মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / চড়ক পূজা: চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চড়ক পূজা: চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ

চড়ক পূজা: চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱৰ বিষয়ে লিখা হৈছে

 

বিভিন্ন জাতি-উপজাতিৰে গঠিত চাহ জনগোষ্ঠী এক বৃহৎ জনগোষ্ঠী-

 

বৃহত্তৰ অসমীয়া জাতিৰ অন্যান্য সংস্কৃতিৰ লগত জনগোষ্ঠীটো মিলি পৰিলেও নিজৰ সংস্কৃতিসমূহকো তেওঁলোকে ধৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। কৰম, টুচু মনসা, গ্রাম পূজা আদি চাহ জনগোষ্ঠীৰ প্রত্যেক জাতি-জনজাতিয়ে নিজৰ নিজৰ এলেকাত উৎসৱ হিচাপে চড়ক পূজা উৎসৱ সকলোৰে জ্ঞাত যদিও অসমৰ মাঁথো তিনি-চাৰিটা অঞ্চলতহে এই পূজা উদযাপন কৰি অহাটো এক গুৰুত্বপূর্ণ বিষয়।

শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলি মহকুমা সদৰৰ পৰা উত্তৰ দিশে ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাভৈ অঞ্চলত বহু বছৰ আগৰ পৰা অঞ্চলটোৰ চাহ জনগোষ্ঠীৰ লোকে চড়ক পূজা আয়োজন কৰি আহিছে। পাভৈ পাচ আলিৰ পৰা উত্তৰ দিশেৰে এক কিঃমিঃ দূৰত্বত পাভৈ চাহ বাগিচা। পাভৈ চাহ বাগিচাৰ আৰম্ভণিতে চাহ জনগোষ্ঠীৰ এখন গাঁও মড়ক বস্তি। কুৰ্মী, ওৰাং, উড়িয়া, গেৰিয়া, কমাৰ, মাকী, মুণ্ডা, নায়ক, কালন্তি আদি অনেক জাতিৰ লোকে বসতি কৰি অহা মড়ক বস্তি সম্পূর্ণ চাহ জনগোষ্ঠীৰ এখন পুৰণি গাঁও। এই প্রাচীন আৰু বৃহৎ বস্তিটোলৈ সোমাই যাব লাগে এখন ডাঙৰ তোৰণেদি, য’ত লিখা আছে মড়ক বস্তি শিৱমন্দিৰ। তোৰণৰ পৰা ২০০ মিটাৰ গৈয়ে বৃত্তাকাৰ সেউজীয়া খেলপথাৰখনৰ মাজত অৱস্থিত গাঁৱৰ শিৱমন্দিৰটো। এই শিৱমন্দিৰত চ’ত মাহৰ শেষৰ তিনিদিনৰ পৰা ব’হাগৰ ২ তাৰিখলৈ পাঁচদিনীয়া কার্যসূচীৰে উদ্‌যাপিত হয় চড়ক পূজা। মড়ক বস্তি তথা সমগ্ৰ পাভৈ অঞ্চলৰ লোকে হাজাৰ মানুহে চাবলৈ আহে। সকলো চাহ জনগোষ্ঠী এলেকাত এই চড়ক পূজা উদ্‌যাপিত নহয়। সেয়েহে পাভৈ অঞ্চলত পালন কৰা এই চড়ক পূজাৰ দৰ্শক বছৰি বাঢ়ি আহিবলৈ ধৰাটো মন কৰিবলগীয়া।

চড়ক পূজা

 

প্রকৃততে এই পূজা শিৱ আৰু পার্বতীক পূজা কৰা উৎসৱ। বছৰটো সুকলমে পাৰ হ’বলৈয়ে প্রধানকৈ পাভৈ অঞ্চলৰ চাহ জনগোষ্ঠীৰ লোকসকলে মহাদেৱ আৰু পাৰ্বতীক পূজা কৰি আহিছে মনত নথকা দিনৰ পৰা। কেতিয়াৰ পৰানো এই পূজা আৰম্ভ হ’ল তাক বর্তমানৰ জীৱিত ব্যক্তি কোনেও ক’ব নোৱাৰে। দুই-এজনে ব্ৰিটিছৰ দিনৰে পৰা বুলি মন্তব্য কৰে। অর্থাৎ চাহ বাগিচাত কাম কৰিবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা মজদুৰ শ্ৰমিক হিচাপে জোৰ কৰি ব্ৰিটিছে লৈ অনা শ্ৰমিকসকলৰ সন্তুষ্টিৰ বাবেই হয়তো তেওঁলোকৰ সংস্কৃতিক মর্যাদা দি শিবমন্দিৰটো স্থাপন কৰে। মন্দিৰৰ ভিতৰত শিৱলিংগ আৰু কাঠৰ এটি পার্বতীৰ মূর্তি স্থাপন কৰি ৰখা হৈছে। এই শিৱমন্দিৰকে কেন্দ্ৰ হিচাপে লৈ মড়ক বস্তিয়ে বছৰি পালন কৰি আহিছে তেওঁলোকৰ প্ৰাণস্বৰূপ চড়ক পূজা। চড়ক পূজা আন পূজাতকৈ ব্যতিক্রম। এই পূজা শিহৰণকাৰী। পূজাত ভক্তসকলে নিজৰ শৰীৰত লোৰ কাঁটা বা বেজী সুমুৱাই লোৱা দৃশ্য দেখিলে বহুতো প্রত্যক্ষদৰ্শীৰ গাৰ নোম শিয়ৰি উঠে। তথাপি মড়ক বস্তিৰ ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে যেন ভক্ত হৈ নিজৰ শৰীৰৰ পিঠি, বুকু, হাত, মুখ, জিভা আদিত কাঁটা সুমুৱাই নিজকে ঈশ্বৰৰ লগত বিলীন কৰিব

বিচাৰে।

১ ব’হাগ অর্থাৎ বৃহত্তম অসমীয়া জাতিয়ে পালন কৰি অহা গৰু বিহুৰ দিনাই চাহ জনগোষ্ঠীৰ সমাজত চড়ক পূজা প্রচলিত হৈ আহিছে। আমাৰ আলোচনাত চড়ক পূজা আৰম্ভণিৰে পৰা কেনেদৰে নীতি-নিয়মৰ মাজেদি উদ্‌যাপিত হয় সেই বিষয়ক আলোচনা আগবঢ়াবলৈ প্রয়াস কৰা হ'ব। চ’তৰ ২৭-২৮ তাৰিখ অর্থাৎ ১১-১২ এপ্রিলৰ পৰাই মড়ক বস্তিৰ শিৱমন্দিৰত চড়ক পূজাৰ কার্যক্ৰম আৰম্ভ হয়। সেইদিনা তিনিগৰাকী ব্রাহ্মণ অর্থাৎ পুৰোহিতে শিৱমন্দিৰত প্ৰৱেশ কৰি আগৰে পৰা প্রতিষ্ঠা হৈ থকা শিৱলিংগ আৰু পার্বতীৰ মূর্তি পুনৰ চাফ-চিকুণ কৰি প্রতিষ্ঠা কৰে। ৰাতিলৈ শিৱ পূজাৰ নাম গায় আৰু প্রসাদৰ ব্যৱস্থা কৰে। মহাদেৱ শিৱ আৰু দেৱী পার্বতীক উদ্দেশ্য কৰি গোৱা প্রথম গীতটো এনেধৰণৰ—

জলাই শিৱ জনম শিৱ

পা ভয়ে বুঢ়া বাবা আহে

পা ভয়ে পার্বতী হে৷”

পা ভয়ে জলেশ্বৰ হে,

দ্বিতীয় দিনা ৰাতিপুৱা চড়ক পূজাত হ’বলগীয়া ভক্তসকলক মন্দিৰতে নাপিতৰ হতুৱাই প্রয়োজনসাপেক্ষে দাড়ি-চুলি কটোৱায়। ভক্ত হৈছে চড়ক পূজাৰ শেষৰ দিনা যিসকলে নিজৰ শৰীৰৰ বিভিন্ন ঠাইত লোৰ কাঁটা বা বেজী সুমুৱাই স্বয়ং মহাদেৱ অথবা ঈশ্বৰৰ সৈতে একাত্ম হ’বলৈ বিচৰা লোক। ভক্ত কেবল পুৰুষহে হ'ব পাৰে। ভক্তৰ বয়সৰ সীমা ১৯-১০ বছৰৰ পৰা ওপৰৰ যিকোনো বয়সৰ হ’ব পাৰে। ভক্ত হ'বলৈ কোনেও কাকো জোৰ নকৰে। পাভৈ অঞ্চলত অনুষ্ঠিত চড়ক পূজাত ২০০ৰো অধিক ভক্ত থাকে। দ্বিতীয় দিনা ভক্তসকলৰ দাড়ি-চুলি কটোৱাৰ পিছত এজন ভক্তই মন্দিৰৰ দেবী পার্বতীৰ মূৰ্তিটো কান্ধত লয়। আৰু সকলো ভক্ত তথা ৰাইজ দেবীৰ পিছে পিছে মড়ক বস্তিৰ পৰা এক কিঃমিঃ দূৰত্বত অৱস্থিত মিছামাৰীৰ এজন নির্দিষ্ট কমাৰৰ ওচৰলৈ যায়। কমাৰৰ ওচৰলৈ গৈ থাকোতে মহাদেৱৰ পূজাৰ গীত গাই যাব এনেদৰে—

শিৱ শংকৰ ভোলানাথ হে৷”

পার্বতী গজাল পিতা হে’?

পা ভয়ে মহাদেৱ হে৷”

পা ভয়ে শংকৰ হে'

গীতৰ তালে তালে ঢাকুৱাই ঢাক আৰু চাইনা(বাঁহী) বজাই পৰিৱেশটো সংগীতময় কৰি তোলে। কমাৰে নীতি-নিয়মৰ মাজেদি দেৱী পাৰ্বতীৰ মূৰ্তিত তিনিটা গজাল মাৰে। বৰ্তমান এই কার্য সমাপন কৰা কমাৰজনৰ নাম মিছামাৰীৰ মেঘনাথ কমাৰ। পূর্বতে মেঘনাথৰ দেউতাক, ককাকসকলে এই কাৰ্য সমাপন কৰিছিল। প্রতিবছৰে গজাল মৰাৰ বাবে দেবীৰ মূর্তিটো দেৱীক গা ধুৱায় আৰু নতুন কাপোৰ পিন্ধাই দিয়ে। ভক্তসকলেও নৈত গা ধোৱে আৰু তেওঁলোকক পুৰোহিতে পইতা অর্থাৎ লণ্ডন পিন্ধায়। পুনৰ সকলো ভক্ত দেৱী পাৰ্বতীৰ সৈতে মন্দিৰলৈ আহি মহাদেৱৰ গীত গাই গাই দেবীক স্থাপন কৰি পূজা কৰে। পূজা দি শেষত এটা নতুন কার্যসূচী আৰম্ভ হয়। সেয়া হৈছে দেৱীক এইবাৰ বস্তিৰ প্ৰত্যেকখন ঘৰৰ চোতালত নি পূজা কার্য কৰে। ঘৰৰ গৃহস্থই চাকি-ধূপ-নৈবদ্য, গাখীৰ, ঘিউ, ধান, চাউল, হালধি, ফুল, দক্ষিণা আদি পার্বতীক অৰ্পণ কৰে। মড়ক বস্তিৰ উপৰি পাভৈ চাহ বাগিচা আৰু ওচৰৰে অনা চাহগোষ্ঠীৰ লোকেও তেওঁলোকৰ ঘৰলৈ মা পাৰ্বতীক নিমন্ত্রণ কৰে। কোনো গৃহস্থই ভক্তসকলক কেঁচা বুট, কল আদি খাবলৈ দিয়ে। ভক্তসকলে পূজাৰ পাঁচ দিন সাত্ত্বিক আহাৰ গ্ৰহণ কৰে আৰু নিজৰ আহাৰ নিজে ৰান্ধি লয়। তেওঁলোকে সেয়ে আমাৰ প্ৰিয় জীৱন পৰিহাৰ কৰি মাটিত শৈৱে দ্বিতীয় দিনাৰ দৰে তৃতীয় দিনাও মা পার্বতীৰ গাঁও ফুৰোৱা কার্য অব্যাহত থাকে। সেইদিনা দেৱীক গাঁও ফুৰাই আনি পুনৰ মন্দিৰত স্থাপন কৰি পূজা-পাতল কৰা হয়। লগে লগে মন্দিৰত সেইদিনা ৰাতি আন দুটা আকর্ষণীয় আৰু আধ্যাত্মিক কার্যসূচী আৰম্ভ হয়। সেয়ে হৈছে প্রথমে 'লটন' আৰু দ্বিতীয় কার্যসূচী ‘লংকাগড় ভঙা’। লটন কাৰ্যক্ৰমত সকলো ভক্তই শাৰী পাতি মাটিত বাগৰি বাগৰি শিৱমন্দিৰলৈ সোমাই অহা তোৰণৰ পৰা মন্দিৰলৈ আহে। বস্তিৰ ৰাইজে তেওঁলোকক সেৱা যাছে। গাঁৱৰ কেইজনমান বয়সস্থ ব্যক্তিয়ে একেলগে তিনিটা ফেৰেঙণি ডাল থকা ভেল্‌দি গছৰ ডাল কাটি আনি তাত জুই জ্বলা আৰু তাৰে লটনত অংশগ্রহণ কৰা ভক্তসকলে পোহৰ দেখুৱাই আনে। লটনৰ সময়ত ৰাইজে গীত জুৰে—

জ্বলায় শিৱ জ্বলায় শিৱ হে”

অজয় দানে ৰাম ৰাজা হে’

এত ব'ন ৰামেশ্বৰ হে"

শ্ৰী নাথ গৌৰীনাথ হে৷”

আনে ৰাম বানেশ্বৰ হে?

খেল খেলি গৌৰীনাথ হে৷”

কৈলাসৰ মহাদেৱ হে৷”

মন্দিৰ পোৱাৰ পিছত প্রত্যেকজন ভক্তই নিজ ঘৰৰ পৰা সাজু কৰি অনা ঘিউৰে বন্তি জ্বলা দ্বিতীয় কার্যসূচী লংকাগড় ভঙাত ৫-৭ কুইণ্টল চাউলেৰে এটা লংকাসদৃশ ঘৰ তৈয়াৰ কৰে। ঘৰটোৰ ২১টা বৰপাত দিয়ে। মন্দিৰৰ লগতে তৈয়াৰ কৰি লোৱা লংকাগড়ৰ চাৰিওদিশে সকলো ভক্তই একেলগে নাচিব। লটনৰ সময়ত গোৱা গীতেই ঢাকৰ লগে লগে ভক্তসকলে গাই থাকে। নৃত্য চলি থকাৰ সময়তে কেইজনমানে জুইৰ আঙঠা আনি দলিয়াই দিয়ে। চড়ক পূজাৰ ইও এক বিশেষ আকর্ষণ। এনেদৰে গীত-নৃত্য চলি থকাৰ সময়তে যিজন ভক্তই দেবী পার্বতীক কান্ধত তুলি গজাল মৰাত গাঁও ফুৰাবলৈ নিয়ে সেইগৰাকী ভক্তই সেইদিনা হনুমান হ’ব আৰু সকলোৱে তেওঁক সঁচা হনুমান ৰূপতে দর্শন কৰিব। কৃত্রিমভাবে লগাই দিয়া জুইৰে লংকাগড় ভাঙিব। যোৱা কেইবাবছৰো ধৰি মড়ক বস্তিৰ চড়ক পূজাত এই কার্য কৰিছে বৰুণ ভূমিজ নামৰ এজন যুৱকে। সেইদিনা মন্দিৰত সমান্তৰালকৈ পুৰোহিতে কৰি থকা যজ্ঞক ছাইৰে ভক্তসকলৰ কপালত টিকা বা ফোঁট দিয়ে। প্ৰায় গোটেই ৰাতি ধৰি চলি থকা এই কাৰ্যক্ৰম সমগ্ৰ পাভৈ অঞ্চল, পাভৈ চাহ বাগিচাকে ধৰি ইয়াৰ ওচৰে-পাজৰে থকা চাহ বাগিচাৰ অজস্র মানুহে আনন্দ উপভোগ কৰে।

লেখিকা: বন্দনা দত্ত হাজৰিকা, পূৰ্বাচল।

 

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top