মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কৃষিজীৱী অসমীয়াৰ কলিজাৰ সুৰ কেঁচা বিহুনাম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষিজীৱী অসমীয়াৰ কলিজাৰ সুৰ কেঁচা বিহুনাম :

কৃষিজীৱী অসমীয়াৰ কলিজাৰ সুৰ কেঁচা বিহুনাম ৰ বিষয়ে লিখা হৈছে ।

 

কৃষিজীৱী অসমীয়া বৰ আৱেগপ্ৰৱণ এটা জাতি। মাটিৰ লগত, প্ৰকৃতিৰ লগত এই জাতিৰ মানুহৰ সম্পৰ্ক অতি নিবিড়। তেওঁলোকৰ বাবে চৰাই, নদী, পথাৰ, হাবি আদিৰ সৈতে সুন্দৰ প্ৰকৃতিয়ে হিয়াৰ কথাবোৰ কয়। জীৱনৰ সুখ-দুখ, প্ৰেম- বিষাদ, মিলন- বিচ্ছেদ, আশা-নিৰাশা ইত্যাদিবোৰ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাধ্যমেদি গীত-কবিতাত তেওঁলোকে ব্যক্ত কৰি ভাল পায়। অৱশ্যে পৃথিৱীৰ সকলো প্ৰান্তৰ মানুহেই কলিজাৰ কথাবোৰ গীত-কবিতাৰ জৰিয়তে প্ৰকাশ কৰাটো এটা অতি পুৰণি স্বভাৱ। অসমীয়া চহা মানুহৰ গীত বুলি কওঁতে মনলৈ আহিছে সাতামপুৰুষীয়া বিহুনামবোৰ। কি সুন্দৰ, কি অমিয়া সুৰৰ এই কেঁচা বিহুনামবোৰ। বিহুনামবোৰত কৃষকৰ হিয়াত সাঁচি থোৱা  স্বত:স্ফুৰ্ত অনুভুতিৰ বহি:প্ৰকাশ ঘটিছিল। বিহুনামবোৰত তাহানি শ্ৰমজীৱী অসমীয়া গাঁৱলীয়া চহা জীৱনৰ ছবিবোৰ অতি সুন্দৰকৈ অংকন কৰি থোৱা আছে।

চ’ত মাহৰ ভৰদুপৰত দুৰণিত ঢোলৰ মাত শুনি ইচাট-বিচাট কৰি গাঁৱৰে কোনোবা ৰুপহী গাভৰুৱে তাঁতৰ পাটত সপোনৰ ফুলেৰে ৰঙা কৰি চেনাইলৈ বুলি বিহুৱান বয় অতি হেঁপাহেৰে বিহুত চেনাইৰ ডিঙিত আঁৰি দিম বুলি। গাভৰুজনীৰ অস্থিৰ মনৰ অৱস্থাত বিহুনামত এনেদৰে আঁকিছে-

চেনেহৰ চেনাইকে চাওঁ জুমি জুমি/ ঘনে ঘনে মনতে পৰে/ বহোঁ তাঁতৰ পাটত চকু আলিবাটত/ মাকোঁ সৰি সৰি পৰে।

গাঁৱৰে পাহোৱাল ডেকা চেনাইৰ চকুত ধুনীয়া হৈ পৰা ভৰ যৌৱনৰ চেনেহীৰ ৰুপ-লাৱণ্যৰ কথা বিহুনামত এনেদৰে প্ৰকাশ কৰিছে-

চকুলৈ চালোঁ হাঁহা মিচিকিয়াই/ হাঁহি লগোৱা বেথা/ তোমাৰ চকুযুৰি হৰিণাৰ চকু যেন/ বুকুতো পদুমৰ চকা।

ব’হাগতে বিয়াখন পাতি ঘৰখন সজোৱাৰ সপোন দেখি গাঁৱলীয়া ডেকাই কেতিয়াবা নিৰাশ হৈ পৰে। প্ৰকৃতি হৈ পৰে কেতিয়াবা ইয়াৰ বাধা। খেতিয়ক পৰিয়ালৰ বাবে ভঁৰালৰ ধান মুঠিয়েই আশা-ভৰসাৰ মুলধন। বানেও কেতিয়াবা কৃষক পৰিয়ালৰ সকলো সপোন কেনেকৈ উটুৱাই নিয়ে তাৰে কথা বিহুনামত-

লুইতে আনিলে বান ঐ লাহৰী/ পথাৰ মোৰ পৰিলে ছন/ এইবাৰ লাহৰী তোকে আনিবলৈ/ কৰিব নোৱাৰোঁ পণ।

কেতিয়াবা আকৌ অকস্মাৎ উন্মনা ডেকাৰ মনত সাহস আহে, দেহত আহে নতুনৰ জোৱাৰ আৰু উদ্যম, এনেকৈ-

বা লাগি হালিছে ইকৰা বিৰিণা/  বতাহ লাগি উৰিলে বন/ এইবাৰ ব’হাগত তোকে আনিবলৈ কৰিছোঁ মনতে পণ।

সময় সলনি হ’ল। সলনি হ’ল মানুহৰ মন আৰু ৰুচিৰ। অসমীয়াই গাঁৱৰ প্ৰীতি এৰি নগৰমুখী হৈ আঁকোৱালি লৈছে পশ্চিমীয়া অপসংস্কৃতি । আধুনিক সময়ৰ গাঁৱলীয়া গাভৰু এজনীৰ ছবি এখন বিছনামত অংকন কৰা হৈছে এনেদৰে-

মেট্ৰিক পাছ কৰিলা গাওঁখন এৰিলা/ পঢ়িলা নগৰত গৈ/ জিনছ পেণ্ট পিন্ধিলা বয়ফ্ৰেণ্ড গোটালা/ হাতত ম’বাইল ফোন লৈ।

ঐতিহ্যৰ স্মৰণ বিহুনামবোৰতো দেখা যায়। আহোম কুঁৱৰী মহাসতী জয়মতীৰ যুগমীয়া বিষাদ বিহুনামত এনেদৰে প্ৰকাশ পাইছে-

জয়দ’ল জিলিকে/ শিৱদ’ল জিলিকে/ পালোঁতা পাচোঁতা নাই/ জেৰেঙা পথাৰত কান্দে জয়মতী/ অসমীৰ মুখলৈ চাই।

বিহুনামবোৰত মাছৰ উল্লেখ মন কৰিবলগীয়া মোৱা মাছ মাৰোঁতে পিঠিৰ ছাল ছিগিলে/ বিচাৰি নাপালোঁ বেজ/ অথবা

বৰালি মাছৰে / টোটোলা কাটিলোঁ/ কাটিলোঁ শালৰে ফিচা/ শহুৰৰ জীয়েকক লগে পাম বুলি/ ভাবি থকাটো হ’ল মিছা।

ভগৱান শ্ৰীকৃষ্ণ-ৰুক্মিণীৰ প্ৰেমৰ কথাও বিহুনামত উল্লেখ আছে-

শ্ৰীকৃষ্ণ-ৰুক্মিণী আছিল ভৱ মোহনী/ কৃষ্ণকে মোহিব পাই/ ধনে মনে মোহা মনকে মুহিব/ অকলে নিজানত পাই।

পানীৰ জিকমিক কেৰুমণি কাণফুলি , বকুল বৰাধানৰ চিৰা, কাক বাঁহৰ গঁজালি, ম’হঘুলি চাপৰি, জাংফাই কেৰুযোৰ পণিয়লী বাখৰযোৰ, অ’ ৰঙা জৱা, ৰৈ মাধৈ, মালতী ফুল ইত্যাদি অলেখ উপমাবোৰে সোণত সুৱগা চ’ৰা কৰি তুলিছে, বিহুনামবোৰক, দুগুণে বঢ়াই তুলিছে কেঁচা বিহুনামবোৰৰ সৌন্দৰ্য

সঁচাকৈ কৃষিজীৱী অসমীয়াৰ মুখে মুখে চলি অহা কেঁচা বিহুনাম, অসমীয়া গীতি সাহিত্য ভঁৰালত খুন্দ খাই থকা অতি আপুৰুগীয়া, অমুল্য সম্পদ। কিন্তু অতি দুখৰ বিষয় যে লাহে লাহে সময়ৰ সোঁতত যেন বিহুনামবোৰ হেৰাই গৈছে, হেৰুৱাই পেলাইছে ইয়াৰ স্বকীয় বৈশিষ্ট্য । গতিকে আমি সকলোৱে এই দিশটোত অধিক সচেতন হৈ গুৰুত্ব দিয়া উচিত। বিহুনামবোৰৰ সংৰক্ষণ আৰু বহুল প্ৰচাৰৰ অতি প্ৰয়োজন। বিহুমঞ্চত বিহুনামবোৰৰ পৰিৱেশনৰ ক্ষেত্ৰত বিচাৰসকলে মন দিয়া অতি প্ৰয়োজন যে বিহুনামবোৰৰ শুদ্ধ প্ৰয়োগ আৰু শুদ্ধ উচ্চাৰণ কৰা হৈছেনে নাই। তেতিয়াহে বিহুনামবোৰৰ প্ৰকৃত সৌন্দৰ্য আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব। কৃষিজীৱী অসমীয়াৰ কলিজাৰ সুৰ এই কেঁচা বিহুনামবোৰ বৰলুইত বৈ থকালৈকে অসমীয়াৰ দেহে-মনে-প্ৰাণে প্ৰবাহিত হৈ থাকক যিদৰে তাহানি বৈ আছিল। কাৰণ শিপাৰ অবিহনে আমি অচল।

লেখক: অংকুৰণ আৰ্ফ (দেওবৰীয়া সুকন্যা)

3.29166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top