মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / গৰু বিহুত ‘যাগ’ বা ‘থুপা’ ত ব্যৱহৃত উদ্ভিদ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰু বিহুত ‘যাগ’ বা ‘থুপা’ ত ব্যৱহৃত উদ্ভিদ :

গৰু বিহুত ‘যাগ’ বা ‘থুপা’ ত ব্যৱহৃত উদ্ভিদৰ বিষয়ে লিখা হৈছে ।

 

ব’হাগ বিহু আমাৰ প্ৰতিজন অসমীয়াৰে হিয়াৰ আমঠু। এই ৰঙালী বিহু অসমীয়া জাতিটোৰ প্ৰাণৰো প্ৰাণৰ, চেনেহৰো চেনেহৰ। ই জাতিটোৰ কলা- সংস্কৃতিৰ জীৱনৰেখা। এই ৰঙালী বিহু অকল বিহু গীত, বিহু নৃত্য আৰু বিহুৱান সৰ্বোচ্চ নহয়, ইয়াৰ লগত জড়িত হৈ আছে কিছু সাতামপুৰুষীয়া নীতি-নিয়ম। আমাৰ হোজা, চহা পুৰ্বপুৰুষে আৰম্ভ কৰা এই নীতি-নিয়মসমুহৰ মাজত এক উন্নত বৈজ্ঞানিক চিন্তাধাৰাৰ উমান পোৱা যায়। ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোতে গৃহস্থই তিনিটা ‘যাগ’ বা ‘থুপা’ ( নামনি অসমত ) যোগাৰ কৰে। এই তিনিওটাৰে অৱস্থিতি ক্ৰমান্বয়ে এটা পদুলিত, এটা আগ চোতালত আৰু আনটো গোহালিৰ সন্মুখত হয়। সাধাৰণতে গৰু বিহুৰ দিনা নোৱাই-ধোৱাই এৰাল দিয়া গৰুবোৰ, সন্ধিয়া ঘৰলৈ ওভতাৰ আগতে এই ‘যাগ’ কেইটা জ্বলোৱাৰ ব্যৱস্থা কৰা হয়। এই ‘যাগ’কেইটাৰ পৰা ওলোৱা ধোঁৱাখিনি, আগৰে পৰা তিয়াই পৰিষ্কাৰকৈ শুকাই ৰখা বাঁহৰ বিচনীখনেৰে মুল ঘৰ, গোহালিৰ পিনে লক্ষ্য কৰি বিচি দিয়া হয়। এনে ধোঁৱাই মহ-ডাঁহ, কীট-পতংগ , বেমাৰ বীজাণু ৰোধ কৰিব পৰা ক্ষমতা থকা বুলি জনবিশ্বাস আছে আৰু হয়তো আছে বৈজ্ঞানিক সত্যতাও। কিন্তু দ্ৰুত পৰিৱৰ্তিত আধুনিক অসমীয়াৰ জীৱন শৈলীৰ লগত খাপ নাখাই এনে বহু পৰম্পৰাগত নীতি-নিয়ম, ক্ৰমাৎ বিলুপ্তিৰ পথত গতি কৰিছে নাইবা নগৰীয়া একাংশ অসমীয়াৰ পৰা বিচ্ছিন্ন হৈছে অথবা চাক্ষুষ অভিজ্ঞতাৰ অভাৱত নতুন প্ৰজন্মৰ অসমীয়া, এই ৰীতি-নীতিসমুহৰ ক্ষেত্ৰত অজ্ঞ হৈ পৰিছে, যিটো সমগ্ৰ জাতিটোৰ বাবে উদ্বেগৰ বিষয়। জাতিটো জীয়াই থাকে মানে, বিহুতো পালন কৰো মানে, লুইতখন বৈ থাকে মানে এই পৰম্পৰাগত লোক-নীতি সমুহ জীয়াই ৰাখিবই লাগিব। এই ‘যাগ’ বা ‘থুপা’ত তুঁহগুড়ি আৰু ধান খেৰৰ জুমুঠিৰ উপৰিও আনকেইবিধমান উদ্ভিদৰ ডাল-পাত ব্যৱহাৰ কৰা হয়। অসমীয়া সমাজ জীৱনত সততে, সহজে ঢুকি পোৱা এই উদ্ভিদ কেইবিধৰ চমু বৰ্ণনা তলত দাঙি ধৰা হ’ল।

মাখিয়তী -

বৈজ্ঞানিক নাম-Flemingia strobilifera (Linn.)R.Br.

গোত্ৰ- Fabaceae

চিৰহৰিৎ, বহুবৰ্ষী জোপোহা গুল্ম জাতীয় উদ্ভিদ। অসমৰ হাবি-বননিত প্ৰচুৰ পৰিমাণে পোৱা যায়। পাতবোৰ খহটা, ডাঙৰ। গুলপীয়া ফুলবোৰ থোপাথোপে ফুলে আৰু পুষ্পধৰ পত্ৰৰ দ্বাৰা আবৃত। বাকলিৰ পৰা আঁহ তৈয়াৰ কৰিব পাৰি। কাণ্ডৰ আগলি অংশ ‘যাগ’ ত ব্যৱহাৰ কৰা হয়।

দীঘলতি -

বৈজ্ঞানিক নাম: Litsea lancifolia (Roxb.ex. Nees) Benth. & Hook.

গোত্ৰ:

বহুবৰ্ষী, চিৰহৰিৎ সৰু জোপোহা গছ। ইয়াৰ পুষ্পবিন্যাস কক্ষত থোপা পাতি চক্ৰাকাৰে সজ্জিত। পাতবোৰ দীঘল, ঠেক আয়তাকাৰ। গৰু বিহুৰ দিনা গৰু-মহক দীঘলতিৰ পাতেৰে কোবোৱাৰ লগতে সন্ধিয়া থুপা দিওঁতে ইয়াক ব্যৱহাৰ কৰা হয়। শিপাৰ কথ পেটচলা ৰোগত খাব পাৰি।

জাতিবেঁত:

বৈজ্ঞানিক নাম:

গোত্ৰ: Arecaceae

ই বহুবৰ্ষী, লতা জাতীয় উদ্ভিদ। গা-গছ, পাত কাঁইটযুক্ত । পাতবোৰ দীঘল, চিৰলা-চিৰলী। সন্ধিয়া ‘যাগ’ দিওঁতে আগলি অংশ ব্যৱহাৰ কৰা হয়। গা-গছ বিভিন্ন আঁচ-বাব আৰু সঁজুলিৰ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। অসমৰ কুটিৰ শিল্পত বেঁতৰ প্ৰয়োজনীয়তা অপৰিসীম।

কেঞা-কঁঠাল-

বৈজ্ঞানিক নাম- Pandanus foetidus Roxb.

গোত্ৰ- Pandanaceae

বহুবৰ্ষী, জোপোহা, কাঁইটীয়া, চাপৰ উদ্ভিদ। গছজোপা কেতেকী গছসদৃশ। পাতবোৰ দীঘলীয়া ইয়াক দ’, চানেকীয়া ঠাইত পোৱা যায়। থুপাত সাধাৰণতে পাতবোৰ ব্যৱহাৰ কৰা হয়। পাত আৰু ফুলৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰিব পাৰি।

হাতীশুৰীয়া -

বৈজ্ঞানিক নাম:  Heliotropium indicum Linn

গোত্ৰ- Boraginaceae

পুষ্পবিন্যাস হাতীৰ শুঁৰৰ সদৃশ বাবে উদ্ভিদজোপাৰ অসমীয়া নাম হাতীশুৰীয়া। একবৰ্ষী বা বহুবৰ্ষী গছজোপাৰ পাত আৰু কাণ্ড শুংযুক্ত। ফুলবোৰ বগা বা নীলা। কাণ্ডৰ আগলি অংশ ‘যাগ’ত ব্যৱহাৰ কৰা হয়। কীট-পতংগই কামুৰিলে পাতৰ ৰস লগোৱা হয়।

বিহলঙনী:

বৈজ্ঞানিক নাম: Polygonum hydropiper Linn.

গোত্ৰ: Polygonaceae

একবৰ্ষী তৃণজাতীয় উদ্ভিদ জোপা ধাননি পথাৰত অপতৃণ হিচাপে পোৱা যায়। সৰু সৰু ফুলবোৰ পাতল গোলাপী ৰঙৰ। গোটেই গছডাল ‘থুপা’ ত ব্যৱহাৰ কৰা হয়।

বগৰী:

বৈজ্ঞানিক নাম: Ziziphus jujube Mill.

গোত্ৰ: Rhamnaceae

চিৰহৰিৎ, বহুবৰ্ষী, সৰু বৃক্ষ জাতীয় উদ্ভিদ। খহটা, উপবৃত্তাকাৰ পাতেৰে গছজোপা কাইটীয়া। পুষ্প, ক্ষুদ্ৰ আৰু সেউজ হালধীয়া। কাণ্ড আৰু পাত ‘যাগ’ত ব্যৱহৃত হয়। ফল কেঁচাই খোৱা হয় আৰু ঔষধি গুণসম্পন্ন। ফলৰ পৰা জাম, জেলি, আচাৰ বনোৱাৰ লগতে ইয়াক পুজা- পাতলৰ দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়।

ভলুকা বাঁহ:

বৈজ্ঞানিক নাম: Bambusa balcooa Roxb.

গোত্ৰ:  Poaceae

পৰ্ণপাতী, বহুবৰ্ষী, পোলোঙা উদ্ভিদ। কাণ্ডৰ ব্যাস ৪ চে: মি: ৰ পৰা ১৫ ছে:মি: পৰ্য্যন্ত। পাতবোৰ বল্লমাকাৰ, লোমশ। ফুল কাচিৎহে ফুলে। পাতবোৰ ‘থুপা’ত ব্যৱহাৰ কৰা হয়। গা- গছ ঘৰ সজা কামত, বিভিন্ন সঁজুলি, আচ-বাব লগতে কাগজ তৈয়াৰ কৰাত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয়। বাঁহগছৰ আঁচাৰ এবিধ জনপ্ৰিয় খাদ্য

জুতুলী পকা:

বৈজ্ঞানিক নাম: Rubus moluccanus Linn

গোত্ৰ: Rosaceae

চুটি চুটি কাঁইটযুক্ত ফেৰ মেলা জোপোহা গছ। নোমাল পাতবোৰৰ দাঁতি, সিৰা আৰু ঠাৰিত কাঁইট থাকে। ফুলবোৰ বগা। বীজ ৰঙা। সাধাৰণতে পাহাৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ আগলি অংশ ‘যাগ’ ত ব্যৱহাৰ হয়। পকা ফল খোৱাৰ উপৰিও ঔষধ হিচাপে ব্যৱহৃত হয়।

লেখিকা : ড° নমিতা ডেকা (সাদিন )

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top