অসমৰ পশ্চিম-দক্ষিণ কোণ আৰু মেঘালয়ৰ পশ্চিম অঞ্চলত বাসকৰা কৃষিজীৱি হাজংসকলৰ এটি উল্লেখযোগ্য উৎসৱ হ’ল – চৰমাগা অথবা চ’ৰ খেলা। দ্বীপান্বিতাৰ দুই-তিনিদিন আগৰেপৰা এই উৎসৱ আৰম্ভ হয় আৰু ই এসপ্তাহ জুৰি চলে। চ’ৰমাগা দলৰ নৃত্যকাৰী দলটোৱে ইখন গাঁৱৰপৰা আনখন গাঁৱলৈ নৃত্য-গীত পৰিবেশন কৰাটো এই উৎসৱৰ মূল কথা। দলটোত থাকে এজন অথবা দুজন ভিক্ষাদাৰী। একেদিনাই নিজৰ গাঁৱলৈ উভতি আহিব নোৱাৰিলে চ’ৰ মাগা দলটোৱে গাঁৱৰ ধনী মানুহ এঘৰৰ ঘৰত ৰাতিৰ সাজ খাব বুলি এজনৰ হাতত খবৰ দি পঠিয়ায়। ইয়াক চলিত ভাষাত কোৱা হয় – ভাত-খবৰী। অন্তিম দিনা মাগি অনা ধান-চাউল আৰু টকা-পইচাৰে দলটোৱে চ’ৰখেলা খাৱন উৎসৱ পাতে। জয়জয়তে তেওঁলোকে আই লখিমীলৈ ঠাকুৰ-সেৱা আগবঢ়ায়। এই লগ ভাত খোৱা উৎসৱত ডেকা-বুঢ়া নিৰ্বিশেষে যোগদান কৰাটো উল্লেখযোগ্য। চ’ৰমাগা উৎসৱত প্ৰদৰ্শিত বিভিন্ন নৃত্যৰ ভিতৰত লেৱাটানা লেখৰ।
লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 3/7/2020