মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / জয়ন্তীপুৰৰ সমাজ জীৱন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জয়ন্তীপুৰৰ সমাজ জীৱন:

জয়ন্তীপুৰৰ সমাজ জীৱনৰ বিষয়ে লিখা হৈছে

 

‘নেৰে ভেৰে মৰিয়া ঢেৰে ভেৰে গ’ল, সাত মোন পিতলৰ কাণ খৰিকা মাৰিডালহে ৰ’ল’- এয়া আহোম ৰজাৰ দিনৰে বুৰঞ্জীৰ কথা। ৰজাদিনীয়া লোক শিল্প বৃত্তিগত ঐতিহ্যৰে নিজৰ চিনাকি দি পিছলৈ নিকপকলীয়া হৈ পৰা এইসকল লোকেই আছিল আমাৰ বৰ্তমানৰ খিলঞ্জীয়া মৰিয়াসকল। মুছলমান সেনাপতি তুৰ্বকখানে অসম আক্ৰমণ কৰোঁতে ১৫৩২ চনত কলিয়াবৰৰ দুই মুনি শিলা আৰু হাটবৰৰ ৰণত যিসকল মুছলমান সৈনিক যুদ্ধত বন্দী হৈছিল, সেই সকলোৰে বৃহৎ অংশ কলিয়াবৰতে ৰৈ গৈছিল। তেওঁলোকৰে গাওঁখনৰ নাম জয়ন্তীপুৰ।

কলিয়াবৰৰ মৰিয়া যুদ্ধত বন্দীসকল পোনপ্ৰথমে বড়োসকলৰ সামাজিক আৰু ধৰ্মীয় নীতিৰ মাজত সোমাই পৰি তেওঁলোকৰ বহুতো ৰীতি-নীতি গ্ৰহণ কৰে। ফলস্বৰূপে কলিয়াবৰৰ মৰিয়াসকলে বড়োৰ ‘খেৰাই’ আৰু ‘গাৰ্জা’ পূজা মুছলমান হৈও উৎসৱ হিচাপে পালন কৰিবলৈ লয়। বড়োসকলে তেওঁলোকৰ এই ‘খেৰাই’ আৰু ‘গাৰ্জা’ পূজাত মৰিয়াসকলৰ এজন ভকতক আগ স্থান দি সন্মান যাচে। বিশেষকৈ বাথৌ পূজাত মৰিয়া ভকতজনে গৈ ‘মৰিয়া আই দৌং’ বুলি যদি পূজাৰ অগ্নিত আহুতি নিদিয়ে তেন্তে সেই পূজা আধৰুৱা হৈ ৰয়। মৰিয়া এই ভকতজনকো ‘হাৰ্চা মৌদায়’ বুলি জনা গৈছিল। সেই সূত্ৰেই বড়ো সমাজৰ ভকতজনকো মৰিয়া সমাজত আদৰণীয় আৰু অবিচ্ছেদ্য অংগ হৈ পৰিছিল।

মৰিয়াসকলৰ প্ৰধান উৎস হ’ল ঈদ আৰু বৰচিৰিণি। এই মছজিদত ঈদৰ নামাজ পঢ়িছিল যদিও আজিকালি ঈদগাহতহে পঢ়ে। মছজিদত বছৰৰ আহাৰ মাহত বৰ চিৰিণি পাতে। এই বৰ চিৰিণি বড়ো সমাজৰ ‘খেৰাই’ পূজাৰ এক ৰূপান্তৰ মাথোঁ। মৰিয়াসকল যিহেতু প্ৰথম অৱস্থাত বড়ো সমাজৰ সংস্পৰ্শত আছিল সেইবাবে বড়োসকলৰ ৰীতি-নীতিৰ প্ৰভাৱ কলিবৰৰ মৰিয়াসকলৰ মাজত বাৰুকৈয়ে পৰিছিল।

মৰিয়াসকলৰ বৰ চিৰিণি বৰ মছজিদত তাহানি যুগৰপৰাই অনুষ্ঠিত কৰাৰ নিয়ম আজিও আছে। বৰ চিৰিণিত প্ৰতিটো পৰিয়ালৰপৰা আল্লাৰ নামত আধাসেৰ কেঁচা পিঠাগুৰি পুৱাৰ ভাগত আগবঢ়ায়। আগৰ দিনত পিঠাগুৰিৰ উপৰি এটাকৈ ৰঙা ৰঙৰ মতা কুকুৰা আগবঢ়োৱা নিয়ম আছিল। বৰ চিৰিণি পতাৰ মূল কাৰণ আছিল যে আগৰ দিনত জেঠ-আহাৰ মাহত হাইজা, কলেৰা আদিৰ দৰে বেমাৰ হৈ বহু মানুহ মৰিছিল। তাৰপৰা পৰিত্ৰাণ পাবলৈ ধৰ্মীয় আচাৰ নীতিৰে বৰচিৰিণি পাতিছিল বা আজিও পাতে। বৰ মছজিদ কেন্দ্ৰিক এই বৰচিৰিণিত ৰাইজৰ বয়োজ্যেষ্ঠ লোকসকল একগোট হৈ মছজিদ চ’ৰাঘৰত বহিছিল আৰু মৌলবীয়ে কোৰাণ পাঠ কৰাৰ লগে লগে তেওঁলোকেও কোৰাণৰ পদ মাতিছিল। মাজত এটা পিতলৰ কলহ পানীৰে পূৰ্ণ কৰি ৰাখিছিল। কাৰণ পাঠ কৰি সকলো ব্যক্তিয়ে সেই কলহৰ পানীক ফুঁক দিছিল। ধৰ্মীয় নিয়ম শেষ হোৱাৰ পিছত সেই কলহৰ পানী গাঁৱৰ ইমূৰৰপৰা সিমূৰলৈ ছটিয়াইছিল আৰু প্ৰত্যেক পৰিয়ালে অলপ অলপ পান কৰিছিল। ইয়াৰ অৰ্থ আছিল গাঁৱৰপৰা মাৰিমৰক খেদা হ’ল আৰু এই জৰা-ফুকা পানীয়ে তেওঁলোকৰ বেমাৰক প্ৰতিৰোধ কৰিলে।

বৰমছজিদলৈ আগবঢ়োৱা কেঁচা পিঠাগুৰিৰে আবেলি সময়লৈ গাঁৱৰ ডেকা ল’ৰাবিলাকে পানী বনাইছিল। ডেকা ল’ৰাই পানী পিঠা দিয়াটো এক কঠোৰ সামাজিক নিয়ম। পিঠা তৈয়াৰ হোৱাৰ পিছত ডেকাসকলে মছজিদত সেৱা কৰি একোটা বাঁহৰ পাচিত থৈ যায়। ৰঙা মতা কুকুৰা কাটি বয়োজ্যেষ্ঠ ৰান্ধনিয়ে তৰকাৰী তৈয়াৰ কৰে। পিঠা বনাই শেষ কৰি ডেকা ল’ৰাসকল মছজিদৰপৰা ওলাই যায়।

মছজিদৰপৰা ওলাই ল’ৰাসকলে বোকা ভাওনা পাতে। এই বোকা ভাওনা সকলো ডেকাই অংশ গ্ৰহণ কৰিব লাগিব। নকৰি লুকাই থাকিলে ধৰি আনিব বা নাপালে তেওঁক পিছৰ দিনাখন জৰিমনা বিহিব। বোকা ভাওনা শেষ কৰি ডেকাসকলে কাবাদী(চুৰ গুদু) খেলে। জিকা দলটিক ৰাইজে পুৰস্কাৰ দিয়ে। কলিয়াবৰৰ মৰিয়া সমাজত চলা বোকা ভাওনা আহোম ৰজাৰ দিনৰেপৰা চলি অহা এক পৰম্পৰা। ই আজিও বিদ্যমান। বোকা ভাওনা আৰু কাবাদী খেল শেষ কৰি গা পা ধুই পৰিষ্কাৰ হৈ নতুন কাপোৰ পিন্ধি ডেকা, বুঢ়া সকলো সন্ধ্যা ভাগত মছজিদত সমৱেত হয়। মছজিদত সমৱেত হৈ কোৰাণ পাঠ কৰি সাজি থোৱা পিঠা আৰু মুৰ্গীৰ মাংসৰ তৰকাৰী পাইক অনুযায়ী বিতৰণ কৰে। ইয়াক প্ৰসাদ বা চিৰিণি বুলি কোৱা হয়। এই চিৰিণি ভাগ হাতত লৈ সকলো ঘৰা-ঘৰি যায়। ঘৰত চিৰিণি ভাগ পৰিয়ালৰ সকলোৱে গ্ৰহণ কৰে। মনত ধাৰণা কৰে আজিৰকালি তেওঁলোকক কোনো ধৰণৰ বেমাৰ-আজাৰ, বিপদ-বিঘিনিয়ে আমনি নকৰে। এই চিৰিণি কিছু অংশ দূৰ-দূৰণিৰ আত্মীয়সকললৈ পঠিয়াই দিয়ে।

কলিয়াবৰীয়া মৰিয়া সমাজত আজিৰপৰা চল্লিশ বছৰমান আগলৈকে ডেকা চাং আৰু গাভৰু চাঙৰ ব্যৱস্থা আছিল। এই চাঙক ‘ঘোটক’ বুলি কোৱা হৈছিল। ডেকা চাঙত ডেকা ল’ৰাবিলাক শুইছিল। ঘৰত ভাত-পানী খাই ৰাতি সকলো ডেকাই এজন তত্বাৱধায়কৰ অধীনত থাকি এই ডেকা চাঙত শুইছিল। ডেকা চাঙৰ কেইজনমান উল্লেখযোগ্য তত্ত্বাৱধায়ক আছিল- মৰহুম ছিদ্দিক আলী, মুনাফ উদ্দিন, ছোভান আলী আৰু দেৰাজত আলী। বৰ্তমান ডেকা চাঙৰ একেবাৰে শেহতীয়া জীৱিত তত্ত্বাৱধায়কগৰাকী হ’ল চুলতান আলী।

ইয়াৰ উপৰি গাভৰু ছোৱালীবিলাকে এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ তত্ত্বাৱধানত আছিল। বিয়াৰ পিছতহে তেওঁলোকে গাভৰু চাং এৰিছিল। গাভৰু চাঙৰ শেহতীয়া তত্ত্বাৱধায়িকাগৰাকীৰ নাম আছিল জেহেদা বিবি আৰু মিহিৰি বিবি। এই জেহেদা বিবিৰ বিনা অনুমতিত কোনো গাভৰু ৰাতিৰ বেলিকা ওলাব পৰা নাছিল। জেহেদা বিবি আৰু মিহিৰি বিবি অবিবাহিতা আছিল।

কলিয়াবৰীয়া মৰিয়া সমাজত পাইক প্ৰথাৰ উপৰি ফৈদ প্ৰথা আছে। ইয়াত চাৰিটা আহোম ৰজাদিনীয়া ফৈদ আছে। এই ফৈদসমূহৰ নাম হ’ল- বাছুৱৈ ফৈদ, তামুলী বৰুৱা ফৈদ, বুঢ়া গঞা ফৈদ আৰু খবৰ সাতোলা ফৈদ। বাছুৱৈ ফৈদৰ ৰজা দিনত কাম আছিল যুদ্ধ কৰা আৰু বন্দুক বৰটোপ তৈয়াৰ কৰা, তামুলী বৰুৱা ফৈদৰ ৰাজসভাত আলহীক আতিথ্য দিয়া আৰু বুঢ়া গঞা ফৈদৰ গাঁৱত বিচাৰৰ দিশটো নিয়ন্ত্ৰণ কৰা দায়িত্ব আছিল। খবৰ সাতোলা ফৈদৰ ব্যক্তিসকলে ৰজাক শত্ৰুপক্ষৰ গোপনীয় খবৰ বাৰ্তা জনোৱাৰ মূল দায়িত্বত আছিল। তাহানি কালত বাছুৱৈ ফৈদক এই মছজিদক শত্ৰু পক্ষৰ যিকোনো আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ কৰিবলৈ আহোম স্বৰ্গদেৱে দায়িত্ব অৰ্পণ কৰিছিল।

কলিয়াবৰ জয়ন্তীপুৰ গাঁৱৰ বৰ মছজিদ এই অঞ্চলৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমন্বয়ৰ এক সোণালী সৌধ। মছজিদৰ পৰা মাত্ৰ ত্ৰিশ মিটাৰমান দূৰত্বত তেলিয়া গাঁৱৰ বালিসত্ৰ অৱস্থিত। বৰ মছজিদৰ আজান বালিসত্ৰৰ নাম আৰু দবাৰ ধ্বনিয়ে এক মহা মিলনৰ সেতু বান্ধিছে- গাঁঠিছে সমন্বয় বৰমছজিদ আৰু বালিসত্ৰই কঢ়িয়াই লৈ যাব যুগ যুগান্তৰলৈ।

লেখক: ইনতাজ আলী(দৈনিক অসম)

2.91666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top