মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ডাকৰ বচনত জন-জীৱনৰ বিভিন্ন দিশৰ চিত্ৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাকৰ বচনত জন-জীৱনৰ বিভিন্ন দিশৰ চিত্ৰ

ডাকৰ বচনত জন-জীৱনৰ বিভিন্ন দিশৰ চিত্ৰ

ডাকৰ বচনসমূহ হ’ল কেতবোৰ জ্ঞানগৰ্ভ, উপদেশমূলক নীতিকথা। ডাকৰ বচনসমূহ ছন্দোবদ্ধ। সমাজ-জীৱনৰ বিভিন্ন দিশ, যেনে- জন্ম সম্পৰ্কীয়, ধৰ্ম সম্পৰ্কীয়, নীতি-নিয়ম, ৰাজনীতি, সু-গৃহিণীৰ লক্ষণ, কৃষি, ৰন্ধন সম্পৰ্কীয় উপদেশ, পুৰুষৰ লক্ষণ, বিভিন্ন ৰোগত ল’বলগীয়া যতন, বতৰ সম্পৰ্কীয়, জ্যোতিষ সম্পৰ্কীয় সকলো দিশেই ডাকৰ বচনত অন্তৰ্ভুক্ত হৈছে।

ডাক সম্পৰ্কে কেতবোৰ জন-প্ৰবাদ শুনিবলৈ পোৱা যায়। প্ৰচলিত জন-বিশ্বাস মতে ডাক-পুৰুষৰ জন্ম বৰপেটা জিলাৰ লোহিডঙৰা নামৰ ঠাইত হয় বুলি জনা যায়। কোনোৱে তেওঁক কুমাৰৰ পুত্ৰ বোলে যদিও কোনোৱে তেওঁক ব্ৰাহ্মণৰ পুত্ৰ বুলিছে। অসমীয়া জন-জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ ভঁৰাল স্বৰূপ ডাকৰ বচনৰ স্ৰষ্টা হিচাপে ডাকৰ জন্ম সম্পৰ্কে বিভিন্ন জনশ্ৰুতি পোৱাৰ সমান্তৰালভাৱে বহুতে ডাক নামৰ কোনো পুৰুষ নাই বুলি ক’ব খোজে। ডঃ মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ ৰূপৰেখাত লিখিছে- ডাক নামটোৰ জুমুঠিত কত শতিকাৰ সঞ্চিত জাতীয় জ্ঞানেৰে সমৃদ্ধ বচনৰ ৰং-ৰহণ আ-অলংকাৰ খুৱাই দিয়া হৈছে।

এনেকৈ ক’লেও বোধহয় অতিৰঞ্জন নহ’ব- প্ৰবচনাৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে।

ডাকৰ বচনৰ ৰচনাকাল সম্পৰ্কে স্পষ্টকৈ ক’ব নোৱাৰি। অৱশ্যে ভাষাৰ ঠাচলৈ চাই ডাকৰ বচনক চতুৰ্থৰ পৰা ষষ্ঠ শতিকাৰ বুলি মহেশ্বৰ নেওগে মত প্ৰকাশ কৰিছে। অসমীয়া ভাষাৰ আৰম্ভণি কালৰ সৃষ্টি কাৰণে ডাকৰ বচনত বাংলা, মৈথিলী ভাষায়ো নিজৰ বুলি দাবী কৰিছে।

ব্যৱহাৰিক জীৱনৰ প্ৰায় আটাইবোৰ দিশেই ডাকৰ বচনে সামৰি লৈছে। তলত এই বিষয়ে কিছু কথা চমুকৈ আলোচনা কৰা হ’ল।

মানুহৰ যুগ্ম জীৱনৰ সাক্ষী হ’ল সন্তান। এই সন্তান জন্মৰ পাছত কিদৰে যতন ল’ব লাগে আৰু মাতৃগৰাকীৰো কিদৰে যতন ল’ব লাগে, সেই কথা ডাকৰ বচনত লিপিবদ্ধ হৈছে-

‘জয়ধ্বনি কৰি নাড়ী কাটিব।

দৃঢ় বুদ্ধি কৰি নাভি বান্ধিব॥

গোবৰ খুঁটি সচলু কাঠ।

সেকিলে নাড়ী নোহে অনাথ॥‘

মাতৃগৰাকীক কি খুৱাব লাগে, সেই কথা ডাক-পুৰুষে এনেদৰে কৈছে-

‘লোণ জালুকেৰে খুৱাবা জাল।

তেহে স্তন ৰস হৈবেক ভাল॥

কলীয়া তুলসী বেলৰ পাত।

মুঠায়ে সহিতে বাঁটি পটাত॥

তপত কৰিয়া জননী খাইব।

তেবেসে নাড়ীয়ে দৃঢ়ক পাইব।‘

সন্তানক অপদেৱতাৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ দুৱাৰখনত সিজু, বগৰী গছৰ ডাল ৰখা, মাতৃ-পুত্ৰ থকা কোঠাত তঁহৰ জুই জ্বলাই ৰখা, শিশুক সূৰ্য্য দৰ্শন কৰোৱা- এই সকলো উপদেশ ডাকৰ বচনত পোৱা যায়।

ধৰ্ম সম্পৰ্কীয় বিভিন্ন উপদেশো ডাকে লিপিবদ্ধ কৰি থৈ গৈছে। যেনে-

‘ব্ৰাহ্মণৰ পিতৃ দেৱ অৰ্চন।

ক্ষেত্ৰিয় সবৰ প্ৰজা পালন।

শুদ্ৰৰ স্বধৰ্ম নীতি সেৱন।

বৈশ্যৰ বাণিজ্য ধন আৰ্জন॥‘

‘যিজনে দিৱষ অন্নৰ সাবি।

সিজন নাযাই যম নগৰী॥‘

ভাৰতীয় সকলৰ কাৰণে গংগা পৱিত্ৰ নদী। যিমানে পাপ নকৰক কিয়, গংগাত স্নান কৰিলে সকলো পাপ মোচন হয় আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলি ডাকৰ বচনত আছে-

‘ব্ৰহ্মা হৰ আদি যতেক দেৱ।

সকলে কৰে গংগাক সেৱ॥

গয়া প্ৰয়াগ বাৰাণসী যাই।

গংগাৰ স্নানত সৱাকে পাই॥‘

‘গংগাত গৈয়া যেবে স্নান কৰে।

সমস্ত পাপক তেৱে নিস্তৰে॥‘

লেখকঃ গৌতম বৰা

2.96774193548
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top