অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰম পৰৱ

কৰম পৰৱ

কৰম পূজা মূলত কৃষিভিত্তিক অনুষ্ঠান। এই পূজা বছৰৰ বিভিন্ন সময়ত তিনিবাৰ কৰা হয়। যেনে-ভাদ মাহৰ শুক্লা একাদশীত ‘জিতিয়া কৰম’, আহিন মাহৰ বিজয়া দশমীত ‘বুঢ়ী কৰম’ আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত ‘ৰাস কৰম’ পালন কৰা হয়। হ’লেও ভাদ মাহৰ শুক্লা একাদেশীৰ জিতিয়া কৰমেই চাহ বনুৱা সমাজত আটাইতকৈ আড়ম্বৰপূৰ্ণ, উলাহ ভৰা উৎসৱ।

তাহানি ব্ৰিটিছে চাহ বাগিচাসমূহত কাম কৰাবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এচাম লোকক বনুৱাৰ ৰূপত লৈ আহিছিল। কালক্ৰমত এওঁলোক হৈ পৰে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। বৰ্তমান সমগ্ৰ অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা চাহ বনুৱাসকলেই হৈছে আমাৰ প্ৰাণৰ সখা। এওঁলোকৰ কিছুমান স্বকীয় পৰম্পৰা আৰু ঐতিহ্যই চাহ জনগোষ্ঠীটোকে বৰ্ণাঢ্য কৰি তোলা নাই, বৰং আমাৰ অসমৰ সাংস্কৃতিক জগতখনকো চহকী কৰি তুলিছে।

চাহ বনুৱা সমাজত অতীজৰে পৰা কিছুমান পূজা-পাৰ্বণ, আচাৰ-অনুষ্ঠান আছে। এই পূজা-পাৰ্বণসমূহৰ ভিতৰত কৰম পূজা বা পৰৱেই চাহ বনুৱা সমাজৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ আৰূ উৎসাহ ভৰা পূজা বা অনুষ্ঠান। ল’ৰা-ছোৱালীৰ পৰা বুঢ়া-বুঢ়ীলৈকে সকলোৱে মতলীয়া হৈ পৰে এই পূজাত। ঢোল-মাদলৰ ছেৱে ছেৱে নাচোনৰ পয়োভৰ হয় ডেকা-গাভৰুৰ মাজত। সকলোৱে যেন আন কাম পাহৰি আত্মহাৰা হৈ পৰে এই উৎসৱত।

কৰম পূজা মূলত: কৃষিভিত্তিক অনুষ্ঠান। এই পূজা বছৰৰ বিভিন্ন সময়ত তিনিবাৰ কৰা হয়। যেনে ভাদ মাহৰ শুক্লা একাদশীত ‘জিতিয়া কৰম’, আহিন মাহৰ বিজয়া দশমীত ‘বুঢী কৰম’ আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত ‘ৰাস কৰম’ পালন কৰা হয়। হ’লেও ভাদ মাহৰ শুক্লা একাদশীৰ জিতিয়া কৰমেই চাহ বনুৱা সমাজত আটাইতকৈ আড়ম্বৰপূৰ্ণ, উলাহ ভৰা উৎসৱ।

কৰম পূজাৰ গুৰুত্বপূৰ্ণ অংশটো হৈছে ‘বালি উঠা’ বা ঝাৱা ধৰা। এই পূজাত অংশ ল’ব বিচৰা জীয়ৰী-বোৱাৰীসকল উপবাসে থকাটো নিয়ম। উপবাসে থকা মহিলাসকলক কৰমতী বুলি কোৱা হয়। কৰমতীসকলে পূজাৰ তিনি, পাঁচ আৰু সাত দিন মানৰ আগতে ঢোল, মাদল, বাঁহী আদিৰ ছেৱে ছেৱে ধূপ-দীপ, নৈবেদ্যসহকাৰে কোনো এক পুখুৰী বা নদীৰ ঘাটলৈ গৈ স্নানাদি কাৰ্য সমাপন কৰি এডোখৰ ভাল ঠাইত ধূপ-দ্বীপ, নৈবেদ্য আদিৰে পূজা-অৰ্চনা কৰি, আৰতি গাই লগত নিয়া নতুন পাত্ৰ বা পাচিত সকলোৱে এঁকাজলি বালি ভৰায়। এই বালিতেই কৰমতীসকলে লগত নিয়া মাটিমাহ, বুটমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি শস্য ব্যক্তিগতভাৱে চিন ৰাখি সিঁচি দিয়ে আৰু সেই শস্য আনি গাঁৱৰ এঘৰত থয়। পূজাৰ দিনালৈ মাহ, সৰিয়হ আদিৰ গজালিবোৰ কেই আঙুলমান বাঢ়িবলৈ ধৰে আৰু ইয়াকো ঝাৱা ধৰা বুলি কোৱা হয়। ঝাৱা ধৰা বুলি কোৱা হয়। ঝাৱা ধৰা দিনৰে পৰা পূজাৰ দিনলৈ গৃহস্থৰ ঘৰত প্ৰতিদিনে সন্ধিয়া চাকি-বন্তি জ্বলাই নৃত্য গীতৰ আয়োজন কৰি ঝাৱা ধৰাৰ নিয়ম। আনহাতে ঝাৱা ধৰা দিনৰে পৰা পূজাৰ দিনলৈ কোনেও হাই-কাজিয়া বা  কোনো গণ্ডগোল কৰিব নাপায়। তেনে কৰিলে কৰম দেৱতা বিতুষ্ট হ’ব পাৰে বুলি আশংকা কৰা হয়।

পূজাৰ বাবে সাধাৰণতে কৰম গছৰ ডাল কাটি আনি মাটিত পুতি ঘৰুৱা থানত পূৰ্বপুৰুষক সুঁৱৰি পূজা পাতে। অৱশ্যে আজিকালি ইয়াৰ বাহিৰেও কদম গছ, বৰ গছ, বাঁহ গছ, কুঁহিয়াৰ আদি পুতিও পূজা কৰা হয়। ডাল পুতি পূজা কৰাসকলক ‘ডাল কৰম’ আৰু বাঁহ ফালি ফুলবাৰী কৰা কৰমক ‘ফুল কৰম’ বুলি কোৱা হয়।

কৰমতীসকলে সিদিনাই চোতালত কৰম বেদী স্থাপন কৰি তাত ফুল-পুষ্পৰে সজাই তুলি যথা নিয়মে ধূপ-দীপ জ্বলাই আৰতি বা চুমান কৰি ঝাৱা অৰ্পণ কৰাৰ লগতে নানান উপচাৰ দি আগবঢ়োৱা হয়। সন্ধিয়া ভগাৰ লগে লগে উপবাসে থকা কৰমতীসকলে বেদীৰ কাষত বৃত্তাকাৰে বহি লোকাচাৰ অনুসাৰে কহনী বুঢ়া (পুৰোহিত)ই কোৱা কৰম পূজাৰ প্ৰৱৰ্তক কৰমা আৰু ধৰমাৰ কাহিনী শুনে। তাৰ পিচত নৃত্য-গীত আৰম্ভ হয়। ঝুমুৰ আদি নৃত্য-গীতেৰে ডেকা-গাভৰুসকলে গোটেই নিশা প্ৰাণৰ আৱেগ প্ৰকাশ কৰে। ঝুমুৰ নৃত্য-গীতসমূহৰ মাজেৰে ডেকা-গাভৰুসকলে যেন প্ৰকাশ কৰে সামাজিক আৰু ব্যক্তিগত জীৱনৰ সুখ-দুখ, হা-হুমুনিয়াহ, বিৰহ-বেদনা আদি।

গোটেই নিশা পূজা চলাৰ পিচত পিচদিনা সূৰ্য্যোদয়ৰ লগে লগে কৰম ডালটো উভালি আনি ঢোল-মাদকৰ ছেৱে ছেৱে নৃত্য গীতৰ মাজেৰে কৰমতীসকলে নাচি-বাগি নৈ বা পুখুৰীৰ পাৰলৈ গৈ সেইটো উটুৱাই দিয়ে। সেইদিনাই গধূলি বা আঠদিনৰ দিনা কৰমতীসকলে ‘গাডা ভোতা’ পাতে। সময়ৰ লগে লগে বিভিন্ন কাৰণত অৱশ্যে পৰম্পৰাগত নিয়মৰ কিছু সাল-সলনি হোৱাও দেখা যায়। মূলত: কৃষিভিত্তিক এই কৰম পূজা চাহ বনুৱা সমাজৰ পূজা-পাৰ্বণসমূহৰ ভিতৰত আটাইতকৈ আড়ম্বৰপূৰ্ণ, উৎসাহ ভৰা আৰু গুৰুত্বপূৰ্ণ উৎসৱ বা পৰ্ব বুলি গণ্য কৰা হয়।

লিখক: প্ৰসাদ দাস, সম্ভাৰ।

3.09615384615
শ্ৰীহৰেন কুৰ্মী Aug 11, 2019 10:06 AM

কৰম প্ৰথম সৃষ্টি কত, কি পৰ্যায়ত হৈছিলে অসমত প্ৰথম কত হৈছিলে চোতালৰ পৰা মঞ্চত আহিলে সেই খিনি কথা সোমালে নিশ্চয় আৰু ভাল হব

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top