অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গালসকল

গালসকল

গালসকলে কন্যা নিৰ্বাচন কৰাৰ পিছত এজন মাজৰ মানুহ পঠাই বিবাহ প্ৰ্স্তাৱ প্ৰেৰন কৰে।মাজৰ মানুহজনক তেওঁলোকে লাম্প বা গিন্দ বোলে।গালসকলে আনসকল জনগোষ্ঠীৰ দৰেই মংগল চাই বিবাহৰ দৰে শুভ কাৰ্যত আগবাঢ়ে।বিবাহ ঠিক হলে এটি দিয়া-নিয়া ব্যৱস্থাৰ দীঘলীয়া কাৰ্যক্ৰম আৰম্ভ হয়।তেওঁলোকৰ বিবাহ অনুষ্ঠানত প্ৰচুৰ পৰিমানৰ মাছ মাংস আপ্ং আ-অলংকাৰ প্ৰয়োজন হয়।বিয়াত মেথোন গাহৰি কুকুৰা আৰু আজি কালি গৰুও কটা হয়।পূজাত ঘাইকৈ মেথোনহে বলি দিয়া হয়।লগত অৱশ্যে বহুত কুকুৰা উৎসৰ্গা কৰা হয়।গালসকলে একালত গৰ্ভাৱস্থাতে ছোৱালী জনম হলে বিয়া কৰোৱাৰ বন্দোৱস্ত কৰিছিল।তেনে বিয়াক তেওঁলোকে “নিপ নিদা” বুলিছিল।আজি কালি তেনে বিয়াৰ কথা শুনা নাযায়।

গালসকলৰ মাজত এটি বৰ আচহুৱা নিয়ম আছে।ককায়েক বিয়া কৰাৰ পিছত দেওৰেকহতে বিয়া নপতা পৰ্যন্ত বৌৱেকৰ অনুমতি সাপেক্ষে সহবাস কৰিব পাৰে। বৰজনাকে কিন্ত ভাই বোৱাৰীয়েকলৈ বেয়া চকুৰে চাব নাপায়।কোনোবাই তেনে কৰিলে সমাজে তেওঁক বৰ ভাল চকুৰে নাচায়।এই নিয়মটোক ৰিগ ন্যামে বেনাম বোলে।গালসকলৰ বাদে আন গোষ্ঠীৰ আদিসকলে এই নিয়মটো নামানে।অৱশ্যে ককায়েক অকালতে মৰিলে বৌৱেকহতক পত্নীৰুপে চপাই লব পাৰে।অৰুনাচলত কম বেছি পৰিমানে এই নিয়মটো সকলো গোষ্ঠীৰ মাজতে দেখা যায়।

গালসকলৰ খাদ্য

গালসকলৰ প্ৰধান খাদ্য ভাত। অৱশ্যে বহুতো ঠাইত ইয়াৰ অভাৱত গোমধান আৰু কনীধান ব্যবহাৰ কৰা হয়।এইবোৰৰ উপৰি আলু কচু শাক-পাচলি প্ৰ্চুৰ পৰিমানে ব্যৱহাৰ কৰা হয়।বেঙেনা, জলকীয়া,কাঠ আলু হাবিত হোৱা নানান প্ৰকাৰৰ মিঠা আলু জাতি লাউ,ৰঙা লাউ,বাহঁ টেঙা আৰু মাহ জাতীয় শাক বৰকৈ ব্যবহাৰ হয়।খেতি বাতি ভাল নহলে একালত হাবিত পোৱা নানা জাতৰ পাতশাক, কাঠ আলু বিচাৰি পেট প্ৰৱৰ্তোৱা হৈছিল।টেঙাৰ চাটনি(উপতিৰ শুকান খৰিচা)শুকান মাছৰ গুৰি(ঙতিৰ)ভজা গোমধানৰ শুকান গুৰি(পেতিৰ)আৰু ভজা পিঠা(আমতিৰ)খায়ো গালসকলে মুখৰ জুতি সলায়।কল,কুহিঁয়াৰ,কঠাল,মাটিকঠাঁল বা অনাৰস,সুমথিৰাও তেওঁলোকৰ খাদ্য তালিকাত যোগ দিব পাৰি।আগৰ কালত তেওঁলোকে একেখন কাহীতেঁ ভাত খাইছিল।অসমীয়া মানুহেও একালত সেই নিয়মটো মানি চলিছিল।তেওঁলোকৰ বিশ্বাস যে তেনেকৈ ভাত খালে আপোনজনৰ মাজত মৰম চেনেহ বাঢ়ে বা অটুট থাকে।মাছ মাংস দুয়োটাই তেওঁলোকৰ মাজত বৰ প্ৰিয়।আঞ্জা তেওঁলোকে জুতি লগাই ৰান্ধিব জানে।

পুৱা দুপৰীয়া আৰু সন্ধ্যা তিনিওটা সময়তে তেওঁলোকে ভাত খায়।দুপৰীয়া আহাৰমুঠি তাহানিতে পথাৰতে খোৱা হৈছিল।দুপৰীয়া সাঁজটো বহুতে কেৱল আলু কচু গোমধান ৰঙা লাউ তিয়হ-চিৰাল খায়ো থাকে।আপ্ং সকলোৰে বৰ প্ৰিয়।ইয়াক প্ৰায় সকলো উপলক্ষত ব্যৱহাৰ কৰা হয়।আলহী অতিথীক খুওৱাৰপৰা পূজা-পাৰ্বন সকলোতে আপ্ং বা অপ তেওঁলোকে  ব্যৱহাৰ কৰে।লৰা বুঢ়া সকলোৱে স্থানীয়ভাৱে অৰ্থাৎ তৈয়াৰী পানীয় খাই পৰম তৃপ্তি পায়।বিয়া সবাহত মাছ মাংসৰ লগতে প্ৰচুৰ আপঙৰ ব্যৱহাৰ হয়।আলহীয়ে অকনমান আপ্ং খালে তেওঁলোকৰ আত্মাই শান্তি পায়।অসমীয়াৰ ঘৰলৈ গৈ চাহ আৰু তামোলখন নাখালে যেনেকৈ অসমীয়াই বেয়া পায় আদিসকলেও তেওঁলোকৰ তেওঁলোকৰ ঘৰলৈ গৈ অকনমান আংপ নাখালে মনতে দুখ পায়।নতুন প্ৰজন্মই অৱশ্যে নতুন নিয়মত অভ্যস্ত হৈ সেইবোৰ কথাত বৰ গুৰুত্ব দিয়া দেখা নাযায়।বৰ্তমান খ্ৰীষ্টিয়ান হোৱাসকলে অৱশ্যেই অপ বা মদ খাবলৈ এৰিছে।

গালসকলৰ পনীয়

সুৰা পৃথিৱীৰ লক্ষ কোটি মানুহৰ এবিধ প্ৰিয় পানীয়।এই পানীয় প্ৰত্যেকেই নিজৰ নিজৰ মতে তৈয়াৰ কৰি লয়।অৰুনাচলত গালসকলেও পুৰ্বৰেপৰা নিজৰ প্ৰিয় পানীয় পকা নিজ হাতে তৈয়াৰ কৰি লয়।অতীতত তেওঁলোকৰ সৰু বৰ প্ৰ্ত্যোকেই পকা ব্যৱহাৰ কৰিছিল।

পক বা অপ যাক আমি আপ্ং বুলি কওঁ তাক তৈয়াৰ কৰাৰ কিছুমান নিয়ম আছে।দেখাত সহজ যেন লাগিলেও আপ্ং তৈয়াৰ কৰাটো বৰ সহজ কাম নহয়।এই পকা তৈয়াৰ কৰিবলৈ প্ৰ্থমেই এবিধ ঔষধৰ প্ৰয়োজন।এই ঔষধ নহলেই নহয়।অপ ঘৰৰ বোৱাৰী বা কুমাৰী কন্যাইহে তৈয়াৰ কৰিব পাৰে।এই পকা তৈয়াৰ কৰিবলৈ প্ৰথমে হাবিৰপৰা পদে পাত(তেজপাত) আৰু বাকে পাত(ভেকুৰী গছৰ পাত)আনিব লাগে।ইয়াৰ লগতে আন এবিধ পাত ৰুকদিকও(বিহ ঢেকীয়া)আনি লব লাগে।এই তিনিবিধ সামগ্ৰী স্ংগ্ৰহ কৰাৰ পিছত গৰম কেৰাহীত শুকান নোহোৱালৈকে ভাজিব।সামগ্ৰী তিনিবিধ শুকান হোৱাৰ পিছত চিপাৰত (উড়াল)খুব মিহিকৈ(ৰিমিক)খুন্দি লব।

এই তিনিবিধ সামগ্ৰী মিহিকৈ খুন্দি লোৱাৰ পিছত আগদিনাই তিয়াই থোৱা চাউলৰ পানী নিগৰিবলৈ দি সেই চাউল উডালত মিহিকৈ খুন্দি পিঠা তৈয়াৰ কৰি লয়।এইদৰে পিঠা খুন্দি লোৱাৰ পিছত পূৰ্বৰ তিনিবিধ সামগ্ৰীৰ খুন্দি থোৱা মিহি গুড়িখিনি মিহলোৱা হয়।ই এটা বৰ টান কাম।ডলা এখনত অলপ অলপ পানী মিহলাই একাধিবাৰ সানি পুটুকি আমাৰ ঘিলা পিঠাৰ আকৃতিৰ সৰু সৰু পিঠা বনোৱা হয়।তাৰ পিছত সেই সৰু সৰু পিঠা বনোৱা হয়।তাৰ পিছত সেই সৰু সৰু পিঠাবোৰ একেখন ডলাতে থৈ জুইৰ ওপৰৰ চাঙত নাকা শুকাবলৈ দিয়া হয়।এই কামটো কৰোঁতে ঘৰৰ কোনেও চাব নোৱাৰে।পৰক অৰ্থাৎ বাহিৰা মানুহক চাবলৈ দিয়াৰ প্ৰশ্নই নুঠে।এইদৰে বনোৱা সৰু সৰু পিঠাবোৰ নাকাত শুকাবলৈ এমাহমান সময় লাগে।তেওঁলোকৰ ভাষাত ইয়াক অপপ বোলে।এই সময়খিনি ভিতৰত ওপৰত ৰখাৰ ঠিক সাত দিনৰ পিছত ঔসধ তৈয়াৰ কৰা তিৰোতাগৰাকী বা কন্যাগৰাকীয়েও ঔষধখিনি চাই আহে।

এই ঔষধ বনোৱাৰ সময়ত তিৰোতা বা কন্যাগৰাকীয়ে কিছুমান নিয়ম মানি চলিব লাগে।অপপ তৈয়াৰ হৈ নুঠালৈকে তেওঁলোকে ভাতৰ লগত কোনো শাক পাচলি ৰান্ধি খাব নোৱাৰে।তাৰ সলনি পূৰ্বেতে যোগাৰ শাক পাচলি ৰান্ধি খাব নোৱাৰে।তাৰ সলনি পূৰ্বতে যোগাৰ কৰি ৰখা শুকান মাছ মাংস আৰু খৰিচাহে(ইপে)খাব পাৰে।এই নিয়মটো পকাৰ ঔষধটো হৈ নুঠা পৰ্যন্ত চলিব।পকা তৈয়াৰ হৈ উঠাৰ পিছতহে ঔষধ তৈয়াৰ কৰা কন্যা বা তিৰোতাগৰাকীয়ে ঘৰৰ মানুহৰ লগত একেলগে বহি ভাত খাব পাৰে।ইয়াৰ আগতে নিয়ম ভ্ংগ হলে পকাৰ ঔষধ অপপ বেয়া হৈ পকা তৈয়াৰ কৰিলেও বেয়া হোৱাৰ সম্ভাৱনা থাকে।পকা তৈয়াৰ কৰাৰ সময়ত কোনো অশৌচীয় কাম কৰা নহয়।অশৌচীয় তিৰোতাই তেনে কামত হাত দিব নাপায়।তেওঁলোকে ,ইমানেই নিয়ম মানে যে আনকি নিজৰ ভাতমুঠিও মাটিৰ পাত্ৰতহে ৰান্ধি খোৱা হয়।

পকা যে কেৱল চাউলৰপৰাহে তৈয়াৰ কৰে তেনে নহয়।চাউলৰ(আমবিন)উপৰি ধান(আম)মাৰুৱা(তামি)আৰু গোমধান(টেপে)পৰাও তৈয়াৰ কৰা হয়।অৱশ্যে গোমধান আৰু মৰুৱাৰপৰা কেৱল ঘৰুৱা ব্যৱহাৰৰ বাবেহে তৈয়াৰ কৰা হয়।বিয়া সবাহত আলহী অতিথিক সুধিবলৈ চাউল আৰু ধানৰ পৰাহে পকা তৈয়াৰ কৰা হয়।চাউল আৰু ধানৰ সুগন্ধিত এক নম্বৰৰ পকা গালসকলৰ অতি প্ৰিয় পানীয়।ঘৰলৈ বোৱাৰী আনিবৰ সময়তো প্ৰচুৰ পৰিমানে পকা তৈয়াৰ কৰা হয়।

গালসকলৰ দাস প্ৰথা

আদি সমাজত দাস প্ৰথাৰ চলিত আছে।অন্যান্য সমাজৰ দৰেই দাসসকলক ঘৰুৱা কামত সহায় কৰিবলৈ নিয়োগ কৰা হৈছিল।ঘৰুৱা যিকোনো কামকে তেওঁলোকক কৰিবলৈ দিয়া হৈছিল।খেতি খোলাৰ কামৰপৰা চিকাৰ কৰা,মাছ ধৰা আদি সকলো কামেই তেওঁলোকে কৰিছিল।আচৰিত লাগিলেও সচাঁ যে যুদ্ধৰ বেলিকা তেওঁলোকক মালিকৰ হৈ যুদ্ধ কৰিবলৈও লগত নিয়া হৈছিল।

চাকৰ বাকৰক কেতিয়াও বেয়া ব্যৱহাৰৰ কৰা নহৈছিল।তেওঁলোকে ভূল কাম কৰিলে লঘুৰপৰা গুৰু দণ্ড সন্মুখীন হব লগা হৈছিল।সমাজৰ কোনোবা গাভুৰৰ লগত বেয়া সম্পৰ্ক হলে দোষ চাই শাস্তি দিয়া হৈছিল।দোষ গুৰুতৰ হলে মৃত্যুদণ্ড পৰ্যন্ত বিহা হৈছিল।আনহাতে চাকৰনী বা তেনে নিম্ন শ্ৰেনীৰ গাভৰুৰ লগত বেয়া সম্পৰ্ক হলে তেওঁলোকৰ এঘৰীয়া কৰা হৈছিল।সেইবোৰ ক্ষেত্ৰত সমাজ ব্যৱস্থা অতি কঠোৰ আছিল।

ঘৰত কাম কৰা মানুহ মালিকৰ দৰেই থাকে।তেওঁলোকক খোৱা ৱোৱা শোৱা আদি সকলো কামতে মালিকৰ দৰেই সন্মান দিয়া হয়।আন কথাত তেওঁলোকক ঘৰৰ এজন সদস্য বুলি মানি লোৱা হয়।কতো উচ্চ নীচ ভাবৰ প্ৰদৰ্শন নহয়।খোৱাৰ বেলিকা গৃহস্থই যি খায় কাম কৰা মানুহেও তাকেই খায়।কাম কৰা মানুহজন জ্ঞানৱন্ত হলে ঘৰুৱা পূজাত পূৰোহিতালিও কৰিবলৈ দিয়া হয়।মেলে মিটিঙে মালিক যাব নোৱাৰিলে কাম কৰা মানুহে মালিকৰ হৈ প্ৰ্তিনিধিত্বও কৰিব পাৰে।দাস প্ৰথাই কাকো নিকৃষ্ট মানুহ সজায় নাৰাখে।কাম কৰা মানুহ কামত সহায় কৰিবলৈহে লোৱা হয় অত্যাচাৰ কৰিবলৈ লোৱা হয়।চাকৰ বাকৰক বয়স হলে বিয়া বাৰুৰ পাতি দিয়া দেখা যায়।তেওঁলোক ভাল হলে নিজৰ লৰাৰ দৰে ব্যৱহাৰ কৰা হয়।

ৰামচন্দ্ৰ চুতীয়া

2.93617021277
গজেন মিলি Nov 17, 2016 11:38 AM

জীয়া ভৰলী নদীৰ ইতিহাস প্ৰেমৰ লগত জড়িত ।অনসন্ধান দিয়ক।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top