মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান

চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান

মানৱ জাতিৰ সৃষ্টিৰ মূলতেই হৈছে তেওঁলোকৰ বিবাহ। বিবাহ হৈছে মানৱ জাতিৰ এটি পৱিত্ৰ অনুষ্ঠান। বিবাহ মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান। যৌৱনপ্ৰাপ্তিৰ পিছত এজন মানুহৰ জীৱনলৈ আটাইতকৈ বেছি পৰিৱৰ্তন আনি দিয়ে বিবাহে। এই বিবাহ অনুষ্ঠান আন আন জাতি-জনগোষ্ঠীৰ দৰেই চাহ জনগোষ্ঠীৰ লোকসকলেও ধৰ্মীয় নীতি-নিয়মেৰে পালন কৰি আহিছে। বিবাহ অনুষ্ঠানৰ লগত বহুতো লোকাচাৰ জড়িত হৈ থকা দেখা যায়। চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত একে ফৈদ বা জাতিৰ মাজত বিয়া হোৱা নিয়ম। তেওঁলোকৰ মাজত বিবাহৰ কথা চলিলে দুয়ো পৰিয়ালৰ মাজত মত বিনিময় আৰম্ভ হয়। ৰীতি মতে কইনাঘৰীয়াৰ বয়োজ্যেষ্ঠ মানুহ প্ৰথমতে দৰাঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। দুয়োঘৰৰ মানুহে নিজৰ নিজৰ আত্মীয়-স্বজনক মাতি মতামত গ্ৰহণ কৰে। ৰাইজে বিচাৰ-বিবেচনা কৰি তেওঁলোকৰ মত দিয়ে। ৰাইজে মতদান কৰা প্ৰথাক ‘মতৰটি’ বুলি কোৱা হয়। মতৰটিৰ পিছত কোনোবা এদিন দৰাঘৰৰ মানুহে কইনাঘৰলৈ গৈ আনুষ্ঠানিকভাৱে বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। সেইদিনাই দৰাঘৰৰ মানুহে কিনাক কাপোৰ এযোৰ দিয়াৰ নিয়ম। দৰাঘৰে দিয়া কাপোৰ পিন্ধি কইনাই পানী এঘটিৰে তেওঁলোকক আদৰ-সাদৰ কৰে। আহিবৰ সময়ত কইনাই সকলোৰে ভৰি চুই সেৱা জনায়। কইনাই সেৱা কৰোতে দৰাই কইনাক আঙঠি পিন্ধায়। এই অনুষ্ঠানক আঙঠি পিন্ধোৱা বুলি কোৱা হয়। ইয়াৰ পিছতে দৰাৰ ঘৰলৈ গৈ ল’ৰাক আঙঠি পিন্ধোৱাৰ পৰ্ব। এই আঙঠি পিন্ধোৱা অনুষ্ঠানক তিলক বুলি কোৱা হয়। এই অনুষ্ঠানৰ বাবে ছোৱালীৰ অভিভাৱকে গাঁৱৰ ৰাইজৰ লগত আগদিনাই গৈ দৰাৰ ঘৰত উপস্থিত হয়। জনবিশ্বাস মতে বেলি উঠাৰ আগতেই তিলক অনুষ্ঠান সম্পন্ন কৰিলে শুভ হয় বুলি ভবা হয়। তিলক অনুষ্ঠানত দৰাক কইনাৰ অভিভাৱকে নতুন কাপোৰ দিয়ে। সেই কাপোৰ পিন্ধাই দৰাক চোতালত বহুওৱা হয়। তাৰ পিছত দৰাঘৰে নিমন্ত্ৰণ কৰি অনা পুৰোহিতে হালধি আৰু চাউলৰ গুৰিৰে আল্পনা আঁকে। আল্পনা অঁকা নিয়মক ‘চক পুৰা’ বোলা হয়। আল্পনাৰ কাষতে বেদী স্থাপন কৰি তাত ধান থৈ তাৰ ওপৰতে পানীৰ ঘটি এটা থোৱা হয়। পানী ঘটিটোত আম পাত থৈ তাৰ ওপৰতে এটা চাউল ভৰ্তি বাটি থোৱা নিয়ম। চাউলৰ ওপৰতে চাকি এগচি জ্বলাই ঘটটো এঁৱা সূতাৰে তিনি বা পাঁচ পাক মেৰিয়াই দিয়া হয়। তাৰ কাষতে গোবৰৰ লাড়ু আৰু তামোল-পাণ দি ঘটটোত তিনিটা বা পাঁচটা সেন্দুৰ আৰু গোবৰৰ ফোঁট দিয়া হয়। হিন্দু ধৰ্মৰ নিয়ম মতে সকলো দেৱতাৰ আগতে গণেশক আৰাধনা কৰা হয়। সেইবাবেই ঘটটোত ফোঁট দিয়াৰ নিয়ম। ঘটটোৰ কাষতে দৈ গাখীৰ অলপ থোৱাৰ নিয়ম। থাল এখনত তুলসী, দুবৰি বন, কেঁচা হালধি, সিকি পইচা আৰু ঘিউ লৈ কইনাৰ অভিভাৱকে দৰাৰ কপালত ফোঁট দিয়ে। তাৰ পিছত সূৰ্য দেৱতাক সেৱা কৰে আৰু দৰাক আঙঠি পিন্ধায়। ইয়াৰ পিছতে কইনাঘৰৰপৰা যোৱা প্ৰত্যেক ব্যক্তিয়ে দৰাক উপহাৰ দি আশীৰ্বাদ দিয়া নিয়ম। তেওঁলোকৰ পিছতে দৰাঘৰৰ মানুহেও দৰাক ফোঁট দি আশীৰ্বাদ জনায়। এই নিয়মবোৰ কৰাৰ সময়ত চাহ জনগোষ্ঠীৰ লোকসকলে ঢাক বজোৱাটো নিয়ম। সম্ভৱ হ’লে সেইদিনাই বিয়াৰ দিন ঠিক কৰা হয়। বিয়াৰ দিন ঠিক কৰাৰ পিছতে আহাৰ গ্ৰহণ কৰে। আহাৰ গ্ৰহণ কৰি কইনাঘৰীয়া মানুহে দৰাঘৰৰপৰা বিদায় লয়। বিবাহৰ দিনৰ তিনি বা পাঁচ দিনৰ আগতে লগন বন্ধাৰ নিয়ম। লগনৰ প্ৰথমদিনা জোৰোণ বা অধিবাস। এই অধিবাসত কইনাক বিয়াৰ প্ৰয়োজনীয় সকলো সাজ দিয়াৰ নিয়ম। ইয়াত কইনাই বিয়াৰ দিনা পিন্ধিবলগীয়া শাড়ী-গহনা, তেল, সেন্দুৰ, আৰ্চি আদি কইনাৰ প্ৰয়োজনীয় সকলো বস্তু দিয়াৰ নিয়ম। কইনাৰ মূল শাড়ীখন হালধীয়া হ’ব লাগে। জোৰোণত তিলকত দৰাঘৰত কৰাৰ দৰেই সকলো নিয়ম পালন কৰা হয়। জাতি বিশেষে বেলেগ বেলেগ নিয়ম কৰা দেখা যায়। জোৰোণৰ পিছদিনা মাড়ৱা অৰ্থাৎ ৰভা সজা হয়। সেইদিনা দৰা বা কইনাৰ ভিনিহিয়েকে হাবিলৈ গৈ আজাৰ গছৰ ডাল কাটি আনি ডালটো তিলকৰ দিনা সজা বেদীত স্থাপন কৰে। স্থাপন কৰাৰ আগতে পাঁচজন অবিবাহিত ল’ৰাই ডালটো মাড়ৱাৰ চাৰিওফালে ঘূৰাই বেদীত স্থাপন কৰাৰ আগতে গাঁত খান্দি তাত তুলসী দুবৰি বন, চাউল, তামোল-পাণ, গাখীৰ, পানী, পিচা, তাম আদি দি ডালটো পোতা হয়। তাৰ পিছত ৰাতি মাড়ৱা পূজা কৰা হয়। এই পূজাৰ উদ্দেশ্য হৈছে বসুন্ধৰা দেৱীৰ লগতে আন আন দেৱ-দেৱী আৰু পূৰ্বপুৰুষক স্মৰণ কৰা। ৰাতিলৈ বিয়াত উপস্থিত থকা সকলো ডেকা-বুঢ়াই লগ লাগি ঝুমুৰ আৰু ডমকইচ নৃত্য-গীত কৰি মাড়ৱা জগোৱা হয়। তাৰ পিছদিনা হৈছে মূল বিবাহ অনুষ্ঠান। এই অনুষ্ঠানৰ দিনা পুৱাৰপৰাই কইনা আনিবৰ বাবে সকলো সাজু হয়। বিয়াৰ দিনাখন দৰা-কইনাৰ ঘৰলৈ যাত্ৰা কৰাৰ আগতে কেইবাটাও নিয়ম কৰা হয়। তাৰ ভিতৰত নোওৱা, ঘিউচাৰি, পানীতোলা, আম মুকুল খোৱা আদি নিয়ম পালন কৰা হয়। পানী তুলিবৰ সময়ত দৰাৰ নবৌয়েকে মূৰত কলহ আৰু হাতত পৰশুৰাম কুঠাৰ লয়। দুজনী কুমাৰী ছোৱালীয়ে দুটা কলহ লৈ তাত কাঁড় ভৰাই হালধীয়া কাপোৰেৰে ঢাকি লোৱা নিয়ম। তুলি অনা কলহৰ পানীৰে দৰাক গা ধুওঁৱা হয়। কইনা ঘৰটো অনুৰূপ নিয়ম পালন কৰি কইনাক গা ধুওঁৱা হয়। দৰাই গা ধুই উঠাৰ পিছতে বগা চোলা আৰু হালধীয়া ধূতি পৰিধান কৰি বিয়াৰ বাবে সাজু হয়। মূৰত ম’ৰা পাখিৰে বিশেষভাৱে তৈয়াৰ কৰা মুকুট পিন্ধে। ডিঙিত চন্দ্ৰহাৰ পিন্ধে আৰু কঁকালত চুৰি-কটাৰী বান্ধি লয়। তাৰ পিছত নাপিতে দৰাৰ আঙুলিৰপৰা তেজ লৈ চিনাই পিটা কাৰ্য সম্পন্ন কৰে। ইয়াৰ পিছতে ‘ঘিউচাৰি’ নিয়ম আৰম্ভ হয়। এই নিয়মত দৰাচলতে দৰাই তেওঁৰ সাত পুৰুষক স্মৰণ কৰি তেওঁলোকৰ শ্ৰাদ্ধ কৰে, যাতে এই শুভ কামৰ বাবে তেওঁলোকে দৰাক আশীৰ্বাদ জনায়। তাৰ পিছতে কইনা ঘৰলৈ যাত্ৰা কৰে। যাত্ৰাৰ সময়ত দৰাৰ লগত ঢাক লৈ যোৱা হয়। যাত্ৰা কৰোতে দৰাই আমৰ মুকুল খায়। যিজোপা আমগছৰ আম দৰাই খাব নোৱাৰে সেই গছৰ ডাল দাঁতেৰে কুটি কুটি খাব লাগে। কইনা ঘৰৰ মানুহক মান ধৰিবৰ বাবে পাণ-তামোল, ধূতি-গামোচা, হালধি আৰু মিঠাই লগত নিয়ে। দৰা কইনা ঘৰৰ পদূলিত উপস্থিত হোৱাৰ লগে লগে কইনাৰ ভনীয়েকে ভৰি ধুৱাই দিয়ে আৰু কইনাৰ মাকে চাউল, তামোল-পাণ, লাড়ু আৰু চাকিৰে সজোৱা থাল লৈ দৰাক আদৰে। দৰাক সাধাৰণতে কোলাত তুলি ৰভাতলিলৈ আনি তাত বহুওৱা হয়। তাৰ পিছত কিছু নীতি-নিয়ম কৰি কইনা ৰভাতলিলৈ আনি পুৰোহিতে বৈদিক নিয়মেৰে শুচি কৰি লোৱাৰ পিছত দৰাৰ বাওঁফালে বহুৱাই লগন গাঁঠি বান্ধে। বৈদিক প্ৰথাৰে হোম পুৰি হোমৰ অন্তত চিন্দৰাদান কৰা হয়। ইয়াৰ পিছত ‘সপ্তপদী’ অনুষ্ঠান কৰা হয়। এই নিয়মত প্ৰথমতে দৰা-কইনাক একেলগে থিয় কৰাই হালধীয়া কাপোৰেৰে আঁৰ কৰি পুৰোহিতে মন্ত্ৰ পাঠ কৰে আৰু দৰাই কইনাক শিৰত সেন্দুৰ দিয়ে। ইয়াৰ পিছতে কইনাই দৰাক পিছত আৰু আগত ভায়েকক ৰাখি বেদীৰ চাৰিওফালে সাত পাক ঘূৰে। এইদৰে ঘূৰোতে কইনাই হাতত কুলা আৰু কইনাৰ ভায়েকে আখৈ লৈ ঘূৰে। এইদৰে ঘূৰোতে প্ৰতিবাৰতে কইনাই ভৰিৰ আঙুলিৰে তামোল-পাণ গচকিব লাগে। এইদৰেই নীতি-নিয়ম কৰি বিবাহ কাৰ্য সম্পন্ন কৰা হয়। বিয়াৰ নীতি-নিয়ম সম্পূৰ্ণ কৰাৰ পিছত দৰা-কইনাক ঘৰৰ ভিতৰলৈ নি লঘূ আহাৰ খাবলৈ দিয়া হয়। আহাৰ গ্ৰহণ কৰাৰ পিছত ৰভাৰ তলত চুমান তোলা হয়। চুমানত কইনাক সকলোৱে উপহাৰ দিয়ে। ইয়াৰ পিছতে আৰম্ভ হয় কইনা বিদায়ৰ পৰ্ব। এই পৰ্বত কইনাক কইনাৰ আত্মীয়ই ভৱিষ্যতৰ বৈবাহিক জীৱন সুখৰ হ’বলৈ আশীৰ্বাদ জনায়। তাৰ পিছত কইনাক বিদায় দিয়ে। দৰাৰ ঘৰ পোৱাৰ পিছতে আৰম্ভ হয় ন-কইনাৰ আদৰণি অনুষ্ঠান। দৰাৰ ভনীয়েকে দৰা-কইনা উভয়কে ভৰি ধুৱাই আদৰি আনে। সেইদিনাই সময় থাকিলে দৰা-কইনাৰ বাবে ‘চৌঠাৰী নুউৱা’ পৰ্ব চলে। চোতালত দুয়োকে বহিব দি আঙুঠি সলনা-সলনি আৰু লুকুৱাৰ নিয়ম। এই অনুষ্ঠানত যিয়ে জিকে সেইজনেই অনাগত সাংসাৰিক দিনবোৰত ওপৰত থাকিব বুলি বিশ্বাস কৰা হয়। ‘চৌঠাৰী নুউৱা’ পৰ্বটোৰ পৰা তেওঁলোকৰ মনৰ পৰা কিছু হ’লেও সংকোচ ভাব আঁতৰ হয়। পিছদিনা বৌভাতৰ দিন। সেইদিনা আত্মীয়-স্বজনক মাতি দৰা ঘৰত চুমান পতা হয়। বিয়াৰ তৃতীয়দিনা ফুলশয্যাৰ নিশা। সেইদিনাৰপৰাই দৰা-কইনাৰ যুগ্মজীৱন আৰম্ভ হয়। বিয়াৰ আঠদিনৰ দিনা দৰা-কইনাই মাকৰ ঘৰলৈ গৈ আঠমঙলা খোৱাৰ নিয়ম। আঠমঙলাৰ সময়ত কিছু মানুহে কইনাক এমাহ বা তিনিমাহ পৰ্যন্ত দৰাৰ পৰা আঁতৰাই ৰাখে। ইয়াক ‘সংগ ছাড়া’ বুলি কোৱা হয়। চাহ জনগোষ্ঠী সমাজত জাতি বিশেষে বিভিন্ন নীতি-নিয়ম পালন কৰা দেখা যায়। কিছুমানে আকৌ বিবাহ অনুষ্ঠানত ‘গাওনা’ নামৰ কিছু নিয়ম পালন কৰে। চাহ জনগোষ্ঠী লোকৰ বহুতৰে মাজত বাল্য বিবাহৰো প্ৰচলন থকা দেখা যায়। সেয়ে অসমত চাহ জনগোষ্ঠী বুলি একেটা জনগোষ্ঠীক বুজালেও এই জনগোষ্ঠী বিভিন্ন জাতিৰ সংমিশ্ৰণত সৃষ্টি হৈছে। বিভিন্ন জাতিৰ হোৱা বাবে এইসকল লোকৰ বৈবাহিক নীতি-নিয়মো কিছু পৰিমাণে বেলেগ বেলেগ হোৱা দেখা যায়।

লেখিকা: নিৰুপমা তাঁতী, দৈনিক অসম।

3.20512820513
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top