মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ডিমাচা বুচুমা বিহু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিমাচা বুচুমা বিহু

ডিমাচা সকলে পুৰণি কালৰে পৰা বিহু বা বুচু উৎসৱ পালন কৰি আহিছে। এই বুচুৰ মাজতে ডিমাচা সকলৰ সভ্যতা-সংস্কৃতি, সামাজিক ৰীতি-নীতি আদিৰ বৈশিষ্ট্য অন্তৰ্নিহিত হৈ আছে। ডিমাচা সকলে বিহু উৎসৱ পালন কৰাৰ নিৰ্দিষ্ট দিন-বাৰ নাই, নিজৰ সুবিধা অনুযায়ী পাতে। তেঁওলোকে বিহুৰ বাবে প্ৰায় তিনি চাৰি মাহ আগৰে পৰাই যা-যোগাৰ আৰম্ভ কৰে। ডিমাচাৰ বিহু উৎসৱ সকলো ঠাইতে বা গাঁৱতে একে দিনাই পালন নকৰে। গাঁৱৰ ৰাইজে মিলি গাঁওবুঢ়া (খুনচাং)-ৰ ঘৰত বা ক্লাবত (নৈদ্ৰাং) বিহুৰ দিন-বাৰ ঠিক কৰে। আজিকালি অৱশ্যে সাতাইছ জানুৱাৰীৰ দিনটোক বিহুৰ দিন বুলি গ্ৰহণ কৰা হৈছে।

 

ডিমাচা সকলে পুৰণি কালৰে পৰা বিহু বা বুচু উৎসৱ পালন কৰি আহিছে। এই বুচুৰ মাজতে ডিমাচা সকলৰ সভ্যতা-সংস্কৃতি, সামাজিক ৰীতি-নীতি আদিৰ বৈশিষ্ট্য অন্তৰ্নিহিত হৈ আছে। ডিমাচা সকলে বিহু উৎসৱ পালন কৰাৰ নিৰ্দিষ্ট দিন-বাৰ নাই, নিজৰ সুবিধা অনুযায়ী পাতে। তেঁওলোকে বিহুৰ বাবে প্ৰায় তিনি চাৰি মাহ আগৰে পৰাই যা-যোগাৰ আৰম্ভ কৰে। ডিমাচাৰ বিহু উৎসৱ সকলো ঠাইতে বা গাঁৱতে একে দিনাই পালন নকৰে। গাঁৱৰ ৰাইজে মিলি গাঁওবুঢ়া (খুনচাং)-ৰ ঘৰত বা ক্লাবত (নৈদ্ৰাং) বিহুৰ দিন-বাৰ ঠিক কৰে। আজিকালি অৱশ্যে সাতাইছ জানুৱাৰীৰ দিনটোক বিহুৰ দিন বুলি গ্ৰহণ কৰা হৈছে।বিহু শব্দটো ডিমাচা সকলৰ পৰাই আহিছে।

ডিমাচা ভাষাৰ বিহুৰ অৰ্থ


ডিমাচা ভাষাৰ ‘বি’ মানে প্ৰাৰ্থনা কৰা, ‘হু’ মানে ভগৱানক সন্তুষ্ট কৰিবৰ বাবে ফল-মূল ইত্যাদিৰ প্ৰসাদ দি গীত গাই, নাম-কীৰ্তন কৰি, বাদ্যযন্ত্ৰ বজাই, মন্ত্ৰ পাঠ কৰি পূজা-কীৰ্তন কৰে। অৰ্থাৎ বিবা, হুবা বিহু। ডিমাচা সকলে প্ৰাৰ্থনা কৰিলে আনক প্ৰশ্ন কৰিলে ‘বি’ আৰু ‘হু’ শব্দলৈহে কয়। যেনে বিখা, বিবা, বিলা, হুখা, হুলা, হুৱা। বৰ্তমান ব’হাগত আনন্দৰে নাচ-গীত গোৱাই বিহু নামেৰে প্ৰচলিত হোৱা দেখা যায়।

ডিমাচা সমাজত পথাৰৰ শস্য চপোৱাৰ অন্ত পৰাৰ ফলত বিহু উৎসৱ পালিত হয়। নতুন বছৰক আদৰণি জনোৱাৰ দৰেই নতুন ধান বা শস্যৰ প্ৰসাদ ভগৱানক প্ৰথমে আগবঢ়োৱাৰ প্ৰথা আছে। বছেৰেকীয়া ধান বা শস্য ভগৱানৰ নামত উছৰ্গা কৰি প্ৰাৰ্থনা কৰাকে বিহু বোলে। ডিমাচা সকলে বিহুত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ নিজ আত্মীয় বা মিতিৰ কুটুম্বৰ ঘৰত একগোট হৈ গৈ নিজ আত্মীয় মিলি-জুলি বিহুগীত গাই নৃত্য পৰিবেশন কৰি বিহু মাৰে, বিহু গায়। এইদৰে বিহু পতাক হাইনচৰি বা হুঁচৰি বোলে।

ডিমাচা সকলে হিমালয়ৰ পৰ্বতৰ পৰা ওলাই অহা চাৰি খন নদী যেনে – সিন্ধু নদী, সৰস্বতী নদী (ছৰছৰদি), গংগা নদী (গাংগদি) আৰু ব্ৰহ্মপুত্ৰৰ সন্তান।

হিমালয় পৰ্বত মালাৰ তিব্বত দেশত বাস কৰা লোকেই বড়ো লোক। তিব্বত মানে ডিব্বদ্দ : একগোট হোৱা, গোটা, পানী গোটমৰা, বৰফ হোৱা, সম্ভৱতঃ এই ডিব্বদ্দৰ পৰাই ডিমাচা সকলে ডিমাচা সকলে বডোছা উপাধি লৈছিল।

ডিমাচা সকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰাৰ বাবেই নিজকে ব্ৰহ্মপুত্ৰৰ সন্তান বুলি কয়। ডিমা মানে ডাঙৰ নদী, অৰ্থাৎ ডিমা গালাও…… ডিলাও, ডিমাগালাও মানে দীঘল নদী, চা মানে পুত্ৰ, সন্তান। ডিমাচা সকল বড়ো বা কছাৰী জনজাতিৰ এক অংশ। বড়ো বা কছাৰী জনজাতিক বেলেগ বেলেগ জনজাতিত ভাগ কৰা আছে। এই জনজাতিবোৰ হ’ল – ডিমাচা, ৰাভা, বড়ো, হাজং, দেউৰী, চুতীয়া, গাৰো, ঠেঙাল, ত্ৰিপুৰী, সোণোৱাল, কোচ-ৰাজবংশী, লালুং (তিৱা বা দিৱা) ইত্যাদি। অতীতত ডিমাচা সকলে নিজকে বডোছা বুলিহে পৰিচয় দিছিল। ডিমাচা সকলৰ উপাধি বড়ো নহয় বডো (BODO) হে। কিন্ত অনা ডিমাচা সকলে ভুলত প্ৰায়ে বডোৰ সলনি বড়ো বুলিহে লিখে।

ডিমাচা সকল

ডিমাচা সকল উত্তৰ ভাৰতৰ হিমালয় পৰ্বতৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল। সেই সময়ত আৰ্য্য বা অনাৰ্য্য সকলৰ মাজত যুদ্ধৰ আক্ৰমণৰ ফলত বড়ো বা কছাৰী সকলে নিজ নিজ দেশ এৰি যাব লগা হৈছিল। শত্ৰুৰ আক্ৰমণৰ ফলত ব্ৰহ্মপুত্ৰৰ নদী পাৰ হঁওতে কোনো দুৰ্ঘটনাত দলং খন ভাঙি যোৱাৰ ফলত ৰজা আৰু কিছু সংখ্যক লোক ভাগ ভাগ হয়। কিছু লোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, কিছু লোকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গুচি আহে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ডিমাচা সকল আহি গ’হাডী (অৰ্থাৎ সৌখন পথাৰ) বুলিহে অতীতৰ গৌহাটী আৰু বৰ্তমানৰ গুৱাহাটীত বসতি আৰম্ভ কৰিছিল। সম্ভৱতঃ গ’হাডীৰ পৰাই কালক্ৰমত গৌহাটী নামটো হৈছিল। সেইদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অৱস্থিত বৰ্তমান গুৱাহাটীৰ আহল-বহল পথাৰ, সমতল ভূমিক ডিমাচা সকলে ‘গুৱাৰহাডী’ বুলি কৈছিল। ‘গুৱাৰ’ মানে আহল-বহল, ‘হাডী’ মানে পথাৰ। গুৱাহাডী (গুৱাহাটী)-ৰ দাঁতিকাষৰীয়া ঠাইবোৰ হ’ল কামাখ্যা, দিছাপুৰ (দিছপুৰ), ডিমৰীয়া ডিমল, ডিজেনবাদ্য, ডিবাইখ্যা ইত্যাদি। ডিমাচা ভাষাত ‘কা’ মানে মন, ‘মাখ্যা’ মানে আশা পূৰণ হোৱা। পুৰণি কালত গুৱাৰহাডী (গুৱাহাটী)-ত ডিমাচা সকলৰ ৰাজত্ব কালত তান্ত্ৰিক নিয়মেৰে শক্তি পূজা কৰি কামাখ্যা মন্দিৰত মনৰ আশা পূৰণ কৰিছিল। ১৮০০ খ্ৰীষ্টাব্দত তুলাৰাম সেনাপতি ইংৰাজৰ হাতত বন্দী হৈ বন্দীশালত আছিল যদিও ব্ৰহ্মপুত্ৰৰ উমানন্দ আৰু কামাখ্যা মন্দিৰত মনৰ আশা পূৰণৰ বাবে নিতৌ পুৱা-গধুলি পূজা-পাতল দি পুনৰ বন্দীশালত সোমাইছিলগৈ। অসম বুৰঞ্জীত লিখিত ভাৱে নেথাকিলেও সম্ভৱতঃ ভগৱানৰ প্ৰতি এনে ভক্তিৰ বাবেহে বন্দীশালৰ পৰা আহিও নিতৌ পুৱা-গধূলি কামাখ্যা মন্দিৰত পূজা-পাতল কৰিহে মনৰ আশা পূৰণ কৰিছিল।

বড়ো বা কছাৰী সকলে যি ৰাজ্যত ৰাজত্ব কৰিছিল বা আছিল বা ডিমাচা ভাষাৰ ৰখা সেই ঠাই বোৰৰ নাম : ডিমৌ, ডিবং, ডিচাং, ডিব্ৰুগড়, ডিগাৰু, ডিফু, ডিমৌ, ডিমাপুৰ, দিহিং, দিলাই, ডিমু, ডিমাকুছি, ডিমল, দিছপুৰ (দিছাপুৰ), ডিহাংগি, ডিফ্লু, দৈগুৰুং (দিগডুং), দিয়ুংমুখ, ডিবাইখা, ডিজেনবাস্য, দিকৰাইজান (দৰং), ডিমালাং, কামাখ্যা (খামাখ্যা), ডেই থৰ (ডিথাৰ), ডিমাজি (ধেমাজি), মুদুংগা (মিদাইংবা, ডবকা (দিবাইখা), ধুবুৰী (দী), গুৱাহাটী (গুৱাৰহাডী), ধনশিৰি (দাংশিৰি), হাজো, হোজাই, লংকা, মিছলবাইলনাম ইত্যাদি এই ঠাই বোৰোৰ লুপ্ত বা অপ্ৰচলিত হৈ আছে।

বৰ্তমান কিছুমান প্ৰচলিত হোৱা এই ঠাই বোৰতো বিহু পতা দেখা যায়। বিশেষকৈ উত্তৰ কাছাৰ, কাৰ্বি আংলং, নাগাঁও, কাছাৰ আৰু কামৰুপ জিলাতো ডিমাচা সকলৰ জাতীয় উৎসৱ ডিমাচা বিহু উৎসৱ পালন কৰে।

ডিমাচা সকলে বিহুক বুচু বোলে। ডিমাচা সকলে বিহুৰ মাজৰ দিনটো বুচুমা বাছাইন বোলে। ‘বুচু’ মানে বিহু, ‘মা’ মানে ডাঙৰ। ‘বাছাইন’ মানে দিন। বিহু তিনি বিধ যেনে বুচুজিদাব, বুচু চুৰেম, বুচু হাংছেউ। বিহুৰ বুচুমা দিনটো গুৰুত্বপূৰ্ণ দিন বা ডাঙৰ দিন বোলা হয়। এদিনীয়াকৈ বিহু পাতিলে সেই দিনাৰ আৰম্ভণি আৰু একেদিনাই বুচুমা বা হৰগ্লাই বিহু বোলে। তিনিদিনীয়াকৈ বুচু পাতিলে দ্বিতীয় দিনাক বুচু মা আৰু সাতদিনীয়াকৈ বিহু পাতিলে তৃতীয় দিনাক বুচুমা বিহু বোলে। বুচুমা বিহুৰ দিনা পুৰোহিতে পূজা কৰোঁতে কণী তিনিটা ভাঙি আৰু এডাল দীঘল এছাৰি লৈ শলিতাত বন্তি জ্বলাই মন্ত্ৰ মাতি শিৱ-পাৰ্বতীক উছৰ্গা কৰে। গাঁৱৰ মূল পথত গেৰবা পূজা কৰে। এয়াকে লামাফঙবা বোলে। বুচুমাৰ দিনা আলহী ওলাই যোৱাটো নিষিদ্ধ বা কোনেও আন এখন গাঁৱলৈ গৈ বিহু খাবলৈ যোৱাটো অনুচিত। এই পূজা ৰাইজৰ মংগলাৰ্থে কৰা হয়। এই লামফঙবা চিনতেই পূজা কৰা, চিনতেই অন্য এখন গাঁৱৰ মানুহে বুজিব পাৰিব যে এই খন গাঁৱত আজি বুচুমা বিহুৰ দিন। আজি বিহু খাবলৈ যোৱাটো উচিত হ’ব আৰ বুচুমা বিহুৰ দিনাই ৰাইজে মিলি ভোজন হয়। বুচুমা বিহুৰ দিনা খনেই খেল-ধেমালি, নৃত্য-গীত, পেঁপা বজোৱা আৰু ঢুলীয়া সকলৰ প্ৰতিযোগিতাৰ আৰম্ভণি হয় আৰু বিজয়ী সকলকো পুৰস্কাৰ প্ৰদান কৰে।

বুচুমা বিহুৰ দিনা তিৰোতা সকলে পূৰ্বপুৰুষক সোঁৱৰাই এখিলা বা পাঁচখিলা কলপাতেৰে জুৰাই কলপাতত পিঠা, ভজা মাংস, ভজা কণী, বৰা ভাত, এবাটি লাওপানী (জুদি) ইত্যাদি দিয়াৰ নিয়ম আছে।

বুচুমা বিহুৰ দিনা গাঁৱৰ গাঁওবুঢ়া বা খুনাচাঙে দোকমোকালিতে গা পা ধুই বিহুৰ নিজস্ব সাজ-পাৰ পিন্ধি লৈ কয় : মোৰ আইকণহঁত, বোপাইকঁণহত : আজিৰ দিনটো বিহুৰ বুচুমা দিন, বৰ পবিত্ৰ দিন। আজিন বৰ আনন্দৰ দিন : আনন্দৰে বিহু খাবা, হাই-কাজিয়া নকৰিবা, কোনেও কাকো দোষ নধৰিবা, আনক গালি নাপাৰিবা, সোণ থাকিলে সোণৰ আ-অলংকাৰ পিন্ধিবা, ৰুপৰ থাকিলে ৰুপৰ অলংকাৰ পিন্ধিবা, কিন্ত বিহুৰ দিনা বৰ সুখেৰে-আনন্দেৰে কটাবা। বুচুমা বিহুৰ দিনা বৰ আনন্দৰ দিন বা আনন্দৰেই কটাব। নাচিব, হাঁহিব, বিহুগীত গাব, বিহু নৃত্য কৰিব ইত্যাদি। সেইদৰেই ক্ৰমে গেজেনবা, খাজালাই বা হাউবা, বাগাউবা, হাউৰিঙবা, জিৰিখাওবা, দামবা, চুবা, লুবা, বিবা, হুবা, বাইলাইবা, ৰাজবলাইবা মিনিলাইবা, গেলাউবা, গহলাইবা ইত্যাদি।

বিহু বুলিলেই বিহু বলিয়া বিহু খাই, বিহু গীত, বিহু নৃত্য কৰি বিহু উৰুৱায়।

বুচুমা বিহুৰ দিনা এযোৰ ডেকা-গাভৰুৱে গাঁওবুঢ়া বা খুনাঙক আৰু খুনাঙক পঞ্জীয়াক তামোল-পাণ দি সেৱা কৰে।

হাউচেউ বিহুত এখন তোৰণ বা ফাংস্লাৰ বনায়। ফাংস্লাৰ কাৰুকাৰ্য্যবোৰ শলাগ ল’বলগীয়া। ইয়াত কোনো তাঁৰ বা ৰছী ব্যৱহাৰ কৰা নহয়। ফাংস্লা মানেই হাউচেউ বিহুৰ প্ৰতীক। এই তোৰণ খন বৰ ধুনীয়াকৈ ফুলেৰে সজায়। তোৰণ খন গাঁৱৰ মূল পথত সাজে। তোৰণ খন দেখিলেই জানিব পাৰি যে ইয়াত হাউচেউ বিহু পাতিছে। এই তোৰণত এযোৰ কুকুৰা লৈ পুৰোহিতে পূজা কৰে আৰু ডেকা নেতা-গাভৰু নেত্ৰীয়ে বিহু নৃত্য আৰু বিহু গীত গাই বিহুৰ বাবে ঘাঁহ-পানী খুৱাই আৰু আদৰ কৰি ৰখা ছাগলী, কুকুৰা, হাঁহ আদি গা ধুৱাই তেল সানি আৰু ছাগলীৰ শিঙতো তেল সানি ‘ৰিমাচাউ ৰামাই’ৰে মেৰিয়াই ডেকা-গাভৰু বিহুগীত, নৃত্য কৰি আৰু ‘হেমৰেণ হেমহি’ কৰি তোৰণ খনৰ তলেদি গাজাওবাওৰ চোতালত বিহুতলীত (মিফ্ৰাইবাচাং) লৈ যায়।

এই বিহুৰ প্ৰথম দিনা ৰাইজৰ বিহু বুলিব পাৰি, দ্বিতীয় দিনা পুৰুষ আৰু তিৰোতা সকলৰ আৰু তৃতীয় দিনা ডেকা-গাভৰু সকলৰ। এই তৃতীয় দিনাকেই বুচুমা বিহু বোলে। এই বুচুমা বিহুৰ দিনা খনেই এযোৰ কুকুৰা পোৱালি শিৱ-পাৰ্বতীক উছৰ্গা কৰি পূজা কৰে। আৰু খ্ৰাম (ঢোল), পেঁপা (মুড়ী) বাজিবলৈ আৰম্ভ কৰে। হাউচেউ বিহুত ঢোলৰ বোল আৰু পেঁপাৰ ধ্বনি সাত দিন বাজি থকা উচিত।

বুচুমা বিহুৰ দিনা খনেই ল’ৰা-ছোৱালীয়ে নিজ নিজ পিতৃ-মাতৃক সেৱা কৰি আশীৰ্বাদ লয়। আৰ ডেকা-গাভৰুৱে নিজ নিজ গাঁৱৰ গাঁওবুঢ়া (খুনাং)-ৰ ঘৰলৈ গৈ তামোল-পাণ দি সেৱা কৰি আশীৰ্বাদ লয়। ৰাইজে মিলি ভোজ-ভাত খায়। খোৱা-লোৱাৰ অন্তত খেল-ধেমালিৰ প্ৰতিযোগিতা হয়, খেল-ধেমালিবোৰ হ’ল ৰিমিননেলাইবা, লংঠাইলেমবা ইত্যাদি। লেখত ল’ব লগীয়া আৰু বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰে। গাভৰু সকলে ৰিষ্ণু ৰিজামফাই বেৰেন, বিখাউছা আৰু কাণত থুৰীয়া, ডিঙিত চন্দ্ৰৱাল, ৰাংবৰছা, জংস্লোমমা, পোৱাল হাত খাদুডিমা (গামখাৰু)ইত্যাদি পৰিধান কৰে। আনহাতে পুৰুষেও পৰম্পৰাগত ভাৱে চুৰিয়া, কুৰ্তা, দীঘল গামোচা, কোট, পাগুৰি ইত্যাদি পিন্ধি আনন্দেৰে বিহু নৃত্য কৰি বিহুতলী আনন্দ মুখৰ কৰি তোলে।

সাত দিন– সাত ৰাতি বিহু নৃত্য কৰি বিহু খোৱাৰ পিছত সপ্তম দিনা বিহুতলীত গাজাওবাওৰ ঘৰত ঢোল-পেঁপা বজাই বিহু নৃত্য- সংগীত অনুষ্ঠিত কৰি সকলোৱে আনন্দৰে নানান ধৰণেৰে ৰং-ধেমালিৰে ৰং সানি আৰু বোকাপানী ছটিয়াই আনন্দ-উপভোগ কৰে। ইয়াকে জিখাওবা বোলে। এইদৰে বিহু সামৰণি পৰে।

 

লেখক : আলো নুনীছা থাওছেন

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

 

 

 

2.89473684211
tuna hazarika Mar 17, 2018 09:22 PM

ডিমাচাসকলৰ লোকসংস্কৃতিত জীৱজন্তু এক ইতিহাস

tuna hazarika Mar 17, 2018 09:21 PM

ডিমাচাসকলৰ লোকসংস্কৃতিত জীৱজন্তু এক ইতিহাস

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top