অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জেং বিহু

জেং বিহুৰ বিষয়ে লিখা হৈছে

 

আমাৰ কৃষি জীৱনৰ মূল প্ৰেৰণা বিহুৰ অপৰিহাৰ্য লোকাচাৰত অষ্ট্ৰিক আৰু মাংগোলীয় সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা যায়। সংস্কৃত ‘বিষুৱ’ শব্দৰপৰা বিহু শব্দৰ উৎপত্তি হৈছে বুলি পণ্ডিতসকলে ক’ব খোজে যদিও চীনৰ য়ুনান প্ৰদেশত হোৱা বসন্ত উৎসৱ ‘বিহো’ শব্দৰ লগত আমাৰ ‘বিহু’ শব্দৰ ধ্বনিগত মিল থকা বাবেও পণ্ডিতসকলে বিহুক চীনদেশৰপৰা অহা বুলি ক’ব খোজে। অৱশ্যে ইয়াৰ আন এটা কাৰণ হ’ল চীন দেশৰ বসন্ত কালত পতা কোনো ঋতুকালীন উৎসৱৰ ৰীতি-নীতি, আচাৰ-অনুষ্ঠানৰ লগত অসমৰ বিহুৰ সাদৃশ্য থকাটো। চীন দেশতো ডেকা-গাভৰুৱে নৃত্য আৰু গীতৰ সহায়ত পৰস্পৰক আকৰ্ষণ কৰিছিল। মনেৰে মিল খোৱা ডেকা-গাভৰুৱে কপৌফুলৰ আদান-প্ৰদান কৰিছিল। অসমৰ বিহু নামত কপৌফূলৰ উল্লেখ আছে।

উৰ্বৰা শক্তিৰ লগত সম্পৃক্ত বিশ্বাসৰ বাবেই বিহুৰ বিভিন্ন অনুষ্ঠানৰ লগত নাৰীসকল বিশেষভাৱে জড়িত হৈ থকা দেখা যায়। ‘কৃষিৰ লগত তিৰোতা আৰু তিৰোতা সম্পৰ্কীয় কথাবিলাক বেছিকৈ জড়িত হৈ থকাৰ কাৰণ হ’ল’- কৃষি আছিল নাৰীৰ আৱিষ্কাৰ আৰু পৃথিৱীৰ উৰ্বৰতাৰ লগত নাৰীৰ উৰ্বৰতাৰ ঘনিষ্ঠ সম্পৰ্ক আদিম মানৱে লক্ষ্য কৰিছিল। গতিকে like procudures like মেজিকত এই ধাৰণাৰ বশীভূত হৈ তিৰোতাৰ উৰ্বৰতাৰ বৃদ্ধিৰ দ্বাৰা খেতিৰ ফচলো চহকী কৰিব পাৰি বুলি আদিম মানৱে ভাবিছিল।

ভাৰতৰ উত্তৰ-পূবত বাস কৰা জনজাতীয় সমাজতো কৃষিৰ লগত সম্পৰ্ক থকা ঐন্দ্ৰজালিক আচাৰ-অনুষ্ঠানৰ অভাৱ নাই। বড়ো জনগোষ্ঠীৰ বৈশাগু, খেৰাই, গাৰোসকলৰ ৱাংগালা, ৰংচু গালো, মিচিংসকলৰ আলি-আই লৃগাং আদিমসকলৰ আৰাণ, পনুং, আপাটানিসকলৰ মলকো উৎসৱ আৰু ভৈয়ামত বাস কৰাসকলৰ কৃষিকেন্দ্ৰিক অনুষ্ঠান বিহু, আলি আই লৃগাং আদিত গাভৰুসকলে নচা নাচসমূহৰ উদ্দেশ্য যেন পৃথিৱীক শস্যগৰ্ভা কৰা। মিচিং ডেকা-গাভৰুৱে পথাৰত গুমৰাগ নাচ নানাচিলে আহুধানৰ থোক ডাঙৰ নহয় বুলি তেওঁলোকে বিশ্বাস কৰে। কৃষিকেন্দ্ৰিক এই অনুষ্ঠানবোৰত পৰিৱেশন কৰা যৌনগন্ধী নাচ-গানবোৰ দেখিয়ে হয়তো ৰঙালী বিহুক এসময়ৰ অভিজাত সম্প্ৰদায়ৰ লোকসকলে ঘৃণাৰ চকুৰে চাইছিল।

বিহু উৎসৱৰ লগত জড়িত হুঁচৰি, গৰুক গা ধুওৱা আৰু এই উৎসৱ উপলক্ষে অনুষ্ঠিত লোকনৃত্য-গীত, বিহুগীত, বনগীত আদিক ক্ৰমশ: পৰিৱৰ্তিত ৰূপ বুলি ধৰিলে জেং বিহুকেই উৎসৱৰ প্ৰকৃত চানেকীস্বৰূপ বুলি ক’ব পাৰি। জেং বিহুৰ উৎপত্তি সম্পৰ্কে জানিবলৈ হ’লে আমি প্ৰথমতে ‘জেং’ শব্দটো ক’ৰপৰা আহিছে সেয়া চাব লাগিব। লোকসংস্কৃতিৰ গৱেষক-পণ্ডিত প্ৰদীপ চলিহাই জেং বিহু সম্পৰ্কে দিয়া মন্তব্য এনেধৰণৰ- ‘জেং বিহুৰ প্ৰকৃত নামটো হৈছে পঈ নাং জেং। ই তাই ভাষাৰ(আহোম) শব্দ। তাই ভাষাৰ পঈ শব্দৰ অৰ্থ হৈছে বিহু উৎসৱ। নাং শব্দৰ অৰ্থ গাভৰু(যেনে- নাংচেং স্বৰ্গদেউ জয়ধ্বজৰ ৰাজকন্যা ৰমনী গাভৰু), জেং শব্দৰ অৰ্থ আদৰ্শমূলক নিভাঁজ গাভৰুৰ বিহু। নিভাঁজ গাভৰু বোলাৰ অৰ্থ হৈছে এই বিহুত কোনো পুৰুষে অংশগ্ৰহণ নকৰে। এই পউনাং জেং শব্দটোক উচ্চাৰণ ভেদে পয়নাং জেং বোলাও হয়। তাই ভাষাৰ জিং শব্দৰ অৰ্থ হ’ল গাভৰু ছোৱালী বা মাইকী মানুহ’।

এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিব পাৰে। সেই সময়ত ডেকা-গাভৰুৱে একেলগে বিহু নাচিছিল। গতিকে বেলেগে আকৌ জেং বিহু পতাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল। লোক-সংস্কৃতিৰ গৱেষক তীৰ্থ ফুকন ডাঙৰীয়াই ‘বিহুৰ ঐতিহ্য তাৎপৰ্য আৰু সৌন্দৰ্য সন্ধান’ নামৰ গ্ৰন্থখনত উল্লেখ কৰা মতে ধাৰণা কৰা হৈছিল যে মানৱ আক্ৰমণৰ পিছত অসমৰ সমাজ জীৱন বিপৰ্যস্ত কৰি যোৱাৰ পিছত ইংৰাজসকল আহিছিল। তাৰ পিছত আকৌ অসমৰ অসমীয়া মানুহৰ সামাজিক অৰ্থনৈতিক জীৱনত অভাৱনীয় আৰু দ্ৰুতভাৱে পৰিৱৰ্তন ঘটিছিল। আনকি অসমীয়া সমাজ জীৱনত পাশ্চাত্য সভ্যতা সংস্কৃতিৰো প্ৰভাৱ পৰিছিল। ইয়াৰ ফলত পৰম্পৰাগতভাৱে যুগ যুগ ধৰি চলি থকা ডেকা-গাভৰুৰ মাজৰ ‘ৰাতি বিহু’ কালৰ বুকুত বিলীন হৈ পৰিল।

জেংবিহু মহিলাসকলে দিনটোৰ কাম-কাজ সামৰি নিশা মুকলি মনেৰে পথাৰৰ মাজত গছৰ তলত পৰিৱেশন কৰা নৃত্য-গীত, য’ত প্ৰকাশ পায় প্ৰেম, প্ৰণয়, দৈহিক আবেদন আদি। অৱশ্যে পণ্ডিতসকলে জেং বিহু প্ৰথমতে উজনি অসমৰ আহোম সম্প্ৰদায়ৰ মাজত আহোম গাঁৱত পতা হৈছিল বুলি ক’ব খোজে। মহিলাসকলে ৰাতি গছৰ তলত পৰিৱেশন কৰা বাবে এই বিহুক জেং বিহু, গাভৰু বিহু, গছৰ তলত বিহু, ৰাতি বিহু নামেৰে নামকৰণ কৰিছিল। জেং বিহু সম্পৰ্কে মহেশ্বৰ নেওগে তেখেতৰ মন্তব্য এনেদৰে দিছিল- ‘জেং বিহু হেনো হয় মাজনিশা, ক’ৰবাৰ পথাৰৰ মাজত। বুঢ়ী-ভকতনী, বিহুৱতীহঁতে হেনো বিহু মৰা ঠাইত শুকান জেংখৰি কেইডালমান থিয়কৈ লয় আৰু তাৰ পিছত হেনো তাতে সেউজীয়া গছ-পাত-ডাল লগাই দিয়ে। গুৰুত্বপূৰ্ণ কথা এই যে তেওঁলোকে গায় ফুলকোৱঁৰ, মণিকোৱঁৰৰ গীত’।

এই বিহুত জেং ব্যৱহাৰ কৰাটো প্ৰজননৰ প্ৰতীক বুলি ড° মহেশ্বৰ নেওগে ক’ব খোজে। বিহুক প্ৰজননৰ উৎসৱ বুলি যদি ধৰা হয়, তেতিয়াহ’লে শুকান জেংকেইডালত সেউজীয়া ডাল-পাত লগাই প্ৰতীকী অৰ্থত পৃথিৱীক যেন শস্য-শ্যমলা ৰূপত প্ৰকাশ কৰে। ধৰিত্ৰীৰ বুকুত বা ডেকা গৰ্ভত বীজ ৰোপণ কৰি শস্য সৃষ্টিৰ কামনা কৰা গাভৰুৰ মনতো বসন্ত কালত জাগে সৃষ্টিৰ বাসনা আৰু সেয়া স্বত:সফূৰ্তভাৱে ওপ্লায় বিহুগীতৰ মাজেৰে। অসমত বাস কৰা মৰাণ জনগোষ্ঠীৰ মহিলাসকলেও গছৰ তলত বিহু মাৰে। কিন্তু গাভৰুসকলৰ এই বিহুত একে গাঁৱৰ ডেকাসকলে ভাগ নলয় যদিও মৰাণ ডেকা-গাভৰুৱে সমাজৰ শালীনতা আৰু শৃংখলাৰ মনোভাব থকা বাবেই ইয়াত কলুষতাই স্থান নাপায়। গীত-মাতেৰে প্ৰেমৰ প্ৰকাশ কৰিলেও প্ৰেমৰ পৱিত্ৰতা কালিমা সনাৰ মনোভাৱ নাথাকে। অৱশ্যেই ইয়াতেই যে মনৰ মিলন ঘটিছিল সেয়া স্বীকাৰ কৰিবই লাগিব। সেই সময়ৰ সমাজ যে শৃংখলাবদ্ধ আছিল তাৰ বিভিন্ন প্ৰমাণ পোৱা যায়। সেয়েহে হয়তো গাঁৱৰ গাভৰুসকলে ৰাতি গছৰ তলৰ বিহু মাৰিবলৈ গ’লে সামাজিক শৃংখলা ৰক্ষা কৰিবৰ বাবেই হয়তো প্ৰৱৰ্তন কৰিছিল এক অলিখিত নিয়ম- পুৰুষে ৰাতি মহিলাৰ বিহু চাব নাপায়। তীৰ্থ ফুকনে জেং বিহুক নাৰী স্বাধীনতাৰ বা নাৰীমুক্তিৰ পদক্ষেপ বুলিব পাৰি বুলি মন্তব্য প্ৰকাশ কৰিছে। জেং বিহুত সেই বিদ্ৰোহৰ সুৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়।

চ’ত গ’ল, ব’হাগত

জীয়ৰী মুকলি হ’ল

কেনেকৈ মুকলি হ’ল?

ফলীয়া বেতেৰে বান্ধি থৈ আহিলোঁ

বতৰ পাই মুকলি হ’ল।

বৰ্তমান মঞ্চত পৰিৱেশন কৰা বিহুৱতীসকলৰ দৰে জেং বিহুৰ গাভৰুসকলে পৰিধান কৰা সাজ-পাৰ একে নহয়। কাৰণ জেং বিহু হ’ল আগৰ গাভৰুসকলৰ স্বত:সফুৰ্ত প্ৰকাশ। গতিকে তেতিয়া গাভৰুসকলে ঘৰত সাধাৰণতে যি সাজ-পাৰ পৰিধান কৰিছিল তেনেভাৱেই জেং বিহু নাচিবলৈ আহিছিল।

প্ৰসাধনতো কোনো বজৰুৱা কৃত্ৰিম সামগ্ৰীৰ পয়োভৰ নাছিল। প্ৰকৃতিৰ বিভিন্ন উপাদানেৰে নিজক সজাইছিল। বৰ্তমানৰ জেং বিহু আগৰদৰে পথাৰৰ মাজত। গছৰ তলত নিশা পৰিৱেশন কৰা নহয়। কিন্তু আমাৰ অসমীয়া মানুহৰ হিয়াৰ আমঠু, হেঁপাহৰ উৎসৱ বিহুৰ লগত জড়িত আন অনুষ্ঠানৰ লগতে জেং বিহুৰো পুৰণি ঐতিহ্য ৰক্ষা কৰাত সংস্কৃতিপ্ৰেমী লোকসংস্কৃতিৰ গৱেষকসকলে আগভাগ লোৱা ভাল। নহ’লে এসময়ত আমি এইবোৰ অভিধানৰ পাতত অথবা আমাৰ নৱ প্ৰজন্মই সাধুকথাৰ দৰে শুনিব লাগিব।

লেখিকা:মঞ্জু মজুমদাৰ বৰ্মণ(দৈনিক অসম)

3.14814814815
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top