কপৌ ফুল বুলিলে বসন্তৰ চৌপাশ মুখৰিত কৰা অসমীয়া বাপতিসাহোন ৰঙালি বিহুটিৰ কোঁহে কোঁহে অনেক স্মৃতি, মধুৰ সম্পৰ্ক জড়িত হৈ থকা সৌন্দৰ্য্যবৰ্দ্ধক ফুলপাহকে বুজায়। এই কপৌ ফুলৰ বসন্ত উত্সৱ, অসমীয়াৰ প্ৰাণ স্বৰূপ বহাগ বিহুৰ লগত মধুৰ সম্পৰ্ক আছে। সেয়েহে কপৌ ফুলৰ বিষয়ে কবিয়ে এনেদৰে প্ৰকাশ কৰিছে- কপৌ ফুল মোৰ মৰমৰ, কপৌ ফুল মোৰ চেনেহৰ, কপৌ ফুল মোৰ বুকুৰে আপোন। এই বসন্ত কালতে কেউদিশ ৰূপে-গোন্ধে আমোলমোলোৱা প্ৰকৃতি ৰাণীক মতলীয়া কৰা নানা তৰহৰ ফুল নাহৰ, তগৰ ইত্যাদিৰ ভিতৰত কপৌ ফুলহে নাচনী বিহুৱতীৰ অতি প্ৰিয়।
সেয়েহে কপৌ ফুল অসমীয়াৰ অতি মৰমৰ, অতি চেনেহৰ। সমগ্ৰ বিশ্বৰ লগতে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমীৰ প্ৰাকৃতিক কোলাত কপৌ ফুল বিভিন্ন গাঁও-ভূঁই, হাবি-বননি, গছ-গছনিত সিঁচৰিত হৈ আছে। কপৌ ফুলৰ সৌন্দৰ্য্য অতি মনোৰম তথা বিতোপন। কপৌ ফুল অবিহনে আমাৰ মৰমৰ ৰঙালী বিহুটি সম্পূৰ্ণ নহয়। বসন্ত ঋতুৰ অন্যতম উত্সৱ ৰঙালী বিহুটিৰ অন্যতম প্ৰতীক হৈছে কপৌ ফুল। সেয়েহে বিহু গীতত কপৌ ফুলৰ বিষয়ে এনেদৰে গোৱা হয়-
‘পাহাৰে ভৈয়ামে ঘূৰিনো ফুৰিছো
কপৌ ফুল এপাহিৰ বাবে,
কপৌ ফুল নাপালে বিহুকে নানাচে
প্ৰতিজ্ঞা কৰিছে ধনে।‘
কপৌ ফুলৰ আকৰ্ষণীয় সুৱাসত মতলীয়া আমাৰ প্ৰত্যেক অসমীয়া। আমাৰ অতিকৈ চেনেহৰ বহাগৰ বিহুটিত তাহানি কোনোবা বিহুৱা ডেকাই বিহুৱতী নাচনীক মৰমৰ চিনস্বৰূপে এপাহি কপৌফুল গুঁজি দিয়া পৰম্পৰা আছিল, এই উপহাৰতেই লুকাই আছিল জীৱনৰ অনেক ৰং, অনেক সপোন, প্ৰেৰণা আৰু উত্সাহ। তাহানি বাপতিসাহোন ৰঙালী বিহুটিত অসমীয়া ডেকাই নাচনীক দিয়া কপৌ ফুল, অসমীয়া জীয়ৰীয়ে নিজ হাতে বৈ দিয়া বিহুৱানখন সঁচাকৈয়ে তুলনাবিহীন পৰম্পৰা আছিল। কপৌ ফুলক লৈ বিহুগীতত কোৱা হৈছে-
‘সেউতী নিপিন্ধো মালতী নিপিন্ধো
পিন্ধো মই খৰিকাজাঁই।
ঢাপৰ কাণ কটা সিজু
এইপাহি কপৌফুল দিবাগৈ মইনাক
খোপাত খায়ে যাব ৰিজু।
চতাই পৰেবতৰ কপৌ ফুল আনিছো
খোপাত পিন্ধায়ে দিম।‘ ইত্যাদি।
কপৌ ফুল এপ্ৰিল মে’ মাহত অৰ্থাত্ আমাৰ ব’হাগ বিহু সময়ত ফুল জাতিষ্কাৰ হৈ পৰে। এই কপৌ ফুল সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, যেনে- উত্তৰ-পূৰ্বাঞ্চল, বিহাৰ, হিমাচল প্ৰদেশ, বাঙ্গালোৰ আদি ঠাইত পোৱা যায়। কিন্তু ঠাইভেদে ইয়াৰ নাম, ৰূপ, ৰং আৰু আকাৰ ভিন্ন হয়। জামু, নাৰিকল, কঁঠাল, আম আদি গছত কপৌ ফুলে প্ৰাণ পাই উঠে। ইয়াৰ ৰং সাধাৰণতে বগা, পাতল গুলপীয়া, বেঙুনীয়া ইত্যাদি হয়। বিশ্বৰ বিভিন্ন ঠাইত কপৌ ফুলৰ নাম বেলেগ বেলেগ হয়। ফৰাচী ভাষাত ‘নাৰ্ডিলিয়া’, ইংলণ্ডত ‘লিন’, চীনদেশত ‘লেন’ বুলি কয়। কিন্তু অসমৰ কপৌ ফুলৰ সৌন্দৰ্য্য আৰু মিঠা সুবাসৰ ওপৰত ভিত্তি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, কইনাৰ কেশসজ্জা, বিয়া-বাৰু আদিত ব্যৱহাৰ কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।
কপৌ ফুলৰ চাহিদা আজি বিশ্বায়নৰ যুগতো কমা নাই, বৰং বাঢ়িছেহে। কপৌ ফুলৰপৰা বিভিন্ন চাবোন, প্ৰসাধন সামগ্ৰী, তেল, মলম আদি প্ৰস্তুত কৰা হয়। তদুপৰি লোকবিশ্বাস মতে, ঘৰৰ চৌহদৰ ভিতৰত যদি কপৌ ফুল থাকে তেন্তে ভূত-প্ৰেত আদিৰ ভয় নাথাকে। বৈদিক যুগৰপৰাই এই ঈশ্বৰপ্ৰদত্ত পৰাশ্ৰয়ী উদ্ভিদজোপা বিভিন্ন পূজা-পাতল আদিৰ লগতে ৰোগ প্ৰতিষেধক বনৌষধি হিচাপে ব্যৱহৃত হৈ আছে।
অসমীয়া সমাজ-সংস্কৃতি, পৰম্পৰাৰ লগত কপৌ ফুল জড়িত। ৰঙালী বিহুৰ এক চেনেহৰ প্ৰণয়ৰ প্ৰতীক হিচাপে তাহানি কালৰপৰা এক আদৰ্শৰ প্ৰতীক হিচাপে স্থান দখল কৰি আহিছে। এনেহেন মাধুৰ্যৰে ভৰা উদ্ভিদজোপাৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ প্ৰয়োজন। কিয়নো ই অসমৰ অসমীয়াৰ চেনেহৰ প্ৰতীক, প্ৰণয়ৰ প্ৰতীক।
লেখিকাঃ ঊষা দেৱী
শেহতীয়া উন্নীতকৰণ: : 5/9/2020