অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিৰাত সংস্কৃতিৰ সাধাৰণ বৈশিষ্ট্য

কিৰাত সংস্কৃতিৰ সাধাৰণ বৈশিষ্ট্য

অসমীয়া সংস্কৃতি ভাৰতীয় আৰ্য সংস্কৃতি হ’লেও ইয়াত কিৰাত কিংবা মংগোলীয় সংস্কৃতিৰ ছাপ মচিব নোৱাৰা। কিৰাত জনগোষ্ঠীৰ লোকেৰে বৰ অসম ভৰা। অসমৰ ভৌগোলিক পৰিবেশে মংগোলীয় জনগোষ্ঠিক বিভিন্ন স্থানত বসবাস কৰিবলৈ বাধ্য কৰাইছে। সময় আগবঢ়াৰ লগে লগে সুকীয়া সুকীয়া ঠাইত, সুকীয়া পৰিবেশত জীৱন-যাপন কৰিবলগীয়া হোৱাৰ ফলস্বৰূপে তেওঁলোকৰ মাজত কিছু সুকীয়া সাংস্কৃতিক বৈশিষ্ট্যই গা-কৰি উঠিলেও এই জনগোষ্ঠীৰ মানুহখিনিৰ কিছু সংখ্যক উমৈহতীয়া মিল পৰিলক্ষিত হয়। এনে মিলৰ কথা পোনপ্ৰথমতে তালিকাবদ্ধ কৰে ডব্লিউ. চি. স্মিথ নামৰ খ্ৰীষ্টান পাদুৰী পণ্ডিত এজনে। সেই মিলবোৰ হ’ল–

  • গাখীৰ নোখোৱা,
  • গাত টেটু অঁকা ৰীতি,
  • চাংঘৰত বসবাস,
  • চাঙৰ ওপৰত মৰাশ সৎকাৰ,
  • ঢাল-তৰোৱালৰ ব্যৱহাৰ,
  • তামোল ঘাইকৈ কেঁচা তামোল-পাণৰ ব্যৱহাৰ,
  • দুমুখীয়া থিয় কমাৰৰ ভাতীৰ ব্যৱহাৰ,
  • পাহাৰ-পৰ্বতত বসবাস আৰু আদিম পদ্ধতিত কৃষি কৰণ,
  • প্ৰাক্‌বিবাহ যৌন সম্পৰ্কৰ সামাজিক স্বীকৃতি,
  • মৰংঘৰৰ অৱস্থিতি,
  • মূৰ চিকাৰ প্ৰথা,
  • ৰাজনৈতিক শক্তিৰ পৰা মুক্ত আৰু
  • সাধাৰণ পদ্ধতিৰ তাঁতশালৰ প্ৰয়োগ।

ইয়াৰ উপৰি আৰু কেইটামান কিৰাত সংস্কৃতিৰ সাধাৰণ বৈশিষ্ট্য ড° লীলা গগৈয়ে উল্লেখ কৰিছে –

  • কৈৰাতজ ধৰ্মৰ প্ৰভাৱ,
  • ঝুম খেতিৰ জনপ্ৰিয়তা,
  • দেৱ-দেৱীৰ পূজাত কেঁচা তেজৰ উপহাৰ,
  • নিজা অস্তিত্ব ৰক্ষাৰ বাবে অসীম চেষ্টা,
  • বিপদ-আপদ, ৰং-ৰহইচ সকলোতে সামূহিক দায়িত্ব গ্ৰহণ,
  • বিবাহত গা-ধন লোৱাৰ ব্যৱস্থা,
  • বিভিন্ন জাতি-বৰ্ণৰ ভেদাভেদ হীনতা,
  • মান-মৰ্যাদাৰ প্ৰশ্নত অনমনীয়তা,
  • শুকান মাছ-মাংস খাদ্য ৰূপে গ্ৰহণ,
  • সবলতা,
  • সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত চাউলৰপৰা প্ৰস্তুত কৰা লাওপানীৰ বাধাহীন উন্মুক্ত ব্যৱহাৰ আৰু
  • হিন্দুৰ আদৰ্শত অস্পৃশ্য বুলি বিবেচিত কুকুৰা-গাহৰি আদিক খাদ্য ৰূপে গ্ৰহণ।

অৱশ্যে ওপৰত উল্লেখ থকা লক্ষণবোৰ উমৈহতীয়া হ’লেও আজিকালি তাৰে দুই-এটা বৈশিষ্ট্য সময়ৰ সোঁতত লোপ পাইছে। দৃষ্টান্ত স্বৰূপে নগাসকলৰ মুণ্ড চিকাৰ অথবা কোনো কোনোৱে কামাখ্যা বা কেঁচাইখাতীৰ সমুখত দিয়া নৰবলি ব্যৱস্থা এতিয়া পাবলৈ নাইকিয়া।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 5/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate