মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ডাকৰ বচনত খেতি-বাতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাকৰ বচনত খেতি-বাতি

ডাকৰ বচনত খেতি-বাতি আলোচনা কৰা হৈছে

অসমীয়া মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰবচন বা নীতিবাক্য হ’ল ডাকৰ বচন| অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ এই প্ৰবচনসমূহকেই এইধৰণৰ আটাইতকৈ প্ৰাচীন মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হৈছে| অসমীয়াৰ ব্যৱহাৰিক জীৱনত ডাকৰ বচনসমূহৰ প্ৰভাৱ অপৰিসীম|
ডাকৰ পৰিচয় আৰু জন্ম-বৃত্তান্ত জনশ্ৰুতিৰ আধাৰত সীমাবদ্ধ|এক প্ৰচলিত জন্ম-বৃতান্তমতে বৰপেটা জিলাৰ দক্ষিণে পশ্চিম লেহিডঙৰা গাঁৱত ডাকৰ জন্ম|এই সম্পৰ্কত এখন অৰ্বাচীন চৰিতপুথিও পোৱা গৈছে|ডাক-চৰিতমতে ডাক এগৰাকী কুমাৰণীৰ সন্তান|কুমাৰণীগৰাকীৰ বহুত দিনলৈকে কোনো সতি-সন্ততি নাছিল|এদিন মিহিৰ মুনি(বৰাহ মিহিৰ?)তীৰ্থ ভ্ৰমণ কৰিবলৈ আহে আৰু সেই কুমাৰৰ ঘৰতে আলহী হৈ থাকে|কুমাৰণীৰ সেৱা-শুশ্ৰূষাত সন্তুষ্ট হৈ মুনিয়ে এটি সন্তান হ’বৰ বাবে তেওঁক বৰ দিয়ে|এই বৰৰ ফলতে কুমাৰণীৰ এটি শিশু ওপজে|কথিত আছে শিশুটিয়ে উপজিয়েই প্ৰসূতি-গৃহৰ নাৰীসকলক মাত(ডাক) দিয়াৰ বাবেই তেওঁৰ নাম ৰখা হয় ডাক|এক কিংবদন্তী মতে,বাল্যাৱস্থাতে ভেঁট ফুল তুলিবলৈ যাওঁতে সমনীয়াই তেওঁক পানীত পেলাই মাৰে|আন এক জনপ্ৰবাদমতে ডাক পুৰুষজনা বোলে এদিন এৰাতিহে জীয়াই আছিল|


দেখা যায়,ডাক-চৰিত আৰু ডাকক লৈ প্ৰচলিত জনপ্ৰবাদবোৰ পৰষ্পৰ বিৰোধী|তদুপৰি ইবিলাক অলৌকিক আৰু অবিশ্বাস্যও|উক্ত চৰিতত একো বুৰঞ্জীমূলক তথ্য পাবলৈ নাই|এক কথাত ক’বলৈ গ’লে, ‘ডাক-চৰিত’ অজ্ঞাত লেখকৰ অৰ্বাচীন ৰচনা|গতিকে ডাকৰ এই জন্ম-বৃত্তান্তও পৰম্পৰাগতহে| ‘ডাক’ শব্দৰ অৰ্থ হ’ল সম্বোধন কৰা বা উচ্চাৰণ কৰা| যিবোৰ উপদেশে সমাজ-জীৱনৰ বিভিন্ন ৰীতি-নীতি বা হাক-বচন সম্পৰ্কে সকীয়াই দিয়ে, সেইবোৰকে নিশ্চয় ডাকৰ বচন বুলিব পাৰি|আগৰে পৰা যিবোৰ ৰীতি-নীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল সেইবোৰকো ডাকৰ বচনৰ শাৰীত অন্তৰ্ভূক্ত কৰিব পাৰি|,বা হয়তো চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ নামত সমাজত প্ৰচলিত হৈছিল|সম্ভৱত: এনেও হ’ব পাৰে যে অসমীয়া প্ৰবচনৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে|ডাক নামৰ এই চৰিত্ৰটো এদিন এনিশাৰ এটা কাল্পনিক চৰিত্ৰই হওক বা এগৰাকী পণ্ডিতেই হওক,তেওঁৰ বচনবোৰ যে ষোল অনাই সত্য সেইটো আমি নুই কৰিব নোৱাৰোঁ|পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰৱেশিকা শক্তি চমকপ্ৰদ|

ডাকৰ বচনসমূহ অসমৰ উপৰিও বিহাৰ,বংগদেশ আদিতো প্ৰচলিত থকাৰ সুবাদতে সেই সেই ঠাইৰ অধিবাসীঅসকলেও ডাকপুৰুষক দাবী কৰে|অৱশ্যে বংগ দেশত প্ৰচলিত ‘খনাৰ বচন’ নামৰ এক শ্ৰেণীৰ নীতি-বচনৰ সৈতে অসমৰ ‘ডাকৰ বচন’ৰ যথেষ্ট সমিল-মিল পৰিলক্ষিত হয়|আমাৰ চুবুৰীয়া নেপালতো ‘ডাৰ্কানব’ নামৰ এনে এক শ্ৰেণীৰ ফকৰা-যোজনাৰ প্ৰচলন আছে|‘ডাক’ শব্দটো তিব্বতী ভাষাতো প্ৰচলিত| ইয়াৰ অৰ্থ জ্ঞানী| গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়েই ঠাৱৰ কৰিব পাৰি|

আনুমানিক পঞ্চদশ শতিকাৰ আগতে ৰচিত হোৱা এই প্ৰবাদ-পুৰুষজনাৰ নামত প্ৰচলিত সাৱলীল সাৰগৰ্ভ ‘ডাকৰ বচন’সমূহেই অসমীয়া জনজীৱনত ‘বেদৰ বাণী’স্বৰূপ|ছন্দময় এই কাব্যিক পংক্তিসমূহ আজিও অসমীয়া জনজীৱনত নিকপকপীয়াকৈ সোমাই আছে| জনসাধাৰণৰ মাজত চলা এই বচনবোৰ বিশ্লেষণ কৰিলে অনাখৰি চহা লোকৰো যে দৈনন্দিন ব্যৱহাৰিক জীৱনৰ ওপৰত যথেষ্ট জ্ঞান আছে সেই কথা উপলব্ধি কৰিব পাৰি| সমাজ,কৃষি,চিকিত্সা্,জ্যোতিষ আদিৰ উপৰিও ইবিলাকত বিজ্ঞানসন্মত বিশ্লেষণেৰে দৈনন্দিন জীৱনৰ অলেখ প্ৰয়োজনীয় নীতিশাস্ত্ৰমূলক উপদেশ-বাণী আছে|তদুপৰি ব্যৱহাৰিক জীৱনত, বিশেষকৈ কৃষি-বিজ্ঞানৰ ক্ষেত্ৰত ইবিলাকত বিজ্ঞানসন্মত দৃষ্টিভংগী মনকৰিবলগীয়া|

ডাকৰ কৃষিভিত্তিক বচনসমূহ ফঁহিয়াই চোৱাৰ আগতেই চকুত পৰে যে,ডাকে বুলিছে ‘সুলোক কিৰিষণা’-অৰ্থাত্‍ কৃষি কৰাজনহে ‘সুলোক’!এতিয়া চোৱা যাওঁক ডাকৰ কৃষিভিত্তিক বচনসমূহলৈ|দেখা যায়,তেওঁ সৌ তাহানিতে সিবিলাকত যথেষ্ট বিজ্ঞানসন্মত তথ্য সন্নিবিষ্ট কৰিছিল|এই ক্ষেত্ৰত তেওঁ দাঙি ধৰা প্ৰামাণিক তথ্যসমূহ নি:সন্দেহে অতি প্ৰায়োগিক|
অসমৰ ভূমি বা জলবায়ু কৃষি উপযোগী|অসম এখন কৃষি-প্ৰধান দেশ|

অসমত কৃষিৰ গুৰুত্ব বুজিয়েই ডাকে কৈছে–

‘ডাকে বোলে বাপু শুনা উপায়;
বাণিজ্যৰ ফল কিৰিষিত পায়|’

আমাৰ মাজত এক পৰম্পৰাগত বিশ্বাস আছে যে,ভেকুলীৰ টোৰটোৰণিয়ে বৰষুণৰ আগজাননী দিয়ে| বৰষুণ অহাৰ আগে আগে হাল-কোৰ বাই পথাৰখন তৈয়াৰ কৰি ল’ব পাৰিলে খেতিয়কৰ ভালেখিনি চিন্তা দূৰ হয়|সেয়ে ডাকে কৈছে,–

‘বাৰিষা কালত বেঙ্গৰ ৰাৱ|
হাল-গৰু লৈ পথাৰক জাৱ|’

ধান-খেতিৰ বাবে মাটি তৈয়াৰ কৰাৰ উত্কৃষ্ট সময় হৈছে আহাৰ,শাওণ|এই সময়তে পথাৰখনত হাল-কোৰ বাই ল’ব লাগে|অন্যথাই সময়ত উন্নতমানৰ ফচল পোৱা নাযায়|
নহ’লে,

‘নুমলীয়া ধান বানৰ,
নুমলীয়া ছলি আনৰ|’

ডাকৰ বচনত পোৱা যায়,


‘আহাৰ শাওণত নকৰে বন|
তাৰ কি আছে খেতিত মন|’

কিন্তু অনেকে তাকে নকৰি…..


‘আহাৰ গ’ল শাওন গ’ল,
ভাদৰ পৰিল শেষ
ল’ৰা-লুৰি চাপি আহ
খেতিৰ লওঁ লেখ….’


অৰ্থাত কামৰ সময় পাৰ হৈ যোৱাৰ পাছতহে কামৰ খা-খবৰ লয়|অনেকে কিন্তু এলাহতে দিন কটাই অসময়ত কামত ধৰে|তেনে লোকৰ বাবে ডাকে কয় –

‘আহাৰে শাওনে শুব
ভাদৰ শেষত কঠিয়া পাৰি
মাটি ডৰাচেৰেক ৰুব|’

অসমৰ সকলো অঞ্চলতে সকলো মানুহে কৰা খেতি হ’ল ধান-খেতি|খেতিয়কসকলে খেতি কৰি বছৰটোলৈ ভাতমুঠিৰ যোগাৰ হ’লেই যথেষ্ট সকাহ পায়|ডাকেও সেই কথা উপলব্ধি কৰি সেয়ে কৈছে,


‘ধনৰ মধ্যে ধানেহে শোভন,
ধান নহ’লে মৰা তেতিক্ষণ|’

ধানো কেইবা প্ৰকাৰৰ|পৰম্পৰাগত কৃষি পদ্ধতি অনুসাৰে অসমৰ ধানখেতি তিনিবিধ– শালি,আহু আৰু বাও|ঠাই বিশেষে বৰোধানৰ খেতি কৰা হয় যদিও এই ধানৰ খেতি সণ্ঢালনিকৈ নাই|এই ধানবোৰৰ কঠিয়া পৰাৰ বা ৰোৱাৰ নিয়ম সুকীয়া সুকীয়া হ’লেও ধান খেতি সম্পৰ্কত ডাকে দিয়া বিজ্ঞানসন্মত উক্তিবোৰ এনেধৰণৰ –

‘শাওণৰ কঠিয়া নহয় ধান;
আহিনত ৰোৱা বিফল জান|’

নতুবা,–


‘পুহত আহু, জেঠত শালি
তেবেসে জানিবা গৃহস্থালি|’

সকলো ধানকে সমান পৰিমাণৰ পানীৰ প্ৰয়োজন নাই|বিশেষকৈ আহু আৰু শালি ধানৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজন বুজি ডাকে কৈছে,-


‘আহু ব’বা খোজত বুৰি,
শালি ৰুবা বেগেত জুৰি|
আঁঠুৰ ওপৰে দেখিবা পানী,
গোঁজ দিবা হাতক জানি,
ঘনাই ঘনাই দিবা আলি,
দ পানী দিবা মেলি|
তেও যদি নহয় শালি,
তেহে পাৰিবা ডাকক গালি|’

আকৌ,-


‘ঘন ঘনকৈ দিবা আলি’
পৰ্বতৰ টিঙত ৰুবা শালি|’

আহু,শালি সম্পৰ্কত আৰু এটা বচনত ডাকে কৈছে-



‘নপৰিলে আহু কিহৰ ধান,
পৰিলে শালি তুঁহ-পতান|’


অৰ্থাত, আহু ধান হালি পৰিলেহে ভাল; কিন্তু তাৰ বিপৰীতে শালি ধান হালি পৰিলে আকৌ তুঁহ-পতান হোৱাৰহে আশংকা থাকে|তথাপি আহু-শালিৰ খেতি কৰাৰ সময় ডাকে এনেকৈ ঠিক কৰি কৈছে, —


‘পুহত আহু, জেঠত শালি,
তেবেসে জানিবা গৃহস্থালি|’


ধান খেতিৰ এনে্বোৰ বাধা-নিষধ, নিয়্ম-অনিয়মৰ বিপৰীতে দেখা যায় বাও ধানৰ খেতি কৰিবলৈহে আটাইতকৈ সহজ |আনকি ডাকেও তাকে কৈছে এনেকৈ –


‘খেতি কৰিবি বাৱে,
বেহা কৰিবি নাৱে|’


অৱশ্যে যি ধানেই নহওক কিয় তাৰ কঠীয়া নিশ্চয় ভাল হবই লাগিব; অন্য়থা খেতিৰ ফচল কেতিয়াও ভাল নহ’ব|সেই কথা ডাকৰ বচনতো এনেকৈ আছে –


‘জাত চাই কঠীয়া, কঠীয়া গুণে ধান|’
বা
‘জাত গুণে কঠীয়া, বেজী গুণে বটিয়া|’

এই উন্নত ধানবোৰৰ ৰূপ-ৰস-গন্ধ-বৰ্ণৰ বৈচিত্ৰ অনুযায়ী বগাআহু, আহুজহা, আহুশ’লপোনা, সেন্দুৰীশালি,হাতীশালি,কছাৰিশালি,ৰাঙলীবাও,মাগুৰীবাও আদি অনেক ধানৰ নাম পোৱা যায়|এই ধানবোৰৰ কৃষি-পদ্ধতিও সুকীয়া সুকীয়া|


‘ঘনাই ঘনাই দিবা আলি,
তাত দিবা কছাৰী শালি;
আহিনে-কাতিয়ে ৰাখিবা পানী,
যেনেকৈ ৰাখে ৰজাই ৰাণী;
তেও যদি নহয় শালি,
তেতিয়া পাৰিবা ডাকক গালি|’

ধান-খেতিৰ সৈতে বতৰৰ ওত:প্ৰোত সম্পৰ্ক|সেয়ে ডাকৰ বচনত পোৱা যায় –


‘যদি বৰষে আহিন, কাতি|
সোণ পৰে ৰাতি ৰাতি|
যদি বৰষে আঘোণ, পুহ|
ধান গুচি হয় তুঁহ|
যদি বৰষে মাঘৰ শেষ|
ধন্য ৰাজা, ধন্য দেশ|
যদি বৰষে বহাগ, চ’ত|
বাপে পোৱে কয় বোলে ধান থ’ম ক’ত?’

ডাক-পুৰুষে কেৱল ধান ৰোৱা সম্পৰ্কে দিহা দিয়েই ক্ষান্ত থকা নাই|তেওঁ ধান কটাৰো(দোৱা) দিহা দি কৈছে,-


‘ধান কাটিবা মুঠি মুঠি,
খেৰ কাটিবা তিনি মুঠি|’

আজিকালি বতৰ-বিজ্ঞানীসকলে অনেক উন্নত পৰীক্ষা-নিৰীক্ষা কৰি বতৰ সম্পৰ্কে যি ধৰণৰ মতামত আগবঢ়াইছে, ডাকে বহু বছৰৰ আগতেই নিজ অভিজ্ঞতাৰেই তেনে মতামত দিবলৈ সমৰ্থ হৈছিল|যেনে,- দক্ষিণ-পশ্চিম মৌচুমী বতাহে অসমলৈ আহি কেনেকৈ,কোন দিশত বৰষুণ আনিব পাৰে আৰু সি খেতিৰ পথাৰত কেনে প্ৰভাৱ পেলাব পাৰে, তাৰ বৈজ্ঞানিক যুক্তি বহন কৰি ডাকে এনেকৈ কৈছে –


‘পূবে গাজিলে ধান, উত্তৰে গাজিলে বান,
দক্ষিণে গাজিলে হানে, পশ্চিমে গাজিলে আনে|’


অৱশ্যে একাদশী,অমাৱস্যা আদিত কিছুমান দিনত হাল-খতি কৰাৰ বিধানো আমাৰ সমাজত আছে|আচলতে সেই দিনকেইটা গৰু আৰু খেতিয়কৰ জিৰণিৰ দিন|তাকে নকৰিলে হ’ব পৰা পৰিণতি সম্পৰ্কে ডাকে কৈছে,-


‘একাদশী অমাৱস্যাত বায় হাল,
তাৰ দুখ সৰ্বকাল|
তাৰ গৰুৰ হয় বাত,
খাব নোৱাৰে দিন-ৰাত|’

অসমৰ খেতিয়কে ধানৰ উপৰিও মাহ,তিল,সৰিয়হ,কপাহ আদি শস্যৰো খেতি কৰে| এইবোৰো লাভজনক খেতি|সেয়ে ডাকৰ বচনত পোৱা যায়–


‘যত লাভ পায় মাহ, কপাহ, সৰিয়হে,
তত লাভ পায় কল, কপাহে|
যত ক’লা কপাহৰ বাৰী,
তথাতে লুভীয়া সকলো নাৰী|’

খেতিৰ মাটি কি কি সঁজুলিৰে,কেনেকৈ চহাব লাগে তাৰ দিহাও ডাকে দি গৈছে,—


‘কোৰ, নাঙল, মৈ আৰু হুলা
চাৰিয়ে কৰে মাটিক তুলা|’

এই বিভিন্ন শস্যবোৰৰ মাটি ছাহ সম্পৰ্কেও ডাকৰ জ্ঞান বিজ্ঞানসন্মত|কৃষকসকলক উদ্দেশ্যি সেয়ে তেওঁ কৈছে –


‘আঠ ছাহে তুলা,
ষোল্ল ছাহে মূলা|
ছয় ছাহে ধান,
বিনা ছাহে পাণ|’

নতুবা,—-


‘ষোল চাহে মূলা, তাৰ অৰ্ধেক তুলা,
তাৰ আধাত ধান, বিনা চাহে পাণ|’

আকৌ,..


‘ঘন সৰিয়হ, পাতল মাহ,
মূলা, কপাহত কৰিবা চাহ|’

বিভিন্ন মাহৰ খেতিৰ দিহা সম্পৰ্কে এনেকৈ পোৱা যায় –


‘ফাগুনত জুই, চ’তত মাটি,
সেই মাহ উঠে ডাঠি|’

অসমৰ আন এক লাভজনক খেতি হৈছে তিল|এই তিল খেতিৰ সম্পৰ্কত ডাকে কৈছে –


‘ফাগুনৰ আঠ, চ’তৰ আঠ,
সেই তিলক দাৰে কাট|’

আকৌ,—


‘ভাদৰ চাৰি আহিনৰ চাৰি
মাহ, তেল সিঁচিবা যিমান পাৰি|’

কিন্তু, ধানৰ ক্ষেত্ৰত এই কথা নাখাটে|কিয়নো,


ভাদমহীয়া ৰোৱা পোকে খায়,
বুঢ়াদিয়াৰ পো লোকে খায়|’

বহুত শস্যৰ দৰে পাণ,জালুক আদি লতাজাতীয় শস্যৰ বাবে ৰ’দ-ঘাই, সাৰুৱা মাটিহে উপযোগী|এনেবোৰ গছৰ শিপাই মাটিত খামুচিব পৰা হ’ব লাগে|সেই কথা জানিয়েই ডাকে কৈ গৈছে,

‘জালুকত গোবৰ, পাণত মাটি,
কলপুলি ৰুবা তিনিবাৰ কাটি|
তেবে জানা নাই কৃষিত ঘাটি|’

জালুকত গোবৰ আৰু পাণৰ গুৰিত মাটি দিব লাগে|ৰুবৰ কাৰণে কলপুলি খান্দি আনোঁতে শিপাখিনি এবাৰ কটা যায়|তাৰ পাছত শিপাখিনি আকৌ এবাৰ কাটি কলপুলিটো ৰোৱা হয়|তেতিয়া পুলিটোৰ পাতখিনি আধাতে কাটি দিব লাগে|অৰ্থাত কলপুলি ৰোঁওতে তিনিবাৰ কাটিব লাগে|
আকৌ,-

‘তিনি শাওণে পাণ,
এক আহিনে ধান|’

শাওন মাহত পাণ ৰুলে তৃতীয়টো শাওনত ছিঙিবৰ হয় আৰু আহিন মাহত শালি ধানৰ গেঁৰ ওলায়|
মাহ, সৰিয়হ যি খেতিকে নকৰক লাগে সিবোৰ গৰু-ছাগলী আদিৰ আক্ৰমণৰ পৰা আঁতৰাই বেৰ, জেওৰাৰে বেৰি ৰাখিব লাগে|অন্যথাই ডাকে কোৱাৰ দৰে,-


‘মাহ, সৰিয়হ, কপাহ, বাঁহ
গৰুৱে খালে হয় নাশ|’

কলৰ খেতি এক লাভজনক ব্যৱসায়|এই খেতি কৰাৰ বিভিন্ন কৌশল সম্পৰ্কে ডাকে যি সুন্দৰ ব্যাখ্যা দি গৈছে, সি কৃষকৰ বাবে নিশ্চয়কৈ উত্তম সমল|যেনে-


‘তিনিশ ষাঠি জোপা ৰুবা কল,
মাহেকে পষেকে চিকুণাবা তল|
পাত-পচলা লাভত খাবা,
লংকাৰ বণিজ হাততে পাবা|’

আকৌ,–

‘এহাত এমুঠন দিবা পোত,
তেহে চাবা কলৰ গোট|’

বেলেগ বেলেগ জাতৰ কলত যে সাৰ প্ৰয়োগৰ দিহাও সুকীয়া এই বিষয়ে আমাৰ অনেক কৃষকেই জ্ঞাত নহয়|কিন্তু ডাকে এই সম্পৰ্কত এক সুন্দৰ দিহা দি গৈছে –

‘আঠিয়াত গোবৰ, মনোহৰত জাবৰ,
পুৰাত খাই,মালভোগত ছাঁই |’

কলৰ দৰে আৰু এক লাভজনক খেতি হৈছে কুঁহিয়াৰ খেতি|কিন্তু এই খেতিৰ বাবে যথেষ্ট কৰ্মীৰ প্ৰয়োজন|এই সম্পৰ্কত ডাকৰ এক গূঢ়াৰ্থযুক্ত বচনত এনেদৰে পোৱা যায়,-

‘ছয় পো বাৰ নাতি,
তেহে কৰিবা কুঁহিয়াৰ খেতি|’

অসমীয়া মানুহৰ ঘৰ এখনত সততেই দেখা যায় এখন তামোল-পাণৰ বাৰী|এই তামোল-পাণৰ বাৰীখনে ঘৰ এখনৰ সৌন্দৰ্য চৰায়|সেয়ে ডাকে কৈছে,–

‘তামোল-পাণেহে বাৰী, পুত্ৰৱতীহে নাৰী |’

এই তামোল ৰোৱাৰো নিৰ্দেশিকা ডাকৰ বচনত আছে| যেনে,-


‘সাতত সেৰেঙা পাঁচত ঘন,
ছয়ত তামোল নদন-বদন|’

তামোলৰ দৰে অসমীয়াৰ ঘৰে ঘৰে নাৰিকলৰ গছো দেখা যায়|নাৰিকল-গছ ৰোৱাৰ দিহাও ডাকৰ এটা বুদ্ধিদীপ্ত বচনত এনেদৰে পোৱা যায় –


‘নাৰিকল ৰুবা পাতে পাতে,
লাগে নালাগে, নালাগে লাগে|’

এই দিহা তামোল গছৰ ক্ষেত্ৰতো প্ৰযোজ্য|

ডাকৰ এনে বচনবোৰ নি:সন্দেহে কৃষকৰ বহুমূলীয়া সমল|কৃষিৰ গুৰুত্ব বুজাবলৈ ডাকে কৈ গৈছে,-


‘কৃষি কৃষকত নকৰি মন,
বৃথাই যায় গৃহৰ ধন|’

কিয়নো,—


‘কৃষিত তুমি কৰিবা সাৰ,
দুৰ্ভিক্ষত কৃষিয়ে কৰিব নিস্তাৰ|’

আকৌ,—–


‘কথাত ৰস পায় যদি ক’ব জানে,
কৃষিত ৰস পায় যদি নামাৰে বানে|’

বৰ্তমান প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ‘বনমহোৎসৱ’,‘সেউজী সপ্তাহ’,‘বিশ্ব বন-দিৱস’, ‘পাৰিপাৰ্শ্বিকতা দিৱস’ আদি পাতি পৰিবেশ আন্দোলনেৰে চৰকাৰ আৰু বিভিন্ন বেচৰকাৰী সংগঠনে গছ-গছনি ৰোৱাৰ ওপৰত যি গুৰুত্ব দিছে, ডাকে সৌ তাহানিতে সেই কথা উপলদ্ধি কৰি বৃক্ষৰোপণৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰি কৈ গৈছে –


‘বৃক্ষ-ৰোপণত অধিক ধৰ্ম,
মঠ-মণ্ডপত গুৰুতৰ কৰ্ম|’

এইদৰে, কৃষিৰ উপৰিও আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন খুটি-নাটি বিষয়– সমাজ-নীতি,অৰ্থ-নীতি, মনোবিজ্ঞান আদিৰ সৈতে জড়িত আৰু প্ৰায়োগিক দিশত ষোল অনাই মানি ল’ব পৰা, এই ডাকৰ বচনসমূহৰ বিশ্লেষণাত্মক অধ্যয়নৰ প্ৰয়োজন আছে|

 

উৎস-কৃষক বন্ধু,লেখিকা-ড° মৃদুস্মিতা ফুকন

3.02941176471
7002425332 Oct 22, 2017 06:25 PM

"আলি দিবা শাৰী শাৰী তেহে চাবা আহু-শালি" । ডাকৰ বচন হয়নে ? বিবেচনা কৰিবলৈ দিয়া হৈছে।

7002425332 Oct 22, 2017 06:13 PM

"আলি দিবা শাৰী শাৰী তেহে চাবা আহু-শালি" । ডাকৰ বচন হয়নে ? বিবেচনা কৰিবলৈ দিয়া হৈছে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top