অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টাংছাসকল

টাংছাসকল

অসমীয়া মানুহৰ বাবে পাটকাই পৰ্বত এটি চিনাকি নাম। এই পৰ্বত পাৰ হৈয়ে চুকাফাই তাহানি অসম সোমাইছিল। এই পৰ্বতৰ দুয়ো পাৰে অৰ্থাৎ ভাৰত আৰু ম্যানমাৰত টাংছাসকলে অতীতৰেপৰা বসবাস কৰি আহিছে। ভাৰতৰ অৰুণাচল প্ৰদেশৰ উত্তৰ-পূবৰ জিলা চাংলাঙত তেওঁলোক নিগাজীকৈ থাকিলেও আমাৰ চুবুৰীয়া দেশ ম্যানমাৰতো তেওঁলোকৰ বহুতো ঠাল-ঠেঙুলি আছে। অবিশ্বাস্য যেন লাগিলেও টাংছাসকলৰ একেটা গোটতে মুঠ তিনিকুৰি দহৰো ওপৰ উপগোট আছে। টাংছাৰ ভাৰতত থকা উপগোটবিলাক হ’ল-গাকিয়া, হাভয়, য়োগলি, লংছা, লুংফি, মুকলম, নুক্টে, পনথাই, ৰেৰা, টিখাক, বেংচিঅ আৰু য়ুংকাক। তেওঁলোকৰ উপৰি ভাৰত আৰু ম্যানমাৰত থকা উপগোটবোৰ হ’ল- বতে, চ্যামচ্যাং, (চামচাং আৰু কিমচিং), চ্যামপাং (চামফাং, থামফাং), চিয়’লিম (চ’লিম, টংলাম), জুংগি (দুংগি), গাকাত (ৱাক্কা, তেওঁলোকে নিজকে ‘ৱাঞ্চো’ বুলি চিনাকি দিহে ভাল পায়। গাকলন, হাকছেং, হাখুন, খালাক, লাক্কাই, লামা, লছাং, লুংখি, লুংৰি, মেইতেই, মছাং, মুংৰি ঙাইমং, ছাংটি, ছাংবেল আৰু ছেচিয়ু। আনহাতে কেৱল ম্যানমাৰতে আৰু ডেৰকুৰিৰো ওপৰ উপগোট আছে।

টাংছাসকলে মংগোলীয়াৰ পৰা পূৰ্বৰ বাৰ্মা আৰু এতিয়াৰ ম্যানমাৰ হৈ অহা বুলি কয়। তেওঁলোকৰ এই প্ৰব্ৰজন তেৰ শতিকাৰ পৰাই হোৱা বুলি দাবী কৰে। ‘টাং’ মানে উচ্চ ভূমি বা পৰ্বত আৰু ‘ছা’ মানে হ’ল সন্তান। ইয়াৰ অৰ্থ হ’ল উচ্চ ভূমিৰ সন্তান।

টাংছাসকলে অৰুণাচলৰ আনসকল জনজাতিৰ দৰেই কৃষিজীৱী। তেওঁলোকে দেহক মাটি কৰি তেজক পানী কৰি কেৱল হাত দুখনেৰে ধান, গোমধান, কচু, আলু, শাক-পাচলি, মাৰুৱা উৎপাদন কৰি জীৱন-নিৰ্বাহ কৰে। অতীতত তেওঁলোকে বহুত কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছিল। আগতে ঝুমখেতিয়েই তেওঁলোকৰ প্ৰধান খেতি আছিল। খেতি কৰিবলৈ দা, কুঠাৰ, কোৰ আৰু খন্তিয়েই প্ৰধান আহিলা আছিল। আজিকালিহে ভৈয়ামৰ মানুহৰ দৰে সমতল ভূমিৰ অধিকাৰীসকলে পানীখেতি বা শালিখেতিও কৰিবলৈ ধৰিছে। হাবিৰ পৰা যোগাৰ কৰি লোৱা কাঠ-বাঁহ-বেতেৰে সুন্দৰ কৈ নিজৰ নিজৰ ঘৰবোৰ নিৰ্মাণ কৰি লয়। তেওঁলোকৰ নিজস্ব প্ৰণালীৰে সিজোৱা খাদ্য বৰ তৃপ্তিদায়ক। ঘৰতে তৈয়াৰ কৰি লোৱা পানীয়, যাক তেওঁলোকে ‘জু’, ‘খাম’ বা ‘চে’ বোলএ। পূজা-পাৰ্বণত সেইবোৰ বৰকৈ ব্যৱহাৰ কৰা হয়। একালত তেওঁলোকৰ পুৰুষ আৰু স্ত্ৰীৰ বাবে সুকীয়া সুকীয়া ‘মৰং ঘৰ’ আছিল। পুৰুষৰ বাবে সজা ঘৰক ‘লুপ্পং’ আৰু স্ত্ৰীৰ বাবে সজা ঘৰক ‘লিকপ্যা’ বোলে। পৰিৱৰ্তনৰ সোঁতত পৰি সেইবোৰ এতিয়া প্ৰায় নোহোৱাৰ দৰে হৈছে। যৌথ পৰিয়ালত বাস কৰা টাংছাসকলৰ সমাজ ব্যৱস্থা বৰ কটকটীয়া আছিল। তেওঁলোকক সকলো সময়তে তেওঁলোকৰ মুখীয়াল নেতৃত্ব দি চলাইছিল। লংছাংসকলৰ ‘খাফোৱা’ আৰু মুকলমসকলৰ ‘খাফং’ অনুষ্ঠান দুটাই সমাজ নিয়ন্ত্ৰণত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। সাধাৰণ কামবোৰকে ধৰি সমাজত সৃষ্টি হোৱা জটিল বিষয়বোৰতো তেওঁলোকে গুৰি ধৰি সমাজক উপকৃত কৰিছিল। বাহিৰৰ পৰা অহা প্ৰত্যাহ্বানৰ বেলিকাও তেওঁলোকৰ নেতৃত্বৰ খুবেই প্ৰয়োজন আছিল। এতিয়া সেই অনুষ্ঠানবিলাকৰ পূৰ্বৰ প্ৰাধান্য নোহোৱা হৈছে। তাৰ ভালেমান কাৰণ আছে। সেইবোৰৰ ভিতৰত সমাজৰ পৰিৱেশ সলনি হৈ সমাজ শান্তিত থকাটোও এটা প্ৰধান কাৰণ।

ম্যানমাৰত ‘টাংছা’ নামে পৰিচিত টাংছাসকলক পূৰ্বতে ‘ৰাংপাং’, পাংমি, ‘হেইমি’ বা ‘হাইমি’ বুলিছিল। তাত তেওঁলোকে নিজৰ ভাষাটোক ‘নাগা টাছে’ বুলি কৈছিল। তেওঁলোকৰ আদি বাসস্থান চীনত তেওঁলোকক ‘মুৱা’ আৰু পূৰ্বৰ ৱাৰ্মাত ‘হাৱা’ বুলিছিল। বহুতো টাংছাই এই শব্দ দুটা সমস্ত টাংছাক জাতিটোক বুজাবলৈ হেৱে বা হিৱি বোলে। কালৰ কুটিল গতিত সেইবোৰ প্ৰায় নোহোৱাৰ দৰে হ’ব ধৰিছে। কেৱল অতীত জানিবলৈ অধ্যয়ন কৰাৰ পৰতহে সেইবোৰ কথাৰ আঁতি-গুৰি বিচাৰ কৰা হয়।

পূৰ্বৰ বাৰ্মা আৰু আমাৰ দেশৰ সভ্যতাৰ মিলনত নতুন ৰূপত গঢ় লৈ উঠা টাংছাসকল বস্ত্ৰ পৰিধানত বৰ চহকী নহয়। আদিতে পুৰুষ-মহিলাই দীঘল চুলি ৰাখি তাক খোপা বান্ধি লৈছিল। পুৰুষসকলে আজিকালি লুঙি পৰিধান কৰিলেও একালত তেওঁলোকে কঁকালত অকণমান কাপোৰ (লমচম) আঁৰি লৈ লজ্জা নিবাৰণ কৰিছিল। আনহাতেদি তিৰোতাসকলে আঁঠুৰ ঠিক তলত পৰাকৈ কঁকালত এডোখৰ কাপোৰ মেৰাই লৈছিল আৰু বক্ষদেশ ঢাকিবলৈ বুকুত আন এডোখৰ কাপোৰ ব্যৱহাৰ কৰিছিল। বৰ্তমান অৱশ্যে সেইবোৰক আধুনিকতাই প্ৰায় নি:শেষ কৰি পেলাইছে। তেওঁলোক এতিয়া আন মানুহৰ দৰেই সাজ-পাৰ পৰিধান কৰি সময়ৰ খোজ মিলাই আগবাঢ়িছে। সাজ-পাৰ চাই এতিয়া আৰু কোনেও টাংছাসকলক চিনিব নোৱাৰে। শিক্ষা-দীক্ষা কম হ’লেও আধুনিক সভ্যতাই সকলোকে একাকাৰ কৰি পেলাইছে। উৎসৱৰ বেলিকাহে তেওঁলোকৰ অতীতৰ সাজ-পাৰৰ কিছু আভাস পাব পাৰি।

অন্যান্য জনজাতিৰ দৰে টাংছাসকলেও গীত-মাত ভাল পায়। বিভিন্ন সময়ত ভিন ভিন উপলক্ষত ভাল পায়। বিভিন্ন সময়ত ভিন ভিন উপলক্ষত তেওঁলোকে নিজৰ ঢোল-বাদ্য বজাই ছান্দিক লয়ত গীত গাই নৃত্য কৰি তৃপ্ৰি পায়। উৎসৱৰ উপৰি মৃতকৰ সকামৰ বেলিকাও সেই জাতীয় অনুষ্ঠান পালন কৰি ধৰ্মীয় পৰম্পৰা মনা হয়।

টাংছাসকল পূৰ্বতে অন্যান্য জনজাতিৰ দৰে প্ৰকৃতি অৰ্থাৎ গছ-গছনি বা কল্পিত নানান দেৱ-দেৱতাক কুকুৰা, গাহৰি, ম’হ বলি দি তেওঁলোকক সন্তুষ্ট কৰিবলৈ পূজা কৰিছিল। তেওঁলোকে আগতে জগত মাতৃ পৃথিৱীদেৱী ‘ৱিহো’ক পূজা কৰিছিল। কৃষিজীৱি এই মানুহখিনিয়ে ‘ৱিহো কুহ’ দেৱীক পূজা কৰি অধিক শস্য উৎপাদনৰ প্ৰাৰ্থনা কৰিছিল। বিশ্ব নিয়ন্তাক তেওঁলোকে ‘ৰাংখটাক’ ‘ৰাংৱা’ বা ‘ৰাংফ্ৰাহ’ বোলে। এপ্ৰিল-মে’ মাহৰ মাজভাগত ‘মল’ বা ‘কু-আ-মল’ উৎসৱত গৰু (মান) গাহৰি (ৱাক) আদি জীৱ-জন্তু উছৰ্গা কৰি অধিক শস্য-মৎস্য আশা কৰে। বৰ্তমান আগৰ নিয়ম সলনি হৈ এতিয়া নতুন নতুন ধৰ্মৰ আগমন হ’ল। নিজ ধৰ্ম পৰিত্যাগ কৰি এতিয়া স্বগোষ্ঠীয় প্ৰগতিৰ দোহাই দি কথা কোৱা এক বৃহৎ অংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী থাকিলেও সেয়া সংখ্যাত তেনেই তাকৰ। কুৰি হাজাৰৰো সামান্য বেছি মানুহ থকা এই মানুহখিনিৰ মাজত পাঁচ হাজাৰ মান হিন্দু ধৰ্মাৱলম্বীও আছে বুলি কোৱা হয়। বাকীখিনিয়ে আদিম পৰম্পৰা মানি আহিছে। টাংছাসকল বহুত ভাগত বিভক্ত হোৱা বাবে তেওঁলোকে কোৱা ভাষাটো এটা মাত্ৰ ভাষা নহয়। তেওঁলোকৰ প্ৰায় প্ৰত্যেকৰে নিজৰ নিজৰ উপভাষা আছে। সেই ভাষাবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ কাম চলায়।

লিখক: ৰামচন্দ্ৰ চুতীয়া।

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top