাৰ কোনো প্ৰাসংগিকতা নাই।

মেথান (কুকুৰ)

অৰ্থকৰী পশু নহ’লেও কাৰবি সমাজত কুকুৰ এটা দৰকাৰী জীৱ। এখন গৃহস্থীত কুকুৰ এপাল থকাটো সততে চকুত পৰা দৃশ্য। কুকুৰক কাৰবিৰ কাব্য-ভাষাত ছুবং-ছুবে বুলি কোৱা হয়। কুকুৰক লৈ বহুতো পুৰাগাঁথা, প্ৰবাদ প্ৰচলিত আছে। তাৰে এটা পুৰাগাঁথা এনে- যেতিয়া আৰনাম ফাৰ’ই (শতজন দেৱতা) পৃথিৱী সৃষ্টি কৰিলে, প্ৰয়োজনীয় নদ-নদী, পৰ্বত-পাহাৰ, জীৱ-জন্তু, কীট-পতংগ, গছ-বিৰিখ, বন-লতা সকলো স্ৰজন কৰি শেষ কৰিলে, তেতিয়া সেইবোৰৰ চোৱাচিতা আৰু দেৱতাসকলক প্ৰাপ্য উপঢৌকন পূজা-পাতলৰ দ্বাৰা নিয়মিতভাৱে পাবৰ বাবে কাৰবিৰ সৃষ্টি কৰিলে। কিন্তু কাৰবি টিকি নাথাকিল। পুৱাই স্ৰজন কৰা কাৰবি সন্ধ্যালৈ নেথাকে, সন্ধ্যা স্ৰজন কৰা কাৰবি পুৱালৈ নেথাকে। ‘হি-ঈ আৰনাম’এ (দৈত্য-দানৱ আৰু অপদেৱতাই) খাই পেলায়। তেতিয়া শতজন দেৱতাই আলচ কৰি হেমফুক কাৰবিৰ ৰক্ষণা-বেক্ষণৰ দায়িত্ব দিলে। হেমফুৰ নিৰ্দেশমৰ্মে ৰাংবিনি আৰু হাং বিনিয়ে এযোৰ কুকুৰৰ সৃষ্টি কৰিলে। সিহঁতক বিশেষ চকু আৰু কাণ দিলে, যাৰ দ্বাৰা সিহঁতে দৈত্য-দানৱ, দেৱতা-অপদেৱতা সকলোকে দেখে আৰু শুনে। দেখিলেই সিহঁতে ভুকি পৰম পিতাক জাননী দিয়ে। জাননী পোৱাৰ পিছত পৰম পিতাৰ নিৰ্দেশত সকলো অপশক্তি আঁতৰি যায়। তেতিয়াৰপৰাহে কাৰবি বৰ্তি থাকিব পাৰিলে। সেইবাবে কৃতজ্ঞতাৰ চিন স্বৰূপে কুকুৰ ৰখাটো আৰু সিহঁতৰ আলপৈচান ধৰাটো কাৰবিৰ এটা আৱশ্যক কৰ্তব্যত পৰিণত হ’ল। প্ৰবাদে যিয়েই নকওক, হাবিয়ে-বনে ঘূৰি ফুৰা আৰু হিংস্ৰ জন্তুৰ মাজত জীৱন নিৰ্বাহ কৰা কাৰবিসকলৰ বাবে কুকুৰ উপকাৰী সহচৰ। সিহঁতে দিনে-ৰাতিয়ে ঘৰখন পহৰা দিয়ে। দুৰৈৰ ঝুমতলীলৈ যোৱাৰ হাবিতলীয়া বাটত হ’ব পৰা যিকোনো বিপদৰ জাননী দিয়ে। চিকাৰত সংগ দিয়াৰ লগতে সহায় কৰে। তদুপৰি ঘৰ আৰু বাৰীৰপৰা গৰু-ছাগলী আদি খেদাই দিয়ে। মুঠতে ই অৰ্থকৰী পশুতকৈ কোনোগুণে কম উপকাৰী নহয়। কুকুৰৰ মাংস কাৰবি সমাজত নিষিদ্ধ। উপকাৰী হ’লেও কুকুৰৰ বিশেষ যতন লোৱাৰ নজিৰ নাই। চাংখনৰ কোনোবা চুকত পৰি থকাই কুকুৰৰ নিয়তি। থাকি যোৱা ভাত আৰু পেলনীয়া খাদ্যই তাৰ আহাৰ। কোনো কোনোৱে শুবলৈ পুৰণা থৈলা পাৰি দিয়া দেখা যায়। সেইদৰে কোনো কোনো গৃহিণীয়ে তাৰ ভাগলৈকো ভাত-আঞ্জাৰ যোগাৰ ৰাখে। চিকিৎসাৰ তেনেকুৱাকৈ কোনো ব্যৱস্থা নাই। ৰুগীয়া কুকুৰ মাৰি পেলোৱাই নিয়ম। অৱশ্যে চিকাৰ আদিত পাকৈত বা অতিকে ভাল স্বভাৱৰ ঘৰৰখীয়া কুকুৰক গৃহস্থই বেছি মৰম কৰে। ঘৰৰ সদস্যসকলৰ দৰে খাদ্যবস্তুত তাৰো ভাগ থাকে। বুঢ়া হৈ মৰিলে সসন্মানে সমাধিস্থ কৰা হয়। মানুহৰ ক্ষেত্ৰত মৃতকক দিয়াৰ দৰে কুকুৰকো আনবৰ হানবৰ(ভাত আৰু আঞ্জাৰ টোপোলা)সমাধিস্থ কৰাৰ সময়ত দিয়াৰ প্ৰথা আছে। কুকুৰৰ মৃত্যুত কাচাৰহে(পাৰলৌকিক তত্ত্ব আৰু মন্ত্ৰ)আবৃত্তি কৰাৰ নজিৰ আছে। কুকুৰৰ নামত চ’মাংকান পতাৰ উদাহৰণো পোৱা যায়। কাৰবি আংলঙৰ বহু ঠাইত কুকুৰৰ নামত মেথান লংএ(ম’ন’লিথ)পোৱা যায়। মুঠতে কুকুৰে কাৰবি সংস্কৃতিত এক বিশেষ স্থান অধিকাৰ কৰি আছে।

মেং (মেকুৰী)

অৰ্থকৰী নহ’লেও দৰকাৰী অন্য এবিধ পোহনীয়া জন্তু হ’ল মেকুৰী। মেকুৰীয়ে এন্দুৰ-নিগনি আদি মাৰি বা খেদি বুজন পৰিমাণৰ খাদ্যশস্য ৰক্ষা কৰে। লগতে এন্দুৰ-নিগনিৰ পিছে পিছে অহা সাপক আঁতৰত ৰখাত সহায় কৰে। এই দুটা কথা কৃষিজীৱী আৰু প্ৰকৃতিৰ সন্তান কাৰবিয়ে অভিজ্ঞতাৰপৰা গম পাইছিল। সেইবাবে আদৰ কৰি মেকুৰী পুহিছিল। মেকুৰী হেনো আদিতে বনৰীয়া আছিল। বাঘৰ আইতাক হোৱাৰ বাবে বাঘ এটাই তাইৰ আলপৈচান ধৰিছিল। খাদ্য, ৰক্ষণা-বেক্ষণকে আদি কৰি সকলো প্ৰদান কৰিছিল। এদিন মেকুৰীজনীৰ আলু খাবলৈ মন গ’ল। কথাটো বাঘক কোৱাত তাৰো খাবলৈ মন গ’ল আৰু আলু খান্দি আনিলেগৈ। পুৰিবৰ বাবে জুইৰ দৰকাৰ হ’ল। গতিকে জুই নিবলৈ মেকুৰীজনী গাঁৱলৈ আহিল। গাঁও পাই এঘৰত শুকান মাছ পুৰি থকা দেখা পাই তাই সকলো পাহৰি গ’ল। শুকান মাছৰ আশাত গোটেই দিন বহি থাকিল। সিফালে ভোকে-লঘোণে গোটেই দিন বহি থাকিব লগা হোৱাত বাঘৰ প্ৰচণ্ড খং উঠিল। মেকুৰীজনী গাঁৱত মানুহৰ মাজত থকাৰ বাবে বাঘে তাইক একো কৰিব নোৱাৰি যেতিয়াই য’তেই পাই মাৰি পেলাম বুলি প্ৰতিজ্ঞা কৰিলে। সেই তেতিয়াৰপৰা বাঘৰ ভয়তে তাই হাবিলৈ ঘূৰি নগ’ল আৰু বাঘে গোন্ধ পাই খেদি আহে বুলি নিজৰ বিষ্ঠাও মাটিত পুতিবলৈ ধৰিলে। প্ৰবাদৰ কথা এফালে ৰাখিও কাৰবি চাংঘৰত মেকুৰী এটা অপৰিহাৰ্য অংগ। চুৰ কৰাৰ অভ্যাস থকাৰ বাবে মাছ-মাংস, শুকান মাছ আদি ভালকৈ ৰাখিবলৈ ন-বোৱাৰী বা নতুন যিকোনো মানুহক প্ৰশিক্ষণ দিওঁতা বুলি ঘৰৰ বয়সস্থ কেইজনে মেকুৰীক বৰ আদৰ কৰে। তথাপিও প্ৰকৃত অৰ্থত মেকুৰীৰ ভাল যত্ন লোৱা হয় বুলি কোৱা নাযায়।

ওপৰৰ চমু আলোচনাৰপৰা এই কথা স্পষ্ট হয় যে পশুপালন আদিম জীৱিকা। আদিম জনগোষ্ঠী হিচাপে কাৰবি সমাজতো ইয়াৰ প্ৰচলন ব্যাপক। কিন্তু বৈজ্ঞানিক আৰু আধুনিক পদ্ধতি অৱলম্বন কৰি ইয়াক স্বতন্ত্ৰ আৰু ব্যৱসায়িকভাৱে লাভজনক জীৱিকালৈ উন্নীত কৰিব পৰা হোৱা নাই। যিহেতুকে পশুপালন আমাৰ সংস্কৃতিৰেই এটা অংগ, গতিকে এই বৃত্তিকে পূৰ্ণাংগ বৃত্তিলৈ সহজে উন্নীত কৰিব পাৰি। সামাজিকভাৱে কিবা অহাৰ কোনো অৱকাশ নাই। অতি সহজে পুৰণি পদ্ধতিক সংস্কাৰ কৰি উন্নত কৰিব পাৰি। এই সংস্কাৰৰ জৰিয়তে আমাৰ সমাজৰ অৰ্থনৈতিক অৱস্থা আশাতীতভাৱে উন্নীত কৰিব পাৰি। কাৰণ আমাৰ ভূখণ্ডত প্ৰাকৃতিক পৰিকাঠামোৰ অভাৱ নাই। চৰকাৰৰ মুখলৈ বাট চাই থকা মানসিকতা পৰিহাৰ কৰি কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব নোৱাৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। অন্য এটা দিশলৈ আঙুলিয়াই দিলে ভাল হ’ব যে আমাৰ চহা মানুহখিনিয়ে (বিশেষকৈ কাৰবি জনগোষ্ঠীয়ে) পোহনীয়া জন্তুৰ ৰোগ আৰু চিকিৎসাৰ বিষয়ে একেবাৰেই সজাগ নহয়। সেইবাবে পশু চিকিৎসকসকলে অতিৰিক্ত দায়িত্ব লৈ জনসাধাৰণক সজাগ কৰি তোলাৰ সময় সমাগত। নহ’লে হিতে বিপৰীত হোৱাৰ আশংকা আছে।

হাং মিজি হাঞ্চে, ম-ন-কা স্মৃতিগ্ৰন্থ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top