মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / চাক্‌মাসকলৰ সাংস্কৃতিক জীৱন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাক্‌মাসকলৰ সাংস্কৃতিক জীৱন

চাক্‌মাসকলৰ সাংস্কৃতিক জীৱনৰ কথা লিখা হৈছে

উত্তৰ–পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য জনজাতি সকলৰ ভিতৰত চাক্‌মা সকল অন্যতম-

 

অসম, অৰুণাচল, মিজোৰাম আৰু ত্ৰিপুৰাত সিঁচৰিত হৈ থকা চাক্‌মা সকলৰ আদিম ভূমি হ’ল বাংলাদেশৰ চট্টগাম জিলা। চট্টগ্ৰাম পাৰ্বত্য জিলা খন সৰু – বৰ বাৰটা জনজাতি – জনগোষ্ঠীৰ বাসভূমি। চাক্‌মা সকল ইয়াৰ ভিতৰত সৰ্ববৃহৎ। দেশ বিভাজনৰ সময়ত ৰাজনৈতিক বলি হোৱা চাক্‌মা সকলে এক প্ৰকাৰৰ যাযাবৰী দিন কটাব লগা হৈছে। বহু সংগ্ৰাম আৰু সংঘাতৰ মাজেৰে আহি চাক্‌মা সকলে বাংলাদেশ আৰু ভাৰত দুয়োখন দেশতে জনজাতি হিচাপে স্বীকৃত হৈ এক স্বকীয় সংস্কৃতি আৰু পৰম্পৰাৰে বিভূষিত জীৱন প্ৰৱাহত চামিল হৈছে।

প্ৰাচীন কালৰ পৰা চট্টগ্ৰাম পাৰ্বত্য অঞ্চলটো আছিল দুৰ্গম অৰণ্যৰে ভৰা। পাহাৰত জুম খেতি, পশু চিকাৰত ব্যস্ত কেইটামান গোষ্ঠীবদ্ধ জনজাতীয় জনগোষ্ঠীৰ বাদে তাত কোনো ধৰণৰ সমাজ বা সভ্যতা নাছিল। জনগোষ্ঠী কেইটা আছিল সম্পূৰ্ণ প্ৰকৃতি নিৰ্ভৰ। এটা পাহাৰত এবাৰ জুম খেতি কৰাৰ পাচত সেই ঠাইত তিনি বছৰলৈ খেতি নহৈছিল আৰু সেয়ে জনগোষ্ঠী সমূহ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমি ফুৰিছিল। ফলত জনজাতি সকলৰ স্থায়ী সমাজ – ব্যৱস্থা কেতিয়াও গঢ়ি উঠা নাছিল। কমাৰ, কুমাৰ, স্বৰ্ণশিল্পী বা মিস্ত্ৰী আদি শ্ৰেণী ভিত্তিক জীৱিকা এই জনজাতি সকলৰ নাছিল। ফলত এই অঞ্চলত পোৰামাটি, শিল, ব্ৰঞ্জ, লোহা, তাম বা আন ধাতুৰে নিৰ্মিত কোনো প্ৰত্নসামগ্ৰী আজিও পোৱা নাযায়। পাৰ্বত্য চট্টগ্ৰামৰ ভিতৰুৱা অঞ্চলৰ জনজাতীয় জীৱন যাত্ৰাৰ প্ৰণালী লক্ষ্য কৰিলে ধাৰণা হয়, প্ৰকৃতিয়েই যেন জনজাতি সকলৰ জীৱন পৰিচালিত আৰু নিয়ন্ত্ৰিত কৰিছে। জনজাতি মানেই প্ৰ্কৃতিৰ সন্তান।

আজিও বহুত জনজাতিয়ে আদিম সাম্যবাদী ধ্যান – ধাৰণা মনতে পোষণ কৰে। সেয়ে আদিম সমাজৰ দৰে প্ৰাণবাদী জড় – উপাসক হিচাপেই নিজ সমাজ জীৱনক পৰিচালনা কৰে। জনজাতি সকলৰ চৌখিন ৰজা, মন্ত্ৰী তথা প্ৰভাৱশালী বিত্তৱান পৰিয়ালক কেন্দ্ৰ কৰি কিছু উন্নত শিল্প – সংস্কৃতি আৰু আধুনিক অলংকাৰ শিল্প গঢ়ি উঠিছে। কিন্ত বৃহত্তৰ জনজাতি সমাজত তাৰ প্ৰভাৱ কম। চাক্‌মা সকলৰ ওচৰা – ওচৰিকৈ থকা বা নিকট সাংস্কৃতিক সম্পৰ্ক থকা অন্য জনজাতি সম্প্ৰদায় কেইটা হ’ল – মাৰমা, ত্ৰিপুৰা, তঞ্চংগা, ম্ৰো, বম্‌, উসুই, পাংগো, খুমী, খ্যাং, লুচাই আৰু চাক।

সচৰাচৰ জনজাতীয় সমাজৰ জীৱনযাত্ৰা নৃত্য – গীতৰ মাজেৰে প্ৰকাশ ঘটে। চাক্‌মা সকলৰো কঠিন জীৱন সংগ্ৰাম গোষ্ঠীবদ্ধ নৃত্য – গীতৰ মাজেৰে মূৰ্তিমান হৈ উঠিছে। এওঁলোকৰ অধিকাংশ নৃত্য – গীতৰ কলা – কৌশল, বাদ্যযন্ত্ৰ আৰু বিষয় বস্তুত স্বাভাৱিক ভাৱেই অৰণ্যৰ জুম খেতিৰ যাযাবৰী জীৱনটোক প্ৰত্যক্ষ কৰা যায়। এনেধৰণৰ সাংস্কৃতিক জীৱনৰ নৃত্য – গীত সমূহৰ উপলক্ষ্য মুলতঃ এনেধৰণৰ – (ক) জুম খেতি আৰু ন – খোৱা উৎসৱ উপলক্ষে, (খ) চৈত সংক্ৰান্তি আৰু নৱবৰ্ষ উপলক্ষে, (গ) ধৰ্মীয় অনুষ্ঠান আৰু অন্ত্যেষ্টিক্ৰিয়া উপলক্ষে, (ঘ) গো – হত্যা অনুষ্ঠান উপলক্ষে, (ঙ) বীৰযোদ্ধা আৰু চিকাৰীৰ সম্বৰ্ন্ধনা উপলক্ষে আৰু (চ) সামাজিক আনন্দ – উৎসৱ উপলক্ষে।

জুম নাচ : চাক্‌মা সকলৰ আটাইতকৈ জনপ্ৰিয় নৃত্য হ’ল জুমনাচ। সাধাৰণতে পাঁচ বা ততোধিক শিল্পীয়ে জুম নৃত্যত অংশ লয়। এজন দল নেতা থাকে। তেওঁ জুম পাহাৰলৈ যোৱাৰ আহ্বান জনাই জুম নৃত্যৰ সূচনা কৰে। পাহাৰৰ গাত জুম খেতিৰ শস্য ৰোপণ কৰা, ফচল কটা, ফচল মৰা বা ফচল পিঠিত বান্ধি ঘৰলৈ লৈ অনা ইত্যাদি ঝুম খেতি ভিত্তিক চিত্ৰকল্প জুম নৃত্যৰে শিল্পী সকলে সুন্দৰ ভাৱে উপস্থাপন কৰে। চাক্‌মা শিল্পী সকলে জুম নৃত্যৰ তালে তালে পৰিবেশিত গানৰ মাধ্যমত সকলোকে আহ্বান জনায় :

হৈ হৈ জুমত যেবং

জুমে যেইনে গাচ্ছ্যা সুদা তুলিবং।

(অৰ্থাৎ ব’লা ব’লা জুমলৈ যাওঁ। জুমলৈ গৈ তিলসূতা তোলোঁ। তিল সূতা বিক্ৰী কৰি প্ৰচুৰ টকা আয় কৰোঁ)।

চাক্‌মা শিল্প্প সকলৰ নৃত্যৰ সাজ – পাৰতো বিচিত্ৰতা বিৰাজমান। চাক্‌মা শিল্পী সকলে কঁকালত ঐতিহ্যবাহী বোৱা কাপোৰ ‘পিনন’ আৰু ৰঙীণ বক্ষবন্ধনি ‘ৰাঙাখাদি’ পৰিধান কৰে। ডিঙিত চন্দ্ৰহাৰ, হাঁচুলী চিক্‌, টকাৰ ছবি থকা ৰুপৰ অলংকাৰ পিন্ধি নৃত্যত অংশ লয়। চাক্‌মা সকলে ঐতিহ্যবাহী বাঁহী আৰু ঢোলাৰ লগত আধুনিক কালত হাৰমোনিয়ামৰ সহযোগত নৃত্য – গীতৰ আৱহ সংগীতৰ সৃষ্টি কৰে। জুম নৃত্যৰ দৰে চাক্‌মা সকলৰ জনপ্ৰিয় আন এক নৃত্য হ’ল ‘ইপ্ৰাআকা’ নৃত্য। যিকোনো আনন্দ উৎসৱত চাক্‌মা সকলে এই নৃত্য কৰে। এই নৃত্যতো জুম খেতিৰ চিত্ৰকল্প ব্যৱহৃত হয়।

চৈত সংক্ৰান্তি বা নৱবৰ্ষ : ভাৰত, বাংলাদেশ, ম্যানমাৰ – সকলোতে চৈত সংক্ৰান্তিৰ উৎসৱ উদ্‌যাপন কৰাৰ পৰম্পৰা প্ৰচলিত। চাকমা সকলেও এই উৎসৱ পালন কৰে। চৈত সংক্ৰান্তি আৰু নৱবৰ্ষ উপলক্ষে চাক্‌মা জনজাতি সকলে পালন কৰা উৎসৱক ‘বিজু’ নামেৰে জনা যায়। তিনি দিন ব্যাপি এই উৎসৱ যথেষ্ট উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। চাক্‌মা সকলে চ’ত মাহৰ শেষৰ দুদিনত যথাক্ৰমে ‘ফুলবিজ’ আৰু ‘মূলবিজ’ আৰু প্ৰথম ব’হাগক ‘গৰ্যাপৰ্য্য’ দিন হিচাপে আখ্যায়িত কৰে।

অতীজৰ চাক্‌মা জনজাতি যুৱক – যুৱতী সকলে বিজু উৎসৱৰ সময়ত দল বান্ধি পবিত্ৰ বৌদ্ধ মহামুনিৰ মেলালৈ গৈ মমবাতি বা চাকি জ্বলাই ভগৱান বুদ্ধক পূজা দিছিল। চাকি হাতত লৈ মন্দিৰৰ চৌদিশে প্ৰদক্ষিণ কৰোঁতে নিজৰ জীৱনসংগীক বাছি লৈছিল। এনে মন্দিৰ প্ৰদক্ষিণৰ মাধ্যমত ভগৱান বুদ্ধক সশ্ৰদ্ধ চিত্তে স্মৰণ কৰাৰ চিত্ৰ কল্পটো চাক্‌মা জনজাতি সকলে আনুষ্ঠানিক ভাৱে বিজু নৃত্য – গীতৰ মাধ্যমত প্ৰকাশ কৰিছিল।

গাৰ্হস্থ্য সামগ্ৰী : বিভিন্ন জনজাতীয় সমাজত বৈচিত্ৰ্যপূৰ্ণ গাৰ্হস্থ্য সামগ্ৰী লক্ষ্য কৰা যায়। চাক্‌মা সকলেও গাৰ্হস্থ্য জীৱনত নানা ধৰণৰ বাঁহ, বেত, পোৰামাটিৰ আচবাব আদি ব্যৱহাৰ কৰে। চাক্‌মা সকলে ব্যৱহাৰ কৰা তেনে কেইপদ মান সামগ্ৰী হ’ল – কাল্লোয়াং, বাৰেং, দিংঙিৰা, চাম্মো, ভুল, লেই, মাৰাল্ল্যা, দলং, ফুলেৰ ঝুড়ি, হাতা / আদা, কুৰুম, মজৰা, মেজাং, ধুলোন, চালোন, মাথাল, ইছাধুপ, দাবা ইত্যাদি।

বাদ্যযন্ত্ৰ : চাক্‌মা সকলৰ ঐতিহ্যবাহী বাদ্যযন্ত্ৰ সমূহক তিনিটা ভাগত ভগাব পাৰি : (ক) বাঁহী, (খ) ঢোল আৰু (গ) বেহেলা জাতীয় বাদ্যযন্ত্ৰ। চাক্‌মা সকলে বাঁহীক ‘বাজি’ বুলি কয়। পাহাৰৰ পৰা বিভিন্ন সাজৰ বাঁহ কাটি আনি চাক্‌মা যুৱক সকলে এই বাজি প্ৰস্তুত কৰে। বহু সময়ত এই বাঁহীত কিছু কাৰু – কাৰ্য্য খোদাই কৰি লয়। চাক্‌মা সকলৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানত বাঁহীৰ ব্যৱহাৰ অপৰিহৰ্য্য। বাঁহৰ অন্যান্য বাদ্যযন্ত্ৰ হ’ল : শিংগা, ক্লাওনেট শিমুৰ ইত্যাদি।

গৃহ নিৰ্মাণ : পাৰ্বত্য জনজাতি হিচাপে চাক্‌মা সকলে বাঁহ – কাঠেৰে ঘৰ নিৰ্মাণ কৰি লয়। ঘৰবোৰ সাধাৰণতে চাংঘৰ (মচাংঘৰ) হয়। আদিম গোষ্ঠীবদ্ধ জীৱনত বনৰীয়া জীৱ – জন্তুৰ পৰা হাত সৰাৰ বাবেই হয়তো চাংঘৰৰ প্ৰচলন হৈছিল। এনে চাংঘৰৰ নিৰ্মাণ – শৈলীয়ে সুকীয়া ঐতিহ্য বহন কৰে। এনে চাংঘৰৰ ভিতৰৰ কোঠাবোৰ হ’ল : উজলেং (গুদাম), গুদি (স্বামী – স্ত্ৰীৰ কক্ষ), চিংগাব (বৈঠকখানা), ওলনচাল বা পিজৰ (পাকঘৰ), কুমঘৰ (পানী থোৱা ঠাই), মাচাং (মুকলি স্থান)।

বস্ত্ৰ শিল্প : চাক্‌মা সকলৰ এক নিজস্ব বস্ত্ৰ শৈলী আছে। ইয়াৰ নিৰ্মাণ পদ্ধতি সুকীয়া। এনে বস্ত্ৰশিল্পৰ চাৰিটা স্তৰ : (ক) পাহাৰৰ জুম খেতিত কপাহ উৎপাদন আৰু আহৰণ, (খ) এনে কপাহৰ পৰা সূতা কটা, (গ) সূতাৰ ৰং কৰা, (ঘ) কঁকাল – তাঁতৰ জৰিয়তে কাপোৰ তৈয়াৰ কৰা।

কঁকালত মেৰিয়াই তাঁত বোয়াটো ভালেমান জনজাতীয় সমাজৰ ৰীতি। চাক্‌মা সকলে সাধাৰণতে এনে তাঁত ব্যৱহাৰ কৰে। ইয়াৰ বাবে সুকীয়া ঘৰৰ প্ৰয়োজন নাই। মচাংঘৰৰ সমুখৰ মুকলি ঠাইতে এই তাঁত বোৱা কাম চাক্‌মা সকলে কৰে। তাঁতত ব্যৱহাৰ হোৱা সামগ্ৰী সমূহ তাগলক, লেললেবী, তাৰাম, বিয়ং, ব-অ-হাদি ইত্যাদি। কাপোৰত চাক্‌মা সকলে বিভিন্ন ৰঙৰ সূতাৰে ফুল, ফল, পশু – পক্ষী, মাছ, প্ৰজাপতি জাতীয় নক্সা তেওঁলোকে বংশ পৰম্পৰাগত ভাৱে তুলি আহিছে। ইয়াৰ বাবে বেলেগ কোনো ডিজাইনৰ পুথি নাই। চাক্‌মা সকলৰ ঐতিহ্যবাহী সাজ – পোছাকৰ ভিতৰত পিনন, খাদী (ৰঙা খাদী, চিবকটানা খাদী) অন্যতম।

বিবাহ ব্যৱস্থা : চাক্‌মা জনজাতীয় সমাজত বিবাহযোগ্য যুৱক – অভিভাৱকসহ কন্যাৰ ঘৰলৈ তিনিবাৰ অহা – যোৱা কৰে। প্ৰতি বাৰতে কন্যাৰ মাতা – পিতাক সন্তুষ্ট কৰাৰ বাবে ল’ৰাৰ দেউতাকে মদ, চুপাৰী, পিঠা আদি লগত নিয়ে। তৃতীয় বাৰ ল’ৰাৰ দেউতাকে প্ৰচুৰ পৰিমাণে মদ নি কন্যাৰ দেউতাকক যাচি বিয়াৰ চূড়ান্ত দিন – তাৰিখ এটা লয়। এই অনুষ্ঠানক ‘মদ পিলা’ বুলি কোৱা হয়। ভোজ সভাৰো আয়োজন কৰা হয়। ইয়াৰ পিচত নিৰ্ধাৰিত দিনত শুভ ক্ষণ চাই কন্যা আনিবলৈ বৰযাত্ৰী সকল যায়। কিন্ত এই দলত দৰা নাথাকে। বৰযাত্ৰী দলৰ এগৰাকী যুৱতীৰ পিঠিত বাঁহ – বেতৰ টুকুৰিত কন্যাৰ বস্ত্ৰ – অলংকাৰ আদি বহন কৰি নিয়া হয়। কন্যাৰ দেউতাকে আশীৰ্বাদ দি কন্যাক দৰা যাত্ৰীৰ হাতত গতাই দিয়ে। বিবাহ পৰ্ব দৰাৰ ঘৰতহে সম্পন্ন হয়। দৰা – কন্যাৰ বিয়াৰ সামাজিক স্বীকৃতি প্ৰদান অনুষ্ঠান জদন বানাহ বা জোড়বালা পৰিচালিত হয়। এই অনুষ্ঠানত কোনো ধৰণৰ মন্ত্ৰপাঠ কৰা নহয়। বিবাহৰ শুভলগ্ন চাই এখন পাটীত দৰাৰ বাঁওফালে কন্যাক বহুৱাই ওজা বা দৰাৰ ভগ্নী – পতিয়ে উচ্চস্বৰে সকলোকে সোধে : ‘জদন বানি দিবাৰ উঘু আঘে নে নেই’? অৰ্থাৎ জোৰা বান্ধি দিয়াৰ হুকুম আছে নে নাই? উপস্থিত ৰাইজে আছে আছে বুলি স্বীকৃতি দিলে লগে লগে এখন সাত ফুট দীঘল বস্ত্ৰ দৰা আৰু কন্যাৰ কঁকালত বান্ধি দিয়া হয় আৰু দৰাৰ বাঁও হাত কন্যাৰ বাঁও কান্ধত আৰু কন্যাৰ সোঁহাত দৰাৰ সোঁ কান্ধত দি পৰস্পৰে পৰস্পৰক আলিংগন কৰে। তাৰ পাচত কিছু কণীসনা ভাত পৰস্পৰে পৰস্পৰক খুৱায়। তাৰ পিছত সমাজৰ অনুমতি লৈ বান্ধ খুলি দিয়া হয় আৰু বিয়াৰ বিশেষ ধৰণৰ পূজাৰ অনুষ্ঠান ‘চুমুলাং’ আয়োজন কৰা হয়। ইয়াৰ পৌৰোহিত্য কৰে চাক্‌মা সমাজৰ বিশিষ্ট ব্যক্তি ওজাই।

চাক্‌মা সমাজৰ বিয়াৰ দেৱতা তিনিজন-

 

তেওঁলোক হ’ল : পৰমেশ্বৰী, কালাইয়া বা সদাগৰ আৰু নেইনাংগা। পূজাত কমেও তিনিটা মূৰ্গী আৰু এটা গাহৰি বলি দিয়া হয়। ওজাই ঘৰৰ এচুকত এই পূজা সজায় আৰু বলি দিয়া প্ৰাণীৰ তেজ আৰু গাহৰিৰ মূৰটো মদৰ সৈতে দেৱতাৰ উদ্দেশ্যে পূজাৰ অৰ্ঘ্য নিবেদন কৰে। তাৰ পাচত কন্যা, দৰা একেলগে বহি দেৱতালৈ প্ৰণাম জনায়।

প্ৰবাদ – প্ৰবচন : অন্যান্য জনজাতীয় সমাজৰ দৰে চাক্‌মা সমাজতো কেতবোৰ প্ৰবাদ – প্ৰবচন আছে আৰু সমাজত সময়ে সময়ে ৰাইজে ইয়াক ব্যৱহাৰ কৰে। এনে প্ৰবচন সমূহ প্ৰায়বোৰ সমাজত কম – বেছি পৰিমাণে একে। চাক্‌মা সমাজত প্ৰচলিত তেনে কেইটা মান প্ৰবচন তুলি দিয়া হ’ল :

(১) নেই মোগথথুন মোক ভালা

সবাই ন পাধে ৰাজাজী ভালা।

(একেবাৰে স্ত্ৰী নথাকাতকৈ অন্ধ স্ত্ৰীও ভাল, সেয়াও যদি নাথাকে তেন্তে ৰজাৰ জীয়েকক বিয়া কৰোৱা ভাল।)

(২) পৰা কবাল্যা ঘিনধি যায়,

মৰা শামুক্‌খ উধি যায়।

(পোৰা কপালৰ মানুহ যেনি যায়, মৃত শামুক উঠি পলায়।)

(৩) বাঝিলে আঝিলে ন যায়।

(এবাৰ কলংক গাত লাগিলে সি সহজে দূৰ নহয়।)

আধুনিক যুগৰ সৈতে খাব খুৱাই চাক্‌মা সকলেও প্ৰগতিৰ পথেৰে আগুৱাই গৈছে। কিন্ত পশ্চাদপদতা আৰু সামাজিক বঞ্চনাই পদে পদে জনগোষ্ঠীটোক হেঁচা মাৰি ধৰি মূৰ দাঙিব নোৱাৰা কৰি ৰাখিছে। দেশ বিভাজনে জনগোষ্ঠীটোৰ যি ক্ষতি সাধন কৰিলে, ক’বলৈ গ’লে তাৰ ক্ষতি পূৰণ আজিও সম্পূৰ্ণ হোৱা নাই। মিজোৰামত চাক্‌মা সকলে স্বায়ত্ত – শাসনৰ সুবিধা পাইছে যদিও অৰুণাচলত ই বাৰম্বাৰ বঞ্চনা আৰু প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হৈছে। এক নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰে এক সু – সংবদ্ধ জনজাতি হিচাপে স্বীকৃতি লাভ কৰাটো চাক্‌মা সকলৰ একান্ত কাম্য যদিও চাক্‌মা সকলৰ এই সপোন বাস্তৱত কেতিয়া ৰুপ পাব সেয়া সময়ে ক’ব।

 

লেখক : মুকুট সিংহ চুতীয়া।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top