মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কাৰ্বিসকলৰ হিয়াৰ আমঠু :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৰ্বিসকলৰ হিয়াৰ আমঠু :

কাৰ্বিসকলৰ হিয়াৰ আমঠুৰ বিষয়ে লিখা হৈছে ।

 

ৰিছ’ নিমছ’ আৰং আজে’

বিশ্বত এনে এটা জাতি বা জনগোষ্ঠী নাই, যাৰ কোনো উৎসৱ- পাৰ্বণ নাই। যদি এনে ক’ৰবাত আছে তেন্তে নিশ্চয় বিৰল হ’ব। অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰো নিজা চহকী ভাষা- সাহিত্যৰ লগতে অনেক পৰম্পৰাগত উৎসৱ-পাৰ্বণ আছে। যিসমুহ জনগোষ্ঠীটোৱে সভ্যতাৰ ইতিহাস ঢুকি পোৱা দিনৰে পৰা স্বকীয় ৰীতি-নীতিৰে সময়, পৰিৱেশ আৰু সুবিধানুসাৰে পালন কৰি আহিছে। ভাৰতৰ সমগ্ৰ জাতি-জনগোষ্ঠীৰ অধিকাংশ উৎসৱ- পাৰ্বণ কৃষিভিত্তিক হোৱাৰ দৰে কাৰ্বিসকলে পালন কৰি অহা উৎসৱসমুহো মুলত: কৃষিভিত্তিক বুলিব পাৰি। পাহাৰ বা সমতল ভুমিৰ খেতিপথাৰত খেতি কাৰ্যৰ আৰম্ভণিৰ আগত, শস্য চপাই ঘৰলৈ আনি লখিমীক ভঁৰালত সুমুওৱাৰ শেষত আৰু এই দুয়ো কাৰ্যৰ ঠিক মাজৰ অৱসৰ সময়খিনিত কাৰ্বিসকলে উৎসৱ-পাৰ্বণসমুহ উদযাপন কৰে। অসমীয়া মাঘ (জানুৱাৰী) মাহত ভোগালী বিহু আৰম্ভ হোৱাৰ ঠিক পিছৰ দিনাখনে কাৰ্বিসকলে হাচাকেকান উৎসৱ পালন কৰে। ইয়াৰ পিছৰ মাহতে অৰ্থাৎ ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হয় কাৰ্বি ডেকা- গাভৰুসকলৰ হিয়াৰ আমঠু- ৰিছ’ নিমছ’ আৰ্ং আজে’।

কাৰ্বি ৰিছ’ নিমছ’ আৰং আজে অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱ। পুৰ্বতে হয়তো বিগত আশী দশকৰ আগলৈকে জনগোষ্ঠীটোৱে সময়, সুবিধা আৰু সামাজিকভাৱে প্ৰয়োজন সাপেক্ষেহে ডেকা-গাভৰুসকলে মিলি যিকোনো ঠাই বা গাঁৱৰ মুকলি ঠাইত পৰম্পৰাগতভাৱে চলি অহা নৃত্য-গীতসমুহ পৰিৱেশন কৰিছিল। অৱশ্যে সেই সময়ত এনেধৰণে কৰা নৃত্য-গীতসমুহৰ অন্তৰ্নিহিত যুক্তি থাকে। আৰু এইধৰণৰ যুক্তিক আধ্যাত্মিক বুলি একান্তভাৱে বিশ্বাস কৰা হয়। কোনো এখন গাঁৱৰ কোনো এটা পৰিয়ালে পৰিয়ালটোৰ পুৰ্বপুৰুষসকলৰ আত্মা সদগতিৰ বাবে সেই পৰিয়াল তথা পৰিয়ালটোৰ আত্মীয়-স্বজন সকলোৱে মিলি চ’মাংকান উৎসৱ পাতে। চ’মাংকান উৎসৱপুৰ্ণভাৱে সম্পন্ন হ’বলৈ হ’লে এসপ্তাহৰ প্ৰয়োজন হয়। অতি ব্যয়বহুল, এই উৎসৱলৈ গাওঁখনৰে নহয়, দুৰ-দুৰণিৰ গাঁৱৰ মুনিহ-তিৰোতা, ডেকা-গাভৰুসকলকো নিমন্ত্ৰণ কৰা হয়। চ’মাংকানত নিমছ’ কিৰুং, চং চিংনা নৃত্য-গীতৰ লগতে বয়স্ক মহিলাৰ দ্বাৰা কাচাৰহে আলুন (বিননি গীত) দিনে-নিশাই নিৰৱচ্ছিন্নভাৱে চলি থাকে। এনেদৰে পাহাৰত খেতিকাৰ্য আৰম্ভ হোৱাৰ আগে আগে ‘বতৰ কেকুৰ’ মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি ডেকা-গাভৰুসকলে ৰিতনং চিংদি নৃত্য- গীত কৰে। তাৰ পিছত পুৰ্বতে উল্লেখ কৰাৰ দৰে ডেকা-গাভৰুসকলে পথাৰৰ সোণালী শস্য আনি আটাইৰে ভঁৰালত ভৰোৱা কাৰ্য শেষ হ’লে সিদিনা গাওঁখনৰ মুৰব্বী (গাওঁবুঢ়াৰ) ঘৰৰ চোতালত গাওঁখনৰ গঞা ৰাইজ আটায়ে মিলি আনন্দেৰে এসাঁজ খায় আৰু সিদিনা ডেকা-গাভৰুসকলে ওৰেতো নিশা নাচি- বাগি গায় লখিমী আদৰা ভক্তি আৰু আনন্দত হাচাকেকান উৎসৱ উদযাপন কৰে। কালক্ৰমত সময়ৰ চাহিদা অনুসৰি সেই আটাইবোৰ নৃত্য-গীত গাঁৱৰ কোনো মুকলি ঠাই বা গাঁওবুঢ়াৰ ঘৰৰ চোতালৰ পৰা লাহে লাহে মঞ্চত প্ৰৱেশ কৰে। আৱহমান কালৰে পৰা চলি অহা এই মহামুল্যৱান নৃত্য-গীতসমুহ অতি আধুনিকতাৰ কোবাল বতাহে উৰুৱাই যাতে নিশ্চিহ্ন নকৰে তাৰ বাবে সংৰক্ষণৰ প্ৰচেষ্টাত এচাম সংস্কৃতিৱান কাৰ্বি যুৱকসকল উঠি-পৰি লাগিল। কেৱল সংৰক্ষণেই নহয়, অনাগত দিনলৈ বিকশাই নিয়াৰ বাবেও চিন্তা চৰ্চা কৰিলে। সময়োপযোগীকৈ কৰা চিন্তাচৰ্চাৰ ফলস্বৰুপে সেই অতুৎসাহী যুৱকসকলে ‘কাৰ্বি ৰিছ’ নিমছ’ আৰ্ং আজে’ নাম দি ১৯৭৪ চনত প্ৰথমবাৰৰ বাবে ডিফুস্থিত কাৰ্বি ক্লাব প্ৰাংগণত মহা আড়ম্বৰেৰে আৰ্ং আজে’ অৰ্থাৎ মহোৎসৱটি উদযাপনৰ দিহা কৰিলে। প্ৰথম প্ৰচেষ্টা মুঠেই অথলে নগ’ল। যুৱকসকলৰ লগত বয়োজ্যেষ্ঠসকলেও হাত উজান দিলে। মহোৎসৱত চিৰপ্ৰচলিত আটাইবোৰ লোকনৃত্য, লোকগীতসমুহৰ উপৰি হামবি কাপাথু, কেং দংদাং কেদাম, বাথালি কে-আপ আদি পৰম্পৰাগত খেল-ধেমালিকো অন্তৰ্ভুক্তি কৰে। তাৰ পৰৱৰ্ত্তী বছৰটোৰ পৰা কাৰ্বি আংলঙৰ ভিন ভিন ঠাইত সময়, সুবিধা চাই বছৰি একোবাৰকৈ মহোৎসৱ অনুষ্ঠিত কৰি আহে। কালক্ৰমত এই বৃহৎ অনুষ্ঠানটিৰ সফল ৰুপায়ণ আৰু সুপৰিচালনাৰ স্বাৰ্থত ১৯৭৭ চনৰ জানুৱাৰী মাহৰ ৩০ তাৰিখে কাৰ্বি কালচাৰেল ছ’চাইটী চমুকৈ কেচিএছ নামে সাংস্কৃতিক সংগঠনৰ ভুমিস্থ হয়। ১৯৯৪ চনত কেচিএছৰে উদ্যোগত কাৰ্বি সমাজৰ বিশেষ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা আলোচনা-বিলোচনা আৰু সিদ্ধান্ত সাপেক্ষে প্ৰতি বছৰে কাৰ্বি নৱবৰ্ষ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখৰ পৰা ১৯ তাৰিখলৈ স্থায়ী ক্ষেত্ৰ তাৰালাংছত ধুমধামেৰে মহোৎসৱ পালন কৰিবলৈ লোৱা হয়। এই ঐতিহাসিক সিদ্ধান্তনুসাৰে প্ৰত্যেক ফেব্ৰুৱাৰী মাহৰ সেই বিশেষ চাৰিটা দিন কাৰ্বি ডেকা-গাভৰু তথা বুঢ়া-মেথাসকলে মিলি কাৰ্বি ৰিছ’ নিমছ’ আৰ্ং আজে’ আজিও উদযাপন কৰি আহিছে। ফেব্ৰুৱাৰী মাহৰ পষেকটোৰ দিন প্ৰায় নিকট হৈ আহিব ধৰিলে ফাঁকুৰঙী ফাগুনেও আঁচল উৰুৱাই আহি কাৰ্বি ডেকা-গাভৰুসকলৰ মনত হুৰহুৰাই দিয়েহি। প্ৰাণচঞ্চল ডেকা- গাভৰুসকলৰ মন তেতিয়া আনন্দত উত্ৰাৱল হৈ ক্ষণ গণি ৰয় প্ৰিয় সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছ লৈ  গৈ জঁপিয়াই জঁপিয়াই এপাক নাচিবলৈ। অৱশ্যে নিজ নিজ অঞ্চলৰ পৰা সাংস্কৃতিক দলৰ প্ৰতিনিধি তথা প্ৰতিযোগী হৈ ভিন্ন নৃত্য-গীতত অংশগ্ৰহণ কৰিব বিচৰা ডেকা- গাভৰুসকলে জানুৱাৰী মাহৰ প্ৰায় শেষ সপ্তাহৰ পৰাই নৃত্য-গীতৰ লগতে ডেকাবিলাকে চেং (ঢোল), প্ংচী (বাঁহী), মুৰি (পেঁপা), ক্ৰ্ংচুই (গগণা) আদি বজোৱাৰ আখৰাত ব্যস্ত হৈ পৰে।

আনহাতে, প্ৰায় ৩৩১.২৩ একৰ জোৰা বিশাল সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছ’ত ভুমিভাগ চাফা কাৰ্যকে ধৰি প্ৰয়োজনীয় মেৰামতি বা নিৰ্মাণকাৰ্য ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ হয়। নিৰ্মাণ বা মেৰামতি কাৰ্যৰ কৰ্মীসকলৰ লগতে সাংস্কৃতিক কৰ্মীসকলৰ যুদ্ধকালীন কৰ্মৰ ত্ৎপৰতাত তাৰালাংছ’ বছৰটোৰ মুৰত পুনৰ প্ৰাণৱান্ত হৈ পৰে। বিশাল ক্ষেত্ৰখনৰ সন্মুখ ভাগতে কাৰ্বিৰ প্ৰবাদপুৰুষ তথা লোকসংগীতৰ গুৰু ৰাংছিনা ছাৰপ’ও তেখেতৰ প্ৰিয় শিষ্য ছিং মিৰজেং আৰু লং মিৰজেং- দুয়োকে লৈ এই বিশেষ দিনকেইটালৈ গভীৰ আগ্ৰ্হেৰে বাট চাই ৰয়। অসমৰ যশস্বী তথা বৰেণ্য শিল্পী বীৰেন সিংহৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা সংগীত গুৰু ৰাংছিনা ছাৰপ’ প্ৰকৃততে এটা সুবিশাল প্ৰতিমুৰ্তি। এই প্ৰতিমুৰ্তিৰ সন্মুখভাগৰ মুকলি মঞ্চখনৰ নামেই ছিং মিৰজেং মঞ্চ আৰু নিচেই কাষত সোঁফালে থকা মঞ্চখনৰ নাম লং মিৰজেং মঞ্চ। তাৰ পৰা পশ্চিম দিশে প্ৰায় ত্ৰিশ হাতমান দুৰত্বত থকা মুকলি মঞ্চখনৰ নাম কাৰ্বি জননেতা ছেমছনছিং ইংতি সোঁৱৰণী মঞ্চ । তিনিওখন মঞ্চৰে নিজা নিজা তাৎপৰ্য আছে। গুৰুজনাৰ প্ৰিয় শিষ্য মিৰজেং ভাতৃদ্বয়ৰ নামৰ মঞ্চদুখনত প্ৰাচীন লোকনৃত্য, লোকগীত আদিৰ প্ৰতিযোগিতা হয়। আনহাতে, জননেত ছেমছনছিং ইংতি সোঁৱৰণী মঞ্চখনত আধুনিক গীত, ৰ’ক সংগীত, ফেশ্বন শ্ব’ আদি আধুনিক মানৰ প্ৰতিযোগিতামুলক অনুষ্ঠানবোৰ অনুষ্ঠিত হয়। ইয়াৰ উপৰি বিশাল ক্ষেত্ৰখনৰ আনফালে পৰম্পৰাগত সামগ্ৰীৰ বজাৰ, সাধাৰণ বজাৰ, গ্ৰন্থমেলা, চৰকাৰী-বেচৰকাৰী বিভাগীয় প্ৰদৰ্শনী মেলা, খাদ্য- সামগ্ৰীৰ বজাৰ আদি বহে। মুঠতে সেই বিশেষ চাৰিটা দিনত শিল্পী, পৰ্যটক, দৰ্শক, ক্ৰেতা-বিক্ৰেতা আৰু সাংস্কৃতিক কৰ্মীৰে তাৰালাংছ’ত বিৰ দি বাট নোপোৱা হয়। মন কৰিবলগীয়া কথা যে এই আটাইবোৰ কাৰ্যক্ৰমণিকা সাংস্কৃতিক ক্ষেত্ৰৰ স্থায়ী কাৰ্যালয় ‘কাৰ্বি পিপলছ হল’ৰ পৰা নিয়াৰিকৈ পৰিচালনা কৰাৰ ব্যৱস্থা থাকে। এইখিনিতে আৰু উল্লেখ্য যে চাৰি দিনৰ দিনা আবেলি ভাগতে আটাইবোৰ প্ৰতিযোগিতামুলক নৃত্য-গীতৰ অনুষ্ঠানসমুহৰ অন্ত পৰে। নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত ভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সংগীতানুষ্ঠানকে ধৰি বিহু নৃত্য, ঝুমুৰ নৃত্য, বাগৰুম্বা নৃত্য, তিৱা নৃত্য, ডিমাচা নৃত্য, কুকি নৃত্য, নগী নৃত্য, তাই নৃত্য, নেপালী নৃত্য, বাঙালী নৃত্য আদিৰে তাৰালাংছৰ চৌপাশৰ আকাশ-বতাহ মুখৰ হোৱাৰ লগতে এক অনন্য ৰুপত তাৰালাংছ ভাস্কৰ হৈ উঠে।

ভিন্ন কৃষ্টি-কলাকৃষ্টিৰ সংগম ক্ষেত্ৰ তাৰালাংছত উদযাপিত এই কাৰ্বি ৰিছ নিমছ আৰ্ং আজে সেয়ে কেৱল কাৰ্বি ডেকা-গাভৰুসকলৰে নহয়, কাৰ্বি পাহাৰত বসবাস কৰা সমুহ জাতি- জনগোষ্ঠীৰে হিয়াৰ আমঠু হোৱাৰ লগতে পৰস্পৰৰ মাজত প্ৰেম-ভালপোৱা, ভ্ৰাতৃত্ববোধ আৰু ঐক্যৰ প্ৰতীকস্বৰুপ হওক।

লেখিকা: মঞ্জু টেৰনপি (দেওবৰীয়া সুকন্যা)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top