মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / চিংফৌ জনগোষ্ঠীৰটোৰ বিষয়ে সম্যক ধাৰণা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিংফৌ জনগোষ্ঠীৰটোৰ বিষয়ে সম্যক ধাৰণা

চিংফৌ জনগোষ্ঠীৰটোৰ বিষয়ে সম্যক ধাৰণা

বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত তথা অসমতো জনসংখ্যা বিস্ফোৰণে যি এক বৃহ প্ৰত্যাহ্বান থিয় কৰাইছে, ঠিক সেই সময়তে কিছুমান নিৰ্দিষ্ট জাতি-জনগোষ্ঠীৰ ক্ৰমহ্ৰাসমান জনসংখ্যাই আসাক চিন্তাম্বিত কৰি তুলিছে । আনকি এই জাতি-জনগোষ্ঠী বহুতৰে অস্তিত্বৰ ক্ষেত্ৰতে সংশয়ৰ সৃষ্টি হৈছে। একেদৰে অসমৰ পূব প্ৰান্তৰ অসম আৰু অৰুণাচলৰ সীমান্ত অঞ্চলত মূলতঃ বসবাস কৰা অন্যতম প্ৰধান জনগোষ্ঠী চিংফৌসকলৰ জনসংখ্যা হ্ৰাস পোৱাতো বৰ্তমান সময়ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।“১৯৫৩ চনৰ ১৩ আগষ্টৰ ‘নিউয়ৰ্ক টাইমচ’ কাকতৰ তৃতীয় পৃষ্ঠাত ৭০,০০০ চিংফৌলোক আছে বুলি ‘ভিগিন থম্পছন আৰু ৰিচাৰ্ড এডলফ’ নামৰ দুগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে ।(নিংখী, ২০০৯, পৃ.৭৬) ১৯৫৩ চনৰ এই সংখ্যালৈ চাই বৰ্তমানে চিংফৌ জনসংখ্যাই অসমৰ মুঠ জনসংখ্যাত এক বিশেষ স্থান অধিকাৰ কৰাৰ বিপৰীতে এওঁলোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা অৱস্থাতহে উপনীত হৈছে।

বসতিস্থল

চিংফৌসকলে বৰ্তমান উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচলৰ উপৰিও চীন, ম্যানমাৰ, থাইলেণ্ড আদি দেশতো স্বকীয় জীৱনধাৰাৰে বসবাস কৰি আছে । ভৌগোলিক সীমাৰে পৃথক পৃথক ৰাষ্ট্ৰত বসবাস কৰিলেও ভাষিক আৰু সাংস্কৃতিক দিশত চিংফৌসকলে এক ঐক্য বজাই ৰাখিবলৈ সক্ষম হৈছে । সময়ৰ সোঁতত জীৱন আৰু জীৱিকাৰ স্বাৰ্থত চিংফৌসকলে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰিবলৈ আৰম্ভ কৰিছে যদিও চীন, ম্যানমাৰ আৰু ভাৰতবৰ্ষ – এই তিনিখন ৰাষ্ট্ৰকে তেওঁলোকে মূলভূমি বুলি মানি আহিছে। বৃটিছ শাসন কালৰ বিভিন্ন নথি-পত্ৰ, বুৰঞ্জী আদিৰ পৰা অসমৰ শদিয়া আৰু নামৰুপৰ ওচৰে-পাজৰে, মাৰ্ঘেৰিটা আৰু লিডু অঞ্চলতো চিংফৌসকলৰ বসতিৰ প্ৰমাণ পোৱা যায় ।ইংৰাজসকলে চিংফৌসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৈখোৱাঘাটত স্কুল(বিদ্যালয়) পাতি দিছিল ।ভবানন্দ বুঢাগোহাঁইৰ ‘শদিয়াৰ বুৰঞ্জী’ নামৰ গ্ৰন্থত সেই সময়ত অসমৰ চিংফৌ বসতিপূৰ্ণ কিছু অঞ্চলৰ উল্লেখ পোৱা যায় । সেই অঞ্চলসমূহ হ’ল – লেংফা হাদচা, কাদচা লা – চৈখোৱাৰ ওচৰৰ গাঁও জাগুন – নাহৰকটীয়াৰ ওচৰৰ ঠাই মুলান – ডুমডুমাৰ ওচৰৰ ঠাই মাইথং, লাজুম – কাকপথাৰৰ কাষত জাগুন – ন-দিহিঙৰ পাৰত নিংৰু – পাটকাইৰ নামনি বুৰঞ্জীত উল্লেখ থকা অনুসৰি প্ৰায় ১৮১০ খ্ৰীষ্টাব্দৰ পৰা ১৮৩৭ খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱাত তিনিচুকীয়া জিলাৰ শদিয়া খামতি আৰু চিংফৌ অধ্যুষিত আছিল । লগতে মাৰ্ঘেৰিটা আৰু লিডু অঞ্চলতো বুজন সংখ্যক চিংফৌলোকে বসবাস কৰিছিল । সময়ৰ গতিত এই অঞ্চলসমূহত খাৰুৱা তেল আৰু কয়লাৰ সন্ধান পোৱাৰ লগতে অন্যান্য বিভিন্ন প্ৰক্ৰিয়াৰে এই অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰি থকা চিংফৌসকলে বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহি ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰি নিজৰ জাতীয় ঐতিহ্য বিসৰ্জন দিবলৈ বাধ্য হৈছে । এনে অন্যান্য বহুতো কাৰণত বৰ্তমান তেওলোকৰ অস্তিত্ব বিপদাপন্ন হৈ উঠিছে । বৰ্তমান অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলা, অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ আশে পাশে টিৰাপ নদী আৰু বুঢীদিহিঙৰ মাজৰ ২৫ খনমান গাৱত চিংফৌসকলে বসবাস কৰি আছে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ আশে পাশে চুংফৌসকলে বসবাস কৰা গাওবিলাক হৈছে – বিছাগাও, কুমচাইকং, হাচাক, ইনঠেম, তিনিসূতি, উলুপ, লংগাও, মুগংপথাৰ, পাংহুম, নিঙগাম, কাম্বাগাও, লংটং, মোংলাং, লালপথাৰ, কথাগাও, বাঁহবাৰী, পাণবাৰী, দুৱাৰমৰা, কেটেটং পাৱৈমুখ, নাকংপথাৰ, গিঠাগুটি, নিঙদাগাও, উবান, দিবাং আদি । প্ৰব্ৰজন – চিংফৌসকলৰ প্ৰব্ৰজনৰ ইতিহাস বিচাৰি গ’লে আমি পাও যে “চিংফৌসকলৰ এক বুৰঞ্জীমতে – প্ৰায় খ্ৰীষ্টপূৰ্ব ৮০০ৰ পৰা ৭০০ চনৰ ভিতৰত মংগোলীয়াৰ পৰা প্ৰব্ৰজন হৈ আহি তিব্বতৰ মালভূমিত কেইবাশ বছৰ বসবাস কৰাৰ পাছত খ্ৰীষ্টপূৰ্ব প্ৰায় ১০০ বছৰৰ পূৰ্বে চাম্পো নৈয়েদি ভটিয়াই ব্ৰহ্মপূত্ৰ হৈ সৌমাৰৰ উত্তৰ-পূব খণ্ডত চিংফৌ জনগোষ্ঠীলোকসকল বসবাস কৰাৰ বিষয়ে চীন দেশৰ চিংফৌ বুৰঞ্জীত উল্লেখ আছে (চিদু লাউব, পৃ: ১)।” (নিংখী,২০০৯, পৃ: ৭-৮) অসম বুৰঞ্জীৰ তথ্যমতে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত মায়ামৰীয়া বিদ্ৰোহৰ আপাহতে ১৭৯৩ চনমানত চিংফৌসকল অসমত প্ৰবেশ কৰে ।কিন্তু খ্ৰীষ্টপূৰ্ব প্ৰায় ৮০০ ৰ পৰা ৭০০ চনৰ ভিতৰত মংগোলীয়াৰ পৰা প্ৰব্ৰজন হৈ আহি তিব্বতৰ মালভূমিত কেইবাশ বছৰ বসতি কৰা চিংফৌসকলৰ গৌৰীনাথ সিংহৰ দিনত অসমভূমিলৈ প্ৰবেশৰ তথ্য কিমানদূৰ যুক্তিপূৰ্ণ সেয়া বিচাৰ কৰীবলগীয়া । মেকেঞ্জী চাহাবে ১৮২৫ চনত পোন প্ৰথমবাৰৰ বাবে এদল চিংফৌক পাটকাই পৰ্বতৰ পশ্চিম ভাগত দেখিবলৈ পোৱা বুলি তেওৰ টোকাত উল্লেখ কৰিছিল । ড০ সূৰ্য কুমাৰ ভূঞাই সম্পাদনা কৰা ‘দেওধাই অসম বুৰঞ্জী’ত উল্লেখ কৰা চুকাফাৰ লগত সৌমাৰলৈ কৰা কেইবাগৰাকী ব্যক্তিৰ নাম চিংফৌ নেতাসকলৰ লগত সাদৃশ্য আছে । প্ৰায় দশম শতিকাৰ পিছত চিংফৌ নেতাসকলে (ডু-মাগাম) জনসাধাৰণৰ ওপৰত চলোৱা শোষণ নীতিৰ ফলত ‘ পৰিৱৰ্তনৰ বিপ্লৱ’(Gumlow Majan)ৰ বাবে গৃহযুদ্ধৰ সূচনা হৈছিল বুলি চিংফৌ ইতিহাসে স্পষ্ট ইংগিত দিয়ে । ঠিক সেই দীঘলীয়া বিপ্লৱ চলি থাকোতে টাই যুৱৰাজ চুকাফাই সৌমাৰলৈ প্ৰৱেশ কৰিছিল । তেওৰ লগতে চিংফৌ নেতা মিৰিপ ব্ৰাং, খাখমং, লিচু ব্ৰাং, লাখেপ, টাংখুন লা আৰু কানং সৌমাৰৰ ফালে আগবাঢি আহে । “টাই আহোম বিলাক সৌমাৰলৈ অহাৰ পূৰ্বে কিছুমান চিংফৌ সৌমাৰত সোমাইছিল ” বুলি সৰ্বানন্দ ৰাজকুমাৰে উল্লেখ কৰিছে তেখেতৰ ‘চিংফৌ জনগোষ্ঠী’ গ্ৰন্থত । চিংফৌসকলৰ অসমলৈ প্ৰব্ৰজনৰ ক্ষেত্ৰত মত বিৰোধ থাকিলেও বুৰঞ্জীৰ তথ্যই ১২ শতিকাৰ অগা-পিচাকৈ তেওলোকৰ আগমনৰ সম্ভেদ দিয়ে । ১২ শতিকাৰ অগা-পিচাকৈ আগমন ঘটা চিংফৌসকলৰ মাজত বুৰঞ্জী লিখা পৰম্পৰা নথকা বাবেই হয়তো মাজৰ কেইবাশ বছৰৰ চিংফৌসকলৰ ইতিহাসৰ তথ্য অসম বুৰঞ্জীত পোৱা নাযায় । আহোম ৰাজ শাসনৰ শেষ সময়ৰ পৰা ইংৰাজ আগমনৰ পিছত তেওলোকৰ চৰকাৰী নথি-পত্ৰ, টোকা আদিতহে চিংফৌসকলৰ বিভিন্ন তথ্য পোৱা যায়।

ভাষা

চিংফৌ ভাষা, পৃথিৱীৰ দ্বিতীয় বৃহ. ভাষা পৰিয়াল ‘তিব্বত-চীনৰ’ এটা ভাগ তিব্বত-বৰ্মী ভাষা গোষ্ঠীৰ মধ্য আৰু দক্ষিণ অসম শাখাৰ অন্তৰ্গত । ৰবিন্ ছন চাহাবে, চিংফৌ ভাষাত আবৰ, বৰ্মী আৰু মণিপুৰী ভাষাত ব্যৱহৃত বহুত শব্দ থকাৰ কথা, উচ্চাৰণৰ সুৰ-বৈশিষ্ট্য (intonation) আৰু ব্যাকৰণৰ গঢ বৰ্মীৰ লগত মিল থকা; যুক্ত ব্যঞ্জনৰ মাত্ৰা বেছি বুলি উল্লেখ কৰিছে । বাটলাৰে A Sketch of Assam (1847) অত চিংফৌসকলে শ্যান লিপি ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে, লগতে তেওলোকে গছৰ পাত আৰু এবিধ তুলাপাতত লিখাৰ কথাও উল্লেখ কৰিছে । অৰুণোদইৰ পাততো চিংফৌসকলে শ্যান লিপি ব্যৱহাৰ কৰাৰ উল্লেখ আছে । ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখা যায় চিংফৌসকলৰ ভাষাৰ লগত শ্যান ভাষাৰ সাদৃশ্য নাই । চিংফৌসকলে বৰ্তমান ৰোমান লিপি ব্যৱহাৰ কৰে । অতীততে চিংফৌসকলে জন্তুৰ চালত বিশেষ ধৰণেৰে অংকন কৰা এক লিপি ব্যৱহাৰ কৰাৰ কথা ইতিহাসত পোৱা যায় । কিন্তু সময়ৰ সোঁতত এই লিপি মানুহৰ মাজত লুপ্ত হৈ পৰিল । পাছৰ পৰ্যায়ত এওলোকে ভাব আদান-প্ৰদানৰ কাৰণে বিভিন্ন গছৰ পাত, ফুল, মাটি, গছৰ শিপা আদিত একোটা নিৰ্দিষ্ট অৰ্থ দি লৈছিল । কিন্তু আধুনিক বিজ্ঞানৰ অগ্ৰগতিত চিংফৌসকলেও নিজা ভাব বিনিময়ৰ কাৰণে আধুনিক লিপিৰ প্ৰয়োজনীয়তা অনুধাবন কৰিলে। সেয়েহে অসমত ইংৰাজ শাসনৰ সময়ত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অহা মিচনাৰীসকলৰ অন্যতম মাইলছ ব্ৰনছনে চিংফৌসকলৰ লগত পৰিচয় হোৱাত তেওলোকৰ লিপিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে ।“সেয়েহে তেও অশেষ কষ্টৰ মাজেৰে ‘চিংফৌ লিপি’(ৰোমান লিপিত) প্ৰস্তুত কৰি দিলে । ব্ৰনছন চাহাবৰ লিপিত ৰৈ যোৱা কিছু ভুল ক্ৰুটি পুনৰ সংশোধন কৰি ১৯১১ চনত Dr. Ola Hanson চাহাবে এই লিপিক নতুন ৰুপত উপস্থাপন কৰে ।” (নিংখী, ২০০৯, পৃ. ৪৩) অৱশ্যে প্ৰথম বিশ্ব যুদ্ধৰ পাছৰ পৰাহে অসমলৈ ব্যৱসায়ৰ কাৰণে অহা কাচিন ব্যৱসায়ীৰ সংস্পৰ্শতহে সীমান্ত অঞ্চলত চিংফৌ ভাষা, লিপি আৰু সাহিত্যই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল । সেই সময়ত সীমান্তৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহে চিংফৌ ভাষাক সংযোগী ভাষা হিচাপেও ব্যৱহাৰ কৰিছিল । সীমান্ত এলেকাত আজিও এই প্ৰভাৱ দেখা যায়।

বৃত্তি

চিংফৌসকল মূলত কৃষিজীৱি । তেওলোকে পাহাৰত হাবি-বন কাটি ঝুম খেতি কৰাৰ উপৰিও পাহাৰৰ নামনিৰ সমতল ভূমিতো খেতি কৰে ।মূলত গম, আলু, মিঠা আলু, সৰিয়হ, কচু আদিৰ খেতি চিংফৌসকলে কৰে । খেতি-বাতিৰ সকলো কাম বহতীয়াসকল আৰু মহিলাসকলে কৰাৰ উপৰি হাবিৰ পৰা খৰি কাটিও এওলোকেই আনে । চিংফৌ পুৰুষসকল সাধাৰণতে এলেহুৱা স্বভাৱৰ । অৱশ্যে এওলোক চিকাৰত পাৰ্গত । পুৰুষসকলে চিকাৰ আৰু যুদ্ধত ব্যস্ত থকাৰ বাদে বাকী সময়ত ৰ’দৰ উম লৈ গাৱৰ বিভিন্ন স্থানত শুই-বহি কটায় বুলি এক প্ৰবাদ আছে । চিংফৌসকল বসবাস কৰা অঞ্চলৰ মাটি যথেষ্ট সাৰুৱা হোৱা হেতুকে কম কষ্টতে তেওলোকে যথেষ্ঠ পৰিমাণৰ ফচল উতপাদন কৰাৰ পাছতো খাদ্যৰ নাটনি হয় । চিংফৌসকল ব্যৱসায়-বাণিজ্যত বেছি আগবঢা নহয় যদিও অতীজতে সদিয়াৰ বজাৰত ভৈয়ামৰ মানুহ আৰু আন জনজাতিৰ লোকৰ লগত বিনিময় প্ৰথাৰে বস্তু আদান-প্ৰদান কৰিছল । বৰ্তমানে সময়ৰ সোঁতত চিংফৌসকলেও বিভিন্ন ব্যৱসায়-বাণিজ্য আৰু চৰকাৰী আদিত মনোনিবেশ কৰিছে । তথাপি সীমান্তবাসী এইসকললোক উপযুক্ত শিক্ষা তথা চৰকাৰী সা-সুবিধা, আঁচনি আদিৰ পৰা বঞ্চিত হৈ থকাৰ ফলস্বৰুপেও আজি অস্তিত্বৰ সংকটত ভুগিছে । ইংৰাজসকলে নিজ উদ্দেশ্য পূৰণৰ বাবে অৰ্থাত ইংৰাজ শাসনৰ স্থায়ীত্বৰ বাবে অসমত কানিৰ প্ৰচলন কৰে । ইংৰাজ আমোলতে কানি সেৱন কৰিবলৈ শিকা চংফৌসকলে নিজেও কানিৰ খেতি কৰিছিল। কিন্তু দেশ স্বাধীন হোৱাৰ পিছত কানি প্ৰচলনত প্ৰতিবন্ধকতা অহা বাবে তেওলোকে কানি খেতি কৰা বন্ধ কৰে যদিও অৰুণাচলৰ বিভিন্ন অজ্ঞাত ঠাই আৰু ম্যানমাৰৰ পৰা বে-আইনী ভাবে অনা চোৰাং কানিৰ সেৱনৰ নামত মাৰ্ঘেৰিটাৰ সীমান্ত অঞ্চলত চিংফৌসকলে প্ৰতিমাহে এক লাখতকৈও অধিক টকা খৰচ কৰাৰ তথ্য পোহৰলৈ আনিছি ‘Singpho National Council’ (SNC) –এ । পুৰণিচাম লোকৰ লগতে উঠি অহা প্ৰজন্মও কানিৰ প্ৰতি আসক্ত হোৱাটো চিংফৌ সমাজ তথা জনগোষ্ঠীটোৰ বাবেই এক চিন্তনীয় বিষয় হৈ পৰিছে । সময়ে সময়ে কানি প্ৰতিৰোধৰ বাবে অঞ্চল বিশেষে আন্দোলন হৈ থকাৰ পিছতো কানিৰ কু-প্ৰভাৱৰ পৰা চিংফৌসকলক সম্পূৰ্ণ মুক্ত কৰি তেওলোকৰ অস্তিত্ব সবল কৰাৰ বাবে বিভিন্ন অসামাজিক শক্তিৰ বিৰুদ্ধে শক্তিশালী গণআন্দোলন আৰম্ভ কৰাৰ এয়ে উপযুক্ত সময় । চিংফৌসকলৰ কৃষি কৰ্মৰ কথা উল্লেখ কৰোতে চাহপাতৰ উল্লেখ নকৰিলে চিংফৌসকলৰ ইতিহাসেই অসম্পূৰ্ণ হৈ ৰব । অসমত ৰবাৰ্চ ব্ৰুছক চিংফৌ নেতা ‘বিচা গামে’ চাহ গছৰ সৈতে চিনাকী কৰাই দিয়াৰ পৰাই চাহ খেতিৰ ইতিহাসৰ আৰম্ভণি বুলি আমি কব পাৰো । চিংফৌসকলে চাহৰ প্ৰণালীবদ্ধ কৃষি-পদ্ধতি আৰম্ভ কৰা নাছিল যদিও ঘৰুৱাভাৱে প্ৰস্তুত কৰা চাহ পান কৰাটো তেওলোকৰ এক বৈশিষ্ট আছিল । আহাৰ গ্ৰহণ কৰাৰ পাছত একাপ চাহ পান কৰাৰ বাবে চাংফৌসকলে ঘৰৰ কাষতে কেইজোপা মান চাহ ৰোপণ কৰা লৈছিল যদিও প্ৰাকৃতিকভাৱে হাবিত পোৱা চাহগছৰ পৰাও পাত সংগ্ৰহ কৰি ঘৰুৱা পদ্ধতিৰে চাহপাত তৈয়াৰ কৰি লৈছিল । চাহপাতক এওলোকে ‘ফালাপ’ বুলিছিল । সময়ৰ সোঁতত ইংৰাজৰ পৃষ্ঠপোষকতাত অসমত চাহবাগান স্থাপন হোৱাৰ ফলস্বৰুপে চাহপাতে এক স্বকীয় ব্যৱসায়ীক ৰুপ পালে । এই ক্ষেত্ৰত চাহপাতৰ লাভজনক ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হৈ চাহপাতৰ ব্যৱসায়ত তেওলোকো নামি পৰিছিল । পোন প্ৰথমে নিংৰুলাই চাহ খেতিৰ লগত জডিত হৈ সীমান্তৰ প্ৰথম চাহ ব্যৱসায়ী হিচাপে পৰিগণিত হয় । ৰবাৰ্ট ব্ৰুছ চাহাবে এই বুলি উল্লেখ কৰিছে এটি টোকাত – “ The old Ningroola will inclined to work the teas of his country and delivery produce at a fixed price of a salary could be given to him.” “কিন্তু অসমৰ চাহ ইতিহাসত নিংৰুলাৰ অৱদানে স্বীকৃতি নাপালে ।” (নিংখী, ২০০৯, পৃ.৩৯) ড০ অমলেন্দু গুহৰ মতে – “ পোন প্ৰথম বাৰৰ বাবে যি ৯৫টা চাহৰ বাকচ অসমৰ বাহিৰলৈ চালান দিছিল তাৰে ৩৫টা নিংৰুলাই তৈয়াৰ কৰিছিল ।”(....) অতীতে চিংফৌসকলৰ মাজত গাখীৰৰ ব্যৱহাৰ নাছিল যদিও বৰ্তমান তেওলোকে গাখীৰ ব্যৱহাৰৰ কৰা দেখা যায় ।

খাদ্যাভাস

সীমান্তৰ পাহাৰ আৰু ভৈয়ামত বসবাস কৰা চিংফৌসকলৰ আবাস ভূমিৰ আশে-পাশে থকা হাবি-জংঘলত উপন্ন প্ৰাকৃতিক বিভিন্ন শাক-পাচলি আৰু বনৰীয়া ঔষধসমূহেই তেওলোকৰ প্ৰধান খাদ্য সামগ্ৰী । চিংফৌসকলৰ প্ৰধান খাদ্য ভাত । টোপোলো ভাত ( চাত মাকাই )ৰ সৈতে নানাবিধ ব্যঞ্জনেৰে তেওলোকে খাদ্য গ্ৰহণ কৰে । এওলোকে টোপোলা-ভাত কৌপাতত টোপোলা কৰি পানীৰ ভাপত এক বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰে । আঠাযুক্ত চাউলেৰে এওলোকে চুঙাত দিয়া ভাতো খায় । আনহাতেদি চেৱাত দিয়া ভাতত নিমখযুক্ত তিলৰগুডি মিহলি কৰি এক মিশ্ৰণ জুই চাঙত শুকুৱাই ৰাখি পাছত সৰু সৰু লাডু কৰি জুইত পুৰি জলপান হিচাবে ব্যৱহাৰ কৰে । প্ৰতিগৰাকী চিংফৌ নাৰী এগৰাকী পাকৈত ৰান্ধনী । এওলোকে মাছ-মাংস-চুঙাত দি (চু’পুঙ), পাতত দি (কি-ই), খৰিকাত দি (পিং), উহোৱাই (গুবং) খায় । শাক-পাচলিৰ ভিতৰত ক’লডিল (ঙু’জচি), বাঁহগাজ (কুৱামুকু), লেছেৰা মাহ (নাদং চি), কচু (না-ই),বেঙেনা (চাবাচি), বেতগাজ (ৰিচি) আৰু নানানবিধ শাক-পাচলি স্বকীয় ৰন্ধন প্ৰণালীৰে জুতি লগাকৈ ৰান্ধে । তেলজাতীয় দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ৰন্ধন-প্ৰকৰণ কৰাটো চিংফৌসকলৰ এক প্ৰচলিত পৰম্পৰা । তেওলোকে মছলাৰ ভিতৰত সেউজীয়া পাত মছলাহে ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । ইয়াৰ ভিতৰত ‘মাচাং’পাত আৰু গুটি, বানজি,নাটাংবান আদি ব্যৱহাৰ কৰে । চিংফৌসকলৰ আন এক জনপ্ৰিয় খাদ্য হ’ল ‘কাঠফুলা’ । তেওলোকৰ এবিধ প্ৰিয় ব্যঞ্জন হৈছে – মাছ, উৰিয়াম গছৰ পাত, কচু আৰু বিভিন্ন সেউজীয়া পাত মছলা আদিৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা এক বিশেষ আঞ্জা । এই আঞ্জা সন্মানীয় অতিথিক আগবঢাই চিংফৌসকলে গৌৰৱ অনুভৱ কৰে । অতীজতে বিভিন্ন নাট্ বা দেৱতাক পূজা-অৰ্চনা কৰাৰ সময়ত চিংফৌসকলে পানীয় হিচাপে ‘চাপুপ’ (লাউপানী) পান কৰিছিল । কিন্তু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ ফলস্বৰুপে এনে পৰম্পৰা নাইকীয়া হৈছে । চিংফৌসকলে বিভিন্ন পদ্ধতিৰে বহুদিনলৈ খাদ্য সংৰক্ষণ কৰি ৰাখে । মাছ-মাংস জজইত শুকুৱাই সংৰক্ষণ কৰাৰ উপৰিও কেঁচা মাংস নিমখ,চাউল মিহলি কৰি বাঁহৰ চুঙাত ভৰাই কিছুদিনলৈ ৰাখে ।এনেদৰে কেঁচা মাংস সংৰক্ষণৰ পদ্ধতিক ‘পাতিক’ থোৱা বোলে । মাছ টেঙা কৰি ৰখাৰ বাবে কেঁচা মাছ টুকুৰাকৈ কাটি ভাত আৰু নিমখ মিহলি কৰি চুঙাত ভৰাই থয় । ইয়াক তেওলোকে ‘ঙা চান চিখি’ বোলে । চিংফৌসকলে লাইজাতীয় শস্যৰ পাত চিঙি আনি সৰু সৰুকৈ কাটি ১/২ দিন ৰদত দিয়াৰ পাছত ভাতৰ মাৰৰ লগত ভালদৰে মিহলাই চুঙাত ভৰাই সংৰক্ষণ কৰি থয় । ইয়াক ‘চিংখাংমিখি’ বুলি কয় । তেওলোকে মাছৰ শুকতি বনাইও ফায় । চিংফৌসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা বিভিন্ন খাদ্য সম্ভাৰত ঔষধি গুণ সম্পন্ন শাক-পাচলিৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হয় । চিংফৌসকলে এইদৰে নিজৰ ইজানিতেই অতীজৰে পৰা এক স্বাস্থ্যসন্মত খাদ্য-সম্ভাৰ গ্ৰহণ কৰি আহিছে।

উৎপত্তি সম্পৰ্কীয় পুৰাকাহিনী

চিংফৌসকলৰ উৎপত্তি সম্পৰ্কীয় পুৰাকাহিনীৰ বিচাৰত আমি দেখা পাও যে ‘মজইচিংৰা বুম’ নামৰ তিব্বতৰ এক অচিন মালভূমিত চিংফৌসকলে তেওলোকৰ ইতিহাসৰ পাতনি মেলা বুলি বিশ্বাস কৰে । লগতে চাংফৌ কিংবদন্তি বা ‘জুইৱা’সকলৰ সাধুকথাসমূহতো ‘মজইচিংৰা বুম’ৰ উল্লেখ পোৱা যায় । চিংফৌসকলৰ বিশ্বাস অনুসৰি ‘নিংগাম ৱা’ নামৰ পুৰুষ এজনে ঘঁৰিয়াল এজনীক বিয়া কৰোৱাত তেওৰ অনেক সন্তান-সন্ততিৰ জন্ম হয় । আৰু এওলোকৰ পৰিনাতিসকলৰ পৰাই পিছত ক্ৰমে একোটাকৈ জনগোষ্ঠীৰ সৃষ্টি হোৱা বুলি চিংফৌসকলৰ বিশ্বাস । সন্তান-সন্ততিসকলৰ পৰা সৃষ্টি হোৱা জনগোষ্ঠীসমূহ ক্ৰমে –

১. প্ৰথম সন্তান ‘গাম’ৰ পৰা ‘ৰাৱাং’ জনগোষ্ঠী ।

২. দ্বিতীয় সন্তান ‘নাং’ৰ পৰা ‘লিচু’ জনগোষ্ঠী

৩. তৃতীয় সন্তান ‘লা’ৰ পৰা ‘মাৰু’ জনগোষ্ঠী

৪. চতুৰ্থ সন্তান ‘দু’ৰ পৰা ‘লাচি’ জনগোষ্ঠী

৫. পঞ্চম সন্তান ‘টাং’ৰ পৰা ‘জিংপো’ জনগোষ্ঠী বা ‘চিংফৌ’ জনগোষ্ঠী ।

৬. ষষ্ঠ সন্তান ‘য়ং’ৰ পৰা ‘আটচি’ জনগোষ্ঠী

৭. সপ্তম সন্তান ‘খা:’ৰ পৰা ‘নগা/চিন’ জনগোষ্ঠী

৮. অষ্টম সন্তান ‘চ’ৰই’ৰ পৰা ‘অকা/ৱা’ জনগোষ্ঠী গতিকে চিংফৌসকলৰ বিশ্বাস মতে ‘নিংগাম ৱা’ৰ পঞ্চম সন্তান ‘টাং’ৰ পৰিনাতিসকলৰ পৰাই তেওলোকৰ সৃষ্টি হয় । তেওলোকৰ অন্য এক বিশ্বাস মতে স্বৰ্গৰ পৰা এটা প্ৰকাণ্ড কণী পৃথিৱীত সৰি পৰিছিল আৰু সাতটা খণ্ডত বিভক্ত হৈছিল । তাৰে ষষ্ঠ খণ্ডটোৰ পৰা চিংফৌ পূৰ্বপুৰুষৰ জন্ম বুলি তেওলোকৰ বিশ্বাস । চিংফৌসকলৰ আন এটা জনবিশ্বাস মতে – তেওলোকে জীৱিকাৰ সন্ধানত প্ৰাকৃতিক বাতাবৰণৰ লগত খাপখুৱাই চলাৰ বাবে ঘৰ এৰি এঠাইৰ পৰা অন্য ঠাইলৈ প্ৰবজন কৰিছিল, অতীজতে এইদৰে যাবৰ সময়ত তেওলোকে ঘৰৰ দুৱাৰ বন্ধ কৰি থৈ যোৱা নাছিল বাবে সেই স্থানত বসবাস কৰা অন্য জনগোষ্ঠীয়ে তেওলোকক চিংখাফ বুলিছিল । চিংফৌ ভাষাত ‘চিংখা’ মানে দুৱাৰ আৰু ‘ফ’ মানে খোলা । এই দুটা শব্দ লগলাগি ‘চিংখাফ’ হৈছে আৰু এই ‘চিংখাফ’ৰ পৰাই ‘চিংফৌ’ হোৱা বুলি তেওলোকৰ বিশ্বাস । চিংফৌসকলে সৃষ্টিৰ প্ৰথম পুৰুষ ‘স্বপৌং য়ৌং’ৰ পৰা তেওলোকৰ উৎপত্তি হোৱা বুলিও বিশ্বাস কৰে । এক লোকশ্ৰুতি অনুসৰি চিংফৌ শব্দৰ অৰ্থ সূৰ্য উদয় হোৱা দেশৰ মানুহ ।

ধৰ্ম

চিংফৌসকল মূলত বৌদ্ধ ধৰ্মী । তেওলোকৰ গাওবোৰত বৌদ্ধ বিহাৰ আৰু বাপু দেখা যায় । এই বৌদ্ধধৰ্মী চিংফৌসকলে তেওলোকৰ সংস্পৰ্শলৈ অহা বিভিন্ন লোকৰ পৰা সেইসকলৰ ধৰ্ম-বিশ্বাসো গ্ৰহণ কৰাৰ তথ্য বিভিন্ন সূত্ৰৰ পৰা পোৱা যায় । মানুহ আৰু দেৱতাতকৈ গুণী ‘নাট’ বা দেও-মনিচসকলক প্ৰাকৃতিক শক্তিৰে বলবান বুলি বিশ্বাস কৰি চিংফৌসকলে জৰা, ব্যাধি, আকাল, মাৰি-মৰকৰ সময়ত বিভিন্ন ‘নাট’ বা দেও-মনিচৰ পূজা কৰে । তেওলোকে যুদ্ধত নিহত হোৱা সকলকো দেৱতাৰ দৰে পূজা কৰা দেখা যায় । লগতে ইয়াৰ বাবে বলি-বিধানো দিয়ে । “পুংকাম উইচুন আৰু নিংচান চিনাম নামৰ আদম ইভৰ পুত্ৰ ; আৰু চিংফৌ আদি পুৰুষ মাথাম মাথউৱাৰ অবিশ্বাস আৰু অনুসন্ধিৎসাৰ ফল হ’ল ‘নাট’সকল ।”(বৰা (সম্পা), পৃ. ৫৫) সাংসাৰিক দুখ-কষ্ট নাশ কৰিবলৈ, বন্ধ্যানাৰীক সন্তান সম্ভৱা কৰিবলৈ আৰু খেতি-পথাৰ শস্যৰে নদন-বদন হবলৈ তেওলোকে প্ৰধান পুৰোহিত (দুমচা), পাঠক (জাওৱা) আৰু জ্যোতিষীৰ সহায়ত বিভিন্ন নাটৰ পূজা অনুষ্ঠিত কৰে । যুদ্ধ যাত্ৰাৰ সময়ত এওলোকে কুকুৰা , গাহৰি, মহ আদি বলি দিয়ে । চিংফৌসকলে প্ৰধানকৈ – আকাশ মু, পৃথিৱীৰ গা আৰু এক ঘৰ-জেউতি –এই তিনি ‘নাট’ত বিশ্বাস কৰে । বলি-বিধানৰ ক্ষেত্ৰত চিংফৌসকলে বলি দিয়া মহৰ মুৰবেৰ ঘৰত আনি আঁৰি থয় । চিংফৌসকলৰ মাজত বিভিন্ন দেৱ-দেৱতাৰ পূজাৰ নামত বিভিন্ন উ.সৱ অনুষ্ঠিত হোৱা পৰিলক্ষিত হয় । বৌদ্ধ ধৰ্ম গ্ৰহণৰ সমান্তৰালভাৱে বিভিন্ন ‘নাট’সকলৰ পূজা-অৰ্চনা কৰি থকা সত্বেও তেওলোকৰ মাজত ক্ৰমে বলি প্ৰথা লোপ পাইছে । চিংফৌসকলৰ মাজত কিছুসংখ্যকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাও দেখা যায় ।

কুটুম্বিতা আৰু বিবাহ পদ্ধতি

মূলত পিতৃপ্ৰধান সমাজ হলেও চিংফৌ সমাজত নাৰী আৰু পুৰুষৰ সম অধিকাৰ নীতি মানি চলা দেখা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ বাহিৰে ধৰ্মীয় তথা সামাজিক অনুষ্ঠান আৰু খেতি-বাতিত নাৰীৰ ইপস্থিতি তথা সহযোগিতা বাধ্যতামূলক । পৰিয়ালৰ যিকোনো সামাজিক তথা আৰ্থিক বিষয়ৰ লওতে স্বামী-স্ত্ৰী উভয়ৰে মতামতক সমানে অগ্ৰাধিকাৰ দিয়া হয় । চিংফৌ মহিলাসকলে কাপোৰ বৈ গাঁৱত বিক্ৰী কৰি পৰিয়ালৰ উপাৰ্জনৰ সমান আংশীদাৰত্বৰ ভাগ লয় । বিশেষভাৱে চিংফৌ মহিলাসকলৰ যথেষ্ট কষ্ট কৰিব পৰা গুণে তেওলোকক সমাজত সবলভাবে প্ৰতিষ্ঠা কৰিছে । প্ৰধানকৈ যৌথ পৰিয়ালত থাকি ভাল পোৱা চিংফৌসকলে বৰ্তমানে পৰিয়ালত গা কৰি উঠা ভূল বুজা-বুজিৰ বাবে একক পৰিয়ালত বসবাস কৰিবলৈ আৰম্ভ কৰিছে। এনে ক্ষেত্ৰত সৰু পুত্ৰক মাক-দেউতাকৰ লগত থকা দেখা যায় যদিও বহু ক্ষেত্ৰত পচন্দৰ উপৰতো নিৰ্ভৰ কৰা দেখা যায় । চিংফৌসকলৰ মাজত উত্তৰাধিকাৰীৰ ক্ষেত্ৰত স্বকায়তা দেখা যায় । ডাঙৰ পুতেকে দেউতাকৰ স্থাৱৰ সম্পত্তি আৰু পদবী পোৱাৰ বিপৰীতে অস্থাৱৰ সম্পত্তিখিনি পায় । কিন্তু মাজু লৰাই একোকে নাপায় । জীয়েকে দেউতাকৰ সম্পত্তিৰ কোনো ভাগ নাপায় যদিও সম্পত্তিসমূহ ব্যৱহাৰ কৰাত কোনো বাধা নাই । চিংফৌসকলৰ মাজত ফৈদৰ বিভাজন দেখা যায় । চিংফৌসকলে তেওলোকৰ ফৈদসমূহৰ নামাকৰণ কিছু প্ৰাকৃতিক বস্তু আৰু পূৰ্বপুৰুষৰ বৈশিষ্টানুযায়ী হোৱা বুলি বিশ্বাস কৰে । মাকাঞ্জিয়ে প্ৰধান পাঁচটা ফৈদৰ কথা উল্লেখ কৰাৰ বিপৰীতে ৰবিনছনৰ মতে প্ৰধান ফৈদ বাৰটা । চিংফৌসকলৰ প্ৰধান পাঁচটা ফৈদ হৈছে – মিৰিপ (Marip), লুথ(Lahtaw), লাফাই(Laphai), ইনখুম (N Hkum) আৰু মাৰান (Maran) ।

অন্যান্য জনগোষ্ঠীৰ দৰে চিংফৌসকলৰ বিবাহ পদ্ধতিৰ ক্ষেত্ৰতো স্বকীয় বৈশিষ্ট পৰিলক্ষিত হয় । অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা চিংফৌসকলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পাছতো বিবাহৰ ক্ষেত্ৰত পৰম্পৰাগত নীতি-নীয়মসমূহকে মানি আহিছে । সমগোত্ৰীয় বিবাহৰ চিংফৌ সমাজত প্ৰচলন নাই । তেওলোকৰ সমাজত একে ফৈদৰ মাজত বিবাহ নিষিদ্ধ জ্ঞান কৰা হয় । চিংফৌ সমাজত বিভিন্ন ধৰণৰ বিবাহ প্ৰচলন আছে যদিও একক পতি-পত্নীৰ বিবাহকে আদৰ্শ বিবাহ হিচাপে স্বীকৃতি দিয়ে । আনহাতে মোমায়েকৰ জীয়েকৰ সৈতে হোৱা বিবাহক তেওলোকে উত্তম বিবাহ বুলি জ্ঞান কৰে । কিন্তু মাহীয়েকৰ জীয়েকৰ লগত বিবাহ হোৱা সমাজ বিৰুদ্ধ নীতি । মোমায়েকৰ জী.ক বিয়া নকৰাই অন্যক বিয়া কৰোৱাৰ ক্ষেত্ৰত এই সম্পৰ্কে মোমায়েকক আগতীয়াকৈ অৱগত কৰাৰ লগতে অনুমতি লোৱাৰ ৰীতি চিংফৌ সমাজত মানি চলে । চিংফৌ সমাজত বহু পত্নী বিবাহত কোনো ধৰণৰ বাধা-নাষেধ নাই । কিন্তু বহু পতি বিবাহৰ প্ৰচলন দেখা নাযায় । তেওলোকৰ মাজত বিধবা বিবাহৰ প্ৰচলন আছে । এই ক্ষেত্ৰত স্বামীৰ মৃত্য হলে তেওৰ ভায়েকে পানিগ্ৰহণ কৰিব পাৰে ।এনে বিবাহৰ বাবে দুয়ো পক্ষৰ মতামত লৈহে বিবাহৰ আয়োজন কৰে । যদি ভায়েকে বিয়া কৰাবলৈ অমান্তি হয় বা আন পুৰুষৰ লগতো বিয়া নহয় তেন্তে পতি ঘৰেই বিধৱাৰ সকলো ভৰণ-পোষণৰ দায়িত্ব পালন কৰে । অন্যহাতেদি ভায়েকৰ মৃত্যু হলে ভাই-বোৱাৰীক ককায়েকে বিয়া কৰা দেখা নাযায় । বিবাহ-বিচ্ছেদত চিংফৌ সমাজে সন্মতি প্ৰকাশ কৰে যদিও ইয়াৰ বাবে পৰম্পৰাগত বিচাৰৰ জৰিয়তে সমাজৰ সন্মতিৰ প্ৰয়োজন । যিজনে বিবাহ-বিচ্ছেদ বিচাৰে তেও ক্ষতিপূৰণ দিয়াটো বাধ্যতামূলক । চিংফৌসকলৰ মাজত কন্যা হৰণ কৰি আনি পতা বিবাহো প্ৰচলিত হৈ আছে । এনে বিবাহ গৰা-কন্যাৰ গোপন মিলনৰ পাছত ৰীতিমতে সম্পন্ন কৰা হয় । চিংফৌ সমাজত দৰাপক্ষই খুংমা অৰ্থা মধ্যস্থতাকাৰী বা কটকীৰ জৰিয়তেহে কন্যাপক্ষক বিবাহৰ প্ৰস্তাৱ আগবঢোৱাৰ পাছতহে বিবাহৰ প্ৰক্ৰিয়া আৰম্ভ হয় যদিহে কন্যাপক্ষই সন্মতি প্ৰকাশ কৰে । কন্যাপক্ষই সন্মতি প্ৰকাশ কৰিলে এটা নিৰ্দিষ্ট দিন ঠিক কৰি কন্যাপক্ষ-দৰাপক্ষৰ মাজত খুংমাঙক মধ্যস্থতাকাৰী হিচাপে লৈ বিবাহ সম্পৰ্কে আলোচনা হয়। এই আলোচনাত চিংফৌ সমাজত অতীজৰে পৰা চলি অহা কন্যামূল্য বা গা-ধন অৰ্থা ফু সম্পৰ্কে দুয়োপক্ষৰ মাজত কথা-বতৰা হয় । গা-ধন বা ফুৰ পৰিমাণ দৰাঘৰৰ আৰ্থিক দিশলৈ চাই নিৰ্ধাৰণ কৰা হয় । গা-ধন চাৰি প্ৰকাৰৰ – ১. জয় -১৪০ টকা ২. হাচ জয় -১০০ টকা ৩. খানজয় -৭০ টকা ৪. হং – ৩ৰ পৰা ৫০ টকা এই গা-ধনৰ মুদ্ৰা বা টকাৰ লগতে বৰকাঁহ, য়াংফুলং (এবিধ ৰাজকীয় চোলা), কিচি কাইলি. (মণি) ইত্যাদি দিয়াৰ নিয়ম । অৱশ্যে এই নিৰ্ধাৰিত বস্তুবোৰৰ পৰিবৰ্তে সমান মূল্যৰ টকাও দিব পাৰে । গা-ধন সম্পৰ্কে আলোচনা শেষ হোৱাৰ পাছত কন্যাঘৰ পক্ষক এসাঁজ ভাত খুওৱাৰ নিয়ম । আহাৰ গ্ৰহণৰ পাছত দৰাৰ দেউতাৰ, দদায়েক বা ককায়েকক এখন দা আৰু এডোখৰ কাপোৰত বিবিধ শস্যৰ বীজৰ টোপোলা আগবঢায় বিবাহত সন্মতি প্ৰদান কৰাৰ চিন স্বৰুপে । নতুনকৈ বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচৰা নতুন পৰিয়ালৰ লগত সম্বন্ধ স্থাপনৰ প্ৰাকমূহুৰ্তত খাওবাগা নামৰ এটি মাননি টোপোলাত কিছু মুদ্ৰা কন্যাপক্ষৰ সন্মানাৰ্থে আৰু নতুনকৈ সম্বন্ধ স্থাপনৰ চিন স্বৰুপে আগবঢাব লাগে । বিবাহৰ বন্দোবস্তি খাটাং হোৱাৰ পিছত বিয়াৰ প্ৰস্তাৱ লৈ যোৱা খুংমাঙক দৰাপক্ষই মাননি আগবঢাই হবলগীয়া বিয়াখনত সহযোগিতা কামনা কৰে । চিংফৌসকলে মংগল চাই বিয়াৰ শুভদিন এটি ঠিক কৰে । বিবাহ উপলক্ষ্যে তেওলোকে আত্মীয়-কুটুম্ব, উচৰ-চুবুৰীয়াক নিমন্ত্ৰণ জনায় । আত্মীয়সকলে হোৰাত ভৰাই টকা-পইচাৰ লগতে কলডিলেৰে তৈয়াৰী বিশেষ আঞ্জা, কেইটামান পানীয়ৰ চুঙা আৰু এখন দা সুন্দৰকৈ কাপোৰেৰে ঢাকি উপহাৰ হিচাপে আনে । ইয়াক চিংফৌসকলে মুগুন চিংনয় বোলে । বিয়াৰ দিনা দৰা কন্যা আনিবলৈ নাযায় । কিছু দায়িত্বশীল মানুহ দুটি মুগুন চিংনয় লৈ কন্যা আনিবলৈ যায় । কন্যাঘৰত সমূহীয়া ভোজৰ অন্তত কন্যাক বিদায় দিয়ে আৰু কন্যাক দৰা ঘৰত থৈ আহিবলৈ এগৰাকী দায়িত্বশীল মানুহ, যাক তেওলোকে গুমবাংৱেন জান বোলে –ৰ নেতৃত্বত কন্যাপক্ষৰ মানুহ আহে । চিংফৌসকলৰ মাজত যৌতুক প্ৰথাৰ প্ৰচলন আছে । যৌতুকক তেওলোকে গুংদন বোলে । গুংদন হিচাপে ঘৰুৱা জীৱনত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে নিংৰি বা যাঠি, দা, বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী, যেনে – সোণ, ৰুপ, অলংকাৰ, কাপোৰ-কানি ইত্যাদি ভৰোৱা হোৰা বা চিকংচিংনয় আৰু গৰু, মহ, হাতী আদি কন্যাৰ লগত দি পঠায় । যৌতুক দিয়াৰ কোনো ধৰা-বন্ধা নিয়ম চিংফৌসকলৰ সমাজত নাই যদিও মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা আৰু পৰম্পৰাৰ নামতহে এই বস্তুসমূহ দিয়া দেখা যায় । কন্যা আহি দৰাঘৰত উপস্থিত হোৱাৰ পাছত পুৰোহিতে (ডুমচাৱা) মন্ত্ৰপাঠ (লিঙি) কৰে আৰু পুতি থোৱা নল-খাগৰি (গুমবাং)ৰ মাজেৰে কন্যাক আগবঢাই আনে । সদৌ শেষত খওয়াদ. অনুষ্ঠানৰ পিছত কন্যাঘৰৰ পৰা অহা লোকসকলে বিদায় লোৱাৰ লগে লগেই বিবাহ আনুষ্ঠানিভাৱে শেষ হয় । বৌদ্ধ ধৰ্মী চিংফৌসৰলে বিবাহৰ পিছ দিনা তেওলোকৰ ধৰ্মীয় ৰীতি-নীতিৰে ধৰ্ম গুৰুক নিমন্ত্ৰণ কৰি সেৱা-স.কাৰ কৰে আৰু সাংসাৰিক জীৱনৰ মংগল কামনা কৰে । চিংফৌ সমাজত অসমৰ অন্যান্য জনগোষ্ঠীৰ মাজত প্ৰচলন থকা ডেকা চাং বা গাভৰু চাং ব্যৱস্থাৰ প্ৰচলন দেখা পোৱা নাযায়।

লোক-সংস্কৃতি

অতীতৰে পৰা এক বৰণাৰ্ঢ্য সাংস্কৃতিক কৰম্পৰাৰ অধিকাৰী চিংফৌসকল লোক সংস্কৃতিৰ ক্ষেত্ৰতো চহকী । সাধুকথা, পুৰাকাহিনী, প্ৰবাদ-প্ৰবচন, লোকগীত, লোকনৃত্য, বয়নশিল্প, সাজপাৰ, বিভিন্ন লোক বিশ্বাস, উ.সৱ-অনুষ্ঠান আদিৰে চিংফৌ সমাজ জীৱনত লোক সংস্কৃতিৰ ক্ষেত্ৰখনৰ ব্যাপকতা যথেষ্ট বহল পৰিসৰত দেখা যায় । বৰ্তমান আধুনিকতাৰ দ্ৰুত ব্যাপ্তিৰ সময়তো চিংফৌসকলৰ মাজত লোক সংস্কৃতিৰ বিভিন্ন বিভাগক কেন্দ্ৰ কৰি পৰ্যটনৰ এক নতুন ধাৰা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । বিশেষভাৱে তেওলোকৰ বিভিন্ন উ.সৱ-অনুষ্ঠানসমূহত দেশী-বিদেশী পৰ্যটকৰ ভিৰ দেখা যায় । মৌখিক সাহিত্যৰ ক্ষেত্ৰত চিংফৌসকলৰ মাজত বিভিন্ন প্ৰবাদ-প্ৰবচন, সাধুকথা তথা ফকৰা-যোজনাৰ প্ৰচলন আছে । কিন্তু ইয়াৰ উপযুক্ত সংৰক্ষণ তথা গৱেষণাৰ এক বিস্তৃত পথাৰ অনাদৃত হৈয়ে আছে আজি পৰ্যন্ত।

লোক নৃত্য

অন্যান্য জনগোষ্ঠীৰ দৰেই চিংফৌসকলৰো নিজস্ব লোকনৃত্য আছে । চিংফৌসকলৰ মাজত নৃত্য সৃষ্টিৰ সম্পৰ্কে এক জনবিশ্বাসৰ প্ৰচলন থকা দেখা যায় । তেওলোকৰ মতে বিশ্বৰ সৃষ্টি কৰ্তা ‘মাঠুম মাঠা’ই এই পৃথিৱীখন গছ-লতা, ফলমূল আদিৰে বিকশিত কৰিলে । সৃষ্টিকৰ্তাৰ এই অমূল্য সৃষ্টিৰ আনন্দত মতলীয়া হৈ পক্ষীবোৰে ফল-ফুলৰ প্ৰথম স্বাদ গ্ৰহণ কৰাৰ উদ্দেশ্যে এক নৃত্য উ.সৱৰ আয়োজন কৰিছিল ‘ধনেশ পক্ষী’ৰ নেতৃত্বত । তেওলোকৰ বিশ্বাস মতে এই নৃত্য উ.সৱত ‘মাংদিংয়াউ’ নামৰ এজন মানৱ সন্তানে যোগদান কৰাৰ সুযোগ লাভ কৰিছিল । পাছত এইজনা মানৱ সন্তানৰ পৰাই চিংফৌসকলে পক্ষীকুলৰ পৰা আয়ত্ব কৰে বুলি জনবিশ্বাস প্ৰচলিত আছে । এওলোকৰ ভাষাত ‘মানাও’ মানে নৃত্য । চিংফৌসকলৰ মাজত প্ৰচলিত বিভিন্ন লোকনৃত্যসমূহত জাতীয় সাজপাৰ পৰিধান কৰি দলবদ্ধভাৱে পুৰুষ আৰু নাৰীয়ে সমানে অংশগ্ৰহণ কৰে । তেওলোকৰ মাজত প্ৰচলিত বিভিন্ন লোকনৃত্যৰ মাজত আমি আঠ প্ৰকাৰৰ নৃত্যক প্ৰধান হিচাপে ধৰিব পাৰো । চিংফৌসকলে কোনো লোকৰ মৃত্যু হলে মৃতকৰ স.কাৰ কৰাৰ আগতে আনুষ্ঠানিক নৃত্য-গীতেৰে মৃতকক শেষ বিদায় জনায় । মৃতকৰ স.কাৰৰ লগত সংগতি ৰাখি কৰা এই লোক নৃত্যক ‘চি মানাও’ বোলে । যুদ্ধপ্ৰিয় জাতি চিংফৌসকলে শত্ৰুপক্ষক জয় কৰাৰ আনন্দত ‘বিজয়ীৰ প্ৰতীক’ হিচাপে ‘পাদাং মানাও’ (পাদাং নৃত্য) কৰে । চিংফৌসকলে ধন-সম্পত্তি লাভ কৰাৰ আনন্দত বিভিন্নজনক আমন্ত্ৰন জনায় ভোজ-ভোত খোৱাই উলহ-মালহেৰে ‘চু.ত মানাও’(চু. নৃত্য) কৰে । অতিথিপৰায়ণ চিংফৌসকলে অতিথিৰ আগমনত আনন্দিত হৈ অভ্যৰ্থনা জনাই ‘ডুম মানাও’কৰে । আনুষ্ঠানিক বিদায় জনোৱাৰ উদ্দেশ্যে তেওলোকে ‘কোমৰান’ নামৰ নৃত্য কৰে । পুৰণি সতীৰ্থক বহু দিনৰ মূৰত লগ পোৱাৰ আনন্দত অতীত মধুৰ স্মৃতিৰ সোঁৱৰণিৰে ‘কোমৰাল’ নৃত্যত ভাগ লয় চিংফৌসকলে । চিংফৌ সমাজত অতি প্ৰাচীন কালৰে পৰা নাট উপাসনা কৰা প্ৰথা প্ৰচলিত । এই নাটসকলক সন্তুষ্ট কৰাৰ মানসেৰে তেওলোকে ‘জু মানাও’ কৰে । কৃষিজীৱি চিংফৌ সমাজে শস্য চপোৱাৰ আনন্দত ‘থংকা’ নৃত্য কৰে । এইদৰে চিংফৌসকলৰ সাংস্কৃতিক জীৱনৰ অবিচ্ছেদ্য অংগ এই লোকনৃত্যসমূহৰ মাধ্যমেদি তেওলোকৰ জনজীৱনৰ এখন প্ৰতিচ্ছবি প্ৰকাশিত হয় । লগতে এই লোকনৃত্যসমূহৰ লগত লোকগীতৰো এক মধুৰ সম্পৰ্ক দেখা যায় । এই নৃত্যসমূহৰ উপৰিও চিংফৌসকলে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে ‘মেনগ্লোপ উ.সৱ আৰু নৃত্য’ আৰু ‘কংখা নৃত্য’, ‘মানিথ নৃত্য’, ‘দঙচু মেনাউ নৃত্য’, ‘ড’মভে নৃত্য’, ‘কুপুং-কখাং নৃত্য’, ‘বইগপ নৃত্য’ আদি নৃত্য অনুষ্ঠান কৰা দেখা যায়।

লোক গীত

চিংফৌসকলৰ মাজত লোকগীতৰ বহুল প্ৰচলন থকা দেখা যায় । চিংফৌসকলে কৰ্ম ব্যস্ততাৰ মাজে মাজে আজৰি পৰত গীত-মাতৰ চৰ্চা পুৰণি দিনৰে পৰা কৰি আহিছে । তেওলোকৰ লোকগীতসমূহত জীৱন যাত্ৰাৰ বিভিন্ন সময় তথা পৰিস্থিতিৰ চিত্ৰ প্ৰকাশ পায় । লোকগীতৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত ‘ধানখুন্দা গীত’ বা ‘মামথু চয়ৰা’, ‘নাওঁ বাওতে গোৱা গীত’ বা ‘কায়ং নিংকিন’, ‘চিয়গ’ই নিংকিন’ আদি প্ৰধান। চিংফৌ মহিলাসকলে চাংঘৰৰ কাষত হাতত খুন্দনা লৈ ধান খুন্দোতে এটা লয়’ৰ সৃষ্টি হয় আৰু এই লয়ৰ তালে তালে ধান খুন্দোতে অজানিতে মহিলাসকলৰ অন্তৰ ভেদি ওলাই আহে গীত । ইয়াকে তেওলোকে ‘মামথু চয়ৰা’ বোলে । নিজৰ জীৱনৰ বহুতো কৰুণ কাহিনীৰ প্ৰকাশ এই গীতসমূহ মাজনিশালৈ চলে ধান খুন্দাৰ সমানে । চিংফৌসকলে যাতায়তৰ কাৰণে ব্যৱহাৰ কৰা নদীসমূহত নাও বাই যাওতে স্বতঃস্ফূতভাৱে উলাই অহা গীতবোৰেই হৈছে ‘কায়ং নিংকিন’ । এই গীতসমূহ কাহিনীৰ দৰে । গীতসমূহ দীঘলীয়া হোৱা দেখা যায় । সম্ভবতঃ গন্তব্যস্থল নোপোৱা পৰ্যন্ত গীত গাই যোৱাৰ পৰম্পৰা আছিল বাবেই গীতবোৰ দীঘলীয়া হৈছিল । গীতবোৰৰ বিষয়বস্তু যিকোনো হোৱা দেখা যায় । ইয়াৰ মাজত তেওলোকৰ ইতিহাসৰো যথেষ্ট সমল পোৱা যায় । সময়ৰ সোঁতত আধুনিকতাৰ পৰশ পৰি চিংফৌ সমাজত লোক গীতৰ চৰ্চা চকুত পৰাকৈ কমি আহিছে । ইয়াৰ মাজতো বিভিন্নজনে গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে এইবোৰৰ সংৰক্ষণৰ কাৰণে চেষ্টা কৰি অহাতো এক লক্ষণীয় বিষয় ।

জন্ম সম্পৰ্কীয় বিধি বিধান

চিংফৌ সমাজত সন্তান জন্মৰ সময়ত কিছু নীতি-নিয়ম মানি চলে । সন্তান জন্ম হোৱাৰ পাছত ৭ দিনৰ পৰা ১৫ দিনলৈ মাতৃ গৰাকী অশুচি হিচাপে ৰখা হয় । সাধাৰণতে সন্তান জন্ম হোৱাৰ লগে লগে বা এদিন নহ’লে দুদিনৰ পাছত সন্তানৰ নামাকৰণ কৰা হয় । এই উদ্দেশ্যে নাটসকললৈ বুলি এটা গাহৰি উ.সৰ্গা কৰি এক অনুষ্ঠান আয়োজন কৰে নৱজাতকৰ সুৰক্ষা আৰু মংগল কামনাৰে । চিংফৌ শিশুসকলৰ সাধাৰণতে দুটা নাম থাকে । এটা গোপন নাম বা ‘Natming’-যিটোৰে কেৱল দেউতাকে শিশুটিক জানে আৰু আনটো সকলোৰে বাবে প্ৰকাশ্য প্ৰকৃত নাম । গোপন নামটোৰ ক্ষেত্ৰত জন্মৰ লগে লগে পৰম্পৰা অনুসৰি পুৰোহিতক মাতি আনি ধৰ্মীয় ভাৱনাৰে ভৱিষ্যত গণনা কৰি নামটো দিয়ে । “Immediately after birth, a dumsa or dumasawa (traditional perist) is called to select a ‘natming’ (secret name) for the child by means of divination.” (....) চিংফৌসকলে নামাকৰণৰ ক্ষেত্ৰত এক পৰম্পৰা মানি চলা দেখা যায় । সেই অনুসৰি ল’ৰা আৰু ছোৱালী সন্তানৰ নাম জন্মৰ ক্ৰম মতে এনে ধৰণৰ – ক্ৰম ল’ৰা ছোৱালী প্ৰথম সন্তান- গাম (Gam) কু (Ko) দ্বিতীয় সন্তান- নুং (Nong) লু (Lu) তৃতীয় সন্তান- লা (La) ৰুই (Roi) চতুৰ্থ সন্তান- দু (Du) থু (Thu) পঞ্চম সন্তান- তাং (Tang) কাই (Kai) ষষ্ঠ সন্তান- লয়ুং (Lyong) খা (Kha) সপ্তম সন্তান- খা (Kha) পি (Pi) ইত্যাদি ।

মৃত্যু সম্পৰ্কীয় বিধি বিধান

চিংফৌসকলৰ মাজত মৃতদেহ দাহ কৰা আৰু পুতি ৰখা দুয়ো ধৰণৰ পৰম্পৰা আছে । মৃতদেহ দাহ কৰিব নে পুতি থব সেয়া মৃত্যুৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে । সাধাৰণতে স্বাভাৱিকভাৱে বৃদ্ধাৱস্থাত মৃত্যু হলে মৃতদেহ দাহ কৰা হয় । মৃতদেহ দাহ কাৰ্যক ‘জোৱানটাই’ বোলে আৰু এই উপলক্ষ্যে তেওলোকে দাহ কৰাৰ আগতে ‘মংলাপ পই’ উৎসৱ পালন কৰে । আনহাতে দুৰ্ঘটনাজনিত মৃত্যু বা কম বয়সতে অস্বাভাৱিক মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত মৃতদেহটো পুতি ৰখাৰ নিয়ম চিংফৌসকলৰ মাজত প্ৰচলিত । “আহোম আৰু খামটিসকলৰ দৰে এওলোকৰো সম্ভ্ৰান্তলোকৰ কবৰৰ ওপৰত মৈদাম তোলা হয় । অপঘাত মৃত্যু হ’লে এটা ম’হ বলি দিয়া হয়; আৰু মহৰ মুৰটো দুডাল বাঁহ পুতি কেপেয়া কৰি তাতে আঁৰি থোৱা হয় ।” (নেওগ (সম্পা), ২০০৮, পৃ.২২৪) শিশুৰ মৃত্যুৰ ক্ষেত্ৰত চিংফৌসকলে এক নিজস্ব নিয়ম মানি চলে । তেওলোকে মৃত শিশুটিক বাঁহৰ টোম সাজি তাত ভৰাই গাঁৱৰ বাহিৰত এজোপা গছৰ তলত পেলাই থৈ আহে । চিংফৌ সমাজত পুৰোহিতে মন্ত্ৰ পাঠ কৰি মৃতকৰ প্ৰতে শ্ৰদ্ধা জনাই মৃতকৰ উৎসৱ পালন কৰা হয় । বৰ্তমান কিন্তু তেওলোকে বৌদ্ধ ধৰ্মীয় ৰীতি মতে মৃতকৰ উৎসৱ পালন কৰা দেখা যায় । মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে পতা এই শ্ৰাদ্ধ অনুষ্ঠানক ‘শ’ম ’ বোলে । সাধাৰণতে মৃত্যুৰ পাছত সাতদিনৰ দিনা এই অনুষ্ঠান পতা হয় । তেওলোকে মৃতকক সৎকাৰ কৰাৰ আগতে সাময়িকভাৱে দুখ-বেদনা পাহৰাৰ উদ্দেশ্যে সমূহীয়াভাৱে আনুষ্ঠানিক নৃত্য-গীতৰ মাজেৰে মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনায়।চিংফৌসকলে মৃত্যুৰ পাছৰ পুনৰ জন্মত বিশ্বাস কৰে । তেওলোকৰ মাজত কেইবাখনো স্বৰ্গৰ ধাৰণাও প্ৰচলিত।এই ক্ষেত্ৰত Verrier Elwinএ এনেদৰে উল্লেখ কৰিছে –“The Singphows believe that there are three havens of varying degrees of comfort, to which admission is granted according to a man’s conduct during life.”

স্ত্ৰী লোকাচাৰ

চিংফৌ সমাজত প্ৰচলিত বিভিন্ন স্ত্ৰীলোকাচাৰৰ ভিতৰত বিশেষকৈ গৰ্ভধাৰণৰ সময়ত কিছুমান নিয়ম-নীতি মানি চলা হয় যদিও এই ক্ষেত্ৰত বিশেষ বাধা-নিষেধ পৰিলক্ষিত নহয়।গৰ্ভধাৰণৰ পাঁচ মাহলৈকে মহিলাসকলে সৰ্বসাধাৰণ গতানুগতিক জীৱন-চৰ্যা মতেই কাম কৰে।পঞ্চম মাহত এক ধৰ্মীয় উৎসৱ আয়োজন কৰি তেওলোকে ‘তিচাম নাট’(Tisam Nat) দেৱীলৈ এজনী মাইকী গাহৰি আৰু দেৱীৰ জীয়েকৰ নামত এটা মতা কুকুৰা উৎসৰ্গা কৰে।গৰ্ভধাৰণৰ পঞ্চম মাহৰ পিছত প্ৰসূতি গৰাকীৰ খোৱা-বোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰে যদিও মাছ-মাংস খোৱাত কোনো নিষেধ নাই। বয়ন শিল্প – চিংফৌ সমাজত বয়ন শিল্পৰ ভূমিকা অতি গুৰুত্বপূৰণ।নিজৰ জাতীয় সাজ-পাৰ ঘৰতে প্ৰস্তুত কৰি লোৱাৰ পৰম্পৰা অতীজৰে পৰা তেওলোকৰ মাজত চলি আহিছে।মহিলাসকলে সূতা কাটি প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা বিভিন্ন সামহগ্ৰীৰে তৈয়াৰ কৰা ৰং এক নিৰ্দিষ্ট প্ৰণালীৰে সূতাত দি লয়।এই সূতাৰে মহিলাসকলে নিজৰ প্ৰয়োজনীয় ৰিহা, মেখেলাৰ উপৰিও পুৰুষসকলৰ কাৰণে পাগুৰী, লুঙি, মোনা আদি চকুত লগাকৈ বৈ উলিয়াই । চিংফৌ মহিলাসকলৰ সৌন্দৰ্যপ্ৰিয় মনৰ পৰিচয় কাপোৰত তোলা ফুলৰ চানেকিৰ পৰাই পোৱা যায়।তেওলোকৰ ফুলবোৰত ৰেখা, ত্ৰিভূজ, কোণ, চৰ্তুভূজ আদিৰ পয়োভৰ দেখা যায়।প্ৰতিগৰাকী চিংফৌ মহিলাই বোৱা-কটা কামত পাকৈত।ছোৱালী এজনী প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে যাতে পাকৈত শিপিনী হৈ উঠে তাৰ প্ৰতি মাকে বিশেষ চকু ৰাখে।প্ৰধানকৈ ককাঁলত বান্ধি বোৱা তাঁতশালৰ প্ৰচলন বেছি যদিও বৰ্তমান আধুনিক তাঁতশালৰ ব্যৱহাৰো আৰম্ভ হৈছে । চিংফৌ সমাজত কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ গাত এখন কাপোৰ দি শেষ বিদায় জনোৱাৰ নিয়ম।মৃত্যুৰ বাতৰা পোৱাৰৰ পাছত লগে লগে আত্মীয়-কুটুমসকলে আছুটীয়াকৈ বৈ থোৱা মৃতকৰ গাত দিয়া কাপোৰ ‘মিজিপ ওম্বা ’ মৃতকৰ ঘৰলৈ গৈ মৃতকক অৰ্পণ কৰি শেষ শ্ৰদ্ধা তৰ্পণ কৰে।বৰ্তমান বৌদ্ধ ধৰ্মাৱলম্বী চিংফৌ সমাজত শিপিনীসকলে একে ৰাতিৰ ভিতৰতে সূটা কাটি বস্ত্ৰ তৈয়াৰ কৰি দান কৰা ‘কঠিন চীৱৰ দান’ নামৰ এক পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা দৃষ্টিগোচৰ হয়।এইদৰে চিংফৌ সমাজত বয়ন শিল্পৰ এক লেখত লবলগীয়া স্থান দেখা যায়। চিংফৌ মহিলাই বৰ্তমান বয়ন শিল্পক ব্যৱসায়িক ভিত্তিত লবলৈ আৰম্ভ কৰিছে।বজাৰত বিজ্ঞান প্ৰযুক্তিৰ আজিৰ এই যুগত বিভিন্ন ৰঙৰ সূতা সহজতে উপলব্ধ হোৱা বাবে প্ৰাকৃতিকভাৱে সূতাত ৰং দিয়া কাৎচিতহে দেখা যায়।তথাপি বজাৰত প্ৰাকৃতিকভাৱে ৰং দিয়া সূতাৰে বোৱা কাপোৰৰ চাহিদাহে বেছি।আজিকালি চিংফৌ মহিলাসকলে সৌন্দৰ্য প্ৰতিযোগিতাত ব্যৱহাৰ কৰিব পৰাকৈ স্কাৰ্ট, ব্লাউজ, মেখেলা আদি বৈ আৰ্থিকভাৱেও স্বাৱলম্বী হৈছে।

সাজপাৰ

সাজপাৰৰ ক্ষেত্ৰত চিংফৌসকলৰ মাজত স্বকীয়তা বিৰাজমান।চিংফৌ মহিলাসকলে বুকুত মেঠনি (নুৱাত) মাৰে, মেখেলা (বুকাং) পিন্ধে আৰু ককাঁলত পেটি (চিংকেত) মাৰে।গাত চোলা পিন্ধে, লগতে মনিযুক্ত ‘কোম্ফং পলং’ নামৰ এবিধ বিশেষ ধৰণৰ চোলাও মহিলাসকলে পৰিধান কৰে।চিংফৌসকলৰ তিৰোতাৰ সাজপাৰৰ এটি উল্লেখযোগ্য বৈশিষ্ট হ’ল – তিৰোতোসকলৰ সাজপাৰৰ পৰাই তিৰোতা গৰাকী বিবাহিত নে অবিবাহিত নিৰ্ধাৰণ কৰিব পাৰি।তেওলোকে ঠাণ্ডা জলবায়ুৰ অঞ্চলত অধিক জনপ্ৰিয় ‘মানমৌ খ্ৰিং’ নামৰ এবিধ সাজ জাতীয় উৎসৱ ‘স্বপংয়ঙ মানাও পয়’ত পৰিধান কৰি নৃত্য কৰ ।মহিলাসকলে মূৰত এখন বস্ত্ৰ লয়। পুৰুষসকলৰ সাজপাৰৰ ক্ষেত্ৰত সাধাৰণতে ঘৰত প্ৰস্তুত কৰা বোপা বা বাকা (লুঙী), ফামবাম (পাগুৰি) আৰু প্লং (চোলা) পৰিধান কৰে।চিংফৌসকলৰ বোপাত কলা আৰু সেউজীয়া ৰঙৰ সূতাৰ সংমিশ্ৰণ অধিক হয়।ৰজা বা গামসকলে ‘য়ামফুল’ নামৰ এবিধ সুন্দৰ চোলা পৰিধান কৰে ।চিংফৌসকলৰ গামৰ সাজপাৰ অন্যান্যসকলতকৈ সুকীয়া হয়।“ শ্যাম দেশৰ সাজপাৰৰ লগত গামৰ সাজপাৰৰ সাদৃশ্য আছে।”( গগৈ, ২০০৯, পৃ.১৬৪) তেওলোকে চীনা ভেলভেটৰ চোলাত জাংফাই বা সোণ খটোৱা বুটাম লগায়।চিংফৌ পুৰুষসকলে ঘৰতে তৈয়াৰ কৰা ‘ম্ফইং’ অৰ্থাৎ মোনা লগত লৈ ফুৰে।সাধাৰণ মানুহে গছৰ আঁহেৰে তৈয়াৰী মোনাত বান্দৰৰ চাল লগাই লয়।তেওলোকে লগত এখন দা, ধপাত, ধপাত খোৱা পাইপ আৰু কানি লৈ ফুৰে । এওলোকে ম’হৰ ছালেৰে তৈয়াৰী শিৰস্ত্ৰাণ পৰিধান কৰে। অলংকাৰ আৰু উল্কিৰ ব্যৱহাৰ – চিংফৌ সমাজত পুৰুষ-মহিলা উভয়ে অলংকাৰ পৰিধান কৰে।মহিলাসকলে হাতত ‘লুখন’, ডিঙিত কিইচি (দেওমণি), কাণত জাংফাই, ঢোলৰ আকাৰৰ এটা মূৰ ডাঙৰ এটা মূৰ সৰু ‘লুকান’ আৰু হাতৰ আঙুলিত ‘লাকচ’প’ অৰ্থাৎ আঙুঠি পিন্ধে।বোৱাৰীসকলে ওখ খোপা বান্ধি ‘জদাং’ নামৰ সোণ বা ৰূপৰ শিকলিৰে খোপাটো বান্ধি ৰাখে।সাধাৰণতে অবিবাহিতা চিংফৌ মহিলাই মূৰৰ ওপৰত তুলি খোপা নাবান্ধে। চিংফৌ সমাজ জীৱনত ‘উল্কি’ বা ‘টাটু’ৰ প্ৰচলন দেখা যায়।পুৰুষসকলে বাহুত সামান্যভাৱে উল্কি কৰে।মহিলাৰ ক্ষেত্ৰত অবিবাহিত মহিলাক উল্কি কৰাৰ অনুমতি চিংফৌ সমাজে নিদিয়ে।কিন্তু সম্ভ্ৰান্ত শ্ৰেণীৰ সকলো মহিলাই উল্কি কৰা দেখা যায়।মহিলাসকলে আঠুৰ গুৰিৰপৰা ভৰিৰ সৰু গাঁঠিলৈকে আঠ ডাল বগা আৰু কলা ৰঙৰ সমান্তৰাল ৰেখাৰে উল্কি কৰে।

বাঁহ কাঠৰ ব্যৱহাৰ

চিংফৌসকলৰ ভৌতিক সংস্কৃতিৰ অন্যতম প্ৰধান ভাগ বাঁহ-বেত, কাঠৰ সামগ্ৰীৰ ক্ষেত্ৰত তেওলোকে চাংঘৰ সজাকে আমি উল্লেখ কৰিব পাৰো।চিংফৌসকলে সৰু মুখৰ যাঠি আৰু বাঁহেৰে তৈয়াৰী কাঁড় আৰু ধনু অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।তেওলোকে লোহাৰ কেৰাহী, শেলৰ পাত্ৰ আৰু বাঁহৰ চুঙা ৰন্ধা-বঢ়াৰ কাৰণে ব্যৱহাৰ কৰে।চিংফৌসকলে পৰম্পৰাগত চাহ বা ফালাপ প্ৰস্তুত কৰণৰ ক্ষেত্ৰতো চাহ গছৰ কুমলীয়া পাত ৰ’দত শুকুৱাই খুন্দি বাঁহৰ চুঙাত ভৰাই ৰাখি তাক বহুদিনলৈ পানীত উতলাই খায়।“ তেওলোকে বাঁহ,বেত আৰু কাঠেৰে নিৰ্মিত কৰা ‘চিংকা ’(এবেধ হোৰা ),‘উপখাও’(কাঁহী),‘প্লিবান’(বেতেৰে নিৰ্মিত কাঁহী),‘কুমকু’(এবিধ সৰু খৰাহী),‘চাৰান’(বাঁহৰ ডলা) আদি সামগ্ৰীবোৰত চিংফৌ জনগোষ্ঠীৰ কলা নিপুণতা আৰু সৌন্দৰ্যবোধৰ পৰিচয় পোৱা যায়।”(ৰাজবংশী, ২০০৩, পৃ.৮৮) চিংফৌসকলে ওখকৈ শাৰী শাৰী চাংঘৰ সাজি বাস কৰে।তেওলোকৰ বসতিপূৰ্ণ অঞ্চলত সহজতে বাঁহ, কাঠ, পাত আদি পোৱা বাবে আৰু জীৱ-জন্তুৰ আক্ৰমণৰ পৰা সুৰক্ষাৰ কাৰণে চাংঘৰ সাজি বসবাস কৰাটো অভ্যাসত পৰিণত হয়।চাংঘৰসমূহ ৬০ৰ পৰা ১০০ ফুট পৰ্যন্ত দীঘল হয়।বাঁহ আৰু কাঠেৰে নিৰ্মিত এই চাংঘৰসমূহত ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ টকৌ পাত ব্যৱহাৰ কৰে।গৃহ নিৰ্মাণৰ কামত গাঁৱৰ সমূহ ৰাইজে সহযোগিতা আগবঢ়ায় গৃহস্থৰ আমন্ত্ৰণ ক্ৰমে।মাটিৰ পৰা প্ৰায় চাৰি-পাঁচ ফুট উচ্চতাত বাঁহ আৰু খুটাৰ ওপৰত গোটা বাঁহ ঠাহি চছাঁলি দিয়ে।কাঠি-কামিৰে সুন্দৰকৈ চাৰিবেৰ বন্ধা চিংফৌসকলৰ চাংঘৰতো কেইবাটাও ভাগ কৰা হয়।ঘৰৰ প্ৰথম কোঠাটোত গৃহ পূজাৰ কাৰণে কাঠেৰে নিৰ্মিত এটা বাকচত ‘পাংনা’ অৰ্থাৎ বুদ্ধ মূৰ্তি ৰাখে।এই মূৰ্তিত পূৱা-গধূলি পূজা-অৰ্চনা কৰে।প্ৰথম কোঠাটোক ‘ইংবাংদন’ বোলা হয়।এই কোঠাটো সাধাৰণতে অবিবাহিত ডেকা-গাভৰুৱে ব্যৱহাৰ কৰে।দ্বিতীয় কোঠাটোক ‘খাঃআংদুন’ বোলে।এই কোঠাটোত বিবাহিত পু-বোৱাৰী থাকে । ঘৰৰ অন্যান্য কোঠাত বুঢ়া-বুঢ়ী থাকে।ঘৰৰ পাছফালৰ যি অংশত মহিলাসকলে সূতা কটা, তাঁত বোৱা আদি দৈনন্দিন কাম-কাজ সম্পাদন কৰে সেই অংশক ‘ইম্পান’ বোলে।চাংঘৰৰ ওপৰতে তেওলোকে জুইশালৰ ব্যৱস্থা কৰি লয়।চাংঘৰলৈ উঠাৰ কাৰণে ‘লাকাং’ অৰ্থাৎ জখলা ব্যৱহাৰ কৰে।

সামাজিক লোকাচাৰ

চিংফৌসকলৰ মাজত প্ৰচলিত বিভিন্ন সামাজিক লোকাচাৰৰ ভিতৰত মূলত লোক বিশ্বাস আৰু বিভিন্ন উৎসৱ-অনুষ্ঠানৰ প্ৰাসংগিকতা আমি দেখা পাও।তদুপৰি আধুনিক চিকিৎসা পদ্ধতিৰ মাজতো চিংফৌসকলে পৰম্পৰাগত ঔষধ-পাতি ব্যৱহাৰ কৰা দেখা যায়।চিংফৌসকলে মুখৰ আগেদি বনবোন্দা, কেটেলা পহু, সাপ পাৰ হৈ যোৱা দেখিলে বিপদৰ আগজাননী আৰু সোঁ বা বাঁও কাষেদি গলে উদাৰতাৰ ইংগিত দিয়া বুলি বিশ্বাস কৰে।আনহাতেদি সন্মুখেদি পহু বা গঁড় পাৰ হৈ গলে শুভ লক্ষণ বুলি গণ্য কৰে।চন্দ্ৰ গ্ৰহণৰ ক্ষেত্ৰত কুকুৰে চন্দ্ৰটো গিলিবলৈ ধৰা বুলি বিশ্বাস কৰে।বৰকাঁহ বজালে আৰু বন্দুকৰ শব্দ কৰিলে কুকুৰে চন্দ্ৰটো গিলিবলৈ এৰি দিয়ে বুলিও বিশ্বাস কৰে।আকৌ ৰামধেনুৰ আৱিৰ্ভাবৰ ক্ষেত্ৰত পৃথিৱীৰ অটল গৰ্ভত থকা কেঁকোৰাৰ মুখৰ পৰা উলোৱা বুলি চিংফৌ সকলৰ বিশ্বাস।ৰামধেনু আংশিকভাৱে ওলালে বৰষুণ হ’ব বুলি আৰু লম্পূৰ্ণকৈ ওলালে খৰাং হয় বুলি বিশ্বাস কৰে।ভূমিকম্পৰ ক্ষেত্ৰত পৃথিৱীৰ গৰ্ভত থকা ঘঁৰিয়ালে গাঁত খন্দাৰ ফল বুলি বিশ্বাস।এইদৰে চিংফৌ সমাজত বিভিন্ন প্ৰাকৃতিক ঘটনা-পৰিঘটনা, শুভ-অশুভৰ আগজাননী আদিক কেন্দ্ৰ কৰি বিভিন্ন লোকবিশ্বাসৰ প্ৰচলন আছে।

উৎসৱ-অনুষ্ঠান

চিংফৌ সমাজত পালন কৰা বিভিন্ন অনুষ্ঠানসমূহ তেওলোকৰ কৃষি, ধৰ্ম আৰু জনবিশ্বাসৰ সৈতে সংপৃক্ত । চিংফৌসকলে প্ৰতি বছৰৰ ১৪ ফেব্ৰুৱাবী তাৰিখে জাতীয় উৎসৱ ‘স্বপংয়’ঙ মানাও পয়’ পালন কৰে, অতি উলহ-মালহেৰে । অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা চিংফৌসকলে একত্ৰিত হৈ কোনো এঠাইত তেওলোকৰ পূৰ্বপুৰুষ ‘স্বপংয়ং’ আৰু বিশ্বৰ সৃষ্টিকৰ্তা ‘মাঠুম মাঠাৰ’ক প্ৰাৰ্থনা জনোৱাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰে । চিংফৌসকলৰ বিশ্বাস মতে স্বপংয়ংৰ পুত্ৰ ‘টিংলিংয়ঙে’ পিতা ‘স্বপংয়ং’ আৰু সৃষ্টিকৰ্তা ‘মাঠুম মাঠাৰ’ৰ পৰা আশীষ লাভাৰ্থে ‘চিকনগুংন্দন পয়’ বা ‘গুণানুকীৰ্তন উৎসৱ’ পালন কৰিছিল আৰু সময়ৰ সোঁতত এই উৎসৱেই তেওলোকৰ জাতীয় উৎসৱ ‘স্বপংয়ঙ মানাও পয়’ হিচাপে উদযাপিত হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি । এই জাতীয় উৎসৱ, উৎসৱৰ প্ৰতীক স্বৰূপ ‘স্বাদুং’ প্ৰতিষ্ঠাৰ পাছতে আৰম্ভ হয় । ‘স্বাদুং’ হ’ল কেইডালমান দণ্ডৰ সমষ্টি । মধ্য স্থানত পুতা দণ্ড দুডালক ‘দুংলা’ আৰু ‘দুংৰি’ বোলা হয় । ইহঁতক ক্ৰমে পুৰুষ, স্ত্ৰী বা প্ৰকৃতি হিচাপে বিশ্বাস কৰে । এই দুডাল দণ্ডৰ ওপৰৰ অংশত চন্দ্ৰ আৰু সূৰ্যৰ লগতে ধনেশ পক্ষীৰ চিহ্নও অংকন কৰি লয় । তেওলোকৰ বিশ্বাস মতে চন্দ্ৰ-সূৰ্যৰ সৃষ্টিৰ পাছত এই বিশ্বত গছ-গছনি, ফল-ফুল আৰু জীৱ-জন্তুৰ সৃষ্টি হয়।আকৌ সৰ্বপ্ৰথম পক্ষীকুলেই ফলমূলৰ স্বাদ গ্ৰহণ কৰাৰ বিশ্বাস মতে তেওলোকে পক্ষীকুলৰ নেতা ধনেশ পক্ষীৰ চিহ্ন অংকণ কৰে।স্বাদুংৰ সন্মুখত চিংফৌসকলে জনগোষ্ঠীয় আৰ্হিৰে এটা গৃহ নিৰ্মাণ কৰি লয়।ইয়াত অতিথিসকল বহে, বৃদ্ধসকলে সাধু কয়,লোকগীত গায় আৰু ‘ফালাপ’ৰ জুতি লয়।সকলোৱে মিলি নৃত্য-গীতত অংশ লয়।পূৰ্বতে এই উৎসৱত বলি-বিধান তথা পানীয়ৰ ব্যৱহাৰ আছিল যদিও বৰ্তমান বৌদ্ধ ধৰ্মাৱলম্বী চিংফৌসকলে বলি-বিধান সম্পূৰ্ণৰূপে ত্যাগ কৰা দেখা যায়।এই জাতীয় উৎসৱে আধুনিক সময়ৰ সৈতে খাপ খুৱাই বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।লগতে এই উৎসৱে জাতীয় জীৱনৰ সামাজিক,সাংস্কৃতিক তথা শৈক্ষিক দিশৰ আলোচনা তথা ৰক্ষণাবেক্ষণৰ বাবে এখন উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাত সফল হৈছে। কৃষিভিত্তিক উৎসৱৰ ভিতৰত চিংফৌসকলে শস্য সিচাঁৰ আগতে পৃথিৱীৰ দেওক পূজা দিয়ে।সাধাৰণতে পূজাথলীত বা ‘নুমচং’ত বাটৰ ওপৰত বেদী সাজি তাৰ সন্মুখত আবেলি বলি দিয়ে,য’ত বলিকটীয়া,টুমছা বা পুৰোহিত আৰু ‘দোৱা’হে উপস্থিত থাকিব পাৰে।দিনত গঞাই সকলো দেওলৈ নুমচঙত পূজা আগ কৰে।এয়াৰ পাছত টুমছাই গণনা কৰে কোন ঘৰ গৃহস্থই প্ৰথমে শস্য সিঁচিব আৰু সেইমতে বীজ সিঁচে।ইয়াৰ অন্তত ৰাইজে ভোজ-ভাত খাই কণী আৰু লাওপানী উৎসৰ্গা কৰি উৎসৱৰ যৱনিকা পেলাই সকলোৱে বীজ সিংচাৰ প্ৰথা চিংফৌসকলৰ মাজত প্ৰচলিত আছে।শস্য পকাৰ সময়ত দেওৰ পৰা শস্য ৰক্ষাৰ কাৰণে তেওলোকে ‘চিকৱন খৱনে’ উৎসৱ পালন কৰে।প্ৰথম শস্যৰ বীজ সিঁচা কৃষক ঘৰে শস্য চপোৱাৰ পাছতহে গাঁৱৰ অন্যসকলে শস্য চপোৱাৰ প্ৰথা চিংফৌসকলৰ মাজত প্ৰচলিত। ধৰ্মীয় উৎসৱৰ ভিতৰত চিংফৌসকলে বছৰত এবাৰকৈ বৌদ্ধ ধৰ্মীয় পৰম্পৰা অনুসৰি ‘চাং কিয়ান’(Chang Kiyan) উৎসৱ পালন কৰে।নতুন বছৰৰ আৰম্ভণি হোৱা উপলক্ষ্যে তিনি দিন ধৰি এপ্ৰিল মাহত এই উৎসৱ পালন কৰে।প্ৰথম দিনা বৌদ্ধ মূৰ্তিসমূহ মঠৰ পৰা উলিয়াই আনি পানীৰে ধুৱাই মঠৰ কাষতে পতা অস্থায়ী চালিৰ তলত স্থাপন কৰে।তাৰ পাছত সমূহীয়াভাৱে পূজা-অৰ্চনা কৰি তেওলোকে নৃত্য-গীত কৰে।লগতে দবা,কাঁহ আদি বজায়।বাকী দুদিন পূজা-অৰ্চনাৰ লগতে ধৰ্মীয় গুৰুসকলে ধৰ্মীয় উপদেশ দিয়ে।শেষৰ দিনা মূৰ্তিসমূহ পুনৰাই মঠত স্থাপন কৰা হয় পূৰ্বৰ মতে।উৎসৱৰ তিনিদিন তেওলোকে মাছ-মাংস নাখায়,নিৰামিষ খাদ্যৰ লগতে পিছা-পানাৰো যোগাৰ কৰে। এই উৎসৱত ডেকা ল’ৰাবোৰে বৃত্তাকাৰে নৃত্যত ভাগ লয়।ইয়াৰ উপৰিও চিংফৌসকলে বিভিন্ন উপলক্ষ্যত অনুষ্ঠিত কৰা নানান উৎসৱ-অনুষ্ঠানৰ বিষয়ে সবিশেষ তথ্যৰ বাবে যথেষ্ট পৰিমানৰ গৱেষণা কৰাৰ থল আছে।

গাঁও পৰিষদ

একোজন গামৰ অধীনত এটাকৈ ফৈদ থকা চিংফৌ সমাজত গাৱলীয়া বিবাদসমূহ নিষ্পত্তিৰ কাৰণে গাঁও পৰিষদ একোখন থাকে।গাৱৰ বয়োজেষ্ঠ্য সকলক লৈ গঠিত এই গাও পৰিষদক ‘ৰোং যোতা’(Rngo Juta) বোলা হয়।ৰাজা বা বিচা গামৰ ঘৰত সকলোৱে মিলিত হৈ বিবাদ সম্পৰ্কীয় ৰায় দিয়ে।দোষী সাব্যস্ত হোৱাজনক জৰিমনা বিহাৰ বিষয়ে G.C. Sharma Talukdarএ এইদৰে উল্লেখ কৰিছে – “The severest punishment the assembly can inflict upon a culprit is Rs. 600 and one buffalo. Previously the offender was excommunicated.”(Sharma Thakur, 1972, p.96)

স্বায়ত্ত শাসনৰ কাৰণে আন্দোলন

ইংৰাজসকলে গঠন কৰা টিৰাপ সীমান্ত জিলাত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লগতে চিংফৌসকলো শিক্ষাৰ অভাৱ,অৰ্থনৈতিক অনগ্ৰসৰতা,চিকিৎসা সেৱা তথা পৰিবহণ ব্যৱস্থাৰ অভাৱ,বহিৰাগতৰ অবৈধ ভূমি বে-দখল আদি সমস্যাৰে ভাৰাক্ৰান্ত।এনে নানান সমস্যাৰে ভাৰাক্ৰান্ত চিংফৌসকলৰ অস্তিত্ব ক্ৰমে বিপদাপন্ন হৈ আহিছে।স্বাধীনতাৰ পিছত টিৰাপ সীমান্ত অঞ্চলৰ প্ৰায় ১০০ বৰ্গ মাইল এলেকা জুৰি গঠন কৰা টিৰাপ মৌজাই ১৯৫৩ চনত অসম চৰকাৰ স্বীকৃতি লাভ কৰে।এই মৌজাক টিৰাপ সীমান্তৰ টিৰাপ হস্তান্তৰ এলেকা ৰূপে জনা গৈছিল।বৰ্তমান টিৰাপত অ-জনজাতি আৰু বহিৰাগতৰ অবৈধ বে-দখল চলাৰ লগতে হাজাৰ হাজাৰ বিঘা মাটিত চাহখেতি কৰাৰ ফলত অন্যান্য জনজাতিৰ লগতে বহুতো চিংফৌলোকৰ ঘৰৰ ভেটি উচন হৈছে।উপায়হীন হৈ বহুতে অন্য আবাসভূমিৰ সন্ধানত কাষৰীয়া ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে।প্ৰায় ৬০ৰ দশকৰ শেষৰফালে টিৰাপৰ চিংফৌ,টাংচা আৰু টাইফাকে জনগোষ্ঠীয়ে উমৈহতীয়া অভাৱ-অভিযোগসমূহ দূৰ কৰাৰ কাৰণে ‘জনজাতি শান্তি পৰিষদ’ গঠন কৰিছিল।ৰাজনৈতিকভাৱে প্ৰবঞ্চনাৰ বসি হোৱা এই সকল লোকে চৰকাৰক যথেষ্ট আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাত শেষত নব্বৈ দশকৰ শেষ ভাগত তেওলোকে টিৰাপত স্বায়ত্ত শাসনৰ দাবী তুলি মাৰ্ঘেৰিটাৰ ৰাজপথৰ আকাশ-বতাহ কপাঁই তুলিলে।মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত টিৰাপ,মাকুম আৰু বুঢ়ীদিহিং মৌজাৰ একাংশ এলেকা সাঙুৰি তেওলোকে ‘টিৰাপ স্বায়ত্ত শাসিত জিলা’ৰ দাবী তুলিছে, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ আধাৰত।ঐতিহাসিক ষ্টিলৱেল পথটো পুনৰ মুকলি কৰাৰ লগতে অন্যান্য বিভিন্ন দাবীৰে সৈতে তেওলোকে স্বায়ত্ত শাসনৰ দাবীৰ আন্দোলন বৰ্তমানেও অব্যাহত ৰাখিছে। অসমীয়া ভাষা,সংস্কৃতি আৰু জাতি গঠনত চিংফৌসকল – অসম আৰু অৰুণাচল প্ৰদেশত দুশ বছৰৰো অধিক কাল বসবাস কৰি থকা চিংফৌসকলে তেওলোকৰ স্বকীয় সামাজিক-সাংস্কৃতিক বৈশিষ্ট্যৰে অসমীয়া জাতি গঠন তথা সমাজ-সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে।বৰ্তমান আধুনিকতাৰ পৰশ তথা অসমীয়া ভাষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ ফলস্বৰূপে তেওলোকৰ পৰম্পৰাগত ভাষা-সংস্কৃতিলৈ যথেষ্ট পৰিবৰ্তন আহিছে।চিংফৌসকলে ঘৰুৱা জীৱনত চিংফৌ ভাষা ব্যৱহাৰৰ বিপৰীতে অন্যান্যসকলৰ লগত ভাৱৰ আদান-প্ৰদান অসমীয়া ভাষাৰে কৰে।ফলত অসমীয়া ভাষা আৰু চিংফৌ ভাষা উভয়ে পৰস্পৰৰ সংস্পৰ্শত সমৃদ্ধ হৈছে।১৯১৭ চনত আমেৰিকান বেপ্তেষ্ট মিছনে প্ৰথম চিংফৌ ভাষাৰ বাতৰি কাকত প্ৰকাশ কৰে যদিও সি ম্যানমাৰত থকা চিংফৌসকলৰ মাজতে আবদ্ধ হৈ আছিল।বিংশ শতিকাৰ আদি দশকৰ পাছত গঠিত ‘Singpho Cultural Society’এ অসমত চিংফৌ ভাষা-সংস্কৃতিৰ পুনৰুদ্ধাৰৰ কাম কৰি আহিছে।১৯১৫ চনত দেবানন্দ উলুপৰ সম্পাদনাত চিংফৌ মাহেকীয়া আলোচনী ‘’Jingpho’ প্ৰকাশ পোৱাত গল্প,কবিতা,প্ৰবন্ধ প্ৰকাশ হৈ ভাষা-সংস্কৃতিৰ বিকাশৰ ধাৰাতো বৰ্তমানেও গতিশীল কৰি ৰাখিছে।আধুনিকতাৰ স’তে খাপ খুৱাই ৰাখিও চিংফৌসকলে নিজৰ পৰম্পৰাগত জীৱন শৈলীক বিভিন্ন প্ৰতিকুলতাৰ মাজতো প্ৰৱহমান কৰি ৰাখিছে।তেওলোকে ঘৰুৱাভাৱে প্ৰস্তুত কৰা চাহৰ পৰা জৈৱিক চাহ প্ৰস্তুত কৰাৰ এক বিজ্ঞানসন্মত প্ৰণালী আৱিষ্কাৰৰ জৰিয়তে ইংৰাজ বিষয়া ৰবাৰ্ট ব্ৰুছক প্ৰথম ভাৰতবৰ্ষত চিংফৌ গামে চাহ গছৰ লগত চিনাকী কৰাই দিয়াৰ ইতিহাসকো চিৰযুগমীয়া কৰি ৰাখিব পাৰিব।আমি আশা কৰিব পাৰো যে ভাষা,সংস্কৃতি,সমাজ তথা ইতিহাসৰ প্ৰকৃত অধ্যয়ন আৰু গৱেষণাই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু অসমীয়া ভাষা-সংস্কৃতিৰ পথাৰখন অধিক উৰ্বৰা কৰি তুলিব।

গ্ৰন্থপঞ্জী¬:

অসমীয়া :

অপৰ্ণা কোঁৱৰ. “চিংফৌ জাতি-সংস্কৃতি :এটি আলোকপাত.” পৰমানন্দ ৰাজবংশী. অসমীয়া জাতি আৰু সংস্কৃতি. গুৱাহাটী: অসমীয়া বিভাগ,প্ৰাগজোতিষ মহাবিদ্যালয়, ২০০৩.

ইনু মহন্ত. “বিহঙ্গম দৃষ্টিৰে চিংফৌ জনগোষ্ঠী.” চিত্ৰলেখা বৰা. তিনিচুকীয়া জিলাৰ মানুহ. তিনিচুকীয়া: তিনিচুকীয়া জিলা সাহিত্য সভা, n.d.

দিব্যলতা দত্ত. “চিংফৌসকলৰ জাতীয় সাজপাৰ,আ-অলংকাৰ.” শণিবৰীয়া এনাজৰী,অসমীয়া প্ৰতিদিন নবেম্বৰ ২৮, ২০০৯.

মহেশ্বৰ নেওগ. “চিংফৌ.” প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য. অসমৰ জনজাতি. ধেমাজী: কিৰণ প্ৰকাশন, ২০০৮.

ৰাজীৱ নিংখী. চিংফৌ সমাজ আৰু সভ্যতা. নগাঁও: উত্তৰ-পূব ভাৰতৰ লোক সংস্কৃতি গৱেষণা কেন্দ্ৰ, জানুৱাৰী,২০০৯.

লোকেশ্বৰ গগৈ. “অসমৰ জনজাতিসকলৰ কৃষি উ.সৱ.” অসম সাহিত্য সভা পত্ৰিকা (মে,১৯৮৭).

অসমৰ লোকসংস্কৃতি. ভূপাল, মধ্যপ্ৰদেশ: চাও দেৱজিত বৰুৱা,নাং বন্দনা বৰুৱা, আগষ্ট,২০০৯.

Thakur, G.C. Sharma. The Plains Tribes of Lakhimpur,Dibrugarh,Sibsagar and Nowgong. Shillong: Tribal Research Institute, July 1972.

Elwin, Verrier. A Philosophy for N.E.F.A. Shillong, 1959.

লিখক: যাদবেন্দ্ৰ বৰা।

3.16129032258
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top