মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / গৰখীয়া গোসাঁইৰ থানৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰখীয়া গোসাঁইৰ থানৰ

গৰখীয়া গোসাঁইৰ থানৰৰ বিষয়ে লিখা হৈছে ।

সৰভোগৰ বিখ্যাত গৰখীয়া গোসাঁইৰ থানৰ মূল মন্দিৰৰ দ্বাৰত লিখা আছে- “হিন্দু বা হিন্দু মূলৰ সকলো ভক্তই প্ৰৱেশ কৰিব পাৰিব”। কিন্তু তাৰ পিছতো মই তাত প্ৰৱেশ কৰিছিলোঁ। ভুল কৰিলোঁ নেকি বাৰু!

মই মন্দিৰ দৰ্শন কৰি বুজাব নোৱাৰা আনন্দ পাওঁ। যিকোনো নতুন ঠাইলৈ গ’লেই মই তাৰে অতি কমেও মূল মূল মন্দিৰ বা গীৰ্জা ঘৰ আদি এবাৰ হ’লেও দৰ্শন কৰোঁৱেই।

নহ’লে মই শান্তিয়ে নাপাওঁ। ভ্ৰমণ অসম্পূৰ্ণ যেন লাগে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ঘূৰি ফুৰোঁতে বহুকেইটা বিখ্যাত মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য হৈছে।

যেনে-

  • জম্মুৰ ৱৈষ্ণো দেৱী মন্দিৰ,
  • তিৰুপতিৰ বালাজী মন্দিৰ,
  • অক্ষৰধাম মন্দিৰ (দিল্লী আৰু গান্ধীনগৰৰ),
  • অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ,
  • সোমনাথ মন্দিৰ,
  • দ্বাৰকা মন্দিৰ,
  • কলিকতাৰ আনন্দ মঠ,
  • গয়াৰ বৌদ্ধগয়া মন্দিৰ ইত্যাদি।

তাৰোপৰি-

  • অসমৰ মাজুলিৰ সত্ৰ সমূহ,
  • শিৱদৌল,
  • তেজপুৰৰ মহাভৈৰৱ,
  • দৌলগোবিন্দ,
  • হয়গ্ৰীৱ-মাধৱ মন্দিৰ,
  • ধুবুৰিৰ গুৰু টেগবাহাদুৰৰ গুৰুদ্বাৰা আদিলৈ গৈ কিমান যে মানসিক শান্তি পোৱা যায় ক’বলৈ শব্দ বিচাৰি নাপাঁও।

গুৱাহাটীৰো গোটেইকেইটা মন্দিৰতে কিমান বাৰ গৈছোঁ হিচাপ নাই। আৰু কিছু বছৰৰ ভিতৰতেই মানস সৰোবৰ আৰু অমৰনাথ যাত্ৰা কৰাৰ তীব্ৰ হাবিয়াস মনতে পুহি ৰাখিছোঁ।

ইমানবোৰ মঠ-মন্দিৰ দৰ্শন কৰিছোঁ যদিও, গৰখীয়া গোসাঁইৰ থানৰ বাদে কতো কিন্তু খোলা-খুলিকৈ “হিন্দু বা হিন্দু মূলৰ ভক্তইহে প্ৰৱেশ কৰিব পাৰিব” বুলি লিখা নেদেখিলোঁ (অন্তত মোৰ চকুত পৰা নাই)। মন্দিৰৰ দ্বাৰত স্পষ্টকৈ এই বাক্য শাৰী লিখা থকাৰ পিছতো, মই মন্দিৰত প্ৰৱেশ কৰিছিলোঁ।

কিন্তু মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পূৰ্ৱে জাননীৰ অন্তৰ্নিহিত ভাৱনাক যাতে অসন্মান কৰা নহয়, তাৰ বাবে বাক্যশাৰী মই পুনৰ পঢ়িলোঁ।

আনক ফাঁকি দি কাম এটা হয়তো কৰিব পাৰি; কিন্তু নিজকে ফাঁকি দি তো নিজৰ আত্মাক তুষ্ট কৰিব নোৱাৰি!

সেই মুহূৰ্তত নিজকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলোঁ-

১)মনত প্ৰশ্ন হ’ল- হিন্দু মানে কি? জন্মৰে পৰা “আল্লা” বা “গড” যিমান শুনিছোঁ, তাতকৈ বেছি দেখোন মই ৰাম-সীতা-কৃষ্ণ-শিৱ-পাৰ্ৱতী-সৰস্বতী-লক্ষীৰ নাম শুনিছোঁ।

মোৰ চেতনাত এজন ‘ঈশ্বৰ’ আছে যদিও মোৰ হৃদয়ৰ দুয়ো ফালে দেখোন ৰাম আৰু কৃষ্ণৰ হে স্পন্দন আছে।

২) মানুহে মোক যি ধৰ্মৰেই বুলি নকওঁক কিয়, সকলো ধৰ্মকেই দেখোন মোৰ নিজৰ ধৰ্ম যেন লাগে।
৩) কোনোবা ধৰ্মৰ অনুগামী বুলি কোৱাতকৈ, নিজকে “human being” বুলি কৈহে দেখোন মই প্ৰকৃত সুখ পাওঁ।

৪) জাননীত “হিন্দু বা হিন্দু মূলৰ” বুলি লিখা আছিল। মোৰ পূৰ্বজ এই ভাৰত ভূ-খণ্ডৰে হয়। এজন ‘হিন্দুই’ যি পৱন, অগ্নি, বৰুণ, ইন্দ্ৰ, চন্দ্ৰ, সূৰ্য্যৰ পৰিৱেশত সৃষ্টি হৈছে মোৰ পূৰ্বজ বা ময়ো সেই একে পৰিৱেশতে সৃষ্টি হৈছোঁ, লালিত-পালিত হৈছোঁ।

৫) মই আচলতে ভক্ত হয় নে নহয়? এই প্ৰশ্নটোও মোৰ মনত আহিছিল। পিছত ভাবিলো, ভক্তিতো মই সকলোকে কৰোঁ।

গৰখীয়া গোসাঁইৰ থানৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পূৰ্বে হুবহু এনেকুৱা ধৰণৰ চিন্তাবোৰ মোৰ মনলৈ আহিছিল।

এনেকুৱা চিন্তা সেই সময়তহে যে মোৰ প্ৰথম আহিছিল তেনেকুৱা নহয়; আমাৰ ঘৰত সৰুৰ পৰা তেনেকুৱা শিক্ষা দিয়া হৈছিল। সেয়ে কোনোবাই মোক হিন্দুই কওঁক বা মুছলমানেই কওঁক তাত মোৰ কি আহে যায়!

লেখক: আবিদ আজাদ

উৎস: সাহিত্য.অৰ্গ

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top