অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱন্ত ভাস্কর্য কলা বনচাই

বনচাই এতিয়া আৰু বাগিচাপ্রেমী সকলৰ বাবে অচিনাকি নাম নহয়। বৃহদাকাৰৰ গছবোৰ তেনেই সৰু পাত্রত চাপৰ কৰি অথচ প্রাকৃতিক গছবোৰৰ সকলো চাৰিত্রিক গুণ অক্ষুণ্ণ ৰাখি প্রতিপালন কৰা বনচাইবোৰ একো একোটা জীৱন্ত ভাস্কর্য।

আজিকালি চহৰীয়া জীৱনধাৰাত সোমাই পৰি ইচ্ছা থাকিলেও ঠাইৰ অভাৱত বনচাইবোৰে গছৰোৱাৰ আনন্দানুভূতি পুৰণ কৰিব পাৰে।

আচলতে বনচাইক এক শিল্পকলা বুলিহে ক’ব পাৰি। ডেৰ’শ-দুশ ফুটিয়া ওখ গছবোৰে গৰাকীৰ কল্পনা আৰু কাৰিকৰী নৈপুণতাত সৰু সৰু পাত্রত অবিকল প্রাকৃতিক ৰূপ লৈ অপৰূপ শিল্পকর্মলৈ পৰিণত হয়।

বনচাই বুলি কলেই জাপানলৈ মনত পৰে যদিও ই প্রকৃততে চীনা সকলৰহে অৱদান। চীনাভাষাত ইহঁতক পেনজিং (Penjing ) বুলি কয়।

দহ-এঘাৰ শতিকাত জাপানী বৌদ্ধ সন্যাসীসকলে এই ‘জীৱন্ত ভাস্কর্য’বোৰ জাপানলৈ আনিছিল। বনচাইৰ দৰে পেনজিংবোৰৰো বিভিন্ন স্বকীয় স্কুল বা ষ্টাইল আছে।

যেনে:-

  • চু-ঝও (Suzhou),
  • লিংনান্ (lingnan),
  • চাংহাই(sanghai),
  • য়াংমাও (yangzhan),
  • চি-চুৱান্ (Sichuan) আদি।

পেনজিংবোৰ বনচাইৰ তুলনাত কিছু ঠৰঙা আৰু আলসুৱা ভাৱটো অলপ কম যেন অনুভৱ হয়। দুয়োখন দেশৰে পেনজিং আৰু বনচাইৰ লগত ধর্মীয় অনুভূতি এটা সদাই বিৰাজমান।

চীনা তাও (tao) সকলৰ মতে ইহঁত গিৰিপর্বত, গুহা, গছৰ খোৰোঙ আদিত আকস্মিকভাবে সৃষ্টি হোৱা প্রকৃতিৰ বিশাল শক্তিৰ ঘণীভূত সংস্কৰণ।

জাপানৰ ‘ঝেন্’(zen) সকলে ইয়াক ইকেবানাৰ দৰেই আধ্যাত্মিক ধ্যানৰ এক আহিলা হিচাপে জ্ঞান কৰে।

জিয়েমি মট’কিঅ (Zeami Motokiyo)ৰ নাটকত প্রথম বনচাইৰ লিখিত বর্ণনা পোৱা যায়। তেওঁ ঋণত পোত যোৱা চমুৰায় বা যুঁজাৰু এজনে খৰিৰ অভাৱত তেওঁৰ বহুমূলীয়া বনচাইবোৰ জ্বলাই আলহী শুশ্রূষা কৰাৰ কথা বর্ণনা কৰিছে।

যিয়েই নহওক, জাপানীসকলে মুলতঃ ইয়াক চীনাসকলৰপৰা শিকিছিল যদিও শ শ বছৰৰ সাধনাৰ ফলত ইয়াৰ এক স্বকীয় জাপানী কলালৈ উন্নতী কৰিছে। পেনজিংৰ দৰে ইয়াৰো বিভিন্ন স্কুল আছে। বনচাই শব্দটো জাপানী।

ইয়াৰ ‘বন’ মানে খুৰুঙীয়া পাত্র বা ট্রে আৰু ‘চাই’ মানে খেতি। সৰু সৰু পাত্রত বৃহৎ গছ-গছনিৰ পুলি প্রতিপাল কৰি প্রকৃতিৰ সাঁচত গঢ়ি তুলিবলৈ যথেষ্ট কাৰিকৰী জ্ঞান আৰু দক্ষতাৰ প্রয়োজন হয়। তদুপৰি বনচাই কৰিবলৈ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত ৰুচিৰ হোৱাটো একান্তই বাঞ্চনীয়।

ইয়াৰ লগতে প্রকৃতিৰ আকর্ষণীয় ভঙ্গীমাত থকা গছ-গছনিবোৰৰ দৃশ্য তেখেতৰ মনত ভাঁহি থাকিব লাগিব। আনহাতে প্রকৃতিয়ে এৰি যোৱা দুই-এটা খুঁটিনাটি শুধৰাই আনি এক নিখুট সর্ব্বাঙ্গ সুন্দৰ বনচাই কৰিব পৰা যায়।

চমুকৈ বনচাই কৰিবলৈ লোৱা মানেই হ’ল প্রকৃতিৰ সৃজনী শক্তিৰ একেই সুৰত এক অঘোষিত প্রতিযোগীতাত নামি পৰা।

বনচাই হ’ল বিজ্ঞান আৰু কলাৰ সমন্বয়ত গঢ় লোৱা পুর্ণাঙ্গ এক বিষয়। আমি ইয়াত ইয়াৰ বিভিন্ন দিশবোৰ সামৰি যিমান পাৰি চমুকৈ আলোচনা কৰিম।

অনুৰাগীস্কলে বিস্তৃত ব্যৱহাৰিক জ্ঞানৰ বাবে অভিজ্ঞলোকৰ সহায় তথা তেওঁলোকৰ বনচাইবোৰ চোৱা ভাল।

পুর্ণংগ বনচাই এজোপাৰ বাবে কিছুমান নিদির্ষ্ট চাৰিত্রিক গুণ থকাৰ প্রয়োজন।

যেনে:-

ক) বনচাইজোপাই প্রকৃতিৰ গছজোপাৰ সকলো ক্ষমতা বহন কৰিব লাগিব।

খ) ইয়াত অতি আওপুৰণি গছৰ দৰে বয়সৰ চিন প্রকট হৈ উঠিব লাগিব।

গ) ডাল-পাতবোৰ শিল্পীসুলভ ভঙ্গীমাত থাকিব লগিব।

ঘ) পাত্রটোৰ ৰং, গঠন, আকাৰ আদি গছজোপাৰ আকৃতি-প্রকৃতি, ৰং, গঠন, পৰিবর্দ্ধনৰ খাপ খাই ঐকতানেৰে মিলি থাকিব লাগিব।

গছ নির্বাচন -

প্রকৃতিৰ ৰেহ-ৰূপৰ সমাহাৰস্থল অসমত বনচাইৰ বাবে প্রয়োজনীয় গছৰ অভাৱ নাই। মথোন বনচাইৰ বাবে সংগ্রহ কৰা গছবোৰ স্বাস্থ্যবান আৰু তুলনামূলকভাবে চুটি-চাপৰ হোৱা উচিত।

দুই ধৰণেৰে গছ সংগ্রহ কৰিব পাৰোঁ-

১)গছপুলি, কলম আদি বিভিন্ন প্রজনন পদ্ধতিৰে নিজেই কৰি বা আৱশ্যকীয় গছ নার্চাৰীৰপৰা সংগ্রহ কৰি। অৱশ্যে পুলি নিজেই কৰি ল’লে গছৰ বয়স নির্ণয় কৰি দক্ষতা জুখিব পাৰি।

২)প্রাকৃতিকভাবে পর্বত-পাহাৰ, শিল, খোৰুং আদিৰ মাজত গজা বাওনা গছ সংগ্রহ কৰি।

বনচাই সৰুকালৰ পৰাই আৰম্ভ নকৰিলে তাৰ পূর্ণাংগ ৰূপৰ সৌন্দর্য এই জীৱনত দেখাটো সম্ভৱ নহ’ব পাৰে।

জাপানীসকলে মৃত্যুৰসময়ত আমাৰ চন্দুকৰ কাঠি দি যোৱাৰ দৰে সন্তানক বনচাইবোৰ দি যায়। সেই কাৰণে চীন আৰু জাপানত শ শ বছৰীয়া বনচাই এতিয়াও পোৱা যায়।

যিয়েই নহওক প্রকৃতিৰপৰা সংগ্রহ কৰি আনি ৰুই বনচাইৰ সৌন্দর্য আগতীয়াকৈ উপভোগ কৰিব পাৰি।

  • পাহাৰীয়া ঠাই,
  • শিলনি,
  • পুৰণি ঘৰ,
  • দেৱাল আদিত প্রতিকুল পৰিৱেশত প্রাকৃতিক ভাৱে হোৱা বহুতো গছ চুটি-চাপৰ, বেকা-বেকিকৈ থাকে।

এনেকুৱা গছ সংগ্রহ কৰি ল’লে গঢ়-গঠন দিয়া কামবোৰ সহজ হৈ পৰে। পাত সৰি যোৱা খৰুতীয়া গছৰ জাতবোৰ লেহেম গতিৰ; চিৰসেউজ গছতকৈ ক’ম কষ্ট কৰিলেই হয়।

ইয়াৰ বাবে এই গছবোৰ বসন্তৰ আগে আগে নতুন পাত-পোখা নৌ ওলাওঁতেই দকৈ মাটিৰে সৈতে খান্দি আনি বাগিচাৰ ৰ’দঘাই অংশত গাঁত খান্দি শিপাবোৰ ভালদৰে মেলি সৰু ডালবোৰ পর্যন্ত মাটিৰে ঢাকি দিয়া উচিত।

নিয়মীয়াকৈ পানী দি থাকিলে পাতসৰা গছবোৰ দুমাহমানতে গজগজীয়া হৈ উঠিব। সচৰাচৰ শৰৎ কালত এই গছবোৰ ৰোৱ পৰা হয়। ৰোৱাৰ কিছুদিনৰ আগতে চাৰিওফালে বগাই যোৱা শিপাবোৰ কাটি দিব লাগে।

কিন্তু তললৈ যোৱা শিপাবোৰত হাত দিব নালাগে। ৰোৱাৰ আগেয়ে প্রয়োজনীয় সকলোখিনি কাম সম্পূর্ণকৈ প্রস্তুত কৰাৰ পাছতহে গছ উঠোৱাৰ দৰকাৰ। চাব লাগে যাতে শিপাৰ লগত যথেষ্ট মাটিও থকে।

সাধাৰণতে বনচাইৰ বাবে-

  • জুনিপাৰ,
  • অৰকেৰিয়া,
  • ঝাউ,
  • পাইন আদিকে ধৰি
  • দেৱদাৰু,
  • ছিলভাৰ
  • অ’ক,
  • ব’টল ব্রাচ,
  • বাগান বিলাস,
  • বৰ,
  • জৰী,
  • আঁহত,
  • তেতেলী আম,
  • কঠাল,
  • জামু,
  • পলাশ,
  • সোনাৰু,
  • শেৱালী,
  • কৰবী,
  • লিচু
  • বগৰী,
  • কমলা,
  • ৰবাব,
  • চকলা টেঙা,
  • বকুল,
  • নুনী ডালিম,
  • আমলখি,
  • জলফাই লৈকে সকলোবোৰ উপযুক্ত।

গছ নির্বাচন কৰোঁতে যিবোৰ গছ এনেয়েও প্রাকৃতিক পৰিৱেশত লাহে লাহে বাঢ়ে তেনেকুৱা গছহে লোৱা উচিত। খৰকৈ বঢ়া গছত যিমানেই কষ্ট কৰা নহওক কিয় কেতিয়াও ভাল ফল পাব নোৱাৰি।

বনচাইৰ বাবে কেনে পাত্র ল’ব?

বনচাইবোৰৰ পৰিবর্দ্ধন আৰু সৌন্দর্য বহু পৰিমাণে ৰোৱা পাত্রটোৰ ওপৰত নির্ভৰ কৰে। পাত্রবোৰ গছবোৰৰ-

  • আকৃতি-প্রকৃতি,
  • গঠন,
  • পৰিবর্দ্ধন,
  • ৰং অনুযায়ী বিভিন্ন গঢ়,
  • গঠন আৰু ৰঙৰ হ’ব পাৰে।

পাত্রবোৰ সচৰাচৰ মাটি, চীনামাটি, কাঠ বা কেতিয়াবা ব্রোঞ্জৰ ল’ব পাৰি।

সাধাৰণতে সৰল, ঠিয়, পোন বা হেলনীয়া গছৰ বাবে ডাঠ, দ, আয়তাকাৰ পাত্র হোৱা উচিত। যুৰীয়া গছৰ বনচাইৰ বাবে পাতল, আয়তাকাৰ বা ঘুৰণীয়া পাত্র হ’লে ভাল। জুমবান্ধি ৰোৱা বনচাইৰ কাণ্ডবোৰ তুলবামূলকভাৱে ক্ষীণ আৰু বহু ডাল বিশিষ্ট হয়।

এনে বনচাইৰ বাবে ঘুৰণীয়া বা ডিম্বাকৃতিৰ, পাতল আৰু বাম পাত্র উপযোগী। তললৈ বৈ অহা বনচাইৰ বাবে দ, ডাঠ, বর্গাকাৰ বা ঘুৰণীয়া পাত্রৰ প্রয়োজন।

শৈল-ৰোপনৰ পাত্রবোৰ আয়তাকাৰ, ডিম্বাকাৰ, পাতল, বাম ট্রে বা থাল জাতীয় হ’লে ভাল হয়। এই ক্ষেত্রত শিল আৰু পাত্রৰ ৰং ইটোৰ সিটো পৰিপূৰক হোৱা উচিত।

মোটামুটিভাৱে ক’ব পাৰি যে পাত্রৰ দৈর্ঘ গছৰ উচ্চতাৰ তিনিভাগৰ দুভাগ হোৱা দৰকাৰ। পাত্রৰ বহল ফালটো ওলাই থকা শিপা আৰু ডাল-পাতেৰে আৱৰি থকা অংশৰ সমানুপাতিক হ’লে দেখাত ধুনীয়া হয়।

বনচাই কৰিবলৈ যাওঁতে চাৰিটা মৌলিক কথালৈ সদায় মন দিয়া উচিত-

ক) সূর্যৰ ৰশ্মি বনচাইৰ বাবে অতি প্রয়োজন।

খ) বায়ুৰ চলাচল বেচি হোৱা মুকলি ঠাই বনচাই উপযোগী।

গ) সৰু পাত্রটোত থকা মাটিকনেই গছজোপাৰ প্রধান আধাৰ।

ঘ) ৰোৱাৰ সময়ত মূল আৰু চুলি শিপা কাটি দিলে গছজোপাৰ পৰিপাক আৰু বর্দ্ধন হ্রাস পায়।

বনচাই আৰু পাত্রৰ সমন্বয় -

এইবিষয়টো গৰকীৰ নন্দনতাত্ত্বিক তথা নিজা সৌন্দর্যবোধৰ ওপৰত্ নির্ভৰশীল যদিও তলৰ কথাকেইটাই বনচাই আৰু পাত্রৰ সমন্বয় ৰক্ষা কৰাৰ দিশত বহুখিনি সহাব কৰিব।

১) কোনিফাৰজাতীয় বনচাই

ক’লা চানেকীয়া, ৰঙচুৱা, ক্রীম আৰু গাঢ় ৰঙা ৰং ইহঁতৰ বাবে উৎকৃষ্ট। পোন থিয় গা-গছৰ বাবে বাহিৰফালে বাও থকা আয়ত ক্ষেত্রকাৰ পাত্র ল’ব লাগে। আলসুৱা গছৰ বাবে ঘুৰণীয়া, ডিম্বাকৃতিৰ অথবা বর্গক্ষেত্রকাৰ পাত্র ল’লে ভাল হয়।

সচৰাচৰ আয়তক্ষেত্রকাৰ পাত্রবোৰ নীতিগত(Formal) সমষ্টি বৃক্ষৰ বাবে আৰু ডিম্বাকৃতিৰ পাত্র অনিয়মিত সজ্জাৰ বাবে উপযোগী।

চেপাটা দেখনীয়াৰ শিল বা চিৰেমিক(Ceremic)ৰ চটা আদিও বিভিন্ন ডিজাইন গঢ়িবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। কেচ্ কেড্ বা প্রপাতজাতীয়ৰ বাবে দ’, ঘুৰণীয়া বা বর্গক্ষেত্রাকাৰ পাত্রই উত্তম।

২) পাতসৰা গছৰ বনচাই:

শকত মজবুত গছৰ বাবে দ’ আৰু আলসুৱা গছৰ বাবে বাম আয়তক্ষেত্রকাৰ বা ডিম্বাকৃতিৰ পাত্র ল’ব লাগে। শকত গছৰ পাত্রৰ কাণটো বাহিৰ ওলোৱা ধৰণৰ হোৱা উচিত।

পাতৰ লগত একে ৰঙৰ পাত্র নোলোৱাই ভাল। পাত্রৰ ৰঙ বগা চানেকীয়া, পাতল সেউজীয়া বা ক’লা ধোৱাঁ বৰণীয়া ল’ব পাৰে।

৩) ফল-ফুল ধৰা বনচাই:

ধোৱাঁ বা হাতীদাঁতৰ ৰঅৰ আয়তক্ষেত্রকাৰ পাত্র অকলশৰীয়া গছৰ বনচাইৰ বাবে উপযোগী। আনহাতে সংযুক্ত শিপাৰ বাবে পাতল ধোৱাঁ বৰণীয়া বা বগা চানেকীয়া বাম ঘুৰণীয়া পাত্র ল’ব লাগে।

বগা ফুলৰ গছৰ বাবে পাত্রৰ ৰঙ ক’লা, বেঙুনীয়া, নীলা বা হালধীয়া ; ৰঙা ফুলৰ বাবে বগা বা পাতল ধোৱাঁ বৰণৰ হ’লে চকুত লগা হৈ উঠে।

৪) সৰু গছ আৰু ঘাহঁজাতীয় বনচাই:

এনে বনচাইৰ বাবে যিমান পাৰি বাম পাত্র ল’ব লাগে। পাত্রৰ ৰঙ হালধীয়া, মুগা বা সেউজীয়া ল’ব পাৰে।

বনচাইৰ বাবে মাটি আৰু সাৰ -

বনচাইৰ বাবে লাগতিয়াল মাটি প্রধানকৈ দুটা ভাগত ভগাব পাৰি। বালিচঁহীয়া আৰু দোআঁস মাটি। সাৰ আদি সহজে শুহি ল’ব পৰা ক্ষমতা থকা স্বত্ত্বেও ঘনাই পানী দিয়াৰ প্রয়োজন হোৱাৰ বাবে শুদ্ধ বালিয়া মাটিতকৈ দোআঁস মাটিকহে বনচাইত অগ্রাধিকাৰ দিয়া হয়।

কিছুমান গছে স্বাভাৱিকভাৱে বালিয়া মাটি ভাল পোৱাৰ বাবে বিভিন্ন মাটিৰ সংমিশ্রণ ঘটাই প্রাকৃতিক অৱস্থাৰ অভাৱ পূৰণ কৰিব পাৰি।

বনচাইৰ বাবে মাটি প্রস্তুত কৰোঁতে মূলতঃ পানীধাৰণ ক্ষমতা আৰু বায়ু চলাচল কৰালৈ চকু দিয়াৰ দৰকাৰ।

বনচাইৰ উপযোগী মাটিবোৰ হ’ল:

  • ক’লা দোআঁস (Black loam),
  • লঘূ শিলগুটিয়া (Light gravelery),
  • পচনসাৰযুক্ত মাটি,
  • নৈৰ বালি(River sand) আৰু
  • পাহাৰীয়া বালি (Mountain sand)।

পথাৰ আৰু বাৰীঘৰৰ ওচৰে- পাজৰে দোআঁস মাটি পোৱা যায়। এনে মাটি এফুট বা দুফুট তলৰপৰা খান্দি আনি ৰ’দত ভালদৰে এসপ্তাহমান শুকুৱাই ল’ব লাগে।

পাছত গুৰি কৰি যথাক্রমে চাৰিভাগৰ এক ইঞ্চি, আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি জোখৰ চালনীৰে চালি  তিনিটা ক্রমত ভগাই লোৱা হয়।

আঠভাগৰ এক ইঞ্চি আৰু আঠভাগৰ তিনি ইঞ্চি ক্রমতকৈ মিহি মাটি নোলোৱাই ভাল। এই নিয়ম বনচাইৰ সকলো মাটিৰ বাবেই প্রযোজ্য।

ৰঙা দোআঁস মাটি আগৰ দৰেই প্রস্তুত কৰি ল’ব লাগে। লঘূ শিলগুটিয়া মাটিৰ ৰং ধোঁৱা বা ৰঙচুৱা মুগা বৰয়ৰ।

এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা বেছি হোৱাৰ উপৰিও বতাহ চলাচল কৰাৰ সহায়ক।

পচনসাৰযুক্ত মাটিত যথেষ্ট সাৰুৰা হোৱাৰ উপৰিও এনে মাটিত ভালদৰে বতাহ চলাচল কৰিব পাৰে। বনচাইৰ বাবে পাহাৰীয়া বালি নৈৰ বালিতকৈ উৎকৃষ্ট বুলি গণ্য কৰা হয়।

বিভিন্ন প্রকাৰৰ উদ্ভিদৰ বাবে মাটিৰ মিশ্রণৰ অনুপাত তলত উল্লেখ কৰা হ’ল:-

ক) পাইন গছঃ পাঁচভাগ বালি, ৪ ভাগ ৰঙা দোআঁস, ১ ভাগ ক’লা দোআঁস।

খ) অন্যান্য ফুলৰ গছঃ তিনিভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ২ ভাগ ক’লা দোআঁস।

গ) ফল-ফুলৰ গছঃ তিনি ভাগ বালি, ৫ ভাগ ৰঙা দোআঁস, ১ ভাগ ক’লা দোআঁস আৰু ১ ভাগ বা ২ ভাগ পচন সাৰযুক্ত মাটি। এই অনুপাত প্রতিপালৰ ক্রম অনুসৰি সামান্য সাল-সলনি কৰিও ল’ব পাৰি।

পাত্রত থকা মাটিৰ খাদ্য সম্ভাৰৰ উভয়নদীতাৰ ওপৰত নির্ভৰ কৰি মাটি সলনি কৰাৰ সময় নিৰূপিত হয়।

উদ্ভিদৰ জাতৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত মাটিৰ মিশ্রনেৰে বনচাই ৰোব লাগে যাতে নির্দিষ্ট অন্তর্বত্তী কালচোৱা সুকলমে অতিবাহিত হ’ব পাৰে।

উদাহৰণ স্বৰূপে কোনোফাৰ জাতীয় উদ্ভিদৰ বাবে ৫-৬ বছৰ; অন্যান্য চিৰসেউজ আৰু পাতসৰা গছৰ ৩-৪ বছৰ আৰু ফলফুল ধৰা বনচাইৰ বাবে ২-৩ বছৰ।

বনচাই অনুসৰি বিভিন্ন মাটিৰ প্রয়োজনীয় মিশ্রন -

পাইন:-

ক) পাহাৰীয়া বা নৈৰ বালি ৬ ভাগ, ৰঙা দোআঁস ৪ ভাগ।

খ) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ১ ভাগ,   ক’লা দোআঁস ১ ভাগ ।

গ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৪ ভাগ।

ওক জাতীয় গছ:-

ক) পাহাৰীয়া বা নৈৰ বালি ৫ ভাগ, ৰঙা দোআঁস ৫ ভাগ।

খ) পাহাৰীয়া বা নৈৰ বালি ৪ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।

চিৰসেউজ আৰু পাতসৰা:-

ক) পাহাৰীয়া বা নৈৰ বালি  ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ২ ভাগ।

খ) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৫ ভাগ, ক’লা দোআঁস ২ ভাগ।

ফল-ফুল ধৰা গছ:-

ক) পাহাৰীয়া বা নৈৰ বালি ৩ ভাগ, ৰঙা দোআঁস ৪ ভাগ, ক’লা দোআঁস ৩ ভাগ।

বনচাইৰ আকাৰ আৰু গঢ় দিয়া -

বনচাইক এক শিল্পকর্মলৈ পৰিণত কৰাত আকাৰ আৰু গঢ় দিয়া কার্যই মূখ্য ভূমিকা পালন কৰে। আনহাতে এই কার্য নির্ভৰ কৰে গৰাকীজনৰ কল্পনা আৰু কাৰিকৰী নৈপুণতাৰ ওপৰত।

সেয়ে বনচাইৰ গৰাকীজন এক কল্পনাপ্রৱণ, মার্জ্জিত ৰুচিৰ ব্যক্তি হোৱাৰ লগতে এজন নিপুণ কাৰিকৰ হোৱাটো একান্তই বাঞ্চনীয়।

ক) বনচাইৰ আকাৰ দিয়া

১) অগ্রজমুকুল বা কলি চিঙি দিয়া:

গছৰ পৰিৱর্দ্ধনৰ সময়ত অতিৰিক্ত কলিবোৰ চিঙি দিয়া হয়। নীতি অনুসৰি গুৰি ভাগৰ পাতৰ কোণত সুপ্ত কলিবোৰ থাকে আৰু সাধাৰণতেই ইহঁতক সুৰক্ষা দি আগৰ পাত, কলি আদি কাটি দিয়া উচিত।

কাল্পনিক আকাৰ এটা মনত ৰাখি প্রতিটো ডালৰপৰা দুটা বা তিনিটা কলি চিঙি দিয়া দৰকাৰ।

২) প্রুণিং:

বসন্ত সোমাওঁতেই নতুনপোখা মেলাৰ আগে আগে প্রুণিং কৰা ভাল। এই কামটো কৰোঁতে তলৰ অংশতকৈ ওপৰৰ অংশৰ প্রুণিং বেচিকৈ কৰা ভাল। এই ক্ষেত্রতো গুৰিভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দি অগ্রজভাগটো কটা প্রয়োজন।

এনে কৰিলে অতিৰিক্ত বর্দ্ধন হ্রাস হ’ব আৰু স্বাভাৱিক আকাৰ নষ্ট নোহোৱাকৈ বনচাইৰ অগ্রজ আৰু গুৰি অংশৰ সমতা স্থাপন কৰিব পাৰি।

প্রুণিং কৰোঁতে তিনিটা  মন কৰিবলগীয়া কথা হ’ল:

*বয়সীয়াল পাতৰ গুৰি ভাগৰ সুপ্ত কলিবোৰক সুৰক্ষা দিয়া;

*প্রতি তিনিডলীয়া ফেৰেঙণীৰ তৃতীয়টো কাটি দিয়া;

*এটা এৰি এটাকৈ কটা(Alternate cutting) অর্থাৎ মূলডালৰ দুটা বিপৰীতমূখী ডাল একেলগে থাকিবলৈ নিদিয়া।

৩) পাত কটা:

প্রাপ্তবয়স্ক পাতবোৰ কাটি দিলে বেচিকৈ নতুন পোখা ওলাব। সাধাৰণতে বৰষুণৰ বতৰত এই কাম কৰা হয় যদিও গছৰ পৰিবর্দ্ধন আৰু স্বাস্থ্যৰ ফালে চকু দি যিকোনো সময়তে পাত কাটিব পাৰি। এই কামটোৰ আগতে কেতিয়াও সাৰ-পানী দিয়া উচিত নহয়।

কেতিয়াবা বনচাইৰ আকাৰ নষ্ট হ’লে দুই ভাগৰ বা তিনিভাগৰ এক অংশ পাত কাটি দিব পাৰি।

কমবয়সীয়া আৰু স্বাস্থ্যবান গছ একেটা ঋতুতে ২-৩ বাৰ কাটিব পাৰিলেও দুর্বল আৰু বয়সীয়াল গছৰ ক্ষেত্রত পাত কটাৰ মাত্রা কম কৰা উচিত।

৪) তাঁৰ মেৰিওৱা:

বহুতেই ভবাৰ দৰে এই কাম বাধ্যতামূলক নয়। প্রুণিং আদি কৰাৰ পাছতো মনে বিচৰা আকাৰ নেপালেহে কুমলীয়া কাণ্ড আৰু ডালবিলাক তাঁৰ মেৰিয়াই ভাঁজ দিয়া হয়।

ইয়াৰ বাবে বিভিন্ন আকাৰৰ তামৰ তাঁৰ ব্যৱহাৰ কৰিব পাৰি। এনে তাঁৰবোৰ ব্যৱহাৰ কৰাৰ আগতে ভালদৰে তপতাই ঠাণ্ডা কৰিলোৱা উচিত। মাটিত এটা মুৰ পুতিলৈ গছৰ গতিৰ দিশত পকাই যাব লাগে।

ফেৰেঙণী থাকিলে বাওঁফালৰ ডালত সেইডালেই পকাই অন্যফালে বেলেগ টুকুৰা পাক দি ভালদৰে লৰচৰ কৰিব নোৱৰাকৈ অগ্রভাগত বান্ধি দিয়াৰ প্রয়োজন। খৰতকীয়া গছ ৪-৫ সপ্তাহতে ভাঁজ লব পাৰে। আজিকালি ইলেক্ট্রিকেচ্ দোকানত পোৱা প্লাষ্টিক বা সূতা মেৰিউৱা তাঁৰো ব্যৱহাৰ কৰিব পাৰি।

৫)মূলঅক্ষ (Axis) তৈয়াৰ কৰা:

গছৰ প্রকৃতি অনুসৰি ইয়াৰ অক্ষ বেলেগ হ’ব পাৰে। প্রয়োজনীয় ডাল বা কাণ্ড বাচি লৈ অতিৰিক্ত শাখা-প্রশাখাবোৰ এৰুৱাই পেলোৱা উচিত।

স্বাভাৱিকভাৱে মূলঅক্ষ নথকা গছত পচন্দ অনুসৰি ডাল এটা নির্বাচন কৰি তাক উৎসাহিত কৰিব লাগে।

৬) ‘জিন’ আৰু ‘ইউৰ’ (Jin and Uro):

যিবিলাক গছৰ ডাল বা কাণ্ডৰ বাকলি পচি নষ্ট হৈ তলৰ কাঠ অংশ ওলাই পৰে সেইবোৰক ‘জিন’ আৰু ধুমুহা-বজ্রপাত আদিয়ে গা-গছ বা ডাল ফালি আধামৰা কৰি থয় সেইবোৰক ‘ইউৰ’ বুলি কোৱা হয়।

‘জিন’ৰ কাৰণে শাখা ডালৰ আগফালৰ বাকলি এৰুৱাই দিব পাৰি কিন্তু এই শাখাৰ আকৃতি মূল কাণ্ডৰ আধা হোৱা উচিত আৰু কৃত্রিম ভাবটো কেতিয়াও প্রকাশ পাব নালাগে। একে ধৰণেৰে ডাঙৰ ডাল ফালি এৰুৱাই ‘ইউৰ’ৰ সৃষ্টি কৰিব পাৰি।

খ) বনচাইৰ গঢ় দিয়া:

১) থিয় পোন গছ:

পোনে পোনে বঢ়া গছ ইয়াৰ বাবে উপযোগী। গুৰি অংশ খালি কৰি ৰাখিব লাগে আৰু একে সমতলত যাতে দুটা ডাল কেতিয়াও নাথাকে তালৈ লক্ষ্য ৰাখিব লাগে।

ওপৰলৈ বাঢ়ি যোৱা ডালপাতবোৰৰ ভাৰসাম্যতা বজাই ৰাখি গুৰিৰপৰা তিনি-চাৰি ডালমান শিপা চাৰিওফালে বিয়পাই বঢ়াব লাগে।

পুলি গছবোৰ ঘনাই প্রুণিং কৰি স্বাভাৱিক আকাৰত ৰখা উচিত। মাতৃগছৰ ওপৰ অংশৰ ডাল ধৰি এনেধৰণৰ বনচাই গঢ় দি ল’ব পাৰি।

২) যুৰীয়া গছ:

এই ধৰণৰ বনচাইত গুৰি ভাগৰপৰা ওলোৱা দুটা পুলি পোন, বেঁকা বা পাকখোৱা ডাল নন্দনতাত্ত্বিক চেতনাৰে গঢ়ি তুলিব পাৰি।

গৌণ ডালটো মুখ্য গা-গছৰ কাষ চাপি অহা ডাল আৰু সিহঁতৰ মাজৰ খালি ঠাই কম হোৱা উচিত।

সুবিধাজনক গছ নাপালে এজোপা গছকে দুভাগ কৰি ল’ব পাৰি। পুলি লগাওঁতে মাতৃগছৰ ফেৰেঙণিৰ ঠিক তলতে ডাল ধৰি এই অভাৱ পুৰণ কৰিব পাৰি। দুয়োটা অংশৰ আকৃতি-প্রকৃতিৰ মিল থাকিলে বনচাই জোপা শুৱনি হ’ব।

৩) হেলনীয়া গছ:

এনে গছ প্রকৃতিত অসংখ্য পোৱা যায় বাবে তাৰ পৰাই সংগ্রহ কৰি ল’লে উপযুক্ত বনচাই পাব পাৰি।

নহ’লে ঘনাই ফেৰেঙণি থকা ডালবোৰ বিচাৰি গঢ় দিব লাগে। ওখ পুলিৰ আগটো কাটি, ভাঁজ দি, কৌশলেৰে প্রুণিং কৰি এনে বনচাই গঢ়িব পাৰি।

৪) বৃক্ষসমষ্টি:

ইয়াত একেলগে কেইবাজোপা জুম বান্ধি লগালেও সিহঁতক যিকোনো কাষৰ পৰা চালে এডাল সৰল ৰেখাতে দেখা হ’ব নালাগে। অন্যথা সিহঁতক একেজোপাৰে শিপাৰপৰা ওলোৱা যেন লাগিব।

সাধাৰণতে মিহি বাঁহৰ শলি জালৰ দৰে বান্ধি পাত্রৰ তলিত ৰাখি তাত পুলিবোৰৰ শিপাবোৰ লগলগাই প্লাষ্টিক বা সুতাৰে বান্ধি দিব পৰা যায়।

এই কামত তাঁৰ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। বেলেগ বেলেগ জাতৰ গছ এইদৰে জুম বান্ধি লগাব পাৰিলেও সিহঁতৰ পৰিবর্দ্ধন তথা স্বভাৱৰ ভিন্নতাৰ বাবে আশানুৰূপ ফল পোৱা নাযায়।

৫) সংযুক্ত শিপাৰ গছ:

ইয়াত সমান্তৰালভাৱে হোৱা শিপাবোৰ  বৃক্ষসমষ্টিৰ দৰেই বান্ধি দিয়া হয়। কিন্তু গুৰিৰপৰা বেছি দূৰলৈ যোৱা শিপাবোৰ পেগিং কৰি কাষত শিল আদিত দি লম্বভাৱে ওপৰলৈ বাঢ়িবলৈ দিব লাগে।

৬) প্রপাত বা কেচ্ কেড্:

পর্বতীয়া জুৰিৰ পাৰৰ শিলৰ ফাঁকত গজা গছবোৰৰ তললৈ বিয়পি অহা ভংগীমাকেই কেচ্ কেড্ বুলি কোৱা হয়। ইয়াৰ বাবে গা-গছডাল শিপাৰ বিপৰীত দিশত আগবাঢ়ি যোৱা উচিত।

গা-গছৰ গুৰিৰ নাইবা ওপৰৰ ডালবোৰ অতিমাত্রা ভাঁজ দি এনেকুৱা কৰিব পাৰি। যিহেতু বনচাইত শিপাৰ সৌন্দর্যৰ গুৰুত্ব সিমান নাই গতিকে দ’ সৰু, ঠেক পাত্র ব্যৱহাৰ কৰিব পাৰি। কিন্তু আংশিক কেচকেড্ ৰ বাবে বাম, ট্রেৰ দৰে পত্র লোৱা ভাল।

৭) গছ আৰি শিল

গছবিলাকৰ জীৱন শক্তিৰ ক্ষমতা ইমানেই প্রবল যে সিহঁতে অতি প্রতিকুল পৰিৱেশতো পৰিবর্দ্ধিত হৈ সৌন্দর্য প্রদান কৰিব পাৰে।

  • ওখ শিলৰ গাত,
  • গছৰ খোৰোং,
  • দেৱালৰ চাপত,
  • পকী দলঙৰ ভাঁজ আদিত থকা আকর্ষণীয় ভংগীমাৰ গছবোৰেই ইয়াৰ প্রমাণ। সাধাৰণতে তিনিধৰণৰ শিলত গঢ়া বনচাই পোৱা যায়।

ক) শিপাবোৰ শিলৰ ফাঁকে ফাঁকে বাঢ়ি গৈ তলৰ পাত্রৰ মাটিত খামুচি ধৰেগৈ।

খ) সামান্য মাটি থকা বাম ট্রেৰ দৰে পাত্রত থকা শিলৰ ওখোৰা মোখোৰাত শিপাবোৰ আৱদ্ধ হৈ পৰে।

৩) গছজোপা শিলৰ ওপৰত শিপাই কমোৰ মাৰিয়েই জীয়াই থাকে।

এনে বনচাইত গছৰ শিপাবোৰ শিলত কপকপীয়াকৈ বান্ধি দিয়া হয়। এই কামত শিলটোৰ ফাঁকত সীহৰ টুকুৰা তাঁৰ ভৰাই প্রয়োজন অনুসৰি শিপাবোৰ বান্ধি তাৰ ওপৰত তলত উল্লেখকৰা মিশ্রণটোৰ তৰপ এটা দি সুন্দৰ সেউজীয়া মচেৰে স্বাভাৱিকভাবে ঢাকি দিব লাগে।

চাৰিভাগ মচ + তিনিভাগ নৈৰ বালি+ তিনিভাগ ৰঙা মাটি

অসমত বিভিন্ন আকাৰৰ ওখোৰা-মোখোৰ শিলৰ অভাৱ নাই। তথাপিও হাতত তেনেকুৱা শিল নাথাকিলে তুলনামূলকভাবে কোমল শিল খাঁজ কাটি, ফুটা কৰি তামৰ পাইপ আদি ভৰাই উপযুক্ত কৰি ল’ব পাৰি।

এই ধৰণৰ বনচাইত শিলৰ ফাঁকবোৰত সাৱধানে মাটি  ভৰাই শিপাবোৰ সুন্দৰকৈ ঢাকি দি দিনে দুই-তিনিবাৰকৈ পানী দিয়া উচিত।

বনচাই ৰোপন:

মনে বিচৰা আকাৰ আৰু গঢ় লোৱাৰ পাছত বনচাইজোপাৰ ধুনীয়া আৰু আকর্ষণীয় ফালটো সন্মূখৰ ফালে দি উপযুক্ত পাত্রত ৰোৱ লাগে। কোনফাল সন্মূখ হ’ব সেইটো নির্দষ্টকৈ কৈ দিব নোৱাৰি যদিও সাধাৰণভাবে যি ফালটোৰ শিপাৰপৰা আগলৈকে সুন্দৰ অংশখিনি চকুত পৰে সেয়াই সন্মূখ।

গছজোপা উঘলাৰ আগতে টাবটোত পানী দি মাটিখিনি কোমল কৰি লোৱা উচিত। তাঁৰ এডাল বাহঁৰ জোঙা কামিৰে দাঁতিৰপৰা খুচি খুচি তললৈ সুমুৱাই চাৰিওফালৰপৰা মাটিখিনিৰ সৈতে গছজোপা ডাঙি দিব লাগে। প্রায় তিনিভাগৰ এক অংশ পুৰণি মাটি এৰুৱাই পেলোৱা হয়।

এতিয়া ডাঙৰ শিপাবোৰৰ তিনিভাগৰ এভাগ আৰু সৰু শিপাৰ আগবোৰ কেচি এখনে কাটি পেলাব লাগে। ৰোৱাৰ সমত শিপাবোৰ আলফুলকৈ মেলি ওপৰৰ অংশ ঢাক খোৱাকৈ মাটিৰে পুৰাই দিব লাগে।

ওলাই থকা শিপাৰ গঠনে বনচাইজোপাৰ সৌন্দর্য বৃ্দ্ধি কৰে। বনচাইৰ মাটি অসমত বছৰি বা দুবছৰৰ মুৰত বর্ষাকালত সলাব পাৰি। মাটি সলোৱাৰ সময়ত বিভিন্ন কৌশল প্রয়োগ কৰি গছজোপাৰ গঢ় দি ল’বও পাৰি।

পাত্র সলনি কৰা (Re-potting):

কেইবাবছৰো একেটা পাত্রতে থকা পাছ স্বাভাবিকতেই বনচাইজোপাৰ পাত্র সলনি কৰি নতুনকৈ ৰোৱাৰ প্রয়োজন হয়। এই কার্যত বনচাইজোপাৰ আগৰ অৱস্থান যাতে একেই থাকে তাৰ প্রতি সাৱধান হ’ব লাগে।

কেতিয়াবা আকৌ এই সময়তে ইচ্ছা কৰিলে পুৰণি অৱস্থাৰ বা ভংগীমা সলনি কৰি ৰোৱও পাৰি। পাত্র সলনি কৰাৰ সাধাৰণ নিয়মনীতি তলত দিয়া ধৰণৰ:-

পুৰণি বনচাইৰ মাটি গুচোৱা আৰু শিপা কটা আদিৰ আগতে তাৰ নতুন পাত্রটিৰ জোখ, গভীৰতা ইত্যাদি নিৰূপন কৰি ল’ব লাগে।

যদি বনচাইজোপাৰ পুৰণি হেলন (Slant)ৰ তাৰতম্য ঘটাবলৈ বাচৰা হয় তেন্তে প্রথমে মাটিৰ উপৰিভাগ চুৰুকি ল’ব লগে যাতে নতুন পাত্রত ই সমভাৱে অৱস্থান কৰে।

একে সময়তে বেচিকৈ মাটি নুগুচাই শিপাঈ দুখ নোপোৱাকৈ অলপ অলপকৈ গুচোৱা উচিত। ইয়াৰ পাছতহে যথাস্থানত ৰাখি নতুন পাত্রত খাপ খাই পৰাকৈ প্রয়োজনীয় মাটি গুচাই সন্মূখ আৰু পাছফালৰপৰা মাটি খহাই নতোন পাত্রতৰ লগত মিলাই ল’ব লাগে।

শেহত সোঁৱে- বাঁৱে মাটি গুচাই পেলালে নতুন পাত্রটোত সুন্দৰকৈ খাপ খাই পৰিব। সৰু বনচাইৰ পাত্র সলাওঁতে বৰকৈ জোখ-মাখ নললেও হয়।

দূর্ঘটনাবশতঃ বা বতাহ- ধুমুহাত লৰচৰ হৈ যোৱা বনচাই প্লাষ্টিকৰ ৰছীৰে পাত্রৰ পানী ওলোৱা ফুটাৰ লগত কপকপীয়াকৈ বান্ধি দিলে কিছুদিনৰ পাছতে গজগজীয়া হৈ উঠিব।

পাত্র সলোৱাৰ অন্য এক মূখ্য দিশ হ’ল অতিৰিক্ত শিপাবোৰ কাটি দিয়া। সাধাৰণতে শিপাখিনি তিনিভাগৰ দুই ভাগ আৰু কাচিৎহে অধিক শিপা কটাটো নিয়ম। পাইনগছৰ ক্ষেত্রত কমকৈ, অন্যান্য পাতসৰা গছত কিছু বেছিকৈ শিপা কাটিব পাৰি।

পাতসৰা আৰু চিৰসেউজীয়া গছৰ পাত্র সলোৱাৰ উত্তম হৈছে সময় জুন-জুলাই মাহ। ফুলধৰা গছৰ পাত্র ফুল সামৰি যোৱাৰ পাছত সলাব লাগে।

পাঁচ-ছয় বছৰ বা তাতোধিক সময় পাত্র সলনি নকৰাকৈ থাকিলে প্রথমে সিহঁতৰ শিপা নকটাকৈ খান্দি আনি নতুন পাত্রত ৰুই ছয় মাহৰপৰা এবছৰ ৰখা উচিত। তাৰ পাছত নতুনকৈ ঠন ধৰি উঠিলে পূর্বৰ দৰেই পাত্র সলনি কৰিব পাৰি।

সংৰক্ষণ আৰু প্রতিকুল বতৰত বনচাইৰ নিৰাপত্তা:

বনচাইবোৰ সৰু সৰু পাত্রত ৰুই সিহঁতৰ পৰিবর্দ্ধন সাৱধানে নিয়ন্ত্রণ কৰি ছবিৰ দৰে সুন্দৰ কৰি তোলা হয়।

তেনেই সীমিত পৰিমাণৰ মাটিতেই শিপাবোৰে যথেষ্ট কষ্ট কৰি বাঢ়িব লগা হয়। গতিকেই সিহঁতক সকলো পৰিৱেশতে নিৰাপত্তা দি প্রতিপালন কৰাৰ প্রয়োজন। এই ক্ষেত্রত উদ্ভিদৰ সাধাৰণ জীৱন প্রণালীৰ চাৰটা মূল কথা মনত ৰাখিব লাগে।

এইকেইটা হ’ল=

  • গছবোৰৰ বসন্ত কালত পৰিবৃদ্ধি হয়;
  • গ্রীষ্ম কালত পূৰঠ অৱস্থাপ্রাপ্ত হয়;
  • শৰৎ কালত শীতৰ বাবে সাজু হয় আৰু
  • শীতকালত টোপনি যায়।

শীতৰ প্রকোপৰপৰা ৰক্ষা কৰিবলৈ বনচাইবোৰক শৰতৰ শেষৰফালে দুই-তিনিজাক কুঁৱলী খুৱাই শুকান ৰ’দৰ বতৰত বাৰান্দা বা তেনেকোনো নিৰাপত্তাৰ ব্যৱস্থা থকা চালিৰ তললৈ স্থান্তৰিত কৰিব লাগে।

বসন্তৰ কোনো এটা পুৱা ইহঁতক আকৌ শীতকালীন আশ্রয়স্থলৰপৰা আনি মুকলি চাঙত থব লাগে। এটা কথা মনত ৰখা দৰকাৰ যাতে ইহঁতে কোনো পধ্যেই শীতৰ শেহত ঠাণ্ডা কুঁৱলীজাক খাবলৈ নাপায়।

বাহিৰত প্রকৃতিয়ে পাত সলোৱাৰ সময়তেই ইহঁতৰ পাত্র সলোৱা, প্রুণিং কৰা, পোনাই-পজৰাই দিয়া আদি কামবোৰ আৰম্ভ কৰিব পাৰি।

নতুনকৈ তাঁৰ মেৰিউৱা তথা সদ্য পৰিবর্ত্তিত পাত্রবোৰ কিছু দেৰিকৈ বাহিৰলৈ উলিওৱা ভাল।

গ্রীষ্মৰ আগভাগত গছবোৰত নতুন কলি আৰু ডাল ওলায়। পাতবোৰ ঠনধৰি নুঠালৈকে ডাঙৰ বতাহৰ পৰা ইহঁতক নিৰাপত্তা দিব লাগে। এই সময়ত পোক-পৰুৱাৰ উপদ্রৱ বেচি হোৱালৈ চাই যথোপযুক্ত প্রতিৰোধ ব্যৱস্থাও লোৱা উচিত।

সাধাৰণতে সুন্দৰকৈ প্রতিপালন কৰা বনচাইবোৰৰ বাবে গ্রীষ্মকালত নিৰাপত্তাৰ বিশেষ প্রয়োজন নাই যদিও দুর্বল আৰু সদ্যসংগ্রহিত গছবোৰ ঠাণ্ডা, ছাঁ পৰা ঠাইত ৰাখিব লাগে।

অন্যহাতে অতি প্রখৰ গ্রীষ্ম প্রধান অঞ্চলত চোকা ৰ’দৰ বাবে প্রয়োজনীয় প্রতিৰক্ষা ব্যৱস্থা লোৱা উচিত।

গোটেই বছৰৰ কষ্টৰ প্রতিদান বনচাইজোপাত শৰৎকালত প্রতিফলিত হয়। এই সময়তে ইহঁতে শীর্ষ অৱস্থাপ্রাপ্তহৈ শীতৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰে। গতিকেই শেষবাৰৰ বাবে এবাৰ সাৰ প্রয়োগ কৰটো একান্তই বাঞ্চনীয়।

বনচাই প্রদর্শন:

যিমানেই সুন্দৰ নহওক লাগে অপৈণত তথা শিল্পীসুলভতাৰ অভাৱত ভোগা বনচাই প্রদর্শনে ইয়াৰ সৌন্দর্য চকুত লগাকৈ ক্ষুন্ন কৰিব পাৰে।

তদোপৰি বনচাই প্রদর্শনৰ কিছুমান নিজা নীতি-নিয়মো আছে। এই শতিকাৰ আগভাগলৈকে বনচাইবোৰ বৰ জটিল নীতি-নিয়মৰ মাজেৰে সজোৱা হৈছিল।

ইহঁতক সাধাৰণতে বেৰত ওলোমাই থোৱা ছবি, ধুপদানী, চাহৰ সৰঞ্জাম, ফলমূলৰ কাঁহী, সৰু টেবুল আদিৰ লগত ঐক্যতানেৰে চ’ৰাঘৰত আচুতীয়া অলঙ্কৃত স্থানত (Tokonoma) ৰখা হৈছিল।

অতীজৰ অভিজাত সম্প্রদায়ৰ সম্পত্তিৰূপে বিবেচিত বনচাই সর্বসাধাৰণৰ মাজতো জনপ্রিয় হৈ উঠাৰ পাছত ১৯৩৫ চনমানৰপৰা পৰিবর্ত্তিত জীৱন ধাৰাৰ লগত সংগতি ৰাখি এইবোৰৰ প্রদর্শনৰ ক্ষেত্রতো পৰিবর্তন আহিল।

এনে পৰিবর্তনবোৰৰ ভিতৰত প্রথম হ’ল---

বনচাইক অন্যান্য শিল্পকর্মৰপৰা আতঁৰাই আনি নিজস্ব সৌন্দর্য প্রদর্শন কৰাৰ ওপৰত প্রাধান্য দিয়াটো। কেৱল মাত্র পৰিবেশ সম্পূর্ণ কৰাৰ বিপৰীতে বনচাইক নির্ণায়াত্মক ভূমিকা ৰূপায়ণ কৰাত গুৰুত্ব দিয়া হ’ল।

অন্যান্য সামগ্রীৰ বিপৰীতে সাধাৰণ পৰিস্কাৰ শিলৰ টুকুৰা বা ঘাঁহবনেই সহযোগী সামগ্রী হিচাপে বিবেচিত হ’বলৈ ধৰিলে। অন্যহাতেদি বেৰত ওলোমাই ৰখা ছবিত পর্বত-পাহাৰ, গছ-গছনি আদিৰ পৰিবর্তে অন্য বিষয় নির্বাচন কৰি বনচাইবোৰৰ স্বকীয়তা প্রকটকৈ তুলি ধৰিবলৈ চেষ্টা চলোৱা হয়।

পুৰণি পৰম্পৰাৰ সামগ্রী সমূহৰ সলনি বগা বা মাখন ৰঙৰ পটভূমিত উপযুক্ত আকাৰৰ টেবুলত একমাত্র বনচাইহে প্রদর্শিত হ’বলৈ ধৰিলে।

তাৰোপৰি অকলশৰীয়া বনচাইতকৈ অন্যসামগ্রীবর্জিত এটি, দুটি বা তিনিটি হিচাপে  জুমবান্ধি বনচাই সজোৱা নিয়মো আজিকালি জনপ্রিয় হৈ উঠিছে।

বনচাই ৰখা স্থানৰ ক্ষেত্রতো পৰিবর্তন আহিল। ওপৰত উল্লেখিত সহযোগী সামগ্রী সমূহৰ লগত টক’নমাতকৈ-

  • মূখ্যদ্বাৰ,
  • চৰাঘৰ,
  • বাৰান্দা,
  • কৰিড’ৰ আনকি ৰান্ধনিঘৰো বনচাই প্রদর্শনৰ স্থান হিচাপে পৰিগণিত হ’ল।

বনচাইৰ আকাৰ প্রকৃতিৰ লগত টেবুলৰ আকাৰ তথা উচ্চতে আৰু চাৰিওকাষৰ খালি ঠাইৰ লগত সংগতি বজাই ৰখাটোৱেই প্রধান কথা হৈ উঠিল।

সদায়ে দৃষ্টিৰ সমতলত ৰখাটো বনচাই প্রদর্শনৰ অন্য এক মুলকথা। আজিকালি সৰু আৰু মজলীয়া আকাৰৰ বনচাইয়েই বেচি জনপ্রিয় যদিও বৃহৎ অট্টালিকাবোৰৰ চোতালত ডাঙৰ আকৃতিৰ বনচাই সজোৱাও চকুত পৰে।

বনচাই প্রদর্শনৰ সময়:

প্রতিজোপা বনচাইৰে তাৰ নিজা স্বাভাৱিক সৌন্দর্য আছে আৰু ঋতু অনুসৰি সিহঁতৰ সৌন্দর্যই চৰম বিন্দুত উপনীত হোৱা কালচোৱাই ইহঁতক উপভোগ কৰাৰ উত্তম সময়।

উদাহৰণ স্বৰূপে-

  • কিছুমান গছ নতুন কুঁহিপাত ওলোৱাৰ সময়ত,
  • কিছুমান কলি ওলোৱাৰ সময়ত,
  • কিছুমান ফুল বা ফল ধৰা সময়ত,
  • আন কিছুমান আকৌ সম্পূর্ণ পাতেৰে সর্জ্জিত হৈ থাকিলেহে মনোমোহা হয়।

আনহাতে এনে কিছুমান বনচাই আছে যিবোৰ আকৌ পাত সৰি নঙঠা হৈ থাকিলেহে দেখিবলৈ চকুত লগা হয়।

এইদৰে এজোপা বনচাই বছৰৰ কোনো নির্দষ্ট ঋতু বা সময়ত প্রদর্শন কৰিব পাৰি। জাপানত নতুন বছৰ উপলক্ষে চিৰসেউজ পাউন গছ প্রদর্শনৰ বাবে সজোৱা দেখা যায়।

বনচাই উপস্থাপন কৰাৰ কলাকৌশল:

বনচাই উপস্থাপন কৰোঁতে ইহঁতৰ সবাটোকৈ ধুনীয়াফালটো সদায় চকুত পৰাকৈ থব লাগে। বহুত সময়ত ভুল উপস্থাপনৰ বাবেই সুন্দৰ বনচাই এজোপাও চকুত পৰা হৈ নুঠে।

সাধাৰণতে বনচাইবোৰ টেবুলজাতীয় ওখ, মধ্যমীয়া বা চাপৰ স্থানত থোৱা হয়।

এইবোৰ-

  • কাঠ,
  • বাঁহ,
  • ধাতু বা শিলৰো হ’ব পাৰে।

কেতিয়াবা টেবুলৰ পৰিবর্তে চেপেটা কাঠেৰে চাং কৰিও ৰাখিব পাৰি। সদায় বনচাইবোৰৰ লগত অন্য সামগ্রীবোৰৰ পৰস্পৰৰ ডিজাইন, ৰঙ,উচ্চতা আদিৰ ভাৰসাম্য সুক্ষ্ম দৃষ্টিৰে লক্ষ্য ৰখা উচিত।

উদাহৰণ হিচাপে কেচকেড্ জাতীয় বা পাইন মধ্যমীয়া কাঠৰ টুকুৰাত ৰাখি চাপৰ সৰু টেবুলত শিল এচপৰা বা বাম পাত্রত মাটি ভৰাই ৰাখি কনট্রাষ্ট গঢ়ি তুলিব পৰি।

একে সমতলতে শিল আৰু বনচাই ৰাখিলে আকর্ষণীয় হৈ নুঠে। সৰু বনচাই অলংকৃত শ্বেলভত সাধাৰণভাবেই ৰাখি ধুনীয়া কৰিব পাৰি।

অন্যহাতে একেটা সমতলত জুম বান্ধি থলে খেলিমেলি ভাৱৰ সৃষ্টি হয় আৰু ডাঙৰ অতিমাত্র অলংকৃত শ্বেলভত হয়।

নিমজ ধৰাতলত কাঠৰ টেবুলৰ ওপৰেদি বনচাইবোৰ অনা-নিয়া কৰোঁতে সাৱধান নহলে আচোঁৰ খাই দৃষ্টিকটূ দাগ লাগিব পাৰে।

বনচাই আৰু ইহঁতৰ আনুসঙ্গিক সামগ্রী:

বনচাইবোৰ সজাওঁতে লগৰ আনুসঙ্গিক সামগ্রীবোৰৰ ভাৰসাম্যতাৰ কথা আগতেই উনুকিয়াই অহা হৈছে।

দুটা বা তাতোধিক বনচাই প্রদর্শন কৰিবলৈ যাওঁতে পাত্রবোৰৰ ৰঙ, আকাৰ আৰু ডিজাইন অনুসৰি পৰস্পৰৰ লগত ভাৰসাম্যতা বজাই ৰাখিহে আগবঢ়া উচিত।

বিশেষকৈ ৰঙ আৰু আকাৰৰ বৈচিত্রৰ লগতে বিভিন্নতাই বনচাইবোৰক অধিক আকর্ষণীয় কৰি তোলে।

উদাহৰণ হিচাপে-

  • ৰঙচুৱা,
  • খহতা,
  • আয়তক্ষেত্রকাৰ পাত্রত থকা পাইন এজোপাৰ লগত বগা ডিম্বাকৃতিৰ পাত্রত ঘাহঁনি এডৰা ৰাখি তাৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰিব পাৰি।

একঘেয়ামী আৰু অলসতা ভাঙিবলৈ কোনো ৰঙ বা আকাৰৰে এটাতকৈ বেছি পাত্র ব্যৱহাৰ কৰাটো উচিত নহয়।

উচ্চতা আৰু আকাৰেই মূলকথা হলেও সামগ্রীবোৰ সমূহীয়াকৈ ঐকতানেৰে মিলি নেথাকিলেও দৃষ্টিকটূ হৈ উঠাৰ সম্ভাৱনা থাকে।

প্রতিটো আনুসঙ্গিক সামগ্রীয়েই ইটোৱে সিটোৰ কনট্রাষ্টত আহি সমূহীয়া সৌন্দর্যৰ সৃষ্টি কৰা উচিত।

উদাহৰণ হিচাপে কোনিফাৰজাতীয় বনচাইক এডৰা ঘাহেঁ বা সাধাৰণ শিল এচপৰাই পাতসৰা নঙঠা গছ এজোপা কৰি তুলিব পাৰি।

এইখিনিতে কৈ থোৱা ভাল যে আনুসঙ্গিক সামগ্রীবোৰৰ লগত কনট্রাষ্ট হ’বলগীয়া একমাত্র ডিজাইনটোৱেই হৈছে স্বয়ং বনচাইজোপা।

এই মূলকথা মনত ৰাখি কল্পনাপ্রৱণ বনচাইপ্রেমী সকলে ৰুচি সহকাৰে নানা দৃশ্যৱলী ৰচনা কৰি নিজা সৃজনীশীলতাৰ পৰিচয় দিব পাৰে।

লেখক: নৱ কুমাৰ বৰা(সেউজী ধৰণী)

ফোন নং: ৮৪৭২০২৪৮১৭

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate