অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খুলীয়া ভাউৰীয়া

খুলীয়া ভাউৰীয়া

দৰঙৰ এক ঐতিহ্যমণ্ডিত সম্পূৰ্ণ লোক-নাট্যানুষ্ঠান হৈছে খুলীয়া ভাউৰীয়া। ওড্ৰ-মাগধী প্ৰবৃত্তি আশ্ৰিত খুলীয়া ভাউৰীয়া প্ৰাচীন কালৰেপৰা দৰং আৰু ইয়াৰ দাঁতি কাষৰীয়া কামৰূপৰ দুই এঠাইতো প্ৰচলিত আছিল। লোক-শিক্ষা অথবা নৈতিক শিক্ষা প্ৰদানেৰে মহিমামণ্ডিত খুলীয়া ভাউৰীয়া দৰঙৰ জনসাধাৰণৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান। গোটেই নিশা জুৰি চলি থকা এই খুলীয়া ভাউৰীয়াৰ ঐতিহ্যৰ লগত অৱশ্যে দৰঙৰ ওজাপালি, ঢুলীয়া আৰু পুতলা নাচ আদি অৰ্ধ নাটকীয় অনুষ্ঠানসমূহৰ সম্পৰ্ক বেছি। অংকীয়া নাট্যানুষ্ঠানৰ দৰে খুলীয়া ভাউৰীয়া এক পৰিপূৰ্ণ নাট্যানুষ্ঠান। এই ঢুলীয়া ভাউৰীয়াৰ লগত অংকীয়া নাটকৰ কিছু বহিৰংগ আংগিকৰ মিল থকা দেখা যায়। নৃত্য-ভংগীৰে খুলীয়া ভাউৰীয়াৰ চৰিত্ৰসমূহে প্ৰৱেশ-প্ৰস্থান কৰে আৰু চৰিত্ৰসমূহে পদ্যধৰ্মী সংলাপ ব্যৱহাৰ কৰে। ঢুলীয়া অনুষ্ঠানৰ ‘চং’ পৰিবেশনো এই অনুষ্ঠানৰ অন্যতম বৈশিষ্ট্য। একাধিক বহুৱাই নাটকৰ কোনো গুৰু-গম্ভীৰ স্পৰ্শকাতৰ মুহুৰ্তত প্ৰৱেশ কৰি দৰ্শক-শ্ৰোতাক হাস্য ৰসেৰে বুৰাই পেলায়। খোল বাদন এই লোক-নাট্যানুষ্ঠানৰ এক অপৰিহাৰ্য অংগ। অনুষ্ঠানৰ আৰম্ভণিতে অংকীয়া নাটকৰ দৰে খুলীয়াবোৰে খোল ঘাটেনীৰে অনুষ্ঠান আৰম্ভ কৰাৰ পিছত সোঁহাতত চোঁৱৰ লৈ নাচি নাচি ওজাই আচাৰ-খোলাত প্ৰৱেশ কৰে। খুলীয়াৰ লগত তালুৱৈৰ ভূমিকাও যেন এখোপ ওপৰত। ওজাই পদেৰে নাটকৰ কাহিনীভাগৰ আগজাননী, চলন্ত বিৱৰণী, মতামত আগবঢ়োৱাৰ উপৰিও প্ৰয়োজন সাপেক্ষে কোনো চৰিত্ৰ অথবা বহুৱাৰসৈতে সংলাপ প্ৰয়োগো কৰে। আচাৰ খোলা অৰ্থাৎ মঞ্চৰ চৰিত্ৰসমূহ প্ৰবেশ কৰাৰ আগে আগে আৰিয়া ধৰাৰ ব্যৱস্থাও আছে। নাটকৰ কাহিনী ৰামায়ণ-মহাভাৰতৰপৰা বুটলি অনা যদিও যুদ্ধ বিষয়ক, বিশেষকৈ বধ কাব্যসমূহৰ আধাৰত ৰচিত কাহিনীক খুলীয়া ভাউৰীয়াই অগ্ৰাধিকাৰ দিয়ে। যুদ্ধ খুলীয়া ভাউৰীয়াৰ অন্য এক অপৰিহাৰ্য অংগ। নৃত্য-ভংগীত যুদ্ধ দৰ্শকৰ অন্যতম আকৰ্ষণ। পয়াৰ অথবা বিলাপো এই অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ অংগ। খোলৰ ওপৰত গুৰুত্ব আৰু ভাউৰীয়াৰ অন্যতম ভূমিকাৰ বাবে এই লোক-নাট্যানুষ্ঠানক খুলীয়া ভাউৰীয়া বোলা হয়। ভাউৰীয়াসকলে স্থানীয় ৰং আৰু পোছাক-পৰিচ্ছদেৰে সাজ-সজ্জা কৰে। পুৰুষেই মহিলাৰ চৰিত্ৰত অভিনয় কৰে। মুখাৰ ব্যৱহাৰ অপৰিহাৰ্য। অনুষ্ঠানৰ শেষত সমূহ কলা-কুশলীয়ে আচাৰ খোলালৈ আহি ‘অপৰাধ বিনাশন’ পদ গাই সমবেত দৰ্শকৰ সমুখত আঁঠু লৈ অনুষ্ঠান সামৰে। দৰঙত খুলীয়া ভাউৰীয়া আজিকোপতি এক জনপ্ৰিয় লোক-নাট্যানুষ্ঠান।

লিখক: ড° পৰমানন্দ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate