অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিংফৌ :

চিংফৌৰ বিষয়ে লিখা হৈছে ।

 

সুকীয়া বৈশিষ্টৰে সুসজ্জিত, অসমত চাহ খেতিৰ সূচনা কৰা চিংফৌসকল এনে এটি প্ৰাণৱন্ত জনজাতি যি এক সুমধুৰ হৰ্ষান্বিত বিধিৰে জীৱন যাপন কৰে।

‘মজইচিংৰা বুম’ নামৰ তিব্বতৰ মালভূমিত ইতিহাস আৰম্ভণি হোৱা চিংফৌসকল কোনো কোনোৰ মতে মংগোলীয়াৰ পৰা আহি চীন দেশত বসতি লয়, পাচত চামেপা নদীয়েদি ভটিয়াই আহি বাকী ঠাইবোৰত বিয়পি পৰে।

এসময়ৰ পৰাক্ৰমী জাতি হিচাবে জনাজাত চিংফৌসকল বৰ্তমান মূলতঃ তিনিখন ৰাষ্ট্ৰত বসবাস কৰে- ব্ৰহ্মদেশত এওঁলোক জনা যায় কাচীন বুলি, চীনত এওঁলোক জিংফো আৰু অসমত চিংফৌ, যি শব্দৰ প্ৰকৃতাৰ্থ হ’ল ‘মানুহ’।

অতিকে মৰমিয়াল আৰু অতিথিপৰায়ণ এই চিংফৌ জনজাতিৰ কোনো লিখিত ইতিহাস পোৱা নাযায়। প্ৰচলিত এটি ঘটনাৰ পৰা জানিব পৰা যায় যে চিংফৌসকলৰ এজন পূৰ্ব পুৰুষে তেওঁলোকৰ ইতিহাস জন্তুৰ ছালত লিখি তৈয়াৰ কৰিছিল।

পিচে এদিন ভোক লগাত সেই জন্তুৰ ছাল পুৰি খায় আৰু ইয়াৰ লগে লগে তেওঁলোকৰ একমাত্ৰ ইতিহাসৰ চিনটোও নোহোৱা হৈ যায়। বৃটিছৰ দিনতহে ৰোমান লিপি প্ৰদান কৰি চিংফৌ ভাষাটোক এটি লিখিত ৰূপ দিয়াৰ চেষ্টা কৰা হয়।

চকুত লগা সাজপাৰ, সুকীয়া বিবাহ পদ্ধতি, পৃথক ৰন্ধন প্ৰণালী আৰু অস্বাভাৱিক মিলাপ্ৰীতিৰে চিংফৌ জনজাতিটো সঁচাই মোহনীয়া। অসমত মূলতঃ এওঁলোক তিনিচুকীয়া জিলাত সিঁচৰতি হৈ আছে।

মাৰ্ঘেৰিটাৰ ওচৰৰ ইন্থেম, কেটেতাং, মুগোংগাঁও, উলুপ আদি ঠাইত এওঁলোক নিগাজীকৈ থাকে। বিছা গাওঁ আৰু বৰদুমচাত এতিয়াও ৰাজকীয় পৰিয়ালৰ ইমান পোৱা যায়। লিডুৰ পৰা বিছা গাওঁ যাবলৈ টিৰাপ নদীৰ ওপৰত সাজি উলিওৱা দলংখনেই অসমৰ সৰ্ববৃহৎ ওলোমা দলং।

টকৌ পাত, বাঁহ আৰু কাঠেৰে সাজি উলিওৱা দীঘলীয়া চাংঘৰেই চিংফৌ সকলৰ বাসস্থান। ঘৰৰ সম্মুখত এখন আহল-বহল ‘টুটত’ (বাৰাণ্ডা) থাকে।

আলহী বহা কোঠাটোক এওঁলোকে ‘ইনবা্নডুন’ বুলি কয়, ঘৰৰ মুখিয়াল থকা কোঠাটো হ’ল ‘খা-আন্-ডুন’। ঘৰৰ শেষৰ কোঠাত অবিবাহিত গাভৰুবোৰ থাকে। কোঠাবোৰ বৰ আহল-বহল।

প্ৰত্যেক ঘৰ চিংফৌ পৰিয়ালৰ চাংঘৰৰ আৰম্ভণিত দেখিবলৈ পোৱা যায় একোটা সৰু মন্দিৰ, য’ত তেওঁলোকে ভগৱান বুদ্ধক আৰাধনা কৰে।

খাদ্য প্ৰণালীও এওঁলোকৰ বৰ তৃপ্তিদায়ক। তেল-মছলা নিদিয়াকৈ ঘৰতে ৰোপণ কৰা সেউজীয়া গছৰ পাত মছলাৰে ৰন্ধা সুস্বাদু খাদ্য স্বাস্থ্যৰ বাবেও উৎকৃষ্ট। কৌ পাতত মেৰোৱা ‘টোপোলা ভাত’ চিংফৌ সকলৰ বৈশিষ্ট্য।

প্ৰাচীন কালৰে পৰা চাহ ব্যৱহাৰ কৰা চিংফৌসকলে চাহক ‘ফালাপ’ বুলি কয়। কেঁচা কোমল পাতবোৰ পানীত উতলাই এই ফালাপ প্ৰস্তুত কৰে। এওঁলোকে দিনটোত কেবাবাৰো ফালাপ গ্ৰহণ কৰে আৰু আলহী অতিথিকো এই ধৰণে তৈয়াৰ কৰা চাহ আগবঢ়ায়।

প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত চিংফৌসকলে বৰ উলহ-মালহেৰে এওঁলোকৰ জাতীয় উৎসৱ ‘স্বপংয়’ঙ মানাও পয়’ উদযাপন কৰে। অসম আৰু অৰুণাচল বাসী চিংফৌসকলে এটি নিৰ্দিষ্ট স্থানত এই উৎসৱ পালন কৰে।

পূৰ্বপুৰুষ স্বপয়’ঙৰ স্মৃতি ৰক্ষাৰ্থে পালন কৰা এই উৎসৱক গীত-নৃত্যই আলোকিত কৰি তোলে। ব্ৰহ্মদেশৰ কাচীন সকলেও এই উৎসৱত ভাগ লোৱা দেখা যায়।

‘মানাও’ অৰ্থাৎ নৃত্য হৈছে চিংফৌ সকলৰ জাতীয় জীৱনৰ এক অপৰিহাৰ্য অঙ্গ। যুদ্ধত শত্ৰু পক্ষক জয় কৰাৰ আনন্দত চিংফৌসকলে ‘পোদাংমানাও’ত অংশগ্ৰহণ কৰে। কোনোবা এজন চিংফৌ যেতিয়া অজস্ৰ ধন সম্পত্তিৰ গৰাকী হয় তেতিয়া এওঁলোকে ‘চুঙত মানাও’ কৰে। অতিথিৰ আগমনত ‘ডুম মানাও’।

বিৰতিৰ পিছত সতীৰ্থক লগ পালে, ‘কোমৰাল মানাও’ আৰু মৃতকৰ সৎকাৰ কৰাৰ আগতে ‘চি মানাও’ কৰা চিংফৌসকলৰ লোকনৃত্যত পুৰুষ আৰু মহিলাই সমানে অংশগ্ৰহণ কৰে।

ইয়াৰ পৰা আৰু এটি কথা জানিব পৰা যায় যে চিংফৌসকলৰ দৈনন্দিন জীৱনৰ সিদ্ধান্তসমূহত পুৰুষ আৰু মহিলাৰ সমান স্থান থাকে। ল’ৰা-ছোৱালীৰ মাজত ভেদাভেদ কৰা এওঁলোকক দেখা নাযায়। বৰং মাক আৰু মাকৰ পৰিয়ালক এক উচ্চ স্থান দিয়া যায়। সেয়েহে বোধহয় এওঁলোকে ল’ৰাৰ বিয়াত প্ৰথমে ল’ৰাৰ মোমায়েকৰ ছোৱালীজনী বিচাৰে।

আধুনিকীকৰণৰ কবলত পৰি বহুতে যদিও আজিকালি মোমায়েকৰ নকৰি আহোম, খামটি, নেপালী আদি ছোৱালীক বিয়া পাতে কিন্তু মোমায়েকৰ ছোৱালী-পেহীয়েকৰ ল’ৰাৰ মাজত হোৱা বিয়াখনক এতিয়াও উচ্চ স্থান প্ৰদান কৰা হয়। বিয়াত ছোৱালীজনীক গা-ধন দিয়া হয় আৰু মোমায়েকৰ ছোৱালীক বিয়া নাপাতিলে জৰিমনা বিহা হয়।

স্বামীৰ মৃত্যুৰ পিছত বিধৱাৰ পুনৰ বিবাহৰো প্ৰচলন আছে। ভাবিলে আচৰিত হ’বলগীয়া এতিয়াও চাংঘৰত বাস কৰা এই শান্তি আৰু প্ৰকৃতিপ্ৰেমী চিংফৌ জনজাতিটো কি এক প্ৰৱল নৈতিকতাৰ গৰাকী! এই সুন্দৰ ভাবমূৰ্ত্তি আৰু মানসিক বিকাশৰ বাবেই বোধহয় এওঁলোকে বিধৱাৰ সাজপাৰ আৰু খাদ্যত একো বাধা-নিষেধ নিদিয়ে।

সকলো বিবাহিত মহিলাই (বিধবাইও) বুকুত মেঠনি মাৰে- সেয়াই হৈছে বিবাহ হোৱাৰ চিন। সেন্দুৰ বা ফোঁট লোৱাৰ প্ৰথা এওঁলোকৰ নাই। প্ৰত্যেক গৰাকী চিংফৌ মহিলা একো একো গৰাকী পাকৈত শিপিনী।

এওঁলোকে বোপা (লুঙী), বুকাং (মেখেলা), নুৱাত (মেঠনি) আদি ঘৰতে তৈয়াৰ কৰি লয়। বহুতে আকৌ বজাৰলৈ নিয়া মোনাও ঘৰতেই প্ৰস্তুত কৰি লয়।

আগৰ দিনত প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ হৈছিল যদিও আজিকালি শিপিনীসকলে বজাৰৰ ৰঙীন সূতাৰেই এই মোহনীয় সাজপাৰবোৰ তৈয়াৰ কৰি লয়। অসম আৰু অৰুণাচলত বসবাস কৰা চিংফৌ মহিলাসকলৰ সাজপাৰ হ’ল ‘খাখুখ্ৰিং’।

মূলতঃ চাহ, বাঁহ, টকৌ আৰু ধান খেতিৰে জীৱন নিৰ্বাহ কৰা চিংফৌ সকল আৰ্থিকভাৱেও স্বাৱলম্বী। পিচে চিংফৌসকলৰ মাজত প্ৰচলিত কানি সেৱনৰ অভ্যাসে এওঁলোকৰ আৰ্থিক দিশতে নহয়, শাৰিৰীক আৰু সাংসাৰিক দিশতো বহুত অপকাৰিতা আনিছে।

সজাগ আৰু সচেতন চৰকাৰ, জনসাধাৰণ, বেচৰকাৰী অনুষ্ঠান (NGO), মূলতঃ এই জনগোষ্ঠীটোৰ সচেতন আৰু শিক্ষিত যুৱক চামে ইয়াক প্ৰতিৰোধ কৰিবলৈ নিশ্চয় সক্ষম হ’ব।

সম্পূৰ্ণভাৱে প্ৰকৃতিৰ মাজত ডাঙৰ দীঘল হোৱা অতিশয় শান্তিপ্ৰিয় অথচ পৰাক্ৰমী সৰু জনগোষ্ঠীটো অসমৰ ইতিহাসৰ জনগোষ্ঠীসমূহৰ মণিধাৰৰ এটি উজ্জল বাখৰ স্বৰূপ। প্ৰস্তাৱিত ষ্টিলৱেল পথটো মুকলি হ’লে চিংফৌসকলে তেওঁলোকৰ হেৰুৱাই যোৱা ইতিহাসৰ সম্ভেদ পাবলৈ সক্ষম হ’ব।

লেখিকা: কৃষ্ণামণি ভাগৱতী

উৎস: সাহিত্য.অৰ্গ

 

 

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top