অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টুচু পৰৱ

টুচু পৰৱ

অসমৰ চাহ-মজদুৰ জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত টুচু পৰৱ ঘাইকৈ স্ত্ৰী প্ৰধান উৎসৱ। এই উৎসৱ মাঘ বিহুৰ উৰুকাৰ দিনাই আৰম্ভ হৈ মকৰ-সংক্ৰান্তিৰ দিনা সামৰণি পৰে। টুচু পূজা বংগদেশত প্ৰচলিত তুচলা বা তুচলী পূজাৰ ৰূপান্তৰ বুলি কিছুমানে মত প্ৰকাশ কৰিছে। টুচু পৰৱক আন কিছুমানে আকৌ কৃষি লক্ষ্মী বা নবান্ন উৎসৱ বুলিও অভিহিত কৰে। সংস্কৃত ভাষাৰ ‘তোষ’ ধাতুৰ পৰাও ‘টচ্‌’ বা ‘টুচু’ শব্দৰ উৎপত্তি হৈছে বুলি কোনো কোনোৱে কয়। পুহ মাহত আৰম্ভ হোৱা কাৰণে এই পৰৱক পৌষ পৰৱ বুলিও কোৱা হয়। চাহ শ্ৰমিকসকলৰ মাজত টুচু এগৰাকী দেৱীৰূপে পূজিতা হৈ আহিছে। ব্ৰাহ্মণ পূজাৰীবিহীন টুচু পূজাত পূজা পৰিচালনাৰ বাবে কোনো এঘৰৰ ছোৱালী এজনীক টুচুৰ মাক পাতি লোৱা হয়। গছৰ পাতেৰে সজা চৌড়ল বা দোলাৰ ভিতৰত টুচু দেৱীক ৰাখি টুচুমাৰ ঘৰত দেৱীক প্ৰতিষ্ঠা কৰা হয়। অৱশ্যে ঠাই বিশেষে চৌড়লত মূৰ্তি স্থাপন কৰা নহয়। টুচুক শস্যৰ দেৱী বুলি পূজা কৰা হয় যদিও, শিৱৰ জীয়েক, মনসাৰ ভনীয়েক, কালী, দুৰ্গা, সীতা, সাৱিত্ৰী আদিৰ ৰূপতো কল্পনা কৰা হয়। বিবিধ ফুল, ফলমূল, আখৈ, বাতাচা, ধূপ-ধূনা আদি নৈবেদ্যৰে দেৱীক অৰ্চনা কৰা হয়। ভোগালী বিহুৰ দৰে টুচু পৰৱতো চাহ-মজদুৰ লোকসকলৰ প্ৰতি ঘৰতে পিঠা-পনা আদি কৰে আৰু আত্মীয় স্বজনক নিমন্ত্ৰণ কৰি আনি খুৱাই আনন্দ লাভ কৰে। টুচু পূজাৰ সামৰণিৰ দিনা আবেলি চাহ-শ্ৰমিক নাৰীসকলে নানা ধৰণৰ টুচু গীত গাই নৈ বা পুখুৰীত টুচু দেৱীক চৌড়ল সহিতে বিসৰ্জন দিয়ে। টুচু পূজাত গোৱা বেছিভাগ গীতেই প্ৰণয়মূলক। বিহুগীতৰ দৰে টুচু গীত বিলাকতো যৌৱন সুলভ কামনাৰ সহজাত প্ৰকাশ আছে, প্ৰেমৰ আকুতি আছে। এই গীতবোৰ স্বাভাৱিকতে স্পন্দন উদ্বেলিত, মাধুৰ্যপূৰ্ণ। তদুপৰি গীতবোৰ বিভিন্ন ধৰ্মী উপমানে সুসমৃদ্ধ –

আল ধানেৰ    পাতলা চিউড়া   গামচা বান্ধা দহি গ’

খাবাৰ বেলায়   মনে পড়ে     আমাৰ প্ৰাণেৰ সখী গ’ ।

টুচু পূজাৰ গীতসমূহত চাহ জনজাতীয় জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছে। মুঠতে টুচু পৰৱ চাহ-মজদুৰ জনজীৱনৰ লগত জড়িত এক স্বত: সম্পূৰ্ণ ঋতুকালীন উৎসৱ।

লেখিকা: অধ্যাপিকা বিভা ভৰালী, অসমীয়া সংস্কৃতিৰ কণিকা।

3.08695652174
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top