গোছ লোৱা উৎসৱেৰে আৰম্ভ কৰা পথৰুৱা কৃষি উৎসৱৰ সামৰণি মৰা হয় – গোছ উঠা উৎসৱেৰে। ধান ৰোৱা শেষ হোৱাৰ দিনা আঠ অথবা দহ মুঠি কঠিয়া সুকীয়াকৈ ৰাখি সেইখিনি কঠিয়া একগোটকৈ নিজৰ খেতিপথাৰ খনিৰ এটি কোণত পুতি থয় কোনোৱে এক গোছ কৰাৰ পৰিৱৰ্তে ডাঙৰ-ডাঙৰকৈ কেই গোছ মান ঘূৰণীয়াকৈ ৰুই সোঁমাজত এক গোছ ৰোৱে। আন কোনোৱে আকৌ ঘূৰণীয়াকৈ ৰোৱাৰ পৰিৱৰ্তে চতুৰ্ভুজ আকাৰত ৰুই ভঁৰাল(কামৰূপত ভাখ্ৰী)বান্ধে। ভঁৰাল বন্ধা হোৱাৰ পিছত খেতিয়কে তাৰ ওপৰত লক্ষ্মী গোঁসানীৰ নাম লৈ পানী ছটিয়ায় আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ যাত্ৰা কৰে। কোনো লোকে আগলৈ বৰষুণ হোৱাৰ কামনাৰে ভঁৰাল বন্ধা ঠাইৰ ওপৰত দুহাতেৰে পানী সিঁচি থৈ অহা দেখা যায়। হাল উঠাৰ দিনা খেতিয়কে ঘৰত নাঙল ধোৱা উৎসৱ পাতে। সেইদিনা নাঙল-যুঁৱলি সুন্দৰকৈ ধুই-মচি নাঙল থোৱা ঠাইত ৰখাৰ ব্যৱস্থা কৰি ঘৰৰ আটায়ে নাঙল ধোৱা পিঠা বা ভাত পিঠা খায়। এই পিঠাৰ সন্দৰ্ভত ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছে – ‘কেঁচা পিঠাগুৰি পানীৰে সানি লৈ বাঁহৰ চালনীত ঘঁহাই ঘঁহাই উতলা পানীত দিলে টান মাৰি সৰু সৰু পুলিৰ আকৃতিৰ পিঠা হয়। কোনো ঠাইত এই নাঙল ধোৱা উৎসৱ আহিন-কাতি মাহৰ সংক্ৰান্তিত পালন কৰে’।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
অসমৰ প্ৰথম দৌল উৎসৱ
অসমৰ বসন্ত উৎসৱ
অসমীয়া সাহিত্যৰ বুৰঞ্জী
আঘোনৰ উৎসৱ মহোহো