অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিংফৌ এটা পৰাক্ৰমী জাতিৰ নাম

চিংফৌ এটা পৰাক্ৰমী জাতিৰ নাম

চিংফৌসকল অসমলৈ অহাৰ বিষয়ে বিভিন্ন তথ্য পোৱা যায়। কৰ্ণেল এছ এফ হেনৰীৰ মতে আহোম ৰজা গৌৰীনাথ সিংহৰ দিনতে অৰ্থাৎ অষ্টাদশ শতিকাৰ শেহভাগত চিংফৌসকল অসমলৈ আহিছিল। কিছুমানে তাই-আহোমতকৈও আগতেই চিংফৌসকলৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল বুলি ক’ব খোজে। চীন দেশৰ চিংফৌ বুৰঞ্জীত খৃষ্টপুৰ্ব ৮০০ৰ পৰা ৭০০ চনৰ ভিতৰত মঙ্গোলীয়াৰ পৰা প্ৰব্ৰজন হৈ আহি তিব্বতৰ পামীৰ মালভূমিত কেইবাশ বছৰ বাস কৰাৰ পিছত খৃষ্টপূৰ্ব প্ৰায় ১০০ বছৰ পূৰ্বে চাংপো নদীয়েদি ভটিয়াই ব্ৰহ্মপুত্ৰ হৈ সৌমাৰৰ উত্তৰ-পূব খণ্ডত চিংফৌ জনগোষ্ঠীৰ লোকসকল প্ৰৱেশ কৰাৰ বিষয়ে উল্লেখ আছে(তথ্যসূত্ৰ-ভূপেশ্বৰ নিংদা)। ‘জাপানৰ পৰা প্ৰকাশিত এখন আলোচনিত আগুখেন নামৰ লেখকজনে উল্লেখ কৰিছে চিংফৌসকল দ্বাদশ শতিকাত অসমত প্ৰৱেশ কৰিছিল(তথ্যসূত্ৰ-ৰাজিৱ নিংখী)।’ চিংফৌসকল আছিল যুদ্ধ-বিগ্ৰহত পাকৈত, সাহসী জাতি। নিজে গৰু-ছাগলী-গাহৰিৰ মল-মূত্ৰৰ সৈতে কিছু প্ৰাকৃতিক সমগ্ৰী মিহলাই খাৰ প্ৰস্তুত  কৰিব পাৰিছিল চিংফৌসকলে। চিংফৌসকলৰ ছ্ল-বিক্ৰমে চতুৰ জাতি হিচাপে বিখ্যাত ইংৰাজসকলোকো বিমোৰোত পেলাইছিল।স্বাধীনমনা চিংফৌসকলৰ সৈতে সন্ধি কৰোতে ইংৰাজসকলে বহু কষ্ট কৰিব লগা হৈছিল। অৱশেষত তেওঁলোকৰ কূটনীটিৰ জালত ভৰি দিবলৈ বাধ্য হোৱা চিংফৌসকলৰ অন্যতম দুৰ্বলতা আছিল নিজৰ মাজতে থকা বৈৰীভাৱ। অসমৰ ইতিহাসত চিংফৌসকলৰ অৱদান প্ৰচুৰ। ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিব নোখোজা বিচা বম চিংফৌৱে ব্ৰিটিছ-চিংফৌ চুক্তি স্বাক্ষৰ কৰাৰ পিছতো ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠে। ইংৰাজৰ হাতত পুনৰ ধৰা পৰি বিচা বম চিংফৌৰ বিচাৰ হয়। বিচাৰত পিয়লি জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচিৰ হুকুম দিয়া হ’ল। বিচা বম চিংফৌক ১৪ বছৰৰ সশ্ৰম কাৰাণ্ডৰে দণ্ডিত কৰি ঢাকা জেললৈ প্ৰেৰণ কৰা হয়। তাতে বিচা বম চিংফৌৰ মৃত্যু হয়। স্বাধীনতাৰ বাবেই প্ৰাণ আহুতি দিয়া আন এজন চিংফৌ নেতা হ’ল নিংৰু থুমুংগ। বেণুধৰ শৰ্মাৰ ‘বুৰঞ্জী সফুৰা’ত এনেদৰে লিখা আছে-‘চিংফৌৰ নিংৰু থুমুংগ, জয়ন্তীয়াৰাজ ইন্দ্ৰ সিংহ, মণিপুৰৰ টিকেন্দ্ৰজপ্ৎ সিংহ, নগাৰ ৰাণী গাইডালু, কছাৰীৰ তুলাৰাম সেনাপতিলৈ এই বুৰঞ্জীত নিৰ্দিষ্ট ঠাই থব লাগিব। স্বাধীনতা স্ংগ্ৰামৰ নিমিত্তে সজাগ আৰু সষ্টম কৰি ৰাখোতা সকলকো ইয়াত অন্তৰ্গত নকৰিলে বুৰঞ্জী সম্পূৰ্ণ নহয়। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তো চিংফৌসকলে তেওঁলোকৰ কাৰ্যক্ষমতাৰ নিদৰ্শন দাঙি ধৰিছিল। বিশেষকৈ ষ্টিলৱেল পথ নিৰ্মাণত স্থানীয় জনজাতীয়সকল বিশেষকৈ কাচিনসকলৰ(বৰ্মাদেশত চিংফৌসকলক কাচিন বুলি কয়)সহায় অবিহনে সম্পূৰ্ণ নহ’লহেতেন বুলি লেখক বাৰ্টিল লিন্টনাৰে মন্তব্য কৰিছে।’ (তথ্যসূত্ৰ-বৰুণ বৰা)।কাৰ্যকুশলতা,দক্ষতাৰে জেনেৰেল ষ্টিলৱেলকো মোহিত কৰিছিল কাচিন নেতাসকলে। তাৰ এটা সুন্দৰ উদাহৰণ এনে ধৰণৰ-‘যুদ্ধৰ দ্বায়িত্ব পালন কৰিবলৈ দিয়া চিংফৌসকলৰ দায়িত্ব পালনৰ উমান ল’বলৈ এদিন জোছেফ ষ্টীলৱেলে কাচিন গৰিলাৰ এগৰাকী নেতাক এখেপত কিমান স্ংখ্যক জাপানী সৈন্য নিহত কৰা হ’ল তাক জনাৰ মানসেৰে প্ৰশ্ন কৰাত কাচিন নেতাজনে এটা বাঁহৰ চুঙাৰপৰা টেবুলখনৰ ওপৰত এসোপা শুকান বালি দমাই ষ্টীলৱেলক সমানে দুভাগ কৰি উলিয়াবলৈ দিয়ে।’ (তথ্যসূত্ৰ-বৰুণ বৰা)এনেদৰেই পৰাক্ৰমী জাতি হিচাপে ইংৰাজকো বিমোৰত পেলোৱা চিংফৌ জাতিক এসময়ত ইংৰাজসকলেই পৰিকল্পিতভাৱে চিংফৌ সমাজত কানিৰ প্ৰচলনেৰে নিস্কৰ্মা জাতিলৈ অৱনমিত কৰিলে। এতিয়াও কানিৰ প্ৰচলনৰ ভয়াৱহতা একেবাৰে শেষ হোৱা নাই।সুখৰ কথা এচাম সচেতন মানুহৰ অহৰহ প্ৰচেষ্টাত চিংফৌসকলে নিজৰ স্বকীয় পৰিচয় আৰু উন্নয়নৰ দিশত নিজক আগুৱাই নিবলৈ সক্ষম হৈছে।

দিব্যলতা দত্ত, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate