মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / গৰখীয়া গোসাঁই থান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰখীয়া গোসাঁই থান :

গৰখীয়া গোসাঁই থানৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগ টাউনৰ তিনি ন্ং ৱাৰ্ড অৱস্থিত শ্ৰী শ্ৰী গৰখী্যা গোসাঁই থান এখন ঐতিহাসিক থান। যিখন থানৰ বিষয়ে সমগ্ৰ অসমৰ উপৰি অন্য ৰাজ্যৰ ভক্তপ্ৰাণ লোকসকলৰো অৱগত। প্ৰ্তিদিনে এই ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ নগৰত অৱস্থিত গৰখীয়া গোসাঁইৰ থানলৈ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ যাত্ৰীৰ ভিৰ হোৱা পৰিলক্ষিত হয়। অৱশ্যে মাঘ বিহু, ব’হাগ বিহু, জাগৰণ উৎসৱ, দোল উৎসৱ আদিত অধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। মহাপ্ৰভু গৰখীয়া থানৰ ইতিহাস সম্পৰ্কে ৰাইজক কিছু জনোৱাটো ভাল হ’ল বুলি ভাবি জন্ম ইতিহাস সম্পৰ্কে থুলমূলকৈ আভাস দাঙি ধৰিলো।

কিংবদন্তি মতে মহাৰাজ নৰনাৰায়ণ যেতিয়া শণিৰ দশাত পৰে তেতিয়া বাৰ বছৰ কাল বৰনগৰত কটাইছিল। মহাৰাজ নৰনাৰায়ণে বাৰ বছৰ কাল বৰনগৰত অতিবাহিত কৰাৰ পিছত তেওঁ বৰনগৰ এৰি গুচি যায় আৰু তাৰ পিছৰ পৰা ভতিজাক ৰঘুদেৱে বৰনগৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰে। ক্ৰ্মে বৰনগৰৰ জনস্ংখ্যাৰ লগতে গৰু, ম’হ, ছাগলী, হাহঁ- পাৰ আদিও বাঢ়িবলৈ ধৰাত গৰু, ছাগলী, ম’হ আদি বৰ্তমানৰ সৰভোগ নগৰৰ ওচৰে- পাঁজৰে চৰাবলৈ গৰখীয়াবোৰ আহে। গৰখীয়াবোৰে পথাৰত গৰু মেলি দি নাচ- গান কৰি ৰংমনে থাকে।এনেদৰে নিতৌ গৰু চৰাই থাকোতে গৰখীয়াবোৰৰ দৃষ্টি আকৰ্ষিত হ’ল যে উত্তৰ গণক গাড়ী গাঁৱৰ (বৰ্তমান মেধিপাৰা বুজি জনাজাত) বৰকোচ পৰিয়ালৰ কপিলী গাই এজনী সদায় দুপৰীয়া পালৰ পৰা নাইকীয়া হয় আৰু পিছত আকৌ পাললৈ উভতি আহে। গৰখীয়াবোৰে এই ঘটনাৰ সত্য উদ্‌ঘাটনৰ পম খেদি দেখিলে যে নিতৌ গাইজনী পালৰ পৰা ওলাই গৈ এডোখৰ নিৰ্দিষ্ট ঠাইত নিজ ইচ্ছানুসাৰে গাখীৰ এৰি দিয়ে আৰু পিছত পুনৰ পালৰ লগ হয়। এই ঘটনা উদ্‌ঘাটন হোৱাৰ পিছত প্ৰতিদিনে গাইজনীয়ে গাখীৰ এৰি দিয়া ঠাইখিনিত কি আছে তাকে চোৱাৰ প্ৰৱল ইচ্ছা হোৱাত সকলোৱে ঠাইখিনি খান্দি চোৱাৰ পিছত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ আবিৰ্ভাৱ হোৱাত গৰখীয়া ল’ৰাবোৰ আনন্দত উৎফুল্লিত হৈ পৰে। গৰখীয়াবোৰৰ শিশুসুলভ মনোভাৱেৰেই গোসাঁইৰ থাপনা পাতি প্ৰভুৰ চৰণত পূজা- অৰ্চনা কৰিবলৈ ধৰিলে।প্ৰভুৰ আবিৰ্ভাৱৰ ঠাইখিনি মা তেললীয়া গোসাঁইৰ থান নামেৰে জনাজাত। পিছত মহাপ্ৰভু গৰখীয়া গোসাঁইৰ থানৰ বৰ্তমানৰ অৱস্থালৈ উন্নীত হোৱা দেখা গৈছে। বৰ্তমানে প্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ ঐশ্বৰিক শক্তিৰ প্ৰভাৱতেই অসমৰ উপৰি ভিন ভিন ঠাইৰ পৰা নিতৌ আহি থকা ভক্তপ্ৰাণ ৰাইজৰ স্ৰোতক আকৰ্ষিত কৰিব পাৰিছে। প্ৰায় পোন্ধৰ বিঘা মাটিকালিৰে মন্দিৰৰ চাৰি দিশ আগুৰি আছে। চাৰিওফালে ওখ দেৱালৰে সম্পূৰ্ণভাৱে মন্দিৰৰ চৌহদ আগুৰি থকাৰ উপৰি মূল মন্দিৰৰ পূব দিশত এখন পাৰ্ক সদৃশ মৎস্য পালনৰ উদ্দেশ্যৰে মীন পাম তৈয়াৰ কৰি মন্দিৰৰ সৌন্দৰ্য বৰ্ধন কৰা হৈছে। মন্দিৰৰ উত্তৰ দিশত মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যালয় ভৱন, ৰন্ধন ঘৰ, ভঁৰাল নিমাৰ্ণ কৰা হৈছে। পশ্চিম দিশত প্ৰায় চাৰি লাখ টকাৰে নিৰ্মিত স্থায়ী নাট্য মন্দিৰ নিৰ্মাণৰ উপৰি এটা ডাঙৰ আহল- বহল অতিথিশালা নিৰ্মাণ কৰা হৈছে। দক্ষিণ দিশত ভকতৰ চ’ৰা নামেৰে এটি ভৱন নিৰ্মাণ কৰা হৈছে। মূল মন্দিৰৰ পূৱ দিশে ৫০০ গজমান আঁতৰত মহাপ্ৰ্ভু গৰখীয়া গোসাঁইৰ অন্তৰ্গত বৰনগৰ বিদ্যা মন্দিৰ নামেৰে বিদ্যালয় এখনো স্থাপন কৰা হৈছে। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থানৰ দৈনন্দিন কাম- কাজ সুচাৰুৰূপে পালন কৰাৰ অৰ্থে ৰাইজৰ সমৰ্থনত পৰিচালনা সমিতি গঠন কৰাৰ উপৰি বিভাগীয় কাম- কাজ চোৱা- চিতা কৰাৰ বাবে বিভাগীয় সমিতিও গঠন কৰা হয়। নিতৌ প্ৰভুক তিনিবাৰকৈ পূজা- অৰ্চনা কৰা হয়। ইয়াৰ বাবে সুকীয়াকৈ পূজাৰী, ভাগৱতী নিয়োগৰ ব্যৱস্থা আছে। প্ৰভুৰ থানত  বিশেষকৈ মাঘ বিহু, ব’হাগ বিহু, দৌল উৎসৱ, জাগৰণ উৎসৱ আদি উলহ- মালহেৰে পালন কৰা হয়। ইয়াৰ ভিতৰত থকা আটাইবোৰ উৎসৱ দুইৰ পৰা তিনি- চাৰি দিনীয়াকৈ উদ্‌যাপন কৰা হয়। উৎসৱৰ দিনকেইটাত বিশেষকৈ নাম দলৰ মাজেৰে নাম পৰিৱেশন কৰাৰ উপৰি যাত্ৰাগান, ৰাসলীলা আদি পৰিৱেশন কৰা হয়। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত উদ্‌যাপিত মাঘ বিহু উৎসৱলৈ হেজাৰ হেজাৰ দৰ্শনাৰ্থীৰ সমাগম হয়। আপোনালোকেও থানখন চাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

লেখক: প্ৰ্ফুল্লপ্ৰাণ মহ্ন্ত

উৎস: ৰাইজৰ বাতৰি

 

 

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top