অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেৰাই

খেৰাই

অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে বড়োসকলেও প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকীৰূপত খেৰাই উৎসৱ পালন কৰে। এই খেৰাই উৎসৱ ব’হাগ বিহুৰ দৰে বসন্তকালীন উৎসৱ। বিশেষকৈ কৃষিৰ লগত জড়িত ই এক ঋতুধৰ্মী উৎসৱ। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাবে পূজা পাতে। তাৰ পিছত মদ খাই সমূহীয়াভাৱে নাচে। খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে – খেৰাই হ’ল খাৰ+আই। অৰ্থাৎ ‘খাৰ’ মানে হ’ল দৌৰা বা গতি কৰা আৰু ‘আই’ মানে হৈছে গোঁসানী। আই মাতৃক সন্তুষ্ট কৰিবৰ কাৰণে যি নৃত্য কৰা হয় সেয়ে খেৰাই নৃত্য। কোনো কোনোৰ মতে ‘খ’ ৰ অৰ্থ আঁঠু কঢ়া, ‘ৰা’ মানে সম্বোধন কৰা আৰু ‘ই’ ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে নৃত্য। বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনিয়ে পূৱ মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠু লৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনিৰ বাওঁপিনে কিছু আঁতৰত আঁঠু লৈ বহে। আনপিনে আচৰিতভাৱে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো এই ধৰণৰ নৃত্য-গীত চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ। মুঠৰ ওপৰত বসন্তকালীন খেৰাই উৎসৱ আৰু নৃত্য বড়ো-কছাৰীসকলৰ এক জাতীয় উৎসৱ সদৃশ।

লিখক: ড° বলেন্দ্ৰ কুমাৰ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

3.11538461538
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
দিক্‌ নিৰ্ণায়ক
Back to top