অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰখীয়া সেৱা

গৰখীয়া সেৱা

চৰণীয়া পথাৰলৈ গৈ গৰু চাৰিবপৰা হোৱা ল’ৰাই গৰখীয়া। গৰখীয়া ল’ৰাক আমন্ত্ৰণ কৰি আনি খুওৱা-বুওৱা আৰু সেৱা-সৎকাৰ কৰাই গৰখীয়া সেৱা, গৰখীয়া পোহা, গোপাল-সেৱা, গৰখীয়া সবাহ অথবা ৰাখাল-পূজা(গোৱালপাৰা)। গৰখীয়া ল’ৰাক ভগৱান শ্ৰীকৃষ্ণৰ ৰাখোৱাল ৰূপেৰে কল্পনা কৰি গঞা লোকে এই অনুষ্ঠান পাতে। গৰখীয়া ল’ৰাক সন্তুষ্ট কৰা মানে ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰা। গৰখীয়া-সেৱাৰ কাৰণ একাধিক –

  • নি:সন্তান দম্পতিয়ে পুত্ৰ সন্তান কামনাৰ্থে গৰখীয়া-সেৱাৰ আয়োজন কৰে,
  • গো-জাতিৰ শ্ৰীবৃদ্ধিৰ কামনাত কোনোৱে গোপাল-সেৱা আগবঢ়ায়,
  • সৰু ল’ৰাৰ অসুখ-বিসুখ হ’লে বা বয়স অনুযায়ী বাঢ়িব নোৱাৰিলে ল’ৰাৰ আৰোগ্য কামনাৰে অথবা নিজৰ গৰু-গাই হেৰাই পোৱাৰ পিছত বহুতে গৰখীয়া পোহে,
  • এজন প্ৰখ্যাত জ্যোতিষীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি ড° ভৃগুমোহন গোস্বামীয়ে লিখিছে যে শনিৰ কোপ দৃষ্টিৰ পৰা হাত সাৰিবলৈ মানুহে গৰখীয়া-সেৱা পাতে।

গৰখীয়া-সেৱাৰ বাবে বাৰজন গৰখীয়া হ’লে ভাল। বাৰ-গোপালৰ অভাৱত পাঁচজন ল’ৰাক সেৱকে নিজৰ ঘৰলৈ পুৱাৰ বেলাতে আমন্ত্ৰণ কৰি নি প্ৰত্যেককে গা-পা ধুৱাই গামোচা আদি কাপোৰ আগবঢ়াই চোতাল অথবা পিৰালিত ঢাৰি আৰু কাপোৰ পাৰি দি তাতে সিহঁতক পূৱলৈ মুখ কৰি বহিবলৈ দিয়ে। বহাৰ পিছত বাৰ-গোপাললৈ আগবঢ়োৱা হয় একোডাল এচাৰি বা লৰু আৰু সৰু কটাৰী একোখন। লগতে একোটা মুদ্ৰা দিয়াও প্ৰয়োজন। এই উপহাৰৰ পিছত বহা ঠাইতে জলপান দি দূপৰীয়া ভূৰি-ভোজন কৰাই আকৌ একোটাকৈ মুদ্ৰা (বহুকাল পূৰ্বে আছিল এটি পুণিকা, পইচা, চৰতীয়া, একানী, দুৱানী, সিকি আদি) অৰিহণা ৰূপে আগবঢ়াই গৰখীয়া কেইজনক শ্ৰদ্ধাৰে বিদায় দিব লাগে। অবিভক্ত কামৰূপত নতুনকৈ জগা গাইৰ গাখীৰ কটা বা টেকেলীত সাঁচি সেই দৈ গাখীৰেৰে অমাহৰ দিনা পিঠাগুৰি, কল আৰু গুড় মিহলাই গোপাল ভোগ প্ৰস্তুত কৰি গৰখীয়া ল’ৰাক খাবলৈ মাতে। গৰখীয়া-ভোগ দিয়াৰ পিছত সেই গাখীৰ দেৱকাৰ্যত লগাব পাৰি। দামুৰী অথবা ডাঙৰ গৰু হেৰাই পোৱাৰ পিছতো আবেলি পৰত বাৰ গোপালক মাতি আনি গোপাল-ভোগ খুৱায়। দক্ষিণ কামৰূপত বহাগ-বিহুৰ কালত উদ্‌যাপিত সৰি বা সুঁৱৰি উৎসৱত বাৰ-গোপাল সেৱা অপৰিহাৰ্য। দৰাই কন্যা ঘৰলৈ বিয়া কৰাবলৈ যাওঁতে গৰখীয়া ল’ৰাক সেৱিবলৈ এখনি গৰখীয়া-ভাৰ নিনিলেই নহয়।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate