অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জোনবিল মেলা

জোনবিল মেলা

বৰ্তমান মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু জাগীৰোডৰ পৰা চাৰি কিল’মিটাৰ উত্তৰে এসময়ত গোভা ৰাজ্যৰ অৱস্থিতি আছিল৷ সেই প্ৰাচীন গোভা ৰাজ্যই ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাৰ স্থান৷ গোভা ৰজাই প্ৰচলন কৰা দেওৰজাৰ ৰাজ-দৰবাৰৰ সিদ্ধান্ত অনুসৰি অতীজৰে পৰা চিৰাচৰিত প্ৰথাৰে জোনবিলৰ পাৰত জোনবিল মেলা বছৰি অনুষ্ঠিত হৈ আহিছে৷ এই মেলাই অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ সংস্কৃতিৰ এক ঐতিহাসিক স্বাক্ষৰ বহন কৰে৷

‘জোনবিল’ নামটোৰ বিষয়ে এনেদৰে পোৱা যায়… এবাৰ জোনাক নিশা গোভা ৰজা পণ্টেশ্বৰে বিহাৰ কৰি স্বৰাজ্যলৈ ঘূৰি আহি আছিল৷ তেনেকৈ আহি থাকোঁতে বাটতে এক বিশাল জলধাৰাত জোনৰ অনুপম প্ৰতিবিম্ব দেখি তেওঁ অভিভূত হৈ পৰিল৷ জোনাক জলমলাই থকা সেই জলধাৰাৰ নাম ৰাখিলে ‘জোনবিল’৷ বুৰঞ্জীপ্ৰসিদ্ধ এই জোনবিলৰ পাৰতে পোন্ধৰশ শতিকাৰো পূৰ্বৰ সময়ৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ অহা পাহাৰ-ভৈয়াম সম্প্ৰীতি উৎসৱেই ‘জোনবিল মেলা’৷ আহোমৰ ৰাজত্ব কালত সেইকেইটা দিনতে ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে উক্ত স্থানত আলোচনা-বিলোচনা চলোৱা হৈছিল৷ তাহানিৰ সেই দিন ধৰি জোনবিল মেলা আজি পৰ্যন্ত বৰ্তি আছে৷ তিৱা, কাৰবি, খাচি, জয়ন্তীয়াসকলৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ ৰাইজে ইয়াৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে৷

জোনবিল মেলাৰ সময় সম্পৰ্কে পঢ়িবলৈ পোৱামতে, লালুং (তিৱা)সকলে যেতিয়া জয়ন্তীয়া ৰাজ্যৰ দাঁতি-কাষৰীয়া উত্তৰাঞ্চলত বসবাস কৰিছিল, সেই সময়ত এটা পৰিয়ালত লাংবৰ আৰু লুংবৰ নামৰ দুজন ককাই-ভাই আছিল৷ চিকাৰ কৰি ভাল পোৱা লাংবৰে এদিন জন্তুৰ পিছ খেদি জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী ওলালগৈ৷ যাওঁতে বাটত জয়ন্তীয়া কুঁৱৰী হিলালীক লগৰীয়াসকলৰ সৈতে স্নান কৰি থকা দেখা পালে৷ দুয়ো ক্রমাৎ প্ৰণয়-পাশত আবদ্ধ হ’ল৷ কথাটো এদিন ৰজাৰ কাণত পৰিলগৈ৷ ৰজাই সেনাপতিৰ হতুৱাই লাংবৰক ধৰাই নি বন্দী কৰি থ’লে৷ পিছত ৰাজসভাত আলোচনা কৰি বন্দীক বলি দিয়াৰ সিদ্ধান্ত ল’লে৷ কথাটো গম পাই হিলালীৰ শাৰীৰিক-মানসিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে৷ অনেক কাকূতি-মিনতি কৰাত ৰজাই অৱশেষত সিদ্ধান্ত সলনি কৰিলে৷ লাংবৰক ঘৰ-জোঁৱাই কৰিলে আৰু জয়ন্তীয়া ৰাজ্যৰ দাঁতি-কাষৰীয়া উত্তৰাঞ্চল দান দিলে৷ গোভা নৈৰ পাৰত ৰাজদৰবাৰ বহুৱাই উত্তৰে কপিলী নদীলৈকে ৰাজ্য পাতি দিলে৷ মাঘ বিহুৰ উৰুকাৰ সাত দিনৰ পাছত লাংবৰৰ অভিষেক পাতিলে৷ সেই দিনটোৰ লগত সংগতি ৰক্ষা কৰিয়ে তেতিয়াৰে পৰা জোনবিল মেলা মাঘ বিহুৰ উৰুকাৰ সাতদিনৰ পিছত শনি আৰু দেওবাৰে অনুষ্ঠিত হৈ আহিছে৷

অগ্নি পূজাৰ মাধ্যমেৰে প্ৰাপ্ত পৱিত্ৰতা আৰু শক্তিৰে শুভাৰম্ভ কৰা জোনবিল মেলাৰ মূল বিষয়-বস্তু বা মুখ্য আকৰ্ষণ হৈছে বিনিময় প্ৰথা৷ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ জোনবিল মেলাতেই এই প্ৰথা আজিও বিৰাজমান৷ বিনিময় প্ৰথা হৈছে ব্যৱসায়-বাণিজ্যৰ দিশত মানৱৰ প্ৰথম যুগান্তকাৰী পদক্ষেপ৷

জোনবিল মেলাক উদ্দেশ্য কৰি শনি-দেওবাৰৰ আগৰ বৃহস্পতিবাৰে পাহাৰৰ পৰা তিৱা, খাচি, জয়ন্তীয়া, কাৰবি জনগোষ্ঠীৰ লোকসকল নিজ নিজ গাঁৱৰ ‘লৰ’ আৰু ‘দলৈ’ৰ নেতৃত্বত ভৈয়ামলৈ নামি আহে৷ তেওঁলোকে লগত লৈ আহে পাহাৰীয়া আলু, কচু, জলকীয়া, আদা, হালধি, তিল, লা, ধুনা, গন্ধক, জালুক, কপাহ, আমলখি, শিলিখা, গাজটেঙা, ডালচেনি, তেজপাত আদি৷ জোনবিলৰ পাৰত তেওঁলোকে বাহৰ পাতেহি৷ ধানখেৰেৰে অস্থায়ী গৃহ সাজি তেওঁলোক থাকে৷ লগত অনা দ্ৰব্যসমূহ ভৈয়ামৰ লোকসকলৰ লগত সান্দহ, চাউল, চিৰা, পিঠা, শুকান-কেঁচা মাছ আদি দ্ৰব্যৰ বিনিময়ত সলনা-সলনি কৰে৷ ভৈয়ামীয়া আৰু পাহাৰীয়া লোকসকলে পৰস্পৰক ‘মামা-মামী’ বুলি সম্বোধন কৰে৷ সমূহীয়া মাছ ধৰা, পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন, জনজাতীয় খাদ্য আৰু পোছাক আদি জোনবিল মেলাৰ অন্যতম আকৰ্ষণ৷

অসমত অনুষ্ঠিত হৈ অহা জনগোষ্ঠীয় পৰম্পৰাকেন্দ্ৰিক মেলা, উৎসৱ, প্ৰদৰ্শনসমূহৰ মাজত জোনবিল মেলাৰ এটা সুকীয়া মৰ্যাদা আৰু একক তথা অনন্য বৈশিষ্ট্য আছে৷ জাগীৰোড-মৰিগাঁও পথেৰে জাগীৰোডৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ আগুৱালে পথৰ দাঁতিত পোৱা যায় জোনবিল৷ মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ বৃহস্পতিবাৰে জোনবিল মেলা আনুষ্ঠানিকভাৱে আৰম্ভ হয় আৰু দেওবাৰ পৰ্যন্ত চলে৷ উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা জাতি-জনজাতিৰ আৱাসীসকলৰ মাজত সমন্বয় আৰু ভ্ৰাতৃত্ববোধ জগাই তোলাই জোনবিল মেলাৰ মূলমন্ত্ৰ৷

শুকুৰবাৰে পোহৰ নৌহওঁতেই মুদ্ৰাবিহীন হাট বহে৷ ৰজাৰ দ্বাৰা সংৰক্ষিত জোনবিলত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি মেলালৈ অহা জনসাধাৰণে সমূহীয়াকৈ মাছ মাৰে৷ সেই মাছ ভোজৰ বাবে আগ বঢ়ায়৷ শনিবাৰে আধুনিক মুদ্ৰাৰ বজাৰ বহে৷ নিশা ভেলাঘৰত মাঘ বিহুৰ উৰুকাৰ ভোজ-ভাত খায়৷ দেওবাৰে মাঘ বিহু পালন কৰে৷ অন্তিম দিনা ৰাজ-দৰবাৰ বহে৷ ৰজা আৰু পাৰিষদবৰ্গ মেলালৈ সদলবলে আহে৷ গোভা ৰাজ্যৰ মৰ্যাদা অটুট ৰাখি জোনবিল মেলাৰ থলীত পাৰিষদবৰ্গৰ লগত ৰাজ-দৰবাৰত বহি বিভিন্ন শিতানৰ কৰ-কাটল সংগ্ৰহ কৰা হয়৷ অতীতত ৰজা হাতীত উঠি মেলালৈ আহিছিল বুলি জানিবলৈ পোৱা যায়৷

জোনবিল মেলা অবিহনে তিৱাসকলে প্ৰতি বছৰে ফাগুনত আয়োজন কৰা তেওঁলোকৰ অন্যতম লোক-উৎসৱ ছগ্ৰা পূজা আয়োজন নহয়৷ তিৱা লোক-সংস্কৃতিৰ মতে ছগ্ৰা পূজা উৎসৱ অবিহনে অতীতত জোনবিল মেলা আয়োজন নহৈছিল৷ সেয়ে জোনবিল মেলা তিৱা জনজাতিৰ মেৰুদণ্ডস্বৰূপ৷ তিৱাসকলে ছগ্ৰা উৎসৱত জোনবিল মেলাত বিনিময় কৰি লোৱা কেঁচা মাছ ফালি শুকুৱাই ৰখা মাছৰ চেনা, চিৰা আৰু তামোল আদিক লৈ ন’বাৰ অৰ্থাৎ বৰঘৰৰ খুন্দাকাং অৰ্থাৎ লাইখুঁটাৰ গুৰিত প্ৰতিটো কুলৰ দেৱ-দেৱীৰ নামত আৰু বৰঘৰৰ নুকতিত জাফাখ’ৰ কাষত মৃত ব্যক্তিসকলৰ নামত জেলামালি বা দেউৰীয়ে পূজাপাঠ কৰে৷

বৰ্তমান গোভা ৰাজ্যৰ ৰজা দীপছিং দেওৰজা৷ সাত বছৰ বয়সতে তেওঁ ৰাজ-অভিষেকৰ দ্বাৰা ৰাজকাৰ্যৰ দায়িত্ব লাভ কৰিছিল৷

পৰম্পৰা ৰক্ষা, বিনিময় প্ৰথা, ৰজাৰ আগমন, থয়-ইংলঙ (পৰ্বত-ভৈয়াম)ৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰে একত্ৰিত হোৱা ৰাইজৰ সমাৱেশ আদিৰ জৰিয়তে জোনবিল মেলাই অতীতৰ আত্মিক বান্ধোন কটকটীয়াকৈ ৰাখিবলৈ সক্ষম হৈছে৷

লিখক: আব্দুছ চাজিদ

2.94666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top