মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ঝুমইৰ গীতত চাহ লোকজীৱনৰ প্ৰতিফলন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঝুমইৰ গীতত চাহ লোকজীৱনৰ প্ৰতিফলন

ঝুমইৰ গীতত চাহ লোকজীৱনৰ প্ৰতিফলনৰ বিষয়ে লিখা হৈছে ।

 

সংস্কৃতি হৈছে এটা জাতিৰ প্ৰথা, পৰম্পৰা, সুখ-দুখ, ঐতিহ্য, বেদনা, হা-হুমুনিয়াহ, ইতিসাহ, আচাৰ, ৰীতি-নীতি, আদৱ-কায়দা আদিৰ মুক্ত প্ৰতিফলন। এটা জাতিৰ পৰিচয় সেই জাতিৰ সংস্কৃতিয়েই শুদ্ধভাৱে মুক্তৰূপত দাঙি ধৰে। বাৰেৰহণীয়া সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ চাহ জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ অন্যতম উপাদান হৈছে ঝুমইৰ গীত।

চাহ জনজাতিৰ লোককৃষ্টিত ঝুমইৰ গীতৰ এক সুকীয়া স্থান আছে। এই জনগোষ্ঠীৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত ঝুমইৰ গীতসমূহত আচলতে যুগ যুগ ধৰি মুখে মুখে স্বতঃস্ফুৰ্তভাৱে নিগৰি অহা জীৱনৰ দুখ-বেদনা, আশা-আকাংক্ষা, হা-হতাশা, আনন্দ-বিষাদ, মান-অভিমান আৰু প্ৰেম-পিৰীতি আদি সকলো দিশৰ কথা প্ৰকাশ পায়।

অন্যান্য জাতি-জনগোষ্ঠীৰ লোকসংগীতত তেওঁলোকৰ জীৱন কাহিনী, ইতিহাস আৰু কৃষ্টিৰ প্ৰতিফলন ঘটাৰ নিচিনাকৈ চাহ জনগোষ্ঠীৰ ঝুমইৰ গীতবোৰতো নিজ জনগোষ্ঠীৰ কলা-কৃষ্টি আৰু জীৱন কাহিনীৰ কথা প্ৰকাশ পায়।

এই ঝুমইৰ গীতবোৰে চাহ জনগোষ্ঠীৰ জাতীয় জীৱনত উত্থান-পতন, ঘাত-প্ৰতিঘাত, ঐতিহ্য, পৰিঘটনা আদি কেনেদৰে প্ৰতিফলন ঘটাই আহিছে তাৰেই কিছু আভাস পোৱা যায়।

চাহ জনগোষ্ঠীয় লোকসকলে “সোনৰ অসম” গঢ়াৰ মানসেৰে পুৱাৰ পৰা গধূলিলৈকে ৰ’দ-বৰষুণ নিৰ্বিশেষে হাড়ভঙা পৰিশ্ৰমৰ অন্তত আবেলি ঘৰলৈ উভতি আহি দেহাৰ ক্লান্তি বা ভাগৰ দূৰ কৰিবলৈ পৰিয়ালৰ লগতে দুবাতি “লাওপানী” খাই আনন্দত আত্মহাৰা হৈ ঢোল, মাদলৰ তালে তালে ঝুমইৰ গীত আৰু নৃত্য কৰি মনৰ দুঃখ-বেদেনা লাঘৱ কৰিবলৈ চেষ্টা কৰে। তাকেই ঝুমইৰ গীতত প্ৰকাশ পায়।

ৰে’ল গাড়ী গ চলে ঘনে ঘনে

দেশ চাড়ে আইলি আসাম

ভুলালি গ দেশেৰ নাম

আসাম দেশে খুলিলি বাগান

বামাই দেলি হামৰা

সোনাৰ আসাম….

অসমত চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত ঝুমইৰ গীতসমূহ বুলিলে তেওঁলোকৰ জাতীয় উত্সৱ “কৰম পৰৱত” পৰিৱেশন কৰা গীতসমূহকে বুজায়। “কৰম পৰৱ” যিহেতু মূলতঃ কৃষি উত্সৱ, সেয়েহে “কৰম পৰৱত” ভাগ্য লক্ষ্মীৰ আৰাধনা কৰা হয়।

এই ঝুমইৰ গীতৰ মাজেদি জনগোষ্ঠীটোৰ কৃষিভিত্তিক জীৱনৰ শ্ৰমজীৱী জনগনৰ দৈনিক জীৱনৰ অনুভূতিৰ মুক্ত প্ৰকাশ পায়।

কৃষিকৰ্মৰ লগত জড়িত তেওঁলোকৰ জীৱনৰ আশা-আকাংক্ষা, পোৱা-নোপোৱাৰ বেদনা, হিয়াৰ গোপন কথা ঝুমইৰ গীতৰ মাজেদি প্ৰকাশ পায়। কৃষিজীৱী লোকসকলে সাধাৰণতে প্ৰকৃতিয়ে লগ নিদিলে কি পৰিণতি ভুগিব লগা হয়, তেওঁলোকৰ মনত কি দোলা দিয়ে তাৰেই মুক্ত প্ৰকাশ..

“দুহাজাৰ গাৰ সাল

ভাদকে মহিনা

মাৰথে ইচন ধূপ

চোটকে পচিনা

ৰে সাজন দেখ খেতি

ৰূপাজে ৰূপালি

সেই দুই দিনা…”

ঝুমইৰ গীতৰ জৰিয়তে চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ ডেকা-গাভৰুৰ প্ৰেম-প্ৰীতি আৰু ইয়াৰ পৰিণতি স্বৰূপে হোৱা তেওঁলোকৰ মাজৰ বিৰহ-মিলনৰ এখন প্ৰস্ফুটিত প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়।

অসমৰ বিহুগীতৰ দৰে ঝুমইৰ গীতেও প্ৰেম-প্ৰীতিৰ প্ৰণয়ৰ বহুখিনি ঠাই অধিকাৰ কৰি আছে। যৌৱনৰ দুৱাৰডলিত উপনীত হোৱা যি কোনো ডেকা-গাভৰুৰ মন পৰস্পৰে পৰস্পৰৰ প্ৰতি আকৰ্ষণ হোৱা স্বাভাৱিক কথা। ঝুমইৰ গীতত প্ৰেমৰ সুন্দৰ প্ৰকাশ পোৱা যায়।

“চন্দ্ৰবদন মুখ

হেঁৰি মন বিয়াকুল

দয়ালীনি ৰে ধনী, কুমলীনি ৰে

কতখনে ধনী হ’বৈই দেখা ৰে

তুমি আসিবে বলে

বড় আশা ছিল মনে

দয়ালীনি ৰে ধনী কমলিনী ৰে

কেন নাই আসিলে ধনী

দেখা দিতে ৰে…”

সংসাৰ ক্ষন্তেকীয়া, মানৱ জীৱনত অহংকাৰৰ কোনো মূল্য নাই। জীৱনটো কচু পাতৰ পানীৰ দৰে। ধন-জন, ঐশ্বৰ্য-বিভূতি সকলো যেন মিছা।

কেতিয়াবা অজানিতে নানা দুখ কৰ্মত লিপ্ত হ’বলগীয়া হয়। সেই দুখ কৰ্মৰ কথা মনত সাঁচি থব নোৱাৰি ঝুমইৰ গীতত মনৰ ভাৱ ব্যক্ত কৰে।

“দুনীয়াৰ মোহ মায়া

ঘেৰি পেলাই মৰ কায়া

ভাই বন্ধু গ কৰে হ্যায় হ্যায়

মৰিলেও দুখ

কে সঙ্গে যায় …”

 

ভাদ মাহত শুক্লা একাদশীৰ তিথিত কৰম পৰৱত বিধিপূৰ্বকভাৱে ঝুমইৰ নৃত্য-গীত চাহ জনগোষ্ঠীয় লোকসকলে উদযাপন কৰি আহিছে। পূজা-পাৰ্বণৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক ভাৱ ঝুমইৰ গীতসমুহত পোৱা যায়। যিদিনা পূজা আৰম্ভ হয় সেইদিনা নিশা ডেকা-গাভৰু সকলোৱে বৃত্তাকাৰে গীত-নৃত্য আৰম্ভ কৰে। ইয়েই ঝুমইৰ নৃত্য-গীতৰ প্ৰথম পৰ্ব। ইয়াকে “ৰাস ঝুমইৰ” বোলা হয়।

“আকাশে গাড়িলাম হ্যায় ৰে..

পাতালে মুধুনা হ্যায় ৰে

হটকি হটকি জাচ্ছেন চলিয়ে ভাই

মনে দেখ ভাৱিয়ে।

এনেহ হৃদয়েৰে মাঝে..

আৰ কি অৰক্ষিত আছে…”

অসমৰ জাতীয় উত্সৱ বিহুত বিহু নাম গোৱাৰ প্ৰাকমুহূৰ্তত বিহু নামেৰে সৰস্বতী বন্দনাৰ লগতে গাঁৱৰ বুঢ়া-মেথাকো স্মৰণ কৰা হয়। যেনে

“প্ৰথমে প্ৰনামো

আই সৰস্বতী

দ্বিতীয়ে প্ৰনামো হৰি

তৃতীয়ে প্ৰনামো গাঁৱৰ বুঢ়া-মেথা

ধৰি যাওঁ নামেৰে গুৰি।”

ঠিক এইদৰে ঝুমইৰ গীততো বিদ্যা সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক বন্দনা কৰাৰ লগতে “আখৰা তলীত (ঝুমইৰ গীত পৰিৱেশন কৰা ঠাই) উপস্থিত বৰমূৰীয়াসকলক আখৰা বন্দনা কৰে।

জ্যেষ্ঠ সন্মানীয়সকলক প্ৰনাম কৰি আশীৰ্বাদ গ্ৰহণ কৰে। কৰম পৰৱত “জাৱা জাগৰণ” নৃত্যত প্ৰথমে গোৱা গীতবোৰ হ’ল।

“আখৰা বন্দনা কৰি

সৰস্বতী মাই গ’ বলি

তবেৰে বন্দনা ব্ৰজ নাৰী

মদৰে ঝুমইৰ লাগল ভাৰি

মূড়ে লেলাই গামচা

খান্ধে লেলাই মান্দাৰি

বহো এটি সৱে লেলাই ঘেৰি

মদনে ঝুমইৰ লাগল ভাৰি…”।

যিকোনো এক জনজাতিৰ লোকসংগীতে যেনেদৰে সেই জনগোষ্ঠীৰ অতীত ঐতিহ্য, তথা চহা জীৱনত সকলো দিশ প্ৰতিফলন ঘটায় ঠিক তেনেদৰে ঝুমইৰ গীতবোৰতো চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ সকলো দিশৰ প্ৰতিফলন ঘটিছে।

ঝুমইৰ গীতবোৰত সংগত কৰা মাদলৰ ছেও ভাৰত বিখ্যাত। নিৰ্জন নিৰিবিলি বাঁহীৰ মিঠা সুৰে যিদৰে যিকোনো লোকৰে অন্তৰ জুৰ পেলাব পাৰে, সুৰীয়া পেঁপাৰ লহৰে যিদৰে সকলো নাচনীৰে কঁকালত ছেও তুলিব পাৰে, ঠিক সেইদৰে মাদলৰ তীব্ৰ লহৰে যিকোনো লোকৰে দেহা হালি-জালি তুলিবলৈ সক্ষম হয়।

মুঠতে ঝুমইৰ গীতেই হওক বা আন আন জনজাতিৰ লোকসংগীতেবোৰৰ উপযুক্ত চৰ্চা, গৱেষণা, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে উপযুক্ত সংৰক্ষণ কৰাটো বৰ্তমান সময়ত অতীব প্ৰয়োজন হৈ পৰিছে !

লেখক: দুলাল বৰুৱা

 

2.25
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top